Thursday, September 23, 2021

#গল্প--- "কদল"

 "কদল"

✍️তুষাৰ ৰঞ্জন 

গোলাঘাট

tusharronjon@gmail.com

9101293897



” বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?” 

”ছাৰৰৰৰৰৰ............. জেচিবি।” ছাৰ শব্দটোত প্ৰায় আধাডজন “ৰ” একেলগে উচ্চাৰণ কৰি পঞ্চম শ্ৰেণীৰ কোনোবা এটাই দিয়া এনেধৰণৰ চমকপ্ৰদ উত্তৰ এটা শুনাৰ পাছত যেতিয়া সুকুমাৰৰ মন-মগজুৰ সকলোবোৰ কোষ একেলগে উজৰ খাই উঠে; ভাৱশূন্য মুখ এখনেৰে হেডছাৰ তেতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ে। 

” আই অ’ জহনীহঁত, কোনটোৰ ঘৰত পুহিছ অ’ তেনেকুৱা শক্তিশালী কুকুৰ? বাৰু, বাৰু, এইবাৰ শুঁৰ থকা এবিধ জন্তুৰ নাম ক’ব পাৰিবিহঁক নে?” 

” কি চুৰ ৰে?” হেডছাৰৰ প্ৰশ্নটো শুনাৰ পাছত সিহঁতবোৰৰ চকুৰ চেলাউৰিবোৰে এনেধৰণৰে মাউখ পাতে যেন ছাৰে কস্মিনকালেও নেদেখা-নুশুনা এটা অবান্তৰ বস্তুৰ বিষয়েহে সিহঁতক সুধিলে। 

” কেলে এনেকে যে থাকে, পানী যে মাৰে........”  বাওঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনীৰে নাকটো চেপা মাৰি ধৰাৰ পাছত আনখন হাত তাৰ মাজেৰে পাৰ কৰি হেডছাৰে শুঁৰ সম্পৰ্কে এটা থুলমুল ধাৰণা দিয়াৰ পাছত সিহঁতৰ মাজৰে কোনোবা এটাই তপৰাই উত্তৰ দিয়ে। 

” অ’ হুঁৰটাৰ কথা কহিছ?  তে বাবা।” 

ফুলগুৰি বাগানৰ মজদুৰ লাইন এল পি স্কুলখনৰ এনেধৰণৰ সততে দেখিবলৈ পোৱা উপলভ্য দৃশ্যবোৰ প্ৰত্যক্ষ কৰি অসীম সহনশীলতাৰে বহি থাকিব পৰা একমাত্ৰ ব্যক্তিজনেই হৈছে হেডছাৰ। কুৰি বছৰীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰে পুষ্ট হেডছাৰৰ বাবে এইবোৰ তেনেই মামুলি ঘটনা। অৱসৰলৈ কেইটামান বছৰ বাকী থকা মানুহজনে স্বভাৱসুলভ ঢেকঢেকীয়া হাঁহিটোৰে কেতিয়াবা সুকুমাৰৰ আগত ৰসিকতা কৰি কয়-- “বুজিছা বৰুৱা, এই গৰুসোপাক মানুহ কৰিব নোৱাৰিলোঁ যদিও বছৰ বছৰ ধৰি ইহঁতৰ দৰে এসোপাক দিনৰ দিনটো হজম কৰি থকাৰ বাবদ মই কিন্তু ৰিটায়াৰমেণ্টৰ সময়ত দস্তুৰমত কিবা এভাগ বঁটা চৰকাৰৰ ওচৰত দাবী কৰিব পাৰোঁ। নে কি কোৱা।” 

হেডছাৰে ৰসিকতা কৰি ক’লেও কথাখিনি অৱশ্যে পোনছাটেই নুই কৰিব নোৱাৰি। সুকুমাৰৰ অধীনস্থ মণ্ডল সমল কেন্দ্ৰটোৰ একেবাৰে শেষ সীমাত থকা এইখন স্কুলত আশীজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ এজন। বিগত বছৰবোৰত ভালে কেইজন শিক্ষক যেনেদৰে এইখন বিদ্যালয়লৈ আহিল; ব্যক্তিগত অজুহাত কিছুমান দেখুৱাই ঠিক তেনেদৰেই আকৌ বদলি হৈ উভতিয়ো গ’ল। ফুলগুৰিৰ মজদুৰ লাইনৰ ঠেক ঘেলঘেলীয়া ৰাস্তাটো অতিক্ৰম কৰি আহি এনেধৰণৰ গাঁজাখুৰি কাণ্ডবোৰ সহিবলৈ টান পোৱা তেওঁলোকৰ কোনোবাজন হয়তো এইখন বিদ্যালয়ত তিনিমাহ থাকিল, আন কোনোবাজন হয়তো ছমাহ। কিন্তু তাৰ মাজতো যোৱা কুৰিটা বছৰে সেই একেটা কদৰ্য ৰাস্তাৰ বোকা-পানীবোৰ খচকি হেডছাৰৰ আকাশী বৰণীয়া পুৰণা স্কুটাৰখন নীৰৱচ্ছিন্নভাৱে চলি থাকিল। 

মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ দায়িত্বত থকা সুকুমাৰ কেন্দ্ৰটোৰ আন নখন স্কুলৰ দৰে এইখন স্কুললৈয়ো প্ৰায়েই আহে। বিভাগীয় কাম-কাজ থাকিলেও আহে, নথকাৰ দিনকেইটাতো আহে। সহকৰ্মী বিচাৰি বিচাৰি ব্লক অফিচত বছৰি তিনি চাৰিখনকৈ আৱেদন জমা দিব লগা হোৱা হেডছাৰৰ অনাশ্ৰিত মুখখনলৈ তাৰ দৰদ জাগে। সেয়ে তিক্ততাবোৰ সহি সামৰি হ’লেও মানুহজনক অলপমান সকাহ দিবলৈকে নাই নাই বুলিও সপ্তাহটোৰ তিনি চাৰিটা দিনত সি এইখন স্কুলত উপস্থিত থাকে। অৱশ্যে হেমকান্ত, মিথুন, শিবুহঁতৰদৰে লাঠুৱা মখাৰে ভৰি থকা পঞ্চম শ্ৰেণীটোৰ পৰা সুকুমাৰে পৰাপক্ষত সাত হাত দূৰত অৱস্থান কৰে। 

” তোৰ নামটো জোতাই মাতিব পাৰিবি?” 

 অসমীয়া পাঠ্যপুথিখনৰ কোনোবা এটা পাঠ ডাঙৰকৈ পঢ়িবলৈ দিওঁতে ভৰিৰ বুঢ়া আঙুলিটোৰে পকাৰ মজিয়াখন ৰুকি ৰুকি কেৰঘেঁহাই থকা হেমকান্তই ভালেখিনি পৰ চিন্তা কৰাৰ পাছত সুকুমাৰে সোধা প্ৰশ্নটোৰ উত্তৰ দিয়ে --” বেঁকা আচঁ, ‘হ’......’ম’.....’ক’টোতে চিধা আচঁ.........তাপা পকাই লিখাটো।” 

 হেমকান্তহঁতৰ এনেধৰণৰ কল্পনাতীত উত্তৰসমূহ নিৰ্বিকাৰ হৈ শুনি থাকিবলৈ সুকুমাৰৰ ধৈৰ্য আৰু মনোবল দুয়োটাই নাই। হেডছাৰৰ দৰে পুৱা ন বজাৰ পৰা দুপৰীয়া এক বজালৈ সিহঁতমখাৰ হাজাৰটা ওজৰ-আপত্তি নিষ্পত্তি কৰি থকাৰ সামৰ্থও তাৰ নাই। অত্যন্ত জৰুৰী নহ’লে পাঠদান কৰিবলৈ অহা দিনকেইটাত কাজেই সি পঞ্চম শ্ৰেণীটোক এৰাই চলে। 

বাগানত পাৰমেটিয়া কাম কৰা সিহঁতৰ মাক-দেউতাকবোৰ চৰ্দাৰৰ ঘাণ্টিৰ শব্দত পুৱাতেই ঘৰৰ পৰা দিনটোলৈ বুলি ওলাই যায়। মহৰীৰ অবাইচ ধমকবোৰ শুনি শুনি পুৱাৰে পৰা সাঁজ লগাৰ সময়লৈকে কাজলি ভৰাই সেউজীয়া সপোনবোৰ বুটলি ফুৰা হেমকান্তহঁতৰ মাকহঁতে সিহঁতৰ পঢ়া-শুনাৰ বুজ ল’বলৈ সময় নাপায়। হাড়িয়াৰ ৰাগিত মাতাল হৈ নিশা পলমকৈ ঘৰ সোমোৱা সিহঁতৰ দেউতাকবোৰে এইবোৰৰ তত্-মূৰ নাৰাখে। আগৰাতিৰ কৰ্কৰীয়া ঠাণ্ডা ভাত এসোপামান নিমখ এজেবাৰে সৈতে নাকে-কাণে গুজি স্কুললৈ বুলি ওলাই অহা হেমকান্তহঁতৰ বাবে মধ্যাহ্ন ভোজনৰ ঢেংঢেঙ্গীয়া ডাইলখিনি বিলাসিতা; স্কুলৰ পৰা দিয়া নতুন ইউনিফৰ্মযোৰ সিহঁতৰৰ বাবে আধুনিকতা। হয়তো সেইবাবেই সিহঁত আহে। পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰিব পাৰক বা নোৱাৰক দৈনিক অন্ততঃ এসাঁজ মনৰ সন্তুষ্টিৰে খোৱাৰ আশাত, বছৰি এযোৰ নতুন কাপোৰ পোৱাৰ আপাহতে সিহঁতবোৰ ইয়ালৈ আহে। 

ফুলগুৰিৰ আটাইতকৈ ভিতৰুৱা বস্তিটোত অৱস্থিত এইখন বিদ্যালয়লৈ বছৰি এনেদৰেই এমখা চাহ-মজদুৰৰ ল'ৰা-ছোৱালীয়ে নাম লগাবলৈ আহে। বছৰি হেমকান্তহঁতৰ দৰে নিজৰ নামটো লিখিবলৈয়ো এপৰ লগা এজাক ল’ৰা-ছোৱালীয়ে এল পি ৰ ডেওনাখন পাৰ কৰি ওলাইয়ো যায়। সিহঁতবোৰৰ গৰিষ্ঠ সংখ্যকেই শিক্ষা জীৱনৰ ঠিক সেইখিনিতে পৰিসমাপ্তি ঘটায়। অৱশ্যে তাৰ মাজৰে কোনোবা দুই এটাই কাষৰ এম ই স্কুলখনৰ বাৰাণ্ডাখন গৰকি নোপোৱা নহয়। কিন্তু সেইয়া ক্ষণস্থায়ী। সিহঁতৰ মাক-দেউতাকহঁতৰ দিনৰ পৰা এনেদৰেই চলি অহা এই ধাৰাটোক না কোনোবাই আজিলৈকে ভাঙিব পাৰিলে, না কোনোবাই ভাঙিবলৈ চেষ্টা কৰিলে। তাৰ মাজতো সুকুমাৰে চেষ্টা কৰে, সপ্তাহত যিকেইটা দিনেই সি স্কুলখনলৈ আহে সেই আটাইকেইদিনেই সি সিহঁতক শিকাবলৈ-বুজাবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰে। সুকুমাৰে বিচাৰে সৰ্বজনবিদিত হোৱাকৈ কিবা এটা কৰিব নোৱাৰিলেও সিহঁতবোৰে অন্ততঃ নিজৰ নামটো নিজেই লিখিব পৰা হওক, পাঠ্যপুথিৰ পাঠ কেইটা অন্ততঃ সলসলীয়াকৈ পঢ়িব পৰা হওক। 

” তুই সচায় খুব ভাল ছাৰ। হেড ছাৰৰ ৰকম গালি নাই দি, হামৰা নাই জানলে চিকাই-বুজাই দি। আকৌ আহিবি দেই ছাৰ।” 

স্কুলখনত পঢ়াবলৈ অহাৰ প্ৰথম দিনটোতে বিনা-দ্বিধাই সুকুমাৰক এনেকৈ কৈ দিব পৰা তৃতীয় শ্ৰেণীৰ এই কণমানিজনীৰ নাম কদল তেলী। সিহঁতবোৰৰ এনেধৰণৰ অদ্ভুত নামবোৰ শুনিলে সুকুমাৰৰ কেতিয়াবা হাঁহিও উঠে, মৰমো জাগে। 

” এইটো নাম তোক কোনে দিছিল অ’, মাৰে নে দেউতাৰে? তোৰ নামটোৰ অৰ্থটো কি নো? “ অভিধানেও অৰ্থ উলিয়াই দিব নোৱাৰা এটা আজব নামৰ গৰাকী কদলৰ ওচৰত যেতিয়া সি নামটোৰ আতিগুৰি বিচাৰে আঠবছৰীয়া ছোৱালীজনীয়ে তেতিয়া সহজভাৱে কৈ পেলায়--” ম’ৰ বাবা নাইতো ছাৰ, নতুন মা পাই গুচি গৈছে।” 

সৰুতেই দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা এইজনী কদল স্কুলৰ আনবোৰ ল’ৰা-ছোৱালীতকৈ যেন সুকীয়া। মুখ ফুটাই ক’ব নজনা অব্যক্ত বিষাদৰ বোজা এখিনি বুকুত সামৰি লৈ থকাৰ পাছতো তাইৰ পকা থেকেৰা হেন অকণমানি মুখখনত ভৰকাল হাঁহি এটা প্ৰতিনিয়ত বিয়পি থাকে। পঞ্চম শ্ৰেণীৰ হেমকান্ত, মিথুনহঁতে যেতিয়া আকাৰ, ইকাৰবোৰক নিজ খুচিমতে বেঁকা আচঁ, চিধা আচঁ ইত্যাদিৰ ৰূপ দি নিজৰ নামটো জোটাবলৈকো ভালেখিনি সময় লগায়; তৃতীয় শ্ৰেণীৰ কদলে তেতিয়া পাঠ্যপুথিৰ কবিতাকেইটা সুকলমে পঢ়িব পাৰে। একৰ পৰা এশলৈকে মাতিবলৈ দিলেও সোতৰবাৰমান ভুল কৰা সিহঁতবোৰে যেতিয়া সাধাৰণ যোগ অংক এটা কৰিবলৈ লৈ হাতৰ বুঢ়া আঙুলিৰে আনবোৰ আঙুলিৰ পাববোৰ গণি থাকে; অকণো খোকজা নলগাকৈ কদলে তেতিয়া সেই চিৰাচৰিত সুৰটোৰে পূৰণৰ মাজু নেওতাখনলৈকে সলসলীয়াকৈ মুখস্থ মাতে। লগৰ আনবোৰ ল’ৰা-ছোৱালীতকৈ কথঞ্চিৎ পৃথক ধাতুৰ গঢ়া এই কণমানি ৰাংঢালী ছোৱালীজনী যেন ফুলগুৰিৰ কদৰ্য বোকাবোৰৰ মাজত নকৈ গাঁজমেলা এপাহ বিসকুসুমৰ কলি। মিথুন, শিবুহঁতৰ অবান্তৰ উত্তৰবোৰে আশাশূন্য কৰি তোলা সুকুমাৰৰ মনটোত কদলে নতুন আভাৰ বীজ সিঁচে। সুকুমাৰৰ হতাশাগ্ৰস্ত মনটোত কদলক লৈ এক উদ্যম জাগে, সেউজী সপোন এটাই তাৰ বুকুত নকৈ পোখা মেলে। 

” আজ পৰিবেশ দিৱস বইল ৰহি যে তুই। এই ফুলগাছটা ইহাই লাগাম মই। ফুল ধৰলে যে কিমান ভাল লাইগবেক! ন’ ছাৰ?” বিশ্ব পৰিৱেশ দিৱসৰ দিনা হাতত ৰঙা জবাৰ পুলি এটা লৈ উধাতু খাই পোনছাটেই অফিছ আহি সোমোৱা কদলৰ কোমল মুখখন যেন আনদিনাতকৈ কিছু উজ্জ্বল, চিনাকি হাঁহিটোও যেন আনদিনাতকৈ সপ্ৰতিভ। সুকুমাৰে লক্ষ্য কৰে,  সদায় কিতাপ-বহীখিনি হাতত লৈ অহা কদলৰ কান্ধত সেইদিনা এটা নতুন স্কুলবেগ, সদায়েই খালী হৈ থকা তাইৰ কণমানি ভৰি দুখনত এযোৰ নতুন হাৱাই চেণ্ডেল। 

” কি ৰে কদল, নতুন বেগ, নতুন চেণ্ডেল। মাৰে কিবা বানচ-তানচ পাইছে নেকি ৰে?” “

” মৰ মা কাল নতুন বাবা আনলেক নহয়  ছাৰ। নতুন বাবাটা খুব ভাল, জানি? মৰ কাৰণে নতুন কাপৰ আনে দেইহে। ভাল ভাল মিঠাই আইন দেইহে।” 

প্ৰাণোচ্ছল হাঁহিটোৰে সৈতে অফিচ ৰুমৰ পৰা ওলাই যোৱা কদলে বেছ স্ফূৰ্তিৰেই কৈ যোৱা কথাখিনি শুনাৰ পাছত সুকুমাৰ যেতিয়া দৰক লাগি ৰৈ যায়,  চাকৰি জীৱনৰ কুৰিটা বছৰত এনেধৰণৰ অলেখ ঘটনাৰ সাক্ষী হৈ ৰোৱা হেডছাৰে তেতিয়া তাৰ আগত ৰগৰ কৰি কয় ---” বুইছা বৰুৱা, ইয়াত এইবোৰ সৰু-সুৰা কথা। তুমি আজি প্ৰথম শুনিছা কাৰণে হয়তো আচহুৱা যেন লাগিছে। বছৰি এনেকুৱা হৰেকৰকমৰ কাহিনী শুনিবলৈ পাবা ইয়াত। ভাগ্য ভাল মই লেখক নহ’লো বুইছা, নহ’লে ইহঁতবোৰৰ এনেকুৱা কিছিম কিছিম কাহিনীৰে মই ইমানদিনে কাগজৰ পৃষ্ঠা ভৰাই দিব পাৰিলোঁহেতেন বাপ্পেকে।” 

ইয়াৰ পাছৰ দিনবোৰতো সুকুমাৰে কদলক লক্ষ্য কৰে। তাইৰ তেজগোঁৰা উঠঙ্গা কপালখন আজিকালি নতুন বিন্দিৰ ৰঙেৰে ভৰি থাকে। কান্ধলৈকে পৰা চুটি চুটি লাহী বেণী দুডালত কদলে আজিকালি দুডাল ৰঙা ফিতা লগায়। প্ৰতিটো সপ্তাহতে কিবা নহয় কিবা এটা নতুন বস্তুৰে তাইৰ নতুন স্কুল বেগটো ভৰি আহে। নতুন ৰঙ-পেঞ্চিলৰ টেমাটো, কাঠৰ স্কেলপাত লগৰবোৰক দেখুৱাই কদলে গৰ্বেৰে কয়--” ম’ৰ নতুন বাবা টাই আইন দেইহে।” 

পাৰ হোৱা সময়ৰ সোঁতত সিহঁতবোৰৰ লগত লাহে-লাহে সহজ হয় সুকুমাৰ, কেঁচা পাতৰ সুগন্ধৰে আমোল-মোলাই থকা নয়নাভিৰাম পৰিৱেশটোত যেন ক্ৰমাৎ একাত্ম হৈ পৰে সি। শৈক্ষিক দিশটোৰ চমকপ্ৰদ কিবা উত্থান নঘটিলেও যোৱা কেইটামান মাহত স্কুলখনৰ পৰিৱেশটোৰ অৱশ্যে ভালেখিনি পৰিবৰ্তন হ’ল। সততে হাই-উৰুমিবোৰেৰে মুখৰ হৈ থকা স্কুলখনত সিহঁতমখাৰ উখনা-উখনিবোৰৰ পৰিমাণ আগতকৈ কিছু কমিল। মধ্যাহ্ন ভোজনৰ ভাত কেইটাৰ আশাত দিনটো কলমকতিয়াই সময় পাৰ কৰা সিহঁতৰ মনবোৰত আজিকালি এধানমান হ’লেও পঢ়াৰ আগ্ৰহ জাগিল‌। বৰ্ণমালাখন শুদ্ধকৈ ক’ব নোৱাৰা সিহঁতবোৰৰ বহুতেই এতিয়া কিতাপৰ পাঠবোৰ সহজে পঢ়িব পাৰে। কস্মিনকালেও বাহিৰা কিতাপ এখন দেখি নোপোৱা ভালেখিনি ল’ৰা-ছোৱালীয়ে আজিকালি শনিবৰীয়া চ’ৰাত সুকুমাৰে শিকোৱাৰ দৰেই পাঠ্যপুথিৰ বাহিৰৰ কবিতা কেইটা আবৃত্তি কৰিব পাৰে, বুঢ়ী আইৰ সাধুখনৰ কেইবাটাও সাধু সলসলীয়াকৈ ক’ব জানে। 

তাৰ মাজতে কদলৰ সৈতে সম্বন্ধটো আৰু অধিক সুদৃঢ় হয় সুকুমাৰৰ। সুকুমাৰৰ যত্নতে তাই আজিকালি এটা সুন্দৰ সপোন দেখিবলৈ শিকে। তাৰ সাহসতে কদলে আজিকালি চাহ-বাগিচাৰ এই গোলামী খটা জীৱনটোৰ পৰা আঁতৰি আহি সুকীয়াকৈ চিন্তা কৰিবলৈ শিকে। 

”ম’ৰ গান শিকিবি মন যায়। তুই ম’কে শিকাই দিবি ছাৰ।” এইজনী কদলৰ আবদাৰতে সুকুমাৰে কেতিয়াবা কেতিয়াবা তাৰ কলেজীয়া দিনৰ গীতাৰখন স্কুললৈ আনে। কদলৰ মাতটো শুৱলা, তাইৰ অকণমানি মগজুটো আন বহু ল’ৰা-ছোৱালীতকৈ চোকা। সুকুমাৰে শিকোৱাখিনি তাই অনায়াসে আয়ত্ত কৰি লয়। যোৱা কেইটামান মাহৰ ভিতৰতে কদলে সুকুমাৰে শিকোৱাৰ দৰেই কেইবাটাও গান গাবলৈ শিকিলে। শনিবৰীয়া চৰাত সিহঁতবোৰৰ অনুৰোধত সুকুমাৰে হাতত গীতাৰখন তুলি ল'লে মৌ-সৰা মাতটোৰে কদলে গায়---”মইনা চৰাইটি, মাত মাত মাত মিঠা মাতটি।” 

প্ৰশান্তিত সুকুমাৰৰ মন ভৰি যায়। বস্তিৰ এই সৰু ৰাস্তাটোৰ বোকাময় ৰাস্তাটোৰে ইয়ালৈ আহিবলৈ সুকুমাৰে আজিকালি টান নাপায়। হেমকান্ত শিবুহঁতৰ অবান্তৰ কৰ্ম-কাণ্ডবোৰে তাক আগৰ দৰে বিস্ময়ান্বিত কৰি নোতোলে। ইচ্ছা থাকিলেও সপ্তাহটোৰ ছয়টা দিনেই সি ইয়ালৈ আহিব নোৱাৰে। বিভাগীয় কাম কাজবোৰৰ বাবে দুদিনমান সি স্কুলখনলৈ আহিব নোৱাৰিলে সিহঁতমখাই তাক বেৰি লৈ সোধে--” তুই কাল নাহিলি যে। সদায় আহিবি না তুই।” 

” আমাৰ বৰুৱাই মজদুৰ লাইন এল পিখন এৰিবই নোৱাৰা হ’ল চোন? সেইফালে কাৰোবাৰ লগত কিবা প্ৰেম চেম চলা নাইতো?” সহকৰ্মী আন চি আৰ চি চিসকলে ব্লক অফিচত কেতিয়াবা সুকুমাৰক লৈ ৰসিকতা কৰে। বিনা বাক্য ব্যয়ৰে সি সকলোবোৰ সহি থাকে, শুনি থাকে। মুখফুটাই কাকো ক’ব নোৱাৰিলেও সুকুমাৰে জানে বাগানৰ এই পিছপৰা এল পি স্কুল খনৰ কণ-কণ সিহঁতবোৰৰ লগত সঁচাকৈয়ে তাৰ প্ৰেম হৈছে। তাৰ সাহস-যত্নতে নতুনকৈ সপোন দেখিবলৈ শিকা কদলহঁতৰ কুমলীয়া মুখকেইখন, শিকিবলৈ আগ্ৰহী সিহঁতৰ মনবোৰৰ লগত তাৰ প্ৰেম হৈছে। তালৈ আশাৰে বাট চাই থকা সিহঁতৰ অকৃত্ৰিম মৰমবোৰক সুকুমাৰে নেওচা দিব নোৱাৰে, সিহঁতবোৰৰ নিস্পাপ কাঁচিয়লি মনটোক সি হতাশ কৰিব নোৱাৰে। সেইবাবেই সি আহে, সহকৰ্মীবোৰৰ বিদ্ৰূপবোৰে কাণ ঘোলা কৰাৰ পাছতো সিহঁতবৰ আবদাৰবোৰক সামৰিবলৈকে সপ্তাহটোত অন্ততঃ তিনি চাৰিটা দিন সি এইখন বিদ্যালয়ত উপস্থিত থাকে। 

দুৰ্গা পূজাৰ বন্ধটো সিহঁতৰ বাবে আনবোৰ বন্ধতকৈ সুকীয়া।  পাঁচদিনীয়া বন্ধটো সিহঁতে নিজ খেয়াল-খুচি মতে বঢ়াই লয়। ভাঁষান হৈ যোৱাৰ পাছতো সাধাৰণতে এসপ্তাহ-দহদিন পাৰ নোহোৱালৈকে সিহঁতবোৰৰ সৰহসংখ্যকেই স্কুললৈ নাহে। স্কুলখনলৈ সোমাই আহোঁতে সুকুমাৰে মন কৰিলে সততে কোলাহলমুখৰ হৈ থকা স্কুলখনৰ পৰিৱেশটো বেছ নিজম; ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আনদিনবোৰতকৈ সেৰেঙা। দূৰ্গোৎসৱৰ ৰং-ৰহইচবোৰৰ মাজত মতলীয়া হৈ থকা সিহঁতবোৰে হয়তো স্কুলখনৰ কথা এইকেইদিনত পাহৰিছে। তাৰ মাজতো যি কেইটা আহিছে সিহঁতেও হয়তো আগতে পঢ়ুৱাখিনি পাহৰিছে। ভাষাঁন হৈ যোৱাৰ দহদিন পাছতো সিহঁতবোৰ স্কুললৈ নহাৰ কথাটোত সুকুমাৰ যিমান আচৰিত হ’ল তাতোকৈ বেছি আচৰিত হ’ল ফিল্ডৰ মাজত ঢপলিয়াই ফুৰা সিহঁতবোৰৰ মাজত কদলক নেদেখি। লগৰ আনবোৰৰ দৰে কদলে অনাহকত স্কুল খতি নকৰে। আনবোৰ ল’ৰা-ছোৱালীৰ দৰে কৰম পূজা, টুচু পূজা হৈ যোৱাৰ পাছত তাই ভালেমানদিন স্কুললৈ নহাকৈ নাথাকে। 

” ঐ চাওঁ, এইফালে আহ। কদলক আজি দেখা নাই যে? কিবা বেমাৰ-উমাৰ হৈছে নেকি?” 

” ছাৰ, ওৱাৰ নতুন বাপটা বহুত খাৰাব মানুচ ৰহে। কন’ কইৰ দিলেক চাগে ওৱাৰ চংগে।” সুকুমাৰে হাত-বাউল দি মাতি অনা কণমানি এটাই তৰাতাৰি কথাখিনি শেষ কৰি ফিল্ডৰ মাজত ঢপলিয়াই ফুৰা লগৰবোৰৰ ৰং-ৰহইচবোৰৰ মাজত আকৌ মিলি পৰিল। যোৱা কেইটামাহত সিহঁতৰ মাজত সময় কটাই সিহঁতৰ দোৱানবোৰ সুকুমাৰে ভালেখিনি বুজি পোৱা হৈছে যদিও আজি যেন তাৰ কথাবোৰৰ একো আতিগুৰি বিচাৰি নাপালে।

” সিমূৰৰ জানটোতে সি কদলৰ লাচটো পেলাই থৈছিল। তাইৰ নতুন বাপেকটো মানুহ নহয় বৰুৱা, এটা জানোৱাৰ আছিল। নহ’লেনো সেই অকণমানি ছোৱালীজনীৰ লগত সি তেনেকুৱা এটা জঘন্য ঘটনা........!” চতুৰ্থ শ্ৰেণীৰ কোনোবা এটাই ততাভুকুতাকৈ কৈ যোৱা বাক্যকেইশাৰীয়ে বুজা-নুবুজাৰ আলি-দোমোজাত পেলোৱা সুকুমাৰক কথাবোৰ বুজাবলৈ লওঁতে হেডছাৰৰ মাতটো শেষলৈ থোকাথুকি হৈ আহিল। 

স্থানুৰ হৈ ৰৈ গ’ল সুকুমাৰ, গৰম তেজৰ সোঁত এটা যেন তাৰ দেহৰ শিৰা-উপশিৰালৈকে বৈ গ’ল। ক্ৰমশঃ ধূসৰ হৈ অহা সুকুমাৰৰ দুচকুৰ সন্মুখত কদলৰ নিস্পাপ তেজগোঁৰা মুখখন, প্ৰাণোচ্ছল খিলখিলনিবোৰে অহৰহ অগা-দেৱা কৰি থাকিল। সেইজনী কদলক লৈয়ে সি এদিন এআকাশ সপোন দেখিছিল। সেইজনী ৰাংঢালী ছোৱালীয়েই এদিন তাৰ আগত কৈছিল--”মোৰ নতুন বাবাটা খুব ভাল জানি?” হয়তো কৃত্ৰিমতাৰে ভৰা বিষাক্ত মৰমবোৰক বুজি উঠিবলৈ কদলৰ সেই নিষ্কলুষ মনটো পূৰঠ হোৱাই নাছিল। হয়তো কদলৰ অকণমানি চকুহালে মুখাৰ আঁৰত লুকাই থকা মুখ এখনক বিচাৰি উলিয়াব পৰা হোৱাই নাছিল। অন্তৰত বাহৰ পতা শোক, ক্ষোভ, ঘৃণা, হতাশাবোৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়াত ক্ৰমশঃ সজল হৈ আহিল তাৰ চকুহাল।

বুকুৰ নাম নোহোৱা কোনো এক অংশত চিৰদিনলৈ থিতাপি লোৱা বিষ এটুকুৰাক লগত লৈ সুকুমাৰ ওলাই আহিল। সুকুমাৰে বুজিলে ফুলগুৰিৰ সেই বোকাৰ পদুমকলিটো আৰু কোনোদিনেই নুফুলে।  মইনা চৰাইটোৰ মিঠা মাতটো তাৰ গীতাৰখনৰ তাঁৰবোৰৰ সৈতে আৰু কোনোদিনেই বান্ধ নাখায়। অকালতে মৰহি যোৱা সেউজী সপোনটোৱে আৰু কেতিয়াও পোখা নেমেলে। বস্তিৰ সেই সৰু বাটটোৰ বোকা-পানী খচকি কদল আৰু কোনোদিনেই ইয়ালৈ নাহে। মাথোঁ কদল নামৰ চিনাকি বিষ এটাই ওৰে জীৱন তাৰ বুকুখনত ৰৈ ৰৈ খুন্দিয়াই থাকিব। 

” তুই সঁচাই খুব ভাল ছাৰ। সদায় আহিবি না।”  কদলৰ মৌ-সৰা মাতটো সুকুমাৰৰ কৰ্ণকূপত অহৰহ বাজি থাকিল। নৈতিক অধঃপতনবোৰৰ চাকনৈয়াত নিঃশেষ হৈ যোৱা সেই কণমানিজনীৰ কথা সি ৰাখিব। এইখন বিদ্যালয়লৈ সি সদায়েই আহিব, আৱশ্যক হ’লে ব্লক অফিচত আৱেদন এখন দি সি ইয়াত নিগাজী হ’ব। পাঠ্যপুথিৰ জ্ঞানেৰে সিহঁতবোৰক মেধাৱী কৰিব নোৱাৰিলেও অন্ততঃ অন্ধ-সংস্কাৰবোৰ নেওচিব পৰা একো একোটা মানুহ কৰাৰ স্বাৰ্থতেই সুকুমাৰ ইয়ালৈ সদায় আহিব। 

বাইকখন ষ্টাৰ্ট কৰিবলৈ লওঁতে সুকুমাৰৰ চকুত পৰিল; সৌ সিদিনা কদলে ৰোৱা জৱাজোপাত এপাহ ফুল ফুলিছে, ৰঙা হৈ ফুলিছে। ৰঙচুৱা ফুলপাহক সি বেছি সময় সুস্থিৰ হৈ চাই থাকিব নোৱাৰিলে। অশ্ৰুৰূদ্ধ হৈ পৰা চক্ষুহালৰ লোতকখিনি সামৰি অস্ফুট স্বৰেৰে সুকুমাৰে বিৰবিৰালে----”ফুলি থাক কদল।” 

◆◆◆◆◆◆◆



Saturday, January 9, 2021

গল্প-- কচাইখানাৰ পোৱালি

                                  গল্প

                    কচাইখানাৰ পোৱালি

                       ✍️তুষাৰ ৰঞ্জন


     "জৰিগুৰি" নামটো কোনে দিছিল কোনোৱেই নাজানে, কিয় বা দিছিল সেইটোও বহুতেই নাজানে। সতৰি যুগতে সেইখিনিতে হেনো এজোপা জৰি গছ আছিল, হয়তো সেইবাবেই সিহঁতবোৰৰে কোনোবা ককাক-আজুককাকে খেলপথাৰখনৰ নাম ৰাখিছিল জৰিগুৰি। অৱশ্যে সেইয়া পুৰুষানুক্ৰমে মুখ বাগৰি অহা কথা। তাৰ চাবুদ দিবলৈ এতিয়া তাত সেই জৰিজোপা নাই, নাম দিওঁতাজনৰো কোনকাহানিবাই পঞ্চত্বপ্ৰাপ্তি হৈছে। কিন্তু সিহঁতৰ নিচেই আপোন সেই খেলমাটিখন আছে। জাতি-ধৰ্ম, ভাষা-বৰ্ণৰ তফাৎবোৰে চানিব নোৱাৰা বৰগুৰিৰ মানুহমখাৰ সংহতি আৰু সম্প্ৰীতিবোৰক বুকুত সাবটি অতন্দ্ৰ দ্ৰষ্টাৰ দৰে আজিও ৰখীয়া হৈ আছে জৰিগুৰি। বামুণৰ পৰা শূদিৰলৈ, হিন্দুৰ পৰা মুছলমানলৈ বৰগুৰিৰ সকলোৰে মহঙা শৈশৱৰ হাই উৰুমিবোৰৰ সাক্ষী জৰিগুৰি। তেতিয়াৰ দৰে সেই একেই আছে খেলপথাৰখন, মাথোঁ সময়ৰ স্ৰোতত সলনি হৈছে খেল-ধেমালিবোৰ। তাহানিতে সিহঁতৰ ককাকহঁতে খেলা হৈ গুডু, টাংগুটি আদিবোৰৰ পৰিবৰ্তে জৰিগুৰিৰ কোলাত এতিয়া ক্ৰিকেটৰ বল-বেটবোৰৰ দপদপনি। ল'ৰালিতে দেউতাক-খুড়াকহঁতে ওমলা ৰবাব টেঙাটোৰ স্থানত এতিয়া বজাৰৰ চামৰাৰ বলৰ অবাধ ৰাজত্ব। তাৰ পাছতো কিন্তু একেই শোভনতা বিৰাজমান জৰিগুৰিত।


     জধলা চুলিসোপা দুই হাতেৰে খজুৱাই খজুৱাই বতাহৰ লগত উফি এসোপা মিহলাই দিলে পোৱালিয়ে। ভালে-খিনি সময় ফিল্ডখনৰ কাষতে বোন্দাপৰ দি ৰৈ থকাৰ পাছত তিতা-কেঁহাবোৰে জুমুৰি দি ধৰিছে তাক। সমবয়সীয়া আন দহোটাৰ দৰে ইয়ালৈ সি সদায়েই আহিব নোৱাৰে, অহাৰ ইচ্ছা থাকিলেও মকবুলে তাক আহিবলৈ নিদিয়ে। অৱশ্যে জুম্মাবাৰৰ দিনটোৰ কথা সুকীয়া, এই দিনটোত মকবুলে দোকান বন্ধ ৰাখে। পোৱালিয়ে সেইদিনা মনৰ জোখাৰে ঘূৰিবও পাৰে, ফুৰিবও পাৰে, খেলিবও পাৰে; মকবুলে তাক বাধা নিদিয়ে। সেই দেখি সপ্তাহটোৰ এই দিনটোলৈ বৰ হেঁপাহেৰে বাট চাই থাকে পোৱালিয়ে। 


     গোথোৰা-মুৱা মুখ এখনেৰে অলেখ সময় ধৰি খেলপথাৰখনকেই চাই থাকিল পোৱালিয়ে। যোৱা কিছুদিনৰ পৰা খৰালিৰ নৈখনৰ দৰেই যেন শান্ত, শ্ৰান্ত আৰু নিৰ্ম্মল হৈ পৰিছে জৰিগুৰি। সিহঁতমখাৰ ৰং-ধেমালিবোৰেৰে সততে জীপাল হৈ থকা জৰিগুৰিৰ বুকুখনত তেতিয়া এক আজগুবী নিৰ্জনতা বিদ্যমান। যোৱা চাৰি-পাঁচদিনমানৰ পৰা সিহঁতবোৰে ইয়ালৈ আহিবলৈ এৰিছে, আজিও যে সিহঁত নাহে সেইয়া সুনিশ্চিত। দৰাচলতে মাক-দেউতাকবোৰে সিহঁতবোৰক অকাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা একেবাৰেই বন্ধ কৰিছে। যোৱা কিছুদিনৰ পৰা অঞ্চলটোত সংঘটিত হোৱা আগেয়ে নেদেখা-নুশুনা ঘটনা কিছুমানে কচালি পেলাইছে বৰগুৰিৰ ৰাইজখনক। প্ৰত্যেকটো সপ্তাহতে পোৱালিহঁতৰ দৰেই কাণ সমনীয়া কোনোবা নহয় কোনোবা এটা দিন-দুপৰতেই নোহোৱা হয় এলেকাটোৰ পৰা। যোৱা শুকুৰবাৰটোত পোৱালিহঁতৰ চুবুৰীটোৰে আৰছাদ নোহোৱা হ'ল। তাৰ আগৰ সপ্তাহটোত হেৰাল গাওঁখনৰ সিটোমূৰৰ তিলাই বায়েনৰ নাতিনীয়েকটো, তাৰো আগৰ সপ্তাহত বদন মাষ্টৰৰ সৰুটো পুতেক। ডেৰটা মাহৰ ভিতৰতে পোৱালিহঁতৰ নিচিনা ছয়টাকৈ কোমল-বয়সীয়া ল'ৰা হঠাৎ নিৰুদ্দেশ হ'ল বৰগুৰিৰ পৰা। ইহঁতবোৰ ক'ৰ পৰা কেনেকৈ নোহোৱা হৈ গ'ল সেইয়া কোনোৱেই নাজানে। গাঁৱৰ পৰা সিহঁত আপোনা-আপুনি অন্তৰ্ধান হ'ল নে সেইয়া কোনোবা সোপাধৰাৰ ক্ৰিয়া-কলাপ তাকো আজিলৈকে কোনোৱেই সঠিককৈ ঠাৱৰ কৰিব নোৱাৰিলে। কোনোবা এজনে যদি তাক অপহৰণ জাতীয় ঘটনা বুলি ক'লে, আন এজনে আকৌ অভিহিত কৰিলে সেইয়া বয়সৰ দোষত হোৱা ঘটনা বুলি। বয়সীয়াল দুই এজনে আকৌ ঘটনাবোৰত কিবা এক অপশক্তিৰো হাত থকাৰ উমান পালে। "ইছ ইছ", "আস্ আস্", "ছেহ বৰ বেয়া কথা হ'ল" ইত্যাদি ইত্যাদি জাতীয় সান্তনাসূচক উক্তিবোৰেৰে মাক-দেউতাকবোৰৰ দুখত সমভাগী হোৱাৰ বাহিৰে বৰ বেছিকৈ একো কৰিব নোৱাৰিলে বৰগুৰিৰ কোনো এজনেই। ৰং-ধেমালি, হাঁহি-উলাহেৰ ধ্বনিৰে সততে মুখৰ হৈ থকা বৰগুৰিত যেন এক নিমাওমাও পৰিৱেশ বিৰাজমান। পিলিঙাটোৰ পৰা আৰম্ভ কৰি বয়সস্থজনলৈ, সকলো শংকিত এক অদেখা শক্তিৰ দৌৰাত্ম্যত।


     মকবুলেও পোৱালিক ঘৰৰ পৰা ওলাবলৈ হাজাৰবাৰ  মানা কৰিছিল; পোৱালিৰ মনটোৱেহে পিছে নক'লে। লোহাৰ জালনা দিয়া কাঠৰ বাকচটোত মূৰ্গীবোৰক সুমুৱাই ৰখাৰ দৰে সপ্তাহটোৰ আনকেইটা বাৰত মকবুলেও তাক কচাইখানাখনৰ ভিতৰতে ওৰে দিনটো আৱদ্ধ কৰি ৰাখে। জুম্মাবাৰৰ দিনা যেতিয়া মকবুলে দোকান বন্ধ ৰাখে পোৱালিৰ নিজকে তেতিয়া  সঁজাৰ পৰা ওলোৱা চৰাইটোৰ দৰে মুকলি মুকলি লাগে। এনেকুৱা মুকলিমূৰীয়া দিন এটাক এনেয়ে গুচি যাবলৈ জানোঁ দিব পাৰি? মকবুল জুম্মা নামাজলৈ বুলি ওলাই যোৱাৰ সুযোগটো লৈ সেয়েহে পোৱালিয়ো ওলাই আহিল ঘৰৰ পৰা।


   "পোৱালি নহয়নে সেইটো? দুপৰীয়াখন কি কৰি আছ তই ইয়াত? গাওঁখনত কি হৈ আছে দেখা নাই নেকি হা? কি ৰকম ল'ৰা ঔ, ভয়-চয় বোলা বস্তুটো তোৰ একদম নাই যেন পাইছোঁ দেই। ৰহ মকবুলক লগাব দে।" 


     সেইটো নামঘৰৰ কাষৰ চুকটোৰ বগাই, কাষৰে সাপ্তাহিক হাটখনলৈ বুলি সি ওলাই আহিছে।  মামৰে ধৰা হাতবাগীখনৰ আগৰ পৰা গুৰিলৈকে শাকে-পাচলিয়ে, পাণে-তামোলে এসোপামান বস্তু লাদি দি এহাতেৰে চাইকেলৰ হেণ্ডেল পোনাই আনখন হাতেৰে কৰঙনৰ চুকটো ৰুকুটি ৰুকুটি একো এটা বস্তুৰ হানি-বিঘিনি নঘটাকৈ গৈ থাকিব পৰাৰ একটিয়াৰ বৰগুৰিত একমাত্ৰ তাৰেই আছে। ৰকহ ৰকহ শব্দ এটাৰে চুৰিয়াখনৰ তলৰ হাতীখৰ ডোখৰৰ ঘিট-ঘিটনিবোৰক সকাহ দি দি পোৱালিক ধমক এটা লগালে বগাইয়ে। পঞ্চাশ উৰ্দ্ধৰ লঠৰু বগাইক দেখিলেই কাণ-মূৰবোৰ গৰম হৈ আহে তাৰ। সুযোগ পালেই পোৱালিৰ ওপৰত জ্যেষ্ঠ হোৱাৰ প্ৰভুত্ব খটোৱাত অকণো হেমাহি নকৰে সি, আজিও তাৰ ব্যতিক্ৰম নহ'ল। জাঙুৰ খাই আহিল পোৱালি। "তাৰ কাণ সমনীয়া আন কেওঁটাৰ দৰে তাকো কোনোবাই উঠাই নিব?" সেইবোৰলৈ তাৰ ভয়-ভীত নাই। কিন্তু বয়সতকৈ ডাঙৰ কাৰোবাৰ লগত সি বইচ-বাইচ কৰা মানেই হৈছে মকবুলৰ বিয়াগোম হাত দুখনৰ থাপৰ কেইটাৰে তাৰ তুলতুলীয়া গাল দুখন ৰঙা কৰা। পিন্ধি থকা ঢিলা হাফ-পেন্টটো ওপৰলৈ ওজাই "মামা নথকা হ'লে তোক মই......" শীৰ্ষক পোন্দোৱা চাৱনি এটা বগাইলৈ নিক্ষেপ কৰি দুপদুপাই ঘৰৰ দিশত দৌৰ দিলে পোৱালিয়ে।


     হওঁতে পোৱালিৰ নাম এটা নথকা নহয়,  ছামাদ নামটো তাক মকবুলে দিছিল। পিছে সময়ৰ সোঁতত সি সেইটো নাম হেৰুৱালে। এতিয়া বৰগুৰিৰ সকলোৱে তাক চিনি পায় মকবুলৰ কচাইখানাৰ পোৱালি হিচাপে।  মকবুলৰ বাজে আন কোনোবাই তাক পোৱালি বুলিলে আগতে তাৰ প্ৰচণ্ড খং উঠিছিল, এতিয়া পিচে সকলোৰে মুখতে সেইটো নামকে শুনি শুনি সি অভ্যস্ত হ'ল। পোৱালিৰ জন্ম ক'ত-কেতিয়া , তাৰ মাক-দেউতাকনো কোন বা তাৰ জাত-পাতেইনো কি সেইবোৰ সি নাজানে, মকবুলেও নাজানে। পোৱালিৰ বয়স তেতিয়া দুই কি তিনি বছৰ, ফুটপাথ এটাত কান্দি থকাৰ পৰা এদিন তাক মকবুলে লৈ আহিছিল। কথাবোৰ তাৰ ভালদৰে মনত নাই, দুই একে কেতিয়াবা কৰা আলোচনাবোৰৰ পৰা হে সেইবোৰৰ অলপ-অচৰপ ভু পোৱা হৈছে সি। তাক লৈ অৱশ্যে পোৱালিৰ মনত খেদ নাই। মকবুলে তাক থাকিবলৈ এখন ঘৰ দিছে, তাক মামা বুলি মাতিবলৈয়ো অধিকাৰ দিছে। সেইখন ঘৰতে সি মনৰ জোখাৰে খাবলৈয়ো পাইছে, পিন্ধিবলৈয়ো পাইছে। কিন্তু মকবুলে  তাক মনৰ জোখাৰে পঢ়িবলৈহে নিদিলে। হওঁতে পোৱালিক সি দুদিনমান স্কুললৈ পঠাইছিল, পঢ়া শুনাত সিমান এটা বেয়াও নাছিল পোৱালি। পাচে এক কেজি মঙহৰ দামৰ পৰা এপোৱা মঙহৰ দাম গণি গণি উলিয়াব পৰা হওঁতেই মকবুলে তাৰ স্কুল এৰুৱালে। এনেয়েও মকবুল বৰগুৰিৰ সকলোৰে বাবে বিশ্বস্ত কচাই, পুৱাৰ পৰা তিনি সন্ধিয়ালৈকে তাৰ কচাইখানাত অজস্ৰ গ্ৰাহকে ভিৰ কৰে। মকবুলে অকলে সকলো চম্ভালিব নোৱাৰে, তাক সহকাৰী এজন লাগে। তেনেবোৰ কাৰণতে পোৱালিৰ পঢ়া-শুনাবোৰৰো সেইখিনিতে ইতি পৰিল।


   " মকবুল অ' বয়সৰ জোখেৰে কিন্তু সি বৰ সৰু হৈ থাকিল। এইটো বয়সতে তাক এইবোৰ কামত লগোৱাতো ঠিক হৈছে জানোঁ?" 


     দুই একে তাক সোঁৱৰাইছিল, ডাংবৰলা মকবুলেহে পিছে নুশুনিলে। সি নিজেও ক্লাচ চেভেন ফেইল মানুহ। মকবুলৰ মতে "তাতকৈ পিটিকলি  বয়সৰ পৰা আব্বাৰ লগত মাংস কটা মানুহ মই। সি কিয় নোৱাৰিব?" সেই দিন ধৰি দহ বছৰীয়া পোৱালিৰ হাতৰ পৰা কিতাপ ফলিবোৰ আতৰিল , তাৰ ঠাইত মকবুলে তাৰ হাতত তুলি দিলে পাতল মিট্ দা এখন।


    "কচাই ঘৰৰ ভাত খাই খাইয়েই ইমানটো হ'লিহি।  এতিয়া এইবোৰ কৰোঁতে তোৰ  হাত কঁপিলে চলিব নেকি? বেছি ভাবি নাথাক, ডিঙিটো এনেকৈ ধৰি জোৰত ৰেপি দে।" 


     নোদোকা-নোদোক তেলাল খাহীবোৰ, মঙহাল হাঁহ-মূৰ্গীবোৰৰ ডিঙিবোৰত ধাৰাল দা খনেৰে ৰেপ দিবলৈ লৈয়ো ৰৈ যায় সি। গঁৰালৰ পৰা উঠাই অনা মূৰ্গীবোৰে টেঁটুফালি চিঞৰে, পোৱালিৰ হাত দুখন  ঠৰ ঠৰকৈ কঁপে। মকবুলৰ ধমকটোত সি আকৌ তুলি লয় দা খন। চকুহাল জোৰেৰে মুদি দি মকবুলৰ কথামতে  সি মূৰ্গীটোৰ ডিঙিত সজোৰে ৰেপি দিয়ে। এনদ কেঁচা তেজেৰে ভিজি যায় তাৰ শেলুকীয়া হাত দুখন। মূৰ্গীবোৰে ধপধপাই উঠে, তাৰ লগে লগে আৰকাল কৰি উঠে পোৱালিৰ এধানমান কলিজাখনে। তাৰ ফুল কুমলীয়া শিশু মনটোৰো যেন সেইখিনিতেই ইন্তেকাল হয়। 


     সময়ৰ ছন্দোময় গতিত সলনি হয় সকলোবোৰ, সলনি হয় পোৱালিয়ো। যোৱা এটা বছৰত মকবুলৰ পৰা সকলো আদব-কায়দা আয়ত্ত কৰি সি এতিয়া মকবুলৰ কচাইখানাৰ একমাত্ৰ  নিৰ্ভৰযোগ্য সহকাৰী। আজিকালি পোৱালিৰ হাত নকঁপে, মৰাৰ আগত মূৰ্গীবোৰে মৰা কৰ্কশ চিঞৰত, ছাগলীবোৰৰ বুকুভঙা বিননিত এতিয়া আৰু তাৰ এধানি কলিজাখনে নাকান্দে। বৰঞ্চ মকবুলতকৈয়ো খৰকৈ সি দাখন চলাব পৰা হ'ল, গ্ৰাহকৰ পচন্দ হোৱাকৈ মাংসৰ টুকুৰা বনাব পৰা হ'ল।  মকবুলে আজিকালি অলপ আহৰি পায়। গৰমৰ দিনত যেতিয়া দোকানত  গ্ৰাহক কমকৈ থাকে,পোৱালিৰ হাতত সমস্ত দায়িত্ব চমজাই মকবুলে তেতিয়া ঢোৰোহা পেটটো ওপৰলৈ কৰি ভিতৰৰ খাটখনত ফষ্টি মাৰে। 


      "মাল তাগড়া আছে কিন্তু, আজি আবেলিলৈকে লাগে। মিডিয়াম চাইজত মিলাই মিলাই ইমান জল্দা-জল্দি পাৰিবি জানো?" 


     মকবুলৰ সন্দিহান মনটোক অভয় দি "মই আছোতো টেনচন কাহে কা" ধৰণৰ হাঁহি এটা মাৰি ছাগলী তিনিটা পিছফাললৈ লৈ যায় পোৱালিয়ে। পূৰ্ণগতিত চলে তাৰ দুইহাত,  নিপোটল চেহেৰাৰ ছাগলীকেইটাক মাংসৰ টুকুৰাত পৰিণত কৰিবলৈ মকবুলে নিৰ্দিষ্ট কৰি দিয়া সময়ৰ আধাখিনিয়ো নালাগে তাক। তাহানিতে হাঁহ কুকুৰাবোৰৰ কেঁচা তেজবোৰ দেখিলে ওকালিয়াই দিব খোজা পোৱালিয়ে এতিয়া এইবোৰ কাম পৰম আনন্দৰে কৰে, যেন এক সুকীয়া তৃপ্তি আছে এইবোৰ কামতো।


      তাৰ মাজতো কিন্তু অনামী দুখৰ বোজা এটাই অহৰহ খুন্দিয়াই থাকে পোৱালিৰ বুকুখনত। তাৰ কাণ-সমনীয়া ল'ৰা-ছোৱালীবোৰক যিমানবাৰেই সি  লগ পায়, সিমানবাৰেই মোচৰ খাই উঠে তাৰ কপাহ স্নিগ্ধ হিয়াখন।  তাৰ সমবয়সীয়া ল'ৰা-ছোৱালীবোৰে যি সময়ত  কান্ধত বেগ এটা লৈ হাঁহি-মাতি স্কুললৈ যায়, পোৱালিয়ে সেই সময়ত মকবুলৰ দোকানখনৰ পালাবোৰ খুলি আগফালে পানী চটিয়াই। আবেলি সিহঁতবোৰে স্কুলৰ পৰা আহি যেতিয়া জৰিগুৰিৰ বুকুত উমলিবলৈ যায়, পোৱালি তেতিয়া ব্যস্ত থাকে গ্ৰাহকৰ পচন্দ অনুযায়ী বিভিন্ন আকাৰৰ মাংসৰ টুকুৰা বনোৱাত। সিহঁতবোৰক দেখিলে নিজকে যেন গঁৰালত আবদ্ধ কুকুৰা কেইটাৰ দৰেই লাগে তাৰ। 

 

     ঘৰৰ ওচৰ যিমানেই চাপিছে  ছটফটনিবোৰো  সিমানেই বাঢ়ি আহিছে পোৱালিৰ। সপ্তাহটোৰ আনকেইটা দিনত বিৰামহীনভাৱে মঙহৰ টুকুৰাৰ লগত খেলি থকা তাৰ সৰু সৰু হাত দুখনত এক অদ্ভুত কুটকুটনিৰ সৃষ্টি হয় জুম্মাবাৰৰ দোকান বন্ধ থকা দিনটোত। নিতৌ কিবা এটাৰ ডিঙিটো ৰেপিবলৈ নাপালে তাৰ হাত দুখন কঁপে, কেঁচা তেজবোৰেৰে হাত দুখন অকণমান পখালিবলৈ নাপালে তাৰ কলিজাখনে ভীষণ জোৰেৰে হাঁহাকাৰ কৰে। দিনটোত এবাৰলৈয়ো যদি সি কুটনাদালত মঙহবোৰ টুকুৰা কৰিবলৈ নাপায় মনটোৱেও  যেন তাৰ শান্তি নাপায়। 

 

     কুটকুটনিবোৰক উপশম দিবলৈকে পোৱালি  ঘৰৰ পৰা ওলাই যায় জৰিগুৰিৰ কাষলৈ। ফিল্ডখনতেই সি লগ পায় তাৰ সমবয়সীয়া সিহঁতমখাক। ঘৰলৈ ঘূৰাৰ সময়ত সিহঁতজাকৰে  কোনোবা এটাক লগত লৈ সি এপাক জানটোৰ দিশত ফুৰিবলৈ যায়, ছটবটনিবোৰৰ পৰা তাৰ হাত দুখনেও সেইখিনি সময়তেই ৰেহাই পায়। কিন্তু তাৰ মনটোক শান্তি দিবলৈ আজি তালৈ কোনোৱেই নাহিল, উদ্বিগ্নতাবোৰক সাবটি পোৱালিও আজি মোলান পৰা মুখ এখন লৈয়ে ওভতি আহিল ঘৰলৈ।


     পাছফালৰ বাঁহৰ দৰ্জাখনেৰে সন্তৰ্পণে ঘৰৰ ভিতৰলৈ সোমাই আহিল পোৱালি।  জুম্মা নামাজৰ পৰা আহি ভালকৈ এপেট ভৰাই লৈ মকবুলে তেতিয়া নিজৰ বিচনাত দীঘল দিছে। তাৰ ঢেপেলা নাকটোৱে পুৰণা ডিজেল ইঞ্জিন এটাৰ দৰে ঘৰ ঘৰ শব্দ কৰি কোঠাটোৰ নিৰ্জনতাবোৰৰ মাজতো অবিৰতভাৱে বাজি আছে। উদং গদহা শৰীৰটোৰ সৈতে খাটখনত ধোবাং দি পৰি থকা মকবুলৰ লোধোমা পেটটোৱে সেইসময়ত উশাহবোৰৰ তালে-তালে ছন্দোময় গতিৰে ওপৰৰ পৰা তললৈ উঠা নমা কৰিছে। তাৰ লগে লগে চৰ্বিবোৰেও নাচিছে আপোনমনে। 


     দৃশ্যটো উপভোগ কৰি কৰি গোমোঠা মুখখনৰ মাজতো অজানিতে এমোকোৰা হাঁহি ওলাই আহিল পোৱালিৰ। পাছফালৰ বাৰাণ্ডাত থকা মাংস কটা কাঠৰ ডাঙৰ টুকুৰাটো পোনছাটেই উঠাই আনিলে সি। মাল আজি তাগড়া, মিডিয়াম চাইজত পিচ মিলাবলৈ আজি তাক অলপ সময় লাগিব। হাতৰ কুটকুটনিবোৰো ক্ৰমাৎ বাঢ়ি আহিছে তাৰ, আৰু যেন এক নিমিষৰো অপচয় কৰিব নিবিচাৰিলে সি। কোঠাটোৰ দুৱাৰখন সাৱধানে জপাই দি হাফপেন্টটোৰ খোচনিৰ পৰা  অতদেৰি সযতনে ৰাখি থোৱা মিট্ খন উলিয়াই আনিলে পোৱালিয়ে। বেৰৰ জোলোঙাৰে সোমাই অহা ৰ'দবোৰৰ জিলিঙনিত বগলীৰ পাখিবোৰৰ দৰেই চকচকীয়া হৈ জিলিকি উঠিল  ধাৰাল দা খন। যোৱা বছৰৰ এনেকুৱা এটা দিনতে মকবুলে সেইখন পোৱালিৰ  দহবছৰীয়া কোমল হাত দুখনত তুলি দিছিল; কচাইখানাত মঙহ কাটিবলৈ, কাঠৰ গঁৰালত আৱদ্ধ জীৱবোৰৰ ডিঙিবোৰ ৰেপিবলৈ।


(সমাপ্ত)