Thursday, September 23, 2021

#গল্প--- "কদল"

 "কদল"

✍️তুষাৰ ৰঞ্জন 

গোলাঘাট

tusharronjon@gmail.com

9101293897



” বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?” 

”ছাৰৰৰৰৰৰ............. জেচিবি।” ছাৰ শব্দটোত প্ৰায় আধাডজন “ৰ” একেলগে উচ্চাৰণ কৰি পঞ্চম শ্ৰেণীৰ কোনোবা এটাই দিয়া এনেধৰণৰ চমকপ্ৰদ উত্তৰ এটা শুনাৰ পাছত যেতিয়া সুকুমাৰৰ মন-মগজুৰ সকলোবোৰ কোষ একেলগে উজৰ খাই উঠে; ভাৱশূন্য মুখ এখনেৰে হেডছাৰ তেতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়ে। 

” আই অ’ জহনীহঁত, কোনটোৰ ঘৰত পুহিছ অ’ তেনেকুৱা শক্তিশালী কুকুৰ? বাৰু, বাৰু, এইবাৰ শুঁৰ থকা এবিধ জন্তুৰ নাম ক’ব পাৰিবিহঁক নে?” 

” কি চুৰ ৰে?” হেডছাৰৰ প্ৰশ্নটো শুনাৰ পাছত সিহঁতবোৰৰ চকুৰ চেলাউৰিবোৰে এনেধৰণৰে মাউখ পাতে যেন ছাৰে কস্মিনকালেও নেদেখা-নুশুনা এটা অবান্তৰ বস্তুৰ বিষয়েহে সিহঁতক সুধিলে। 

” কেলে এনেকে যে থাকে, পানী যে মাৰে........”  বাওঁহাতৰ বুঢ়া আঙুলি আৰু তৰ্জনীৰে নাকটো চেপা মাৰি ধৰাৰ পাছত আনখন হাত তাৰ মাজেৰে পাৰ কৰি হেডছাৰে শুঁৰ সম্পৰ্কে এটা থুলমুল ধাৰণা দিয়াৰ পাছত সিহঁতৰ মাজৰে কোনোবা এটাই তপৰাই উত্তৰ দিয়ে। 

” অ’ হুঁৰটাৰ কথা কহিছ?  তে বাবা।” 

ফুলগুৰি বাগানৰ মজদুৰ লাইন এল পি স্কুলখনৰ এনেধৰণৰ সততে দেখিবলৈ পোৱা উপলভ্য দৃশ্যবোৰ প্ৰত্যক্ষ কৰি অসীম সহনশীলতাৰে বহি থাকিব পৰা একমাত্ৰ ব্যক্তিজনেই হৈছে হেডছাৰ। কুৰি বছৰীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰে পুষ্ট হেডছাৰৰ বাবে এইবোৰ তেনেই মামুলি ঘটনা। অৱসৰলৈ কেইটামান বছৰ বাকী থকা মানুহজনে স্বভাৱসুলভ ঢেকঢেকীয়া হাঁহিটোৰে কেতিয়াবা সুকুমাৰৰ আগত ৰসিকতা কৰি কয়-- “বুজিছা বৰুৱা, এই গৰুসোপাক মানুহ কৰিব নোৱাৰিলোঁ যদিও বছৰ বছৰ ধৰি ইহঁতৰ দৰে এসোপাক দিনৰ দিনটো হজম কৰি থকাৰ বাবদ মই কিন্তু ৰিটায়াৰমেণ্টৰ সময়ত দস্তুৰমত কিবা এভাগ বঁটা চৰকাৰৰ ওচৰত দাবী কৰিব পাৰোঁ। নে কি কোৱা।” 

হেডছাৰে ৰসিকতা কৰি ক’লেও কথাখিনি অৱশ্যে পোনছাটেই নুই কৰিব নোৱাৰি। সুকুমাৰৰ অধীনস্থ মণ্ডল সমল কেন্দ্ৰটোৰ একেবাৰে শেষ সীমাত থকা এইখন স্কুলত আশীজন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক মাত্ৰ এজন। বিগত বছৰবোৰত ভালে কেইজন শিক্ষক যেনেদৰে এইখন বিদ্যালয়লৈ আহিল; ব্যক্তিগত অজুহাত কিছুমান দেখুৱাই ঠিক তেনেদৰেই আকৌ বদলি হৈ উভতিয়ো গ’ল। ফুলগুৰিৰ মজদুৰ লাইনৰ ঠেক ঘেলঘেলীয়া ৰাস্তাটো অতিক্ৰম কৰি আহি এনেধৰণৰ গাঁজাখুৰি কাণ্ডবোৰ সহিবলৈ টান পোৱা তেওঁলোকৰ কোনোবাজন হয়তো এইখন বিদ্যালয়ত তিনিমাহ থাকিল, আন কোনোবাজন হয়তো ছমাহ। কিন্তু তাৰ মাজতো যোৱা কুৰিটা বছৰে সেই একেটা কদৰ্য ৰাস্তাৰ বোকা-পানীবোৰ খচকি হেডছাৰৰ আকাশী বৰণীয়া পুৰণা স্কুটাৰখন নীৰৱচ্ছিন্নভাৱে চলি থাকিল। 

মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ দায়িত্বত থকা সুকুমাৰ কেন্দ্ৰটোৰ আন নখন স্কুলৰ দৰে এইখন স্কুললৈয়ো প্ৰায়েই আহে। বিভাগীয় কাম-কাজ থাকিলেও আহে, নথকাৰ দিনকেইটাতো আহে। সহকৰ্মী বিচাৰি বিচাৰি ব্লক অফিচত বছৰি তিনি চাৰিখনকৈ আৱেদন জমা দিব লগা হোৱা হেডছাৰৰ অনাশ্ৰিত মুখখনলৈ তাৰ দৰদ জাগে। সেয়ে তিক্ততাবোৰ সহি সামৰি হ’লেও মানুহজনক অলপমান সকাহ দিবলৈকে নাই নাই বুলিও সপ্তাহটোৰ তিনি চাৰিটা দিনত সি এইখন স্কুলত উপস্থিত থাকে। অৱশ্যে হেমকান্ত, মিথুন, শিবুহঁতৰদৰে লাঠুৱা মখাৰে ভৰি থকা পঞ্চম শ্ৰেণীটোৰ পৰা সুকুমাৰে পৰাপক্ষত সাত হাত দূৰত অৱস্থান কৰে। 

” তোৰ নামটো জোতাই মাতিব পাৰিবি?” 

 অসমীয়া পাঠ্যপুথিখনৰ কোনোবা এটা পাঠ ডাঙৰকৈ পঢ়িবলৈ দিওঁতে ভৰিৰ বুঢ়া আঙুলিটোৰে পকাৰ মজিয়াখন ৰুকি ৰুকি কেৰঘেঁহাই থকা হেমকান্তই ভালেখিনি পৰ চিন্তা কৰাৰ পাছত সুকুমাৰে সোধা প্ৰশ্নটোৰ উত্তৰ দিয়ে --” বেঁকা আচঁ, ‘হ’......’ম’.....’ক’টোতে চিধা আচঁ.........তাপা পকাই লিখাটো।” 

 হেমকান্তহঁতৰ এনেধৰণৰ কল্পনাতীত উত্তৰসমূহ নিৰ্বিকাৰ হৈ শুনি থাকিবলৈ সুকুমাৰৰ ধৈৰ্য আৰু মনোবল দুয়োটাই নাই। হেডছাৰৰ দৰে পুৱা ন বজাৰ পৰা দুপৰীয়া এক বজালৈ সিহঁতমখাৰ হাজাৰটা ওজৰ-আপত্তি নিষ্পত্তি কৰি থকাৰ সামৰ্থও তাৰ নাই। অত্যন্ত জৰুৰী নহ’লে পাঠদান কৰিবলৈ অহা দিনকেইটাত কাজেই সি পঞ্চম শ্ৰেণীটোক এৰাই চলে। 

বাগানত পাৰমেটিয়া কাম কৰা সিহঁতৰ মাক-দেউতাকবোৰ চৰ্দাৰৰ ঘাণ্টিৰ শব্দত পুৱাতেই ঘৰৰ পৰা দিনটোলৈ বুলি ওলাই যায়। মহৰীৰ অবাইচ ধমকবোৰ শুনি শুনি পুৱাৰে পৰা সাঁজ লগাৰ সময়লৈকে কাজলি ভৰাই সেউজীয়া সপোনবোৰ বুটলি ফুৰা হেমকান্তহঁতৰ মাকহঁতে সিহঁতৰ পঢ়া-শুনাৰ বুজ ল’বলৈ সময় নাপায়। হাড়িয়াৰ ৰাগিত মাতাল হৈ নিশা পলমকৈ ঘৰ সোমোৱা সিহঁতৰ দেউতাকবোৰে এইবোৰৰ তত্-মূৰ নাৰাখে। আগৰাতিৰ কৰ্কৰীয়া ঠাণ্ডা ভাত এসোপামান নিমখ এজেবাৰে সৈতে নাকে-কাণে গুজি স্কুললৈ বুলি ওলাই অহা হেমকান্তহঁতৰ বাবে মধ্যাহ্ন ভোজনৰ ঢেংঢেঙ্গীয়া ডাইলখিনি বিলাসিতা; স্কুলৰ পৰা দিয়া নতুন ইউনিফৰ্মযোৰ সিহঁতৰৰ বাবে আধুনিকতা। হয়তো সেইবাবেই সিহঁত আহে। পাঠ্যপুথিৰ পৰা জ্ঞান আহৰণ কৰিব পাৰক বা নোৱাৰক দৈনিক অন্ততঃ এসাঁজ মনৰ সন্তুষ্টিৰে খোৱাৰ আশাত, বছৰি এযোৰ নতুন কাপোৰ পোৱাৰ আপাহতে সিহঁতবোৰ ইয়ালৈ আহে। 

ফুলগুৰিৰ আটাইতকৈ ভিতৰুৱা বস্তিটোত অৱস্থিত এইখন বিদ্যালয়লৈ বছৰি এনেদৰেই এমখা চাহ-মজদুৰৰ ল'ৰা-ছোৱালীয়ে নাম লগাবলৈ আহে। বছৰি হেমকান্তহঁতৰ দৰে নিজৰ নামটো লিখিবলৈয়ো এপৰ লগা এজাক ল’ৰা-ছোৱালীয়ে এল পি ৰ ডেওনাখন পাৰ কৰি ওলাইয়ো যায়। সিহঁতবোৰৰ গৰিষ্ঠ সংখ্যকেই শিক্ষা জীৱনৰ ঠিক সেইখিনিতে পৰিসমাপ্তি ঘটায়। অৱশ্যে তাৰ মাজৰে কোনোবা দুই এটাই কাষৰ এম ই স্কুলখনৰ বাৰাণ্ডাখন গৰকি নোপোৱা নহয়। কিন্তু সেইয়া ক্ষণস্থায়ী। সিহঁতৰ মাক-দেউতাকহঁতৰ দিনৰ পৰা এনেদৰেই চলি অহা এই ধাৰাটোক না কোনোবাই আজিলৈকে ভাঙিব পাৰিলে, না কোনোবাই ভাঙিবলৈ চেষ্টা কৰিলে। তাৰ মাজতো সুকুমাৰে চেষ্টা কৰে, সপ্তাহত যিকেইটা দিনেই সি স্কুলখনলৈ আহে সেই আটাইকেইদিনেই সি সিহঁতক শিকাবলৈ-বুজাবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰে। সুকুমাৰে বিচাৰে সৰ্বজনবিদিত হোৱাকৈ কিবা এটা কৰিব নোৱাৰিলেও সিহঁতবোৰে অন্ততঃ নিজৰ নামটো নিজেই লিখিব পৰা হওক, পাঠ্যপুথিৰ পাঠ কেইটা অন্ততঃ সলসলীয়াকৈ পঢ়িব পৰা হওক। 

” তুই সচায় খুব ভাল ছাৰ। হেড ছাৰৰ ৰকম গালি নাই দি, হামৰা নাই জানলে চিকাই-বুজাই দি। আকৌ আহিবি দেই ছাৰ।” 

স্কুলখনত পঢ়াবলৈ অহাৰ প্ৰথম দিনটোতে বিনা-দ্বিধাই সুকুমাৰক এনেকৈ কৈ দিব পৰা তৃতীয় শ্ৰেণীৰ এই কণমানিজনীৰ নাম কদল তেলী। সিহঁতবোৰৰ এনেধৰণৰ অদ্ভুত নামবোৰ শুনিলে সুকুমাৰৰ কেতিয়াবা হাঁহিও উঠে, মৰমো জাগে। 

” এইটো নাম তোক কোনে দিছিল অ’, মাৰে নে দেউতাৰে? তোৰ নামটোৰ অৰ্থটো কি নো? “ অভিধানেও অৰ্থ উলিয়াই দিব নোৱাৰা এটা আজব নামৰ গৰাকী কদলৰ ওচৰত যেতিয়া সি নামটোৰ আতিগুৰি বিচাৰে আঠবছৰীয়া ছোৱালীজনীয়ে তেতিয়া সহজভাৱে কৈ পেলায়--” ম’ৰ বাবা নাইতো ছাৰ, নতুন মা পাই গুচি গৈছে।” 

সৰুতেই দেউতাকৰ মৰমৰ পৰা বঞ্চিত হোৱা এইজনী কদল স্কুলৰ আনবোৰ ল’ৰা-ছোৱালীতকৈ যেন সুকীয়া। মুখ ফুটাই ক’ব নজনা অব্যক্ত বিষাদৰ বোজা এখিনি বুকুত সামৰি লৈ থকাৰ পাছতো তাইৰ পকা থেকেৰা হেন অকণমানি মুখখনত ভৰকাল হাঁহি এটা প্ৰতিনিয়ত বিয়পি থাকে। পঞ্চম শ্ৰেণীৰ হেমকান্ত, মিথুনহঁতে যেতিয়া আকাৰ, ইকাৰবোৰক নিজ খুচিমতে বেঁকা আচঁ, চিধা আচঁ ইত্যাদিৰ ৰূপ দি নিজৰ নামটো জোটাবলৈকো ভালেখিনি সময় লগায়; তৃতীয় শ্ৰেণীৰ কদলে তেতিয়া পাঠ্যপুথিৰ কবিতাকেইটা সুকলমে পঢ়িব পাৰে। একৰ পৰা এশলৈকে মাতিবলৈ দিলেও সোতৰবাৰমান ভুল কৰা সিহঁতবোৰে যেতিয়া সাধাৰণ যোগ অংক এটা কৰিবলৈ লৈ হাতৰ বুঢ়া আঙুলিৰে আনবোৰ আঙুলিৰ পাববোৰ গণি থাকে; অকণো খোকজা নলগাকৈ কদলে তেতিয়া সেই চিৰাচৰিত সুৰটোৰে পূৰণৰ মাজু নেওতাখনলৈকে সলসলীয়াকৈ মুখস্থ মাতে। লগৰ আনবোৰ ল’ৰা-ছোৱালীতকৈ কথঞ্চিৎ পৃথক ধাতুৰ গঢ়া এই কণমানি ৰাংঢালী ছোৱালীজনী যেন ফুলগুৰিৰ কদৰ্য বোকাবোৰৰ মাজত নকৈ গাঁজমেলা এপাহ বিসকুসুমৰ কলি। মিথুন, শিবুহঁতৰ অবান্তৰ উত্তৰবোৰে আশাশূন্য কৰি তোলা সুকুমাৰৰ মনটোত কদলে নতুন আভাৰ বীজ সিঁচে। সুকুমাৰৰ হতাশাগ্ৰস্ত মনটোত কদলক লৈ এক উদ্যম জাগে, সেউজী সপোন এটাই তাৰ বুকুত নকৈ পোখা মেলে। 

” আজ পৰিবেশ দিৱস বইল ৰহি যে তুই। এই ফুলগাছটা ইহাই লাগাম মই। ফুল ধৰলে যে কিমান ভাল লাইগবেক! ন’ ছাৰ?” বিশ্ব পৰিৱেশ দিৱসৰ দিনা হাতত ৰঙা জবাৰ পুলি এটা লৈ উধাতু খাই পোনছাটেই অফিছ আহি সোমোৱা কদলৰ কোমল মুখখন যেন আনদিনাতকৈ কিছু উজ্জ্বল, চিনাকি হাঁহিটোও যেন আনদিনাতকৈ সপ্ৰতিভ। সুকুমাৰে লক্ষ্য কৰে,  সদায় কিতাপ-বহীখিনি হাতত লৈ অহা কদলৰ কান্ধত সেইদিনা এটা নতুন স্কুলবেগ, সদায়েই খালী হৈ থকা তাইৰ কণমানি ভৰি দুখনত এযোৰ নতুন হাৱাই চেণ্ডেল। 

” কি ৰে কদল, নতুন বেগ, নতুন চেণ্ডেল। মাৰে কিবা বানচ-তানচ পাইছে নেকি ৰে?” “

” মৰ মা কাল নতুন বাবা আনলেক নহয়  ছাৰ। নতুন বাবাটা খুব ভাল, জানি? মৰ কাৰণে নতুন কাপৰ আনে দেইহে। ভাল ভাল মিঠাই আইন দেইহে।” 

প্ৰাণোচ্ছল হাঁহিটোৰে সৈতে অফিচ ৰুমৰ পৰা ওলাই যোৱা কদলে বেছ স্ফূৰ্তিৰেই কৈ যোৱা কথাখিনি শুনাৰ পাছত সুকুমাৰ যেতিয়া দৰক লাগি ৰৈ যায়,  চাকৰি জীৱনৰ কুৰিটা বছৰত এনেধৰণৰ অলেখ ঘটনাৰ সাক্ষী হৈ ৰোৱা হেডছাৰে তেতিয়া তাৰ আগত ৰগৰ কৰি কয় ---” বুইছা বৰুৱা, ইয়াত এইবোৰ সৰু-সুৰা কথা। তুমি আজি প্ৰথম শুনিছা কাৰণে হয়তো আচহুৱা যেন লাগিছে। বছৰি এনেকুৱা হৰেকৰকমৰ কাহিনী শুনিবলৈ পাবা ইয়াত। ভাগ্য ভাল মই লেখক নহ’লো বুইছা, নহ’লে ইহঁতবোৰৰ এনেকুৱা কিছিম কিছিম কাহিনীৰে মই ইমানদিনে কাগজৰ পৃষ্ঠা ভৰাই দিব পাৰিলোঁহেতেন বাপ্পেকে।” 

ইয়াৰ পাছৰ দিনবোৰতো সুকুমাৰে কদলক লক্ষ্য কৰে। তাইৰ তেজগোঁৰা উঠঙ্গা কপালখন আজিকালি নতুন বিন্দিৰ ৰঙেৰে ভৰি থাকে। কান্ধলৈকে পৰা চুটি চুটি লাহী বেণী দুডালত কদলে আজিকালি দুডাল ৰঙা ফিতা লগায়। প্ৰতিটো সপ্তাহতে কিবা নহয় কিবা এটা নতুন বস্তুৰে তাইৰ নতুন স্কুল বেগটো ভৰি আহে। নতুন ৰঙ-পেঞ্চিলৰ টেমাটো, কাঠৰ স্কেলপাত লগৰবোৰক দেখুৱাই কদলে গৰ্বেৰে কয়--” ম’ৰ নতুন বাবা টাই আইন দেইহে।” 

পাৰ হোৱা সময়ৰ সোঁতত সিহঁতবোৰৰ লগত লাহে-লাহে সহজ হয় সুকুমাৰ, কেঁচা পাতৰ সুগন্ধৰে আমোল-মোলাই থকা নয়নাভিৰাম পৰিৱেশটোত যেন ক্ৰমাৎ একাত্ম হৈ পৰে সি। শৈক্ষিক দিশটোৰ চমকপ্ৰদ কিবা উত্থান নঘটিলেও যোৱা কেইটামান মাহত স্কুলখনৰ পৰিৱেশটোৰ অৱশ্যে ভালেখিনি পৰিবৰ্তন হ’ল। সততে হাই-উৰুমিবোৰেৰে মুখৰ হৈ থকা স্কুলখনত সিহঁতমখাৰ উখনা-উখনিবোৰৰ পৰিমাণ আগতকৈ কিছু কমিল। মধ্যাহ্ন ভোজনৰ ভাত কেইটাৰ আশাত দিনটো কলমকতিয়াই সময় পাৰ কৰা সিহঁতৰ মনবোৰত আজিকালি এধানমান হ’লেও পঢ়াৰ আগ্ৰহ জাগিল‌। বৰ্ণমালাখন শুদ্ধকৈ ক’ব নোৱাৰা সিহঁতবোৰৰ বহুতেই এতিয়া কিতাপৰ পাঠবোৰ সহজে পঢ়িব পাৰে। কস্মিনকালেও বাহিৰা কিতাপ এখন দেখি নোপোৱা ভালেখিনি ল’ৰা-ছোৱালীয়ে আজিকালি শনিবৰীয়া চ’ৰাত সুকুমাৰে শিকোৱাৰ দৰেই পাঠ্যপুথিৰ বাহিৰৰ কবিতা কেইটা আবৃত্তি কৰিব পাৰে, বুঢ়ী আইৰ সাধুখনৰ কেইবাটাও সাধু সলসলীয়াকৈ ক’ব জানে। 

তাৰ মাজতে কদলৰ সৈতে সম্বন্ধটো আৰু অধিক সুদৃঢ় হয় সুকুমাৰৰ। সুকুমাৰৰ যত্নতে তাই আজিকালি এটা সুন্দৰ সপোন দেখিবলৈ শিকে। তাৰ সাহসতে কদলে আজিকালি চাহ-বাগিচাৰ এই গোলামী খটা জীৱনটোৰ পৰা আঁতৰি আহি সুকীয়াকৈ চিন্তা কৰিবলৈ শিকে। 

”ম’ৰ গান শিকিবি মন যায়। তুই ম’কে শিকাই দিবি ছাৰ।” এইজনী কদলৰ আবদাৰতে সুকুমাৰে কেতিয়াবা কেতিয়াবা তাৰ কলেজীয়া দিনৰ গীতাৰখন স্কুললৈ আনে। কদলৰ মাতটো শুৱলা, তাইৰ অকণমানি মগজুটো আন বহু ল’ৰা-ছোৱালীতকৈ চোকা। সুকুমাৰে শিকোৱাখিনি তাই অনায়াসে আয়ত্ত কৰি লয়। যোৱা কেইটামান মাহৰ ভিতৰতে কদলে সুকুমাৰে শিকোৱাৰ দৰেই কেইবাটাও গান গাবলৈ শিকিলে। শনিবৰীয়া চৰাত সিহঁতবোৰৰ অনুৰোধত সুকুমাৰে হাতত গীতাৰখন তুলি ল'লে মৌ-সৰা মাতটোৰে কদলে গায়---”মইনা চৰাইটি, মাত মাত মাত মিঠা মাতটি।” 

প্ৰশান্তিত সুকুমাৰৰ মন ভৰি যায়। বস্তিৰ এই সৰু ৰাস্তাটোৰ বোকাময় ৰাস্তাটোৰে ইয়ালৈ আহিবলৈ সুকুমাৰে আজিকালি টান নাপায়। হেমকান্ত শিবুহঁতৰ অবান্তৰ কৰ্ম-কাণ্ডবোৰে তাক আগৰ দৰে বিস্ময়ান্বিত কৰি নোতোলে। ইচ্ছা থাকিলেও সপ্তাহটোৰ ছয়টা দিনেই সি ইয়ালৈ আহিব নোৱাৰে। বিভাগীয় কাম কাজবোৰৰ বাবে দুদিনমান সি স্কুলখনলৈ আহিব নোৱাৰিলে সিহঁতমখাই তাক বেৰি লৈ সোধে--” তুই কাল নাহিলি যে। সদায় আহিবি না তুই।” 

” আমাৰ বৰুৱাই মজদুৰ লাইন এল পিখন এৰিবই নোৱাৰা হ’ল চোন? সেইফালে কাৰোবাৰ লগত কিবা প্ৰেম চেম চলা নাইতো?” সহকৰ্মী আন চি আৰ চি চিসকলে ব্লক অফিচত কেতিয়াবা সুকুমাৰক লৈ ৰসিকতা কৰে। বিনা বাক্য ব্যয়ৰে সি সকলোবোৰ সহি থাকে, শুনি থাকে। মুখফুটাই কাকো ক’ব নোৱাৰিলেও সুকুমাৰে জানে বাগানৰ এই পিছপৰা এল পি স্কুল খনৰ কণ-কণ সিহঁতবোৰৰ লগত সঁচাকৈয়ে তাৰ প্ৰেম হৈছে। তাৰ সাহস-যত্নতে নতুনকৈ সপোন দেখিবলৈ শিকা কদলহঁতৰ কুমলীয়া মুখকেইখন, শিকিবলৈ আগ্ৰহী সিহঁতৰ মনবোৰৰ লগত তাৰ প্ৰেম হৈছে। তালৈ আশাৰে বাট চাই থকা সিহঁতৰ অকৃত্ৰিম মৰমবোৰক সুকুমাৰে নেওচা দিব নোৱাৰে, সিহঁতবোৰৰ নিস্পাপ কাঁচিয়লি মনটোক সি হতাশ কৰিব নোৱাৰে। সেইবাবেই সি আহে, সহকৰ্মীবোৰৰ বিদ্ৰূপবোৰে কাণ ঘোলা কৰাৰ পাছতো সিহঁতবৰ আবদাৰবোৰক সামৰিবলৈকে সপ্তাহটোত অন্ততঃ তিনি চাৰিটা দিন সি এইখন বিদ্যালয়ত উপস্থিত থাকে। 

দুৰ্গা পূজাৰ বন্ধটো সিহঁতৰ বাবে আনবোৰ বন্ধতকৈ সুকীয়া।  পাঁচদিনীয়া বন্ধটো সিহঁতে নিজ খেয়াল-খুচি মতে বঢ়াই লয়। ভাঁষান হৈ যোৱাৰ পাছতো সাধাৰণতে এসপ্তাহ-দহদিন পাৰ নোহোৱালৈকে সিহঁতবোৰৰ সৰহসংখ্যকেই স্কুললৈ নাহে। স্কুলখনলৈ সোমাই আহোঁতে সুকুমাৰে মন কৰিলে সততে কোলাহলমুখৰ হৈ থকা স্কুলখনৰ পৰিৱেশটো বেছ নিজম; ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আনদিনবোৰতকৈ সেৰেঙা। দূৰ্গোৎসৱৰ ৰং-ৰহইচবোৰৰ মাজত মতলীয়া হৈ থকা সিহঁতবোৰে হয়তো স্কুলখনৰ কথা এইকেইদিনত পাহৰিছে। তাৰ মাজতো যি কেইটা আহিছে সিহঁতেও হয়তো আগতে পঢ়ুৱাখিনি পাহৰিছে। ভাষাঁন হৈ যোৱাৰ দহদিন পাছতো সিহঁতবোৰ স্কুললৈ নহাৰ কথাটোত সুকুমাৰ যিমান আচৰিত হ’ল তাতোকৈ বেছি আচৰিত হ’ল ফিল্ডৰ মাজত ঢপলিয়াই ফুৰা সিহঁতবোৰৰ মাজত কদলক নেদেখি। লগৰ আনবোৰৰ দৰে কদলে অনাহকত স্কুল খতি নকৰে। আনবোৰ ল’ৰা-ছোৱালীৰ দৰে কৰম পূজা, টুচু পূজা হৈ যোৱাৰ পাছত তাই ভালেমানদিন স্কুললৈ নহাকৈ নাথাকে। 

” ঐ চাওঁ, এইফালে আহ। কদলক আজি দেখা নাই যে? কিবা বেমাৰ-উমাৰ হৈছে নেকি?” 

” ছাৰ, ওৱাৰ নতুন বাপটা বহুত খাৰাব মানুচ ৰহে। কন’ কইৰ দিলেক চাগে ওৱাৰ চংগে।” সুকুমাৰে হাত-বাউল দি মাতি অনা কণমানি এটাই তৰাতাৰি কথাখিনি শেষ কৰি ফিল্ডৰ মাজত ঢপলিয়াই ফুৰা লগৰবোৰৰ ৰং-ৰহইচবোৰৰ মাজত আকৌ মিলি পৰিল। যোৱা কেইটামাহত সিহঁতৰ মাজত সময় কটাই সিহঁতৰ দোৱানবোৰ সুকুমাৰে ভালেখিনি বুজি পোৱা হৈছে যদিও আজি যেন তাৰ কথাবোৰৰ একো আতিগুৰি বিচাৰি নাপালে।

” সিমূৰৰ জানটোতে সি কদলৰ লাচটো পেলাই থৈছিল। তাইৰ নতুন বাপেকটো মানুহ নহয় বৰুৱা, এটা জানোৱাৰ আছিল। নহ’লেনো সেই অকণমানি ছোৱালীজনীৰ লগত সি তেনেকুৱা এটা জঘন্য ঘটনা........!” চতুৰ্থ শ্ৰেণীৰ কোনোবা এটাই ততাভুকুতাকৈ কৈ যোৱা বাক্যকেইশাৰীয়ে বুজা-নুবুজাৰ আলি-দোমোজাত পেলোৱা সুকুমাৰক কথাবোৰ বুজাবলৈ লওঁতে হেডছাৰৰ মাতটো শেষলৈ থোকাথুকি হৈ আহিল। 

স্থানুৰ হৈ ৰৈ গ’ল সুকুমাৰ, গৰম তেজৰ সোঁত এটা যেন তাৰ দেহৰ শিৰা-উপশিৰালৈকে বৈ গ’ল। ক্ৰমশঃ ধূসৰ হৈ অহা সুকুমাৰৰ দুচকুৰ সন্মুখত কদলৰ নিস্পাপ তেজগোঁৰা মুখখন, প্ৰাণোচ্ছল খিলখিলনিবোৰে অহৰহ অগা-দেৱা কৰি থাকিল। সেইজনী কদলক লৈয়ে সি এদিন এআকাশ সপোন দেখিছিল। সেইজনী ৰাংঢালী ছোৱালীয়েই এদিন তাৰ আগত কৈছিল--”মোৰ নতুন বাবাটা খুব ভাল জানি?” হয়তো কৃত্ৰিমতাৰে ভৰা বিষাক্ত মৰমবোৰক বুজি উঠিবলৈ কদলৰ সেই নিষ্কলুষ মনটো পূৰঠ হোৱাই নাছিল। হয়তো কদলৰ অকণমানি চকুহালে মুখাৰ আঁৰত লুকাই থকা মুখ এখনক বিচাৰি উলিয়াব পৰা হোৱাই নাছিল। অন্তৰত বাহৰ পতা শোক, ক্ষোভ, ঘৃণা, হতাশাবোৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়াত ক্ৰমশঃ সজল হৈ আহিল তাৰ চকুহাল।

বুকুৰ নাম নোহোৱা কোনো এক অংশত চিৰদিনলৈ থিতাপি লোৱা বিষ এটুকুৰাক লগত লৈ সুকুমাৰ ওলাই আহিল। সুকুমাৰে বুজিলে ফুলগুৰিৰ সেই বোকাৰ পদুমকলিটো আৰু কোনোদিনেই নুফুলে।  মইনা চৰাইটোৰ মিঠা মাতটো তাৰ গীতাৰখনৰ তাঁৰবোৰৰ সৈতে আৰু কোনোদিনেই বান্ধ নাখায়। অকালতে মৰহি যোৱা সেউজী সপোনটোৱে আৰু কেতিয়াও পোখা নেমেলে। বস্তিৰ সেই সৰু বাটটোৰ বোকা-পানী খচকি কদল আৰু কোনোদিনেই ইয়ালৈ নাহে। মাথোঁ কদল নামৰ চিনাকি বিষ এটাই ওৰে জীৱন তাৰ বুকুখনত ৰৈ ৰৈ খুন্দিয়াই থাকিব। 

” তুই সঁচাই খুব ভাল ছাৰ। সদায় আহিবি না।”  কদলৰ মৌ-সৰা মাতটো সুকুমাৰৰ কৰ্ণকূপত অহৰহ বাজি থাকিল। নৈতিক অধঃপতনবোৰৰ চাকনৈয়াত নিঃশেষ হৈ যোৱা সেই কণমানিজনীৰ কথা সি ৰাখিব। এইখন বিদ্যালয়লৈ সি সদায়েই আহিব, আৱশ্যক হ’লে ব্লক অফিচত আৱেদন এখন দি সি ইয়াত নিগাজী হ’ব। পাঠ্যপুথিৰ জ্ঞানেৰে সিহঁতবোৰক মেধাৱী কৰিব নোৱাৰিলেও অন্ততঃ অন্ধ-সংস্কাৰবোৰ নেওচিব পৰা একো একোটা মানুহ কৰাৰ স্বাৰ্থতেই সুকুমাৰ ইয়ালৈ সদায় আহিব। 

বাইকখন ষ্টাৰ্ট কৰিবলৈ লওঁতে সুকুমাৰৰ চকুত পৰিল; সৌ সিদিনা কদলে ৰোৱা জৱাজোপাত এপাহ ফুল ফুলিছে, ৰঙা হৈ ফুলিছে। ৰঙচুৱা ফুলপাহক সি বেছি সময় সুস্থিৰ হৈ চাই থাকিব নোৱাৰিলে। অশ্ৰুৰূদ্ধ হৈ পৰা চক্ষুহালৰ লোতকখিনি সামৰি অস্ফুট স্বৰেৰে সুকুমাৰে বিৰবিৰালে----”ফুলি থাক কদল।” 

◆◆◆◆◆◆◆



Saturday, January 9, 2021

গল্প-- কচাইখানাৰ পোৱালি

                                  গল্প

                    কচাইখানাৰ পোৱালি

                       ✍️তুষাৰ ৰঞ্জন


     "জৰিগুৰি" নামটো কোনে দিছিল কোনোৱেই নাজানে, কিয় বা দিছিল সেইটোও বহুতেই নাজানে। সতৰি যুগতে সেইখিনিতে হেনো এজোপা জৰি গছ আছিল, হয়তো সেইবাবেই সিহঁতবোৰৰে কোনোবা ককাক-আজুককাকে খেলপথাৰখনৰ নাম ৰাখিছিল জৰিগুৰি। অৱশ্যে সেইয়া পুৰুষানুক্ৰমে মুখ বাগৰি অহা কথা। তাৰ চাবুদ দিবলৈ এতিয়া তাত সেই জৰিজোপা নাই, নাম দিওঁতাজনৰো কোনকাহানিবাই পঞ্চত্বপ্ৰাপ্তি হৈছে। কিন্তু সিহঁতৰ নিচেই আপোন সেই খেলমাটিখন আছে। জাতি-ধৰ্ম, ভাষা-বৰ্ণৰ তফাৎবোৰে চানিব নোৱাৰা বৰগুৰিৰ মানুহমখাৰ সংহতি আৰু সম্প্ৰীতিবোৰক বুকুত সাবটি অতন্দ্ৰ দ্ৰষ্টাৰ দৰে আজিও ৰখীয়া হৈ আছে জৰিগুৰি। বামুণৰ পৰা শূদিৰলৈ, হিন্দুৰ পৰা মুছলমানলৈ বৰগুৰিৰ সকলোৰে মহঙা শৈশৱৰ হাই উৰুমিবোৰৰ সাক্ষী জৰিগুৰি। তেতিয়াৰ দৰে সেই একেই আছে খেলপথাৰখন, মাথোঁ সময়ৰ স্ৰোতত সলনি হৈছে খেল-ধেমালিবোৰ। তাহানিতে সিহঁতৰ ককাকহঁতে খেলা হৈ গুডু, টাংগুটি আদিবোৰৰ পৰিবৰ্তে জৰিগুৰিৰ কোলাত এতিয়া ক্ৰিকেটৰ বল-বেটবোৰৰ দপদপনি। ল'ৰালিতে দেউতাক-খুড়াকহঁতে ওমলা ৰবাব টেঙাটোৰ স্থানত এতিয়া বজাৰৰ চামৰাৰ বলৰ অবাধ ৰাজত্ব। তাৰ পাছতো কিন্তু একেই শোভনতা বিৰাজমান জৰিগুৰিত।


     জধলা চুলিসোপা দুই হাতেৰে খজুৱাই খজুৱাই বতাহৰ লগত উফি এসোপা মিহলাই দিলে পোৱালিয়ে। ভালে-খিনি সময় ফিল্ডখনৰ কাষতে বোন্দাপৰ দি ৰৈ থকাৰ পাছত তিতা-কেঁহাবোৰে জুমুৰি দি ধৰিছে তাক। সমবয়সীয়া আন দহোটাৰ দৰে ইয়ালৈ সি সদায়েই আহিব নোৱাৰে, অহাৰ ইচ্ছা থাকিলেও মকবুলে তাক আহিবলৈ নিদিয়ে। অৱশ্যে জুম্মাবাৰৰ দিনটোৰ কথা সুকীয়া, এই দিনটোত মকবুলে দোকান বন্ধ ৰাখে। পোৱালিয়ে সেইদিনা মনৰ জোখাৰে ঘূৰিবও পাৰে, ফুৰিবও পাৰে, খেলিবও পাৰে; মকবুলে তাক বাধা নিদিয়ে। সেই দেখি সপ্তাহটোৰ এই দিনটোলৈ বৰ হেঁপাহেৰে বাট চাই থাকে পোৱালিয়ে। 


     গোথোৰা-মুৱা মুখ এখনেৰে অলেখ সময় ধৰি খেলপথাৰখনকেই চাই থাকিল পোৱালিয়ে। যোৱা কিছুদিনৰ পৰা খৰালিৰ নৈখনৰ দৰেই যেন শান্ত, শ্ৰান্ত আৰু নিৰ্ম্মল হৈ পৰিছে জৰিগুৰি। সিহঁতমখাৰ ৰং-ধেমালিবোৰেৰে সততে জীপাল হৈ থকা জৰিগুৰিৰ বুকুখনত তেতিয়া এক আজগুবী নিৰ্জনতা বিদ্যমান। যোৱা চাৰি-পাঁচদিনমানৰ পৰা সিহঁতবোৰে ইয়ালৈ আহিবলৈ এৰিছে, আজিও যে সিহঁত নাহে সেইয়া সুনিশ্চিত। দৰাচলতে মাক-দেউতাকবোৰে সিহঁতবোৰক অকাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা একেবাৰেই বন্ধ কৰিছে। যোৱা কিছুদিনৰ পৰা অঞ্চলটোত সংঘটিত হোৱা আগেয়ে নেদেখা-নুশুনা ঘটনা কিছুমানে কচালি পেলাইছে বৰগুৰিৰ ৰাইজখনক। প্ৰত্যেকটো সপ্তাহতে পোৱালিহঁতৰ দৰেই কাণ সমনীয়া কোনোবা নহয় কোনোবা এটা দিন-দুপৰতেই নোহোৱা হয় এলেকাটোৰ পৰা। যোৱা শুকুৰবাৰটোত পোৱালিহঁতৰ চুবুৰীটোৰে আৰছাদ নোহোৱা হ'ল। তাৰ আগৰ সপ্তাহটোত হেৰাল গাওঁখনৰ সিটোমূৰৰ তিলাই বায়েনৰ নাতিনীয়েকটো, তাৰো আগৰ সপ্তাহত বদন মাষ্টৰৰ সৰুটো পুতেক। ডেৰটা মাহৰ ভিতৰতে পোৱালিহঁতৰ নিচিনা ছয়টাকৈ কোমল-বয়সীয়া ল'ৰা হঠাৎ নিৰুদ্দেশ হ'ল বৰগুৰিৰ পৰা। ইহঁতবোৰ ক'ৰ পৰা কেনেকৈ নোহোৱা হৈ গ'ল সেইয়া কোনোৱেই নাজানে। গাঁৱৰ পৰা সিহঁত আপোনা-আপুনি অন্তৰ্ধান হ'ল নে সেইয়া কোনোবা সোপাধৰাৰ ক্ৰিয়া-কলাপ তাকো আজিলৈকে কোনোৱেই সঠিককৈ ঠাৱৰ কৰিব নোৱাৰিলে। কোনোবা এজনে যদি তাক অপহৰণ জাতীয় ঘটনা বুলি ক'লে, আন এজনে আকৌ অভিহিত কৰিলে সেইয়া বয়সৰ দোষত হোৱা ঘটনা বুলি। বয়সীয়াল দুই এজনে আকৌ ঘটনাবোৰত কিবা এক অপশক্তিৰো হাত থকাৰ উমান পালে। "ইছ ইছ", "আস্ আস্", "ছেহ বৰ বেয়া কথা হ'ল" ইত্যাদি ইত্যাদি জাতীয় সান্তনাসূচক উক্তিবোৰেৰে মাক-দেউতাকবোৰৰ দুখত সমভাগী হোৱাৰ বাহিৰে বৰ বেছিকৈ একো কৰিব নোৱাৰিলে বৰগুৰিৰ কোনো এজনেই। ৰং-ধেমালি, হাঁহি-উলাহেৰ ধ্বনিৰে সততে মুখৰ হৈ থকা বৰগুৰিত যেন এক নিমাওমাও পৰিৱেশ বিৰাজমান। পিলিঙাটোৰ পৰা আৰম্ভ কৰি বয়সস্থজনলৈ, সকলো শংকিত এক অদেখা শক্তিৰ দৌৰাত্ম্যত।


     মকবুলেও পোৱালিক ঘৰৰ পৰা ওলাবলৈ হাজাৰবাৰ  মানা কৰিছিল; পোৱালিৰ মনটোৱেহে পিছে নক'লে। লোহাৰ জালনা দিয়া কাঠৰ বাকচটোত মূৰ্গীবোৰক সুমুৱাই ৰখাৰ দৰে সপ্তাহটোৰ আনকেইটা বাৰত মকবুলেও তাক কচাইখানাখনৰ ভিতৰতে ওৰে দিনটো আৱদ্ধ কৰি ৰাখে। জুম্মাবাৰৰ দিনা যেতিয়া মকবুলে দোকান বন্ধ ৰাখে পোৱালিৰ নিজকে তেতিয়া  সঁজাৰ পৰা ওলোৱা চৰাইটোৰ দৰে মুকলি মুকলি লাগে। এনেকুৱা মুকলিমূৰীয়া দিন এটাক এনেয়ে গুচি যাবলৈ জানোঁ দিব পাৰি? মকবুল জুম্মা নামাজলৈ বুলি ওলাই যোৱাৰ সুযোগটো লৈ সেয়েহে পোৱালিয়ো ওলাই আহিল ঘৰৰ পৰা।


   "পোৱালি নহয়নে সেইটো? দুপৰীয়াখন কি কৰি আছ তই ইয়াত? গাওঁখনত কি হৈ আছে দেখা নাই নেকি হা? কি ৰকম ল'ৰা ঔ, ভয়-চয় বোলা বস্তুটো তোৰ একদম নাই যেন পাইছোঁ দেই। ৰহ মকবুলক লগাব দে।" 


     সেইটো নামঘৰৰ কাষৰ চুকটোৰ বগাই, কাষৰে সাপ্তাহিক হাটখনলৈ বুলি সি ওলাই আহিছে।  মামৰে ধৰা হাতবাগীখনৰ আগৰ পৰা গুৰিলৈকে শাকে-পাচলিয়ে, পাণে-তামোলে এসোপামান বস্তু লাদি দি এহাতেৰে চাইকেলৰ হেণ্ডেল পোনাই আনখন হাতেৰে কৰঙনৰ চুকটো ৰুকুটি ৰুকুটি একো এটা বস্তুৰ হানি-বিঘিনি নঘটাকৈ গৈ থাকিব পৰাৰ একটিয়াৰ বৰগুৰিত একমাত্ৰ তাৰেই আছে। ৰকহ ৰকহ শব্দ এটাৰে চুৰিয়াখনৰ তলৰ হাতীখৰ ডোখৰৰ ঘিট-ঘিটনিবোৰক সকাহ দি দি পোৱালিক ধমক এটা লগালে বগাইয়ে। পঞ্চাশ উৰ্দ্ধৰ লঠৰু বগাইক দেখিলেই কাণ-মূৰবোৰ গৰম হৈ আহে তাৰ। সুযোগ পালেই পোৱালিৰ ওপৰত জ্যেষ্ঠ হোৱাৰ প্ৰভুত্ব খটোৱাত অকণো হেমাহি নকৰে সি, আজিও তাৰ ব্যতিক্ৰম নহ'ল। জাঙুৰ খাই আহিল পোৱালি। "তাৰ কাণ সমনীয়া আন কেওঁটাৰ দৰে তাকো কোনোবাই উঠাই নিব?" সেইবোৰলৈ তাৰ ভয়-ভীত নাই। কিন্তু বয়সতকৈ ডাঙৰ কাৰোবাৰ লগত সি বইচ-বাইচ কৰা মানেই হৈছে মকবুলৰ বিয়াগোম হাত দুখনৰ থাপৰ কেইটাৰে তাৰ তুলতুলীয়া গাল দুখন ৰঙা কৰা। পিন্ধি থকা ঢিলা হাফ-পেন্টটো ওপৰলৈ ওজাই "মামা নথকা হ'লে তোক মই......" শীৰ্ষক পোন্দোৱা চাৱনি এটা বগাইলৈ নিক্ষেপ কৰি দুপদুপাই ঘৰৰ দিশত দৌৰ দিলে পোৱালিয়ে।


     হওঁতে পোৱালিৰ নাম এটা নথকা নহয়,  ছামাদ নামটো তাক মকবুলে দিছিল। পিছে সময়ৰ সোঁতত সি সেইটো নাম হেৰুৱালে। এতিয়া বৰগুৰিৰ সকলোৱে তাক চিনি পায় মকবুলৰ কচাইখানাৰ পোৱালি হিচাপে।  মকবুলৰ বাজে আন কোনোবাই তাক পোৱালি বুলিলে আগতে তাৰ প্ৰচণ্ড খং উঠিছিল, এতিয়া পিচে সকলোৰে মুখতে সেইটো নামকে শুনি শুনি সি অভ্যস্ত হ'ল। পোৱালিৰ জন্ম ক'ত-কেতিয়া , তাৰ মাক-দেউতাকনো কোন বা তাৰ জাত-পাতেইনো কি সেইবোৰ সি নাজানে, মকবুলেও নাজানে। পোৱালিৰ বয়স তেতিয়া দুই কি তিনি বছৰ, ফুটপাথ এটাত কান্দি থকাৰ পৰা এদিন তাক মকবুলে লৈ আহিছিল। কথাবোৰ তাৰ ভালদৰে মনত নাই, দুই একে কেতিয়াবা কৰা আলোচনাবোৰৰ পৰা হে সেইবোৰৰ অলপ-অচৰপ ভু পোৱা হৈছে সি। তাক লৈ অৱশ্যে পোৱালিৰ মনত খেদ নাই। মকবুলে তাক থাকিবলৈ এখন ঘৰ দিছে, তাক মামা বুলি মাতিবলৈয়ো অধিকাৰ দিছে। সেইখন ঘৰতে সি মনৰ জোখাৰে খাবলৈয়ো পাইছে, পিন্ধিবলৈয়ো পাইছে। কিন্তু মকবুলে  তাক মনৰ জোখাৰে পঢ়িবলৈহে নিদিলে। হওঁতে পোৱালিক সি দুদিনমান স্কুললৈ পঠাইছিল, পঢ়া শুনাত সিমান এটা বেয়াও নাছিল পোৱালি। পাচে এক কেজি মঙহৰ দামৰ পৰা এপোৱা মঙহৰ দাম গণি গণি উলিয়াব পৰা হওঁতেই মকবুলে তাৰ স্কুল এৰুৱালে। এনেয়েও মকবুল বৰগুৰিৰ সকলোৰে বাবে বিশ্বস্ত কচাই, পুৱাৰ পৰা তিনি সন্ধিয়ালৈকে তাৰ কচাইখানাত অজস্ৰ গ্ৰাহকে ভিৰ কৰে। মকবুলে অকলে সকলো চম্ভালিব নোৱাৰে, তাক সহকাৰী এজন লাগে। তেনেবোৰ কাৰণতে পোৱালিৰ পঢ়া-শুনাবোৰৰো সেইখিনিতে ইতি পৰিল।


   " মকবুল অ' বয়সৰ জোখেৰে কিন্তু সি বৰ সৰু হৈ থাকিল। এইটো বয়সতে তাক এইবোৰ কামত লগোৱাতো ঠিক হৈছে জানোঁ?" 


     দুই একে তাক সোঁৱৰাইছিল, ডাংবৰলা মকবুলেহে পিছে নুশুনিলে। সি নিজেও ক্লাচ চেভেন ফেইল মানুহ। মকবুলৰ মতে "তাতকৈ পিটিকলি  বয়সৰ পৰা আব্বাৰ লগত মাংস কটা মানুহ মই। সি কিয় নোৱাৰিব?" সেই দিন ধৰি দহ বছৰীয়া পোৱালিৰ হাতৰ পৰা কিতাপ ফলিবোৰ আতৰিল , তাৰ ঠাইত মকবুলে তাৰ হাতত তুলি দিলে পাতল মিট্ দা এখন।


    "কচাই ঘৰৰ ভাত খাই খাইয়েই ইমানটো হ'লিহি।  এতিয়া এইবোৰ কৰোঁতে তোৰ  হাত কঁপিলে চলিব নেকি? বেছি ভাবি নাথাক, ডিঙিটো এনেকৈ ধৰি জোৰত ৰেপি দে।" 


     নোদোকা-নোদোক তেলাল খাহীবোৰ, মঙহাল হাঁহ-মূৰ্গীবোৰৰ ডিঙিবোৰত ধাৰাল দা খনেৰে ৰেপ দিবলৈ লৈয়ো ৰৈ যায় সি। গঁৰালৰ পৰা উঠাই অনা মূৰ্গীবোৰে টেঁটুফালি চিঞৰে, পোৱালিৰ হাত দুখন  ঠৰ ঠৰকৈ কঁপে। মকবুলৰ ধমকটোত সি আকৌ তুলি লয় দা খন। চকুহাল জোৰেৰে মুদি দি মকবুলৰ কথামতে  সি মূৰ্গীটোৰ ডিঙিত সজোৰে ৰেপি দিয়ে। এনদ কেঁচা তেজেৰে ভিজি যায় তাৰ শেলুকীয়া হাত দুখন। মূৰ্গীবোৰে ধপধপাই উঠে, তাৰ লগে লগে আৰকাল কৰি উঠে পোৱালিৰ এধানমান কলিজাখনে। তাৰ ফুল কুমলীয়া শিশু মনটোৰো যেন সেইখিনিতেই ইন্তেকাল হয়। 


     সময়ৰ ছন্দোময় গতিত সলনি হয় সকলোবোৰ, সলনি হয় পোৱালিয়ো। যোৱা এটা বছৰত মকবুলৰ পৰা সকলো আদব-কায়দা আয়ত্ত কৰি সি এতিয়া মকবুলৰ কচাইখানাৰ একমাত্ৰ  নিৰ্ভৰযোগ্য সহকাৰী। আজিকালি পোৱালিৰ হাত নকঁপে, মৰাৰ আগত মূৰ্গীবোৰে মৰা কৰ্কশ চিঞৰত, ছাগলীবোৰৰ বুকুভঙা বিননিত এতিয়া আৰু তাৰ এধানি কলিজাখনে নাকান্দে। বৰঞ্চ মকবুলতকৈয়ো খৰকৈ সি দাখন চলাব পৰা হ'ল, গ্ৰাহকৰ পচন্দ হোৱাকৈ মাংসৰ টুকুৰা বনাব পৰা হ'ল।  মকবুলে আজিকালি অলপ আহৰি পায়। গৰমৰ দিনত যেতিয়া দোকানত  গ্ৰাহক কমকৈ থাকে,পোৱালিৰ হাতত সমস্ত দায়িত্ব চমজাই মকবুলে তেতিয়া ঢোৰোহা পেটটো ওপৰলৈ কৰি ভিতৰৰ খাটখনত ফষ্টি মাৰে। 


      "মাল তাগড়া আছে কিন্তু, আজি আবেলিলৈকে লাগে। মিডিয়াম চাইজত মিলাই মিলাই ইমান জল্দা-জল্দি পাৰিবি জানো?" 


     মকবুলৰ সন্দিহান মনটোক অভয় দি "মই আছোতো টেনচন কাহে কা" ধৰণৰ হাঁহি এটা মাৰি ছাগলী তিনিটা পিছফাললৈ লৈ যায় পোৱালিয়ে। পূৰ্ণগতিত চলে তাৰ দুইহাত,  নিপোটল চেহেৰাৰ ছাগলীকেইটাক মাংসৰ টুকুৰাত পৰিণত কৰিবলৈ মকবুলে নিৰ্দিষ্ট কৰি দিয়া সময়ৰ আধাখিনিয়ো নালাগে তাক। তাহানিতে হাঁহ কুকুৰাবোৰৰ কেঁচা তেজবোৰ দেখিলে ওকালিয়াই দিব খোজা পোৱালিয়ে এতিয়া এইবোৰ কাম পৰম আনন্দৰে কৰে, যেন এক সুকীয়া তৃপ্তি আছে এইবোৰ কামতো।


      তাৰ মাজতো কিন্তু অনামী দুখৰ বোজা এটাই অহৰহ খুন্দিয়াই থাকে পোৱালিৰ বুকুখনত। তাৰ কাণ-সমনীয়া ল'ৰা-ছোৱালীবোৰক যিমানবাৰেই সি  লগ পায়, সিমানবাৰেই মোচৰ খাই উঠে তাৰ কপাহ স্নিগ্ধ হিয়াখন।  তাৰ সমবয়সীয়া ল'ৰা-ছোৱালীবোৰে যি সময়ত  কান্ধত বেগ এটা লৈ হাঁহি-মাতি স্কুললৈ যায়, পোৱালিয়ে সেই সময়ত মকবুলৰ দোকানখনৰ পালাবোৰ খুলি আগফালে পানী চটিয়াই। আবেলি সিহঁতবোৰে স্কুলৰ পৰা আহি যেতিয়া জৰিগুৰিৰ বুকুত উমলিবলৈ যায়, পোৱালি তেতিয়া ব্যস্ত থাকে গ্ৰাহকৰ পচন্দ অনুযায়ী বিভিন্ন আকাৰৰ মাংসৰ টুকুৰা বনোৱাত। সিহঁতবোৰক দেখিলে নিজকে যেন গঁৰালত আবদ্ধ কুকুৰা কেইটাৰ দৰেই লাগে তাৰ। 

 

     ঘৰৰ ওচৰ যিমানেই চাপিছে  ছটফটনিবোৰো  সিমানেই বাঢ়ি আহিছে পোৱালিৰ। সপ্তাহটোৰ আনকেইটা দিনত বিৰামহীনভাৱে মঙহৰ টুকুৰাৰ লগত খেলি থকা তাৰ সৰু সৰু হাত দুখনত এক অদ্ভুত কুটকুটনিৰ সৃষ্টি হয় জুম্মাবাৰৰ দোকান বন্ধ থকা দিনটোত। নিতৌ কিবা এটাৰ ডিঙিটো ৰেপিবলৈ নাপালে তাৰ হাত দুখন কঁপে, কেঁচা তেজবোৰেৰে হাত দুখন অকণমান পখালিবলৈ নাপালে তাৰ কলিজাখনে ভীষণ জোৰেৰে হাঁহাকাৰ কৰে। দিনটোত এবাৰলৈয়ো যদি সি কুটনাদালত মঙহবোৰ টুকুৰা কৰিবলৈ নাপায় মনটোৱেও  যেন তাৰ শান্তি নাপায়। 

 

     কুটকুটনিবোৰক উপশম দিবলৈকে পোৱালি  ঘৰৰ পৰা ওলাই যায় জৰিগুৰিৰ কাষলৈ। ফিল্ডখনতেই সি লগ পায় তাৰ সমবয়সীয়া সিহঁতমখাক। ঘৰলৈ ঘূৰাৰ সময়ত সিহঁতজাকৰে  কোনোবা এটাক লগত লৈ সি এপাক জানটোৰ দিশত ফুৰিবলৈ যায়, ছটবটনিবোৰৰ পৰা তাৰ হাত দুখনেও সেইখিনি সময়তেই ৰেহাই পায়। কিন্তু তাৰ মনটোক শান্তি দিবলৈ আজি তালৈ কোনোৱেই নাহিল, উদ্বিগ্নতাবোৰক সাবটি পোৱালিও আজি মোলান পৰা মুখ এখন লৈয়ে ওভতি আহিল ঘৰলৈ।


     পাছফালৰ বাঁহৰ দৰ্জাখনেৰে সন্তৰ্পণে ঘৰৰ ভিতৰলৈ সোমাই আহিল পোৱালি।  জুম্মা নামাজৰ পৰা আহি ভালকৈ এপেট ভৰাই লৈ মকবুলে তেতিয়া নিজৰ বিচনাত দীঘল দিছে। তাৰ ঢেপেলা নাকটোৱে পুৰণা ডিজেল ইঞ্জিন এটাৰ দৰে ঘৰ ঘৰ শব্দ কৰি কোঠাটোৰ নিৰ্জনতাবোৰৰ মাজতো অবিৰতভাৱে বাজি আছে। উদং গদহা শৰীৰটোৰ সৈতে খাটখনত ধোবাং দি পৰি থকা মকবুলৰ লোধোমা পেটটোৱে সেইসময়ত উশাহবোৰৰ তালে-তালে ছন্দোময় গতিৰে ওপৰৰ পৰা তললৈ উঠা নমা কৰিছে। তাৰ লগে লগে চৰ্বিবোৰেও নাচিছে আপোনমনে। 


     দৃশ্যটো উপভোগ কৰি কৰি গোমোঠা মুখখনৰ মাজতো অজানিতে এমোকোৰা হাঁহি ওলাই আহিল পোৱালিৰ। পাছফালৰ বাৰাণ্ডাত থকা মাংস কটা কাঠৰ ডাঙৰ টুকুৰাটো পোনছাটেই উঠাই আনিলে সি। মাল আজি তাগড়া, মিডিয়াম চাইজত পিচ মিলাবলৈ আজি তাক অলপ সময় লাগিব। হাতৰ কুটকুটনিবোৰো ক্ৰমাৎ বাঢ়ি আহিছে তাৰ, আৰু যেন এক নিমিষৰো অপচয় কৰিব নিবিচাৰিলে সি। কোঠাটোৰ দুৱাৰখন সাৱধানে জপাই দি হাফপেন্টটোৰ খোচনিৰ পৰা  অতদেৰি সযতনে ৰাখি থোৱা মিট্ খন উলিয়াই আনিলে পোৱালিয়ে। বেৰৰ জোলোঙাৰে সোমাই অহা ৰ'দবোৰৰ জিলিঙনিত বগলীৰ পাখিবোৰৰ দৰেই চকচকীয়া হৈ জিলিকি উঠিল  ধাৰাল দা খন। যোৱা বছৰৰ এনেকুৱা এটা দিনতে মকবুলে সেইখন পোৱালিৰ  দহবছৰীয়া কোমল হাত দুখনত তুলি দিছিল; কচাইখানাত মঙহ কাটিবলৈ, কাঠৰ গঁৰালত আৱদ্ধ জীৱবোৰৰ ডিঙিবোৰ ৰেপিবলৈ।


(সমাপ্ত)

Sunday, November 15, 2020

#ভিন্ন_স্বাদৰ_গল্প---- #কৌটিলিক

 #গল্প

#কৌটিলিক

✍️তুষাৰ ৰঞ্জন


"ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ  ৰং"


কেশৱ মহন্তৰ বাক্যকেইষাৰিক চূড়ান্তভাৱে উপহাস কৰি চোৰ-মাতালৰো ৰংবোৰৰ অবৰ্তমানত নিশা ন-বজাৰ আগতেই একেবাৰেই আওচৰীয়া হৈ পৰিছে সৰ্ব্বদা ব্যস্ত পথটো। সততে নিশা প্ৰায় এঘাৰ বজালৈকে পূৰ্ণ হৈ থকা পথটোৰ কোলাহল বোৰ অস্বাভাৱিকভাৱে নিতাল মাৰিছে এইকেইদিন। ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডাবোৰৰ লগত হাত উজান দি সেইয়া যেন এক অঘোষিত সান্ধ্য আইনৰ ৰাজত্বহে চলিছে চহৰখনত। গহন কুহেলিকাবোৰৰ আঁৰল ফালি প্ৰচণ্ড শীতকো নেওচি নিজান ৰাস্তাটোত অকলশৰে ৰাজত্ব কৰি অহা জীপখনৰ গতি এইবাৰ আগতকৈ কিছু মন্থৰ হ'ল। পুহমহীয়া ফেৰ্ফেৰীয়া বতাহবোৰে সেঙেতা কৰি পেলোৱা নিলয়ৰ শৰীৰটোৱে সেইখিনি সময়ত একাপ গৰম চাহ আৰু এটা গ'ল্ড ফ্লেকৰ আৱশ্যকতা বাৰুকৈয়ে অনুভৱ কৰিলে। পাচে তাৰ চাহিদাবোৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই  ৰাস্তাৰ কাষৰ বন্ধ দোকানবোৰে তালৈ চাই যেন এটা বিদ্ৰুপৰ হাঁহিহে মাৰিলে।


"ধুই ছাল্লা!!!" জীপখনৰ ষ্টিয়াৰিংডালত অনুগ্ৰ ঢকা এটা মাৰি খংবোৰ উজাৰিলে নিলয়ে। ঠিক একেটা সময়তে গৰাকীৰ পৰা সহাৰি বিচাৰি নিলয়ৰ চেলোলাৰটোৱে এটা মৃদু কম্পনৰ সৃষ্টি কৰিলে ডেছবৰ্ডখনত।


"গৈ আছো অ' পামগৈ অলপ পাছতেই কৈছিলোৱেই চোন অলপ লেট হ'ব বুলি।" 


সহধৰ্মিণী নন্দিতাৰ হাজাৰটামান প্ৰশ্নৰ উত্তৰ দুটা বাক্যতে সামৰি বিৰক্তিৰে ফোনটো কাষৰ ছিটটোলৈ দলিয়াই দিলে নিলয়ে। এনেবোৰ সময়তে প্ৰচণ্ড খং এটা উঠে তাৰ; নিজৰ ওপৰতো, খাকী পোছাকযোৰৰ ওপৰতো। দিনত থানাৰ ওপৰৱালা অফিচাৰৰ অৰ্ডাৰবোৰ ফ'ল' কৰি কৰি আৰু নিশা ঘৰত নন্দিতাৰ অভিমানবোৰ ভাঙি ভাঙি জীৱন জিন্দাবাদ বুলি ক'বলৈ যেন একেবাৰেই পাহৰি পেলাইছে সি। দিনটোৰ ব্যস্ততাবোৰ সামৰি ঘৰ সোমোৱালৈ সদায়েই পলম হয় নিলয়ৰ। নন্দিতাই কেতিয়াবা বুজে, কেতিয়াবা যেন বুজিও নুবুজে। 


এইকেইদিন অশান্ত হৈ পৰিছে ঠাইখিনি; ছয়টাকৈ পৈশাচিক নৰহত্যাই জোকাৰি পেলোৱা চহৰখনত বিৰাজ কৰিছে এক অস্বাভাৱিক নিস্তব্ধতাই।কিন্তু এই হত্যাকাণ্ড কাৰ দ্বাৰা সংঘটিত হৈছে, কাৰ মুনাফাৰ বাবে হৈছে আনকি হত্যাকাণ্ডৰ মূল উদ্দেশ্যই বা কি সেইয়াও এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই সিহঁতৰ অতিকায় বিভাগটোৱে। নিলয়হঁতৰ ব্যস্ততাবোৰ আগতকৈ বাঢ়িছে। পাব্লিকৰ গালি-শপনিবোৰ, মিডিয়াৰ প্ৰেচাৰ, ওপৰৱালাৰ অৰ্ডাৰবোৰ হজম কৰি কৰি চাবি দিয়া পুতলাৰ দৰে দৌৰি ফুৰিছে সিহঁতবোৰে। সাধাৰণ মানুহখিনিৰ মাজত একপ্ৰকাৰৰ অভিশঙ্কাৰ সৃষ্টি কৰিছে এই হত্যাকাণ্ডকেইটাই। সাঁজ লগাৰ পাছত মানুহবোৰে এলাপাকত বাহিৰলৈ আহিবলৈ এৰিছে, আহিলেও সোনকালেই আকৌ ঘৰলৈ ঘূৰিছে। যোৱা এটা মাহত ব্যস্ত চহৰখনক যেন  একপ্ৰকাৰ মৰিশালিত পৰিণত কৰি পেলাইছে নৰহত্যা কেইটাই।

 

দিনটোৰ তিক্ততাবোৰ আৰু নিশাটোৰ হাড়কঁপোৱা বতাহবোৰৰ মাজত বিৰাট ভাগৰুৱা অনুভৱ কৰিলে নিলয়ে। সময়ো যথেষ্ট হৈছিল তেতিয়া। ফৰেনছিক ৰিপৰ্টটো কালেক্ট কৰি আগদিনা লাচটো উদ্ধাৰ হোৱা স্পটটোৰ ওচৰ-পাজৰৰ মানুহখিনিক সোধ-পোছ কৰি ঘূৰি অহালৈ বেছ দেৰিয়েই হৈছিল তাৰ।এইখিনি সময়ত ৰাস্তাটোত যে এখনো চাহৰ দোকান খোলা থাকিব তাৰ লেশমানো আশা নাই। গৰম লাল চাহ একাপ ঘৰতেই খোৱাৰ সিদ্ধান্ত কৰি গাড়ীখনৰ স্পীড আগতকৈ বঢ়াই দিলে নিলয়ে। অৱশ্যে বেছি দূৰ আগবাঢ়িব লগা নহ'লেই সি। জনশূন্য ৰাস্তাটোৰ বাওঁকাষে তেতিয়াও গ্ৰাহকৰ অপেক্ষাত থকা চাহৰ দোকান এখন সহজেই পৰিদৃষ্ট হ'ল নিলয়ৰ।


" কাকতি টি ষ্টল, ফিফটি টি ফ্লেভাৰচ এভেইলেৱল হিয়েৰ।" 


নামফলকখন পঢ়ি অৱসাদবোৰৰ মাজতো এমোকোৰা হাঁহি ওলাই আহিল নিলয়ৰ। সেই সময়ত সৰু গুমটি এখন পোৱা হ'লেও নিলয়ৰ নিচিনা টিহ'লিক এটাই  ঈশ্বৰক দেখা দি দেখিলেহেতেন । ইমানবোৰ বন্ধ দোকান অতিক্ৰম কৰি পঞ্চাশটাকৈ ফ্লেভাৰত  চাহ উপলভ্য হোৱা দোকান এখন খোলা পাই সৰগ ঢুকি পোৱাৰ দৰে লাগিল তাৰ। নেদেখাজনক এগালমান ধন্যবাদ দি ৰাস্তাৰ দাঁতিত জীপখন ৰখাই দোকানখনৰ ভিতৰলৈ সোমাই গ'ল সি। ঠিক দোকান নহয় এটা আহল বহল কোঠা। এখন হাফ ৱালেৰে কোঠাটোক ভাগ কৰা হৈছে দুটা ভাগত। কোঠাটোৰ এটা ভাগত গ্ৰাহকৰ সুবিধাৰ্থে কেইবাখনো প্লাষ্টিকৰ টুল,এখন ড্ৰয়াৰ টেবুলৰ সৈতে এখন আৰামী চকী আৰু এটা কিতাপেৰে পৰিপূৰ্ণ আলমিৰা। সম্ভৱতঃ দোকানখনৰ মালিক এজন খুব ভাল কিতাপ পঢ়ুৱৈ; আজৰি সময়বোৰ চাগৈ তেওঁ পাৰ কৰে কিতাপবোৰৰ লগত। দোকানখনত সোমায়েই কিবা এটা ভাল লাগি গ'ল নিলয়ৰ।


"একাপ চাহ হ'ব নেকি?" 


ষ্টলখনত উপস্থিত থকা একমাত্ৰ ব্যক্তিজন সেই সময়ত ব্যস্ত আছিল। বোধহয় দিনটোৰ ব্যস্ততাবোৰ সামৰি তেওঁ দোকান বন্ধ কৰাৰ যো-জা চলাইছে মানুহজনে। নিলয়ৰ মাতটোত ঘূৰি চালে মানুহজনে। দামী অভাৰকোট, ৰাউণ্ড ফ্ৰেমৰ ব্ৰেণ্ডেড চশমা, শ্মশ্ৰুবিহীন চিকুণ তেজগোৰা মুখখনৰ সৈতে ষাঠিৰ উৰ্দ্ধৰ মানুহজন বেছ আঢ্যবন্ত যেনেই লাগিল নিলয়ৰ। হয়তো মানুহজন ষ্টলখনৰ মালিক।


"নিশ্চয় হ'ব। এই সেঙেতা লগা জাৰবোৰ কাটিবলৈ একাপ গৰম চাহ বিছাৰি অহা আপোনাৰ দৰে মুছাফিৰসকলৰ বাবেইটো এই হেন ৰাতিলৈকে বোন্দাপৰ দি দি ৰখি আছো।" 


পাৱাৰ টিলাৰৰ ইঞ্জিনটোৰ দৰে ঢেক্ ঢেক্ শব্দ তুলি হাঁহি এটাৰে মানুহজনে উত্তৰ দিলে। অৱশ্যে তেওঁৰ ৰসিকতাৰ প্ৰতি অলপমানো আগ্ৰহ নেদেখুৱালে নিলয়ে। সেই সময়ত কথা পতাতকৈও একাপ চাহ খাই সোনকালে ঘৰ কেনেকৈ পাব পাৰি তাৰ চিন্তাত আছিল নিলয়।


"ছৰী অলপ ৰগৰ কৰিলোঁ। এইবোৰৰ মাজৰ কোনবিধ আপোনাৰ পচন্দৰ?"


বেৰ খনত লগাই থোৱা বৰ্ডখন মানুহজনে আঙুলিয়াই দিয়াতহে চকুত পৰিল তাৰ। কাৰ্ডামম, চ'ক'লেট, মিন্ট, ভেটিভাৰ, ক্ৰেনবেৰী, ষ্ট্ৰ'বেৰী ইত্যাদি ইত্যাদি পঞ্চাশ বিধ বিভিন্ন ফ্লেভাৰৰ চাহৰ নামেৰে পৰিপূৰ্ণ বৰ্ডখন। এই সময়ত হাড়কপোৱা ঠাণ্ডাবোৰৰ পৰা শৰীৰটোক উপশম দিবলৈ সাধাৰণ লাল চাহ একাপেই যথেষ্ট আছিল তাৰ বাবে। বৰ্ডখনত চকু ফুৰাই বিবুধিতেই পৰিল নিলয়। বৰ্ডখনত লিখি থোৱা প্ৰায় ৩০ টা মান ফ্লেভাৰৰ নাম হয়তো নিলয়ে সেই মূহুৰ্তত হে প্ৰথম শুনা পাইছে। সাংঘাতিকভাৱে ভাল পাই সি চাহৰ সোৱাদ লৈ; আই এম এ টিহ'লিক বুলি কেতিয়াবা কেতিয়াবা গৰ্বও কৰে সি বহুতৰ আগত। ভালেমান কেইটা ফ্লেভাৰৰ চাহৰ সোৱাদো লৈ পাইছে সি। তাৰ পাছতো মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ ভীষণ অপ্ৰস্তত হ'ল নিলয়।


"বাৰু ইয়াত থকা পঞ্চাশটা ফ্লেভাৰৰ আপোনাৰ আটাইতকৈ পচন্দৰ কোনবিধ?" মানুহজনৰ প্ৰশ্নটোৰ পৰা বাচিবলৈ বিশেষ কায়দাৰ ব্যৱহাৰ কৰিলে সি।


"এক্সুৱেলী মোৰ আটাইতকৈ পচন্দৰ ফ্লেভাৰটো মই কাষ্টমাৰৰ বাবে ৰখাই নাই।সেইটো এটা স্পীচিয়েল ফ্লেভাৰ মোৰ বাবে। ক'জ সেইটো মোৰ সম্পূৰ্ণ নিজা সৃষ্টি।" গৰ্বেৰে উত্তৰ দিলে মানুহজনে।


"কিয়, সেইটো ফ্লেভাৰ আনে টেষ্ট কৰিব নোৱাৰিব নেকি?"


"ওহো....কাৰণ এই সোৱাদৰ ভাগ নহয়।" কৈয়ে মানুহজনে আকৌ ঢেকঢেকাই হাঁহি দিলে।


"পিছে কিয় নাজানো এই মূহুৰ্তত মোৰ ঠাণ্ডাত কঁপি থকা শৰীৰটোৱে আপোনাৰ সেই বিশেষ চাহকাপৰ হে সোৱাদ ল'বলৈ ইচ্ছা কৰিছে।" 

মানুহজনৰ কথাবোৰলৈ লক্ষ্য কৰি চাহ কাপৰ প্ৰতি কিবা এটা বিশেষ আকৰ্ষণ অনুভৱ কৰিলে নিলয়ে।


"যি দেখিছো আপুনি সেই কাপ চাহৰ সোৱাদ লৈ হে এৰিব।ভালেই হ'ল, এনেয়েও মই দোকান সামৰাৰ আগেয়ে এইকাপ চাহ খাওৱেই বাৰু। আজি লগ এটাকে হ'ল নে কি কয়? আচ্ছা এনেই সুধিছোহে সকলো পুলিচৰ মানুহ আপোনাৰ দৰেই চালাকনে বাৰু?"

 

মানুহজনৰ ৰসিকতাত এইবাৰ নিলয়েও সজোৰে হাঁহি দিলে। বয়স হৈছে যদিও মানুহজন ৰসিক, গ্ৰাহকক আকৰ্ষণ কৰিব পৰাৰ ভালেখিনি কায়দা তেওঁৰ আছে। অলপমান কথা পাতিয়েই সেইয়া অনুমান কৰিব পাৰিছে সি। নিলয়ক অলপমান সময় বহিবলৈ দি গেছৰ ষ্ট'ভটো অন কৰি চচপেনটো তুলি দিলে মানুহজনে। মানুহজন চালপেনীয়া, চাহ বনোৱাৰ সময়খিনিও তেওঁ ইটো সিটো কথা আৰম্ভ কৰি দিলে নিলয়ৰ লগত।বোধহয় তাক পুলিচৰ পোছাকত দেখি বেছিয়েই যেন আগ্ৰহ দেখুৱাইছে তেওঁ। ষাঠিয়ে গৰকা মানুহজনৰ নাম প্ৰভাত কাকতি, জন্মসূত্ৰে ডিব্ৰুগড়ৰ; পিছে এতিয়া এইখন চহৰৰ স্থায়ী বাসিন্দা। কাকতি তাহানিৰ দিনৰে এগ্ৰি গেজুৱেট। টি হাজবেন্দ্ৰি এণ্ড টেকন'লজিত মাষ্টাৰ্চ কমপ্লিট কৰাৰ পাচত তেওঁ টি বৰ্ডৰ চাকৰিত সোমাল,নিজাকৈ ঘৰ-সংসাৰ এখনো হ'ল।তাৰ পাছত ব্যস্ততা মাথোন ব্যস্ততা।জীৱনটোত কাকতিয়ে বহু কিবাকিবি পালেও, বহু কিবাকিবি হেৰুৱালেও।তেতিয়াৰ পৰা এতিয়ালৈ বহুখিনি সলনিও হ'ল; কিন্তু সেই তেতিয়াৰ পৰা কাকতিৰ চাহৰ লগত যি সম্বন্ধ সেইয়াহে  এতিয়ালৈকে একেই থাকিল।


"চাকৰি কৰি থাকোতেই তেওঁ ঢুকাল। একমাত্ৰ ল'ৰাটো বহিৰত এতিয়া ৱেল এষ্টাবলিচড। অকলে অকলে অৱসৰৰ সময়বোৰ পাৰ কৰিবলৈ বৰ কঠিন। সেইকাৰণেই এইখন খুলি ল'লো। ভাবিলো, চাকৰিৰ জীৱনটো চাহৰ লগতেই কটালো যেতিয়া বাকী দিন কেইটাও চাহৰ লগতেই কটাও। এতিয়া পিছে ভাল লাগে, দিনটো বিভিন্ন তৰহৰ মানুহক লগ পাওঁ, দুই এষাৰ কথাও পতা হয়।" 


মানুহটো কথাচহী, আধাবলিয়া ইত্যাদি ইত্যাদি; একপ্ৰকাৰ ভুল ধাৰণাই কৰি পেলাইছিল নিলয়ে। কাকতিৰ কথা-বতৰা বোৰে তাৰ মনটোত গোজ লোৱা ধাৰণাবোৰেই সলাই পেলালে পলকতে। প্ৰভাত কাকতিৰ প্ৰতি শ্ৰদ্ধাত অজানিতেই মূৰটো দো-খাই আহিল নিলয়ৰ।


"টি বৰ্ডত থাকোতেই অদ্ভুত নিচা এটাই লগ লৈছিল মোৰ। যেতিয়াই সময় পাওঁ বিভিন্ন বস্তু  চাহৰ লগত যোগ দি  বেলেগ বেলেগ ফ্লেভাৰ বনাই সোৱাদ লৈ চাওঁ। এইবোৰ কৰি কৰি কোনোবা এখিনিত সাংঘাতিক ধৰণে টি এডিক্টেদ  হৈ পৰিলোঁ মই।মাজতে মোৰ এনে হৈছিল সদায় এটা নতুন ফ্লেভাৰৰ সোৱাদ ল'বলৈ মন যায়। কিন্তু কিয় জানো এটা ফ্লেভাৰ একেৰাহে দুবাৰ টেষ্ট কৰাৰ পাছত আকৌ তৃতীয়বাৰ তাৰ সোৱাদ ল'বলৈ মন নোযোৱা হয় মোৰ। আৰু সেইবাবে সদায়েই এটাকৈ নতুন বস্তু যোগ দি মই একাপ একাপ চাহৰ জুতি লওঁ।এইবোৰ কৰি কৰি হয়তো নিজেই নজনাকৈয়ে মই অসংখ্য চাহৰ ফ্লেভাৰ আৱিষ্কাৰ কৰি পেলালোঁ।আপুনি হয়তো বিশ্বাস নকৰিব এই বৰ্ডখনত থকা পঞ্চাশটা ফ্লেভাৰৰ বেছিভাগেই মোৰ নিজৰ আৱিষ্কাৰ।"  জীৱনৰ অভিজ্ঞতাৰেপুষ্ট ৰসাল কথাবোৰ কৈ থকাৰ মাজতেই চাহ বনোৱা পৰ্ব শেষ হৈছিল কাকতিৰ। 


"এণ্ড ডা টি ইজ ৰেডি।"


 কাঁচৰ দুটা কাপত দুভাগ চাহ সুন্দৰকৈ সজাই আনি একাপ নিলয়লৈ আগবঢ়াই দিলে তেওঁ। তেজৰঙীন একাপ চাহ!! উদগ্ৰ সুঘ্ৰাণ, আকৰ্ষণীয়া কালাৰেৰে ধূমাচ্ছন্ন চাহ কাপ হাতত লৈ মোহান্বিত হৈ পৰিল নিলয়। ইমান সময়ে প্ৰভাত কাকতিৰ সৰস কথাবোৰে নিলয়ৰ অৱসন্নতাবোক ভালেমান দূৰলৈ ঠেলি পঠিয়াইছিল। স্পেচিয়েল চাহ কাপ হাতত লৈ আগ্ৰহেৰে চুমুক দিলে নিলয়ে। আহ!!! কি অপূৰ্ব সোৱাদ আছে এই ৰঙীন চাহ কাপত। আদা, তুলসী, ইলাচী, ডালচেনী ঢালি হাজাৰ চেষ্টা কৰিলেও মানুহে এনেকুৱা এটা সৰ্বোৎকৃষ্ট সোৱাদৰ সৃষ্টি কৰিব নোৱাৰে। মছলা চাহ?? নাই তুলনাই হ'ব নোৱাৰে এই কাপৰ সৈতে।কেইবাটাও স্পীচিয়েল ফ্লেভাৰৰ চাহ পূৰ্বে টেষ্ট কৰিছে সি, লাষ্ট ইয়েৰ চেন্নাই যাওঁতে এশটা ফ্লেভাৰৰ চাহ পোৱা এখন ষ্টলত একে বহাতে দহটামান ফ্লেভাৰ টেষ্ট কৰি অহা মানুহ নিলয়। কিন্তু এই কাপ চাহৰ দৰে সোৱাদ আৰু সুঘ্ৰাণ? নাই, সি নালাগে তাৰ দৰে বহুসংখ্যক চাই লভাৰেই সোৱাদ লৈ পোৱা নাই এনে একাপ চাহৰ। সম্ভৱতঃ কিবা এক আচৰিত বস্তু ব্যৱহাৰ কৰিছে কাকতিয়ে যিটো আন কোনোৱেই নাজানে একমাত্ৰ তেওঁৰ বাহিৰে; হয়তো তেওঁ কাকো জানিবলৈও দিয়া নাই।


"ৱাহ!!! হোৱাট এ টেষ্ট। সচাকৈ আপোনাৰ হাতত যাদু আছে।" প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিল নিলয়।দিনটোৰ তিক্ততাবোৰক ইতিমধ্যেই দূৰলৈ খেদি পঠাইছিল চাহ কাপে।


"এক্সুৱেলী এই কাপ চাহৰ সোৱাদ লোৱাৰ সৌভাগ্য এতিয়ালৈকে মাত্ৰ ছয়জন ব্যক্তিৰহে হৈছে। এণ্ড ইউ আৰ চ' লাকী দেট ইউ আৰ  দ্য চেভেন্থ ৱান। আৰু তাতোকৈ আচৰিত কথা কি জানে এতিয়ালৈকে এইকাপ চাহৰ সোৱাদ লৈ পোৱা কেইজনে দ্বিতীয়বাৰলৈ আৰু আন ফ্লেভাৰৰ চাহৰ সোৱাদ লৈয়ে পোৱা নাই" ঈষৎ হাঁহি এটা মাৰিলে প্ৰভাত কাকতিয়ে।


"আৰে ৱাহ। পিছে এইটো ফ্লেভাৰৰ নামটো জানিবলৈহে মোৰ বিৰাট ইচ্ছা হৈছে। ক্ৰেনবেৰী ফ্লেভাৰ নেকি?" এনেকুৱা একাপ ৰঙীন ফ্লেভাৰৰ চাহৰ সোৱাদ আগতেও লৈছে সি। কিন্তু সেইকাপৰ সোৱাদ আজিৰ কাপতকৈ সম্পূৰ্ণ বেলেগ আছিল। তথাপিও নামটো জনাৰ আপাহতে শূন্যতে এককোব ঘূৰাই চালে নিলয়ে।


"জেতুলীপকা? নাই তুলনাই নহয় এইকাপৰ লগত।"আকৌ এটা ৰহস্যময়ী হাঁহি কাকতিৰ।


"তেন্তে চিউৰ টেঙামৰা।" আকৌ এবাৰ চেষ্টা কৰি চালে সি


"ওহো...বোলে কয়েই নহয় গছৰ গুটি খাবা নাম নক'বা। আজি নাম নজনাকৈয়ে টেষ্ট লওকচোন বাৰু নে কি কয়।" চান্স পালেই ৰসিকতা ঢলাত কৃপণালি নকৰে কাকতিয়ে। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল।


"আচ্ছা এতিয়া আপোনাৰ সেই আগৰ অভ্যাসবোৰ আছে নে। মানে সদায়ে নতুন নতুন বস্তুৰে চাহ বনোৱা অভ্যাসটো।" চাহ কাপ শেষ হোৱালৈকে  এটা নতুন প্ৰশ্নৰ অৱতাৰণা কৰিলে নিলয়ে।


"নাই নাই এই নতুন ফ্লেভাৰৰ চাহটোৰ সৃষ্টি কৰাৰে পৰা সেইবোৰ অভ্যাস মোৰ নাইকিয়া হৈছে। এই ফ্লেভাৰটোৰ চাহ কাপত সাংঘাতিক সোৱাদ এটা পাওঁ মই। যেন কিবা এটা অদ্ভুত নিচা আছে ইয়াৰ। এতিয়া মোৰ এনে হৈছে দিনটোত এনেকুৱা দুকাপ চাহ খাবলৈ নাপালে মোৰ শৰীৰটোৱে শান্তি নাপায়। আৰু কি জানে আন ফ্লেভাৰৰ চাহত মই আজিকালি অকণো সোৱাদেই নাপাওঁ, মানে খাবলৈ এৰিয়েই দিছো প্ৰায়।" হাঁহি হাঁহি উত্তৰ দিলে কাকতিয়ে।


"এনি ৱে এই ডিচেম্বৰ মাহৰ ৰাতিখন আপোনাক লগ পাই এটা ভাল অভিজ্ঞতা হ'ল মোৰ। থেংক ইউ চ' মাচ যে আপোনাৰ আটাইতকৈ ফেভৰিট স্পীচিয়েল চাহকাপৰ সোৱাদৰ মইও অংশীদাৰ হ'বলৈ পালোঁ।" খালি হোৱা কাপটো ট্ৰেখনত ৰাখি কৰমৰ্দনৰ উদ্দেশ্যি হাতখন আগবঢ়াই দিলে নিলয়ে, প্ৰত্যুত্তৰত কাকতিয়েও।


"উফফ!!" অজানিতে চিৎকাৰ এটা ওলাই আহিল নিলয়ৰ মুখেৰে। সোঁহাতৰ তলুৱাখনত  এটা মৃদু খোঁচ অনুভৱ কৰিলে নিলয়ে, ঠিক যেন চেফটি পিন এটাৰ দৰে কিবা এটাই খুচি দিয়া হৈছে তাক। কাকতিৰ হাতটোৰ বন্ধনৰ পৰা নিজৰ হাতখন উলিয়াই আনিলে সি। মধ্যমা আঙুলিটোৰ ঠিক তলৰ পৰাই বিৰিঙি আহিছে  তেজৰ সৰু টোপাল এটা। নিলয়ে কিবা এটা বুজি উঠাৰ পূৰ্বেই তাক আচৰিত কৰি প্ৰভাত কাকতিৰ সেই অবিকল্প হাঁহিটোৱে সেই সময়ত কঁপাই তুলিলে নিশাটোৰ নিস্তব্ধতাবোৰক। কাকতিৰ সোঁহাতখনৰ একমাত্ৰ আঙুঠিটোৰ পৰা বাঢ়ি অহা সূক্ষ্ম পিনটো তেতিয়াহে ধৰা পৰিল নিলয়ৰ চকুত। সন্দেহৰ পোক এটাই হঠাৎ উকমুকাই উঠিল নিলয়ৰ মনটোত।


দেহাটো ক্ৰমাৎ চেঁচা পৰি যোৱাৰ দৰে লাগিল নিলয়ৰ। মূৰটোও যেন গধুৰ হৈ আহিছে আগতকৈ, দৃষ্টিশক্তিবোৰো যেন ক্ৰমশ ধূসৰ হৈ আহিছে তাৰ।শৰীৰত থকা শক্তিবোৰো যেন শেষ হৈ আহিছে নিলয়ৰ। অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোক কোঠাটোত থকা আৰামী চকীখনত বহুৱাই দিলে কাকতিয়ে।


"আপুনি বোধহয় ভাগৰিছে। লেট মি হেল্প ইউ।" 


ৰহস্যাবৃত হাঁহি এটা মাৰি টেবুলৰ ড্ৰয়াৰটোৰ পৰা বাটাৰফ্লাই নিড'ল  আৰু কাঁচৰ বটল এটা উলিয়াই আনিলে প্ৰভাত কাকতিয়ে। এইখিনিটো মানুহৰ ব্লাড কালেক্ট কৰিবলৈ ব্যৱহাৰ কৰে। মানুহটোৰ আচহুৱা কাণ্ড কাৰখানাবোৰে সন্দেহৰ পোকটো যেন ক্ৰমাৎ বঢ়াই আনিলে নিলয়ৰ। ব্ৰেণ্ডেড চশমা জোৰৰ তলৰ চকুজুৰিৰ কুটিল চাৱনিটোৱে যেন বহু কথাই কৈ গ'ল নিলয়ক।


"ইটচ এ ট্ৰেপ, ইটচ এ ট্ৰেপ।"ধূসৰতাৰ মাজতো সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিল নিলয়ৰ চকুৰ আগত। চিঞৰি উঠিল নিলয়ে, পাচে নিলয়ৰ চিঞৰখিনিকো তল পেলাই উচ্চস্বৰত বাজি উঠা প্ৰভাত কাকতিৰ উদ্ভট হাঁহিটোত ৰজনজনাই গ'ল সমগ্ৰ কোঠাটো, যেন এক অট্টহাস্য। ইতিপূৰ্বে হোৱা আটাইকেইটা হত্যাকাণ্ডতেই প্ৰথমতে ভিক্টিমৰ শৰীৰৰ তেজবোৰ সম্পূৰ্ণৰূপে উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰা হয় তেওঁলোকক। ফৰেনছিক ৰিপৰ্টটোত সকলোবোৰ কথাই স্পষ্ট হৈ আছিল। প্ৰভাত কাকতিয়ে ঠিকেই কৈছিল নিলয়ক। এই স্পীচিয়েল চাহৰ সোৱাদ যি ছয়জনে লৈ পাইছে তেওঁলোকে আৰু আন ফ্লেভাৰত চাহৰ সোৱাদ লৈয়ে পোৱা নাই। নিজৰ অজ্ঞাতৰ ওপৰতেই ধিক্কাৰ জন্মিল নিলয়ৰ। আহ!! কি চমৎকাৰ প্লেন!!আচলতে সন্দেহ কৰিব পৰাকৈ একো অৱকাশেই ৰখা নাছিল মানুজনে। শৰীৰত বাচি থকা শক্তিখিনিৰে শেষ চেষ্টা এটা চলোৱাৰো সুবিধা নাপালে নিলয়ে। ক্ৰমশঃ দুৰ্বল হৈ পৰা নিলয়ৰ সোঁহাতখনৰ মেডিয়ান কিউবিটেল ভেইন ডালত বাটাৰফ্লাই নিড'লটো সজোৰে গুজি দিলে কাকতিয়ে। ষাঠিৰ উৰ্দ্ধৰ ওস্তাদ চিকাৰীজনৰ ক্ৰুৰতাবোৰৰ ওচৰত যেন অকাতৰেই আত্মসমৰ্পণ কৰি পেলালে নিলয়ে।


"ৱাহহ!!! কি ধুনীয়া কালাৰ!!কাইলৈৰ ৰাতিপুৱাৰ স্পীচিয়েল চাহ কাপ!!!অহ গ'ড ইট ৱিল বি এ ভেৰী ডিলিচিয়াছ ৱান"


 কাঁচৰ বটলটোত জমা হোৱা তেজবোৰলৈ চাই বিষ্ময়কৰ শব্দ এটা কৰি জিহ্বাখনেৰে এক অদ্ভুত ধৰণেৰে টকালি পাৰিলে প্ৰভাত কাকতিয়ে। ইলেকট্ৰিক বাল্বটোৰ ক্ষীণ পোহৰ বোৰৰ মাজতো মানুহটোৰ পৈশাচিক হাঁহিটো নাওনিমিতকৈ চকুত পৰিল নিলয়ৰ। 


"ৱেইট ৱেইট, য়ু ৱানা ন' দ্য নেম অফ ডেট স্পীচিয়েল ফ্লেভাৰ না? ইট্জ নেম ইচ অলচ' স্পীচিয়েল। মাই অল টাইম ফেভৰিট টি-- দ্য ড্ৰাকুলা টি।"


ক্ৰমশঃ অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোৰ ওচৰত ফুচফুচাই উঠিল ৰহস্যময়ী মানুহজনে। নিশা তেতিয়া প্ৰায় দহ বাজিবৰেই হৈছিল। দুঃসহ যন্ত্ৰণাত মৰণোন্মুখ হৈ পৰা নিলয়ৰ চক্ষুজুৰি আৰু নিস্তব্ধ ৰাস্তাটোৰ কাষত খোলা থকা একমাত্ৰ  দোকানখনৰ মূখ্য দুৱাৰখন বন্ধ হৈ পৰিল একে সময়তে।


(সমাপ্ত)



Thursday, May 14, 2020

গল্প--উত্তৰকাল

গল্প

উত্তৰকাল

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট




   " ইমানখিনি পঢ়া-শুনা মই এনেই কৰিলো নেকি?চাচোন বাৰু প্লেন্ট পেথ'লজিৰ নিচিনা চাবজেক্ট এটাত পি এইচ দিত চিট পাবলৈ কিমান টান। ইমান ভাল স্ক'প থকা চাবজেক্ট এটাত চান্স পাইয়ো এতিয়া মই বিয়াত বহিবৰ কাৰণেই এৰি দিম নে কি? মাথাটো গৰম হৈ যায় একদম।"

চেপা মাতটোৰে যিমান পাৰি সৰু সৰুকৈ নেহাই কাৰোবাৰ লগত পাতি থকা কথাখিনি অলপ অলপকৈ কাণত পৰিল অনুৰাধাৰ।এইকেইদিন বাৰিষাৰ মেঘটোৰ দৰেই গোমা হৈ আছে ঘৰখনৰ পৰিবেশটো। নেহালৈ বিয়াৰ প্ৰস্তাৱটো অহাৰে পৰা ছোৱালীজনী যে মানসিক অন্তৰ্দণ্ডত ভুগি আছে সেই কথা মাক হিচাপে তাইৰ চকুহাল চায়েই ধৰিব পাৰিছে তেওঁ।

"হেৰা আমাৰ অফিচৰ এই গহীন ফুকনৰ  ভাগিনীয়েক ল'ৰাটোৰ কথা সিদিনা যে তোমাক কৈছিলো। কিয় যোৱাবাৰ ফুকনৰ ঘৰলৈ যাওতে যে লগ পাইছিলোঁ হাঁহিমুখীয়া ল'ৰাটো তোমাৰ জানো মনত নাই? ল'ৰাটোৱে বেংকত চাকৰি কৰে। বিয়াৰ কাৰণে বোলে ছোৱালী বিচাৰি ফুৰিছে। ফুকনে আকৌ আমাৰ মাজনীৰ কথাটো উলিয়ালে।ঘৰৰ একমাত্ৰ ল'ৰা,পৰিয়াল বুলিবলৈ মাক-দেউতাক আৰু সি। বেয়া নহ'ব বুজিছা, মই অহা সপ্তাহত তেওঁলোকক আহিবলৈকে কৈছো।" 

আবেলি অফিচৰ পৰা আহি দেউতাকে মাকক উদ্দেশ্যি কোৱা কথাষাৰত একপ্ৰকাৰ উচপ খাই উঠিছিল নেহা। হাৰে যোৱা মাহতে নেট ক্লিয়েৰ কৰিছে তাই। পি এইচ ডিৰ এন্ট্ৰেন্সতো ৰেংক লিষ্টত তাই টপ টেনৰ ভিতৰত। মানে চিট পোৱাতো একপ্ৰকাৰ খাটাং। সকলোবোৰ জানি শুনিও দেউতাকে তাইৰ বিয়াৰ যো-জা চলাইছে অথচ তাইকে একো এটা নোসোধাকৈ। 

"পাপা মোৰ এতিয়াই বিয়াত বহিবলৈ মন নাই।" দেউতাকৰ সিদ্ধান্তৰ ওপৰত মাতমতাৰ সাহস সিহঁতৰ ঘৰখনৰ বাকী তিনিটা প্ৰাণীৰ নাই। পোনপ্ৰথম বাৰলৈ কোনোমতে সাহ কৰিছিল নেহাই।

"এতিয়াই বিয়াত বহিবলৈ মন নাই মানে?বয়স কি ৰৈ থাকিব নেকি? মোৰ ৰিটায়াৰমেন্টলৈ আৰু কেইটা দিন আছে। তাৰ মাজতে সকলো কৰিব নালাগিব? ই বুবুৱে এইবাৰ এইচ এচ পাচ কৰিব। তাৰ পাছত তাৰ পঢ়াৰ খৰচ নাবাঢ়িব?" দেউতাকক এইবোৰ কথাতেই তাইৰ ভাল নালাগে। কেৱল নিজৰ কথাটোত গুৰুত্ব দিয়ে।

"কিন্তু পাপা এইবাৰটো মোৰ পি এইচ ডিত এদমিশ্যন হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ আছিল।"

"মই ল'ৰাটোৰ ঘৰখনৰ লগত কথা পাতিছো। তুমি ইচ্ছা কৰিলে বিয়াৰ পাছতো পঢ়িব পাৰিবা বুলি তেওঁলোকে কৈছে। মই তেওঁলোকক প্ৰায় কথা দিছো, অহাসপ্তাহত তেওঁলোকে চাবলৈ অহাৰ কথা।গতিকে....."

নেহাৰ সকলো আপত্তিয়েই নৰজিল। দেউতাকলৈ প্ৰচণ্ড খং এটা উঠে তাইৰ। সব ডিচিশ্যন কি তেওঁ অকলেই ল'ব? তাইৰোতো নিজৰ ভাল লগা নলগাবোৰ বাচ বিচাৰ কৰাৰ অধিকাৰ আছে। মনত গুজৰি গুমৰি থাকিলেও দেউতাকৰ ৰঙা চকুহালৰ কথা ভাবিয়েই কও কওকৈ থকা কথাবোৰ কব পৰা নাই নেহাই। মুখেৰে নক'লেও এই বিয়াৰ প্ৰস্তাৱটোলৈ তাইৰ যে অকণমানো সমৰ্থন নাই  তাইৰ কথা কাণ্ডবোৰে তাকেই প্ৰমাণ কৰিছে। অনুৰাধাই ভিতৰি ভিতৰি লক্ষ্য কৰিছে কথাই প্ৰতি হাঁহি মাতি থকা ছোৱালীজনীয়ে এইকেইদিন যেন কথা কমকৈ কৈছে। ওলাওতে সোমাওতে বুবুয়ে তাইক আগৰদৰেই চুলিকোছাত ধৰি টানিছে, চিকুটটো মাৰি জোকাই চাইছে, তাইহে নিৰ্বিকাৰ। আগতে হোৱা হ'লে "মা চোৱাহিচোন" বুলি নাইবা  "পাপা বুবুৱে মোক" এনেদৰে চিঞৰ দুটামান মাৰিলেহেতেন তাই। এইকেইদিন আনহে নালাগে বুবুক ধমক এটাও দিয়া নাই নেহাই। দিনটোৰ সৰহভাগ সময় ৰুমটোতে পাৰ কৰিছে তাই।

কাইলৈ আলহী আহিব, ব্যস্ততা বাঢ়িছে ঘৰখনত। বিধ বিধ বস্তুৰে ভৰি পৰিছে ঘৰখন।দেউতাক ঘৰত নাই, দুপৰীয়াতে গৈছে বজাৰলৈ।দেউতাকৰ ফালৰ জেঠায়েকজনী পিচদিনা পুৱাই আহি পোৱাৰ কথা। মোমায়েক-মামীয়েকহাল কাইলৈ আহিব নোৱাৰে। ফোনতে খা-খবৰ এটা লৈছে তেওঁলোকে, দুই এটা পৰামৰ্শও দিছে। অনুৰাধা সৰহ সময় কিটছেনতে ব্যস্ত হৈ আছে দুদিনমান। মিঠাই ঘৰত থাকিলেও নিজ হাতেৰে বনোৱা লাড়ু পিঠাকেইটাৰে আলহীক চাহ-কাপ যাচিবলৈ ভাল পায় তেওঁ। বুবুৰ হতুৱাই আগদিনাই অনাইছিল নাৰিকল দুটা। নেহাক নাৰিকল কেইটা ৰুকিবলৈ দি পিঠা কেইটা বনোৱাৰ কথা ভাবিছিল তেওঁ। জীয়েকক মাতিবলৈ আহি অনুচ্চ স্বৰত তাই পাতি থকা কথাবোৰ শুনি ৰুমৰ সন্মুখতে ৰৈ গ'ল অনুৰাধা। কাৰোবাৰ লগত কথা পাতি আছে নেহাই, বোধহয় লগৰ ছোৱালীৰ লগত।

"হা হা কি কৈছ? মায়ে? থোৱা হে আমাৰ মাতৃদেৱীক তুমি লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিব পাৰিছা।আজিলৈকে পাপাৰ ডিচিশ্যনবোৰত মূৰটো দুপিয়াই চাপৰ্ট কৰি যোৱাৰ বাহিৰে তেওঁক বেলেগ কিবা কৰা মই নেদেখিলো। তেওঁক তুমি সেই নাৰিকলৰ লাড়ুটো বনাবলৈ কেইটা নাৰিকলত কেইকাপ চেনী লাগে সেইয়া সুধিবা, এপোৱা গাখীৰেৰে কেইটা পেৰা বনাব পাৰি সেইটো সুধিবা। সেইবোৰহে জানে তেওঁ।কৈছো তো পাপাৰ ডিচিছনৰ এগেইনষ্টত যোৱাৰ সাহস আমাৰ ঘৰখনত কাৰোৰে নাই। তহঁতৰ দৰে সব ভাগ্যবান নহয় নহয়।" 

কিবা এটাই খুন্দা মাৰি ধৰাৰ দৰে লাগিল অনুৰাধাৰ বুকুখনত। ঠিকেইতো কিনো মিছা কথা কৈছে নেহাই। বিয়াৰ পাছৰে পৰাতো কেৰাহীখন, হেতাখন কৰিয়েই তেওঁ পাৰ কৰিলে সময়বোৰ।ঘৰখনৰ কথাবোৰত মানুহতোৰ মতবোৰতেই সন্মান কৰি গ'ল পত্নী হিচাপে।কিন্তু তেওঁৰ মনটোক জানো  ঘৰখনৰ কোনোবা এটাই আজিলৈকে বুজিবলৈ চেষ্টা কৰিলে নে?ঘৰখনৰ কোনে কি খাই ভাল পায় কি বেয়া পায় সেইয়া তেওঁৰ নখদৰ্পনত। কিন্তু তেওঁৰ ভাললগা বেয়ালগাটোক আজিলৈকে কোনোবাই বুজিলেনে? চকুহাল সেমেকি উঠিল অনুৰাধাৰ। পুৰণি দুখৰীয়া ছবি এখনে বাৰে বাৰে আহি আমনি কৰিলে তেওঁক।

কলেজখনৰ সেইসময়ৰ বেষ্ট চিংগাৰ অনুৰাধাৰ প্ৰেমত ক'ব নোৱাৰাকৈয়ে পৰি গৈছিল প্ৰভাত দুৱৰা। অনুৰাধা টি.ডি.চি ছেকেণ্ড ইয়েৰত থাকোতে দুৱৰা সেইসময়ৰ ফাইনেল ইয়েৰৰ ছাত্র। ডিগ্ৰীটো পাছ কৰাৰ পাছতে ট্ৰেজাৰি অফিচৰ চাকৰিতো পালে প্ৰভাত দুৱৰাই, অনুৰাধা তেতিয়া ফাইনেল ইয়েৰত। চাকৰিৰ পাচতো প্ৰেমৰ সম্পৰ্কতো চলি থাকিল দুয়োৰে। লাহে লাহে  ঘৰদুখনেও গম পোৱা হয় কথাবোৰ। 

প্ৰভাতৰ মাকজনীৰ ডাঙৰ বেমাৰ এটাই দেখা দিলে সেই সময়তে। ডাক্তৰে হাত দাঙিলে। মাকজনীৰ শেষ ইচ্ছা নিজহাতে বোৱাৰীজনীক ঘৰ সুমুওৱাৰ। অনুৰাধা ছোৱালীজনী সাদৰী,ঘৰ ধৰিব পৰা বিধৰ। প্ৰভাত দুৱৰাৰ ঘৰখনেও মনে প্ৰাণে অনুৰাধাক বিছাৰিলে বোৱাৰী হিচাপে। পাচজনী ছোৱালী আৰু এটা ল'ৰাৰে পৰিয়ালটোৰ ডাঙৰ জীয়ৰী অনুৰাধা। তাতে প্ৰভাত দুৱৰা চৰকাৰী চাকৰি থকা ল'ৰা।হাততে সৰগ ঢুকি পোৱা যেন পালে অনুৰাধাৰ দেউতাকে। দুৱৰাৰ মাক কেইটামানদিনৰ আলহী, বিয়াখন সোনকালে হোৱাত জোৰ দিলে তেওঁলোকৰ ঘৰখনে। দুই নাওঁ দুই ভৰিৰ দৰে অৱস্থা হ'ল অনুৰাধাৰ। বিয়াত বহা মানেই তাইৰ ডিগ্ৰীটো অসম্পূৰ্ণ হৈ ৰোৱা। অনুৰাধাৰ ইচ্ছা আছিল বি.এ কমপ্লিট কৰি ইউনিভাৰ্চিটিত এম.এ কৰিবলৈ যোৱাৰ।সপোন আছিল গায়িকা নহ'লেও গান গোৱাৰ অভ্যাসটো চলাই থকাৰ। অৱশ্যে প্ৰভাত দুৱৰাৰ ঘৰখনে আশ্বাস দিলে ইচ্ছা কৰিলে তাই বিয়া হোৱাৰ পাছতো ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব।
এফালে সপোনবোৰ আনফালে প্ৰিয়জন। এইবোৰৰ মাজতেই এদিন ন-কইনাৰ সাজেৰে  দুৱৰাৰ ঘৰৰ পদূলি গছকি বোৱাৰী হ'লগৈ তাই।  বোৱাৰী হৈ ঘৰ সোমোৱাৰ অলপ দিন পিছতেই শাহুৱেক শয্যাশায়ী হ'ল। দীঘল ওৰণিখন লৈ পাৰেমানে শুশ্ৰূষা কৰিলে অনুৰাধাই। শাহুৱেক এদিন গ'লগৈ, তাৰ অলপ দিন পাছতে শহুৰেকো ঢুকাল। অনুৰাধাৰ ডিগ্ৰীটোহে ত্ৰিশংকু স্বৰ্গ আৰু মৰ্ত্যৰ মাজত ওলমি ৰোৱাৰ দৰে ওলমি থাকিল। বছৰবোৰ বাগৰি গ'ল, তাৰ মাজতে পাঁচবছৰৰ অগা পিছাকৈ নেহা আৰু বুবুৱে আহি তেওঁৰ কোলাখন শুৱনি কৰিলে। ল'ৰা-ছোৱালী, ঘৰ-সংসাৰ এইবোৰৰ মাজতে অনুৰাধাৰ সপোনটোও যেন কোনোবা এচুকত পৰি ৰ'ল।বিয়াৰ আগতে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া মানুহটোৱেও বিয়াৰ পাছতেই সকলোবোৰ পাহৰি গ'ল।সংসাৰৰ ব্যস্ততাৰ মাজত যেন তেওঁৱো পাহৰি পেলালে সকলোবোৰ। আজি নেহাৰ কথাবোৰে অনুৰাধাক  আকৌ হঠাৎ মনত পেলাই দিলে কথাবোৰ। 

ড্ৰয়িং ৰুমৰ কথোপকথনবোৰৰ কিছু কিছু কথা কিটছেনলৈকে শুনিছে অনুৰাধাই। তাৰমাজতে গহীন ফুকনে ৰসিকতা কৰি কোৱা কথাবোৰত সকলোৱে মৰা হাঁহি গিৰ্জনিবোৰো কানত পৰিছে তেওঁৰ। আলহীঘৰীয়া বুলিবলৈ ল'ৰাটোৰ পৰিয়াল আৰু উমৈহতীয়া চিনাকি হিচাপে গহীন ফুকন। ইতিমধ্যে চা-চিনাকি, চাহ-জলপানৰ পৰ্ববোৰ শেষ কৰি সকলোৱে মূল কথাবোৰত আগবাঢ়িম বুলিয়েই ৰৈ আছে। মাত্ৰ অনুৰাধা আজৰি হোৱালৈ অপেক্ষা কৰিছে সকলোৱে। মাক হিচাপে তেওঁৰ উপস্থিতিও সকলোৱে বিছাৰিছে আলোচনাত। কাম বুলিবলৈ তেনেকৈ নায়েই, ডাইনিংখন চিজিল কৰি বাতি কাঁহীবোৰ ধুবলৈ আছে। হওতে কামকৰা ছোৱালীজনী আছে।পিছে নিজেই দেখুৱাই নিদিয়ালৈকে শান্তি নাপায় অনুৰাধাই। ছোৱালীজনীক কামকেইটা দেখুৱাই হাতখন মুচি মুচি ড্ৰয়িং ৰুমৰ আলোচনাটোত ভাগ লবলৈ বুলি সোমাই গ'ল অনুৰাধা। সকলোৱে যেন তেওঁ অহালৈয়ে বাট চাই আছিল।

"তেতিয়া সকলোফালে মিলিলে আৰু আগহে বাঢ়িব লাগে নে কি কয়?" গহীন ফুকনেই আৰম্ভ কৰিলে।

"আমাৰ ছোৱালী পচন্দ হৈছেই যেতিয়া আপোনালোকৰ আপত্তি নাথাকিলে সোনকালে আগবাঢ়ো আৰু দুৱৰা।"

"আমাৰ কিন্তু আপত্তি আছে।" অনুৰাধাৰ ধীৰ স্থিৰ অথচ গম্ভীৰ মাতটোত একপ্ৰকাৰ ৰৈ গ'ল কোঠাটোত থকা সকলো।

"বিয়া এখন হ'বলৈ হ'লে প্ৰথম সিহঁতহালৰ মতামত লোৱাটো দৰকাৰ। সকলো ঠিৰাং কৰি লোৱাৰ আগত তাইক এবাৰ সোধা হ'ল জানো তাইৰ মনটোৱে বা কি কয়? পি এইচ দি কৰিবলৈ মন তাইৰ, এইবাৰ এন্ট্ৰেন্সো ক্লিয়েৰ কৰিছে। তাৰ পাছতো ছোৱালীজনীৰ সপোনবোৰ ভাঙি পেলোৱাৰ অধিকাৰ আমাৰ আছে নে?নে ছোৱালী হোৱাৰ বাবেই তাই নিজৰ সপোনবোৰ আনৰ বাবে বিসৰ্জন দি যাব।" বহুত কিবাকিবিয়েই কৈ পেলালে অনুৰাধাই, ক'ৰ পৰা যে সাহস পালে তেওঁ নিজেই নাজানিলে। বাধা দিবলৈও যেন পাহৰি গ'ল প্ৰভাত দুৱৰাই।  এক মুহুৰ্তৰ বাবে মুক হৈ পৰিল সকলো।

আলহী গ'লগৈ, ছোৱালীয়ে পি এইচ ডি কমপ্লিট কৰালৈকে তেওঁলোক ৰব নোৱাৰিব। বিয়াখন নোহোৱাৰ আওপকীয়াকৈ ইংগিত এটা দি গ'ল তেওঁলোকে। গোমা হৈ পৰিল ঘৰখন আকৌ।

"চৰী মা" আলনাদালত কাপোৰ জাপি থকা অনুৰাধাক সাবটি ধৰি উচুপি উঠিল নেহা।

"চৰী কিয় আকৌ" মৰমেৰে সুধিলে অনুৰাধাই।

"তোমাক আমি অতদিনে ভুল বুজিয়েই থাকিলো। কালি আনকি মোৰ ফ্ৰেইণ্ডছবোৰকো তোমাৰ কথা কিমান যে কি ক'লো। তুমি সচাই বহুত ভাল জানা। পাপাই চাগে এতিয়া তোমাক বহুত কিবা কিবি ক'ব।"

"কিয় কিবা কিবি ক'ম মই। মাৰেনো কি ভুল কথাটো ক'লে। তোৰ ভবিষ্যতটোৰ কথা ভালকৈ ভাবিয়েইটো তেওঁ কৈছে। মুঠতে পি এইচ দি কমপ্লিট নোহোৱালৈকে তোৰ বিয়া নহয়। মই গহীন ফুকনক কৈয়ে পঠাইছো।নে মই কিবা ভুল ক'লো নেকি অ' মাজনী" অতপৰে মাক-জীয়েকৰ কথাবোৰ শুনি থকা দেউতাকৰ কথাষাৰত মনটো ভাল লাগি গ'ল নেহাৰ। একে জাপেই গৈ এইবাৰ তাই দেউতাকক সাবটি ধৰিলে।

"এইজনী মানে বুঢ়ী হ'ল তথাপি সৰুকালৰ স্বভাৱবোৰ নগ'ল আৰু। চাও যাচোন তোৰ হাৰমনিয়ামখন লৈ আন।" কৃত্ৰিম ধমক এটা দিলে দেউতাকে।

"হাৰমনিয়াম কিয়?" দেউতাকৰ কথাত একপ্ৰকাৰ আচৰিত হ'ল তাই।

"আনচোন গম পাবি নহয়।" ৰেগদালৰ ওপৰতে থকা হাৰমনিয়ামখন নমাই আনিলে নেহাই। সৰুতে সেইখন দেউতাকে তাইক গান শিকিবলৈ আনি দিছিল।নেহা কলেজত পঢ়িবলৈ যোৱাৰে পৰা ব্যৱহাৰ নোহোৱাকৈয়ে  পৰি আছিল সেইখন। 

"হেৰা বহুত দিন তোমাৰ গান শুনা নাই হে। আজি এটা শুনাবানে?" হাৰমনিয়ামখনৰ ধূলিখিনি কাপোৰ এখনেৰে চাফা কৰি অনুৰাধালৈ আগবঢ়াই দিলে প্ৰভাত দুৱৰাই। চকুহাল ধুৱলি কুৱলি হৈ পৰিল অনুৰাধাৰ।

"মা তুমি গানো গোৱা। ইমান দিনে কোৱা নাছিলা কিয়।"

"হেৰৌ কবলৈ আমি জানো কেতিয়াবা সুবিধা দিলো। তহঁতি গমেই নাপাৱ, কলেজত পঢ়ি থাকোতে মাৰে গান গায়েইতো মোৰ হৃদয়খন চুৰ কৰিছিল। হেৰা তোমাৰ ভাল লগা গানটোযে ফ্ৰেচমেনত যে গাইছিলা গোৱা আকৌ।"

 দেউতাকৰ ৰসিকতাত হাঁহি দিলে আটায়ে। কৰবাৰ পৰা আহি বুবুৱেও যোগ দিলেহি ৰসাল আদ্দাতোত। আনন্দৰ অশ্ৰু দুধাৰিয়ে গাল দুখন তিয়াই নিলে অনুৰাধাৰ। এৰা কিমান দিনৰ পাছত যে তেওঁৰ ভিতৰৰ মানুহজনীয়ে  এনেকৈ মনখুলি হাঁহিব পাৰিছে। কিমান দিনৰ পাছত যে আকৌ এনেকৈ হাৰমনিয়ামখন হাতত ল'ব পাৰিছে। চাদৰৰ আঁচলখনেৰে চকুহাল মোহাৰি অনুৰাধাই আৰম্ভ কৰিলে তাহানি কলেজৰ ফ্ৰেচমেন চচিয়েলত গোৱা তেওঁৰ প্ৰিয় গীতটি--

"নদী মাথো বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে?"

Wednesday, April 15, 2020

গল্প---নেওতা

 গল্প

নেওতা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট

" ভকত আহক। বৌটি আলহী, ভকত বহক।" নোমলে শিকোৱাৰ দৰেই পোৱালি ভাটৌটোৱে টকটকাই, নোমলে বেচ ফুৰ্তি পাই।

"ভোক লাগিলে কি ক'বি ভকত?" নোমলে লেনিয়াই লেনিয়াই ভাটৌটোক সোধে।

"বৌটি ভোক ভোক।" নোমলে মাকক বৌটি বুলি মাতে, দেখি ভাটৌটোৱেও মাতে।নোমলে উৎসাহ পায়। এইবাৰ সি গাল-দুখন আগবঢ়াই দিয়ে ভকতলৈ। ঠোঁটটোৰে চপককৈ অদ্ভুত শব্দ এটা কৰি ভাটৌটোৱে শূন্যতে চুমা খাই। নোমলে খিলখিলাই হাঁহে।

"অই গোটগৰু, পঢ়া-পাতিৰ ফালে কৰিছ সেইয়া। সন্ধিয়া লাগিলে পঢ়াত বহিবলৈ তোক সদায় মই কব লাগে। বিয়োগ নেওতাখন মাতিবলৈ দিলে মাতিব নোৱাৰ।যেতিয়াই দেখো খালি ভকত আৰু ভকত।"

ডাঙৰটো ককায়েকৰ ধমক এটা বা এচাৰিদালৰ কোব এটা নোখোৱালৈকে নোমলে ভকতৰ লগ এৰি পঢ়াৰ ওচৰলৈ নাযায়। আচলতে তাৰ পঢ়া শুনা এইবোৰ কৰিবলৈ একেবাৰে মন নোযোৱা নহয়, কিন্তু যিমান পঢ়িলেও তাৰ কথাবোৰ মনত নৰয়। স্কুলত গঙাৰাম মাষ্টৰৰ চিটিপনিৰ কোব কেইটা সদায় সিয়েই বেছিকৈ খায়। ককায়েক দুটা পঢ়া-শুনাত গাঁৱখনৰ ভিতৰতে  চোকা, ডাঙৰটো ককায়েকে কষ্ট কৰি মেলি হ'লেও কলেজৰ ডিগ্ৰীটো ল'লে, নোমলৰ সৰুটো ককায়েককো ভাল বিভাগ এটাত পঢ়ুৱালে।গাঁৱৰ দুই একে ককায়েকহঁতৰ কথা কৈ নিজৰ ল'ৰা-ছোৱালীবোৰক উদাহৰণ দিয়ে। সেইহেন দুটা ককায়েকৰ ভায়েক হৈ সি নেওতাখন ভালকৈ গাব নোৱাৰে, স্কুলত তাক হাঁহে সবেই।নোমলৰ লাজ লাগে নিজলৈয়ে, পঢ়িবলৈ মন নোযোৱা হয় তাৰ। ডাঙৰ ককায়েকৰ চিটিপনি দালৰ কোব কেইটা, কাণচেপা কেইটাৰ ভয়তহে সি অনিচ্ছাসত্বেও গৈ কিতাপখন মেলে।ককায়েককে শুনাই দুশাৰীমান চিঞৰি চিঞৰি পঢ়াৰ পাছতেই নোমলৰ  মনটো আকৌ কৰবালৈ উৰা মাৰে।

" মাত,মাত পাঁচৰ ঘৰৰ নেওতাখন আজি মুখস্থ দিম বুলি কৈছিলি।" এচাৰি দাল লিৰিকি বিদাৰি ডাঙৰ ককায়েকে তাক নেওতাখন মাতিবলৈ কয়। নোমলৰ বুকুখন ধাপাংকৈ মাৰে। ভয়ে ভয়ে সি মাতে পাঁচৰ পাঁচ গ'ল থাকিল শূন্য। ছয় পাঁআআআআ.….চ গ'ল থাকিল........এক, সাআআআ...তৰ পাঁআআআআ...চ গ'ল................। বাৰেপতি খোকোজা লাগে নোমলৰ। আচলতে ককায়েকৰ প্ৰতি থকা ভয়টোৱে তাৰ মনত থকা খিনিকো পাহৰাই পেলায়।

নোমলৰ কোমল গালখনত ডাঙৰ  ককায়েকে কেটেপ কেটেপকৈ বঢ়াই দিয়া চৰ কেইটাৰ শব্দ মাকে চৰুলৈকে শুনে। একেজাপেই উঠি আহে মানুহজনী য'ৰে বন ত'তে এৰি। এই কণমানি ল'ৰাটোতে যেন তেওঁৰ জীওটো সোমাই থাকে। ল'ৰাটোৱে কেনেবাকৈ অকণমানো কষ্ট পোৱা তেওঁৰ মনটোৱে সহিব নোৱাৰে। ডাঙৰটো ককায়েকৰ লগত পেটমচা নোমলৰ বয়সৰ পাৰ্থক্য প্ৰায় একুৰিৰ ওচৰা ওচৰি। ককায়েকহাল আৰু নোমলৰ মাজত আৰু তিনিটা লৰা-ছোৱালী জন্মিছিল।তাৰে দুটা জন্মতেই গ'ল, এজনীক হেনো হাইজাই নিলে। নোমল জন্মহোৱাৰ সময়লৈ মাকৰ বয়সে দুকুৰি পাৰ কৰিছিল। ল'ৰাটো জন্মতে তেনেই নিশকতীয়াটো আছিল, জন্ম হোৱাৰ সময়ত মগজতো অলপ দুখ পাইছিল। মাক-বাপেক হালেতো আশা একেবাৰে এৰিয়েই পেলাইছিল। ওচৰৰে মাণিকী বুঢ়ীয়ে পুৱা-গধূলি সেক-পোতক দি দি তাক অকণ তজবজীয়া কৰিলে। নুমলীয়া কাৰণে তাৰ নামটো হেনো দেউতাকেই নোমল ৰাখিছিল। পিছে সি হে বাপেকৰ মৰম ভালকৈ নাপালে।নোমলৰ ছমাহ পুৰ নৌহওতেই অচিন বেমাৰত পৰি বাপেক এদিন গ'লগৈ। সেই তেতিয়াৰ পৰাই ককায়েক দুটাতকৈ তালৈ মাকৰ মৰমতো বাঢ়িল। মাকৰ মনে তাক মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব।

"ডাঙৰ মইনা অ', সেই অকণমান কথাটোতে লাগি তাক তেনেকৈনো মাৰিব লাগে নে? সি জানো দুখ নাপায়।" মাকৰ মন, নোৱাৰে সহিব।

"তোৰ এইবোৰ কথাৰ কাৰণেই সি দিনে দিনে লাই পাই গৈছে বৌটি। বয়সৰ জোখাৰে সি এল.পি স্কুলৰ দেওনাখন কেতিয়াবাই পাৰ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে নেওতা কেইখনকে মনত ৰাখিব নোৱাৰিলে সি।" ডাঙৰ ককায়েকে গৰজি উঠে।

"হব দে চোন, তাৰনো বয়স হৈছে কিমান, তাতে ল'ৰাটো তেনেই নিশকতীয়া। তই তেনেকৈ চৰটো, কিলটো দি থাকিলে সি চোন কিবা শিকক চাৰি তোলৈ ভয়হে কৰিবলৈ ল'ব। তোৰ নিজৰেই ভায়েৰ নহয় জানো সি। তইচোন তাক সতীয়া ভাইটোৰ  দৰেহে চাৱ।" মাকৰ কথাত সাহস পায় নোমলে।

"নিজৰ ভাই বুলি তাৰ ভালটো ভাবিয়েই ইমানখিনি কৰিছিলো। ঘৰতে থকা কামবন নোহোৱা এটা দমৰা বনাব খুজিছ যদি তোৰ তোৱেই হওক। মই আৰু একো নকও। আগলৈ যেতিয়া ডাঙৰ হৈ এদিন কান্দিব তেতিয়া কিন্তু মোক মনত নেপেলাবি আজিৰ তাৰিখত ক'লো তোক।" ককায়েকে ভোৰভোৰাই।

"ডাং কাইদ' তোমালোকে আগলে ডাঙৰ চাকৰি কৰিবা নহয়,  মোক তাৰ পা পঞ্চাশ টকা পঞ্চাশ টকা দুয়োটাই দি দিবা মোৰ তেনেকৈয়ে হৈ যাব।"

নোমলৰ কথাবোৰত মগজটো গৰমহৈ আহে ককায়েকৰ। একো নকৈ সি ওলাই যায় ফো-ফোৱাই। ককায়েকে জানে মাকৰ সন্মুখত নোমলৰ গাত হাত উঠোৱা মানে হিতে বিপৰীত হোৱা। সৰুতো ককায়েকে সেইবোৰৰ ভূ নাৰাখে, অৱশ্যে ৰাখিবলৈ ইচ্ছাও নকৰে।সি নিজৰ পঢ়াশুনাক লৈয়ে ব্যস্ত থাকে।সৰুতো ককায়েকে চহৰৰ ডাঙৰ কলেজত থাকি পঢ়ে, চৰকাৰী ধন পায় পঢ়িবলৈ। কিবা এটা ডাঙৰ  বিভাগত পঢ়ে তাৰ সৰুটো ককায়েকে, পঢ়িলেই ডাঙৰ অফিচাৰ হয়, নোমলে তেনেকৈয়ে জানে। বন্ধত ঘৰলৈ আহিলে তালৈও কিবা কিবি আনে, সি বেচ ফূৰ্তি পায়। সৰুটো ককায়েক ভাল, ডাঙৰটোহে কিবা সেই ভাওনাৰ দৈত্যদালৰ নিচিনা, তাৰ চিৰশত্ৰু। নোমলৰ কুমলীয়া মনটোৱে তেনেকৈ ভাবে।

তাৰ মাজতে দুৰণিৰ চহৰ এখনত ডাঙৰটো ককায়েকৰ অতদিনে লাগি লাগি চাকৰিটো হ'লগৈ। চহৰখনত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে ককায়েকে। ককায়েক তেনেকৈ ঘৰলৈ আহিব নোৱাৰে।বিহুৱে পূজায়ে বা দীঘলীয়া বন্ধ পালেহে ঘৰলৈ আহে, মাহেকে পষেকে ঘৰলৈ টকা পঠায়।নোমলৰ কাৰণে যেন গাখীৰতে ম'হৰ খুটিহে হ'ল। আগতে ককায়েকৰ চৰটো বা ধমকটো খাইয়েই সি পঢ়াৰ ওচৰত বহিছিল। এতিয়া তাক টানকৈ কথা কোৱা মানুহ এটা নোহোৱা হ'ল ঘৰখনত। নোমলৰ পঢ়া পাতি সেইফালেই ধোৱাচাংত উঠিল। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো লৈ ওলোৱাৰ পাছতে তাৰ সৰুটো ককায়েকৰো চাকৰিটো হ'ল। নোমলৰহে আৰু পঢ়া শুনা নহ'ল, এল.পি স্কুলৰ দেওনাখন পাৰ নকৰাকৈয়ে সি স্কুল এৰিলে।

বছৰবোৰ বাগৰি যায়, ভাটৌটোও এদিন ঢুকায়, চেঙেলীয়াৰ পৰা ডেকালৈ পৰিবৰ্তন হয় নোমল। পঢ়া-শুনা কৰিব নোৱাৰিলেও ঘৰ-বাৰী পথাৰৰ কামবোৰ কৰিব জনা হ'ল সি। আগতে ককায়েকহঁতে আধিলৈ দিয়া মাতি কেইডৰাত নিজেই খেতি কৰিবলৈ ল'লে সি।দেউতাকৰ বেমাৰৰ সময়ত বন্ধকত থোৱা মাটি দুবিঘাও মোকোলালে এদিন নোমলে।আগৰ স্কুলত নেওতাখন মাতিব নোৱাৰা নোমলে কাষৰে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া   হাটখনলৈ ইদিন তামোল পোণ, সিদিন পাচলি কেইটা নি আঙুলিতে গণি গণি বেচিব জনা হ'ল। ককায়েকহালৰহে ঘৰলৈ আহ যাহ আগতকৈ কমিল। টাউনতেই মাটি কিনি ঘৰ-বাৰী কৰিলে দুয়োটা ককায়েকে, বিয়া বাৰুও তাতেই কৰালে। নোমল আৰু মাক গৈছিল ককায়েকহঁতৰ বিয়ালৈ। পিছে চহৰীয়া আও ভাও বোৰৰ মাজত নিজকহে কিবা ভুচুং পহু যেন লাগিল তাৰ। বিয়াঘৰৰ আলহীবোৰৰ মাজতো ককায়েকহঁতে যেন তাক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজহে পালে, হয়তো নিজৰ নামটো লিখিবলৈকে তাৰ এপৰ লাগে, সেইবাবে।

"অ' পোনা নিজৰ হাতেৰে কেচা মিঠৈ কেইটা দলিয়াই বোৱাৰীজনীক পদূলিৰ পৰা আনি ঘৰ সুমুৱাবলৈ মনটো থাকি গ'ল। আৰুনো কেইটাদিন থাকিম চাগে? ককায়েৰহঁতেটো সেইয়াই কৰিলে, তই মোৰ মনটো বুজ দেখিহে ক'লো।"

 মাকে ফোপাই ফোপাই কোৱা কথাবোৰত মনটো সেমেকি যায় নোমলৰ। বিয়াৰ কথা নভবা নহয় সি। সিখন গাঁৱৰ মিনতিৰ মনটো পোৱা তিনি বছৰেই পাৰ হ'ল। কিন্তু বিয়াখন বোলোতে গহনা-গাঠৰি, পাটৰ কাপোৰযোৰকে আদি কৰি বহুতকণ কথা আহি যায়। তাৰ ভাবিবলৈকে চোন ভয় লাগে।শালিখেতিৰ ধানকেইটা, বাৰীৰ পাচলিকেইটাৰে আকালো নাই ভঁৰালো নাইৰ দৰে চলি থকা ল'ৰা সি।ককায়েকহালো আজিকালি নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল।সি কামত ধৰাৰ পৰা ঘৰখনলৈ টকা-সিকাটো বাদেই বিহু বুলি মাকজনীক কাপোৰ এসাজ দিবলৈও এৰিলে ককায়েকে হালে। সিহঁত দুটাই  যে তাক বিয়া বুলি  কিবা এপদ দি সহায় কৰিব সেইয়া নোমলৰ মনে নকয়। মাকৰ অন্তৰখনে দুখ পোৱাতো তাৰ মনটোৱে নসহে।

তথাপি ইচ্ছা থাকিও নোমলে মাকৰ মনৰ আশাটোহে পূৰণ কৰিব নোৱাৰিলে। মিনতিৰ ঘৰত বিয়াৰ কথাবতৰা চলিছিল। নোমলে দেৰি নকৰিলে, কোনোবা এদিন সন্ধিয়া মিনতিক আনি সি ঘৰ সুমুৱালেহি। মাকজনীয়ে সেইদিনা এসোতা ভালকৈয়ে কান্দিলে। সহিব নোৱাৰি নোমলেও কান্দিলে, কাহানিও তাৰ গাত টোপ এটাও পৰিবলৈ নিদিয়া মানুহজনীৰ মনটো ভঙাৰ দুখত। মনটোত দুখ এটা লৈয়ে মানুহজনী গ'লগৈ, নোমলে সেইদিনা হিয়া ঢাকুৰি কান্দিলে। ককায়েকহঁতো আহিল, সকাম ভাগ বৰ ডাঙৰকৈয়ে পাতিলে মাকৰ সিহঁতকেইটাই। নোমলৰ গোবৰ মাটিৰে লিপা ঘৰখনৰ পদূলিলৈ কাজৰ দিনা এসোপামান ডাঙৰ ডাঙৰ গাড়ী আহিল, নোমল আৰু মিনতিয়ে আলহী সেৱা কৰিহে তৎ পালে। ভোজৰ দিনা ৰাইজখনক বিদায় দিয়াৰ সময়তো আকৌ এসোতা কান্দিলে সি আৰু মিনতিয়ে।

দিনবোৰ পাৰ হয়, নোমল আকৌ সহজ হয়। খোকোজা নলগাকৈ চলি থাকে সিহঁতৰ সংসাৰখন। তাৰ মাজতে এদিন পাহি আহিল মিনতিৰ কোলালৈ। মাক নোহোৱা উকা উকা ঘৰখন আকৌ পাহিৰ কলকলনিৰে ভৰি পৰিল। নোমলৰ মতেতো সেইয়া মাকেই ঘূৰি আহিল আকৌ সিহঁতৰ মাজলৈ পাহিৰ ৰূপত। মাক ঢুকুৱাৰ পাছৰে পৰা ককায়েকেহালে একেবাৰেই আহিবলৈ এৰিলে গাঁৱৰ ঘৰখনলৈ। মাকৰ সকাম ভাঙি ৰাইজখনৰ লগতেই ওলাই যোৱা ককায়েকহাল সকামৰ পাছত এবাৰেই আহিছিল ঘৰখনলৈ, পৈত্তিক সম্পত্তিখিনি তিনিভাগ কৰিবলৈ। ককায়েকহঁতৰ সিদ্ধান্তত মাত নামাতিলে নোমলে।হয়তোন!! বাপেকৰ সম্পত্তিখিনিৰ ওপৰত সিহঁতহালৰো সমানে অধিকাৰ আছে। নিজৰ ভাগৰ মাটিখিনি বেছি ককায়েকহাল গ'লগৈ। নোমলে মাথো মূৰ দুপিয়াই গ'ল ককায়েকহঁতৰ সিদ্ধান্তত। সিহঁতনো মানুহ কেইটা?  তিনিটাহে, ভাগত পৰা খিনিৰেই চলি যাব পাৰিব বছৰটো।

"হেৰা কাইলৈ ডাঙৰ কাইদ'ৰ তালৈকে এপাক যাম বুজিছা।ককাইদ'ৱে কিবা এটা দিহা  দিব।" বিচনাত পৰি থকা মিনতিৰ দূৰ্বল শৰীৰটোলৈ চাই হুমুনিয়াহ এটা পেলাই কয় নোমলে। এৰা ঢুকুৱাৰ আগতে তাক মাকেও কৈছিল--"পোনা বিপদে আপদে ককায়েৰহঁতৰ লগ নেৰিবি, চাবি তোক নিৰাশ নকৰে সিহঁতে। সিহঁতহালো মোৰেইহে পেটৰ পোৱালি।"

 মিনতিৰ শেতা পৰা মুখখনলৈ চাবই নোৱাৰে সি, চালেই সৰসৰকৈ চকুলো সৰে তাৰ। আগৰ সেইহেন মানুহজনীৰ এতিয়া জঁকাটোহে আছেগৈ। বেমাৰটোৱে বহু দিন আগৰ পৰাই গজালি পুতিছিল মিনতিৰ শৰীৰত। প্ৰথমতে সিহঁতে সাধাৰণ মূৰঘূৰণি বুলিয়েই ভাবি লৈছিল। চাৰিআলিৰ জগতৰ ফাৰ্মাচীৰ বড়ি দুটামান খালেই আৰাম পাইছিল তাই। পাচলৈ মূৰঘূৰণিটো সঘনাই হবলৈ ল'লে। গাঁৱৰে কোনোবা দুটামানে কৈছিল তাক--"যাচোন ইয়াৰ পিলসোপা খাই থকাতকৈ এবাৰ চহৰতে দেখুৱাই আহ।" মিনতিক লৈ এদিন চহৰৰ ডাক্তৰৰ ওচৰলৈ গ'ল নোমল। ডাক্তৰে এসোপামান পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিলে মিনতিৰ।

"ব্ৰেইন টিউমাৰ, সোনকালে অপাৰেচন নকৰিলে পেচেন্টৰ কনদিচনটো ক্ৰিটিকেললৈ গৈ থাকিব।" ডাক্তৰে সেইদিনা কোৱা কথাবোৰৰ বেছিভাগেই নুবুজিলে নোমলে, মাত্ৰ বুজিলে মিনতিৰ সাংঘাটিক ডাঙৰ বেমাৰ এটা হৈছে, যিটোৰ পৰা বচাবলৈ তাক ভালেমান টকাৰ প্ৰয়োজন। আকাশখন মূৰৰ ওপৰতে খহি পৰাৰ যেন লাগিল তাৰ। সাচতীয়া পইচাখিনি পৰীক্ষা-নিৰীক্ষাৰ নামতেই শেষ হ'ল। মাটিখিনি বন্ধকত দিলে দুটকামান পোৱা যাব কিন্তু সেইখিনিৰে মিনতিৰ অপাৰেচনৰ খৰচটোকে নোলায়। মূৰে কাম নকৰা হয় নোমলৰ।

"মোৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে নে? পইচা বহুত লাগে ভাল কৰিবলৈ হয়নে বাৰু?আমাৰনো ইমানখিনি পইচা ক'ত আছে? আপুনি  মিছাতেই কেলৈ কষ্ট কৰি মৰিব লাগে মোৰ কাৰণে"

 মিনতিৰ কথাষাৰে বুকুখন একেবাৰে চেপি খুন্দি শেষ কৰি পেলোৱা যেন লাগে নোমলৰ। চকুপানী ৰখাব নোৱাৰে সি। বেমাৰটোৱে খুলি খুলি খাইছে মিনতিক। কোনোবাই ধৰি নিদিলে উঠা মেলা কৰিব নোৱাৰে। কেইবাদিনো অকলে উঠিবলৈ লৈ মূৰ ঘুৰাই পৰিছে তাই। দিনটো ইটোৰ পিছত সিটো কৰি ফুৰা মানুহজনীৰ এতিয়া বিচনাখনেই সংগী হ'ল। দেওবৰীয়া বজাৰখনলৈ নগ'লে সপ্তাহটো চলিবলৈ টান হয় সিহঁতৰ। মিনতিক তেনেকৈ এৰি যাবও নোৱাৰে সি ঘৰখনত। সোনকালে টকাৰ যোগাৰ নহ'লে মানুহজনীক বচাবলৈ যে টান হব, সেইকথা বুজে নোমলে। হাজাৰটা চিন্তাত ভাঙি পৰে সি।

"ককাইদ'ৰ তালৈ ইমানদিন পাছত যাব? শুদাহাতে যাবলৈ ভাল হ'ব জানো? নাৰিকল এটা ৰুকি দিয়া হ'লে মই ইয়াতে বহি লস্কৰা দুটামান কৰি দিব পাৰিলোহেতেন ল'ৰা-ছোৱালী হাললৈ।" বিচনাত পৰাৰে পৰাই কোনোমতে মাতটো উলিয়াই কথাষাৰ কয় মিনতিয়ে।

"এইটো দেহাৰে নালাগেচোন তুমি সেইবোৰ কৰিবলৈ। বাৰীত পাচলি দুটামান ওলাব নহয় তাকে লৈ যাম।"

ৰাতিপুৱাই ককায়েকৰ তালৈ ওলাল নোমল। মোনাটোত ঘৰৰে গঁৰালটোৰ ডেকেৰুৱা হাঁহ এজনী ভৰাই ল'লে সি, বাৰীৰে কোমোৰা এটাও ল'লে লগত। ডাঙৰ ককায়েকে আগতে হাঁহ খাই ভাল পাইছিল মনত আছে তাৰ।

"পাহি অ' মাৰক অশান্তি নকৰিবি দেই। মাৰে কিবা এটা খুজিলে বিচাৰি আনি দিবি।মই সোনকালেই পামহি নহয় দৌ।"

পাহিয়ে মূৰ দুপিয়ালে। ছোৱালীজনীৰ মুখখনলৈ চালে শোকটোৱে খুন্দা মাৰি ধৰে তাৰ। কিমাননো বয়স হৈছে তাইৰ, দ্বিতীয় শ্ৰেণী পাইছে গৈ হে। তাইয়ো যেন কথাবোৰ অলপ অলপ কিবা বুজি পাইছে। মাকক তেনেকৈ আমনি নকৰে তাই আজি কালি। ইমান কম বয়সতে যথেষ্ট বুজা হৈছে তাই।

চহৰৰ পৰা উভতি আহি সি ঘৰ পোৱালৈ সন্ধিয়াই হৈছিল।পদূলিৰ মুখৰ পৰাই গাঁৱৰ ৰাইজখনক দেখি বুকুখন চিৰিংকৈ মাৰিলে তাৰ। সন্ধিয়াখন গাঁৱৰ ৰাইজখনে তাৰ ঘৰত আহি আকৌ কি কৰিছে?

"দেৰি কৰিলি অ' নোমল। তই অহালৈ তাই নৰ'লেই।" নঙলামুখতে ৰৈ থকা মাঘি দাইটিৰ কথাষাৰত সেইখিনিতেই ধমহকৈ লুটি খাই পৰিল নোমল। হাতৰ মোনাটোত থকা  ডাঙৰ ককায়েকলৈ বুলি লৈ যোৱা চীনা হাঁহটোৱে থেকেচকৈ মাটিত পৰি জোৰেৰে পেকপেকাই  চিঞৰি দিলে। তুলসীৰ তলত সেইয়া মিনতিক শুৱাই থৈছে ৰাইজখনে।কোনোবা দুটাই ধৰি ধৰি লৈ আনিলে তাক সেইখিনিলৈ। মিনতিৰ নিঠৰ দেহটোলৈ চাই চাই পাহীক বুকুত  সাবটি ধৰি জোৰেৰে চিঞৰি দিলে সি--" হেৰা কি কথাত নো বেয়া পালা মোক? ইমাননো লৰালৰি হ'ল নে তোমাৰ, মই অহালৈকে ৰ'ব নোৱাৰিলা নেকি?" কোনোবা এজনীয়ে তাৰ হাতত সেন্দুৰৰ টেমাটো তুলি দিলে। শেষবাৰৰ কাৰণে মিনতিৰ কপালত বেলিটো আকি দিলে নোমলে।

"সৰুতে যেতিয়া নেওতাখন মুখস্থ মাতিবলৈ দিছিলো তেতিয়া মোলৈ খং উঠিছিল তোৰ। তেতিয়া চাগে মোক তোৰ চিৰশত্ৰু যেন লাগিছিল। তেতিয়াই যদি পঢ়া-শুনা অলপ ভালকৈ কৰিলিহেতেন আজি এনেকৈ ঘৈণীয়েৰৰ জীৱনটো বচাবলৈ লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰিব লগা নহ'লহেতেন।সেইদিনাই তোক কৈছিলো নহয় ডাঙৰ হৈ যেতিয়া এদিন কান্দিবি, তেতিয়া কিন্তু মোক মনত নেপেলাবি।"

ডাঙৰ ককায়েকে দুপৰীয়া কোৱা কথাখিনিলৈ চেৰেং চেৰেংকৈ মনত পৰিল নোমলৰ। ৰাইজখনক তাতে এৰি ল'ৰ মাৰি ভিতৰ সোমাল সি। পাহীক যোৱাবাৰ বজাৰৰ পৰা আনি দিয়া নেওতাৰ কিতাপখন আনি চোতালতে বহি লৈ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰি দিলে নোমলে। খৰি দিবলৈ যো জা কৰি থকা ৰাইজখনে সেইফালেই তভক মাৰিলে। নোমলৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ডাঙৰ ডাঙৰকৈ পঢ়িছে সি নেওতাবোৰ। জীৱনত এদিন  ডাঙৰ ভুল এটা কৰিছিল সি, যাৰ বাবে সি আজি মিনতিক হেৰুৱাইছে, অকালতে। এইমুহুৰ্ততেই যেন সি সকলোবোৰ ভুলৰ শুধৰণি একেলগেই কৰি পেলাব, ঘূৰাই আনিব তাৰ মৰমৰ মিনতিক।চকুৰ আগত হৈ থকা কথাবোৰ একো বুজিব নোৱাৰি এবাৰ চোতালত শুৱাই থোৱা মাকৰ দেহটোলৈ চাই, এবাৰ বাপেকলৈ চাই কান্দোনত গছৰ পাত সৰুৱালে পাহিয়ে। পাহিৰ কান্দোনৰ লগে লগে নোমলেও ডাঙৰ ডাঙৰকৈ গাই গ'ল সেই তাহানিৰ এল.পি স্কুলত গোৱা সুৰটোৰেই----

"একৰ এ গ'ল থাকিল শূন্য
দুইৰ এ গ'ল থাকিল এক
তিনিৰ এ গ'ল থাকিল দুই।।।।।।"

Thursday, April 9, 2020

গল্প--শঙ্খচূড়

গল্প
শঙ্খচূড়

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
৯১০১২৯৩৮৯৭



                 "ঘোৰ অপৰাধ        সহস্ৰেক বাৰ
                         অহৰ্নিশে আছো কৰি।
                     দাস বুলি ধৰি        শ্ৰীমধুসূদন
                           ক্ষমিয়োক দেৱ হৰি।।"

বোৱাৰী পুৱাতে উঠি গাটো তিয়াই লৈ আগফালৰ চোতালত থকা তুলসী পুলিটোৰ ওচৰত চাকিগছ জ্বলাই সদায় অপৰাধ ভঞ্জনৰ ঘোষা এফাঁকি গায় মাকণে। গোসাঁইঘৰ নাই সিহঁতৰ, অৱশ্যে সাজিবলৈ সাহসো কৰা নাই আজিলৈকে।থকা ঘৰখনৰ অৱস্থাই জৰাজীৰ্ণ, তাৰ মাজত আকৌ বেলেগকৈ গোসাঁইঘৰ এখনৰ কথা ভাবিবলৈ সাহস নহয় সিহঁতহালৰ।বেকা হৈ যোৱা বেৰদুখনৰ সৈতে দোকোঠলীয়া ঘৰতোৰ চালখন হয়তো সুনন্দই মাকণক অনাৰ আগতেই শেষবাৰৰ বাবে চোৱাইছিল, বৰ্তমান ৰাতি হ'লে সেইখনৰ মাজেৰে সদায় আকাশৰ  তৰা গণে মাকণে। তাৰ মাজতো মাকণে সময় উলিয়াই  ঘৰৰ বেৰকেইখন মাটিৰে লেপে। ঘোষাফাঁকি গাই থাকোতে শেষৰফালে সদায় মাকণৰ মাততো কঁপি উঠে, চকুৰ পৰা ওলাই অহা গৰম গৰম টোপাল কেইটাই গাল দুখন তিয়াই নিয়ে তাইৰ। সেইবোৰৰ ভূ অৱশ্যে সুনন্দই নাপায়, জানিবলৈ ইচ্ছাও নকৰে অৱশ্যে। সেইসময়কণত সুনন্দই অজগৰ দালৰ গতে ভঙা বিচনাখনত ঢোপাং দি পৰি থাকে, যেন ৰাতিটো মাকণক চেপি খুন্দি উঠি গাত লগা ভাগৰকণ মাৰে সি।

 খাৰে পোত যোৱা কাপোৰ দোখৰ ককালৰ তলত মেৰিয়াই এঙামুৰি এটা দি সুনন্দ উঠি আহে মানে মাকণৰ চৰুত জুই উঠেগৈ। জুহালৰ পৰা এঙাৰ এদোখৰ উলিয়াই পাত চাদা খাই ক'লা পেলোৱা দাঁতকেইটা ঘহি ঘহি সি পুখুৰীৰ পাৰ পায়গৈ। গা-ধুই আহিয়েই গৰম ভাতৰ কাঁহীখন বিচাৰে সুনন্দই, মাকণে বাঢ়ি দিওতে দেৰি নকৰে। কেতিয়াবা শাকে-শোকোতাৰে, কেতিয়াবা নিমখ তেলেৰে ভাতৰ কাঁহী খন উলিয়াই দিয়ে তাই। নাকে কাণে ভাতকেইটা গুজি পুৰণা ধূতি-পাঞ্জাৱীযোৰ পিন্ধি চেলেংখন গাত লৈ সুনন্দ ওলাই যায় দিনটোলৈ, কান্ধত বাকচটো লৈ। সুনন্দ ওলাই যোৱাৰ ফালে চাই আকৌ এবাৰ চকুলো টোকে মাকণে। প্ৰত্যেকটো পুৱাই এনেকৈ তুলসীৰ তলত চাকি গছ জ্বলাই ঘোষা এফাঁকিৰে দিনটোৰ আৰম্ভণি কৰে মাকণে, একমাত্ৰ গিৰিয়েকৰ বাবে। মাকণে যানে পেটৰ তাড়নাত পৰি সুনন্দই নিতৌ অজস্ৰ পাপ আৰ্জিছে যিবোৰ অক্ষমণীয়। তথাপি তাই ভগৱানক খাটে মানুহজনক কুশলে ৰাখিবলৈ।

"ত্ৰিভূৱন বিজয়ী বীৰ মই শঙ্খচূড়। নিজ বাহুৰ বলেৰে আজি মই স্বৰ্গ,মত্য আৰু পাতাল এই ত্ৰিদশৰ একছত্ৰী অধীশ্বৰ। মোৰ ভয়তেই আজি কোনেও কৰা নাই যাগ যজ্ঞ কিম্বা পূজাৰ আয়োজন। যিজনেই কৰিব বিদ্ৰোহ আচৰণ, কেশে ধৰি আনি জাপি দিম তাক মই জলন্ত অগ্নিকুণ্ডত।"

দহবছৰৰ আগৰ কথাবোৰ আকৌ চেৰেং চেৰেংকৈ মনত পৰে মাকণৰ। এসময়ত মৌজাতোৰে লেখত লবলগীয়া ভাৱৰীয়া আছিল সুনন্দ। ওখই পাখই ছফুটৰ বেছি গায়ে গাৰিয়ে নোদোকা সুনন্দই বৰসবাহৰ ভাওনাত মতা বচনত, গোজৰণি, অট্টহাস্যবোৰত পেন্দুকণাকেইটাই ভেঁ কৰি উঠে। দৈত্যৰ ভাও গোৱা তাৰ সমান দ্বিতীয় এটা নাছিল সেইসময়ত তাহাঁতৰ গাঁৱখনত। মাকণৰ বাপেক সেইসময়ত গাঁৱৰ মেইন বায়ন। ঘাট-মাউৰা সুনন্দক প্ৰথম মাকণৰ দেউতাকেই ভাও দিবলৈ শিকাইছিল। আহ যাহ বাঢ়িছিল সুনন্দৰ সিহঁতৰ ঘৰখনলৈ।ঘৰখনৰ ইটো সিটো কামতো লাগি দিছিল সি।অৱশ্যে মাকণৰ লগত সহজ হবলৈহে সময় লাগিছিল তাৰ। তাইক দেখিলে লাজতে লেউ সেউ হৈ পৰা সুনন্দটোলৈ চাই কিবা এটা মৰম জাগে মাকণৰ। মাকণে চাহৰ বাতিটোৰ সৈতে আগবঢ়াই দিয়া নাৰিকলৰ লাড়ুটোত কামোৰ এটা মাৰি লাজ লাজকৈ হাঁহি এটা মাৰে সুনন্দই। লাহে লাহে সহজ হয় ইটো সিটোৰ লগত, ঘৰৰ মানুহৰ অলক্ষিতে নভবাকৈয়ে বহুত দূৰ আগবাঢ়ি যায় সিহঁতহাল।

"সভাত প্ৰৱেশ কৰে দৈত্যৰ ৰাজন
পদভৰে বসুমতী কম্পে ঘনেঘন।"

মাকণৰ বাপেকৰ খোলৰ চাপৰত নামঘৰৰ মাটি কপাই প্ৰৱেশ কৰে সুনন্দই, বচন মাতে, ডাঙৰ ডাঙৰ হাঁহি মাৰে।গাঁৱৰ গাভৰুজাকৰ লগত নামঘৰৰ বেৰত আউজি মাকণে সুনন্দৰ ভাও চায়।

"কালি কেনেকুৱা দেখিলি" ভাওনাৰ পিচদিনা গধূলি সুনন্দ আহি সিহঁতৰ ঘৰ ওলাইহি। মূৰটো খজুৱাই খজুৱাই লাজ লাজকৈ সি মাকণক সোধে।

"তোৰ ভাও আৰু বেয়া লাগিবনে কাৰোবাৰ। পিছে অকল ভাওৱেই দি থাকিবিনে বেলেগ কিবাও ভাবিবি?" মাকণৰ কথাষাৰৰ উত্তৰ দিবলৈ লৈ ৰৈ যায় সি। কেও কিছু নোহোৱা ল'ৰা সি, মাটি বুলিবলৈ কেৱল ঘৰৰ ভেটিটো। খুদৌ বায়েনৰ নিচিনা অৱস্থাপন্ন ঘৰ এখনৰ মানুহ এটাই জীয়েকক তাৰ নিচিনা টোকোনা এটালৈ দিব বুলি তাৰ মনে নকয়। মাকণ কিন্তু নাছোৰবান্দা। তুলসীৰ সতীত্ব হৰণ ভাওনাখনত শঙ্খচূড়ৰ ভাও ভাগ কৰি সৰুসবাহৰ দিনা গধূলি একো প্ৰস্তুতি নোহোৱাকৈয়ে সি মাকণক নি ঘৰ সুমুৱালে।

"হেৰা কেচা পিঠাগুৰি এসোপা খুন্দা ঘৰতে। পৰহিলে তিলনি পাতিম তাইৰ। মোৰ ছোৱালী এজনী আছিল, আজিৰ পা ঢুকাল বুলি ধৰিলো। আৰু খবৰদাৰ এইখন ঘৰৰ কোনোৱে যাতে তালৈ গৈ মিতিৰ তৰিবলৈ নাযায়। কেও কিছু নোহোৱা বুলি শিকাই বুজাই লৈছিলো তাক, চুকত খাই বুকত কামোৰ মাৰি গ'ল সি।চাওচোন কেলেহুৱাটোৰ লগত কিমান দিন সংসাৰ তৰেগৈ তাই।"

মাকণে ঘৰ এৰি গুচি অহাৰ দিনাই বাপেকে ৰাইজখনক শুনাই চিঞৰি চিঞৰি কৈছিল কথাবোৰ। মাকে লুকাই লুকাই চকুলো টুকিছিল। দেউতাকৰ আদেশবোৰ বাধা দিয়াৰ সাহস মাকণহঁতৰ ঘৰখনৰ কাৰোৰে নাছিল। সুনন্দই ভয় কৰা ধৰণেৰেই হ'ল কথাবোৰ, মাকণক অনাৰ পিছতেই শহুৰেকৰ ঘৰলৈ তাৰ আহ যাহ চিৰদিনলৈ বন্ধ হ'ল।

সুনন্দ অকলশৰীয়া মানুহ। দিনটো বাহিৰতে ইটো সিটো কৰি কটাই সন্ধিয়া আহি ঘৰত সোমোৱা মানুহ।সৰু ঘৰখন বেছ অপৰিপাতি। মাকণৰ চিজিল লগাওতেই কেইবাদিনো লাগিল। বেকা হৈ যোৱা বেৰকেইখন তাই নতুনকৈ মাটিৰে লিপিলে, অ'ত ত'ত পৰি থকা বস্তুবোৰো ভালকৈ সামৰিলে। সুনন্দ দিনটোলৈ ওলাই যায় কাম বিচাৰি, মাকণে ইটো সিটো কৰি কটায়। মাকণৰ বাপেক খুদৌ বায়েন গাঁৱৰ বৰমুৰীয়া মানুহ, সকলোৱে সমীহ কৰি চলে। লাগ বুলিলেই কাৰোবাক দুটকা দিবও পাৰে। খুদৌ বায়নৰ লগত সম্পৰ্কত খুত লগাৰ ভয়তে গাঁৱৰ মানুহখিনিয়ে সুনন্দক কামত লগাবলৈ বেয়া পোৱা হ'ল।

"মই হাৰি গৈছো অ' মাকণ। তইনো কষ্ট খাবলৈকে মোলৈ কিয় গুচি আহিব লাগে। দেউতাৰ সমাজত সন্মান থকা মানুহ, তই ইচ্ছা কৰাহ'লে ইমান দিনে কাৰোবাৰ ঘৰত ৰাণীহৈ ভাত খাই থাকিব পাৰিলিহেতেন। যিটো মানুহকে গুৰু বুলি শ্ৰদ্ধা কৰিছিলো তেওঁৰ মনতে ইমান ডাঙৰ দুখ এটা দিলো যেতিয়া ঈশ্বৰেনো আমাক........." সুনন্দৰ মুখখন টেপা মাৰি ধৰে তাই। সংসাৰৰ জ্বালাবোৰ সহিব নোৱাৰি দুখত ভাঙি পৰে সি। মাকণেও চকুলো টোকে, মাকৰ মুখখনলৈ চেৰেং চেৰেংকৈ মনত পৰে তাইৰ।

বছৰবোৰ বাগৰি গৈ থাকে। গাঁৱখন একেই থাকে, সকলোবোৰ একে থাকে, মাত্ৰ সলনি হয় সিহঁতহাল। জীৱন নামৰ যুদ্ধখনত যেন বৰ বেয়াকৈ হাৰি যায় সিহঁতহাল।জোঁৱাইয়েকৰ পদূলিত ভৰি নিদিয়াকৈয়ে মাকণৰ মাক-বাপেকহাল অগাপিছাকৈ গ'লগৈ এদিন।ভাও কৰিবলৈ এৰিলে সুনন্দই। আগৰ দৰে বচনত নামঘৰ কপাব নোৱাৰা হ'ল সি। মাকণৰ মুখৰ আগৰ হাঁহিটো নাইকিয়া হ'ল। এসময়ৰ ৰাংঢালী মাকণজনীৰ সলনি তাই পৰিবৰ্তন হ'ল এজনী ফল নিদিয়া গছলৈ। মূৰে কাম নকৰা হয় সুনন্দৰ। সংসাৰৰ সকলোবোৰ দুখ যেন ঈশ্বৰে সিহঁতহাললৈ বুলিহে লিখি থ'লে। শহুৰেকে যেন মৰাৰ পিছতো সিহঁতদুটাক শাওপাতেই দি থাকিল। স্বভাৱবোৰ সলনি হ'য় সুনন্দৰ। কাহানিও মুখত দি নোপোৱা বেয়া বেয়া বস্তুবোৰ সন্ধিয়াৰ নিয়মীয়া লগৰী হ'য় তাৰ। সন্ধিয়া হ'লেই মাতাল হৈ আহি মাকণৰ ওচৰত পশু হৈ পৰে সুনন্দ।সেইজনী যেন সি এসময়ত নিজতকৈও ভাল পোৱা মানুহজনী নহয়, যেন তাৰ এটা খেলৰ পুতলা মাত্ৰ।

মাকণে নীৰৱে চকুলো টোকে। ৰাধাৰ শাপত ভক্ত সুদাম শঙ্খচূড়লৈ সলনি হোৱাৰ দৰে সুনন্দও যেন  সচাসচিকৈ ভাওনাৰ দৈত্যটোলৈ সলনি হৈ যায়। ঘৰখনৰ ফালে পিঠি দিলে সি, মাকণে বুজাবলৈ এৰিলে। তাঁতখন, হাঁহটো, পাৰহাল কৰি তায়েই কোনোমতে চলাই নিয়ে ঘৰখন।

"ধূতি-পাঞ্জাৱীযোৰ ধুই দিবি ভালকৈ, চেলেংখনো উলিয়াই থবি ক'ত আছে। কাইলৈৰ পৰা নতুন বিজনেছ এটাৰ কথা ভাবিছো।" কৰবাৰ পৰা কাঠৰ বাকচ এটা লৈ আহি এদিন অবেলিতে ঘৰ সোমাইছিলহি সুনন্দ। মাকণে প্ৰথম একো উৱাদিহ পোৱা নাছিল বাকচটো লৈ তাৰ কেনেকুৱা বিজনেছ? চুৰিয়া চোলাযোৰৰেই বা কি সম্পৰ্ক? বাকচটো খুলি চাইয়েই বুকুখন ধমহকৈ মাৰিছিল তাইৰ। ইমান তলৰ চিন্তা কেনেকৈ কৰিব পাৰে মানুহটোৱে? আগতেতো মানুহটো এনেকুৱা নাছিল।

"এইবোৰ কথা মনলৈ অনাটোও পাপ। শ্ৰীবিষ্টু শ্ৰীবিষ্টু ভগৱানৰ বস্তুৰ লগত এইবোৰ কথা কেনেকৈ ভাবিলি তই। ইমান নাস্তিক কেতিয়াৰ পৰা হবলৈ ধৰিলি তই? নাপায় নাপায় ভগৱন্তৰ দোষ লাগি মৰিবি।"

"এসাজ খাই ইসাজৰ কাৰণে প্ৰত্যেকদিনাই যেতিয়া চিন্তা কৰিব লগা হৈছিল তেতিয়াৰ পৰাই ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছিল মোৰ। ঈশ্বৰ থকা হ'লে জীৱনটো এনেকৈ পাৰ কৰিবলগীয়া নহ'লহেতেন। তোৰ মোৰ কথা ভাবিয়েই কিবা এটা কৰিবলৈ লৈছো, এতিয়া মাজত এইসোপা গাই গাই মূৰটো নোচোবাবি।"

উচাট মাৰি গুচি যায় সুনন্দ। মাকণে জানে তাক বুজাই লাভ নাই। জীৱন নামৰ যুজঁখনে বেয়াকৈ পৰিবৰ্তন কৰি পেলাইছে সুনন্দক।সি নামানিলে, ভবাটো কৰিহে এৰিলে।সহজকৈ ধন ঘটাৰ বুদ্ধিবোৰে তাৰ চিন্তা শক্তিবোৰকো যেন খুলি খুলি খালে।দিনবোৰ গৈ থাকিল,সুনন্দৰ পকেটখনো আগতকৈ গৰম হৈ থকা হ'ল। পিছে মাকণৰ শৰীৰটোৰ ওপৰতহে তাৰ উপদ্ৰব বোৰ আগতকৈ বাঢ়ি আহিল।তথাপি প্ৰত্যেকটো পুৱাতে তুলসী জোপাৰ তলত অপৰাধ ভঞ্জনৰ ঘোষা গাই গাই তাই ঈশ্বৰক খাটে, মানুহটোক সুমতি দিবলৈ।

মাকণৰ মনৰ অৱস্থাতো বাৰিষাৰ ক'লা মেঘটোৰ দৰে গোমা হৈ পৰে। সিহঁতৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা ঘৰটোত প্ৰত্যেকটো বৃহস্পতিবাৰতেই  গোট বহে।বকুলী পেহীয়েই দিছিল বুদ্ধিটো।টকাকেইটামান সৰহকৈ পালে ঘৰখনৰ কাম দুটামানকে হব বুলি তাইয়ো কেইহেজাৰমানৰ লোন এটা লৈছিল গোটৰ পৰা। গোটৰ মাষ্টৰটো কোমল বয়সীয়া ডেকা, মাকণহঁততকৈ বয়সে সৰু। কথাবোৰ বেছ বুজাই কব পাৰে ল'ৰাটোৱে, মাকণৰ কিবা এটা ভাল লাগি যায়। আঁৰ চকুৰে সি মাকণলৈ লক্ষ্য কৰি থকা মাকণৰো চকুত পৰে।দুকুৰি গৰকিলেও মতাবোৰক আকৰ্ষণ কৰিব পৰাৰ শক্তি তাইৰ দেহটোৰ আছে। টকা-পইচাৰ লেন-দেনৰ লেচুটো লৈ মাকণৰ ওচৰলৈ আহ-যাহ বাহিল ল'ৰাটোৰ। ল'ৰাটোৰ কথাবতৰা বোৰে মাকণৰ মনটো মুহি পেলাই।নিজকে সপি দিয়ে  মাকণে, সেই সময়কণত যেন সুনন্দই তাইৰ ওপৰত চলোৱা সকলোবোৰ যাতনা পাহৰি পেলাই তাই। দিনটো সুনন্দ ঘৰত নাথাকে, ল'ৰাটো প্ৰায়ে আহে। মাকণহঁতৰ খাটখনত গৰযোৰা সাপৰ দৰে পৰি ৰয় দুয়োটা, কেৰমেৰাই উঠে ভঙা খাটখনে। বাধা দিবলৈ লৈও ৰৈ যায় তাই, হয়তো সুনন্দই তাইৰ ওপৰত চলোৱা অত্যাচাৰ বোৰৰ কথা ভাবি। এইবোৰ কথাৰ তত্-মূৰনাপায় সুনন্দই, মাকণে পাবলৈ নিদিয়ে।

"শুনক নাথ ভালদৰে ৰাখিব মনত, যদি মোৰ সতীত্ব কোনোবাই কৰে হৰণ মৃত্যু হব আপোনাৰ দৈৱৰ লিখন"

তুলসীয়ে শঙ্খচূড়ক কোৱা বচনফাঁকি ঘনাই ঘনাই কানত বাজে তাইৰ। অজান আশংকাত বুকুখন কঁপি উঠে মাকণৰ।পাপবোৰ গিৰিয়েকে যেনেকৈ আৰ্জিছে তেনেকৈ তাইয়ো আৰ্জিছে। গাঁৱৰ ৰাইজখনৰ চকুত এইবোৰ কথা পৰিবলৈ বেছিদিন নালাগে। কেতিয়াবা নিজলৈকো ঘিণ লাগে মাকণৰ, নিজৰ শৰীৰটোকে চুৱা চুৱা লাগে। শিৰৰ সেন্দুৰকনলৈ বাৰে বাৰে হাতখন যায় তাইৰ। সুনন্দৰ লগত তাই বিশ্বাসঘাটকতা কৰা নাইনে? হাজাৰ হ'লেও সেইটো তাইৰ নিজৰ মতা, এসময়ততো তাৰ কাৰণেই মাক-বাপেকহালৰ কথাকো পেলাই তাৰ ওচৰলৈ গুচি আহিছিল তাই।

তুলসী জোপাৰ তলত একান্তমনে শুই আছে সুনন্দ। ৰাইজখনে দিহা দিহি কামত লাগিছে। বাঁহ কটা কেইটাই বাঁহ কাটিছে, চাঙি বনোৱা কেইটাই চাঙি বনাইছে। ৰাইজখনে খৰখেদা কৰিছে কামবোৰ, ৰাতি বিয়লিৰ কথা সোনকালে সামৰিব লাগে কামখিনি। আনদিনাৰ দৰে সুনন্দ ওলাই গৈছিল। ওভতি আহোতে ঘাটিত সোমাই অকণমান ধৰিছিলেও বোলে, ঢলং পলংকৈ আহি থাকোতে ৰাস্তাত কিহবাই খুন্দিয়াই থৈ গ'ল। ৰাইজখনে ডাঙকোলা কৰি ঘৰলৈ আনে মানে সি গ'লগৈ, একেবাৰে।

"হ'ৰা বুবা কাই তেৰাই তাক তেনেকৈ নিনি আৰু কেনেকৈ নিব হে। দেখিছানে বাৰু ৰাইজখনৰ চকুৰ আগতে সি সেইফেৰা কাম কৰি থাকিল অথচ আমি গম নাপালো।" বয়সীয়াল এজনে মাত লগালে।

"হয় হে কমটি পাপ আৰ্জিলে সি অতবছৰে। সেইভাগ পুথিৰ মহত্ত্বভাগ বুজি নাপালেনে সি। হেৰৌ ৰাইজে খনিকৰ পুথিভাগ উদ্দেশ্য সিদ্ধিৰ কাৰণে ঘৰলৈ ভক্তি ভাবে আনি ৰাতিটো পাঠ কৰায়।" আন এজনে যোগ দিলে।

"ঘোৰ কলি কাল বুজিছা ঘোৰ কলি কাল। সেইভাগ সপোনত পোৱা পুথি।পুথিভাগ বাটেৰে নি থাকোতে মানুহে ভক্তিভাৱে দুই এটকা দান দক্ষিণা কৰে। তাকেনো বাৰু সেইহেন ভগৱন্তৰ বস্তুভাগৰ নকল কৰি সি সংসাৰৰ  মানুহখনৰ চকুত বালি মাৰি বণিজৰ কামত ব্যৱহাৰ কৰিব লাগে নে? দেখিলা নহয় তাৰ ফল নেদেখাজনে কেনেকৈ দিলে।"

পিৰালিটোতে নিৰ্বিকাৰ হৈ বহি আছে মাকণ।বকুলী পেহীৰ ঘৰৰ গোপিনীৰ নামভাগলৈ যাবলৈ খৰখেদা লগাওতে তাই আজি তুলসী জোপাৰ তলত চাকিগছ লগাবলৈ পাহৰিছিল।কোনোবা এজনীয়ে শিৰৰ সেন্দুৰখিনি মোহাৰি দিলে তাইৰ।সেইবোৰলৈ যেন তাইৰ অকণো ভ্ৰুক্ষেপেই নাই।কান্দিবলৈ পাহৰি পেলাইছে তাই,চকুপানীবোৰ যেন কৰবাত গোট মাৰি গৈছে। ৰাইজখনৰ গুণগুণনি বোৰ কানত পৰিল মাকণৰ।কথাবোৰে যেন শালেগ্ৰাম শিলটো হৈ আহি তাইৰ বুকুত খুন্দিয়াইছেহি। চিঞৰি চিঞৰি কবলৈ মন গ'ল তাইৰ সুনন্দক ঈশ্বৰে নিয়া নাই, তাইৰ দোষত মৰিছে সি। যিদৰে বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰাৰ কাৰণে শঙ্খচূড়ৰ মৃত্যু হৈছিল।

উত্তৰফালে আকাশখনত মেঘটোৱে গৰজি উঠিল। মেঘটোৰ মাতটো বছৰেকীয়া সবাহত বাপেকে বজোৱা খোলটোৰ মাততোৰ দৰে লাগিল তাইৰ। চকুৰ আগত দেখি থকা কথাবোৰ লাহে লাহে অস্পষ্ট হৈ আহিল মাকণৰ। দহবছৰৰ আগৰ বৰসবাহৰ ভাওনাখনৰ ছবিখন চকুৰ আগত ভাঁহি আহিল তাইৰ। সেইয়া শঙ্খচূড় ৰূপী সুনন্দই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে, মাকণৰ বাপেকে সেইয়া  খোলত ঘাটিছে--

"এহিমতে দৈত্যেশ্বৰ ভূমিত পৰিলা।
পাতক ছাড়োক ডাকি হৰি হৰি বোলা।।"

Thursday, April 2, 2020

গল্প--"গামোছা"

  গামোছা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
9101293897




"এইখন চাচোন, ফুলটো কেনেকুৱা লাগিছে?তই দৰা হৈ আহোতে ডিঙিত লৈ আহিবিলৈ বৈছো, দৰাবৰণৰ।"

নতুনকৈ বৈ হোৱা  তেজৰঙা ফুলৰ সৈতে শালতে থকা গামোছাখনৰ ফটোৰে হোৱাটছ এপপৰ ইনবক্স ভৰি যায় বুবুলৰ, লগে লগে ভৰি উঠে তাৰ মনটো।

"এইটো ফুল বাছিবলৈ নতুনকৈ শিকিছো জান? দৰা সাজত এইখন গামোছাৰে তোক বৰ শুৱনি লাগিব, একেবাৰে আঠুলৈকে পৰি থাকিব। এশ চাৰিটা কাঠিৰ ফুল,পানকটাৰ চৌবিশটা কাঠি।"

শেৱালিয়ে খিলখিলাই কোৱা কথাখিনিৰ পিছৰ খিনি অৱশ্যে নুবুজে বুবুলে, মাত্ৰ বুজে এই হেপাঁহেৰে কোৱা বিশেষ কথাকেইটাতে সোমাই থাকে শেৱালিৰ তাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা।ডিউটিৰ মাজতে সময় উলিয়াই মোবাইলৰ দাটা অন কৰে বুবুলে, মনখুলি কথা পাতে তাইৰ লগত। যোৱাবাৰ ঘৰলৈ যাওতেই মোবাইলটো লৈ গৈছিল সি শেৱালিলৈ। পঢ়া-শুনা বেছি নহ'লেও ছোৱালীজনী আফৰী। খুব সোনকালেই আদব কায়দা বোৰ শিকি ল'লে তাই। বুবুলে দেৰি কৰিলেও নিজেই তালৈ ভিডিঅ কল লগাব জনা হ'ল তাই। দিনটোত শেৱালিৰ মুখখন এবাৰ নেদেখিলে মনটো ভাল নালাগে বুবুলৰ, ক'তোৱেই মন বহুৱাব নোৱাৰে সি। মনটোৱে বুজা হোৱাৰে পৰা চোন তাৰ হৃদয়খনে কেৱল শেৱালিকেই বিচাৰি আহিছে। নহবয়ে বা কিয় তাহানিৰ কোৰোকাত ধূলি ভৰাই ওমলা দিনৰ পৰাই লগৰীয়া সিহঁত।

"বুজিছা প্ৰমিলা ডাঙৰ হ'লে ইহঁতহালৰ বিয়াখন পাতিয়েই পেলাব লাগিব। দেখিছানে এতিয়াৰ পৰাই সিহঁতহালে কেনেকৈ ইটোৱে সিটোক এৰি থাকিব নোৱাৰে।"

বুবুলৰ বাঁৰী মাকজনীৰ আগত শেৱালিৰ দেউতাকে ৰসিকতা কৰি কথাষাৰ কৈছিল। দেউতাক নোহোৱা ঘৰখনৰ আপদে বিপদে শেৱালিৰ দেউতাকেই আছিল সহায়। শেৱালিৰ বাপেকৰ যহতেই বুবুলে আনতকৈ দুশ্ৰেণী বেছিকৈয়ো পঢ়িলে।তেতিয়া অৱশ্যে সিহঁতহালে মাকহঁতে ধেমালিতে পতা কথাবোৰ বুজি পোৱা নাছিল। ডাঙৰহৈ কিন্তু দুয়োটাই বুজিছিল কথাবোৰ, ভালকৈয়ে।নিৰাময়েও যেন এটাক আনটোৰ বাবেই স্ৰজন কৰি পঠাইছিল।ইটো নহলে যেন আনটো থাকিব নোৱাৰে এখন্তেক। বুবুলে কান্ধত ঢোলটো নল'লে যেনেকৈ শেৱালিৰ নাচোতে গা উঠা নাছিল, ঠিক তেনকৈ শেৱালিৰ পৰা আঠুলৈকে পৰা দীঘল বিহুৱানখন নোপোৱালৈকে তাৰ বিহুটোও যেন আধৰুৱা হৈ ৰৈছিল। কথাবোৰ কওতে দেৰি নকৰিলে দুয়োটাই, মনটোৱে বুজা হওতেই হৃদয়ৰ নিভৃত কোণত জমা হৈ থকা কথাবোৰ কৈ পেলালে ইটোৱে আনটোক। সম্পৰ্কটো গাঢ় হ'ল দুয়োটাৰে। লুকাই চুৰকৈ নহয়, দহে দেখাকৈ প্ৰেম কৰিলে সিহঁতে।

"হেৰ' বুবুল, তহঁত দুটাৰ সম্পৰ্কটোক লৈ মাৰৰ আৰু মোৰ একো আপত্তি নাই। পিছে আমাৰ গাঁৱখনৰ কথা জানইছোন। তহঁত দুটাৰ কথাবোৰ লৈ বু বু বা বা চলিছে গাঁৱত। কথাবোৰ বেয়া দেখি নহয়। আৰু তইয়োনো কিমান লোকৰ মাটিতে আধি খেতি কৰি থাকিবি, পঢ়া শুনা অকণ কৰি থৈছ যেতিয়া কিবা এটা বেলেগো ভাব।ইবোৰ কথাও চিঙা কটা কৰি পেলাম তেতিয়াই।" শেৱালিৰ বাপেকৰ কথাষাৰত নিমাত হৈ ৰৈ যায় বুবুল। হওতে কিবা এটা কৰাৰ কথা সিও নভবা নহয়, কিন্তু মাকজনীক ঘৰত অকলে এৰি কৰবালৈ ওলাই গৈ চাকৰি কৰাৰ কথা ভাবিলে বুকুখন দমক মাৰি যায় তাৰ।

"চা বুবুল, তোক সেই পেন্দুকণাৰে পৰা জানো মই। তোৰ বেয়া চিন্তাটো কৰি ক'ম জানো মই কথাবোৰ। আৰু মাৰক এৰি যোৱাৰ কথা ভাবি চিন্তা কৰিছ যদি সেইবোৰ ভাব এৰ। আমিবোৰ এনেই আছো নে, আৰু মাৰক সহায় সাৰথি  কৰিবলৈ আমাৰ এইচোন আছেই।"

তাক নিমাত হৈ থকা দেখি শেৱালিৰ বাপেকে আকৌ বুজনিৰ সুৰত কয় কথাবোৰ।মানুহটোৰ  সাহসতে ইন্টাৰভিওটো মাৰি চাকৰিটো পাইছিল সি। আৰ্মড পুলিচ ফ'ৰ্চৰ কনিষ্টবলৰ চাকৰি, দৰমহাও বেয়া নহয়। সদায় সেমেকি থকা মাকজনীৰ মনটো উজ্জ্বল হৈ উঠিছিল সেইদিনা, বুবুলৰো বুকুখন পাতল পাতল লাগিছিল। অৱশ্যে সি আশাকৰা মতে চাকৰিতো ওচৰতে নাপালে, পালেগৈ দুৰণিবটীয়া জিলা এখনত। ঘৰৰ পৰা এটা ৰাতিৰো বেছি দূৰ। মনটো আকৌ মৰি গৈছিল তাৰ।

"মোৰ কাৰণে ইমান নাভাবিচোন তই। ভগৱন্তই কিবা এটা গতি লগাইছে যেতিয়া যাচোন ওলাই। পাছত কি হয় হব আৰু।" মাকৰ দায়িত্ব শেৱালি আৰু দেউতাকক চমজাই ওলাই আহিছিল বুবুল।

"তই চিন্তা কৰি নাথাকিবি ইমান। মই সময় পালেই আহি থাকিম নহয়। আৰু এতিয়া চাকৰিটো হ'ল যেতিয়া তোক অহা বহাগলৈ একেবাৰে নিজৰ কৰি আনিম।"

আহিবৰ দিনা শেৱালিৰ ওখহি থকা চকু কেইটালৈ চাই কৈছিল বুবুলে,  শেৱালিয়ে মূৰ দুপিয়াইছিল।নীৰৱে উচুপিছিল শেৱালিয়ে তাক কাষত নোপোৱাৰ দুখত।

চাকৰিটোত মন বহা নাছিল তাৰ। জৰুৰীকালীন সময়তে ডিউটি পৰে সিহঁতৰ। বিহুৱে পূজায়ে মন গ'লেই আহিব নোৱাৰে সি ঘৰলৈ। আগৰ দৰে ঢোলটো কান্ধত লৈ ৰগৰ দিবলৈ সময় নাপায় সি।বৰসবাহৰ ভাওনাত আগৰ দৰে পচন্দৰ বচন কুট কবলৈ সুবিধা নিমিলে তাৰ। চেৰেং চেৰেংকৈ মনত পৰে তাৰ গাঁৱখনলৈ, ঘৰখনলৈ, শেৱালিজনীলৈ।আন্দোলন ধৰ্ণা হলেই ডিউটি মাৰিব লাগে সিহঁতে। হায়াৰ অথ'ৰিটিৰ অৰ্ডাৰ মানি প্ৰয়োজনত লাঠীৰে কোবাব লাগে মানুহক। মোচৰ খাই উঠে বুবুলৰ বুকুখন। তাৰ সমনীয়া ভাই কেইটাক, বাপেকৰ বয়সীয়া মানুহকেইটাৰ ওপৰত হকে বিহকে লাঠী দাল চলাবলৈ তাৰ মানসিকতাই নকয়। হলেও উপায়বিহীন সি, অত বছৰে একেবোৰ কামেই কৰি বুকুখন যেন শিলৰ নিচিনা হৈ পৰিছে তাৰ লাহে ধীৰে।

প্ৰতিবাৰেই ঘৰলৈ গ'লে কথা দিয়ে সি শেৱালিক, সোনকালে নিজৰ কৰাৰ।শেৱালিয়ে মূৰ দুপিয়াই শলাগে, আপত্তি নকৰে।তাৰ সুবিধা-অসুবিধাবোৰ বুজে।দুবাৰকৈ সৰু সুৰা আয়োজন চলিও বিয়াখন পিছুৱালে সিহঁতৰ। এবাৰ আন্দোলনৰ কাৰণে, আন এবাৰ অন্য কিবা কাৰণত। শেৱালিহঁতৰ ঘৰখনে আজি কালি তাক জোৰ কৰিবলৈ এৰিলে।নিজকে দোষী দোষী যেন লাগে তাৰ সিহঁতৰ ঘৰখনৰ আগত। হ'ল বুলিয়েই আৰু সিহঁতৰ ঘৰখনক আৰু কিমান ৰখাই থব সি। গাভৰু ছোৱালী এজনী থকা ঘৰখনৰ মানুহবোৰৰ মনৰ ভাৱবোৰ নকলেও বুজে বুবুলে। সেইকাৰণে এইবাৰ বহাগত  সি বিয়াখন খাটাং পাতিম বুলিয়েই কথা দিলে সি। বিয়া বুলি ঠিক ডাঙৰ আয়োজনো নহয়, গাঁৱৰ ৰাইজখনক গোটাই সৰুকৈ নিয়ম এটা।গণকৰ ওচৰত চোৱাই শেৱালিৰ বাপেকে বহাগতে দিন এটা ঠিক কৰি পেলালে সোনকালেই। যোৱাবাৰ বিয়াৰ দিন ঠিক হওতে গহণা খিনি গঢ়াবলৈ দিছিলেই সি, কাপোৰ দুযোৰো মোমায়েক দুটাই দিয়াৰ কথা কৈয়েই থৈছিল। বিশেষ চিন্তা নকৰিলে সি, বাকী কামখিনি বিহুৰ আগতেই দুদিনমান সৰহকৈ ছুটী লৈ আহি কৰি পেলাব পাৰিব সি।

 দুয়োখন ঘৰতে লাহে লাহে বিয়াৰ আয়োজন চলে। শেৱালিৰ মনটোও হেপাঁহেৰে ভৰি উঠে। কিবা এফাকি গুণগুণাই তাঁতশালত বহে তাই। বিয়ালৈনো আৰু কিমান দিন সোনকালে গামোচাখিনি বৈ আকৌ চেলেং এজুতিও লগাব লাগিব। বোৱা-কটাত তাইৰ হাতখন আগৰ পৰাই ভাল। দীঘলীয়া দীঘলীয়া ফুল বাচে শেৱালিয়ে,ফটো মাৰি বুবুলক দেখুৱাই, বুবুলৰ মনটো ভৰি উঠে।

"বৰপিতাইক কবিচোন, বিয়াখন চাগে আহাৰলৈ নিবগৈ লাগিব। পৰিস্থিতি যিটো হৈছে বহাগত বিয়াখন পতাটো হৈ নুঠিবগৈ চাগে। ডিউটি এৰি যাবলৈও পাৰমিছন নাই।" বুবুলে কও নকওকৈ কোৱা কথাষাৰে বুকুখনত যেন হাতুৰীৰ কোব এটা হে পেলাই যায়।

"দেউতাক মই বুজাম দে, তই ভালদৰে থাকিবি খালি। দিন কাল বৰ বেয়া চলিছে অ। মানুহক ওলাবলৈয়ে মানা কৰিছে। তহঁতে তাৰ মাজতে ডিউটি কৰিছ। সাৱধানে থাকিবি, তোৰ কিবা এটা হৈ গ'লে মই......" শেষৰ ফালে শেৱালিৰ মাতটো থোকাথোকি হৈ যায়। কিবা এটা কব খুজিও ৰৈ যায় বুবুল, কিমাননো দুখ সহিব তাৰ কাৰণে ছোৱালীজনীয়ে।

খকমকাই সাৰ পাই উঠিল সি। হোৱাটছ এপপত শেৱালিৰ পুৰণা মেচেজবোৰ চাই চাই কেতিয়ানো টোপনি আহিছিল কবই পৰা নাছিল। কিমান দেৰি যে চকীখনতে টোপনি মাৰিলে সি।মোবাইলটোত কেইবাটাও মিছড কল, টোপনিৰ ভমকত গমেই নাপালে বুবুলে।ভীষণ ভাগৰুৱা অনুভৱ কৰিলে সি।যোৱা তিনি-চাৰিটা দিনে মানুহক কুকুৰ-মেকুৰী ৰখা দি ৰখিব লগা হৈছে সিহঁতে। মানুহবোৰৰ মন মগজুত কি আছে ভাবি নাপায় সি। সুলভ হৈ পৰিছে যেন মৃত্যু, তথাপি এচামৰ মনত ভয় শংকা নাই!! আচৰিত হয় বুবুল। হায়াৰ অথ'ৰিটিয়ে অদৰকাৰত ওলাই অহা মানুহ দেখিলেই লাঠী চাৰ্জৰ অৰ্ডাৰ দিছে। মানুহক জন্তুৰ দৰে পিতিবলৈ লৈ হাত কপে তাৰ, তথাপি কেতিয়াবা অসহ্য হৈ পৰে সি।সেইসকলৰ বাবেই সিহঁতবোৰে নিজৰ জীৱনটোকো যেন  মৃত্যুৰ আগলৈ এৰি দিছে তথাপি যেন কিছুমান অবুজন।দিনত ঘটা ঘটনাটোৱে বাৰে বাৰে অশান্তি দিলে তাক। সি বাৰু ভুল কৰিলে নেকি? সিটো প্ৰথম ভালকৈ বুজাইছিল ছোৱালীজনীক, তাই ওভোটাই কিবা কিবি কোৱাত খং উঠিহে সি। ছেহ কথাটো বেয়াৰ ফালে গুচি নাযায়টো। কথাবোৰ বাৰু শেৱালিক কোৱাই ভাল হব নেকি? তেতিয়া অন্ততঃ তাৰ মনটো অলপ পাতল পাতল হব। কথাবোৰ ভাবি থাকোতেই চিন্তাবোৰত জটি পেলাই ফোনটো উচ্চস্বৰে গৰজি উঠিল বুবুলৰ।

"এইবোৰ তই কি কৰি পেলালি মইনা কাই। ছিঃ ছিঃ তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। গোটেই চেনেল কেইটাতে কেৱল তোক দেখুৱাই আছে, তোক। গাঁৱখনৰ ডেকাৰ পৰা বুঢ়ালৈ সবেই তোক গৰিহণা দিছে মইনা কাই। ইমান তললৈ কেনেকৈ নামিব পাৰিলি তই। তই আৰু মোক কেতিয়াও মুখ নেদেখুৱাবি, কেতিয়াও নাহিবি মোৰ কাষলৈ।মই তোক ঘিণ কৰো মইনা কাই, ঘিণ কৰো তোক মই।" ফোনটো কাটি দিলে শেৱালিয়ে। বুকুখন চিৰিংকৈ মাৰিলে বুবুলৰ, পোনচাটেই মোবাইলটোতে অসমীয়া নিউজ চেনেল এটি খুলি ল'লে সি।

"কৰ্তব্যৰত আৰক্ষী জোৱানৰ অশালীন আচৰণ যুৱতীক। লক-দাউন উলংঘা কৰা এগৰাকী যুৱতীৰ ওপৰত দিন দুপৰতেই শ্লীলতা হানিৰ অভিযোগ ওঠিছে অসম আৰক্ষীৰ জোৱান বুবুল চাৰিঙ্গীয়াৰ ওপৰত। ইতিমধ্যেই সাময়িক ভাবে বৰ্খাস্ত কৰা হৈছে জোৱানজনক।যি সময়ত এচাম আৰক্ষীয়ে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰি আহিছে তাৰ মাজতে এনেসকল জোৱানৰ ধৰ্ষণকাৰীৰ দৰে মানসিকতাই  চকু কপালত তুলিছে জনসাধাৰণৰ।"

মূৰটো আচন্দ্ৰাই কৰি উঠিল বুবুলৰ। নভৱাকৈয়ে ঘটি গৈছিল ঘটনাটো। দিনটো মানুহক একেসোপা কথাকেই বুজাই বুজাই মূৰটো গৰম হৈ আছিল তাৰ। ছোৱালীজনীৰ অপহুতা তৰ্কবোৰে তাৰ মূৰটো আৰু অলপ গৰম কৰি তুলিছিল। আগ-পিছ নাভাবি সিয়েই বুকুত ধৰি গতিয়াই দিছিল ছোৱালীজনীক। সেই ঘটনাটোৰে কিয়দাংশ ভিডিঅ ডাঙৰ ডাঙৰকৈ নিউজ হৈ বাজি আছে সকলো চেনেলত। সাধাৰণ যেন বুলি ভবা ঘটনাটোৱে ইমান ডাঙৰ ৰূপ লব সপোনতো ভবা নাছিল সি। নিজৰ ওফৰতে বিতৃষ্ণা জন্মিল বুবুলৰ। ভুল কৰিছে সি,জঘন্য ভুল। যাৰ কাৰণে তাৰ মানসিকতাক ধৰ্ষণকাৰীৰ লগত তুলনা কৰিছে সকলোৱে। কাইলৈৰ পৰা হয়তো সকলোৱেই তাক দেখিলেই ঘৃণাত নাক কোচাব, আনকি শেৱালিয়েও। গাঁৱৰ মানুহেও হয়তো কাইলৈ পৰহিলৈ তালৈ আঙুলিটোৱাই কব--"সৌটো চা  পুলিচৰ পোচাক পিন্ধি গাভৰুৰ বুকুত হাত দিয়া বৰমতাটো আহিছে।" হাৰি গৈছে সি,যেন জীৱন যুদ্ধখনত পৰাহত হোৱা এটা খলনায়ক সি।

আলনাদালত থকা ভমকাফুলীয়া গামোচাখনলৈ এবাৰ চকু পৰিল বুবুলৰ। তেজৰঙা ফুলকেইপাহে যেন তালৈকে চাই তাচ্ছিল্যৰ হাঁহি মাৰিছে। কপা কপা হাতেৰে গামোচাখন টান মাৰি লৈ আনিলে সি। সেইখন গামোছা যোৱাবাৰ বিহুত তাক শেৱালিয়ে দিয়া।গামোছাখন আলফুলে সাবটি ল'লে সি বুকুত।


"তোক আকৌ একদম আঠুলৈকে পৰা গামোছাহে লাগে। হো ল এইখন চাচোন ফুলপাহ কেনে লাগিছে।" শেৱালিৰ কথাবোৰ তাৰ কৰ্ণকুহৰত অহৰহ বাজি থাকিল। ডিঙিত এবাৰ লৈ  চালে সি গামোচাখন, এৰা ককাললৈকে পৰা গামোচা । সেমেকা হাঁহি এটা মাৰি কোঠাটোৰ পুৰণা চিলিং ফেনখনলৈ চালে সি। চিঞৰি চিঞৰি তাৰ কবলৈ মন গ'ল--" তোৰ পৰা মই দীঘল গামোছা বিছাৰি কিয় ঠেহ পাতিছিলো জান? এইকাৰণেই।" দোটোপাল তপত অশ্ৰুৱে গাল দুখন তিয়াই নিলে তাৰ।টুলখনৰ ওপৰত উঠি কপা কপা হাতেৰে গামোছাখন ডিঙিত মেৰিয়াই দিলে বুবুলে, জোৰেৰে। শেৱালিয়ে যেন তেতিয়াও তাৰ কাণৰ কাষত ফুচফুচাই কৈ আছিল--"এইখন চাচোন ফুলটো কেনে লাগিছে, তোলৈকে বৈছো, দৰাবৰণৰ।।।।"