Thursday, April 9, 2020

গল্প--শঙ্খচূড়

গল্প
শঙ্খচূড়

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
৯১০১২৯৩৮৯৭



                 "ঘোৰ অপৰাধ        সহস্ৰেক বাৰ
                         অহৰ্নিশে আছো কৰি।
                     দাস বুলি ধৰি        শ্ৰীমধুসূদন
                           ক্ষমিয়োক দেৱ হৰি।।"

বোৱাৰী পুৱাতে উঠি গাটো তিয়াই লৈ আগফালৰ চোতালত থকা তুলসী পুলিটোৰ ওচৰত চাকিগছ জ্বলাই সদায় অপৰাধ ভঞ্জনৰ ঘোষা এফাঁকি গায় মাকণে। গোসাঁইঘৰ নাই সিহঁতৰ, অৱশ্যে সাজিবলৈ সাহসো কৰা নাই আজিলৈকে।থকা ঘৰখনৰ অৱস্থাই জৰাজীৰ্ণ, তাৰ মাজত আকৌ বেলেগকৈ গোসাঁইঘৰ এখনৰ কথা ভাবিবলৈ সাহস নহয় সিহঁতহালৰ।বেকা হৈ যোৱা বেৰদুখনৰ সৈতে দোকোঠলীয়া ঘৰতোৰ চালখন হয়তো সুনন্দই মাকণক অনাৰ আগতেই শেষবাৰৰ বাবে চোৱাইছিল, বৰ্তমান ৰাতি হ'লে সেইখনৰ মাজেৰে সদায় আকাশৰ  তৰা গণে মাকণে। তাৰ মাজতো মাকণে সময় উলিয়াই  ঘৰৰ বেৰকেইখন মাটিৰে লেপে। ঘোষাফাঁকি গাই থাকোতে শেষৰফালে সদায় মাকণৰ মাততো কঁপি উঠে, চকুৰ পৰা ওলাই অহা গৰম গৰম টোপাল কেইটাই গাল দুখন তিয়াই নিয়ে তাইৰ। সেইবোৰৰ ভূ অৱশ্যে সুনন্দই নাপায়, জানিবলৈ ইচ্ছাও নকৰে অৱশ্যে। সেইসময়কণত সুনন্দই অজগৰ দালৰ গতে ভঙা বিচনাখনত ঢোপাং দি পৰি থাকে, যেন ৰাতিটো মাকণক চেপি খুন্দি উঠি গাত লগা ভাগৰকণ মাৰে সি।

 খাৰে পোত যোৱা কাপোৰ দোখৰ ককালৰ তলত মেৰিয়াই এঙামুৰি এটা দি সুনন্দ উঠি আহে মানে মাকণৰ চৰুত জুই উঠেগৈ। জুহালৰ পৰা এঙাৰ এদোখৰ উলিয়াই পাত চাদা খাই ক'লা পেলোৱা দাঁতকেইটা ঘহি ঘহি সি পুখুৰীৰ পাৰ পায়গৈ। গা-ধুই আহিয়েই গৰম ভাতৰ কাঁহীখন বিচাৰে সুনন্দই, মাকণে বাঢ়ি দিওতে দেৰি নকৰে। কেতিয়াবা শাকে-শোকোতাৰে, কেতিয়াবা নিমখ তেলেৰে ভাতৰ কাঁহী খন উলিয়াই দিয়ে তাই। নাকে কাণে ভাতকেইটা গুজি পুৰণা ধূতি-পাঞ্জাৱীযোৰ পিন্ধি চেলেংখন গাত লৈ সুনন্দ ওলাই যায় দিনটোলৈ, কান্ধত বাকচটো লৈ। সুনন্দ ওলাই যোৱাৰ ফালে চাই আকৌ এবাৰ চকুলো টোকে মাকণে। প্ৰত্যেকটো পুৱাই এনেকৈ তুলসীৰ তলত চাকি গছ জ্বলাই ঘোষা এফাঁকিৰে দিনটোৰ আৰম্ভণি কৰে মাকণে, একমাত্ৰ গিৰিয়েকৰ বাবে। মাকণে যানে পেটৰ তাড়নাত পৰি সুনন্দই নিতৌ অজস্ৰ পাপ আৰ্জিছে যিবোৰ অক্ষমণীয়। তথাপি তাই ভগৱানক খাটে মানুহজনক কুশলে ৰাখিবলৈ।

"ত্ৰিভূৱন বিজয়ী বীৰ মই শঙ্খচূড়। নিজ বাহুৰ বলেৰে আজি মই স্বৰ্গ,মত্য আৰু পাতাল এই ত্ৰিদশৰ একছত্ৰী অধীশ্বৰ। মোৰ ভয়তেই আজি কোনেও কৰা নাই যাগ যজ্ঞ কিম্বা পূজাৰ আয়োজন। যিজনেই কৰিব বিদ্ৰোহ আচৰণ, কেশে ধৰি আনি জাপি দিম তাক মই জলন্ত অগ্নিকুণ্ডত।"

দহবছৰৰ আগৰ কথাবোৰ আকৌ চেৰেং চেৰেংকৈ মনত পৰে মাকণৰ। এসময়ত মৌজাতোৰে লেখত লবলগীয়া ভাৱৰীয়া আছিল সুনন্দ। ওখই পাখই ছফুটৰ বেছি গায়ে গাৰিয়ে নোদোকা সুনন্দই বৰসবাহৰ ভাওনাত মতা বচনত, গোজৰণি, অট্টহাস্যবোৰত পেন্দুকণাকেইটাই ভেঁ কৰি উঠে। দৈত্যৰ ভাও গোৱা তাৰ সমান দ্বিতীয় এটা নাছিল সেইসময়ত তাহাঁতৰ গাঁৱখনত। মাকণৰ বাপেক সেইসময়ত গাঁৱৰ মেইন বায়ন। ঘাট-মাউৰা সুনন্দক প্ৰথম মাকণৰ দেউতাকেই ভাও দিবলৈ শিকাইছিল। আহ যাহ বাঢ়িছিল সুনন্দৰ সিহঁতৰ ঘৰখনলৈ।ঘৰখনৰ ইটো সিটো কামতো লাগি দিছিল সি।অৱশ্যে মাকণৰ লগত সহজ হবলৈহে সময় লাগিছিল তাৰ। তাইক দেখিলে লাজতে লেউ সেউ হৈ পৰা সুনন্দটোলৈ চাই কিবা এটা মৰম জাগে মাকণৰ। মাকণে চাহৰ বাতিটোৰ সৈতে আগবঢ়াই দিয়া নাৰিকলৰ লাড়ুটোত কামোৰ এটা মাৰি লাজ লাজকৈ হাঁহি এটা মাৰে সুনন্দই। লাহে লাহে সহজ হয় ইটো সিটোৰ লগত, ঘৰৰ মানুহৰ অলক্ষিতে নভবাকৈয়ে বহুত দূৰ আগবাঢ়ি যায় সিহঁতহাল।

"সভাত প্ৰৱেশ কৰে দৈত্যৰ ৰাজন
পদভৰে বসুমতী কম্পে ঘনেঘন।"

মাকণৰ বাপেকৰ খোলৰ চাপৰত নামঘৰৰ মাটি কপাই প্ৰৱেশ কৰে সুনন্দই, বচন মাতে, ডাঙৰ ডাঙৰ হাঁহি মাৰে।গাঁৱৰ গাভৰুজাকৰ লগত নামঘৰৰ বেৰত আউজি মাকণে সুনন্দৰ ভাও চায়।

"কালি কেনেকুৱা দেখিলি" ভাওনাৰ পিচদিনা গধূলি সুনন্দ আহি সিহঁতৰ ঘৰ ওলাইহি। মূৰটো খজুৱাই খজুৱাই লাজ লাজকৈ সি মাকণক সোধে।

"তোৰ ভাও আৰু বেয়া লাগিবনে কাৰোবাৰ। পিছে অকল ভাওৱেই দি থাকিবিনে বেলেগ কিবাও ভাবিবি?" মাকণৰ কথাষাৰৰ উত্তৰ দিবলৈ লৈ ৰৈ যায় সি। কেও কিছু নোহোৱা ল'ৰা সি, মাটি বুলিবলৈ কেৱল ঘৰৰ ভেটিটো। খুদৌ বায়েনৰ নিচিনা অৱস্থাপন্ন ঘৰ এখনৰ মানুহ এটাই জীয়েকক তাৰ নিচিনা টোকোনা এটালৈ দিব বুলি তাৰ মনে নকয়। মাকণ কিন্তু নাছোৰবান্দা। তুলসীৰ সতীত্ব হৰণ ভাওনাখনত শঙ্খচূড়ৰ ভাও ভাগ কৰি সৰুসবাহৰ দিনা গধূলি একো প্ৰস্তুতি নোহোৱাকৈয়ে সি মাকণক নি ঘৰ সুমুৱালে।

"হেৰা কেচা পিঠাগুৰি এসোপা খুন্দা ঘৰতে। পৰহিলে তিলনি পাতিম তাইৰ। মোৰ ছোৱালী এজনী আছিল, আজিৰ পা ঢুকাল বুলি ধৰিলো। আৰু খবৰদাৰ এইখন ঘৰৰ কোনোৱে যাতে তালৈ গৈ মিতিৰ তৰিবলৈ নাযায়। কেও কিছু নোহোৱা বুলি শিকাই বুজাই লৈছিলো তাক, চুকত খাই বুকত কামোৰ মাৰি গ'ল সি।চাওচোন কেলেহুৱাটোৰ লগত কিমান দিন সংসাৰ তৰেগৈ তাই।"

মাকণে ঘৰ এৰি গুচি অহাৰ দিনাই বাপেকে ৰাইজখনক শুনাই চিঞৰি চিঞৰি কৈছিল কথাবোৰ। মাকে লুকাই লুকাই চকুলো টুকিছিল। দেউতাকৰ আদেশবোৰ বাধা দিয়াৰ সাহস মাকণহঁতৰ ঘৰখনৰ কাৰোৰে নাছিল। সুনন্দই ভয় কৰা ধৰণেৰেই হ'ল কথাবোৰ, মাকণক অনাৰ পিছতেই শহুৰেকৰ ঘৰলৈ তাৰ আহ যাহ চিৰদিনলৈ বন্ধ হ'ল।

সুনন্দ অকলশৰীয়া মানুহ। দিনটো বাহিৰতে ইটো সিটো কৰি কটাই সন্ধিয়া আহি ঘৰত সোমোৱা মানুহ।সৰু ঘৰখন বেছ অপৰিপাতি। মাকণৰ চিজিল লগাওতেই কেইবাদিনো লাগিল। বেকা হৈ যোৱা বেৰকেইখন তাই নতুনকৈ মাটিৰে লিপিলে, অ'ত ত'ত পৰি থকা বস্তুবোৰো ভালকৈ সামৰিলে। সুনন্দ দিনটোলৈ ওলাই যায় কাম বিচাৰি, মাকণে ইটো সিটো কৰি কটায়। মাকণৰ বাপেক খুদৌ বায়েন গাঁৱৰ বৰমুৰীয়া মানুহ, সকলোৱে সমীহ কৰি চলে। লাগ বুলিলেই কাৰোবাক দুটকা দিবও পাৰে। খুদৌ বায়নৰ লগত সম্পৰ্কত খুত লগাৰ ভয়তে গাঁৱৰ মানুহখিনিয়ে সুনন্দক কামত লগাবলৈ বেয়া পোৱা হ'ল।

"মই হাৰি গৈছো অ' মাকণ। তইনো কষ্ট খাবলৈকে মোলৈ কিয় গুচি আহিব লাগে। দেউতাৰ সমাজত সন্মান থকা মানুহ, তই ইচ্ছা কৰাহ'লে ইমান দিনে কাৰোবাৰ ঘৰত ৰাণীহৈ ভাত খাই থাকিব পাৰিলিহেতেন। যিটো মানুহকে গুৰু বুলি শ্ৰদ্ধা কৰিছিলো তেওঁৰ মনতে ইমান ডাঙৰ দুখ এটা দিলো যেতিয়া ঈশ্বৰেনো আমাক........." সুনন্দৰ মুখখন টেপা মাৰি ধৰে তাই। সংসাৰৰ জ্বালাবোৰ সহিব নোৱাৰি দুখত ভাঙি পৰে সি। মাকণেও চকুলো টোকে, মাকৰ মুখখনলৈ চেৰেং চেৰেংকৈ মনত পৰে তাইৰ।

বছৰবোৰ বাগৰি গৈ থাকে। গাঁৱখন একেই থাকে, সকলোবোৰ একে থাকে, মাত্ৰ সলনি হয় সিহঁতহাল। জীৱন নামৰ যুদ্ধখনত যেন বৰ বেয়াকৈ হাৰি যায় সিহঁতহাল।জোঁৱাইয়েকৰ পদূলিত ভৰি নিদিয়াকৈয়ে মাকণৰ মাক-বাপেকহাল অগাপিছাকৈ গ'লগৈ এদিন।ভাও কৰিবলৈ এৰিলে সুনন্দই। আগৰ দৰে বচনত নামঘৰ কপাব নোৱাৰা হ'ল সি। মাকণৰ মুখৰ আগৰ হাঁহিটো নাইকিয়া হ'ল। এসময়ৰ ৰাংঢালী মাকণজনীৰ সলনি তাই পৰিবৰ্তন হ'ল এজনী ফল নিদিয়া গছলৈ। মূৰে কাম নকৰা হয় সুনন্দৰ। সংসাৰৰ সকলোবোৰ দুখ যেন ঈশ্বৰে সিহঁতহাললৈ বুলিহে লিখি থ'লে। শহুৰেকে যেন মৰাৰ পিছতো সিহঁতদুটাক শাওপাতেই দি থাকিল। স্বভাৱবোৰ সলনি হ'য় সুনন্দৰ। কাহানিও মুখত দি নোপোৱা বেয়া বেয়া বস্তুবোৰ সন্ধিয়াৰ নিয়মীয়া লগৰী হ'য় তাৰ। সন্ধিয়া হ'লেই মাতাল হৈ আহি মাকণৰ ওচৰত পশু হৈ পৰে সুনন্দ।সেইজনী যেন সি এসময়ত নিজতকৈও ভাল পোৱা মানুহজনী নহয়, যেন তাৰ এটা খেলৰ পুতলা মাত্ৰ।

মাকণে নীৰৱে চকুলো টোকে। ৰাধাৰ শাপত ভক্ত সুদাম শঙ্খচূড়লৈ সলনি হোৱাৰ দৰে সুনন্দও যেন  সচাসচিকৈ ভাওনাৰ দৈত্যটোলৈ সলনি হৈ যায়। ঘৰখনৰ ফালে পিঠি দিলে সি, মাকণে বুজাবলৈ এৰিলে। তাঁতখন, হাঁহটো, পাৰহাল কৰি তায়েই কোনোমতে চলাই নিয়ে ঘৰখন।

"ধূতি-পাঞ্জাৱীযোৰ ধুই দিবি ভালকৈ, চেলেংখনো উলিয়াই থবি ক'ত আছে। কাইলৈৰ পৰা নতুন বিজনেছ এটাৰ কথা ভাবিছো।" কৰবাৰ পৰা কাঠৰ বাকচ এটা লৈ আহি এদিন অবেলিতে ঘৰ সোমাইছিলহি সুনন্দ। মাকণে প্ৰথম একো উৱাদিহ পোৱা নাছিল বাকচটো লৈ তাৰ কেনেকুৱা বিজনেছ? চুৰিয়া চোলাযোৰৰেই বা কি সম্পৰ্ক? বাকচটো খুলি চাইয়েই বুকুখন ধমহকৈ মাৰিছিল তাইৰ। ইমান তলৰ চিন্তা কেনেকৈ কৰিব পাৰে মানুহটোৱে? আগতেতো মানুহটো এনেকুৱা নাছিল।

"এইবোৰ কথা মনলৈ অনাটোও পাপ। শ্ৰীবিষ্টু শ্ৰীবিষ্টু ভগৱানৰ বস্তুৰ লগত এইবোৰ কথা কেনেকৈ ভাবিলি তই। ইমান নাস্তিক কেতিয়াৰ পৰা হবলৈ ধৰিলি তই? নাপায় নাপায় ভগৱন্তৰ দোষ লাগি মৰিবি।"

"এসাজ খাই ইসাজৰ কাৰণে প্ৰত্যেকদিনাই যেতিয়া চিন্তা কৰিব লগা হৈছিল তেতিয়াৰ পৰাই ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছিল মোৰ। ঈশ্বৰ থকা হ'লে জীৱনটো এনেকৈ পাৰ কৰিবলগীয়া নহ'লহেতেন। তোৰ মোৰ কথা ভাবিয়েই কিবা এটা কৰিবলৈ লৈছো, এতিয়া মাজত এইসোপা গাই গাই মূৰটো নোচোবাবি।"

উচাট মাৰি গুচি যায় সুনন্দ। মাকণে জানে তাক বুজাই লাভ নাই। জীৱন নামৰ যুজঁখনে বেয়াকৈ পৰিবৰ্তন কৰি পেলাইছে সুনন্দক।সি নামানিলে, ভবাটো কৰিহে এৰিলে।সহজকৈ ধন ঘটাৰ বুদ্ধিবোৰে তাৰ চিন্তা শক্তিবোৰকো যেন খুলি খুলি খালে।দিনবোৰ গৈ থাকিল,সুনন্দৰ পকেটখনো আগতকৈ গৰম হৈ থকা হ'ল। পিছে মাকণৰ শৰীৰটোৰ ওপৰতহে তাৰ উপদ্ৰব বোৰ আগতকৈ বাঢ়ি আহিল।তথাপি প্ৰত্যেকটো পুৱাতে তুলসী জোপাৰ তলত অপৰাধ ভঞ্জনৰ ঘোষা গাই গাই তাই ঈশ্বৰক খাটে, মানুহটোক সুমতি দিবলৈ।

মাকণৰ মনৰ অৱস্থাতো বাৰিষাৰ ক'লা মেঘটোৰ দৰে গোমা হৈ পৰে। সিহঁতৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা ঘৰটোত প্ৰত্যেকটো বৃহস্পতিবাৰতেই  গোট বহে।বকুলী পেহীয়েই দিছিল বুদ্ধিটো।টকাকেইটামান সৰহকৈ পালে ঘৰখনৰ কাম দুটামানকে হব বুলি তাইয়ো কেইহেজাৰমানৰ লোন এটা লৈছিল গোটৰ পৰা। গোটৰ মাষ্টৰটো কোমল বয়সীয়া ডেকা, মাকণহঁততকৈ বয়সে সৰু। কথাবোৰ বেছ বুজাই কব পাৰে ল'ৰাটোৱে, মাকণৰ কিবা এটা ভাল লাগি যায়। আঁৰ চকুৰে সি মাকণলৈ লক্ষ্য কৰি থকা মাকণৰো চকুত পৰে।দুকুৰি গৰকিলেও মতাবোৰক আকৰ্ষণ কৰিব পৰাৰ শক্তি তাইৰ দেহটোৰ আছে। টকা-পইচাৰ লেন-দেনৰ লেচুটো লৈ মাকণৰ ওচৰলৈ আহ-যাহ বাহিল ল'ৰাটোৰ। ল'ৰাটোৰ কথাবতৰা বোৰে মাকণৰ মনটো মুহি পেলাই।নিজকে সপি দিয়ে  মাকণে, সেই সময়কণত যেন সুনন্দই তাইৰ ওপৰত চলোৱা সকলোবোৰ যাতনা পাহৰি পেলাই তাই। দিনটো সুনন্দ ঘৰত নাথাকে, ল'ৰাটো প্ৰায়ে আহে। মাকণহঁতৰ খাটখনত গৰযোৰা সাপৰ দৰে পৰি ৰয় দুয়োটা, কেৰমেৰাই উঠে ভঙা খাটখনে। বাধা দিবলৈ লৈও ৰৈ যায় তাই, হয়তো সুনন্দই তাইৰ ওপৰত চলোৱা অত্যাচাৰ বোৰৰ কথা ভাবি। এইবোৰ কথাৰ তত্-মূৰনাপায় সুনন্দই, মাকণে পাবলৈ নিদিয়ে।

"শুনক নাথ ভালদৰে ৰাখিব মনত, যদি মোৰ সতীত্ব কোনোবাই কৰে হৰণ মৃত্যু হব আপোনাৰ দৈৱৰ লিখন"

তুলসীয়ে শঙ্খচূড়ক কোৱা বচনফাঁকি ঘনাই ঘনাই কানত বাজে তাইৰ। অজান আশংকাত বুকুখন কঁপি উঠে মাকণৰ।পাপবোৰ গিৰিয়েকে যেনেকৈ আৰ্জিছে তেনেকৈ তাইয়ো আৰ্জিছে। গাঁৱৰ ৰাইজখনৰ চকুত এইবোৰ কথা পৰিবলৈ বেছিদিন নালাগে। কেতিয়াবা নিজলৈকো ঘিণ লাগে মাকণৰ, নিজৰ শৰীৰটোকে চুৱা চুৱা লাগে। শিৰৰ সেন্দুৰকনলৈ বাৰে বাৰে হাতখন যায় তাইৰ। সুনন্দৰ লগত তাই বিশ্বাসঘাটকতা কৰা নাইনে? হাজাৰ হ'লেও সেইটো তাইৰ নিজৰ মতা, এসময়ততো তাৰ কাৰণেই মাক-বাপেকহালৰ কথাকো পেলাই তাৰ ওচৰলৈ গুচি আহিছিল তাই।

তুলসী জোপাৰ তলত একান্তমনে শুই আছে সুনন্দ। ৰাইজখনে দিহা দিহি কামত লাগিছে। বাঁহ কটা কেইটাই বাঁহ কাটিছে, চাঙি বনোৱা কেইটাই চাঙি বনাইছে। ৰাইজখনে খৰখেদা কৰিছে কামবোৰ, ৰাতি বিয়লিৰ কথা সোনকালে সামৰিব লাগে কামখিনি। আনদিনাৰ দৰে সুনন্দ ওলাই গৈছিল। ওভতি আহোতে ঘাটিত সোমাই অকণমান ধৰিছিলেও বোলে, ঢলং পলংকৈ আহি থাকোতে ৰাস্তাত কিহবাই খুন্দিয়াই থৈ গ'ল। ৰাইজখনে ডাঙকোলা কৰি ঘৰলৈ আনে মানে সি গ'লগৈ, একেবাৰে।

"হ'ৰা বুবা কাই তেৰাই তাক তেনেকৈ নিনি আৰু কেনেকৈ নিব হে। দেখিছানে বাৰু ৰাইজখনৰ চকুৰ আগতে সি সেইফেৰা কাম কৰি থাকিল অথচ আমি গম নাপালো।" বয়সীয়াল এজনে মাত লগালে।

"হয় হে কমটি পাপ আৰ্জিলে সি অতবছৰে। সেইভাগ পুথিৰ মহত্ত্বভাগ বুজি নাপালেনে সি। হেৰৌ ৰাইজে খনিকৰ পুথিভাগ উদ্দেশ্য সিদ্ধিৰ কাৰণে ঘৰলৈ ভক্তি ভাবে আনি ৰাতিটো পাঠ কৰায়।" আন এজনে যোগ দিলে।

"ঘোৰ কলি কাল বুজিছা ঘোৰ কলি কাল। সেইভাগ সপোনত পোৱা পুথি।পুথিভাগ বাটেৰে নি থাকোতে মানুহে ভক্তিভাৱে দুই এটকা দান দক্ষিণা কৰে। তাকেনো বাৰু সেইহেন ভগৱন্তৰ বস্তুভাগৰ নকল কৰি সি সংসাৰৰ  মানুহখনৰ চকুত বালি মাৰি বণিজৰ কামত ব্যৱহাৰ কৰিব লাগে নে? দেখিলা নহয় তাৰ ফল নেদেখাজনে কেনেকৈ দিলে।"

পিৰালিটোতে নিৰ্বিকাৰ হৈ বহি আছে মাকণ।বকুলী পেহীৰ ঘৰৰ গোপিনীৰ নামভাগলৈ যাবলৈ খৰখেদা লগাওতে তাই আজি তুলসী জোপাৰ তলত চাকিগছ লগাবলৈ পাহৰিছিল।কোনোবা এজনীয়ে শিৰৰ সেন্দুৰখিনি মোহাৰি দিলে তাইৰ।সেইবোৰলৈ যেন তাইৰ অকণো ভ্ৰুক্ষেপেই নাই।কান্দিবলৈ পাহৰি পেলাইছে তাই,চকুপানীবোৰ যেন কৰবাত গোট মাৰি গৈছে। ৰাইজখনৰ গুণগুণনি বোৰ কানত পৰিল মাকণৰ।কথাবোৰে যেন শালেগ্ৰাম শিলটো হৈ আহি তাইৰ বুকুত খুন্দিয়াইছেহি। চিঞৰি চিঞৰি কবলৈ মন গ'ল তাইৰ সুনন্দক ঈশ্বৰে নিয়া নাই, তাইৰ দোষত মৰিছে সি। যিদৰে বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰাৰ কাৰণে শঙ্খচূড়ৰ মৃত্যু হৈছিল।

উত্তৰফালে আকাশখনত মেঘটোৱে গৰজি উঠিল। মেঘটোৰ মাতটো বছৰেকীয়া সবাহত বাপেকে বজোৱা খোলটোৰ মাততোৰ দৰে লাগিল তাইৰ। চকুৰ আগত দেখি থকা কথাবোৰ লাহে লাহে অস্পষ্ট হৈ আহিল মাকণৰ। দহবছৰৰ আগৰ বৰসবাহৰ ভাওনাখনৰ ছবিখন চকুৰ আগত ভাঁহি আহিল তাইৰ। সেইয়া শঙ্খচূড় ৰূপী সুনন্দই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে, মাকণৰ বাপেকে সেইয়া  খোলত ঘাটিছে--

"এহিমতে দৈত্যেশ্বৰ ভূমিত পৰিলা।
পাতক ছাড়োক ডাকি হৰি হৰি বোলা।।"

No comments:

Post a Comment