Sunday, November 15, 2020

#ভিন্ন_স্বাদৰ_গল্প---- #কৌটিলিক

 #গল্প

#কৌটিলিক

✍️তুষাৰ ৰঞ্জন


"ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ  ৰং"


কেশৱ মহন্তৰ বাক্যকেইষাৰিক চূড়ান্তভাৱে উপহাস কৰি চোৰ-মাতালৰো ৰংবোৰৰ অবৰ্তমানত নিশা ন-বজাৰ আগতেই একেবাৰেই আওচৰীয়া হৈ পৰিছে সৰ্ব্বদা ব্যস্ত পথটো। সততে নিশা প্ৰায় এঘাৰ বজালৈকে পূৰ্ণ হৈ থকা পথটোৰ কোলাহল বোৰ অস্বাভাৱিকভাৱে নিতাল মাৰিছে এইকেইদিন। ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডাবোৰৰ লগত হাত উজান দি সেইয়া যেন এক অঘোষিত সান্ধ্য আইনৰ ৰাজত্বহে চলিছে চহৰখনত। গহন কুহেলিকাবোৰৰ আঁৰল ফালি প্ৰচণ্ড শীতকো নেওচি নিজান ৰাস্তাটোত অকলশৰে ৰাজত্ব কৰি অহা জীপখনৰ গতি এইবাৰ আগতকৈ কিছু মন্থৰ হ'ল। পুহমহীয়া ফেৰ্ফেৰীয়া বতাহবোৰে সেঙেতা কৰি পেলোৱা নিলয়ৰ শৰীৰটোৱে সেইখিনি সময়ত একাপ গৰম চাহ আৰু এটা গ'ল্ড ফ্লেকৰ আৱশ্যকতা বাৰুকৈয়ে অনুভৱ কৰিলে। পাচে তাৰ চাহিদাবোৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই  ৰাস্তাৰ কাষৰ বন্ধ দোকানবোৰে তালৈ চাই যেন এটা বিদ্ৰুপৰ হাঁহিহে মাৰিলে।


"ধুই ছাল্লা!!!" জীপখনৰ ষ্টিয়াৰিংডালত অনুগ্ৰ ঢকা এটা মাৰি খংবোৰ উজাৰিলে নিলয়ে। ঠিক একেটা সময়তে গৰাকীৰ পৰা সহাৰি বিচাৰি নিলয়ৰ চেলোলাৰটোৱে এটা মৃদু কম্পনৰ সৃষ্টি কৰিলে ডেছবৰ্ডখনত।


"গৈ আছো অ' পামগৈ অলপ পাছতেই কৈছিলোৱেই চোন অলপ লেট হ'ব বুলি।" 


সহধৰ্মিণী নন্দিতাৰ হাজাৰটামান প্ৰশ্নৰ উত্তৰ দুটা বাক্যতে সামৰি বিৰক্তিৰে ফোনটো কাষৰ ছিটটোলৈ দলিয়াই দিলে নিলয়ে। এনেবোৰ সময়তে প্ৰচণ্ড খং এটা উঠে তাৰ; নিজৰ ওপৰতো, খাকী পোছাকযোৰৰ ওপৰতো। দিনত থানাৰ ওপৰৱালা অফিচাৰৰ অৰ্ডাৰবোৰ ফ'ল' কৰি কৰি আৰু নিশা ঘৰত নন্দিতাৰ অভিমানবোৰ ভাঙি ভাঙি জীৱন জিন্দাবাদ বুলি ক'বলৈ যেন একেবাৰেই পাহৰি পেলাইছে সি। দিনটোৰ ব্যস্ততাবোৰ সামৰি ঘৰ সোমোৱালৈ সদায়েই পলম হয় নিলয়ৰ। নন্দিতাই কেতিয়াবা বুজে, কেতিয়াবা যেন বুজিও নুবুজে। 


এইকেইদিন অশান্ত হৈ পৰিছে ঠাইখিনি; ছয়টাকৈ পৈশাচিক নৰহত্যাই জোকাৰি পেলোৱা চহৰখনত বিৰাজ কৰিছে এক অস্বাভাৱিক নিস্তব্ধতাই।কিন্তু এই হত্যাকাণ্ড কাৰ দ্বাৰা সংঘটিত হৈছে, কাৰ মুনাফাৰ বাবে হৈছে আনকি হত্যাকাণ্ডৰ মূল উদ্দেশ্যই বা কি সেইয়াও এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই সিহঁতৰ অতিকায় বিভাগটোৱে। নিলয়হঁতৰ ব্যস্ততাবোৰ আগতকৈ বাঢ়িছে। পাব্লিকৰ গালি-শপনিবোৰ, মিডিয়াৰ প্ৰেচাৰ, ওপৰৱালাৰ অৰ্ডাৰবোৰ হজম কৰি কৰি চাবি দিয়া পুতলাৰ দৰে দৌৰি ফুৰিছে সিহঁতবোৰে। সাধাৰণ মানুহখিনিৰ মাজত একপ্ৰকাৰৰ অভিশঙ্কাৰ সৃষ্টি কৰিছে এই হত্যাকাণ্ডকেইটাই। সাঁজ লগাৰ পাছত মানুহবোৰে এলাপাকত বাহিৰলৈ আহিবলৈ এৰিছে, আহিলেও সোনকালেই আকৌ ঘৰলৈ ঘূৰিছে। যোৱা এটা মাহত ব্যস্ত চহৰখনক যেন  একপ্ৰকাৰ মৰিশালিত পৰিণত কৰি পেলাইছে নৰহত্যা কেইটাই।

 

দিনটোৰ তিক্ততাবোৰ আৰু নিশাটোৰ হাড়কঁপোৱা বতাহবোৰৰ মাজত বিৰাট ভাগৰুৱা অনুভৱ কৰিলে নিলয়ে। সময়ো যথেষ্ট হৈছিল তেতিয়া। ফৰেনছিক ৰিপৰ্টটো কালেক্ট কৰি আগদিনা লাচটো উদ্ধাৰ হোৱা স্পটটোৰ ওচৰ-পাজৰৰ মানুহখিনিক সোধ-পোছ কৰি ঘূৰি অহালৈ বেছ দেৰিয়েই হৈছিল তাৰ।এইখিনি সময়ত ৰাস্তাটোত যে এখনো চাহৰ দোকান খোলা থাকিব তাৰ লেশমানো আশা নাই। গৰম লাল চাহ একাপ ঘৰতেই খোৱাৰ সিদ্ধান্ত কৰি গাড়ীখনৰ স্পীড আগতকৈ বঢ়াই দিলে নিলয়ে। অৱশ্যে বেছি দূৰ আগবাঢ়িব লগা নহ'লেই সি। জনশূন্য ৰাস্তাটোৰ বাওঁকাষে তেতিয়াও গ্ৰাহকৰ অপেক্ষাত থকা চাহৰ দোকান এখন সহজেই পৰিদৃষ্ট হ'ল নিলয়ৰ।


" কাকতি টি ষ্টল, ফিফটি টি ফ্লেভাৰচ এভেইলেৱল হিয়েৰ।" 


নামফলকখন পঢ়ি অৱসাদবোৰৰ মাজতো এমোকোৰা হাঁহি ওলাই আহিল নিলয়ৰ। সেই সময়ত সৰু গুমটি এখন পোৱা হ'লেও নিলয়ৰ নিচিনা টিহ'লিক এটাই  ঈশ্বৰক দেখা দি দেখিলেহেতেন । ইমানবোৰ বন্ধ দোকান অতিক্ৰম কৰি পঞ্চাশটাকৈ ফ্লেভাৰত  চাহ উপলভ্য হোৱা দোকান এখন খোলা পাই সৰগ ঢুকি পোৱাৰ দৰে লাগিল তাৰ। নেদেখাজনক এগালমান ধন্যবাদ দি ৰাস্তাৰ দাঁতিত জীপখন ৰখাই দোকানখনৰ ভিতৰলৈ সোমাই গ'ল সি। ঠিক দোকান নহয় এটা আহল বহল কোঠা। এখন হাফ ৱালেৰে কোঠাটোক ভাগ কৰা হৈছে দুটা ভাগত। কোঠাটোৰ এটা ভাগত গ্ৰাহকৰ সুবিধাৰ্থে কেইবাখনো প্লাষ্টিকৰ টুল,এখন ড্ৰয়াৰ টেবুলৰ সৈতে এখন আৰামী চকী আৰু এটা কিতাপেৰে পৰিপূৰ্ণ আলমিৰা। সম্ভৱতঃ দোকানখনৰ মালিক এজন খুব ভাল কিতাপ পঢ়ুৱৈ; আজৰি সময়বোৰ চাগৈ তেওঁ পাৰ কৰে কিতাপবোৰৰ লগত। দোকানখনত সোমায়েই কিবা এটা ভাল লাগি গ'ল নিলয়ৰ।


"একাপ চাহ হ'ব নেকি?" 


ষ্টলখনত উপস্থিত থকা একমাত্ৰ ব্যক্তিজন সেই সময়ত ব্যস্ত আছিল। বোধহয় দিনটোৰ ব্যস্ততাবোৰ সামৰি তেওঁ দোকান বন্ধ কৰাৰ যো-জা চলাইছে মানুহজনে। নিলয়ৰ মাতটোত ঘূৰি চালে মানুহজনে। দামী অভাৰকোট, ৰাউণ্ড ফ্ৰেমৰ ব্ৰেণ্ডেড চশমা, শ্মশ্ৰুবিহীন চিকুণ তেজগোৰা মুখখনৰ সৈতে ষাঠিৰ উৰ্দ্ধৰ মানুহজন বেছ আঢ্যবন্ত যেনেই লাগিল নিলয়ৰ। হয়তো মানুহজন ষ্টলখনৰ মালিক।


"নিশ্চয় হ'ব। এই সেঙেতা লগা জাৰবোৰ কাটিবলৈ একাপ গৰম চাহ বিছাৰি অহা আপোনাৰ দৰে মুছাফিৰসকলৰ বাবেইটো এই হেন ৰাতিলৈকে বোন্দাপৰ দি দি ৰখি আছো।" 


পাৱাৰ টিলাৰৰ ইঞ্জিনটোৰ দৰে ঢেক্ ঢেক্ শব্দ তুলি হাঁহি এটাৰে মানুহজনে উত্তৰ দিলে। অৱশ্যে তেওঁৰ ৰসিকতাৰ প্ৰতি অলপমানো আগ্ৰহ নেদেখুৱালে নিলয়ে। সেই সময়ত কথা পতাতকৈও একাপ চাহ খাই সোনকালে ঘৰ কেনেকৈ পাব পাৰি তাৰ চিন্তাত আছিল নিলয়।


"ছৰী অলপ ৰগৰ কৰিলোঁ। এইবোৰৰ মাজৰ কোনবিধ আপোনাৰ পচন্দৰ?"


বেৰ খনত লগাই থোৱা বৰ্ডখন মানুহজনে আঙুলিয়াই দিয়াতহে চকুত পৰিল তাৰ। কাৰ্ডামম, চ'ক'লেট, মিন্ট, ভেটিভাৰ, ক্ৰেনবেৰী, ষ্ট্ৰ'বেৰী ইত্যাদি ইত্যাদি পঞ্চাশ বিধ বিভিন্ন ফ্লেভাৰৰ চাহৰ নামেৰে পৰিপূৰ্ণ বৰ্ডখন। এই সময়ত হাড়কপোৱা ঠাণ্ডাবোৰৰ পৰা শৰীৰটোক উপশম দিবলৈ সাধাৰণ লাল চাহ একাপেই যথেষ্ট আছিল তাৰ বাবে। বৰ্ডখনত চকু ফুৰাই বিবুধিতেই পৰিল নিলয়। বৰ্ডখনত লিখি থোৱা প্ৰায় ৩০ টা মান ফ্লেভাৰৰ নাম হয়তো নিলয়ে সেই মূহুৰ্তত হে প্ৰথম শুনা পাইছে। সাংঘাতিকভাৱে ভাল পাই সি চাহৰ সোৱাদ লৈ; আই এম এ টিহ'লিক বুলি কেতিয়াবা কেতিয়াবা গৰ্বও কৰে সি বহুতৰ আগত। ভালেমান কেইটা ফ্লেভাৰৰ চাহৰ সোৱাদো লৈ পাইছে সি। তাৰ পাছতো মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ ভীষণ অপ্ৰস্তত হ'ল নিলয়।


"বাৰু ইয়াত থকা পঞ্চাশটা ফ্লেভাৰৰ আপোনাৰ আটাইতকৈ পচন্দৰ কোনবিধ?" মানুহজনৰ প্ৰশ্নটোৰ পৰা বাচিবলৈ বিশেষ কায়দাৰ ব্যৱহাৰ কৰিলে সি।


"এক্সুৱেলী মোৰ আটাইতকৈ পচন্দৰ ফ্লেভাৰটো মই কাষ্টমাৰৰ বাবে ৰখাই নাই।সেইটো এটা স্পীচিয়েল ফ্লেভাৰ মোৰ বাবে। ক'জ সেইটো মোৰ সম্পূৰ্ণ নিজা সৃষ্টি।" গৰ্বেৰে উত্তৰ দিলে মানুহজনে।


"কিয়, সেইটো ফ্লেভাৰ আনে টেষ্ট কৰিব নোৱাৰিব নেকি?"


"ওহো....কাৰণ এই সোৱাদৰ ভাগ নহয়।" কৈয়ে মানুহজনে আকৌ ঢেকঢেকাই হাঁহি দিলে।


"পিছে কিয় নাজানো এই মূহুৰ্তত মোৰ ঠাণ্ডাত কঁপি থকা শৰীৰটোৱে আপোনাৰ সেই বিশেষ চাহকাপৰ হে সোৱাদ ল'বলৈ ইচ্ছা কৰিছে।" 

মানুহজনৰ কথাবোৰলৈ লক্ষ্য কৰি চাহ কাপৰ প্ৰতি কিবা এটা বিশেষ আকৰ্ষণ অনুভৱ কৰিলে নিলয়ে।


"যি দেখিছো আপুনি সেই কাপ চাহৰ সোৱাদ লৈ হে এৰিব।ভালেই হ'ল, এনেয়েও মই দোকান সামৰাৰ আগেয়ে এইকাপ চাহ খাওৱেই বাৰু। আজি লগ এটাকে হ'ল নে কি কয়? আচ্ছা এনেই সুধিছোহে সকলো পুলিচৰ মানুহ আপোনাৰ দৰেই চালাকনে বাৰু?"

 

মানুহজনৰ ৰসিকতাত এইবাৰ নিলয়েও সজোৰে হাঁহি দিলে। বয়স হৈছে যদিও মানুহজন ৰসিক, গ্ৰাহকক আকৰ্ষণ কৰিব পৰাৰ ভালেখিনি কায়দা তেওঁৰ আছে। অলপমান কথা পাতিয়েই সেইয়া অনুমান কৰিব পাৰিছে সি। নিলয়ক অলপমান সময় বহিবলৈ দি গেছৰ ষ্ট'ভটো অন কৰি চচপেনটো তুলি দিলে মানুহজনে। মানুহজন চালপেনীয়া, চাহ বনোৱাৰ সময়খিনিও তেওঁ ইটো সিটো কথা আৰম্ভ কৰি দিলে নিলয়ৰ লগত।বোধহয় তাক পুলিচৰ পোছাকত দেখি বেছিয়েই যেন আগ্ৰহ দেখুৱাইছে তেওঁ। ষাঠিয়ে গৰকা মানুহজনৰ নাম প্ৰভাত কাকতি, জন্মসূত্ৰে ডিব্ৰুগড়ৰ; পিছে এতিয়া এইখন চহৰৰ স্থায়ী বাসিন্দা। কাকতি তাহানিৰ দিনৰে এগ্ৰি গেজুৱেট। টি হাজবেন্দ্ৰি এণ্ড টেকন'লজিত মাষ্টাৰ্চ কমপ্লিট কৰাৰ পাচত তেওঁ টি বৰ্ডৰ চাকৰিত সোমাল,নিজাকৈ ঘৰ-সংসাৰ এখনো হ'ল।তাৰ পাছত ব্যস্ততা মাথোন ব্যস্ততা।জীৱনটোত কাকতিয়ে বহু কিবাকিবি পালেও, বহু কিবাকিবি হেৰুৱালেও।তেতিয়াৰ পৰা এতিয়ালৈ বহুখিনি সলনিও হ'ল; কিন্তু সেই তেতিয়াৰ পৰা কাকতিৰ চাহৰ লগত যি সম্বন্ধ সেইয়াহে  এতিয়ালৈকে একেই থাকিল।


"চাকৰি কৰি থাকোতেই তেওঁ ঢুকাল। একমাত্ৰ ল'ৰাটো বহিৰত এতিয়া ৱেল এষ্টাবলিচড। অকলে অকলে অৱসৰৰ সময়বোৰ পাৰ কৰিবলৈ বৰ কঠিন। সেইকাৰণেই এইখন খুলি ল'লো। ভাবিলো, চাকৰিৰ জীৱনটো চাহৰ লগতেই কটালো যেতিয়া বাকী দিন কেইটাও চাহৰ লগতেই কটাও। এতিয়া পিছে ভাল লাগে, দিনটো বিভিন্ন তৰহৰ মানুহক লগ পাওঁ, দুই এষাৰ কথাও পতা হয়।" 


মানুহটো কথাচহী, আধাবলিয়া ইত্যাদি ইত্যাদি; একপ্ৰকাৰ ভুল ধাৰণাই কৰি পেলাইছিল নিলয়ে। কাকতিৰ কথা-বতৰা বোৰে তাৰ মনটোত গোজ লোৱা ধাৰণাবোৰেই সলাই পেলালে পলকতে। প্ৰভাত কাকতিৰ প্ৰতি শ্ৰদ্ধাত অজানিতেই মূৰটো দো-খাই আহিল নিলয়ৰ।


"টি বৰ্ডত থাকোতেই অদ্ভুত নিচা এটাই লগ লৈছিল মোৰ। যেতিয়াই সময় পাওঁ বিভিন্ন বস্তু  চাহৰ লগত যোগ দি  বেলেগ বেলেগ ফ্লেভাৰ বনাই সোৱাদ লৈ চাওঁ। এইবোৰ কৰি কৰি কোনোবা এখিনিত সাংঘাতিক ধৰণে টি এডিক্টেদ  হৈ পৰিলোঁ মই।মাজতে মোৰ এনে হৈছিল সদায় এটা নতুন ফ্লেভাৰৰ সোৱাদ ল'বলৈ মন যায়। কিন্তু কিয় জানো এটা ফ্লেভাৰ একেৰাহে দুবাৰ টেষ্ট কৰাৰ পাছত আকৌ তৃতীয়বাৰ তাৰ সোৱাদ ল'বলৈ মন নোযোৱা হয় মোৰ। আৰু সেইবাবে সদায়েই এটাকৈ নতুন বস্তু যোগ দি মই একাপ একাপ চাহৰ জুতি লওঁ।এইবোৰ কৰি কৰি হয়তো নিজেই নজনাকৈয়ে মই অসংখ্য চাহৰ ফ্লেভাৰ আৱিষ্কাৰ কৰি পেলালোঁ।আপুনি হয়তো বিশ্বাস নকৰিব এই বৰ্ডখনত থকা পঞ্চাশটা ফ্লেভাৰৰ বেছিভাগেই মোৰ নিজৰ আৱিষ্কাৰ।"  জীৱনৰ অভিজ্ঞতাৰেপুষ্ট ৰসাল কথাবোৰ কৈ থকাৰ মাজতেই চাহ বনোৱা পৰ্ব শেষ হৈছিল কাকতিৰ। 


"এণ্ড ডা টি ইজ ৰেডি।"


 কাঁচৰ দুটা কাপত দুভাগ চাহ সুন্দৰকৈ সজাই আনি একাপ নিলয়লৈ আগবঢ়াই দিলে তেওঁ। তেজৰঙীন একাপ চাহ!! উদগ্ৰ সুঘ্ৰাণ, আকৰ্ষণীয়া কালাৰেৰে ধূমাচ্ছন্ন চাহ কাপ হাতত লৈ মোহান্বিত হৈ পৰিল নিলয়। ইমান সময়ে প্ৰভাত কাকতিৰ সৰস কথাবোৰে নিলয়ৰ অৱসন্নতাবোক ভালেমান দূৰলৈ ঠেলি পঠিয়াইছিল। স্পেচিয়েল চাহ কাপ হাতত লৈ আগ্ৰহেৰে চুমুক দিলে নিলয়ে। আহ!!! কি অপূৰ্ব সোৱাদ আছে এই ৰঙীন চাহ কাপত। আদা, তুলসী, ইলাচী, ডালচেনী ঢালি হাজাৰ চেষ্টা কৰিলেও মানুহে এনেকুৱা এটা সৰ্বোৎকৃষ্ট সোৱাদৰ সৃষ্টি কৰিব নোৱাৰে। মছলা চাহ?? নাই তুলনাই হ'ব নোৱাৰে এই কাপৰ সৈতে।কেইবাটাও স্পীচিয়েল ফ্লেভাৰৰ চাহ পূৰ্বে টেষ্ট কৰিছে সি, লাষ্ট ইয়েৰ চেন্নাই যাওঁতে এশটা ফ্লেভাৰৰ চাহ পোৱা এখন ষ্টলত একে বহাতে দহটামান ফ্লেভাৰ টেষ্ট কৰি অহা মানুহ নিলয়। কিন্তু এই কাপ চাহৰ দৰে সোৱাদ আৰু সুঘ্ৰাণ? নাই, সি নালাগে তাৰ দৰে বহুসংখ্যক চাই লভাৰেই সোৱাদ লৈ পোৱা নাই এনে একাপ চাহৰ। সম্ভৱতঃ কিবা এক আচৰিত বস্তু ব্যৱহাৰ কৰিছে কাকতিয়ে যিটো আন কোনোৱেই নাজানে একমাত্ৰ তেওঁৰ বাহিৰে; হয়তো তেওঁ কাকো জানিবলৈও দিয়া নাই।


"ৱাহ!!! হোৱাট এ টেষ্ট। সচাকৈ আপোনাৰ হাতত যাদু আছে।" প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিল নিলয়।দিনটোৰ তিক্ততাবোৰক ইতিমধ্যেই দূৰলৈ খেদি পঠাইছিল চাহ কাপে।


"এক্সুৱেলী এই কাপ চাহৰ সোৱাদ লোৱাৰ সৌভাগ্য এতিয়ালৈকে মাত্ৰ ছয়জন ব্যক্তিৰহে হৈছে। এণ্ড ইউ আৰ চ' লাকী দেট ইউ আৰ  দ্য চেভেন্থ ৱান। আৰু তাতোকৈ আচৰিত কথা কি জানে এতিয়ালৈকে এইকাপ চাহৰ সোৱাদ লৈ পোৱা কেইজনে দ্বিতীয়বাৰলৈ আৰু আন ফ্লেভাৰৰ চাহৰ সোৱাদ লৈয়ে পোৱা নাই" ঈষৎ হাঁহি এটা মাৰিলে প্ৰভাত কাকতিয়ে।


"আৰে ৱাহ। পিছে এইটো ফ্লেভাৰৰ নামটো জানিবলৈহে মোৰ বিৰাট ইচ্ছা হৈছে। ক্ৰেনবেৰী ফ্লেভাৰ নেকি?" এনেকুৱা একাপ ৰঙীন ফ্লেভাৰৰ চাহৰ সোৱাদ আগতেও লৈছে সি। কিন্তু সেইকাপৰ সোৱাদ আজিৰ কাপতকৈ সম্পূৰ্ণ বেলেগ আছিল। তথাপিও নামটো জনাৰ আপাহতে শূন্যতে এককোব ঘূৰাই চালে নিলয়ে।


"জেতুলীপকা? নাই তুলনাই নহয় এইকাপৰ লগত।"আকৌ এটা ৰহস্যময়ী হাঁহি কাকতিৰ।


"তেন্তে চিউৰ টেঙামৰা।" আকৌ এবাৰ চেষ্টা কৰি চালে সি


"ওহো...বোলে কয়েই নহয় গছৰ গুটি খাবা নাম নক'বা। আজি নাম নজনাকৈয়ে টেষ্ট লওকচোন বাৰু নে কি কয়।" চান্স পালেই ৰসিকতা ঢলাত কৃপণালি নকৰে কাকতিয়ে। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল।


"আচ্ছা এতিয়া আপোনাৰ সেই আগৰ অভ্যাসবোৰ আছে নে। মানে সদায়ে নতুন নতুন বস্তুৰে চাহ বনোৱা অভ্যাসটো।" চাহ কাপ শেষ হোৱালৈকে  এটা নতুন প্ৰশ্নৰ অৱতাৰণা কৰিলে নিলয়ে।


"নাই নাই এই নতুন ফ্লেভাৰৰ চাহটোৰ সৃষ্টি কৰাৰে পৰা সেইবোৰ অভ্যাস মোৰ নাইকিয়া হৈছে। এই ফ্লেভাৰটোৰ চাহ কাপত সাংঘাতিক সোৱাদ এটা পাওঁ মই। যেন কিবা এটা অদ্ভুত নিচা আছে ইয়াৰ। এতিয়া মোৰ এনে হৈছে দিনটোত এনেকুৱা দুকাপ চাহ খাবলৈ নাপালে মোৰ শৰীৰটোৱে শান্তি নাপায়। আৰু কি জানে আন ফ্লেভাৰৰ চাহত মই আজিকালি অকণো সোৱাদেই নাপাওঁ, মানে খাবলৈ এৰিয়েই দিছো প্ৰায়।" হাঁহি হাঁহি উত্তৰ দিলে কাকতিয়ে।


"এনি ৱে এই ডিচেম্বৰ মাহৰ ৰাতিখন আপোনাক লগ পাই এটা ভাল অভিজ্ঞতা হ'ল মোৰ। থেংক ইউ চ' মাচ যে আপোনাৰ আটাইতকৈ ফেভৰিট স্পীচিয়েল চাহকাপৰ সোৱাদৰ মইও অংশীদাৰ হ'বলৈ পালোঁ।" খালি হোৱা কাপটো ট্ৰেখনত ৰাখি কৰমৰ্দনৰ উদ্দেশ্যি হাতখন আগবঢ়াই দিলে নিলয়ে, প্ৰত্যুত্তৰত কাকতিয়েও।


"উফফ!!" অজানিতে চিৎকাৰ এটা ওলাই আহিল নিলয়ৰ মুখেৰে। সোঁহাতৰ তলুৱাখনত  এটা মৃদু খোঁচ অনুভৱ কৰিলে নিলয়ে, ঠিক যেন চেফটি পিন এটাৰ দৰে কিবা এটাই খুচি দিয়া হৈছে তাক। কাকতিৰ হাতটোৰ বন্ধনৰ পৰা নিজৰ হাতখন উলিয়াই আনিলে সি। মধ্যমা আঙুলিটোৰ ঠিক তলৰ পৰাই বিৰিঙি আহিছে  তেজৰ সৰু টোপাল এটা। নিলয়ে কিবা এটা বুজি উঠাৰ পূৰ্বেই তাক আচৰিত কৰি প্ৰভাত কাকতিৰ সেই অবিকল্প হাঁহিটোৱে সেই সময়ত কঁপাই তুলিলে নিশাটোৰ নিস্তব্ধতাবোৰক। কাকতিৰ সোঁহাতখনৰ একমাত্ৰ আঙুঠিটোৰ পৰা বাঢ়ি অহা সূক্ষ্ম পিনটো তেতিয়াহে ধৰা পৰিল নিলয়ৰ চকুত। সন্দেহৰ পোক এটাই হঠাৎ উকমুকাই উঠিল নিলয়ৰ মনটোত।


দেহাটো ক্ৰমাৎ চেঁচা পৰি যোৱাৰ দৰে লাগিল নিলয়ৰ। মূৰটোও যেন গধুৰ হৈ আহিছে আগতকৈ, দৃষ্টিশক্তিবোৰো যেন ক্ৰমশ ধূসৰ হৈ আহিছে তাৰ।শৰীৰত থকা শক্তিবোৰো যেন শেষ হৈ আহিছে নিলয়ৰ। অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোক কোঠাটোত থকা আৰামী চকীখনত বহুৱাই দিলে কাকতিয়ে।


"আপুনি বোধহয় ভাগৰিছে। লেট মি হেল্প ইউ।" 


ৰহস্যাবৃত হাঁহি এটা মাৰি টেবুলৰ ড্ৰয়াৰটোৰ পৰা বাটাৰফ্লাই নিড'ল  আৰু কাঁচৰ বটল এটা উলিয়াই আনিলে প্ৰভাত কাকতিয়ে। এইখিনিটো মানুহৰ ব্লাড কালেক্ট কৰিবলৈ ব্যৱহাৰ কৰে। মানুহটোৰ আচহুৱা কাণ্ড কাৰখানাবোৰে সন্দেহৰ পোকটো যেন ক্ৰমাৎ বঢ়াই আনিলে নিলয়ৰ। ব্ৰেণ্ডেড চশমা জোৰৰ তলৰ চকুজুৰিৰ কুটিল চাৱনিটোৱে যেন বহু কথাই কৈ গ'ল নিলয়ক।


"ইটচ এ ট্ৰেপ, ইটচ এ ট্ৰেপ।"ধূসৰতাৰ মাজতো সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিল নিলয়ৰ চকুৰ আগত। চিঞৰি উঠিল নিলয়ে, পাচে নিলয়ৰ চিঞৰখিনিকো তল পেলাই উচ্চস্বৰত বাজি উঠা প্ৰভাত কাকতিৰ উদ্ভট হাঁহিটোত ৰজনজনাই গ'ল সমগ্ৰ কোঠাটো, যেন এক অট্টহাস্য। ইতিপূৰ্বে হোৱা আটাইকেইটা হত্যাকাণ্ডতেই প্ৰথমতে ভিক্টিমৰ শৰীৰৰ তেজবোৰ সম্পূৰ্ণৰূপে উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰা হয় তেওঁলোকক। ফৰেনছিক ৰিপৰ্টটোত সকলোবোৰ কথাই স্পষ্ট হৈ আছিল। প্ৰভাত কাকতিয়ে ঠিকেই কৈছিল নিলয়ক। এই স্পীচিয়েল চাহৰ সোৱাদ যি ছয়জনে লৈ পাইছে তেওঁলোকে আৰু আন ফ্লেভাৰত চাহৰ সোৱাদ লৈয়ে পোৱা নাই। নিজৰ অজ্ঞাতৰ ওপৰতেই ধিক্কাৰ জন্মিল নিলয়ৰ। আহ!! কি চমৎকাৰ প্লেন!!আচলতে সন্দেহ কৰিব পৰাকৈ একো অৱকাশেই ৰখা নাছিল মানুজনে। শৰীৰত বাচি থকা শক্তিখিনিৰে শেষ চেষ্টা এটা চলোৱাৰো সুবিধা নাপালে নিলয়ে। ক্ৰমশঃ দুৰ্বল হৈ পৰা নিলয়ৰ সোঁহাতখনৰ মেডিয়ান কিউবিটেল ভেইন ডালত বাটাৰফ্লাই নিড'লটো সজোৰে গুজি দিলে কাকতিয়ে। ষাঠিৰ উৰ্দ্ধৰ ওস্তাদ চিকাৰীজনৰ ক্ৰুৰতাবোৰৰ ওচৰত যেন অকাতৰেই আত্মসমৰ্পণ কৰি পেলালে নিলয়ে।


"ৱাহহ!!! কি ধুনীয়া কালাৰ!!কাইলৈৰ ৰাতিপুৱাৰ স্পীচিয়েল চাহ কাপ!!!অহ গ'ড ইট ৱিল বি এ ভেৰী ডিলিচিয়াছ ৱান"


 কাঁচৰ বটলটোত জমা হোৱা তেজবোৰলৈ চাই বিষ্ময়কৰ শব্দ এটা কৰি জিহ্বাখনেৰে এক অদ্ভুত ধৰণেৰে টকালি পাৰিলে প্ৰভাত কাকতিয়ে। ইলেকট্ৰিক বাল্বটোৰ ক্ষীণ পোহৰ বোৰৰ মাজতো মানুহটোৰ পৈশাচিক হাঁহিটো নাওনিমিতকৈ চকুত পৰিল নিলয়ৰ। 


"ৱেইট ৱেইট, য়ু ৱানা ন' দ্য নেম অফ ডেট স্পীচিয়েল ফ্লেভাৰ না? ইট্জ নেম ইচ অলচ' স্পীচিয়েল। মাই অল টাইম ফেভৰিট টি-- দ্য ড্ৰাকুলা টি।"


ক্ৰমশঃ অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোৰ ওচৰত ফুচফুচাই উঠিল ৰহস্যময়ী মানুহজনে। নিশা তেতিয়া প্ৰায় দহ বাজিবৰেই হৈছিল। দুঃসহ যন্ত্ৰণাত মৰণোন্মুখ হৈ পৰা নিলয়ৰ চক্ষুজুৰি আৰু নিস্তব্ধ ৰাস্তাটোৰ কাষত খোলা থকা একমাত্ৰ  দোকানখনৰ মূখ্য দুৱাৰখন বন্ধ হৈ পৰিল একে সময়তে।


(সমাপ্ত)



Thursday, May 14, 2020

গল্প--উত্তৰকাল

গল্প

উত্তৰকাল

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট




   " ইমানখিনি পঢ়া-শুনা মই এনেই কৰিলো নেকি?চাচোন বাৰু প্লেন্ট পেথ'লজিৰ নিচিনা চাবজেক্ট এটাত পি এইচ দিত চিট পাবলৈ কিমান টান। ইমান ভাল স্ক'প থকা চাবজেক্ট এটাত চান্স পাইয়ো এতিয়া মই বিয়াত বহিবৰ কাৰণেই এৰি দিম নে কি? মাথাটো গৰম হৈ যায় একদম।"

চেপা মাতটোৰে যিমান পাৰি সৰু সৰুকৈ নেহাই কাৰোবাৰ লগত পাতি থকা কথাখিনি অলপ অলপকৈ কাণত পৰিল অনুৰাধাৰ।এইকেইদিন বাৰিষাৰ মেঘটোৰ দৰেই গোমা হৈ আছে ঘৰখনৰ পৰিবেশটো। নেহালৈ বিয়াৰ প্ৰস্তাৱটো অহাৰে পৰা ছোৱালীজনী যে মানসিক অন্তৰ্দণ্ডত ভুগি আছে সেই কথা মাক হিচাপে তাইৰ চকুহাল চায়েই ধৰিব পাৰিছে তেওঁ।

"হেৰা আমাৰ অফিচৰ এই গহীন ফুকনৰ  ভাগিনীয়েক ল'ৰাটোৰ কথা সিদিনা যে তোমাক কৈছিলো। কিয় যোৱাবাৰ ফুকনৰ ঘৰলৈ যাওতে যে লগ পাইছিলোঁ হাঁহিমুখীয়া ল'ৰাটো তোমাৰ জানো মনত নাই? ল'ৰাটোৱে বেংকত চাকৰি কৰে। বিয়াৰ কাৰণে বোলে ছোৱালী বিচাৰি ফুৰিছে। ফুকনে আকৌ আমাৰ মাজনীৰ কথাটো উলিয়ালে।ঘৰৰ একমাত্ৰ ল'ৰা,পৰিয়াল বুলিবলৈ মাক-দেউতাক আৰু সি। বেয়া নহ'ব বুজিছা, মই অহা সপ্তাহত তেওঁলোকক আহিবলৈকে কৈছো।" 

আবেলি অফিচৰ পৰা আহি দেউতাকে মাকক উদ্দেশ্যি কোৱা কথাষাৰত একপ্ৰকাৰ উচপ খাই উঠিছিল নেহা। হাৰে যোৱা মাহতে নেট ক্লিয়েৰ কৰিছে তাই। পি এইচ ডিৰ এন্ট্ৰেন্সতো ৰেংক লিষ্টত তাই টপ টেনৰ ভিতৰত। মানে চিট পোৱাতো একপ্ৰকাৰ খাটাং। সকলোবোৰ জানি শুনিও দেউতাকে তাইৰ বিয়াৰ যো-জা চলাইছে অথচ তাইকে একো এটা নোসোধাকৈ। 

"পাপা মোৰ এতিয়াই বিয়াত বহিবলৈ মন নাই।" দেউতাকৰ সিদ্ধান্তৰ ওপৰত মাতমতাৰ সাহস সিহঁতৰ ঘৰখনৰ বাকী তিনিটা প্ৰাণীৰ নাই। পোনপ্ৰথম বাৰলৈ কোনোমতে সাহ কৰিছিল নেহাই।

"এতিয়াই বিয়াত বহিবলৈ মন নাই মানে?বয়স কি ৰৈ থাকিব নেকি? মোৰ ৰিটায়াৰমেন্টলৈ আৰু কেইটা দিন আছে। তাৰ মাজতে সকলো কৰিব নালাগিব? ই বুবুৱে এইবাৰ এইচ এচ পাচ কৰিব। তাৰ পাছত তাৰ পঢ়াৰ খৰচ নাবাঢ়িব?" দেউতাকক এইবোৰ কথাতেই তাইৰ ভাল নালাগে। কেৱল নিজৰ কথাটোত গুৰুত্ব দিয়ে।

"কিন্তু পাপা এইবাৰটো মোৰ পি এইচ ডিত এদমিশ্যন হাণ্ড্ৰেড পাৰ্চেন্ট চিউৰ আছিল।"

"মই ল'ৰাটোৰ ঘৰখনৰ লগত কথা পাতিছো। তুমি ইচ্ছা কৰিলে বিয়াৰ পাছতো পঢ়িব পাৰিবা বুলি তেওঁলোকে কৈছে। মই তেওঁলোকক প্ৰায় কথা দিছো, অহাসপ্তাহত তেওঁলোকে চাবলৈ অহাৰ কথা।গতিকে....."

নেহাৰ সকলো আপত্তিয়েই নৰজিল। দেউতাকলৈ প্ৰচণ্ড খং এটা উঠে তাইৰ। সব ডিচিশ্যন কি তেওঁ অকলেই ল'ব? তাইৰোতো নিজৰ ভাল লগা নলগাবোৰ বাচ বিচাৰ কৰাৰ অধিকাৰ আছে। মনত গুজৰি গুমৰি থাকিলেও দেউতাকৰ ৰঙা চকুহালৰ কথা ভাবিয়েই কও কওকৈ থকা কথাবোৰ কব পৰা নাই নেহাই। মুখেৰে নক'লেও এই বিয়াৰ প্ৰস্তাৱটোলৈ তাইৰ যে অকণমানো সমৰ্থন নাই  তাইৰ কথা কাণ্ডবোৰে তাকেই প্ৰমাণ কৰিছে। অনুৰাধাই ভিতৰি ভিতৰি লক্ষ্য কৰিছে কথাই প্ৰতি হাঁহি মাতি থকা ছোৱালীজনীয়ে এইকেইদিন যেন কথা কমকৈ কৈছে। ওলাওতে সোমাওতে বুবুয়ে তাইক আগৰদৰেই চুলিকোছাত ধৰি টানিছে, চিকুটটো মাৰি জোকাই চাইছে, তাইহে নিৰ্বিকাৰ। আগতে হোৱা হ'লে "মা চোৱাহিচোন" বুলি নাইবা  "পাপা বুবুৱে মোক" এনেদৰে চিঞৰ দুটামান মাৰিলেহেতেন তাই। এইকেইদিন আনহে নালাগে বুবুক ধমক এটাও দিয়া নাই নেহাই। দিনটোৰ সৰহভাগ সময় ৰুমটোতে পাৰ কৰিছে তাই।

কাইলৈ আলহী আহিব, ব্যস্ততা বাঢ়িছে ঘৰখনত। বিধ বিধ বস্তুৰে ভৰি পৰিছে ঘৰখন।দেউতাক ঘৰত নাই, দুপৰীয়াতে গৈছে বজাৰলৈ।দেউতাকৰ ফালৰ জেঠায়েকজনী পিচদিনা পুৱাই আহি পোৱাৰ কথা। মোমায়েক-মামীয়েকহাল কাইলৈ আহিব নোৱাৰে। ফোনতে খা-খবৰ এটা লৈছে তেওঁলোকে, দুই এটা পৰামৰ্শও দিছে। অনুৰাধা সৰহ সময় কিটছেনতে ব্যস্ত হৈ আছে দুদিনমান। মিঠাই ঘৰত থাকিলেও নিজ হাতেৰে বনোৱা লাড়ু পিঠাকেইটাৰে আলহীক চাহ-কাপ যাচিবলৈ ভাল পায় তেওঁ। বুবুৰ হতুৱাই আগদিনাই অনাইছিল নাৰিকল দুটা। নেহাক নাৰিকল কেইটা ৰুকিবলৈ দি পিঠা কেইটা বনোৱাৰ কথা ভাবিছিল তেওঁ। জীয়েকক মাতিবলৈ আহি অনুচ্চ স্বৰত তাই পাতি থকা কথাবোৰ শুনি ৰুমৰ সন্মুখতে ৰৈ গ'ল অনুৰাধা। কাৰোবাৰ লগত কথা পাতি আছে নেহাই, বোধহয় লগৰ ছোৱালীৰ লগত।

"হা হা কি কৈছ? মায়ে? থোৱা হে আমাৰ মাতৃদেৱীক তুমি লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিব পাৰিছা।আজিলৈকে পাপাৰ ডিচিশ্যনবোৰত মূৰটো দুপিয়াই চাপৰ্ট কৰি যোৱাৰ বাহিৰে তেওঁক বেলেগ কিবা কৰা মই নেদেখিলো। তেওঁক তুমি সেই নাৰিকলৰ লাড়ুটো বনাবলৈ কেইটা নাৰিকলত কেইকাপ চেনী লাগে সেইয়া সুধিবা, এপোৱা গাখীৰেৰে কেইটা পেৰা বনাব পাৰি সেইটো সুধিবা। সেইবোৰহে জানে তেওঁ।কৈছো তো পাপাৰ ডিচিছনৰ এগেইনষ্টত যোৱাৰ সাহস আমাৰ ঘৰখনত কাৰোৰে নাই। তহঁতৰ দৰে সব ভাগ্যবান নহয় নহয়।" 

কিবা এটাই খুন্দা মাৰি ধৰাৰ দৰে লাগিল অনুৰাধাৰ বুকুখনত। ঠিকেইতো কিনো মিছা কথা কৈছে নেহাই। বিয়াৰ পাছৰে পৰাতো কেৰাহীখন, হেতাখন কৰিয়েই তেওঁ পাৰ কৰিলে সময়বোৰ।ঘৰখনৰ কথাবোৰত মানুহতোৰ মতবোৰতেই সন্মান কৰি গ'ল পত্নী হিচাপে।কিন্তু তেওঁৰ মনটোক জানো  ঘৰখনৰ কোনোবা এটাই আজিলৈকে বুজিবলৈ চেষ্টা কৰিলে নে?ঘৰখনৰ কোনে কি খাই ভাল পায় কি বেয়া পায় সেইয়া তেওঁৰ নখদৰ্পনত। কিন্তু তেওঁৰ ভাললগা বেয়ালগাটোক আজিলৈকে কোনোবাই বুজিলেনে? চকুহাল সেমেকি উঠিল অনুৰাধাৰ। পুৰণি দুখৰীয়া ছবি এখনে বাৰে বাৰে আহি আমনি কৰিলে তেওঁক।

কলেজখনৰ সেইসময়ৰ বেষ্ট চিংগাৰ অনুৰাধাৰ প্ৰেমত ক'ব নোৱাৰাকৈয়ে পৰি গৈছিল প্ৰভাত দুৱৰা। অনুৰাধা টি.ডি.চি ছেকেণ্ড ইয়েৰত থাকোতে দুৱৰা সেইসময়ৰ ফাইনেল ইয়েৰৰ ছাত্র। ডিগ্ৰীটো পাছ কৰাৰ পাছতে ট্ৰেজাৰি অফিচৰ চাকৰিতো পালে প্ৰভাত দুৱৰাই, অনুৰাধা তেতিয়া ফাইনেল ইয়েৰত। চাকৰিৰ পাচতো প্ৰেমৰ সম্পৰ্কতো চলি থাকিল দুয়োৰে। লাহে লাহে  ঘৰদুখনেও গম পোৱা হয় কথাবোৰ। 

প্ৰভাতৰ মাকজনীৰ ডাঙৰ বেমাৰ এটাই দেখা দিলে সেই সময়তে। ডাক্তৰে হাত দাঙিলে। মাকজনীৰ শেষ ইচ্ছা নিজহাতে বোৱাৰীজনীক ঘৰ সুমুওৱাৰ। অনুৰাধা ছোৱালীজনী সাদৰী,ঘৰ ধৰিব পৰা বিধৰ। প্ৰভাত দুৱৰাৰ ঘৰখনেও মনে প্ৰাণে অনুৰাধাক বিছাৰিলে বোৱাৰী হিচাপে। পাচজনী ছোৱালী আৰু এটা ল'ৰাৰে পৰিয়ালটোৰ ডাঙৰ জীয়ৰী অনুৰাধা। তাতে প্ৰভাত দুৱৰা চৰকাৰী চাকৰি থকা ল'ৰা।হাততে সৰগ ঢুকি পোৱা যেন পালে অনুৰাধাৰ দেউতাকে। দুৱৰাৰ মাক কেইটামানদিনৰ আলহী, বিয়াখন সোনকালে হোৱাত জোৰ দিলে তেওঁলোকৰ ঘৰখনে। দুই নাওঁ দুই ভৰিৰ দৰে অৱস্থা হ'ল অনুৰাধাৰ। বিয়াত বহা মানেই তাইৰ ডিগ্ৰীটো অসম্পূৰ্ণ হৈ ৰোৱা। অনুৰাধাৰ ইচ্ছা আছিল বি.এ কমপ্লিট কৰি ইউনিভাৰ্চিটিত এম.এ কৰিবলৈ যোৱাৰ।সপোন আছিল গায়িকা নহ'লেও গান গোৱাৰ অভ্যাসটো চলাই থকাৰ। অৱশ্যে প্ৰভাত দুৱৰাৰ ঘৰখনে আশ্বাস দিলে ইচ্ছা কৰিলে তাই বিয়া হোৱাৰ পাছতো ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব।
এফালে সপোনবোৰ আনফালে প্ৰিয়জন। এইবোৰৰ মাজতেই এদিন ন-কইনাৰ সাজেৰে  দুৱৰাৰ ঘৰৰ পদূলি গছকি বোৱাৰী হ'লগৈ তাই।  বোৱাৰী হৈ ঘৰ সোমোৱাৰ অলপ দিন পিছতেই শাহুৱেক শয্যাশায়ী হ'ল। দীঘল ওৰণিখন লৈ পাৰেমানে শুশ্ৰূষা কৰিলে অনুৰাধাই। শাহুৱেক এদিন গ'লগৈ, তাৰ অলপ দিন পাছতে শহুৰেকো ঢুকাল। অনুৰাধাৰ ডিগ্ৰীটোহে ত্ৰিশংকু স্বৰ্গ আৰু মৰ্ত্যৰ মাজত ওলমি ৰোৱাৰ দৰে ওলমি থাকিল। বছৰবোৰ বাগৰি গ'ল, তাৰ মাজতে পাঁচবছৰৰ অগা পিছাকৈ নেহা আৰু বুবুৱে আহি তেওঁৰ কোলাখন শুৱনি কৰিলে। ল'ৰা-ছোৱালী, ঘৰ-সংসাৰ এইবোৰৰ মাজতে অনুৰাধাৰ সপোনটোও যেন কোনোবা এচুকত পৰি ৰ'ল।বিয়াৰ আগতে হাজাৰটা প্ৰতিশ্ৰুতি দিয়া মানুহটোৱেও বিয়াৰ পাছতেই সকলোবোৰ পাহৰি গ'ল।সংসাৰৰ ব্যস্ততাৰ মাজত যেন তেওঁৱো পাহৰি পেলালে সকলোবোৰ। আজি নেহাৰ কথাবোৰে অনুৰাধাক  আকৌ হঠাৎ মনত পেলাই দিলে কথাবোৰ। 

ড্ৰয়িং ৰুমৰ কথোপকথনবোৰৰ কিছু কিছু কথা কিটছেনলৈকে শুনিছে অনুৰাধাই। তাৰমাজতে গহীন ফুকনে ৰসিকতা কৰি কোৱা কথাবোৰত সকলোৱে মৰা হাঁহি গিৰ্জনিবোৰো কানত পৰিছে তেওঁৰ। আলহীঘৰীয়া বুলিবলৈ ল'ৰাটোৰ পৰিয়াল আৰু উমৈহতীয়া চিনাকি হিচাপে গহীন ফুকন। ইতিমধ্যে চা-চিনাকি, চাহ-জলপানৰ পৰ্ববোৰ শেষ কৰি সকলোৱে মূল কথাবোৰত আগবাঢ়িম বুলিয়েই ৰৈ আছে। মাত্ৰ অনুৰাধা আজৰি হোৱালৈ অপেক্ষা কৰিছে সকলোৱে। মাক হিচাপে তেওঁৰ উপস্থিতিও সকলোৱে বিছাৰিছে আলোচনাত। কাম বুলিবলৈ তেনেকৈ নায়েই, ডাইনিংখন চিজিল কৰি বাতি কাঁহীবোৰ ধুবলৈ আছে। হওতে কামকৰা ছোৱালীজনী আছে।পিছে নিজেই দেখুৱাই নিদিয়ালৈকে শান্তি নাপায় অনুৰাধাই। ছোৱালীজনীক কামকেইটা দেখুৱাই হাতখন মুচি মুচি ড্ৰয়িং ৰুমৰ আলোচনাটোত ভাগ লবলৈ বুলি সোমাই গ'ল অনুৰাধা। সকলোৱে যেন তেওঁ অহালৈয়ে বাট চাই আছিল।

"তেতিয়া সকলোফালে মিলিলে আৰু আগহে বাঢ়িব লাগে নে কি কয়?" গহীন ফুকনেই আৰম্ভ কৰিলে।

"আমাৰ ছোৱালী পচন্দ হৈছেই যেতিয়া আপোনালোকৰ আপত্তি নাথাকিলে সোনকালে আগবাঢ়ো আৰু দুৱৰা।"

"আমাৰ কিন্তু আপত্তি আছে।" অনুৰাধাৰ ধীৰ স্থিৰ অথচ গম্ভীৰ মাতটোত একপ্ৰকাৰ ৰৈ গ'ল কোঠাটোত থকা সকলো।

"বিয়া এখন হ'বলৈ হ'লে প্ৰথম সিহঁতহালৰ মতামত লোৱাটো দৰকাৰ। সকলো ঠিৰাং কৰি লোৱাৰ আগত তাইক এবাৰ সোধা হ'ল জানো তাইৰ মনটোৱে বা কি কয়? পি এইচ দি কৰিবলৈ মন তাইৰ, এইবাৰ এন্ট্ৰেন্সো ক্লিয়েৰ কৰিছে। তাৰ পাছতো ছোৱালীজনীৰ সপোনবোৰ ভাঙি পেলোৱাৰ অধিকাৰ আমাৰ আছে নে?নে ছোৱালী হোৱাৰ বাবেই তাই নিজৰ সপোনবোৰ আনৰ বাবে বিসৰ্জন দি যাব।" বহুত কিবাকিবিয়েই কৈ পেলালে অনুৰাধাই, ক'ৰ পৰা যে সাহস পালে তেওঁ নিজেই নাজানিলে। বাধা দিবলৈও যেন পাহৰি গ'ল প্ৰভাত দুৱৰাই।  এক মুহুৰ্তৰ বাবে মুক হৈ পৰিল সকলো।

আলহী গ'লগৈ, ছোৱালীয়ে পি এইচ ডি কমপ্লিট কৰালৈকে তেওঁলোক ৰব নোৱাৰিব। বিয়াখন নোহোৱাৰ আওপকীয়াকৈ ইংগিত এটা দি গ'ল তেওঁলোকে। গোমা হৈ পৰিল ঘৰখন আকৌ।

"চৰী মা" আলনাদালত কাপোৰ জাপি থকা অনুৰাধাক সাবটি ধৰি উচুপি উঠিল নেহা।

"চৰী কিয় আকৌ" মৰমেৰে সুধিলে অনুৰাধাই।

"তোমাক আমি অতদিনে ভুল বুজিয়েই থাকিলো। কালি আনকি মোৰ ফ্ৰেইণ্ডছবোৰকো তোমাৰ কথা কিমান যে কি ক'লো। তুমি সচাই বহুত ভাল জানা। পাপাই চাগে এতিয়া তোমাক বহুত কিবা কিবি ক'ব।"

"কিয় কিবা কিবি ক'ম মই। মাৰেনো কি ভুল কথাটো ক'লে। তোৰ ভবিষ্যতটোৰ কথা ভালকৈ ভাবিয়েইটো তেওঁ কৈছে। মুঠতে পি এইচ দি কমপ্লিট নোহোৱালৈকে তোৰ বিয়া নহয়। মই গহীন ফুকনক কৈয়ে পঠাইছো।নে মই কিবা ভুল ক'লো নেকি অ' মাজনী" অতপৰে মাক-জীয়েকৰ কথাবোৰ শুনি থকা দেউতাকৰ কথাষাৰত মনটো ভাল লাগি গ'ল নেহাৰ। একে জাপেই গৈ এইবাৰ তাই দেউতাকক সাবটি ধৰিলে।

"এইজনী মানে বুঢ়ী হ'ল তথাপি সৰুকালৰ স্বভাৱবোৰ নগ'ল আৰু। চাও যাচোন তোৰ হাৰমনিয়ামখন লৈ আন।" কৃত্ৰিম ধমক এটা দিলে দেউতাকে।

"হাৰমনিয়াম কিয়?" দেউতাকৰ কথাত একপ্ৰকাৰ আচৰিত হ'ল তাই।

"আনচোন গম পাবি নহয়।" ৰেগদালৰ ওপৰতে থকা হাৰমনিয়ামখন নমাই আনিলে নেহাই। সৰুতে সেইখন দেউতাকে তাইক গান শিকিবলৈ আনি দিছিল।নেহা কলেজত পঢ়িবলৈ যোৱাৰে পৰা ব্যৱহাৰ নোহোৱাকৈয়ে  পৰি আছিল সেইখন। 

"হেৰা বহুত দিন তোমাৰ গান শুনা নাই হে। আজি এটা শুনাবানে?" হাৰমনিয়ামখনৰ ধূলিখিনি কাপোৰ এখনেৰে চাফা কৰি অনুৰাধালৈ আগবঢ়াই দিলে প্ৰভাত দুৱৰাই। চকুহাল ধুৱলি কুৱলি হৈ পৰিল অনুৰাধাৰ।

"মা তুমি গানো গোৱা। ইমান দিনে কোৱা নাছিলা কিয়।"

"হেৰৌ কবলৈ আমি জানো কেতিয়াবা সুবিধা দিলো। তহঁতি গমেই নাপাৱ, কলেজত পঢ়ি থাকোতে মাৰে গান গায়েইতো মোৰ হৃদয়খন চুৰ কৰিছিল। হেৰা তোমাৰ ভাল লগা গানটোযে ফ্ৰেচমেনত যে গাইছিলা গোৱা আকৌ।"

 দেউতাকৰ ৰসিকতাত হাঁহি দিলে আটায়ে। কৰবাৰ পৰা আহি বুবুৱেও যোগ দিলেহি ৰসাল আদ্দাতোত। আনন্দৰ অশ্ৰু দুধাৰিয়ে গাল দুখন তিয়াই নিলে অনুৰাধাৰ। এৰা কিমান দিনৰ পাছত যে তেওঁৰ ভিতৰৰ মানুহজনীয়ে  এনেকৈ মনখুলি হাঁহিব পাৰিছে। কিমান দিনৰ পাছত যে আকৌ এনেকৈ হাৰমনিয়ামখন হাতত ল'ব পাৰিছে। চাদৰৰ আঁচলখনেৰে চকুহাল মোহাৰি অনুৰাধাই আৰম্ভ কৰিলে তাহানি কলেজৰ ফ্ৰেচমেন চচিয়েলত গোৱা তেওঁৰ প্ৰিয় গীতটি--

"নদী মাথো বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে?"

Wednesday, April 15, 2020

গল্প---নেওতা

 গল্প

নেওতা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট

" ভকত আহক। বৌটি আলহী, ভকত বহক।" নোমলে শিকোৱাৰ দৰেই পোৱালি ভাটৌটোৱে টকটকাই, নোমলে বেচ ফুৰ্তি পাই।

"ভোক লাগিলে কি ক'বি ভকত?" নোমলে লেনিয়াই লেনিয়াই ভাটৌটোক সোধে।

"বৌটি ভোক ভোক।" নোমলে মাকক বৌটি বুলি মাতে, দেখি ভাটৌটোৱেও মাতে।নোমলে উৎসাহ পায়। এইবাৰ সি গাল-দুখন আগবঢ়াই দিয়ে ভকতলৈ। ঠোঁটটোৰে চপককৈ অদ্ভুত শব্দ এটা কৰি ভাটৌটোৱে শূন্যতে চুমা খাই। নোমলে খিলখিলাই হাঁহে।

"অই গোটগৰু, পঢ়া-পাতিৰ ফালে কৰিছ সেইয়া। সন্ধিয়া লাগিলে পঢ়াত বহিবলৈ তোক সদায় মই কব লাগে। বিয়োগ নেওতাখন মাতিবলৈ দিলে মাতিব নোৱাৰ।যেতিয়াই দেখো খালি ভকত আৰু ভকত।"

ডাঙৰটো ককায়েকৰ ধমক এটা বা এচাৰিদালৰ কোব এটা নোখোৱালৈকে নোমলে ভকতৰ লগ এৰি পঢ়াৰ ওচৰলৈ নাযায়। আচলতে তাৰ পঢ়া শুনা এইবোৰ কৰিবলৈ একেবাৰে মন নোযোৱা নহয়, কিন্তু যিমান পঢ়িলেও তাৰ কথাবোৰ মনত নৰয়। স্কুলত গঙাৰাম মাষ্টৰৰ চিটিপনিৰ কোব কেইটা সদায় সিয়েই বেছিকৈ খায়। ককায়েক দুটা পঢ়া-শুনাত গাঁৱখনৰ ভিতৰতে  চোকা, ডাঙৰটো ককায়েকে কষ্ট কৰি মেলি হ'লেও কলেজৰ ডিগ্ৰীটো ল'লে, নোমলৰ সৰুটো ককায়েককো ভাল বিভাগ এটাত পঢ়ুৱালে।গাঁৱৰ দুই একে ককায়েকহঁতৰ কথা কৈ নিজৰ ল'ৰা-ছোৱালীবোৰক উদাহৰণ দিয়ে। সেইহেন দুটা ককায়েকৰ ভায়েক হৈ সি নেওতাখন ভালকৈ গাব নোৱাৰে, স্কুলত তাক হাঁহে সবেই।নোমলৰ লাজ লাগে নিজলৈয়ে, পঢ়িবলৈ মন নোযোৱা হয় তাৰ। ডাঙৰ ককায়েকৰ চিটিপনি দালৰ কোব কেইটা, কাণচেপা কেইটাৰ ভয়তহে সি অনিচ্ছাসত্বেও গৈ কিতাপখন মেলে।ককায়েককে শুনাই দুশাৰীমান চিঞৰি চিঞৰি পঢ়াৰ পাছতেই নোমলৰ  মনটো আকৌ কৰবালৈ উৰা মাৰে।

" মাত,মাত পাঁচৰ ঘৰৰ নেওতাখন আজি মুখস্থ দিম বুলি কৈছিলি।" এচাৰি দাল লিৰিকি বিদাৰি ডাঙৰ ককায়েকে তাক নেওতাখন মাতিবলৈ কয়। নোমলৰ বুকুখন ধাপাংকৈ মাৰে। ভয়ে ভয়ে সি মাতে পাঁচৰ পাঁচ গ'ল থাকিল শূন্য। ছয় পাঁআআআআ.….চ গ'ল থাকিল........এক, সাআআআ...তৰ পাঁআআআআ...চ গ'ল................। বাৰেপতি খোকোজা লাগে নোমলৰ। আচলতে ককায়েকৰ প্ৰতি থকা ভয়টোৱে তাৰ মনত থকা খিনিকো পাহৰাই পেলায়।

নোমলৰ কোমল গালখনত ডাঙৰ  ককায়েকে কেটেপ কেটেপকৈ বঢ়াই দিয়া চৰ কেইটাৰ শব্দ মাকে চৰুলৈকে শুনে। একেজাপেই উঠি আহে মানুহজনী য'ৰে বন ত'তে এৰি। এই কণমানি ল'ৰাটোতে যেন তেওঁৰ জীওটো সোমাই থাকে। ল'ৰাটোৱে কেনেবাকৈ অকণমানো কষ্ট পোৱা তেওঁৰ মনটোৱে সহিব নোৱাৰে। ডাঙৰটো ককায়েকৰ লগত পেটমচা নোমলৰ বয়সৰ পাৰ্থক্য প্ৰায় একুৰিৰ ওচৰা ওচৰি। ককায়েকহাল আৰু নোমলৰ মাজত আৰু তিনিটা লৰা-ছোৱালী জন্মিছিল।তাৰে দুটা জন্মতেই গ'ল, এজনীক হেনো হাইজাই নিলে। নোমল জন্মহোৱাৰ সময়লৈ মাকৰ বয়সে দুকুৰি পাৰ কৰিছিল। ল'ৰাটো জন্মতে তেনেই নিশকতীয়াটো আছিল, জন্ম হোৱাৰ সময়ত মগজতো অলপ দুখ পাইছিল। মাক-বাপেক হালেতো আশা একেবাৰে এৰিয়েই পেলাইছিল। ওচৰৰে মাণিকী বুঢ়ীয়ে পুৱা-গধূলি সেক-পোতক দি দি তাক অকণ তজবজীয়া কৰিলে। নুমলীয়া কাৰণে তাৰ নামটো হেনো দেউতাকেই নোমল ৰাখিছিল। পিছে সি হে বাপেকৰ মৰম ভালকৈ নাপালে।নোমলৰ ছমাহ পুৰ নৌহওতেই অচিন বেমাৰত পৰি বাপেক এদিন গ'লগৈ। সেই তেতিয়াৰ পৰাই ককায়েক দুটাতকৈ তালৈ মাকৰ মৰমতো বাঢ়িল। মাকৰ মনে তাক মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব।

"ডাঙৰ মইনা অ', সেই অকণমান কথাটোতে লাগি তাক তেনেকৈনো মাৰিব লাগে নে? সি জানো দুখ নাপায়।" মাকৰ মন, নোৱাৰে সহিব।

"তোৰ এইবোৰ কথাৰ কাৰণেই সি দিনে দিনে লাই পাই গৈছে বৌটি। বয়সৰ জোখাৰে সি এল.পি স্কুলৰ দেওনাখন কেতিয়াবাই পাৰ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে নেওতা কেইখনকে মনত ৰাখিব নোৱাৰিলে সি।" ডাঙৰ ককায়েকে গৰজি উঠে।

"হব দে চোন, তাৰনো বয়স হৈছে কিমান, তাতে ল'ৰাটো তেনেই নিশকতীয়া। তই তেনেকৈ চৰটো, কিলটো দি থাকিলে সি চোন কিবা শিকক চাৰি তোলৈ ভয়হে কৰিবলৈ ল'ব। তোৰ নিজৰেই ভায়েৰ নহয় জানো সি। তইচোন তাক সতীয়া ভাইটোৰ  দৰেহে চাৱ।" মাকৰ কথাত সাহস পায় নোমলে।

"নিজৰ ভাই বুলি তাৰ ভালটো ভাবিয়েই ইমানখিনি কৰিছিলো। ঘৰতে থকা কামবন নোহোৱা এটা দমৰা বনাব খুজিছ যদি তোৰ তোৱেই হওক। মই আৰু একো নকও। আগলৈ যেতিয়া ডাঙৰ হৈ এদিন কান্দিব তেতিয়া কিন্তু মোক মনত নেপেলাবি আজিৰ তাৰিখত ক'লো তোক।" ককায়েকে ভোৰভোৰাই।

"ডাং কাইদ' তোমালোকে আগলে ডাঙৰ চাকৰি কৰিবা নহয়,  মোক তাৰ পা পঞ্চাশ টকা পঞ্চাশ টকা দুয়োটাই দি দিবা মোৰ তেনেকৈয়ে হৈ যাব।"

নোমলৰ কথাবোৰত মগজটো গৰমহৈ আহে ককায়েকৰ। একো নকৈ সি ওলাই যায় ফো-ফোৱাই। ককায়েকে জানে মাকৰ সন্মুখত নোমলৰ গাত হাত উঠোৱা মানে হিতে বিপৰীত হোৱা। সৰুতো ককায়েকে সেইবোৰৰ ভূ নাৰাখে, অৱশ্যে ৰাখিবলৈ ইচ্ছাও নকৰে।সি নিজৰ পঢ়াশুনাক লৈয়ে ব্যস্ত থাকে।সৰুতো ককায়েকে চহৰৰ ডাঙৰ কলেজত থাকি পঢ়ে, চৰকাৰী ধন পায় পঢ়িবলৈ। কিবা এটা ডাঙৰ  বিভাগত পঢ়ে তাৰ সৰুটো ককায়েকে, পঢ়িলেই ডাঙৰ অফিচাৰ হয়, নোমলে তেনেকৈয়ে জানে। বন্ধত ঘৰলৈ আহিলে তালৈও কিবা কিবি আনে, সি বেচ ফূৰ্তি পায়। সৰুটো ককায়েক ভাল, ডাঙৰটোহে কিবা সেই ভাওনাৰ দৈত্যদালৰ নিচিনা, তাৰ চিৰশত্ৰু। নোমলৰ কুমলীয়া মনটোৱে তেনেকৈ ভাবে।

তাৰ মাজতে দুৰণিৰ চহৰ এখনত ডাঙৰটো ককায়েকৰ অতদিনে লাগি লাগি চাকৰিটো হ'লগৈ। চহৰখনত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে ককায়েকে। ককায়েক তেনেকৈ ঘৰলৈ আহিব নোৱাৰে।বিহুৱে পূজায়ে বা দীঘলীয়া বন্ধ পালেহে ঘৰলৈ আহে, মাহেকে পষেকে ঘৰলৈ টকা পঠায়।নোমলৰ কাৰণে যেন গাখীৰতে ম'হৰ খুটিহে হ'ল। আগতে ককায়েকৰ চৰটো বা ধমকটো খাইয়েই সি পঢ়াৰ ওচৰত বহিছিল। এতিয়া তাক টানকৈ কথা কোৱা মানুহ এটা নোহোৱা হ'ল ঘৰখনত। নোমলৰ পঢ়া পাতি সেইফালেই ধোৱাচাংত উঠিল। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো লৈ ওলোৱাৰ পাছতে তাৰ সৰুটো ককায়েকৰো চাকৰিটো হ'ল। নোমলৰহে আৰু পঢ়া শুনা নহ'ল, এল.পি স্কুলৰ দেওনাখন পাৰ নকৰাকৈয়ে সি স্কুল এৰিলে।

বছৰবোৰ বাগৰি যায়, ভাটৌটোও এদিন ঢুকায়, চেঙেলীয়াৰ পৰা ডেকালৈ পৰিবৰ্তন হয় নোমল। পঢ়া-শুনা কৰিব নোৱাৰিলেও ঘৰ-বাৰী পথাৰৰ কামবোৰ কৰিব জনা হ'ল সি। আগতে ককায়েকহঁতে আধিলৈ দিয়া মাতি কেইডৰাত নিজেই খেতি কৰিবলৈ ল'লে সি।দেউতাকৰ বেমাৰৰ সময়ত বন্ধকত থোৱা মাটি দুবিঘাও মোকোলালে এদিন নোমলে।আগৰ স্কুলত নেওতাখন মাতিব নোৱাৰা নোমলে কাষৰে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া   হাটখনলৈ ইদিন তামোল পোণ, সিদিন পাচলি কেইটা নি আঙুলিতে গণি গণি বেচিব জনা হ'ল। ককায়েকহালৰহে ঘৰলৈ আহ যাহ আগতকৈ কমিল। টাউনতেই মাটি কিনি ঘৰ-বাৰী কৰিলে দুয়োটা ককায়েকে, বিয়া বাৰুও তাতেই কৰালে। নোমল আৰু মাক গৈছিল ককায়েকহঁতৰ বিয়ালৈ। পিছে চহৰীয়া আও ভাও বোৰৰ মাজত নিজকহে কিবা ভুচুং পহু যেন লাগিল তাৰ। বিয়াঘৰৰ আলহীবোৰৰ মাজতো ককায়েকহঁতে যেন তাক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজহে পালে, হয়তো নিজৰ নামটো লিখিবলৈকে তাৰ এপৰ লাগে, সেইবাবে।

"অ' পোনা নিজৰ হাতেৰে কেচা মিঠৈ কেইটা দলিয়াই বোৱাৰীজনীক পদূলিৰ পৰা আনি ঘৰ সুমুৱাবলৈ মনটো থাকি গ'ল। আৰুনো কেইটাদিন থাকিম চাগে? ককায়েৰহঁতেটো সেইয়াই কৰিলে, তই মোৰ মনটো বুজ দেখিহে ক'লো।"

 মাকে ফোপাই ফোপাই কোৱা কথাবোৰত মনটো সেমেকি যায় নোমলৰ। বিয়াৰ কথা নভবা নহয় সি। সিখন গাঁৱৰ মিনতিৰ মনটো পোৱা তিনি বছৰেই পাৰ হ'ল। কিন্তু বিয়াখন বোলোতে গহনা-গাঠৰি, পাটৰ কাপোৰযোৰকে আদি কৰি বহুতকণ কথা আহি যায়। তাৰ ভাবিবলৈকে চোন ভয় লাগে।শালিখেতিৰ ধানকেইটা, বাৰীৰ পাচলিকেইটাৰে আকালো নাই ভঁৰালো নাইৰ দৰে চলি থকা ল'ৰা সি।ককায়েকহালো আজিকালি নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল।সি কামত ধৰাৰ পৰা ঘৰখনলৈ টকা-সিকাটো বাদেই বিহু বুলি মাকজনীক কাপোৰ এসাজ দিবলৈও এৰিলে ককায়েকে হালে। সিহঁত দুটাই  যে তাক বিয়া বুলি  কিবা এপদ দি সহায় কৰিব সেইয়া নোমলৰ মনে নকয়। মাকৰ অন্তৰখনে দুখ পোৱাতো তাৰ মনটোৱে নসহে।

তথাপি ইচ্ছা থাকিও নোমলে মাকৰ মনৰ আশাটোহে পূৰণ কৰিব নোৱাৰিলে। মিনতিৰ ঘৰত বিয়াৰ কথাবতৰা চলিছিল। নোমলে দেৰি নকৰিলে, কোনোবা এদিন সন্ধিয়া মিনতিক আনি সি ঘৰ সুমুৱালেহি। মাকজনীয়ে সেইদিনা এসোতা ভালকৈয়ে কান্দিলে। সহিব নোৱাৰি নোমলেও কান্দিলে, কাহানিও তাৰ গাত টোপ এটাও পৰিবলৈ নিদিয়া মানুহজনীৰ মনটো ভঙাৰ দুখত। মনটোত দুখ এটা লৈয়ে মানুহজনী গ'লগৈ, নোমলে সেইদিনা হিয়া ঢাকুৰি কান্দিলে। ককায়েকহঁতো আহিল, সকাম ভাগ বৰ ডাঙৰকৈয়ে পাতিলে মাকৰ সিহঁতকেইটাই। নোমলৰ গোবৰ মাটিৰে লিপা ঘৰখনৰ পদূলিলৈ কাজৰ দিনা এসোপামান ডাঙৰ ডাঙৰ গাড়ী আহিল, নোমল আৰু মিনতিয়ে আলহী সেৱা কৰিহে তৎ পালে। ভোজৰ দিনা ৰাইজখনক বিদায় দিয়াৰ সময়তো আকৌ এসোতা কান্দিলে সি আৰু মিনতিয়ে।

দিনবোৰ পাৰ হয়, নোমল আকৌ সহজ হয়। খোকোজা নলগাকৈ চলি থাকে সিহঁতৰ সংসাৰখন। তাৰ মাজতে এদিন পাহি আহিল মিনতিৰ কোলালৈ। মাক নোহোৱা উকা উকা ঘৰখন আকৌ পাহিৰ কলকলনিৰে ভৰি পৰিল। নোমলৰ মতেতো সেইয়া মাকেই ঘূৰি আহিল আকৌ সিহঁতৰ মাজলৈ পাহিৰ ৰূপত। মাক ঢুকুৱাৰ পাছৰে পৰা ককায়েকেহালে একেবাৰেই আহিবলৈ এৰিলে গাঁৱৰ ঘৰখনলৈ। মাকৰ সকাম ভাঙি ৰাইজখনৰ লগতেই ওলাই যোৱা ককায়েকহাল সকামৰ পাছত এবাৰেই আহিছিল ঘৰখনলৈ, পৈত্তিক সম্পত্তিখিনি তিনিভাগ কৰিবলৈ। ককায়েকহঁতৰ সিদ্ধান্তত মাত নামাতিলে নোমলে।হয়তোন!! বাপেকৰ সম্পত্তিখিনিৰ ওপৰত সিহঁতহালৰো সমানে অধিকাৰ আছে। নিজৰ ভাগৰ মাটিখিনি বেছি ককায়েকহাল গ'লগৈ। নোমলে মাথো মূৰ দুপিয়াই গ'ল ককায়েকহঁতৰ সিদ্ধান্তত। সিহঁতনো মানুহ কেইটা?  তিনিটাহে, ভাগত পৰা খিনিৰেই চলি যাব পাৰিব বছৰটো।

"হেৰা কাইলৈ ডাঙৰ কাইদ'ৰ তালৈকে এপাক যাম বুজিছা।ককাইদ'ৱে কিবা এটা দিহা  দিব।" বিচনাত পৰি থকা মিনতিৰ দূৰ্বল শৰীৰটোলৈ চাই হুমুনিয়াহ এটা পেলাই কয় নোমলে। এৰা ঢুকুৱাৰ আগতে তাক মাকেও কৈছিল--"পোনা বিপদে আপদে ককায়েৰহঁতৰ লগ নেৰিবি, চাবি তোক নিৰাশ নকৰে সিহঁতে। সিহঁতহালো মোৰেইহে পেটৰ পোৱালি।"

 মিনতিৰ শেতা পৰা মুখখনলৈ চাবই নোৱাৰে সি, চালেই সৰসৰকৈ চকুলো সৰে তাৰ। আগৰ সেইহেন মানুহজনীৰ এতিয়া জঁকাটোহে আছেগৈ। বেমাৰটোৱে বহু দিন আগৰ পৰাই গজালি পুতিছিল মিনতিৰ শৰীৰত। প্ৰথমতে সিহঁতে সাধাৰণ মূৰঘূৰণি বুলিয়েই ভাবি লৈছিল। চাৰিআলিৰ জগতৰ ফাৰ্মাচীৰ বড়ি দুটামান খালেই আৰাম পাইছিল তাই। পাচলৈ মূৰঘূৰণিটো সঘনাই হবলৈ ল'লে। গাঁৱৰে কোনোবা দুটামানে কৈছিল তাক--"যাচোন ইয়াৰ পিলসোপা খাই থকাতকৈ এবাৰ চহৰতে দেখুৱাই আহ।" মিনতিক লৈ এদিন চহৰৰ ডাক্তৰৰ ওচৰলৈ গ'ল নোমল। ডাক্তৰে এসোপামান পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিলে মিনতিৰ।

"ব্ৰেইন টিউমাৰ, সোনকালে অপাৰেচন নকৰিলে পেচেন্টৰ কনদিচনটো ক্ৰিটিকেললৈ গৈ থাকিব।" ডাক্তৰে সেইদিনা কোৱা কথাবোৰৰ বেছিভাগেই নুবুজিলে নোমলে, মাত্ৰ বুজিলে মিনতিৰ সাংঘাটিক ডাঙৰ বেমাৰ এটা হৈছে, যিটোৰ পৰা বচাবলৈ তাক ভালেমান টকাৰ প্ৰয়োজন। আকাশখন মূৰৰ ওপৰতে খহি পৰাৰ যেন লাগিল তাৰ। সাচতীয়া পইচাখিনি পৰীক্ষা-নিৰীক্ষাৰ নামতেই শেষ হ'ল। মাটিখিনি বন্ধকত দিলে দুটকামান পোৱা যাব কিন্তু সেইখিনিৰে মিনতিৰ অপাৰেচনৰ খৰচটোকে নোলায়। মূৰে কাম নকৰা হয় নোমলৰ।

"মোৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে নে? পইচা বহুত লাগে ভাল কৰিবলৈ হয়নে বাৰু?আমাৰনো ইমানখিনি পইচা ক'ত আছে? আপুনি  মিছাতেই কেলৈ কষ্ট কৰি মৰিব লাগে মোৰ কাৰণে"

 মিনতিৰ কথাষাৰে বুকুখন একেবাৰে চেপি খুন্দি শেষ কৰি পেলোৱা যেন লাগে নোমলৰ। চকুপানী ৰখাব নোৱাৰে সি। বেমাৰটোৱে খুলি খুলি খাইছে মিনতিক। কোনোবাই ধৰি নিদিলে উঠা মেলা কৰিব নোৱাৰে। কেইবাদিনো অকলে উঠিবলৈ লৈ মূৰ ঘুৰাই পৰিছে তাই। দিনটো ইটোৰ পিছত সিটো কৰি ফুৰা মানুহজনীৰ এতিয়া বিচনাখনেই সংগী হ'ল। দেওবৰীয়া বজাৰখনলৈ নগ'লে সপ্তাহটো চলিবলৈ টান হয় সিহঁতৰ। মিনতিক তেনেকৈ এৰি যাবও নোৱাৰে সি ঘৰখনত। সোনকালে টকাৰ যোগাৰ নহ'লে মানুহজনীক বচাবলৈ যে টান হব, সেইকথা বুজে নোমলে। হাজাৰটা চিন্তাত ভাঙি পৰে সি।

"ককাইদ'ৰ তালৈ ইমানদিন পাছত যাব? শুদাহাতে যাবলৈ ভাল হ'ব জানো? নাৰিকল এটা ৰুকি দিয়া হ'লে মই ইয়াতে বহি লস্কৰা দুটামান কৰি দিব পাৰিলোহেতেন ল'ৰা-ছোৱালী হাললৈ।" বিচনাত পৰাৰে পৰাই কোনোমতে মাতটো উলিয়াই কথাষাৰ কয় মিনতিয়ে।

"এইটো দেহাৰে নালাগেচোন তুমি সেইবোৰ কৰিবলৈ। বাৰীত পাচলি দুটামান ওলাব নহয় তাকে লৈ যাম।"

ৰাতিপুৱাই ককায়েকৰ তালৈ ওলাল নোমল। মোনাটোত ঘৰৰে গঁৰালটোৰ ডেকেৰুৱা হাঁহ এজনী ভৰাই ল'লে সি, বাৰীৰে কোমোৰা এটাও ল'লে লগত। ডাঙৰ ককায়েকে আগতে হাঁহ খাই ভাল পাইছিল মনত আছে তাৰ।

"পাহি অ' মাৰক অশান্তি নকৰিবি দেই। মাৰে কিবা এটা খুজিলে বিচাৰি আনি দিবি।মই সোনকালেই পামহি নহয় দৌ।"

পাহিয়ে মূৰ দুপিয়ালে। ছোৱালীজনীৰ মুখখনলৈ চালে শোকটোৱে খুন্দা মাৰি ধৰে তাৰ। কিমাননো বয়স হৈছে তাইৰ, দ্বিতীয় শ্ৰেণী পাইছে গৈ হে। তাইয়ো যেন কথাবোৰ অলপ অলপ কিবা বুজি পাইছে। মাকক তেনেকৈ আমনি নকৰে তাই আজি কালি। ইমান কম বয়সতে যথেষ্ট বুজা হৈছে তাই।

চহৰৰ পৰা উভতি আহি সি ঘৰ পোৱালৈ সন্ধিয়াই হৈছিল।পদূলিৰ মুখৰ পৰাই গাঁৱৰ ৰাইজখনক দেখি বুকুখন চিৰিংকৈ মাৰিলে তাৰ। সন্ধিয়াখন গাঁৱৰ ৰাইজখনে তাৰ ঘৰত আহি আকৌ কি কৰিছে?

"দেৰি কৰিলি অ' নোমল। তই অহালৈ তাই নৰ'লেই।" নঙলামুখতে ৰৈ থকা মাঘি দাইটিৰ কথাষাৰত সেইখিনিতেই ধমহকৈ লুটি খাই পৰিল নোমল। হাতৰ মোনাটোত থকা  ডাঙৰ ককায়েকলৈ বুলি লৈ যোৱা চীনা হাঁহটোৱে থেকেচকৈ মাটিত পৰি জোৰেৰে পেকপেকাই  চিঞৰি দিলে। তুলসীৰ তলত সেইয়া মিনতিক শুৱাই থৈছে ৰাইজখনে।কোনোবা দুটাই ধৰি ধৰি লৈ আনিলে তাক সেইখিনিলৈ। মিনতিৰ নিঠৰ দেহটোলৈ চাই চাই পাহীক বুকুত  সাবটি ধৰি জোৰেৰে চিঞৰি দিলে সি--" হেৰা কি কথাত নো বেয়া পালা মোক? ইমাননো লৰালৰি হ'ল নে তোমাৰ, মই অহালৈকে ৰ'ব নোৱাৰিলা নেকি?" কোনোবা এজনীয়ে তাৰ হাতত সেন্দুৰৰ টেমাটো তুলি দিলে। শেষবাৰৰ কাৰণে মিনতিৰ কপালত বেলিটো আকি দিলে নোমলে।

"সৰুতে যেতিয়া নেওতাখন মুখস্থ মাতিবলৈ দিছিলো তেতিয়া মোলৈ খং উঠিছিল তোৰ। তেতিয়া চাগে মোক তোৰ চিৰশত্ৰু যেন লাগিছিল। তেতিয়াই যদি পঢ়া-শুনা অলপ ভালকৈ কৰিলিহেতেন আজি এনেকৈ ঘৈণীয়েৰৰ জীৱনটো বচাবলৈ লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰিব লগা নহ'লহেতেন।সেইদিনাই তোক কৈছিলো নহয় ডাঙৰ হৈ যেতিয়া এদিন কান্দিবি, তেতিয়া কিন্তু মোক মনত নেপেলাবি।"

ডাঙৰ ককায়েকে দুপৰীয়া কোৱা কথাখিনিলৈ চেৰেং চেৰেংকৈ মনত পৰিল নোমলৰ। ৰাইজখনক তাতে এৰি ল'ৰ মাৰি ভিতৰ সোমাল সি। পাহীক যোৱাবাৰ বজাৰৰ পৰা আনি দিয়া নেওতাৰ কিতাপখন আনি চোতালতে বহি লৈ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰি দিলে নোমলে। খৰি দিবলৈ যো জা কৰি থকা ৰাইজখনে সেইফালেই তভক মাৰিলে। নোমলৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ডাঙৰ ডাঙৰকৈ পঢ়িছে সি নেওতাবোৰ। জীৱনত এদিন  ডাঙৰ ভুল এটা কৰিছিল সি, যাৰ বাবে সি আজি মিনতিক হেৰুৱাইছে, অকালতে। এইমুহুৰ্ততেই যেন সি সকলোবোৰ ভুলৰ শুধৰণি একেলগেই কৰি পেলাব, ঘূৰাই আনিব তাৰ মৰমৰ মিনতিক।চকুৰ আগত হৈ থকা কথাবোৰ একো বুজিব নোৱাৰি এবাৰ চোতালত শুৱাই থোৱা মাকৰ দেহটোলৈ চাই, এবাৰ বাপেকলৈ চাই কান্দোনত গছৰ পাত সৰুৱালে পাহিয়ে। পাহিৰ কান্দোনৰ লগে লগে নোমলেও ডাঙৰ ডাঙৰকৈ গাই গ'ল সেই তাহানিৰ এল.পি স্কুলত গোৱা সুৰটোৰেই----

"একৰ এ গ'ল থাকিল শূন্য
দুইৰ এ গ'ল থাকিল এক
তিনিৰ এ গ'ল থাকিল দুই।।।।।।"

Thursday, April 9, 2020

গল্প--শঙ্খচূড়

গল্প
শঙ্খচূড়

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
৯১০১২৯৩৮৯৭



                 "ঘোৰ অপৰাধ        সহস্ৰেক বাৰ
                         অহৰ্নিশে আছো কৰি।
                     দাস বুলি ধৰি        শ্ৰীমধুসূদন
                           ক্ষমিয়োক দেৱ হৰি।।"

বোৱাৰী পুৱাতে উঠি গাটো তিয়াই লৈ আগফালৰ চোতালত থকা তুলসী পুলিটোৰ ওচৰত চাকিগছ জ্বলাই সদায় অপৰাধ ভঞ্জনৰ ঘোষা এফাঁকি গায় মাকণে। গোসাঁইঘৰ নাই সিহঁতৰ, অৱশ্যে সাজিবলৈ সাহসো কৰা নাই আজিলৈকে।থকা ঘৰখনৰ অৱস্থাই জৰাজীৰ্ণ, তাৰ মাজত আকৌ বেলেগকৈ গোসাঁইঘৰ এখনৰ কথা ভাবিবলৈ সাহস নহয় সিহঁতহালৰ।বেকা হৈ যোৱা বেৰদুখনৰ সৈতে দোকোঠলীয়া ঘৰতোৰ চালখন হয়তো সুনন্দই মাকণক অনাৰ আগতেই শেষবাৰৰ বাবে চোৱাইছিল, বৰ্তমান ৰাতি হ'লে সেইখনৰ মাজেৰে সদায় আকাশৰ  তৰা গণে মাকণে। তাৰ মাজতো মাকণে সময় উলিয়াই  ঘৰৰ বেৰকেইখন মাটিৰে লেপে। ঘোষাফাঁকি গাই থাকোতে শেষৰফালে সদায় মাকণৰ মাততো কঁপি উঠে, চকুৰ পৰা ওলাই অহা গৰম গৰম টোপাল কেইটাই গাল দুখন তিয়াই নিয়ে তাইৰ। সেইবোৰৰ ভূ অৱশ্যে সুনন্দই নাপায়, জানিবলৈ ইচ্ছাও নকৰে অৱশ্যে। সেইসময়কণত সুনন্দই অজগৰ দালৰ গতে ভঙা বিচনাখনত ঢোপাং দি পৰি থাকে, যেন ৰাতিটো মাকণক চেপি খুন্দি উঠি গাত লগা ভাগৰকণ মাৰে সি।

 খাৰে পোত যোৱা কাপোৰ দোখৰ ককালৰ তলত মেৰিয়াই এঙামুৰি এটা দি সুনন্দ উঠি আহে মানে মাকণৰ চৰুত জুই উঠেগৈ। জুহালৰ পৰা এঙাৰ এদোখৰ উলিয়াই পাত চাদা খাই ক'লা পেলোৱা দাঁতকেইটা ঘহি ঘহি সি পুখুৰীৰ পাৰ পায়গৈ। গা-ধুই আহিয়েই গৰম ভাতৰ কাঁহীখন বিচাৰে সুনন্দই, মাকণে বাঢ়ি দিওতে দেৰি নকৰে। কেতিয়াবা শাকে-শোকোতাৰে, কেতিয়াবা নিমখ তেলেৰে ভাতৰ কাঁহী খন উলিয়াই দিয়ে তাই। নাকে কাণে ভাতকেইটা গুজি পুৰণা ধূতি-পাঞ্জাৱীযোৰ পিন্ধি চেলেংখন গাত লৈ সুনন্দ ওলাই যায় দিনটোলৈ, কান্ধত বাকচটো লৈ। সুনন্দ ওলাই যোৱাৰ ফালে চাই আকৌ এবাৰ চকুলো টোকে মাকণে। প্ৰত্যেকটো পুৱাই এনেকৈ তুলসীৰ তলত চাকি গছ জ্বলাই ঘোষা এফাঁকিৰে দিনটোৰ আৰম্ভণি কৰে মাকণে, একমাত্ৰ গিৰিয়েকৰ বাবে। মাকণে যানে পেটৰ তাড়নাত পৰি সুনন্দই নিতৌ অজস্ৰ পাপ আৰ্জিছে যিবোৰ অক্ষমণীয়। তথাপি তাই ভগৱানক খাটে মানুহজনক কুশলে ৰাখিবলৈ।

"ত্ৰিভূৱন বিজয়ী বীৰ মই শঙ্খচূড়। নিজ বাহুৰ বলেৰে আজি মই স্বৰ্গ,মত্য আৰু পাতাল এই ত্ৰিদশৰ একছত্ৰী অধীশ্বৰ। মোৰ ভয়তেই আজি কোনেও কৰা নাই যাগ যজ্ঞ কিম্বা পূজাৰ আয়োজন। যিজনেই কৰিব বিদ্ৰোহ আচৰণ, কেশে ধৰি আনি জাপি দিম তাক মই জলন্ত অগ্নিকুণ্ডত।"

দহবছৰৰ আগৰ কথাবোৰ আকৌ চেৰেং চেৰেংকৈ মনত পৰে মাকণৰ। এসময়ত মৌজাতোৰে লেখত লবলগীয়া ভাৱৰীয়া আছিল সুনন্দ। ওখই পাখই ছফুটৰ বেছি গায়ে গাৰিয়ে নোদোকা সুনন্দই বৰসবাহৰ ভাওনাত মতা বচনত, গোজৰণি, অট্টহাস্যবোৰত পেন্দুকণাকেইটাই ভেঁ কৰি উঠে। দৈত্যৰ ভাও গোৱা তাৰ সমান দ্বিতীয় এটা নাছিল সেইসময়ত তাহাঁতৰ গাঁৱখনত। মাকণৰ বাপেক সেইসময়ত গাঁৱৰ মেইন বায়ন। ঘাট-মাউৰা সুনন্দক প্ৰথম মাকণৰ দেউতাকেই ভাও দিবলৈ শিকাইছিল। আহ যাহ বাঢ়িছিল সুনন্দৰ সিহঁতৰ ঘৰখনলৈ।ঘৰখনৰ ইটো সিটো কামতো লাগি দিছিল সি।অৱশ্যে মাকণৰ লগত সহজ হবলৈহে সময় লাগিছিল তাৰ। তাইক দেখিলে লাজতে লেউ সেউ হৈ পৰা সুনন্দটোলৈ চাই কিবা এটা মৰম জাগে মাকণৰ। মাকণে চাহৰ বাতিটোৰ সৈতে আগবঢ়াই দিয়া নাৰিকলৰ লাড়ুটোত কামোৰ এটা মাৰি লাজ লাজকৈ হাঁহি এটা মাৰে সুনন্দই। লাহে লাহে সহজ হয় ইটো সিটোৰ লগত, ঘৰৰ মানুহৰ অলক্ষিতে নভবাকৈয়ে বহুত দূৰ আগবাঢ়ি যায় সিহঁতহাল।

"সভাত প্ৰৱেশ কৰে দৈত্যৰ ৰাজন
পদভৰে বসুমতী কম্পে ঘনেঘন।"

মাকণৰ বাপেকৰ খোলৰ চাপৰত নামঘৰৰ মাটি কপাই প্ৰৱেশ কৰে সুনন্দই, বচন মাতে, ডাঙৰ ডাঙৰ হাঁহি মাৰে।গাঁৱৰ গাভৰুজাকৰ লগত নামঘৰৰ বেৰত আউজি মাকণে সুনন্দৰ ভাও চায়।

"কালি কেনেকুৱা দেখিলি" ভাওনাৰ পিচদিনা গধূলি সুনন্দ আহি সিহঁতৰ ঘৰ ওলাইহি। মূৰটো খজুৱাই খজুৱাই লাজ লাজকৈ সি মাকণক সোধে।

"তোৰ ভাও আৰু বেয়া লাগিবনে কাৰোবাৰ। পিছে অকল ভাওৱেই দি থাকিবিনে বেলেগ কিবাও ভাবিবি?" মাকণৰ কথাষাৰৰ উত্তৰ দিবলৈ লৈ ৰৈ যায় সি। কেও কিছু নোহোৱা ল'ৰা সি, মাটি বুলিবলৈ কেৱল ঘৰৰ ভেটিটো। খুদৌ বায়েনৰ নিচিনা অৱস্থাপন্ন ঘৰ এখনৰ মানুহ এটাই জীয়েকক তাৰ নিচিনা টোকোনা এটালৈ দিব বুলি তাৰ মনে নকয়। মাকণ কিন্তু নাছোৰবান্দা। তুলসীৰ সতীত্ব হৰণ ভাওনাখনত শঙ্খচূড়ৰ ভাও ভাগ কৰি সৰুসবাহৰ দিনা গধূলি একো প্ৰস্তুতি নোহোৱাকৈয়ে সি মাকণক নি ঘৰ সুমুৱালে।

"হেৰা কেচা পিঠাগুৰি এসোপা খুন্দা ঘৰতে। পৰহিলে তিলনি পাতিম তাইৰ। মোৰ ছোৱালী এজনী আছিল, আজিৰ পা ঢুকাল বুলি ধৰিলো। আৰু খবৰদাৰ এইখন ঘৰৰ কোনোৱে যাতে তালৈ গৈ মিতিৰ তৰিবলৈ নাযায়। কেও কিছু নোহোৱা বুলি শিকাই বুজাই লৈছিলো তাক, চুকত খাই বুকত কামোৰ মাৰি গ'ল সি।চাওচোন কেলেহুৱাটোৰ লগত কিমান দিন সংসাৰ তৰেগৈ তাই।"

মাকণে ঘৰ এৰি গুচি অহাৰ দিনাই বাপেকে ৰাইজখনক শুনাই চিঞৰি চিঞৰি কৈছিল কথাবোৰ। মাকে লুকাই লুকাই চকুলো টুকিছিল। দেউতাকৰ আদেশবোৰ বাধা দিয়াৰ সাহস মাকণহঁতৰ ঘৰখনৰ কাৰোৰে নাছিল। সুনন্দই ভয় কৰা ধৰণেৰেই হ'ল কথাবোৰ, মাকণক অনাৰ পিছতেই শহুৰেকৰ ঘৰলৈ তাৰ আহ যাহ চিৰদিনলৈ বন্ধ হ'ল।

সুনন্দ অকলশৰীয়া মানুহ। দিনটো বাহিৰতে ইটো সিটো কৰি কটাই সন্ধিয়া আহি ঘৰত সোমোৱা মানুহ।সৰু ঘৰখন বেছ অপৰিপাতি। মাকণৰ চিজিল লগাওতেই কেইবাদিনো লাগিল। বেকা হৈ যোৱা বেৰকেইখন তাই নতুনকৈ মাটিৰে লিপিলে, অ'ত ত'ত পৰি থকা বস্তুবোৰো ভালকৈ সামৰিলে। সুনন্দ দিনটোলৈ ওলাই যায় কাম বিচাৰি, মাকণে ইটো সিটো কৰি কটায়। মাকণৰ বাপেক খুদৌ বায়েন গাঁৱৰ বৰমুৰীয়া মানুহ, সকলোৱে সমীহ কৰি চলে। লাগ বুলিলেই কাৰোবাক দুটকা দিবও পাৰে। খুদৌ বায়নৰ লগত সম্পৰ্কত খুত লগাৰ ভয়তে গাঁৱৰ মানুহখিনিয়ে সুনন্দক কামত লগাবলৈ বেয়া পোৱা হ'ল।

"মই হাৰি গৈছো অ' মাকণ। তইনো কষ্ট খাবলৈকে মোলৈ কিয় গুচি আহিব লাগে। দেউতাৰ সমাজত সন্মান থকা মানুহ, তই ইচ্ছা কৰাহ'লে ইমান দিনে কাৰোবাৰ ঘৰত ৰাণীহৈ ভাত খাই থাকিব পাৰিলিহেতেন। যিটো মানুহকে গুৰু বুলি শ্ৰদ্ধা কৰিছিলো তেওঁৰ মনতে ইমান ডাঙৰ দুখ এটা দিলো যেতিয়া ঈশ্বৰেনো আমাক........." সুনন্দৰ মুখখন টেপা মাৰি ধৰে তাই। সংসাৰৰ জ্বালাবোৰ সহিব নোৱাৰি দুখত ভাঙি পৰে সি। মাকণেও চকুলো টোকে, মাকৰ মুখখনলৈ চেৰেং চেৰেংকৈ মনত পৰে তাইৰ।

বছৰবোৰ বাগৰি গৈ থাকে। গাঁৱখন একেই থাকে, সকলোবোৰ একে থাকে, মাত্ৰ সলনি হয় সিহঁতহাল। জীৱন নামৰ যুদ্ধখনত যেন বৰ বেয়াকৈ হাৰি যায় সিহঁতহাল।জোঁৱাইয়েকৰ পদূলিত ভৰি নিদিয়াকৈয়ে মাকণৰ মাক-বাপেকহাল অগাপিছাকৈ গ'লগৈ এদিন।ভাও কৰিবলৈ এৰিলে সুনন্দই। আগৰ দৰে বচনত নামঘৰ কপাব নোৱাৰা হ'ল সি। মাকণৰ মুখৰ আগৰ হাঁহিটো নাইকিয়া হ'ল। এসময়ৰ ৰাংঢালী মাকণজনীৰ সলনি তাই পৰিবৰ্তন হ'ল এজনী ফল নিদিয়া গছলৈ। মূৰে কাম নকৰা হয় সুনন্দৰ। সংসাৰৰ সকলোবোৰ দুখ যেন ঈশ্বৰে সিহঁতহাললৈ বুলিহে লিখি থ'লে। শহুৰেকে যেন মৰাৰ পিছতো সিহঁতদুটাক শাওপাতেই দি থাকিল। স্বভাৱবোৰ সলনি হ'য় সুনন্দৰ। কাহানিও মুখত দি নোপোৱা বেয়া বেয়া বস্তুবোৰ সন্ধিয়াৰ নিয়মীয়া লগৰী হ'য় তাৰ। সন্ধিয়া হ'লেই মাতাল হৈ আহি মাকণৰ ওচৰত পশু হৈ পৰে সুনন্দ।সেইজনী যেন সি এসময়ত নিজতকৈও ভাল পোৱা মানুহজনী নহয়, যেন তাৰ এটা খেলৰ পুতলা মাত্ৰ।

মাকণে নীৰৱে চকুলো টোকে। ৰাধাৰ শাপত ভক্ত সুদাম শঙ্খচূড়লৈ সলনি হোৱাৰ দৰে সুনন্দও যেন  সচাসচিকৈ ভাওনাৰ দৈত্যটোলৈ সলনি হৈ যায়। ঘৰখনৰ ফালে পিঠি দিলে সি, মাকণে বুজাবলৈ এৰিলে। তাঁতখন, হাঁহটো, পাৰহাল কৰি তায়েই কোনোমতে চলাই নিয়ে ঘৰখন।

"ধূতি-পাঞ্জাৱীযোৰ ধুই দিবি ভালকৈ, চেলেংখনো উলিয়াই থবি ক'ত আছে। কাইলৈৰ পৰা নতুন বিজনেছ এটাৰ কথা ভাবিছো।" কৰবাৰ পৰা কাঠৰ বাকচ এটা লৈ আহি এদিন অবেলিতে ঘৰ সোমাইছিলহি সুনন্দ। মাকণে প্ৰথম একো উৱাদিহ পোৱা নাছিল বাকচটো লৈ তাৰ কেনেকুৱা বিজনেছ? চুৰিয়া চোলাযোৰৰেই বা কি সম্পৰ্ক? বাকচটো খুলি চাইয়েই বুকুখন ধমহকৈ মাৰিছিল তাইৰ। ইমান তলৰ চিন্তা কেনেকৈ কৰিব পাৰে মানুহটোৱে? আগতেতো মানুহটো এনেকুৱা নাছিল।

"এইবোৰ কথা মনলৈ অনাটোও পাপ। শ্ৰীবিষ্টু শ্ৰীবিষ্টু ভগৱানৰ বস্তুৰ লগত এইবোৰ কথা কেনেকৈ ভাবিলি তই। ইমান নাস্তিক কেতিয়াৰ পৰা হবলৈ ধৰিলি তই? নাপায় নাপায় ভগৱন্তৰ দোষ লাগি মৰিবি।"

"এসাজ খাই ইসাজৰ কাৰণে প্ৰত্যেকদিনাই যেতিয়া চিন্তা কৰিব লগা হৈছিল তেতিয়াৰ পৰাই ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছিল মোৰ। ঈশ্বৰ থকা হ'লে জীৱনটো এনেকৈ পাৰ কৰিবলগীয়া নহ'লহেতেন। তোৰ মোৰ কথা ভাবিয়েই কিবা এটা কৰিবলৈ লৈছো, এতিয়া মাজত এইসোপা গাই গাই মূৰটো নোচোবাবি।"

উচাট মাৰি গুচি যায় সুনন্দ। মাকণে জানে তাক বুজাই লাভ নাই। জীৱন নামৰ যুজঁখনে বেয়াকৈ পৰিবৰ্তন কৰি পেলাইছে সুনন্দক।সি নামানিলে, ভবাটো কৰিহে এৰিলে।সহজকৈ ধন ঘটাৰ বুদ্ধিবোৰে তাৰ চিন্তা শক্তিবোৰকো যেন খুলি খুলি খালে।দিনবোৰ গৈ থাকিল,সুনন্দৰ পকেটখনো আগতকৈ গৰম হৈ থকা হ'ল। পিছে মাকণৰ শৰীৰটোৰ ওপৰতহে তাৰ উপদ্ৰব বোৰ আগতকৈ বাঢ়ি আহিল।তথাপি প্ৰত্যেকটো পুৱাতে তুলসী জোপাৰ তলত অপৰাধ ভঞ্জনৰ ঘোষা গাই গাই তাই ঈশ্বৰক খাটে, মানুহটোক সুমতি দিবলৈ।

মাকণৰ মনৰ অৱস্থাতো বাৰিষাৰ ক'লা মেঘটোৰ দৰে গোমা হৈ পৰে। সিহঁতৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা ঘৰটোত প্ৰত্যেকটো বৃহস্পতিবাৰতেই  গোট বহে।বকুলী পেহীয়েই দিছিল বুদ্ধিটো।টকাকেইটামান সৰহকৈ পালে ঘৰখনৰ কাম দুটামানকে হব বুলি তাইয়ো কেইহেজাৰমানৰ লোন এটা লৈছিল গোটৰ পৰা। গোটৰ মাষ্টৰটো কোমল বয়সীয়া ডেকা, মাকণহঁততকৈ বয়সে সৰু। কথাবোৰ বেছ বুজাই কব পাৰে ল'ৰাটোৱে, মাকণৰ কিবা এটা ভাল লাগি যায়। আঁৰ চকুৰে সি মাকণলৈ লক্ষ্য কৰি থকা মাকণৰো চকুত পৰে।দুকুৰি গৰকিলেও মতাবোৰক আকৰ্ষণ কৰিব পৰাৰ শক্তি তাইৰ দেহটোৰ আছে। টকা-পইচাৰ লেন-দেনৰ লেচুটো লৈ মাকণৰ ওচৰলৈ আহ-যাহ বাহিল ল'ৰাটোৰ। ল'ৰাটোৰ কথাবতৰা বোৰে মাকণৰ মনটো মুহি পেলাই।নিজকে সপি দিয়ে  মাকণে, সেই সময়কণত যেন সুনন্দই তাইৰ ওপৰত চলোৱা সকলোবোৰ যাতনা পাহৰি পেলাই তাই। দিনটো সুনন্দ ঘৰত নাথাকে, ল'ৰাটো প্ৰায়ে আহে। মাকণহঁতৰ খাটখনত গৰযোৰা সাপৰ দৰে পৰি ৰয় দুয়োটা, কেৰমেৰাই উঠে ভঙা খাটখনে। বাধা দিবলৈ লৈও ৰৈ যায় তাই, হয়তো সুনন্দই তাইৰ ওপৰত চলোৱা অত্যাচাৰ বোৰৰ কথা ভাবি। এইবোৰ কথাৰ তত্-মূৰনাপায় সুনন্দই, মাকণে পাবলৈ নিদিয়ে।

"শুনক নাথ ভালদৰে ৰাখিব মনত, যদি মোৰ সতীত্ব কোনোবাই কৰে হৰণ মৃত্যু হব আপোনাৰ দৈৱৰ লিখন"

তুলসীয়ে শঙ্খচূড়ক কোৱা বচনফাঁকি ঘনাই ঘনাই কানত বাজে তাইৰ। অজান আশংকাত বুকুখন কঁপি উঠে মাকণৰ।পাপবোৰ গিৰিয়েকে যেনেকৈ আৰ্জিছে তেনেকৈ তাইয়ো আৰ্জিছে। গাঁৱৰ ৰাইজখনৰ চকুত এইবোৰ কথা পৰিবলৈ বেছিদিন নালাগে। কেতিয়াবা নিজলৈকো ঘিণ লাগে মাকণৰ, নিজৰ শৰীৰটোকে চুৱা চুৱা লাগে। শিৰৰ সেন্দুৰকনলৈ বাৰে বাৰে হাতখন যায় তাইৰ। সুনন্দৰ লগত তাই বিশ্বাসঘাটকতা কৰা নাইনে? হাজাৰ হ'লেও সেইটো তাইৰ নিজৰ মতা, এসময়ততো তাৰ কাৰণেই মাক-বাপেকহালৰ কথাকো পেলাই তাৰ ওচৰলৈ গুচি আহিছিল তাই।

তুলসী জোপাৰ তলত একান্তমনে শুই আছে সুনন্দ। ৰাইজখনে দিহা দিহি কামত লাগিছে। বাঁহ কটা কেইটাই বাঁহ কাটিছে, চাঙি বনোৱা কেইটাই চাঙি বনাইছে। ৰাইজখনে খৰখেদা কৰিছে কামবোৰ, ৰাতি বিয়লিৰ কথা সোনকালে সামৰিব লাগে কামখিনি। আনদিনাৰ দৰে সুনন্দ ওলাই গৈছিল। ওভতি আহোতে ঘাটিত সোমাই অকণমান ধৰিছিলেও বোলে, ঢলং পলংকৈ আহি থাকোতে ৰাস্তাত কিহবাই খুন্দিয়াই থৈ গ'ল। ৰাইজখনে ডাঙকোলা কৰি ঘৰলৈ আনে মানে সি গ'লগৈ, একেবাৰে।

"হ'ৰা বুবা কাই তেৰাই তাক তেনেকৈ নিনি আৰু কেনেকৈ নিব হে। দেখিছানে বাৰু ৰাইজখনৰ চকুৰ আগতে সি সেইফেৰা কাম কৰি থাকিল অথচ আমি গম নাপালো।" বয়সীয়াল এজনে মাত লগালে।

"হয় হে কমটি পাপ আৰ্জিলে সি অতবছৰে। সেইভাগ পুথিৰ মহত্ত্বভাগ বুজি নাপালেনে সি। হেৰৌ ৰাইজে খনিকৰ পুথিভাগ উদ্দেশ্য সিদ্ধিৰ কাৰণে ঘৰলৈ ভক্তি ভাবে আনি ৰাতিটো পাঠ কৰায়।" আন এজনে যোগ দিলে।

"ঘোৰ কলি কাল বুজিছা ঘোৰ কলি কাল। সেইভাগ সপোনত পোৱা পুথি।পুথিভাগ বাটেৰে নি থাকোতে মানুহে ভক্তিভাৱে দুই এটকা দান দক্ষিণা কৰে। তাকেনো বাৰু সেইহেন ভগৱন্তৰ বস্তুভাগৰ নকল কৰি সি সংসাৰৰ  মানুহখনৰ চকুত বালি মাৰি বণিজৰ কামত ব্যৱহাৰ কৰিব লাগে নে? দেখিলা নহয় তাৰ ফল নেদেখাজনে কেনেকৈ দিলে।"

পিৰালিটোতে নিৰ্বিকাৰ হৈ বহি আছে মাকণ।বকুলী পেহীৰ ঘৰৰ গোপিনীৰ নামভাগলৈ যাবলৈ খৰখেদা লগাওতে তাই আজি তুলসী জোপাৰ তলত চাকিগছ লগাবলৈ পাহৰিছিল।কোনোবা এজনীয়ে শিৰৰ সেন্দুৰখিনি মোহাৰি দিলে তাইৰ।সেইবোৰলৈ যেন তাইৰ অকণো ভ্ৰুক্ষেপেই নাই।কান্দিবলৈ পাহৰি পেলাইছে তাই,চকুপানীবোৰ যেন কৰবাত গোট মাৰি গৈছে। ৰাইজখনৰ গুণগুণনি বোৰ কানত পৰিল মাকণৰ।কথাবোৰে যেন শালেগ্ৰাম শিলটো হৈ আহি তাইৰ বুকুত খুন্দিয়াইছেহি। চিঞৰি চিঞৰি কবলৈ মন গ'ল তাইৰ সুনন্দক ঈশ্বৰে নিয়া নাই, তাইৰ দোষত মৰিছে সি। যিদৰে বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰাৰ কাৰণে শঙ্খচূড়ৰ মৃত্যু হৈছিল।

উত্তৰফালে আকাশখনত মেঘটোৱে গৰজি উঠিল। মেঘটোৰ মাতটো বছৰেকীয়া সবাহত বাপেকে বজোৱা খোলটোৰ মাততোৰ দৰে লাগিল তাইৰ। চকুৰ আগত দেখি থকা কথাবোৰ লাহে লাহে অস্পষ্ট হৈ আহিল মাকণৰ। দহবছৰৰ আগৰ বৰসবাহৰ ভাওনাখনৰ ছবিখন চকুৰ আগত ভাঁহি আহিল তাইৰ। সেইয়া শঙ্খচূড় ৰূপী সুনন্দই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে, মাকণৰ বাপেকে সেইয়া  খোলত ঘাটিছে--

"এহিমতে দৈত্যেশ্বৰ ভূমিত পৰিলা।
পাতক ছাড়োক ডাকি হৰি হৰি বোলা।।"

Thursday, April 2, 2020

গল্প--"গামোছা"

  গামোছা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
9101293897




"এইখন চাচোন, ফুলটো কেনেকুৱা লাগিছে?তই দৰা হৈ আহোতে ডিঙিত লৈ আহিবিলৈ বৈছো, দৰাবৰণৰ।"

নতুনকৈ বৈ হোৱা  তেজৰঙা ফুলৰ সৈতে শালতে থকা গামোছাখনৰ ফটোৰে হোৱাটছ এপপৰ ইনবক্স ভৰি যায় বুবুলৰ, লগে লগে ভৰি উঠে তাৰ মনটো।

"এইটো ফুল বাছিবলৈ নতুনকৈ শিকিছো জান? দৰা সাজত এইখন গামোছাৰে তোক বৰ শুৱনি লাগিব, একেবাৰে আঠুলৈকে পৰি থাকিব। এশ চাৰিটা কাঠিৰ ফুল,পানকটাৰ চৌবিশটা কাঠি।"

শেৱালিয়ে খিলখিলাই কোৱা কথাখিনিৰ পিছৰ খিনি অৱশ্যে নুবুজে বুবুলে, মাত্ৰ বুজে এই হেপাঁহেৰে কোৱা বিশেষ কথাকেইটাতে সোমাই থাকে শেৱালিৰ তাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা।ডিউটিৰ মাজতে সময় উলিয়াই মোবাইলৰ দাটা অন কৰে বুবুলে, মনখুলি কথা পাতে তাইৰ লগত। যোৱাবাৰ ঘৰলৈ যাওতেই মোবাইলটো লৈ গৈছিল সি শেৱালিলৈ। পঢ়া-শুনা বেছি নহ'লেও ছোৱালীজনী আফৰী। খুব সোনকালেই আদব কায়দা বোৰ শিকি ল'লে তাই। বুবুলে দেৰি কৰিলেও নিজেই তালৈ ভিডিঅ কল লগাব জনা হ'ল তাই। দিনটোত শেৱালিৰ মুখখন এবাৰ নেদেখিলে মনটো ভাল নালাগে বুবুলৰ, ক'তোৱেই মন বহুৱাব নোৱাৰে সি। মনটোৱে বুজা হোৱাৰে পৰা চোন তাৰ হৃদয়খনে কেৱল শেৱালিকেই বিচাৰি আহিছে। নহবয়ে বা কিয় তাহানিৰ কোৰোকাত ধূলি ভৰাই ওমলা দিনৰ পৰাই লগৰীয়া সিহঁত।

"বুজিছা প্ৰমিলা ডাঙৰ হ'লে ইহঁতহালৰ বিয়াখন পাতিয়েই পেলাব লাগিব। দেখিছানে এতিয়াৰ পৰাই সিহঁতহালে কেনেকৈ ইটোৱে সিটোক এৰি থাকিব নোৱাৰে।"

বুবুলৰ বাঁৰী মাকজনীৰ আগত শেৱালিৰ দেউতাকে ৰসিকতা কৰি কথাষাৰ কৈছিল। দেউতাক নোহোৱা ঘৰখনৰ আপদে বিপদে শেৱালিৰ দেউতাকেই আছিল সহায়। শেৱালিৰ বাপেকৰ যহতেই বুবুলে আনতকৈ দুশ্ৰেণী বেছিকৈয়ো পঢ়িলে।তেতিয়া অৱশ্যে সিহঁতহালে মাকহঁতে ধেমালিতে পতা কথাবোৰ বুজি পোৱা নাছিল। ডাঙৰহৈ কিন্তু দুয়োটাই বুজিছিল কথাবোৰ, ভালকৈয়ে।নিৰাময়েও যেন এটাক আনটোৰ বাবেই স্ৰজন কৰি পঠাইছিল।ইটো নহলে যেন আনটো থাকিব নোৱাৰে এখন্তেক। বুবুলে কান্ধত ঢোলটো নল'লে যেনেকৈ শেৱালিৰ নাচোতে গা উঠা নাছিল, ঠিক তেনকৈ শেৱালিৰ পৰা আঠুলৈকে পৰা দীঘল বিহুৱানখন নোপোৱালৈকে তাৰ বিহুটোও যেন আধৰুৱা হৈ ৰৈছিল। কথাবোৰ কওতে দেৰি নকৰিলে দুয়োটাই, মনটোৱে বুজা হওতেই হৃদয়ৰ নিভৃত কোণত জমা হৈ থকা কথাবোৰ কৈ পেলালে ইটোৱে আনটোক। সম্পৰ্কটো গাঢ় হ'ল দুয়োটাৰে। লুকাই চুৰকৈ নহয়, দহে দেখাকৈ প্ৰেম কৰিলে সিহঁতে।

"হেৰ' বুবুল, তহঁত দুটাৰ সম্পৰ্কটোক লৈ মাৰৰ আৰু মোৰ একো আপত্তি নাই। পিছে আমাৰ গাঁৱখনৰ কথা জানইছোন। তহঁত দুটাৰ কথাবোৰ লৈ বু বু বা বা চলিছে গাঁৱত। কথাবোৰ বেয়া দেখি নহয়। আৰু তইয়োনো কিমান লোকৰ মাটিতে আধি খেতি কৰি থাকিবি, পঢ়া শুনা অকণ কৰি থৈছ যেতিয়া কিবা এটা বেলেগো ভাব।ইবোৰ কথাও চিঙা কটা কৰি পেলাম তেতিয়াই।" শেৱালিৰ বাপেকৰ কথাষাৰত নিমাত হৈ ৰৈ যায় বুবুল। হওতে কিবা এটা কৰাৰ কথা সিও নভবা নহয়, কিন্তু মাকজনীক ঘৰত অকলে এৰি কৰবালৈ ওলাই গৈ চাকৰি কৰাৰ কথা ভাবিলে বুকুখন দমক মাৰি যায় তাৰ।

"চা বুবুল, তোক সেই পেন্দুকণাৰে পৰা জানো মই। তোৰ বেয়া চিন্তাটো কৰি ক'ম জানো মই কথাবোৰ। আৰু মাৰক এৰি যোৱাৰ কথা ভাবি চিন্তা কৰিছ যদি সেইবোৰ ভাব এৰ। আমিবোৰ এনেই আছো নে, আৰু মাৰক সহায় সাৰথি  কৰিবলৈ আমাৰ এইচোন আছেই।"

তাক নিমাত হৈ থকা দেখি শেৱালিৰ বাপেকে আকৌ বুজনিৰ সুৰত কয় কথাবোৰ।মানুহটোৰ  সাহসতে ইন্টাৰভিওটো মাৰি চাকৰিটো পাইছিল সি। আৰ্মড পুলিচ ফ'ৰ্চৰ কনিষ্টবলৰ চাকৰি, দৰমহাও বেয়া নহয়। সদায় সেমেকি থকা মাকজনীৰ মনটো উজ্জ্বল হৈ উঠিছিল সেইদিনা, বুবুলৰো বুকুখন পাতল পাতল লাগিছিল। অৱশ্যে সি আশাকৰা মতে চাকৰিতো ওচৰতে নাপালে, পালেগৈ দুৰণিবটীয়া জিলা এখনত। ঘৰৰ পৰা এটা ৰাতিৰো বেছি দূৰ। মনটো আকৌ মৰি গৈছিল তাৰ।

"মোৰ কাৰণে ইমান নাভাবিচোন তই। ভগৱন্তই কিবা এটা গতি লগাইছে যেতিয়া যাচোন ওলাই। পাছত কি হয় হব আৰু।" মাকৰ দায়িত্ব শেৱালি আৰু দেউতাকক চমজাই ওলাই আহিছিল বুবুল।

"তই চিন্তা কৰি নাথাকিবি ইমান। মই সময় পালেই আহি থাকিম নহয়। আৰু এতিয়া চাকৰিটো হ'ল যেতিয়া তোক অহা বহাগলৈ একেবাৰে নিজৰ কৰি আনিম।"

আহিবৰ দিনা শেৱালিৰ ওখহি থকা চকু কেইটালৈ চাই কৈছিল বুবুলে,  শেৱালিয়ে মূৰ দুপিয়াইছিল।নীৰৱে উচুপিছিল শেৱালিয়ে তাক কাষত নোপোৱাৰ দুখত।

চাকৰিটোত মন বহা নাছিল তাৰ। জৰুৰীকালীন সময়তে ডিউটি পৰে সিহঁতৰ। বিহুৱে পূজায়ে মন গ'লেই আহিব নোৱাৰে সি ঘৰলৈ। আগৰ দৰে ঢোলটো কান্ধত লৈ ৰগৰ দিবলৈ সময় নাপায় সি।বৰসবাহৰ ভাওনাত আগৰ দৰে পচন্দৰ বচন কুট কবলৈ সুবিধা নিমিলে তাৰ। চেৰেং চেৰেংকৈ মনত পৰে তাৰ গাঁৱখনলৈ, ঘৰখনলৈ, শেৱালিজনীলৈ।আন্দোলন ধৰ্ণা হলেই ডিউটি মাৰিব লাগে সিহঁতে। হায়াৰ অথ'ৰিটিৰ অৰ্ডাৰ মানি প্ৰয়োজনত লাঠীৰে কোবাব লাগে মানুহক। মোচৰ খাই উঠে বুবুলৰ বুকুখন। তাৰ সমনীয়া ভাই কেইটাক, বাপেকৰ বয়সীয়া মানুহকেইটাৰ ওপৰত হকে বিহকে লাঠী দাল চলাবলৈ তাৰ মানসিকতাই নকয়। হলেও উপায়বিহীন সি, অত বছৰে একেবোৰ কামেই কৰি বুকুখন যেন শিলৰ নিচিনা হৈ পৰিছে তাৰ লাহে ধীৰে।

প্ৰতিবাৰেই ঘৰলৈ গ'লে কথা দিয়ে সি শেৱালিক, সোনকালে নিজৰ কৰাৰ।শেৱালিয়ে মূৰ দুপিয়াই শলাগে, আপত্তি নকৰে।তাৰ সুবিধা-অসুবিধাবোৰ বুজে।দুবাৰকৈ সৰু সুৰা আয়োজন চলিও বিয়াখন পিছুৱালে সিহঁতৰ। এবাৰ আন্দোলনৰ কাৰণে, আন এবাৰ অন্য কিবা কাৰণত। শেৱালিহঁতৰ ঘৰখনে আজি কালি তাক জোৰ কৰিবলৈ এৰিলে।নিজকে দোষী দোষী যেন লাগে তাৰ সিহঁতৰ ঘৰখনৰ আগত। হ'ল বুলিয়েই আৰু সিহঁতৰ ঘৰখনক আৰু কিমান ৰখাই থব সি। গাভৰু ছোৱালী এজনী থকা ঘৰখনৰ মানুহবোৰৰ মনৰ ভাৱবোৰ নকলেও বুজে বুবুলে। সেইকাৰণে এইবাৰ বহাগত  সি বিয়াখন খাটাং পাতিম বুলিয়েই কথা দিলে সি। বিয়া বুলি ঠিক ডাঙৰ আয়োজনো নহয়, গাঁৱৰ ৰাইজখনক গোটাই সৰুকৈ নিয়ম এটা।গণকৰ ওচৰত চোৱাই শেৱালিৰ বাপেকে বহাগতে দিন এটা ঠিক কৰি পেলালে সোনকালেই। যোৱাবাৰ বিয়াৰ দিন ঠিক হওতে গহণা খিনি গঢ়াবলৈ দিছিলেই সি, কাপোৰ দুযোৰো মোমায়েক দুটাই দিয়াৰ কথা কৈয়েই থৈছিল। বিশেষ চিন্তা নকৰিলে সি, বাকী কামখিনি বিহুৰ আগতেই দুদিনমান সৰহকৈ ছুটী লৈ আহি কৰি পেলাব পাৰিব সি।

 দুয়োখন ঘৰতে লাহে লাহে বিয়াৰ আয়োজন চলে। শেৱালিৰ মনটোও হেপাঁহেৰে ভৰি উঠে। কিবা এফাকি গুণগুণাই তাঁতশালত বহে তাই। বিয়ালৈনো আৰু কিমান দিন সোনকালে গামোচাখিনি বৈ আকৌ চেলেং এজুতিও লগাব লাগিব। বোৱা-কটাত তাইৰ হাতখন আগৰ পৰাই ভাল। দীঘলীয়া দীঘলীয়া ফুল বাচে শেৱালিয়ে,ফটো মাৰি বুবুলক দেখুৱাই, বুবুলৰ মনটো ভৰি উঠে।

"বৰপিতাইক কবিচোন, বিয়াখন চাগে আহাৰলৈ নিবগৈ লাগিব। পৰিস্থিতি যিটো হৈছে বহাগত বিয়াখন পতাটো হৈ নুঠিবগৈ চাগে। ডিউটি এৰি যাবলৈও পাৰমিছন নাই।" বুবুলে কও নকওকৈ কোৱা কথাষাৰে বুকুখনত যেন হাতুৰীৰ কোব এটা হে পেলাই যায়।

"দেউতাক মই বুজাম দে, তই ভালদৰে থাকিবি খালি। দিন কাল বৰ বেয়া চলিছে অ। মানুহক ওলাবলৈয়ে মানা কৰিছে। তহঁতে তাৰ মাজতে ডিউটি কৰিছ। সাৱধানে থাকিবি, তোৰ কিবা এটা হৈ গ'লে মই......" শেষৰ ফালে শেৱালিৰ মাতটো থোকাথোকি হৈ যায়। কিবা এটা কব খুজিও ৰৈ যায় বুবুল, কিমাননো দুখ সহিব তাৰ কাৰণে ছোৱালীজনীয়ে।

খকমকাই সাৰ পাই উঠিল সি। হোৱাটছ এপপত শেৱালিৰ পুৰণা মেচেজবোৰ চাই চাই কেতিয়ানো টোপনি আহিছিল কবই পৰা নাছিল। কিমান দেৰি যে চকীখনতে টোপনি মাৰিলে সি।মোবাইলটোত কেইবাটাও মিছড কল, টোপনিৰ ভমকত গমেই নাপালে বুবুলে।ভীষণ ভাগৰুৱা অনুভৱ কৰিলে সি।যোৱা তিনি-চাৰিটা দিনে মানুহক কুকুৰ-মেকুৰী ৰখা দি ৰখিব লগা হৈছে সিহঁতে। মানুহবোৰৰ মন মগজুত কি আছে ভাবি নাপায় সি। সুলভ হৈ পৰিছে যেন মৃত্যু, তথাপি এচামৰ মনত ভয় শংকা নাই!! আচৰিত হয় বুবুল। হায়াৰ অথ'ৰিটিয়ে অদৰকাৰত ওলাই অহা মানুহ দেখিলেই লাঠী চাৰ্জৰ অৰ্ডাৰ দিছে। মানুহক জন্তুৰ দৰে পিতিবলৈ লৈ হাত কপে তাৰ, তথাপি কেতিয়াবা অসহ্য হৈ পৰে সি।সেইসকলৰ বাবেই সিহঁতবোৰে নিজৰ জীৱনটোকো যেন  মৃত্যুৰ আগলৈ এৰি দিছে তথাপি যেন কিছুমান অবুজন।দিনত ঘটা ঘটনাটোৱে বাৰে বাৰে অশান্তি দিলে তাক। সি বাৰু ভুল কৰিলে নেকি? সিটো প্ৰথম ভালকৈ বুজাইছিল ছোৱালীজনীক, তাই ওভোটাই কিবা কিবি কোৱাত খং উঠিহে সি। ছেহ কথাটো বেয়াৰ ফালে গুচি নাযায়টো। কথাবোৰ বাৰু শেৱালিক কোৱাই ভাল হব নেকি? তেতিয়া অন্ততঃ তাৰ মনটো অলপ পাতল পাতল হব। কথাবোৰ ভাবি থাকোতেই চিন্তাবোৰত জটি পেলাই ফোনটো উচ্চস্বৰে গৰজি উঠিল বুবুলৰ।

"এইবোৰ তই কি কৰি পেলালি মইনা কাই। ছিঃ ছিঃ তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। গোটেই চেনেল কেইটাতে কেৱল তোক দেখুৱাই আছে, তোক। গাঁৱখনৰ ডেকাৰ পৰা বুঢ়ালৈ সবেই তোক গৰিহণা দিছে মইনা কাই। ইমান তললৈ কেনেকৈ নামিব পাৰিলি তই। তই আৰু মোক কেতিয়াও মুখ নেদেখুৱাবি, কেতিয়াও নাহিবি মোৰ কাষলৈ।মই তোক ঘিণ কৰো মইনা কাই, ঘিণ কৰো তোক মই।" ফোনটো কাটি দিলে শেৱালিয়ে। বুকুখন চিৰিংকৈ মাৰিলে বুবুলৰ, পোনচাটেই মোবাইলটোতে অসমীয়া নিউজ চেনেল এটি খুলি ল'লে সি।

"কৰ্তব্যৰত আৰক্ষী জোৱানৰ অশালীন আচৰণ যুৱতীক। লক-দাউন উলংঘা কৰা এগৰাকী যুৱতীৰ ওপৰত দিন দুপৰতেই শ্লীলতা হানিৰ অভিযোগ ওঠিছে অসম আৰক্ষীৰ জোৱান বুবুল চাৰিঙ্গীয়াৰ ওপৰত। ইতিমধ্যেই সাময়িক ভাবে বৰ্খাস্ত কৰা হৈছে জোৱানজনক।যি সময়ত এচাম আৰক্ষীয়ে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰি আহিছে তাৰ মাজতে এনেসকল জোৱানৰ ধৰ্ষণকাৰীৰ দৰে মানসিকতাই  চকু কপালত তুলিছে জনসাধাৰণৰ।"

মূৰটো আচন্দ্ৰাই কৰি উঠিল বুবুলৰ। নভৱাকৈয়ে ঘটি গৈছিল ঘটনাটো। দিনটো মানুহক একেসোপা কথাকেই বুজাই বুজাই মূৰটো গৰম হৈ আছিল তাৰ। ছোৱালীজনীৰ অপহুতা তৰ্কবোৰে তাৰ মূৰটো আৰু অলপ গৰম কৰি তুলিছিল। আগ-পিছ নাভাবি সিয়েই বুকুত ধৰি গতিয়াই দিছিল ছোৱালীজনীক। সেই ঘটনাটোৰে কিয়দাংশ ভিডিঅ ডাঙৰ ডাঙৰকৈ নিউজ হৈ বাজি আছে সকলো চেনেলত। সাধাৰণ যেন বুলি ভবা ঘটনাটোৱে ইমান ডাঙৰ ৰূপ লব সপোনতো ভবা নাছিল সি। নিজৰ ওফৰতে বিতৃষ্ণা জন্মিল বুবুলৰ। ভুল কৰিছে সি,জঘন্য ভুল। যাৰ কাৰণে তাৰ মানসিকতাক ধৰ্ষণকাৰীৰ লগত তুলনা কৰিছে সকলোৱে। কাইলৈৰ পৰা হয়তো সকলোৱেই তাক দেখিলেই ঘৃণাত নাক কোচাব, আনকি শেৱালিয়েও। গাঁৱৰ মানুহেও হয়তো কাইলৈ পৰহিলৈ তালৈ আঙুলিটোৱাই কব--"সৌটো চা  পুলিচৰ পোচাক পিন্ধি গাভৰুৰ বুকুত হাত দিয়া বৰমতাটো আহিছে।" হাৰি গৈছে সি,যেন জীৱন যুদ্ধখনত পৰাহত হোৱা এটা খলনায়ক সি।

আলনাদালত থকা ভমকাফুলীয়া গামোচাখনলৈ এবাৰ চকু পৰিল বুবুলৰ। তেজৰঙা ফুলকেইপাহে যেন তালৈকে চাই তাচ্ছিল্যৰ হাঁহি মাৰিছে। কপা কপা হাতেৰে গামোচাখন টান মাৰি লৈ আনিলে সি। সেইখন গামোছা যোৱাবাৰ বিহুত তাক শেৱালিয়ে দিয়া।গামোছাখন আলফুলে সাবটি ল'লে সি বুকুত।


"তোক আকৌ একদম আঠুলৈকে পৰা গামোছাহে লাগে। হো ল এইখন চাচোন ফুলপাহ কেনে লাগিছে।" শেৱালিৰ কথাবোৰ তাৰ কৰ্ণকুহৰত অহৰহ বাজি থাকিল। ডিঙিত এবাৰ লৈ  চালে সি গামোচাখন, এৰা ককাললৈকে পৰা গামোচা । সেমেকা হাঁহি এটা মাৰি কোঠাটোৰ পুৰণা চিলিং ফেনখনলৈ চালে সি। চিঞৰি চিঞৰি তাৰ কবলৈ মন গ'ল--" তোৰ পৰা মই দীঘল গামোছা বিছাৰি কিয় ঠেহ পাতিছিলো জান? এইকাৰণেই।" দোটোপাল তপত অশ্ৰুৱে গাল দুখন তিয়াই নিলে তাৰ।টুলখনৰ ওপৰত উঠি কপা কপা হাতেৰে গামোছাখন ডিঙিত মেৰিয়াই দিলে বুবুলে, জোৰেৰে। শেৱালিয়ে যেন তেতিয়াও তাৰ কাণৰ কাষত ফুচফুচাই কৈ আছিল--"এইখন চাচোন ফুলটো কেনে লাগিছে, তোলৈকে বৈছো, দৰাবৰণৰ।।।।"

Tuesday, January 21, 2020

ৰহস্য উপন্যাস, মাজনিশা মনেমনে


মাজনিশা মনেমনে
তুষাৰ ৰঞ্জন কাশ্যপ

                                (১)

          সময়বোৰ যিমানেই পাৰ হৈ গৈছে সিমানেই উচপিচনিবোৰ বাঢ়ি গৈছে নমিতাৰ। ইতিমধ্যে ১০ বাজি পাৰ হৈছে। ইফালে বছে নিজৰ ঘৰতে আয়োজন কৰা  পাৰ্টি। ইচ্ছা কৰিও তাই ৰুমলৈ উভতিব পৰা নাই। ব্যস্ত চহৰখনৰ মাল্টিনেছনেল কোম্পানী এটাত কৰ্মৰত নমিতা। চহৰখনৰ একোণৰ পেয়িং গেষ্ট এটাত আন দহজনী ছোৱালীৰ সৈতে একেলগে থাকে নমিতা। পেয়িং গেষ্টটোৰ প্ৰায়খিনি ছোৱালীয়ে ওচৰৰ কলেজখনৰ শিক্ষাৰ্থী। মাত্ৰ নমিতা, মনালিছা আৰু কৰৱীহে কৰ্মৰত। ৰাতি বেছি দেৰিকৈ ৰুম সোমালে মালিকে অলপ বেয়া পায়। অৱশ্যে নমিতা, মনালিছা আৰু কৰৱী চাকৰিয়াল। অফিছৰ কামৰ প্ৰেছাৰ বেছি হ'লে বা এনেকুৱা কিবা পাৰ্টি থাকিলে সিহঁতৰ কেতিয়াবা ৰুম সোমোৱা দেৰি হয়। মালিকক ভালদৰে ক'লে বুজি পায়। হ'লেও দহটাৰ পাছলৈ ঘৰৰ বাহিৰত থাকিবলৈ বেয়া পাই নমিতাই। মালিকে বেয়া পাব বুলি নহয়, নিজৰ কথা চিন্তা কৰিহে। তাতে দিন কাল এনেই বেয়া।তাতে মালিকে ঘৰৰ গেটখন বন্ধ কৰিবলৈ ৰৈ থাকে সিহঁত যোৱালৈ। মানুহজন বয়সীয়াল। সেয়েহে সিহঁতৰ কাৰণে কষ্ট পোৱাটো নিবিছাৰে তাই।

  বছৰ বিশাল অট্টালিকাটোৰ আগফালৰ লনখনত আয়োজন হৈছে আজিৰ এই বিশেষ পাৰ্টিটোৰ। সিহঁতৰ  কোম্পানীৰ নতুন প্ৰডাক্ট এটা বজাৰত মুকলি হৈছে আজি। এই প্ৰডাক্টটোৰ কাৰণে নমিতাকে ধৰি কোম্পানীৰ সকলোৱেই যোৱা তিনিমাহে দিন ৰাতি একাকাৰ কৰি কাম কৰিছিল। সেয়েহে আজিৰ এই বিশেষ দিনটোত বছে এটা বিশাল পাৰ্টিৰ আয়োজন কৰিছে। সকলোৱে হাতত বিলাতী সুৰাৰ গ্লাছলৈ নিজৰ নিজৰ মাজত কথা পতাত ব্যস্ত।লনখনৰ এচুকত থকা বেন্সখনত বহি সকলোকে  লক্ষ্য কৰিলে নমিতাই। অৱশ্যে তাইৰ সন্ধানী চকুযোৰে ৰক্তিমকহে  বিছাৰি থাকিল। ৰক্তিম তাইৰ সহকৰ্মী। ল'ৰাটো নিৰ্জু প্ৰকৃতিৰ, ভদ্ৰ তথা অমায়িক। অতি সহজেই যিকোনো ছোৱালীকে আকৰ্ষণ কৰিব পৰা গুণৰ অধিকাৰী ৰক্তিম। অফিছৰ আনবোৰতকৈ তাইৰ কাৰণে যেন ৰক্তিম কিছু পৃথক।  ৰক্তিমৰ এইটো অফিছত জ্ইন কৰা মাত্ৰ চাৰিমাহ মানহে হৈছে। কিন্তু এই চাৰিমাহতেই বহুত কাষ চাপি গৈছে দুয়ো দুয়োৰে। কিছুদিনৰ পৰা নমিতাৰ মনত ভাব হৈছে তাই যেন ভাল পাই পেলাইছে ৰক্তিমক, হয়তো ৰক্তিমেও ভাল পাই পেলাইছে তাইক। কিন্তু এজনেও আনজনক খুলি কথাখিনি ক'ব পৰা নাই।

"আৰে অকলে অকলে ইয়াত বহি কি ভাবি আছা? সবেই তাতে বিন্দাছ এঞ্জয় কৰি আছে আৰু তুমি ইয়াত।" কাৰোবাৰ মাতত সন্বিত ঘূৰি আহিল নমিতাৰ। অফিচৰ এচিটেন্ট একাউণ্টেন্ট বিশাল। মনটো কোচ খাই আহিল তাইৰ। বিশালৰ স্বভাৱ চৰিত্ৰবোৰ একেবাৰেই হজম নহয় নমিতাৰ। ছোৱালীৰ প্ৰতি দূৰ্বলতা অধিক তাৰ।আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছে তাই চেগ বুজি যেন বিশাল তাইৰ কাস চাপিব বিছাৰে।তাই অকলে থকাৰ সম ত যেন সি কিবা অজুহাত দেখুৱাই তাইৰ লগত বহিব বিছাৰে।

"নাই এনেই অলপ বহিলো ইয়াতে।" মনৰ ভাবখিনি লুকুৱাই সহজ হবলৈ চেষ্টা কৰিলে নমিতাই।

"আৰে এনেকৈ অকলে বহি থাকিলে পাৰ্টিৰ একো ভেলুৱেই নাথাকিবচোন। আহা অলপ এঞ্জয় কৰো।"

"মোৰ অলপ অকলে থাকিবলৈ মন গৈছে। তোমালোক যোৱাচোন, মই গৈ আছো।" নমিতাৰ উত্তৰটোত বিশাল যেন কিছু নিৰাশ হ'ল।

"ঠিক আছে তেন্তে, অলপ কথাকে পাতো।" কথাষাৰ কৈয়েই তাইৰ কাষতে বহি দিলে সি।অলপ ইতঃস্ততবোধ কৰিলে তাই।টিঙিচকৈ খংটো উঠি আহিল নমিতাৰ। তাই কৈছেই অকলে অলপ বহিবলৈ মন গৈছে। তাৰ পাছতো সি? তাই যিমানেই তাক এৰি চলিবলৈ ইচ্ছা কৰে সিমানেই যেন বিশালে তাইৰ কাষ চাপিবলৈ চেষ্টা কৰে।

"এনেকৈ থাকিবানে নে বেলেগ চিন্তা কৰিছা।" বিশালৰ প্ৰশ্নটোত আচৰিত হ'ল নমিতা।

"মানে?"

"মানে বিয়া বাৰুৰ কথা কৈছো।বিয়াৰ বয়স হৈছে দিয়াচোন তোমাৰ" পৰিৱেশটো সহজ কৰিভলৈ হাঁহি এটা মাৰিলে বিশালে।

"নাই এতিয়ালৈকে একো ভবা নাই তেনেকৈ।'" প্ৰচণ্ড খং উঠিল নমিতাৰ। তাইৰ এই ব্যক্তিগতকথাবোৰত মাত মাতিবলৈ সি কোন?কোনোমতে সংযত কৰিলে নিজকে তাই।

"তোমাক বহুদিনৰ পৰা কথা এটা কম বুলি ভাবি আছো। কোৱাহে হোৱা নাই।" বিশালৰ কথাষাৰত চক খাই উঠিল নমিতা।

"কি কথা" কোনোমতে মাতটো উলিয়ালে তাই।
'মানে তুমি যদি ইচ্ছা কৰা তেন্তে  মই তোমাক নিজৰ কৰি লব বিছাৰো নমিতা। আই থিংক মই তোমাক ভাল পাই পেলাইছো নমিতা।" বুকুত প্ৰচণ্ড কোব এটাহে পৰিল যেন নমিতাৰ।প্ৰচণ্ড খং এটা উঠিল তাৰ ওপৰত। বিশালৰ এইবোৰ নতুন কথা নহয়। ইয়াৰ আগতেও অফিচৰ কল্যাণী আৰু নবনীতাৰ লগত এনেকুৱা বিহেভ কৰিছে বিশালে।

"চোৱা বিশাল মই এইবোৰ কথা একেবাৰেই ভবা নাই এতিয়া। মোৰ এটা সপোন আছে।আৰু  সেই সপোনটো পূৰ নোহোৱালৈকে মই এইবোৰ একোৱেই ভাবিব নোৱাৰো। প্লিজ এইবোৰ কথা কৈ আৰু মোক ডিষ্টাৰ্ব নকৰিবা।" উঠি অহা খংটো কোনমতে সামৰি যিমান পাৰি সহজ ড়বলৈ চেষ্টা কৰিলে তাই।

"কিন্তু এইবোৰৰ মাজেৰেওটো নিজৰ সপোনটো পূৰ কৰিব পাৰি। চোৱা তূমি মোৰ পৰা হকে বিহকে কেতিয়াও একো ডিষ্টাৰ্ব নোপোৱা।দৰকাৰ হলে তোমাৰ সেই সপোন পূৰ কৰিবলৈ মইও হেল্প কৰিম তোমাক।কিন্তু প্লিজ নমিতা তুমি মোৰ কথাবোৰ আকৌ ভাবি চোৱা।"

"কৈছোৱেই চোন, এতিয়া এইবোৰ কথা মই ভাবিব নোৱাৰিম বুলি।" নমিতাৰ খংটো বাঢ়ি আহিল

"নমিতা না নকৰিবা প্লিজ, মই তোমাক সচাকৈ ভাল পাই পেলাইছো। প্লিজ না নকৰিবা।" নমিতাৰ হাতখন দুইহাতেৰে সাবটি ধৰিলে বিশালে।

"অভদ্ৰামি নকৰিবা বিশাল। হাতখন এৰা।" বিশালৰ বন্ধনৰ পৰা হাতখন এৰুৱাবলৈ যিমানেই চেষ্টা কৰিলে নমিতাই সিমানেই জোৰেৰে চেপি ধৰিলে বিশালে।

"এৰি দিম, কিন্তু তাৰ আগতে তুমি মোৰ প্ৰশ্নটোৰ উত্তৰ দিব লাগিব।" বিশাল যেন আকোৰগোজ।ধৈৰ্যৰ বান্ধ চিগি গ'ল নমিতাৰ। পূৰ্ণহতীয়া চৰ এটা সোধাই দিলে তাই।
ফূৰ্তি তামাছাৰ মাজেৰে পাৰ হৈ থকা পাৰ্টিটোৰ মাজত হঠাতে হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি হৈ গ'ল। আকষ্মিক চৰটোৰ কথা হয়তো ভবাই নাছিল বিশালে। লাজত ৰঙা চিঙা পৰি গ'ল বিশাল।ইতিমধ্যে  গুণগুণনি এটাৰ সৃষ্টি হৈছিল সকলোৰে মাজত।

"ছাল্লা চৰ মাৰিলি ন মোক। বহুত ডাঙৰ ভুল কৰি দিলি। বৰ বেয়াকৈ পস্তাবি। চাই লম তোক।" বিশালৰ চকুকেইটাই যেন জুইহে বৰষিছিল। লাজে অপমানে ফো ফোৱাই ওলাই আহিল সি। পিছফালৰ পৰা কোনোৱে কোনোৱে কিবাকিবি কৈছিল, তাৰ কাণত নোসোমাল। ওলাই অহা চকুপানী খিনিক বাধা দিব নোৱাৰিলে নমিতাই। দুহাতেৰে মুখখন ঢাকি হুকহুকাই কান্দি দিলে তাই। আচল কথাটোৰ বুজ লবলৈ নমিতাৰ চাৰিওফালে জুম বান্ধিলে সকলোৱে।ইমান সুন্দৰকৈ চলি থকা পাৰ্টি এটাৰ পৰিৱেশ সম্পূৰ্ণ বিনষ্ট হৈ গৈছিল তেতিয়ালৈ।

                          (২)

পাৰ্টিত থকা সকলোৰে প্ৰশ্নবোৰত মুৰটো গৰম হৈ আহিল নমিতাৰ। প্ৰচণ্ড খং আৰু দুখত ফোফোৱাই ওলাই আহিল তাৰ পৰা। ৰক্তিম আৰু  কল্যাণীৰ হাজাৰ বাধাবোৰকো আওকাণ কৰি ৰাস্তালৈ ওলাই আহিল তাই। পিছে পিছে চিঞৰি চিঞৰি ৰক্তিমো ওলাই আহিল।

"আহ হা ৰবাচোন, মোৰ কথাটো শুনা নমিতা প্লিজ।"  নমিতাক উদ্দেশ্যি পাছফালৰ পৰা মাত লগালে ৰক্তিমে।

"প্লিজ মোক এতিয়া ডিষ্টাৰ্ব নকৰিবা ৰক্তিম।"

"কিন্তু এই ৰাতিখন অকলে অকলে ক'ত যাব ওলাইছা?"

"ৰুমলৈ" নমিতাৰ চমু উত্তৰ।

"কোনো দৰকাৰ নাইঅকলে যাবলৈ। মই থৈ আহিম তোমাক ৰুমত।এনেকৈ ৰাতি অকলে যাব নোৱাৰা তুমি।" ৰক্তিমে বাধা দিলে তাইক।

"নালাগে মই পাৰিম। আগতেও ৰাতি ৰুমলৈ এনেকৈ অকলে যোৱাৰ অভ্যাস মোৰ আছে।"

"তুমি কলেই নহব নহয়। এনেই আজিকালি দিনকাল ভাল নহয়।" ৰক্তিমে অলপ টান সুৰতেই ক'লে কথাষাৰ।

"আৰে মই পাৰিম বুলি কৈছোতো। প্লিজ মোক আৰু ডিষ্টাৰ্ব কৰি নাথাকিবা। মোক অলপ অকলে থাকিবলৈ দিয়া।আৰু মোৰ কথা ইমান চিন্তা কৰিবলৈ কি দৰকাৰ তোমাৰ?"ইচ্ছা নাছিল যদিও ৰক্তিমকো খঙতে কবলৈ বাধ্য হ'ল তাই।

"দৰকাৰ আছে নমিতা। কাৰণ তোমাক মই ভাল পাও। ইমান দিনে ভাবি আছিলো সকলোবোৰ কথাই তোমাক ক'ম বুলি। কিন্তু সাহস গোটাব পৰা নাছিলো।অৱশ্যে তোমাৰ পৰা জোৰ কৰি ভালপোৱা আদায় কৰিবলৈ মই নাযাও। সেইয়া তোমাৰ একান্তই ব্যক্তিগত কথা।" কও নকওকৈ সকলোবোৰ কথাই কৈ পেলালে ৰক্তিমে।নমিতাৰ মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল। ৰক্তিমক কি উত্তৰ দিব তাই ভাবি নাপালে।

"অটো' যাবা নেকি?" ৰক্তিমৰ কথাটোৰ পৰা ফালৰি কাটি ৰাস্তাৰে গৈ থকা অট' এখন ৰখালে নমিতাই।

"ক'ত যাব বাইদেউ"।

"চন্দ্ৰপুৰ যাম।"

"১৫০ টকা লম কিন্তু।" সাধাৰণতে এই সময়ত অট' পাবলৈ টান। ৰাতি ট্ৰেইন বা দেৰিকৈ আহি পোৱা চুপাৰৰ পেচেঞ্জাৰখিনিৰ বাবে দুই এখন অট' থাকে যদিও ভাৰা বহুত।সেয়েহে এইসময়ত দৰ দাম কৰাটো মূৰ্খামিৰ বাদে একো নহয় বুলি তাই জানে।

"ঠিক আছে ব'লা।" ভাৰা বেছি যদিও অগ্যতা অট'ত উঠিল নমিতা।

"আহো দিয়া, তোমাৰ কথাষাৰৰ উত্তৰ মই ৰুমলৈ গৈ হে দিব পাৰিম ৰক্তিম।।" ৰক্তিমক উদ্দেশ্যি কথাষাৰ কলে তাই।

"ঠিক আছে, বাই, টেক কেয়াৰ।" এই চাৰিমাহত নমিতাক ভালদৰেই বুজি উঠিছে ৰক্তিমে। সেয়েহে দুনাই আৰু বাধা নিদিলে সি। ধূলি উৰাই অটোখন আগবাঢ়িল চন্দ্ৰপুৰ অভিমুখে।

ব্যস্ত চহৰখনৰ পৰা কিছু নিলগতে চন্দ্ৰপুৰ তিনি আলি। তাৰ পৰা বাওফালেৰে সোমাই কিছু দূৰ গৈয়ে নমিতাহঁতৰ পিজিলৈ সোমোৱা গলিটো। সিহঁতৰ বছৰ ঘৰৰ পৰা প্ৰায় ৬ কিঃমিঃ বাট। মোবাইলটো উলিয়াই হে'ডফোন ডাল কাণত লগাই ললে তাই। ইউটিউবত ভিডিঅ এটা লগাই ল'লে যদিও অথনিৰ ঘটনাটোৱেই মনলৈ আহি থাকিল তাইৰ। তাই বাৰু বিশালৰ লগত বেছিয়েই বেয়া ব্যৱহাৰ কৰিলে নেকি? চৰটো মাৰি বাৰু ভুল কৰি পেলালে নেকি তাই? বিশাল ল'ৰাটো অলপ আকোৰগোঁজ। যিটো কৰিম বুলি ভাবে কৰিহে এৰিব। অথনি ভাবুকি দিয়াৰ দৰে যদি সি তাইকো কিবা .........!!! বুকুখন ঢিপিংকৈ মাৰিল নমিতাৰ। আৰু ৰক্তিম সিটো তাইৰ মনৰ কথাখিনিয়েই কৈ পেলালে।ইমান দিনে তাই ভাবি থকা কথাবোৰ খুব সহজকৈ কৈ পেলালে সি।

"বাইদেউ পালোহি নামক।" চন্দ্ৰপুৰ তিনিআলিত অট'খন একাষত ৰাখিলে ল'ৰাজনে। ল'ৰাজনৰ মাততহে সন্বিত ঘূৰি আহিল তাইৰ। কথাবোৰ ভাবি ভাবি কেতিয়ানো চন্দ্ৰপুৰ পালেহি তাই গমকে নাপালে।

"আৰু অলপ আগুৱাই থৈ আহিবা নেকি?"

"বেয়া নাপাব বাইদেউ, ষ্টেচনৰ পৰা এজনক আনিবগৈ লাগে। দেৰিয়েই হৈছে মোৰ।অথনিৰে পৰা ফোন কৰিয়েই আছে।"

নমিতাই আৰু জোৰ নকৰিলে। এনেয়েও সেইখিনিৰ পৰা ৰুমলৈ আধা কিলোমিটাৰ মানহে দূৰ। সেইখিনি তাই অকলেই যাব পাৰিব। অটোৱালাজনক প্ৰাপ্যখিনি দি ৰুমলৈ খোজ ল'লে নমিতাই। নিশা গভীৰ হৈ আহিছে, কেওফালে নিৰৱ নিস্তব্ধ। কাৰোবাৰ পোহনীয়া কুকুৰকেইটামানৰ ভুকনিৰ বাহিৰে আৰু একো শব্দই শুনিবলৈ নাইপোৱা তাই। হয়তো দিনটোৰ ব্যস্ততাৰ ভাগৰ মাৰিবলৈ সকলো শুই পৰিছে। সময়ো যথেষ্ট হৈছে। পি.জিৰ আংকলে চাগে তাই অহালৈকে বাট চাই আছে। মানুহজনৰ বয়সো হৈছে, কষ্ট দিবলৈ এনেকৈ তাইৰ মন নাযায়। হ'লেও ওপায় নাই, বছে ঘৰতে আয়োজন কৰা পাৰ্টি।

হঠাৎ কাৰোবাৰ জোতাৰ শব্দত উচপ খাই উঠিল নমিতা। এনে লাগিল যেন কোনোবাই তাইক পাছফালৰ পৰা অনুসৰণ কৰিছে। অজান আশংকাত বুকুখন দুৰু দুৰু কপি উঠিল তাইৰ।তাইৰ ষষ্ঠ ইন্দ্ৰিয় ই যেন কিবা বিপদৰ অনুমান কৰিব পাৰিলে। মৰণত শৰণ দি কোনোমতে পাচফালে ঘূৰি চালে নমিতাই। পাছফালে মাত্ৰ কেইখোজমান নিলগত এটা ছায়ামূৰ্তি। বুকুখন ঢিপিংকৈ মাৰিলে তাইৰ। ছায়ামূৰ্তিটোৰ গতিবিধিবোৰ বৰ সুবিধাৰ যেন নালাগিল নমিতাৰ।মাজৰাতিখন তাইক ৰাস্তাত এনেকৈ অকলে পাই সেই ছায়ামূৰ্তিটোৱে যদি......!!!কাৰোবাক চিঞৰিবলৈও ওচৰত মানুহৰ ঘৰ এটাও নাই। যি দুখনমান দোকান আছিল সেইয়াও ইতিমধ্যে বন্ধ হৈছে। খোজবোৰ যিমান পাৰি খৰ কৰিলে তাই। কিন্তু তাইতকৈও অধিক বেগত আহি ছায়ামূৰ্তিটোৱে এইবাৰ তাইক আগভেটি ধৰিলে।

"কোন? ৰাতিখন কি অসভ্যালি এইবোৰ।" কোনোমতে মাতটো উলিয়ালে তাই।

কিন্তু আগন্তুকে যেন তাইৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ প্ৰয়োজনেই নকৰিলে। নমিতাক আচৰিত কৰি হোহোৱাই হাঁহি দিলে ছায়ামূৰ্তিটোৱে। মাজৰাতি সেই হাঁহিটো অট্টহাস্য যেন লাগিল নমিতাৰ। এইবাৰ তাইক আৰু আচৰিত কৰি পিন্ধি থকা দীঘল জেকেটটোৰ পৰা  এখন দীঘল খুকুৰী উলিয়াই আনিলে আগন্তুকে। নিশ্চিত মৃত্যুৰ কথা জানিব পাৰি হাত ভৰিবোৰ কপি উঠিল নমিতাৰ। পলাবলৈও যেন পাহৰি পেলালে তাই, চিঞৰা শক্তিকণো যেন হেৰাই গ'ল তাইৰ। হাতত উদ্যত খুকুৰীখন লৈ এখোজ এখোজকৈ তাইৰ ফালে আগবাঢ়ি আহিল ছায়ামূৰ্তিটো।

"প্লিজ মোক যাবলৈ দিয়ক। মই আপোনাৰ একো অন্যায় কৰা নাই। মোক নামাৰিব প্লিজ, মই ভৰিত ধৰিছো আপোনাৰ।" কপা কপা মাতটোৰে নমিতাই কৰা কাকুতি মিনতিবোৰ কানত নোসোমাল ছায়ামূৰ্তিটোৰ। তাৰ চকুত যেন একুৰা জুইহে জ্বলিছে। যেন বহুত দিনৰ পৰা সাচি ৰখা এসোপামান ক্ষোভৰ জুই সেইকুৰা। ছায়ামূৰ্তিটোৱে আৰু দেৰি নকৰিলে। লগত লৈ অনা শাণিত অস্ত্ৰপাত বুকুত জোৰেৰে বহুৱাই দিলে নমিতাৰ। চিঞৰাৰ কোনো সুবিধাই নাপালে নমিতাই। ছায়ামূৰ্তিটোৰ সেই ধাৰাল খুকুৰীখনৰ উপৰ্যুপৰি আঘাতত ইতিমধ্যে নমিতাৰ প্ৰাণবায়ু ওলাই গৈছিল।  জঘন্য কাণ্ডটো কৰি ক্ৰুৰ হাঁহি এটা মাৰিলে ছায়ামূৰ্তিটোৱে। যেন বহুদিনে সাচি ৰখা ক্ষোভবোৰৰ উদগীৰণ হ'ল। নিশাৰ ঘড়ীটোৱে ১২ বজাৰ সংকেত দিছিল তেতিয়া। নমিতাৰ মৃতদেহটোলৈ এবাৰ ঘৃণাৰে চাই ইতিমধ্যে তাৰ পৰা আতৰি গৈছিল পাষাণ হত্যাকাৰীটো।।।

                     (৩)

সময়বোৰ যিমানেই পাৰ হৈ গল সিমানেই উৎকণ্ঠাবোৰ বাঢ়ি আহিল বৰুৱা পি.জিৰ ছোৱালীবোৰৰ। নমিতাৰ ৰুম অহা কেতিয়াবা দেৰি হয় কিন্তু কেতিয়াও ১২ বজাৰ পাছত তাই ৰুম সোমাই পোৱা নাই। কেতিয়াবা অত্যাধিক দেৰি হ'লে পি.জিৰ মালিক অলকেশ বৰুৱাক বা লগৰ কোনোবা এজনীক ফোন কৰি তাই জনায়। কিন্তু আজি নমিতাৰ না ফোন আহিল না মেচেজ আহিল। ভিতৰি ভীষণ চিন্তিত হ'ল বৰুৱা আৰু বৰুৱানী। এনেকুৱা এখন ব্যস্ত চহৰত এটা ছোৱালীৰ পেয়িং গেষ্ট চলোৱাতো সিমান সহজ কথা নহয়। গোটেই কেইজনী ছোৱালীৰে সমস্ত দায়িত্ব বৰুৱাৰ ওপৰতে বুলি কলেও ভুল নহব। তাতে আজিকালি নাৰী সঙ্ক্ৰান্তীয় ঘটনা যিটো হাৰত বৃদ্ধি পাইছে একোটো কব নোৱাৰি। অজান আশংকাত বুকুখন দুৰু দুৰু কপি উঠিল বৰুৱাৰ।

"তাইৰ লগৰ কাৰোবাক ফোন কৰিছিলা নেকি?" ছোৱালীখিনিক উদ্দেশ্যি বৰুৱাই সুধিলে।

"কল্যাণীলৈ ফোন কৰিছিলো। তাইটো নমিতা কেতিয়াবাই তাৰ পৰা ওলোৱা বুলি ক'লে।" মনালিছাই মাত লগালে।

"তাৰ পৰাটো ইয়ালৈ মাত্ৰ ২০ মিনিটৰ বাট। আচৰিত ইমান সময় ক'ত থাকিব পাৰে তাই। কিবা বিপদত পৰা নাইতো?" গম্ভীৰ স্বৰেৰে বৰুৱাই ক'লে।

"হেৰি আপুনি পুলিচলৈকে ফোন এটা কৰক নহ'লে।মোৰ হলে বৰ ভয় লাগিছে।" বৰুৱানীয়ে কম্পিত কণ্ঠৰে মাত লগালে।

"এৰা পুলিচক জনোৱাই ভাল হব।" কৈ কৈ বৰুৱাই স্থানীয় থানা খনৰ চিনাকি অ.চি পল্লৱ ফুকনলৈ ফোন লগালে। পল্লৱ ফুকন বৰুৱাণীৰ সম্পৰ্কীয় ভাগিনীয়েক। নতুনকৈ এইখন থানাত জ্ইন কৰিছে। সময় সুবিধা মিলাই কেতিয়াবা বৰুৱাহতৰ তালৈও পাক এটা মাৰে। পল্লৱ লৰাটো সৎ, যথেষ্ট সাহসী। গতিকে এইসময়ত তালৈ ফোন কৰাৰ বাদে বেলেগ উপায় ভাবি নাপালে বৰুৱাই। ফোনটো কটাৰ পাছত সকলোৱে উৎকন্ঠাৰে বৰুৱাৰ মুখলৈ চালে।

"সি এতিয়াও থানাতেই আছে। কি কৰিব পাৰো চাও বুলি কৈছে।" কথাষাৰ কৈ কোঠাতোৰ থকা চোফাখনত বহি দিলে বৰুৱাই। ভীষণ চিন্তিত আৰু ক্লান্ত আনুভব কৰিলে তেওঁ। বয়স বাঢ়ি অহাৰ ৰগে লগে বেমাৰেও লগ নেৰা হৈছে তেওঁক। ডাক্তৰে টোপনি খটি কৰিবলৈ মানা কৰিছে তেওঁক।হলেও উপায় নাই।আকৌ উৎকণ্ঠাৰে কিছু সময়। উৎকন্ঠাবোৰৰ ওৰ পেলাই এইবাৰ বৰুৱাৰ ফোনটো উচ্চস্বৰত বাজি উঠিল।

"পল্লবৰ ফোন"। সকলোকে উদ্দেশ্যি বৰুৱাই কলে। ফোনটো ৰিচিভ কৰি বাহিৰলৈ ওলাই আহিল বৰুৱা। ভিতৰত সকলোৰে মাজত গুণগুণনিৰ পৰিৱেশ। ফোনটো সংযোগবিহীন কৰি গম্ভীৰ ভাবে ভিতৰলৈ সোমাই আহিল বৰুৱা। সকলোৱে যেন তেওঁ অহালৈহে বাট চাই আছিল। ফোন কলটোৰ কথা সুধিবলৈ সকলোৱে বেৰি ধৰিলে তেওক।

"পল্লৱে ফোন কৰিছিল। চন্দ্ৰপুৰ তিনিআলিৰ ওচৰত ৰাস্তাৰ কাষত এজনী ছোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে। সেইয়া আন কোনো নহয়, আমাৰ নমিতাৰ মৃতদেহ।" কোনোমতে মাতষাৰ উলিয়াই কথা কেইটা কৈ ধপংকৈ চোফাখনত বহি দিলে বৰুৱাই। মাজনিশা বৰুৱা পি.জিৰ পৰা অহা কান্দোনৰ শব্দ্ত ওচৰ চুবুৰীয়াৰো টোপনি ভাগি গৈছিল তেতিয়ালৈ।
   
      ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

মৃতদেহটো ভালকৈ এবাৰ লক্ষ্য কৰিলে পল্লৱ ফুকনে। বুকু আৰু পেটত চোকা অস্ত্ৰৰে কেইবাবাৰো আঘাত কৰিছে দুৰ্বৃত্ত ই। কি নৃসংস হত্যাকাণ্ড। ওচৰে পাজৰে সন্দেহজনক কিবা আছে নেকি লক্ষ্য কৰিলে পল্লবে। নাই হত্যাকাৰী যথেষ্ট চালাক আৰু চতুৰ। সন্দেহ কৰিব পৰাকৈ একোৱেই এৰি যোৱা নাই হত্যাকাৰীয়ে। ইতিমধ্যে বৰুৱা আৰু পি.জিৰ।দুজনীমান ছোৱালীও আহি তাত উপস্থিত হৈছিলহি।ৰক্তিম আৰু পবিত্ৰকে ধৰি নমিতাৰ সহকৰ্মী দুজনমানো খবৰ পাই লৰালৰিকৈ আহিছিল তালৈ। মৃতদেহটোত এবাৰ চকুফুৰালে সকলোৱে। উস কি বিভৎস!!!!!! কিমান জঘন্য হ'লে মানুহে মানুহক এনেদৰে। বৰুৱাই আৰু চাই থাকিব নোৱাৰিলে। মনালিছা কৰৱীহত কান্দোনত ভাগি পৰিল। নিজৰ চকুহালক বাধা দিব নোৱাৰিলে ৰক্তিমেও। অলপ সময়ৰ আগলৈকে একেলগে কটোৱা ছোৱালীজনী এতিয়া.......।

"আপোনালোক?" ৰক্তিমহতক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে পল্লবে।

"নমিতাৰ সহকৰ্মী। আমি একেটা অফিছতেই কাম কৰো।" চকুহাল মোহাৰি ৰক্তিমে মাত লগালে।

"আচলতে সহকৰ্মীৰ লগতে আমি ভাল বন্ধুও আছিলো।" এইবাৰ পবিত্ৰ ই মাত লগালে।

"আচ্ছা মই জনাত আজি নমিতাই এটা পাৰ্টিত এটেণ্ড কৰিবলৈ গৈছিল।তাত আপোনালোকো আছিল নে।" ৰক্তিমহতক উদ্দেশ্যি সুধিলে পল্লবে।

"হয় অফিচৰ সকলোৱেই আছিল। আমাৰ অফিছৰ বছে ঘৰতে এৰেঞ্জ কৰিছিল পাৰ্টিটো।" সমৰ নামৰ একাউন্টেন্টজনে কলে।

"তাৰ পৰা নমিতা ৰুমলৈ ওভতি আহোতে কিহত আহিছিল জানে নেকি। তেতিয়া আনুমানিক সময়টো কিমান হব বাৰু।"

"প্ৰায় ১১ বাজিছিল চাগে তেতিয়া। নমিতাক মই মানা কৰিছিলো অকলে উভতি নাযাবলৈ। মই তাইক ৰুমত থৈ আহিম বুলি কৈছিলো। কিন্তু তাই নামানিলে। মোৰেই ভুল। মই যদি তাইক অটখনত আহিবলৈ নিদি নিজেই থবলৈ আহিলোহেতেন নমিতাৰ হয়তো......"নিজকে ৰখাব নোৱাৰিলে ৰক্তিমে। কান্দোনত ভাগি পৰিল সি।

"মই আপোনাৰ কথা বুজিব পাৰিছো।এতিয়া আপোনাক বিভিন্ন প্ৰশ্ন।কৰি অশান্তি দিবলৈ একেবাৰে মন নাই। কিন্তু আপোনাৰ অটখনৰ নাম্বাৰটো মনত আছে নেকি?" ৰক্তিমক উদ্দেশ্যি সান্তনাৰ সুৰত কলে পল্লবে।

"নাম্বাৰটো ঠিক মনত নাই। কিন্তু অটৱালাজনক দেখিলে মই চিনি পাম।" চকুপানীখিনি মোহাৰি উত্তৰ দিলে ৰক্তিমে।

"ঠিক আছে বাৰু। আপোনালোকক আৰু বিশেষ কথা সুধি মই দিষ্টাৰ্ব নিদিও। কিন্তু কেছটো সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ লগত আকৌ কথা হ'ম।" ৰক্তিম হতক বিদায় দি কনিষ্টবল প্ৰমোদ মৰাণক ফৰ্মেলিটিছ খিনি সম্পূৰ্ণ কৰি মৃতদেহটো পোষ্টমৰ্টেমলৈ পঠাবলৈ নিৰ্দেশ দিলে পল্লব ফুকনে। ৰাস্তাটোৰ একোণত চকুপানী টুকি টুকি ৰৈ আছিল বৰুৱা। ইমান বছৰে পি.জিৰ ছোৱালীখিনিৰ লগত পৰিয়ালৰ দৰে এটা সম্পৰ্ক গঢ় লৈ উঠিছিল বৰুৱা-বৰুৱানীৰ। মানসিকভাৱেও যথেষ্ট ভাগৰি পৰিছিল বৰুৱা। তেওঁলোক নিসন্তান দম্পত্তী। পি.জিৰ ছোৱালীখিনিক নিজৰ ছোৱালীৰ দৰে স্থান দিছিল তেওঁলোকে। ভবাই নাছিল তেওঁ এনেকুৱা এটা দূৰ্যোগ আহিব পাৰে বুলি। কাষৰ ছোৱালীৰ জুমটোলৈও লক্ষ্য কৰিলে পল্লৱে। দুখত ভাগি পৰিছে সকলো। এইসময়ত যি টি সুধিবলৈ মনে নকলে তেওঁৰ।

"মই আপোনাৰ মনৰ অৱস্থাতো বুজিছো মহা। কাইলৈ দুপৰীয়া মই গাড়ীখন পঠাই দিম। ছোৱালী দুজনীমানক লগত লৈ এপাক থানালৈকে আহিব লাগিব আপুনি। অফিচিয়েল কিছুমান নিয়মো আছে যে।" বৰুৱাক উদ্দেশ্যি কথাকেইষাৰ কলে পল্লৱে।

"নিজৰ ছোৱালীৰ দৰেই আছিল তাই। ইমান ৰঙীয়াল ফুৰ্তিবাজ ছোৱালীজনীক কোনোবাই এনেকৈ..." ভাগি পৰিল বৰুৱা।

"চিন্তা নকৰিব মহা। অতি শ্ৰীঘ্ৰেই হত্যাকাৰীৰ আমি মুখা খুলিম। কিন্তু পোষ্টমৰ্টেম ৰিপৰ্তটো নহালৈ আমি একোৱেই কৰিব নোৱাৰিম। এতিয়া ঘৰলৈকে যাওকগৈ। কাইলৈ ভালকৈ কথা পাতিম বাৰু।" সান্তনাৰ সুৰত কথা কেইষাৰ কৈ বৰুৱা আৰু ছোৱালীখিনিক বিদায় দিলে পল্লৱে।

ইতিমধ্যে মৃতদেহটো পোষ্টমৰ্টেমৰ কাৰণে পঠাবলৈ সাজু কৰা হৈছিল। কনিষ্টবল মৰাণক গাড়ীখন ষ্টাৰ্ট দিবলৈ নিৰ্দেশ দীলে পল্লৱে। পল্লৱৰ নিৰ্দেশত গাড়ী ষ্টাৰ্ট দিলে প্ৰমোদ মৰাণে।

"কি ভাবিছে ছাৰ, হত্যাকাণ্ডটো সম্পৰ্কে।" গাড়ী চলাই থকাৰ পৰাই মাত দিলে মৰাণে।

"হয়তো হত্যাকাৰীৰ মনত ছোৱালীজনীৰ প্ৰতি বহুদিনিয়া কিবা ক্ষোভ থাকিব লাগিব। নহলে ইমান নৃসংসকৈ কোনেও কাকো হত্যা কৰিব নোৱাৰে। সকলোৰে লগত কথা পাতি চাওচোন। কিবা গুৰুত্বপূৰ্ণ ক্লু পাবও পাৰো। কিন্তু তাৰ আগতে সেই অটৱালাজনকো এবাৰ লগ কৰিব লাগিব। কথাখিনি কৈ কৈ কিবা এটা চিন্তা কৰি  চিটটোত হেলান দিলে পল্লবে।আন্ধাৰ ফালি চুমোখন আগবাঢ়িল থানা অভিমুখে।

                    (৪)

"অটৱালাজনৰ কিবা সম্ভেদ উলিয়াব পাৰিলে নেকি মৰাণ?" চাহ কাপত চুমোক দি কনিষ্টবল প্ৰমোদ মৰাণক উদ্দেশ্যি ক'লে পল্লৱ ফুকনে। নিশা দেৰিলৈকে থাকিব লগা হোৱা বাবে কিছু পলমকৈ থানালৈ আহিছিল পল্লৱ। আহিয়েই দেৰি নকৰি কেছটোৰ চিন্তা আৰম্ভ কৰি দিলে সি।

"ছাৰ সাধাৰণতে এইখন টাউনত দহবজাৰ পাছত অট পাবলৈ টান হয়। মাত্ৰ দুই এখন অট'হে ট্ৰেইন আৰু দেৰিকৈ পোৱা চুপাৰকেইখনৰ পেচেঞ্জাৰৰ আশাত ৰৈ থাকে। খবৰ কৰি পোৱা মতে কালিও ৰাতি মাত্ৰ চাৰিখন অট'ৱেই ৰাতি দহ বজাৰ পাছত দুটামান ৰিজাৰ্ভ ভাৰা মাৰিছিল। অট'কেইখনৰ নাম্বাৰ আৰু চালকৰ ডিটেইলছখিনি ইয়াতে আছে ফটোসহ।" কনিষ্টবল প্ৰমোদ মৰাণে কাগজ এখন আগবঢ়াই দিলে অ.চি পল্লৱলৈ।

"আচ্ছা ইয়াৰ মাজৰ কোনজনৰ অটোত ছোৱালীজনী ৰাতি ঘৰলৈ উভতিছিল?" কাগজখনত চকু ফুৰাই থকাৰ পৰাই প্ৰশ্ন কৰিলে পল্লৱে।

"ছাৰ সিহঁতকেইটাৰ ফটো কেইখন মই কালি লগ পোৱা ছোৱালীজনীৰ কলিগ জনলৈ পঠাইছিলো। ল'ৰাজনে এইজনেই কালি ছোৱালীজনীক ঘৰলৈ অনা বুলি চিনাক্ত কৰিছে।" কাগজখনত থকা ফটো এখনলৈ আঙুলিয়াই দেখুৱালে কনিষ্টবল মৰাণে। ফটোখনলৈ এবাৰ লক্ষ্য কৰিলে পল্লৱে।

"নাম- অতুল দাস। বয়স ৩২ বছৰ। ঠিকনা ৰতনপুৰ। " মনতে এবাৰ গুণগুণালে পল্লৱে। ফটোখন চাই লৰাজনক অপৰাধী যেন নালাগিল পল্লৱৰ। হলেও আজিকালি একো ধৰিব নোৱাৰি। প্ৰকৃত মুখখনৰ পাছফালে আজিকালি কাৰ কেনেকুৱা এখন আচল মুখ লুকাই থাকে ধৰিব নোৱাৰি।

"সোমাইছো দেই।" কাৰোবাৰ মাতত মুৰ তুলি চালে পল্লৱ ফুকনে। বৰুৱাৰ লগতে পি.জিৰ দুজনী ছোৱালী।

"আৰে মহা। মই গাড়ীখন পথাম বুলি ভাবিয়েই আছিলো। আপুনি কষ্ট কৰিব লাগে কিয়?'  সন্মুখৰ চকীখনত তিনিওকে বহিবলৈ দি পল্লৱে চাহ তিনিকাপ আনিবলৈ পঠালে কনিষ্টবল মৰাণক।

"নালাগে অ' ছোৱালীজনীৰ কাৰণে এইকন কষ্ট কৰিব পাৰিম দে। বৰ মৰমৰ আছিল তাই। নৰক যাতনা ভুগিব সেই নৰপিশাচতোৱে।" শোকত বিহ্বল হৈ পৰিল বৰুৱা।

"ছোৱালীজনীৰ ঘৰত খবৰ দিয়া হ'ল নে মহা।তাইৰ মাক দেউতাকৰ অৱস্থা বা কেনেকুৱা বৰ্তমান।" চিন্তিত মনেৰে সুধিলে দিলে পল্লৱে।

"তাইৰ মাক দেউতাক নাই।সৰুতেই ঢুকাল। মোমায়েক মামীয়েকৰ লগত থাকি ডাঙৰ হোৱা। তেওঁলোকলৈ খবৰ পঠাইছো, আবেলিমানে আহি পাবহি চাগে।ডিগ্ৰী পঢ়া শেষ কৰি এইখন চহৰলৈ আহিছিল তাই। আজি একবছৰৰ বেছি হল তাইৰ মোৰ তাত। আজিলৈকে কাৰো লগত বেয়াকৈ কথা এষাৰ পতা নেদেখিলো তাইক। কিন্তু কালি হঠাৎ।" ৰৈ গল বৰুৱা। জেপৰ পৰা ৰুমালখন উলিয়াই চকুহাল মোহাৰি ল'লে তেওঁ।

"আচ্ছা তোমালোকে জানিবা নেকি নমিতাৰ কাৰোবাৰ লগত কেতিয়াবা কিবা শত্ৰুতা আছিল নেকি?" মনালিছা আৰু কৰৱীক উদ্দেশ্যি সুধিলে পল্লৱে।তাৰ মাজতে ওচৰৰ হোটেলখনৰ লৰা এটাই আহি সকলোকে একাপকৈ চাহ দি গ'ল।

"আমি জনাত নমিতাৰ তেনে কোনো শত্ৰু নাছিল।অফিচৰ সকলোৰে লগততো আমি জনাত খুব ভাল সম্পৰ্ক ই আছিল তাইৰ।" কৰৱীয়ে উত্তৰ দিলে।

"আচৰিত। হয়তো ছোৱালীজনীৰ কিবা এক গোপন ৰহস্য আছে যিবোৰ কথা  হয়তো তাই তোমালোককো কোৱা নাছিল। বাৰু অফিচৰ কাৰ লগত নমিতাৰ আটাইতকৈ ঘনিষ্ঠ সম্পৰ্ক আছিল।"

" সকলোৰে লগতেই ভাল সম্পৰ্ক ই আছিল। কিন্তু তাৰে ভিতৰত ৰক্তিম, কল্যাণী আৰু সমৰ দাৰ লগত তাই বেছি ক্ল'জ আছিল।" এইবাৰ মনালিছাই মাত লগালে।

"ঠিক আছে বাৰু। তেওঁলোকৰ লগতো এবাৰ কথা হম। আজি আবেলিলৈ পোষ্ট মৰ্টেম ৰিপৰ্তটো আহি পাব। তাৰ পাছতেই ডেডবডিটো চমজি লব পাৰিব আপোনালোকে। ঠিক আছে বাৰু আপোনালোক এতিয়া যাব পাৰে মহা। মাজে মাজে অলপ ডিষ্টাৰ্ব দিম কিবাকিবি সুধি। তোমালোকে বেয়া নাপাবা কিন্তু।" সকলোকে উদ্দেশ্যি কলে পল্লৱে।

"নাই কিয় বেয়া পাম। আপোনাক যিমান পাৰো সহায় কৰিম। মাত্ৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক তাকে বিছাৰো।" কৰৱীয়ে মাত লগালৈ।
চাহ শেষ কৰি তিনিও বিদায় ল'লে থানাৰ পৰা। কিবা এটা চিন্তা কৰিলে পল্লৱে। তাৰ পাছত গাড়ীখন ষ্টাৰ্ট দিবলৈ নিৰ্দেশ দিলে কনিষ্টবল প্ৰমোদ মৰাণক।

"কত যাব ছাৰ।" গাড়ীখন স্টাৰ্ট দি থকাৰ পৰাই সুধিলে মৰাণে।

"সেই অটৱালাজনৰ ঘৰলৈ। যাৰ অটখনতে কালি নমিতা ঘৰলৈ ওভতিছিল।" মবাইলত কাৰোবালৈ কল এটা লগাই উত্তৰ দিলে পল্লৱ ফুকনে। অ.চি  ৰ নিৰ্দেশমতে ৰতনপুৰলৈ গাড়ী পোনালে প্ৰমোদ মৰাণে।

             ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

অটৱালা অতুল দাসৰ ঘৰৰ সন্মুখত উপস্থিত হৈ এবাৰ চকুফুৰালে অ.চি পল্লৱে। তেনেই সাধাৰণ যেন লগা ঘৰ। বাহিৰত অটোখন দেখি অতুল যে ঘৰতে আছে নিশ্চিত হল পল্লৱ। পলম নকৰি জপনাখন খুলি সোমাই গল দুয়ো।

"ঘৰত কোন আছে।" বাহিৰৰ পৰাই মাত লগালে প্ৰমোদ মৰাণে। ভিতৰৰ পৰা দুটামান কাহৰ শব্দ শুনিলে দুয়ো। হয়তো অতুল দাসৰ মাক।দুয়ো বেছি দেৰি ৰব লগা নহলেই। ভিতৰৰ পৰা বেমাৰি যেন লগা মানুহ এগৰাকী ওলাই আহিল। মহিলাগৰাকীলৈ লক্ষ্য কৰিলে দুয়ো।শীৰ্ণকায় শৰীৰ, দেখাতে দুৰ্বল। হয়তো কিবা ৰোগত আক্ৰান্ত।

"আপোনালোক। আমাৰ ঘৰত?" দুৰ্বল মাত এটাৰে মাত লগালে মানুহজনীয়ে।

"আপুনি অতুল দাসৰ?"

"মই তাৰ মাক। ঘৰখনত আমি মানুহ দুটাই। কিন্তু পুলিচৰ মানুহ আমাৰ ঘৰত? একো অঘটন ঘটা নাইতো?" মানূহজনী যেন কিছু চিন্তাত পৰিল।

"আচলতে আমি এটা হত্যাকাণ্ড সম্পৰ্কত অতুলৰ লগত অলপ কথা পাতিবলৈ আহিছিলো।" এইবাৰ প্ৰমোদ মৰাণে মাত লগালে।

" হত্যাকাণ্ড !!!কোনে কাক হত্যা কৰিলে? হে ভগৱান!! আমাৰ ইয়াৰ লগত এইবোৰৰ কি সম্পৰ্ক?" অতুলৰ মাকৰ বুকুখন চিৰিংকৈ মাৰিলে।

"চন্দ্ৰপুৰৰ ওচৰত এজনী ছোৱালীক যোৱাকালি কোনোবাই হত্যা কৰি মাজ ৰাস্তাত পেলাই গৈছে। আৰু আমি পোৱা তথ্যমতে ছোৱালীজনী কালি ঘৰলৈ ওভতি যাওতেই কোনোবাই হত্যা কৰিছে। আৰু সেই ছোৱালীজনী যোৱাকালি আপোনাৰ লৰাৰ অটতে ঘৰলৈ ওভতিছিল।" ইচ্ছা কৰিয়েই অলপ গহীনকৈ কথাষাৰ কলে পল্লৱে।

"কোন আহিছে অ মা।" গামোছাৰে মুখখন মুছি মুছি বাহিৰলৈ ওলাই আহিছিল অতুল। বাহিৰত পুলিচ দেখি চক খাই উঠিল সি। "আপোনালোক?" মাতটো কপি উঠিল অতুলৰ।

"কি হল আজি ভাৰা মাৰিবলৈ যোৱা নাই।" প্ৰমোদ মৰাণে সুধিলে।

"গৈছিলোঁ। দুপৰীয়া ভাত খাবলৈ ঘৰ আহিলো। কিন্তু আপোনালোক আমাৰ ঘৰত।" আচৰিত হৈ সুধিলে অতুলে।

"এওলোকে কাৰোবাক হত্যাৰ কথা কৈছে। এইবোৰ এওলোকে কি কৈ আছে মইনা।" অতুলৰ মাকৰ মাতটো কন্দনামুৱা হৈ আহিল।

"এই ছোৱালীজনীক চিনি পায় আপুনি?" বেছি দেৰি নকৰি মবাইলত নমিতাৰ ফটোখন দেখুৱালে পল্লৱে।

"আৰে এই ছোৱালীজনী কালি ৰাতি মোৰ অটতেই ঘৰলৈ ওভতিছিল। কিয় কি হল।" অবাকনেত্ৰে পল্লৱলৈ চাৰে অতুলে।
"কিয় আচৰিত হৈছে যে।যোৱাকালিচোন আপুনিয়েই তাইক হত্যা কৰি চন্দ্ৰপুৰৰ এক নং বাইলেনটোত পেলাই আহিছে।" পুলিচি কায়দাৰে আৰম্ভ কৰিলে পল্লৱে।

"হত্যা কৰিছো? মই? আপোনালোকৰ কিবা ভুল হৈছে নিশ্চয়। মই তাইক কিয় হত্যা কৰিম।" মাতটো কপি উঠিল অতুলৰ।

"কি হল আচৰিত হৈছে নে ভয় খাইছে। হয়তো ছোৱালীজনীৰ ওচৰত বৃহৎ পৰিমাণৰ টকা আছিল।যিবোৰ দেখি আপুনি লোভত তাইক হত্যা কৰিছে।" কঠোৰ মাতেৰে কলে মৰাণে।

"আপোনালোকে ভুল বুজিছে।মই ছোৱালীজনীক হত্যা কৰা নাই। তাইক চন্দ্ৰপুৰ তিনিআলিত নমাই মই চিধাই ষ্টেচন ওভতি আহিছিলো।" দৃঢ়তাৰে কলে অতুল দাসে।

"ছোৱালীজনীৰ ৰুম আছিল চন্দ্ৰপুৰৰ এক নং বাইলেনত। কিন্তু আপুনি তাইক তালৈ নিনি চন্দ্ৰপুৰ তিনিআলিতে নমালে যে।" পল্লৱে সন্দেহৰে প্ৰশ্ন কৰিলে।

"আচলতে মোৰ সেইদিনা ১২টা বজাত ষ্টেচনৰ পৰা ৰিজাৰ্ভ ভাৰা এটা আছিল। ছোৱালীজনীৰ ভাৰাটোৰ কাৰণে মোৰ দেৰিয়েই হৈছিল যথেষ্ট। ইফালে সিজন পেচেঞ্জাৰে বাৰম্বাৰ ফোন কৰি আছিল মোক। সেইকাৰণে মই ছোৱালীজনীক তিনিআলিতে নমাই আহিছিলো।" অতুলে উত্তৰ দিলে।

"ৰাতি ছোৱালী এজনীক অকলশৰে সেইখিনিত নমাই দিবলৈ আপোনাৰ ইচ্ছা গৈছিলনে? অকল ভাৰাটোৰ কথাই যে চিন্তা কৰে যে আপোনালোকে। কি থিক আপুনি যদি তাইক ৰুমৰ আগত গৈ নমোৱা হলে এই হত্যাকাণ্ডটো নহলহেতেন।" গৰজি উঠিল প্ৰমোদ মৰাণ।

"মোৰ সচাকৈ ভুল হৈ গল।মই তেনে কৰিব নালাগিছিল। ভবিষ্যতে আৰু তেনে নকৰো।" থোকাথোকি মাতেৰে উত্তৰ দিলে অতুল দাসে।

"ক্ষমা খুজিলেই সকলো থিক হৈ নাযায়। কালিৰ ঘটনাটোৰ  বাবে আপুনিও জগৰীয়া। আচ্ছা আপুনি যিজন পেচেঞ্জাৰক কালি ষ্টেচনৰ পৰা ৰাতি আনিছিল, তেওঁৰ দিটেইলছখিনি দিয়ক। আপুনি এতিয়াও আমাৰ সন্দেহৰ বাহিৰত নহয়।" কঠোৰ মাতেৰে কলে পল্লবে।

"কালি ৰাতি আমাৰ ওচৰৰ বলো দাক ষ্টেচনৰ পৰা আনিবলৈ গৈছিলো। আপোনালোক মেইন ৰাস্তাৰ পৰা সোমাই আহোতে সোফালে প্ৰথম যিটো ঘৰ দেখিছিল সেইটোৱেই তেওৰ ঘৰ। মোৰ কথা খিনি বিশ্বাস নহলে তেওকো সুধি চাব পাৰে।" কিছু যেন সকাহ পালে অতুলে।

"সেইয়া আমাৰ কাম আমি কৰি যাম। আচ্ছা আপুনি ছোৱালীজনীক তাত ড্ৰপ কৰোতে কোনোবা সন্দেহজনক ব্যক্তিক দেখিছিল নেকি?"

"ওহো কাকো দেখা মনত নপৰে। আচলতে মই তেতিয়া ষ্টেচন সোনকালে পোৱাৰ ধাণ্ডাত আছিলো যে কোনোবা আছিল যদিও লক্ষ্য নকৰিলো।" সেমেনা সেমেনকৈ উত্তৰ দিলে অতুলে।

"ঠিক আছে বাৰু। এতিয়া আমি আহিছো। কিন্তু মনত ৰাখিব কেছটো চল্ভ নোহোৱালৈকে আপুনি এই চহৰ এৰি কতো যাব নোৱাৰিব। প্ৰয়োজনত থানালৈও আহিব লগা হব পাৰে।" কথাষাৰ কৈয়ে গাড়ী ষ্টাৰ্ট কৰিবলৈ নিৰ্দেশ দিলে পল্লৱে।

"চাৰ অতুল দাসৰ কথাবোৰৰ পৰা কি অনুমান হয় বাৰু।" গাড়ী চলাই থকাৰ পৰাই মাত দিলে প্ৰমোদ মৰাণে।

"এতিয়াই একো কব নোৱাৰিম। বলোৰাম দাসৰ ঘৰত সোমালেই।অতুলৰ কথাবোৰ সচানে মিছা প্ৰমাণ হৈ যাব। পোষ্টমৰ্টেম ৰিপৰ্তটো আহি পাবৰ হৈছেই। বলক এপাক বলোৰাম দাসৰ ঘৰতো।সোমাই যাও। কাইলৈ নমিতাৰ অফিচৰ মানুহখিনিৰ লগতো কথা পাতি চাব লাগিব। কিবা নতুন তথ্য পাই যাব্ও পাৰো।" কৈ কৈ পকেটৰ পৰা চিগাৰেট এটা উলিয়াই জলাই ললে পল্লৱে। গাড়ী চলি গ'ল বলোৰাম দাসৰ ঘৰ অভিমুখে।

                    (৫)

নমিতাৰ পোষ্টমৰ্টেম ৰিপৰ্তটোত আকৌ এবাৰ চকু ফুৰালে পল্লৱ ফুকনে। ফৰেনছিক ৰিপৰ্ট মতে হত্যাকাণ্ডটো নিশা প্ৰায় ১২ ৰ পৰা ১২.৩০ বজাৰ ভিতৰত সংঘটিত হৈছে। বলোৰাম দাসে কোৱা মতে অটৱালা অতুল দাসৰ কাৰণে তেওঁ ৫ মিনিট মান ষ্টেচনত অপেক্ষা কৰিব লগা হৈছিল। ট্ৰেইন আহি পাইছিল নিশা ১২ বজাত। অৰ্থাৎ অতুল দাস ষ্টেচনত উপস্থিত হৈছিল নিশা ঠিক ১২ বাজি পাচ মিনিটত। সেই ফালৰ পৰা চাবলৈ গলে অতুল দাসে যে নমিতাক হত্যা কৰা নাই সেইয়া ঠিকেই অনুমান কৰিব পাৰি। কাৰণ চন্দ্ৰপুৰৰ পৰা ষ্টেচনলৈ কমেও ২০ মিনিটৰ বাট। গতিকে সিমান কম সময়ৰ ভিতৰতে নমিতাক হত্যা কৰি আকৌ ষ্টেচন গৈ পোৱাতো কোনোপধ্যেই সম্ভৱ নহয়। তেন্তে কোনে কৰিব পাৰে এই কাম? গোটেই কথাবোৰ ভালদৰে জুকিয়াই চালে অ.চি পল্লৱ ফুকনে। ইতিমধ্যে দুটা দিন পাৰ হৈছে। এতিয়ালৈকে একোৱেই আগবাঢ়িব পৰা নাই তেওঁ কেছটোত।

"ছাৰ মাতিছিল মোক?" কনিষ্টবল প্ৰমোদ মৰাণ সোমাই আহিল।

"মৰাণ, নমিতাৰ পোষ্টমৰ্টেম ৰিপৰ্তটো চালো। বিশেষ কিবা একো ক্লু বিছাৰি নাপালো কেছটোত আগবাঢ়িবলৈ। আচ্ছা আপুনি ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা নমিতাৰ ফোনটোৰ পৰা কিবা তথ্য গোটাব পাৰিলে নেকি? মানে ধৰক কল ডিটেইলছ, হোৱাটছ এপপ মেছেজ ইত্যাদি।" পোষ্ট মৰ্টেম ৰিপৰ্টতো চাই থকাৰ পৰাই মাত দিলে পল্লৱে।

"ছাৰ ছোৱালীজনীৰ ফোনটোৰ ডিটেইলছখিনি উলিয়াবৰ বাবে ইতিমধ্যে ফোনটো পঠোৱা হৈছে। বাকী কল ডিটেইলছখিনি মোৰ লগতে আছে। এইয়া চাওক।" কাগজ এখন আগবঢ়াই দিলে মৰাণে।

"সেইদিনা ৰাতি ঠিক ১১ বজাৰ পাছৰ পৰা নমিতাৰ মোবাইললৈ কাৰ কাৰ পৰা ফোন আহিছিল?" কাগজ খন হাতত লৈ সুধিলে পল্লৱে।

"ছাৰ ছোৱালীজনীলৈ সেইদিনা ৰাতি বহুকেইটা নম্বৰৰ পৰা ফোন আহিছিল। কিন্তু আচৰিত কথা যে এটা ফোন কলো তাই ৰিচিভ কৰা নাছিল।" কৈ গল প্ৰমোদ মৰাণে।

"ছোৱালীজনীৰ মৃত্যু হৈছে ১২ৰ পৰা ১২.৩০ ৰ ভিতৰত। গতিকে ১২ বজাৰ পাছৰ ফোনখিনি ৰিচিভ নোহোৱাতো একো আচৰিত কথা নহয়। কিন্তু তাৰ আগৰ ফোনকলখিনি ৰিচিভ নকৰাৰ কি কাৰণ থাকিব পাৰে। আচ্ছা ১২ বজাৰ আগত কাৰ কাৰ মোবাইলৰ পৰা তাইলৈ কল আহিছিল?" পল্লৱে সুধিলে।

"ৰক্তিম, কল্যাণী, আপোনাৰ মহা,মনালিছা আৰু বিশালৰ পৰা‌। ছাৰ আৰু এটা আনন্উন নম্বৰৰ পৰা কল আহিছিল তাইলৈ।কিন্তু  সেই নম্বৰটোৰ  ডিটেইলছখিনি এতিয়ালৈকে আহি পোৱা নাই।" প্ৰমোদ মৰাণে উত্তৰ দিলে।

"ঠিক আছে ইনফৰমেছনবোৰ সোনকালে গোটাবলৈ চেষ্টা কৰক। এটা কাম কৰো, নমিতাৰ অফিছৰ পৰা এপাক মাৰি আহো বলক।"  কনিষ্টবল প্ৰমোদ মৰাণক গাড়ীখন উলিয়াবলৈ নিৰ্দেশ দি কোঠাৰ পৰা ওলাই আহিল পল্লৱ।

          ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

নমিতাৰ অফিচৰ চৌহদত থকা পাৰ্কিং প্লেচটোত গাড়ীখন পাৰ্ক কৰিলে প্ৰমোদ মৰাণে। চহৰখনখৰ মাজমজিয়াত থকা দুমহলীয়া ঘৰ এটা ভাৰাত লৈ অফিচ হিচাপে চলাই আহিছে কোম্পানীটোৱে। ঘৰটোৰ তলৰ মহলটো নমিতা হতে কাম কৰা  কোম্পানীটোৰ অফিচ আৰু ওপৰৰ মহলাটো বেংক অৱ ইণ্ডিয়াৰ চন্দ্ৰপুৰৰ ব্ৰান্স অফিচ। অফিচটোলৈ বাহিৰৰ পৰাই এবাৰ চকু ফুৰালে পল্লৱে। পুলিচ দেখাৰ লগে লগে দুৱাৰ মুখত থকা ছিকিউৰিটি গাৰ্ডজনে নিয়মমাফিক ছেলুট এটা মাৰি দুৱাৰখন খুলি দিলে। ভিতৰলৈ সোমায়েই কোঠাটোত ভালদৰে চকু ফুৰালে দুয়ো। অফিছটো সৰু যদিও  বেছ পৰিপাটি। থাকিব লগা সকলোবোৰ সুবিধাই আছে কোঠাটোত। পুলিচক দেখাৰ লগে লগে সকলো নিজ নিজ কাম এৰি আগলৈ উঠি আহিল। সকলোলৈকে এবাৰ ভালদৰে লক্ষ্য কৰিলে পল্লৱে। সকলোৰে মুখবোৰ গোমা। সহকৰ্মী এগৰাকীক তেনেদৰে হেৰুৱাই যে সকলো ভাগি পৰিছে সেইয়া দেখিলেই অনুমান কৰিব পাৰি।

"আমি আচলতে নমিতাৰ হত্যাকাণ্ডটো সম্পৰ্কে কিছু কথা জানিবলৈ আহিলো।" সকলোকে উদ্দেশ্যি পল্লৱে আৰম্ভ কৰিলে।

"হয় আমি অনুমান কৰিব পাৰিছো। আহক মোৰ ৰুমতে বহি ভালদৰে কথা পাতিম।" ছ্যুট টাই পৰিহিত আদহীয়া মানুহ এজন আগবাঢ়ি আহিল।

"আপুনি?"

"মই কোম্পানীটোৰ চন্দ্ৰপুৰ ব্ৰান্সৰ জেনেৰেল মেনেজাৰ শংকৰ দত্ত। ক্ওকচোন কেনেদৰে সহায় কৰিব পাৰো আপোনালোকক।" নিজৰ পৰিচয় আগবঢ়ালে বছ শংকৰ দত্তই।

"বাৰু নমিতাৰ হত্যাকাণ্ড সম্পৰ্কে আপুনি কি ভাবে? কোনে কৰিব পাৰে এইকাম?" শংকৰ দত্তক উদ্দেশ্যি সুধিলে পল্লৱে।

"কথাটো ভাবি আমিও যথেষ্ট আচৰিত হৈছো।আমি জনাততো নমিতাৰ তেনেকৈ কাৰোৰে লগত শত্ৰুতা নাছিল। সকলোৰে লগত ভাল সম্পৰ্ক আছিল তাইৰ।" হুমুনিয়াহ এটা কাহিলে শংকৰ দত্তই।

"আচ্ছা আমি জনাত সেইদিনা অফিচৰ সকলোৱে মিলি আপোনাৰ তাত এটা পাৰ্টি এৰেঞ্জ কৰিছিল। সেইদিনা পাৰ্টি শেষ  কৰি নমিতা কিমান সময়ত উভতি আহিছিল?"

"আচলতে সেইদিনা আমাৰ নতুন প্ৰডাক্ট এটা মাৰ্কেটত এৰি দিয়া হৈছিল। তাক লৈয়ে মোৰ ঘৰত সৰু পাৰ্টি এটাৰ এৰেঞ্জ কৰিছিলো মই।" কৈ গল শংকৰ দত্তই।

"কিন্তু ছাৰ সেইদিনা পাৰ্টি শেষ নকৰাকৈয়ে নমিতা ৰুমলৈ উভতিছিল।" সমৰে মাত লগালে।

"কিয়, নমিতাৰ কিবা বিশেষ অসুবিধা হৈছিল নেকি?" কনিষ্টবল প্ৰমোদ মৰাণে সুধিলে।

"আচলতে সিদিনা পাৰ্টি চলি থকা সময়তে অফিচৰ এচিটেন্ট একাউন্টেন্ট বিশালৰ লগত নমিতাৰ এখন  কাজিয়াৰ সৃষ্টি হৈছিল। পাৰ্টিৰ পৰিৱেশটোৱেই নষ্ট হৈ গৈছিল সিদিনা।" কও নকওকৈ কথা খিনি ক'লে সমৰে।

"কাজিয়া? কি কথাত লৈ।" পল্লৱৰ কপালখন সন্দেহত কোচ খাই আহিল।

"আচলতে ছাৰ বিশালে পাৰ্টিৰ মাজতে অকলে থকাৰ সুযোগ লৈ নমিতাক প্ৰপোজ কৰিছিল। নমিতাই না কোৱাত অলপ জোৰ যবৰদস্তিও কৰিছিল নমিতাক। আনকি নমিতাৰ হাতত ধৰিও কিছু বেয়া বিহেভ কৰিছিল বিশালে। খঙতে নমিতাই বিশালক এটা চৰো মাৰিছিল। তাৰ পিচতেই বিশাল পাৰ্টিৰ পৰা খঙত ওলাই গৈছিল। হয়তো সকলোৰে সন্মুখত তেনেকৈ চৰটো খাই যথেষ্ট লাজ পাইছিল সি।যোৱাৰ আগত নমিতাক একপ্ৰকাৰৰ ভাবুকি দি থৈ গৈছিল সি।" সকলোখিনি কৈ গল সমৰে।

"হোৱাট!!!এইবোৰ কথা আপুনি মোক সিদিনাই জনোৱা নাছিল কিয়।"

"ছাৰ বিশালৰ কাৰণে এইটো নতুন ঘটনা নহয়। নাৰীৰ প্ৰতি দূৰ্বলতা তাৰ আগৰ পৰাই বেছি।ইয়াৰ আগতেও অফিচৰ বেলেগ ছোৱালীৰ লগত বিশালে এনেকুৱা বিহেভ কৰিছিল।তাৰ বাবে বছৰ পৰা কেইবাবাৰো গালিও খাইছিল।"পল্লৱৰ প্ৰশ্নটোৰ উত্তৰত পবিত্ৰ ই কলে।

"বিশালক মাতকচোন।" শংকৰ  দত্তক উদ্দেশ্যি কলে পল্লৱে।

"নমিতাৰ হত্যাকাণ্ডৰ পিচদিনাৰ পৰাই বিশাল অফিচলৈ অহা। মই কেইবাবাৰো ফোন কৰিছিলো, কিন্তু মোবাইলটো চুইছ অফ।" শংকৰ দত্তই মাত লগালে।

"মৰাণ! কথাটো অলপ আচৰিত নহয়নে? যিদিনাই নমিতাৰ হত্যাকাণ্ডটো হৈছিল তাৰ কিছুসময় আগতে নমিতাই বিশালক চৰ মাৰিছিল। আৰু হত্যাকাণ্ডৰ পাচৰে পৰাই বিশাল অফিচলৈও অহা নাই।আনকি তেওঁৰ ফোনটো চুইছ অফ।" কিছু চিন্তিত হ'ল পল্লৱ।

"ছাৰ মোৰ মতে বিশালেই নমিতাক হত্যা কৰিছে সেইদিনা আৰু এতিয়া ধৰা পৰাৰ ভয়ত কৰবাত আত্মগোপন কৰিছে।" কনিষ্টবল মৰাণে মাত লগালে।

"কিমান দিন পলাই থাকিব। এদিন হলেওটো ওলাই আহিব লাগিব।আচ্ছা বিশালৰ এড্ৰেছটো নিশ্চয় আপোনাৰ লগত আছে?" শংকৰ দত্তক উদ্দেশ্যি সুধিলে পল্লৱে।

"আছে। তাৰ অৰিজিনেল ঘৰ গোলাঘাটত। ইয়াতে সি এটা ভাৰা ঘৰত থাকে। নিবেদিতা এখেতক বিশালৰ সম্পূৰ্ণ এড্ৰেছটো দি দিয়া। ঘৰৰটোও দিবা, ভাৰা ঘৰৰটোও দিবা।মোৰ পিছে ইম্পৰটেন্ট মিটিং এখন আছে। আপোনাক বেছি সময় দিব নোৱাৰিম।আৰু কিবা সহায় লাগিলে এওলোকে জনাব। নতুবা আপুনি আবেলি মোক লগ কৰিব পাৰিব।"

"ঠিক আছে আপুনি যাব পাৰে।" পি.এ নমিতাক বিশালৰ এড্ৰেছটো দিবলৈ কৈ খৰখোজেৰে ওলাই গল শংকৰ দত্ত।

"মৰাণ লৰাজনৰ এড্ৰেছটো নোট কৰি ল্ওক। আচ্ছা আপোনালোকেও ভাবে নে বিশালেই হত্যাকাৰী বুলি।" কনিষ্টবল মৰাণক এড্ৰেছটো লবলৈ কৈ সকলোকে উদ্দেশ্যি সুধিলে পল্লৱে।

"ছাৰ মই হাণ্ড্ৰেড পাৰচেন্ট চিউৰ  বিশালেই নমিতাক হত্যা কাৰিছে। সিদিনা নমিতাই চৰটো মৰাৰ পাছত মই লক্ষ্য কৰিছিলো বিশালক। খঙ আৰু লাজত সি ৰঙা পৰি গৈছিল। চকুৰে যেন তাৰ একুৰা জুইহে বৰষিছিল।" এইবাৰ কল্যাণীয়ে মাত লগালে।

"আপোনাৰ নামটো?"

"কল্যাণী।"

"আচ্ছা কল্যাণী আপুনিয়েই। আপুনি নমিতাৰ লগত খুবেই ক্ল'জ বুলি জানিব পাৰিছো। বাকী নমিতাৰ কাৰোবাৰ লগত কিবা এফেয়াৰ আই মিন....'"

"আছিল। ৰক্তিম আৰু নমিতাই দুয়ো দুয়োকে ভিতৰি বহুত ভাল পাইছিল। হয়তো এজনেও প্ৰকাশ কৰিবলৈ সাহস কৰা নাছিল। কিন্তু সেইদিনা বিশালৰ লগত হোৱা ঘটনাটোৰ পাছত নমিতা যেতিয়া খঙত ৰুমলৈ বুলি ওলাই আহিছিল তেতিয়াই ৰক্তিমৰ মুখেৰেও হয়তো অকষ্মাতে  তাইক ভালপোৱাৰ কথাষাৰ উলাই আহিছিল।" পল্লৱৰ কথাষাৰ শেষ হবলৈ নাপাওতেই মাত লগালে নমিতাই।

"ইন্টাৰেষ্টিং, কিন্তু আপুনি কেনেকৈ জানিলে। সেইদিনাতো নমিতাই কাৰো ফোন ৰিচিভ কৰা নাছিল। নে ৰক্তিমে আপোনাক নিজেই জনালে?"

"সিদিনা বিশালৰ লগত হোৱা ঘটনাটোৰ পাছত খঙত ওলাই গৈছিল নমিতা। ৰক্তিমে বিছৰা নাছিল মাজনিশা অকলে তাই ৰুমত যোৱাতো। সেয়েহে বাধা দিবলৈ বুলি সিও ওলাই গৈছিল তাইৰ পাছে পাছে।আৰু তেতিয়াই অকষ্মাতে তাৰ মুখেৰে ওলাই গৈছিল ভালপোৱাৰ প্ৰস্তাৱ টো। কিন্তু ৰক্তিমৰ বুজনিকো আওকাণ কৰি তাই অকলেই ৰুমলৈ বাট ললে। হয়তো সেইয়াই তাইৰ ভুল হ'ল। ৰক্তিমে তাইক প্ৰপোজ কৰা প্ৰস্তাৱটো অটত উঠিয়েই হোৱাটছ এপ যোগে জনাইছিল মোক। তেতিয়া অলপ ব্যস্ত আছিলো বাবে মেছেজটো চোৱা নহ'ল মোৰ।" সকলোখিনি কৈ গল কল্যাণীয়ে।

"আচ্ছা ৰক্তিমক দেখা নাই অফিচত। তেখেত অহা নাই নেকি?" পল্লৱে সুধিলে।

"আচলতে নমিতাক এনেদৰে হেৰুৱাই আমি যিমান দুখ পাইছো তাতোতকৈ হয়তো বেছি ভাগি পৰিছে ৰক্তিম। বন্ধু হিচাপে সকলো কথা শ্বেয়াৰ কৰে সি মোৰ লগত। নমিতাক নিজতকৈও ভাল পাইছিল সি। অলেখ সপোন আছিল তাৰ নমিতাক লৈ। হয়তো বছে তাৰ মনৰ অৱস্থাটো বুজিয়েই দুদিনমান অফিছ আহিবলৈ মানা কৰিছে।" দীঘল হুমুনিয়াহ এটা ওলাল সমৰৰ মুখেৰে।

"বিশালেই হত্যা কৰিছে নমিতাক। আপুনি তাক ৰেহাই নিদিব। কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক তাক।অন্ততঃ নমিতাৰ আত্মাই শান্তি পাব।" চকুলো ৰখাব নোৱাৰিলে কল্যাণীয়ে। হুকহুকাই কান্দি দিলে তাই।

"আপোনালোকে চিন্তা নকৰিব। নমিতাৰ হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি দিম আমি। বাৰু আপোনালোকৰ অফিচৰ মুঠ সদস্য কিমান?"

"ছাৰ বছৰ সৈতে মিলাই টোটেল ১৪ জন।" পবিত্ৰ বোলা লৰাজনে মাত লগালে।

"সকলো প্ৰেজেন্ট আছে নে বৰ্তমান।"
"বিশাল আৰু ৰক্তিমৰ বাদে সকলোৱে প্ৰেজেন্ট আছে বৰ্তমান।" সমৰে উত্তৰ দিলে।প

"ঠিক আছে। আমি এতিয়া আহো। আপোনালোকক আমাৰ ফালৰ পৰা কথা দিছো, যিমান পাৰো সোনকালেই নমিতাৰ হত্যাকাৰীক আমি কৰায়ত্ব কৰিম। কিন্তু আচল  হত্যাকাৰী ধৰা নপৰা পৰ্যন্ত আপোনালোক কোনোৱেই এই চহৰ এৰি বাহিৰলৈ যাব নোৱাৰিব।" কথাখিনি কৈ বাহিৰলৈ ওলাই আহিল পল্লৱ ফুকন। বিশালৰ এড্ৰেছটো নোট কৰি পাচে পাচে ওলাই আহিল প্ৰমোদ মৰাণ।

"কি ভাবে মৰাণ।" গাড়ীত বহিয়েই মাত লগালে পল্লৱে।

"ছাৰ  অফিছৰ সকলোৱে কোৱালৈ চাই বিশালে পাৰ্টিৰ মাজত তেনেকৈ চৰটো খাই সেইদিনা সকলোৰে আগত যথেষ্ট লাজ পাইছিল। হয়তো লাজ আৰু ক্ষোভত ছোৱালীজনীক হত্যা কৰিলে বিশালে।" গাড়ী ষ্টাৰ্ট কৰি থকাৰ পৰাই কথাকেইষাৰ কলে প্ৰমোদ মৰাণে।

"সব পোহৰলৈ আহিব। মাত্ৰ বিশালক এবাৰ লগ পালেই হ'ল। বলক প্ৰথমে বিশালৰ ভাৰা ঘৰটোত এবাৰ খবৰ কৰি আহো।"পল্লৱৰ নিৰ্দেশত গাড়ী পোনালে প্ৰমোদ মৰাণে।

                   (৬)

দুপৰীয়া ঠিক ২ বাজিছিল।বিশালৰ ভাৰাঘৰটোৰ সন্মুখত গাড়ীখন ৰাখিলে প্ৰমোদ মৰাণে। গাড়ীৰ মাত শুনি ল'ৰা এজন বাহিৰলৈ ওলাই আহিল, হয়তো আন এজন ভাৰাতীয়া। আপাদমস্তক লক্ষ্য কৰিলে পল্লৱে লৰাটোৰ। বয়স ৩০ ৰ বেছি নহব।

"আপোনালোক? কাক বিছাৰিছে বাৰু?" লৰাজনে আগেয়ে মাত লগালে।

"আমি বিশাল বৰুৱাক লগ পাবলৈ আহিছো।আপুনি?"প্ৰমোদ মৰাণে কলে।

"মই অনিল।বিশালৰ লগত একেলগে থাকো।কিয় কিবা হ'ল নেকি?" ল'ৰাজন যেন আচৰিত হ'ল।

"যোৱা ২৫ তাৰিখে ৰাতি এজনী ছোৱালীক হত্যা কৰি পলাই ফুৰিছে বিশাল।" অলপ কঠোৰ ভাবেই কলে কথাষাৰ পল্লৱে।

"ছোৱালী এজনীক হত্যা কৰিছে? আপোনালোকৰ কিবা ভুল হৈছে চাগে। সি তেনকুৱা কাম কৰিব নোৱাৰে।মই তাক ভালদৰে জানো।সি লৰাটো যথেষ্ট ভাল" লৰাজনে উত্তৰ দিলে।

"তাৰ কেৰেক্টাৰ চাৰ্টিফিকেট বিছাৰি আমি ইয়ালৈ অহা নাই।আমি নিশ্চিত যে বিশালেই ছোৱালীজনীক হত্যা কৰিছে।"প্ৰমোদ মৰাণ গৰজি উঠিল।

"কিন্তু কি ভিত্তিত আপোনালোকে বিশালক এনেকৈ হত্যাকাৰী সজাইছে।" অনিলেও সমানেই খংত কথাষাৰ কলে।

"যিদিনা ৰাতি ছোৱালীজনীক হত্যা কৰা হৈছিল, সেইদিনা বিশাল আৰু তাই অফিচৰ আন কৰ্মচাৰীখিনিৰ সৈতে এটা পাৰ্টিত উপস্থিত আছিল। তাতেই বিশালে ছোৱালীজনীৰ লগত অভদ্ৰ আচৰণ কৰাৰ বাবে ছোৱালীজনী তাক চৰ মাৰিছিল।সকলোৰে আগত বেয়াকৈ অপদস্থ হৈছিল বিশাল। সেয়েহে খঙ আৰু লাজত জ্ঞানশূন্য হৈ সেই ৰাতিয়েই বিশালে তাইক হত্যা কৰিছিল।" সকলো কৈ গল অ.চি পল্লৱ ফুকনে।

"মানি লৈছো বিশালৰ ছোৱালীজনীৰ ওপৰত যথেষ্ট খং উঠিছিল। কিন্তু সি তাইক হত্যা কৰিব নোৱাৰে ছাৰ।তেনেকুৱা প্ৰকৃতিৰ ল'ৰাই নহয় সি। হয়তো বেলেগ কোনোবাই সেই ঘটনাটোৰ লাভ উঠাইছে।"

"যদি বিশাল হত্যাকাৰী নহয়েই তেন্তে হত্যাকাণ্ডৰ পিছদিনাৰ পৰাই সি অফিচলৈ নাহি পলাই ফুৰাৰ উদ্দেশ্য কি?"প্ৰমোদ মৰাণৰ খংটো বাঢ়ি আহিল।

"চাওক বিশালৰ বিষয়ে আমাক জ্ঞান দি থকাতকৈ, বেটাৰ তাক এতিয়া কত লগ পাম সেই কথা ক্ওক আপুনি। পুলিচক সহায় কৰিলে আপোনাৰেই মংগল।" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে পল্লৱে।

"ৰবচোন ছোৱালীজনীৰ হত্যাকাণ্ডটো কোনদিনা সংঘটিত হৈছিল?" হঠাৎ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল অনিলে।

"যোৱা ২৫ তাৰিখে ৰাতি। কিয়?" পল্লৱ যেন আচৰিত হ'ল।

"২৫ তাৰিখৰ দিনা ৰাতিয়েইটো তাক মই ঘৰলৈ যোৱা চুপাৰত তুলি আহিছো।"

"কিন্তু বিশাল সেইদিনা ৰাতিয়েই কিয় ঘৰলৈ যাব লগা হ'ল?" পল্লৱ আৰু আচৰিত হ'ল।

"আচলতে ছাৰ বিশালৰ দেউতাক সেইদিনা ৰাতিয়েই প্ৰেছাৰ স্ট্ৰোক হৈ ঢুকাইছিল। সেইদিনা ৰাতি  তাৰ ঘৰৰ পৰা কোনোবা এজনে মোক ফোনত কথাটো জনাইছিল। তাক মানা কৰিছিল আচল কথাটো কবলৈ। সেইবাবে মই সি পাৰ্টিৰ পৰা আহি পোৱাৰ পাছত তাক দেউতাকে আৰ্জেন্ট কাম এটাত মাতি পঠাইছে বুলি মিছাকৈয়ে কৈ ৰাতিয়েই গোলাঘাটৰ চুপাৰত তুলি আহিছিলো।" সকলো।কৈ গ'ল অনিলে।

"হোৱাট!!!! আচ্ছা সেইদিনা বিশাল পাৰ্টিৰ পৰা ৰুম আহি পাওতে কিমান সময় হৈছিল?" পল্লৱে যেন বিশ্বাস কৰিবলৈ টান পালে।

"সঠিককৈ মনত নাই, কিন্তু এঘাৰ বজাৰ আগতেই সি ৰুম আহি পাইছিল।"

"সঠিককৈ যদি মনতেই নাই তেন্তে কেনেকৈ কব পাৰিলে এঘাৰ বজাৰ আগতেই সি আহি পাইছিল বুলি।" সন্দেহেৰে সুধিলে প্ৰমোদ মৰাণে।

"আচলতে ছাৰ গোলাঘাট যোৱা শেষৰ খন চুপাৰ ইয়াৰ পৰা ৰাতি ১১.৩০ ত ওলায়। বিশাল আহি পোৱাৰ পাছত মই তাক লৰালৰিকৈ বাছ ষ্টেণ্ডত থবলৈ গৈছিলো। আমাৰ টেনচনেই হৈছিল বাছখন পাও নে নাপাও। কিন্তু আমি গৈ পোৱালৈ বাছখন যোৱা নাছিল। গতিকে মই অনুমান কৰি কলো যে সি এঘাৰ বজাৰ আগতেই ৰুম আহি পাইছিল।" অনিলে উত্তৰ দিলে।

"সেইদিনা সি কোনখন চুপাৰত ঘৰলৈ গৈছিল?"

"ছাৰ ৰাধিকা ট্ৰেভেলছ।"

"ঠিক আছে বাৰু আমি এতিয়া আহিছো। কিন্তু আপোনাৰ কথাখিনিৰ সঁচা প্ৰমাণিত নোহোৱালৈকে বিশাল আমাৰ সন্দেহৰ ভিতৰতেই থাকিব। আচ্ছা আপুনি বিশালৰ ফোন নম্বৰ আৰু এড্ৰেছটো দিয়ক।"

"এড্ৰেছটো লিখি ল্ওক বাৰু। কিন্তু বিশালৰ ফোনটোত ফোন কৰি আপোনাৰ একো লাভ নহব। তাতকৈ তাৰ ঘৰৰ ফোন নংটোৱেই লৈ যাওক।"

"কিয় বিশালৰ ফোনটোৰ কি হ'ল।"

"ছাৰ সেইদিনা পাৰ্টিৰ পৰা আহোতেই বিশালে ফোনটো কৰবাত হেৰুৱাই আহিছিল।"

"মৰাণ বিশালৰ ঘৰৰ কমপ্লিট এড্ৰেছ আৰু ফোন নাম্বাৰটো নোট কৰি লওক।" প্ৰমোদ মৰাণক উদ্দেশ্যি কথাষাৰ কৈ পল্লৱ গাড়ীলৈ আহিল। অলপ বিবুধিত পৰিল পল্লৱ। যদি অনিলে কোৱা কথাবোৰ সচা হয় তেন্তে কেছটোৱে এটা নতুন মোৰ লব। অলপ আগলৈকেতো সি বিশাল হত্যাকাৰী বুলি একেবাৰেই নিশ্চিত আছিল। কিন্তু অনিলৰ কথাকৈইষাৰে আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰালে পল্লৱক।

"ছাৰ এতিয়া ক'ত যাম?" কনিষ্টবল মৰাণৰ মাতত সন্বিত ঘূৰি আহিল পল্লৱৰ।

"বাছ ষ্টেণ্ডৰ পৰা আহো বলক। আগতে কনফাৰ্ম হৈ লও বিশাল সেইখন বাছত ঘৰলৈ গৈছিল নে নাইযোৱা।  গোলাঘাট থানালৈ ফোন কৰি খবৰ কৰিব লাগিব  প্ৰকৃততে বিশালৰ দেউতাক ঢুকুৱাৰ কথাটো সচা নে মিছা।" পল্লৱৰ নিৰ্দেশত বাছ ষ্টেণ্ড অভিমুখে গাড়ী ঘূৰালে প্ৰমোদ মৰাণে। গোলাঘাট থানলৈ খবৰটো দিবলৈ বুলি পকেটৰ পৰা মোবাইলটো উলিয়াই ল'লে পল্লৱে।

          ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

বাছ ষ্টেণ্ডৰ মাজত ৰাধিকা ট্ৰেভেলছৰ বাছখন বিছাৰি উলিৱাওতে বেছি দেৰি নালাগিল পল্লৱৰ।বাছখন অলপ সময় আগত গোলাঘাটৰ পৰা আহি চন্দ্ৰপুৰ পাইছিল। গতিকে ড্ৰাইভাৰ, হেণ্ডিমেন, কনডাক্টৰ গোটেই কেইজনকে একেলগেই পালে দুয়ো।

"এই লৰাজন যোৱা ২৫ তাৰিখে ৰাতি এইখন বাছত গোলাঘাটলৈ গৈছিল নেকি?" সকলোকে ফটোখন দেখুৱাই সুধিলে প্ৰমোদ মৰাণে।

"ছাৰ সদায় কত পেচেঞ্জাৰ আপ দাউন কৰে বাছত। ক'ত মনত থাকিব আৰু।" কনডাক্টৰ জনে মাত লগালে।

"হলেও ভালকৈ চাওকচোন। মনত পৰে নেকি?"

"ছাৰ হয় হয় সিদিনা এইজন লৰা ৰাতি আমাৰ বাছত গৈছিল গোলাঘাটলৈ। মোৰ মনত পৰিছে।" কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল হেণ্ডিমেন লৰাটোৱে।

"সচাই কৈছ নে? ইমানবোৰ পেচেঞ্জাৰৰ মাজত এই লৰাটোৰ কথা ইমান মনত থাকিল নে?" সন্দেহেৰে সুধিলে পল্লৱে।

"নহয় ছাৰ সেইদিনা বাছখন যাবলৈ ওলোৱাৰ টাইমতে এইজন লৰা আহিছিল গোলাঘাট যাবলৈ। মোক কলে যেনে তেনে টিকট এটা লাগে। কিন্তু তেতিয়া সব ছিট বুক আছিল।উপায় নাপায় লৰাজন কেবিনতে বহি গোলাঘাটলৈ গৈছিল। আৰু ছাৰ লৰাজন গোটেই বাটতো নোশোৱাকৈয়ে গৈছিল।মইটো ছাৰ গোটেই ৰাস্তা নোশোৱাকৈ যাও। সেইকাৰণে গোটেই ৰাস্তা আমি দুটাই কথা পাতি গৈছিলো। আৰু ছাৰ লৰাজনৰ সেইদিনা  ফোনটো হেৰাইছিল বোলে, মোৰ মোবাইলটো লৈ  কাৰোবালৈ দুবাৰ মান ফোনো কৰিছিল।"  হেণ্ডিমেন লৰাটোৱে একে উশাহতে কথাখিনি কলে।

"গোলাঘাটলৈকে গৈছিল নে? মাজত কৰবাত নামি গৈছিল?" প্ৰমোদ মৰাণে সুধিলে।

"কি যে কয় ছাৰ। কলোৱেই চোন গোলাঘাটলৈকে একদম দুয়োটাই কথা পাতি গৈছিলো বুলি। ছাৰ লৰাটোৱে কিবা ঘটনা চটনা কৰি পলাইছিল নেকি সেইদিনা?" সন্দেহৰে সুধিলে লৰাটোৱে।

"নাই সেইবোৰ একো নাই। হব তই যা এতিয়া।" হেণ্ডিমেন লৰাটোক বিদায় দিলে প্ৰমোদ মৰাণে।

"ছাৰ তাৰমানে দেখোন বিশালে ছোৱালীজনীক হত্যা কৰা নাই।" গাড়ী চলাই গৈ থকাৰ পৰাই মাত লগালে প্ৰমোদ মৰাণে।

"তাকেই মইয়ো ভাবিছো। আচলতে কোনোবাই সেইদিনাৰ ঘটনাটোৰ সুবিধা লৈ ছোৱালীজনীক হত্যা কৰিলে যাতে পুলিচৰ সকলো সন্দেহ বিশালৰ ওপৰত পৰে।" চিগাৰেট এটা হুপি থকাৰ পৰাই কলে পল্লৱে।

"কিন্তু কোনে বা কৰিছে এইটো কাম। কেছটো বৰ জটিল হৈ।গৈ আছে।"

"মৰাণ, পৃথিৱীত জটিল বুলিবলৈ একো কামেই নাই। এই কেছটোৱো তেনেকুৱাই। হয়তো হত্যাকাৰী আমাৰ চকুৰ আগতে মুক্তমনে ঘূৰি আছে, আমিহে ধৰিব পৰা নাই। আমি কেছটো আকৌ নতুনকৈ ভবা আৰম্ভ কৰিব লাগিব। ছোৱালীজনীৰ লগত জড়িত প্ৰত্যেকটো কথা প্ৰত্যেকজন ব্যক্তিৰ সৰু সৰু এটা এটা কথা ভালকৈ ভাবি  চাব লাগিব।"

"হয় ছাৰ।" প্ৰমোদ মৰাণে মাথো মুৰ দুপিয়ালে।

"আপুনি এটা কাম কৰক। নমিতাৰ লগত জড়িত সকলো ব্যক্তি, তাইৰ অফিছৰ, পি.জিৰ, নিজৰ ঘৰৰ সকলো মানুহৰে কমপ্লিট ডিটেইলছ কালেক্ট কৰক। প্ৰত্যেকটো কথা,প্ৰত্যেক জন মানুহ আনকি মহা আৰু মাহীকো এৰি নিদিব। সকলো ডিটেইলছ দুদিনৰ ভিতৰত আপুনি কালেক্ট কৰক।" কিবা এটা চিন্তা কৰি থকাৰ পৰাই মাত লগালে পল্লৱে।
"থিক আছে ছাৰ। কিন্তু এতিয়া কত যাম।"
"এতিয়া ঘৰলৈকে বলক। দিনটো ঘূৰি ভাগৰো লাগিছে নহয়। অলপ ৰেষ্ট লৈ লও।" কেছটোৰ কথা ভাবি ভাবি ছিটটোত হেলান দিলে পল্লৱে। গাড়ী গৈ থাকিল অবিৰাম গতিত।

              (৭)

আৰু দুটা দিন পাৰ হ'ল।তথাপি কেছটোত বিশেষ একো আগবাঢ়িব নোৱাৰিলে পল্লৱে। নমিতাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো তথ্য সুক্ষ্মভাবে ভাবি চালে সি। নাই সন্দেহজনক একোৱেই বিছাৰি নাপালে। বিশালৰ ঘটনাটোৱে কেছটোৰ সম্পৰ্কে থকা ধাৰণায়েই সলনি কৰি পেলালে পল্লৱৰ। যোৱা দুদিন আগলৈকে পল্লৱে ভাবিছিল বিশালক পোৱাৰ লগে লগেই কেছটোৱেই চল্ভ হৈ যাব। কিন্তু এনেকৈ নতুন মোৰ লব বুলি পল্লবে ভাবিবই পৰা নাছিল।তাতে যোৱাকালি গোলাঘাট আৰক্ষীৰ পৰাও বিশালৰ দেউতাক ঢুকুৱাৰ কথাটোও সত্য বুলি পল্লৱ কনফাৰ্ম হ'ল। আচল হত্যাকাৰীৰ ওচৰ চাপিবলৈ হ'লে প্ৰথম হত্যাকাণ্ডৰ মটিভ জানিব লাগিব।কিন্তু যোৱা দুটা দিনে পল্লৱে দিনে নিশাই ভাবিও একো পাৰ পোৱা নাই। সকলোৰে লগত নমিতাৰ সম্পৰ্কবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে সি কিন্তু হত্যা কৰিব লগা একো কাৰণ বিছাৰি পোৱা নাই পল্লৱে। অৱশ্যে মোমায়েক মামীয়েকৰ প্ৰতি কিছু সন্দেহ পল্লৱৰ মনত নহা নহয়। কিন্তু সেইয়াও মাত্ৰ সন্দেহহে। মোমায়েক মামীয়েকে হত্যা কৰিব পৰাকৈ একো প্ৰমাণ গোটাব পৰা নাই সি।

"মে আই কাম ইন ছাৰ।" পল্লৱৰ চিন্তাত যতি পেলাই কনিষ্টবল প্ৰমোদ মৰাণ সোমাই আহিল।

"মৰাণ এতিয়ালৈকে যিমান খিনি তথ্য লাভ কৰিলো তাৰ পৰা জানিব পাৰিছো যদিও নমিতা সৰুৰে পৰা মোমায়েকৰ ঘৰত থাকি ডাঙৰ হোৱা তথাপি তাইৰ মোমায়েক মামীয়েকে বিশেষকৈ মামীয়েকৰ লগত সিমান এটা ভাল সম্পৰ্ক নাছিল। একমাত্ৰ মামীয়েকৰ ব্যৱহাৰৰ বাবেই নমিতাই গাঁৱৰ পৰা আহি চন্দ্ৰপুৰৰ এই কোম্পানীটোৰ চাকৰিটোত সোমাইছিল। গতিকে তেওঁলোক দুজনো আমাৰ সন্দেহৰ বাহিৰত নহয়।"

"কিন্তু তেওলোকে নমিতাক হত্যা কৰাৰ উদ্দেশ্যে কি হব পাৰে ছাৰ।" আশ্বৰ্য্য প্ৰকাশ কৰিলে মৰাণে।

"মে বি সম্পত্তিৰ লোভত হত্যা কৰিব পাৰে। মাক দেউতাকৰ মৃত্যুৰ পাছৰে পৰা নমিতা মোমায়েকৰ ঘৰতে থাকি ডাঙৰ হোৱা। গতিকে পৈত্ৰিক সুত্ৰে নমিতাই পাব লগা সম্পত্তিখিনিৰ লোভত তেওঁলোকে এই কাম কৰিব পাৰে।" ফাইল এটাত চকুফুৰাই থকাৰ পৰাই কথাখিনি কলে পল্লৱে।

"কিন্তু তেওলোকৰ বিষয়ে যিমানখিনি তথ্য লাভ কৰিলো তাৰ পৰা গম পালো হত্যাকাণ্ডৰ দিনা ৰাতি তেওঁলোকৰ পৰিয়ালৰ কেউজনেই সেইদিনা ঘৰতেই আছিল। সেইদিনা তেওঁলোকৰ ঘৰত কিবা এভাগ পূজা আছিল। গতিকে ছাৰ মোৰ মতে তেওঁলোক হত্যাকাৰী হব নোৱাৰে।" প্ৰমোদ মৰাণে নিজৰ মত আগবঢ়ালে।

"কিন্তু পৰোক্ষভাবেওতো তেওঁলোক জড়িত হব পাৰে। আই মিন বেলেগ কাৰোবাৰ দ্বাৰাও সেইকাম কৰাব পাৰে।আচ্ছা চন্দ্ৰপুৰত তেওঁলোকৰ কোনোবা চিনাকি মানুহ আছে নেকি?"

"ছাৰ তেনেকুৱা কোনো চিনাকি মানুহ বা ৰিলেটিভ কোনো নাই তেওঁলোকৰ।"

"তেন্তে কোনে কৰিব পাৰে এই হত্যাকাণ্ড। অফিচৰ কাৰোৰে লগততো নমিতাৰ একো বেয়া সম্পৰ্ক নাছিল। কথাবোৰ অলপ আচৰিত নহয়নে?" কিছু চিন্তাত পৰিল অ.চি পল্লৱ ফুকন।

"তাকেই ছাৰ। নমিতাৰ অফিচৰ পৰাও যথেষ্ট প্ৰেচাৰ আহিছে এই কেছটোত। সোনকালে অপৰাধী উলিয়াব নোৱাৰিলে পুলিচৰ বৰ বদনাম ওলাব।" চিন্তিত মনেৰে কলে মৰাণে।

"এটা কাম কৰকচোন। নমিতাৰ মোবাইলটো লৈ আহক। আকৌ এবাৰ চকু ফুৰালে হয়তো কিবা পাবও পাৰো।"পল্লৱৰ নিৰ্দেশ মানি মোবাইলটো লৈ আহিলে প্ৰমোদ মৰাণে। আকৌ এবাৰ ভালকৈ চেক কৰিলে পল্লৱে। ফেচবুক, হোৱাটছ এপ এফালৰ পৰা সকলো চাই গল পল্লৱে।কিন্তু সন্দেহ কৰিব লগাকৈ একোৱেই চকুত নপৰিল পল্লৱৰ। সাধাৰণ কিছুমান মেছেজ বাদ দি একোৱেই নাপালে সি হোৱাটছ এপত।

"মৰাণ ছোৱালীজনীয়ে হয়তো ফেচবুক খুব কমকৈ ব্যৱহাৰ কৰে। লাষ্ট দুমাহ আগতেই প্ৰফাইল পিকচাৰখন সলোৱা। তাৰ পাছত তাই ফেচবুক ব্যৱহাৰ কৰাই নাই। মেচেঞ্জাৰত কোনোবা দুজন মানৰ হাই হেল্ল টাইপ মেচেজ আছে যদিও ৰিপ্লাই কৰা নাই।" মোবাইলটোত চকু ফুৰাই থকাৰ পৰাই কলে পল্লৱে।

"ছাৰ মেইলটো চেক কৰি চাওক। তাতো বিশেষ একো নাপাব চাগে হলেও চাওকচোন বাৰু।" প্ৰমোদ মৰাণে সহাৰি জনালে।

শেষ চেষ্টা হিচাপে মেইলটোত এবাৰ চকু ফুৰালে পল্লৱে। মিন্ট্ৰা, ফ্লিপকাৰ্টৰ পৰা অহা মেইল দুটা মান চকু পৰিল পল্লৱৰ। হঠাৎ কিবা এটা দেখি চকু দুটা বহল হৈ গল পল্লৱৰ।উৎসুকতা বাঢ়িল প্ৰমোদ মৰাণৰ।

"আচৰিত মৰাণ। ছোৱালীজনীৰ এটা ইউটিউব একাউন্টো আছে। এইটো কথাটো আমাৰ চকুতে পৰা নাছিল।" আশ্বৰ্য্যৰে কৈ উঠিল পল্লৱে।

"ছাৰ ভিডিঅখিনি চেক কৰকচোন। কেনেকুৱা টাইপৰ ভিডিঅ আছে।" মৰাণেও সহযোগ কৰিলে।
এইবাৰ ইউটিউবটো খুলি ললে পল্লৱে। সাত আঠটা ভিডিঅ চকুত পৰিল পল্লৱৰ। প্ৰায়বোৰেই ৰেচিপি টাইপ ভিডিঅ।প্ৰায়বোৰৰে ভিওজ কম। মাত্ৰ এশৰ পৰা ডেৰশৰ ভিতৰত।মাত্ৰ এটা ভিডিঅত ফইভ কে ভিওজ। চকু কেইটা বহল হল পল্লৱৰ।উৎসুকতাৰে প্ৰমোদ মৰাণো আগবাঢ়ি আহিল।

"মৰাণ চাওক এই ভিডিঅটো আৰু আনবোৰ ভিডিঅৰ মাজত যথেষ্ট পাৰ্থক্য। আনবোৰ ভিডিঅত ভিওজ এশৰ পৰা দুশৰ ভিতৰত। কিন্তু এইটো ভিডিঅত চাওকচোন ফাইভ কে ভিওজ।" মোবাইলটো চাই থকাৰ পৰাই কলে পল্লৱে। থাম্বনেইলটো চাইয়েই চকঙ কপালত উঠিল দুয়োৰে।

"চলন্ত বাছৰ ভিতৰত যুৱতীৰ লগত অসভ্যালি উদণ্ড যুৱকৰ। মৰাণ কিবা সন্দেহজনক নহয় নে?" 

পল্লৱে বিষ্ময়েৰে কৈ উঠিল। পলম নকৰি ভিডিঅটো প্লে কৰিলে পল্লৱে। ভিডিঅটোত এখন বাছৰ ভিতৰৰ দৃশ্য দেখা গ'ল। এজন যুবকৰ ওপৰত ৰণচণ্ডী ৰূপত নমিতা। যুবকক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছে নমিতাই।ভিডিঅটোত বাছত গৈ থকা অৱস্থাত লৰাজনে  নমিতাৰ লগত অভদ্ৰ যৌন আচৰণ কৰাৰ অভিযোগ আনিছে নমিতাই। নমিতাৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰিছে লৰাজনে। বাছৰ অধিকাংশ ই নমিতাৰ লগত সহযোগ কৰা দেখা গ'ল ভিডিঅটোত।

"মৰাণ কথাটো সন্দেহজনক। মোৰ মতে নমিতাৰ হত্যাকাণ্ডৰ লগত এই ভিডিঅটোৰ কিবা সম্পৰ্ক আছে।" ভিডিঅটো বন্ধ কৰি সন্দেহেৰে কলে পল্লৱে।

"ছাৰ মোৰো তেনে লাগিছে। কিন্তু ছাৰ ভিডিঅটো নমিতাই কৰা নাই। কোনোবা বেলেগে কৰিছে। কাৰণ নমিতাৰ দুয়োখন হাতেই খালী হৈ আছে।ছাৰ ভিডিঅটো কোনে কৰিছে সেইয়া গম পালেই সকলো কথাই জানিব পাৰিম।"

"আপুনি ঠিকেই কৈছে। ভিডিঅটোত নমিতা অফিছ ড্ৰেছত আছে।মানে ঘটনাটো নমিতা অফিছৰ পৰা ঘূৰি যোৱাৰ বা অফিছলৈ গৈ থকাৰ সময়ৰ। আচ্ছা নমিতা অফিছলৈ অকলে যায় নে কাৰোবাৰ সৈতে একেলগে যায়।"

"ছাৰ অফিছৰ পৰা কল্যাণী আৰু নমিতাৰ ভাৰাঘৰ দুটা একেটা ৰাস্তাত। গতিকে মোৰ মতে ভিডিঅটো কল্যাণীয়েই শ্বুট কৰিছে।" মৰাণে উত্তৰ দিলে।

"আচ্ছা মৰাণ আপুনি এটা কাম কৰক, এই ভিডিঅটোত ওলোৱা  লৰাজন প্ৰকৃততে কোন সেইয়া খবৰ কৰক।ভিডিঅটো প্ৰায় একবছৰৰ পুৰণি। গতিকে এবছৰৰ আগত এনেকুৱা কিবা কেছ ৰেজিষ্টাৰ হৈছেনেকি খবৰ কৰক। যিমান সোনকালে পাৰে আপুনি মোক তথ্য খিনি যোগান ধৰক। মই নিশ্চিত মৰাণ, এইবাৰ আমি কিবা এটা চিওৰ পাম।" নিয়মমাফিক চেলুট এটা দি ৰুমৰ পৰা ওলাই আহিল প্ৰমোদ মৰাণ। কিবা এটা ভাবি মোবাইলটোত নম্বৰ এটা ডায়েল কৰিলে পল্লৱে।

"হেল্ল। কোনে কৈছে।" আনমূৰৰ পৰা সহাৰি জনালে নাৰীকণ্ঠ ই।

"মিছ কল্যাণী?"

"হয় মই কল্যাণীয়েই কৈছো। আপুনি?"

"মই অ.চি পল্লৱ ফুকন। আপুনি যিমান পাৰে সোনকালে থানালৈ আহক।নমিতাৰ হত্যাকাণ্ড সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ আছে আপোনাৰ লগত।" পল্লৱে যিমান পাৰি খৰকৈ কথা কেইটা ক'লে।

"ঠিক আছে।মই এতিয়াই গৈ আছো।" ফোনটোৰ সংযোগ বিছিন্ন কৰিলে পল্লৱে। আশাৰ কিছু ৰেঙনি ফুটি উঠিল পল্লৱৰ মুখত। নমিতাৰ কেছটোত আগবাঢ়িবলৈ কিবা এটা নতুন তথ্য পাইছে সিহঁতে।চিগাৰেট এটা জলাই মোবাইলটোত প্ৰিয় গানটো লগাই কল্যাণী অহালৈ বাট চালে পল্লৱে। মবাইলটোত অহৰহ বাজি আছিল

 "পৃথিৱী যেতিয়া শুব,
         মৰমে সাৰ পাব।
   আকাশৰে এন্ধাৰে জোনক,
         যেতিয়া সাবটি লব।
  আমাৰ প্ৰেমৰ চাকিও জ্বলিব।
        পাখি মেলি মৰমে নাচিব।
        এহালি হিয়াৰ মৰম বাসনা
   মিলন হব জোনাকৰ আঁৰে আঁৰে।
          মাজনিশা মনে মনে।।"

               (৮)

"ছাৰ সোমাব পাৰোনে?" ভাবত বূৰ গৈ আছিল পল্লৱ। কল্যাণীৰ মাতত বাস্তবলৈ উভতি আহিল সি। যথেষ্ট ভাগৰুৱা অনুভৱ কৰিছিল পল্লৱে। এইকেইদিন কেছটোত লাগি থাকোতে শোৱন খাৱন প্ৰায় নাইকিয়াৰ নিচিনাই হৈছে পল্লৱৰ।

"আহক বহক।" মোবাইলত বাজি থকা গানটো বন্ধ কৰি পল্লৱে  সন্মুখৰ চকীখন দেখুৱাই দি বহিবলৈ দিলে কল্যাণীক।

"ধন্যবাদ।কওকচোন বাৰু কিয় মাতিছিল। প্ৰায় এসপ্তাহেই হলচোন। ইমান দিনে আপোনালোকেচোন হত্যাকাৰীৰ একো শুংসূত্ৰ ই উলিয়াব পৰা নাই।" ক্ষোভত কথাষাৰ কলে কল্যাণীয়ে।

"ধৈৰ্য ধৰক আপোনালোকে। ধৰি ল্ওক  অতি সোনকালেই হত্যাকাৰী আমাৰ হাতত। মাত্ৰ আপোনাৰ পৰা অলপ সহায় পালেই আমি সোনকালে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হম।" স্বভাৱসূলভ হাঁহিটো মাৰিলে পল্লৱ।

"যিমান পাৰো সহায় কৰিবলৈ মই প্ৰস্তুত আছো। মাত্ৰ নমিতাৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওক।"

"আচ্ছা আপুনিটো নমিতাৰ ভাল লগৰ। গতিকে নমিতাৰ কথাবোৰ আপোনাতকৈ ভালকৈ আৰু কোনে জানিব। হয় নে নহয়?" হাঁহি এটা মাৰি আৰম্ভ কৰিলে পল্লৱে।

"কথাবোৰ পাক লগাই কোৱাতকৈ যি সুধিব লগা আছে চিধাচিধি সুধিলেই মই ভাল পাম। নমিতাৰ বিষয়ে যিমানখিনি জানো সিমানখিনি আপোনাক সিদিনা জনালোৱেইচোন।" কল্যাণীৰ খংটো উঠি আহিল।

"আপোনাৰ খঙেই উঠিল চোন। আচ্ছা মোৰ যদি ভুল হোৱা নাই  নমিতা আৰু আপুনি অফিচলৈ একেলগেই অহা যোৱা কৰে?" আকৌ স্বভাৱসূলভ হাঁহিটো মাৰিলে পল্লৱে।

"আপুনি ঠিকেই কৈছে। নমিতা আৰু মই আগৰে পৰাই একেলগে অহা যোৱা কৰো অফিচলৈ। আগতে বাছত অহাযোৱা কৰিছিলো।এতিয়া মই স্কুটীখন কিনাৰ পৰা তাইয়ো মোৰ লগতেই অফিছলৈ গৈছিল।" বিনা দ্বিধাই উত্তৰ দিলে কল্যাণীয়ে।

"তেন্তে বাছত নমিতাৰ লগত হোৱা ঘটনাটো আপুনি স্বচক্ষুৱে দেখিছিল।"

"বাছৰ ঘটনাটো মানে? মই ঠিক বুজা নাই কথাটো।" কল্যাণী যেন আচৰিত হ'ল।

"কিয় এবছৰৰ আগত নমিতাৰ লগত বাছত ঘটা ঘটনাটো। আপুনি পাহৰিছে চাগে। নমিতাৰ সেই ভিডিঅটোৱেচোন ইউটিউবত প্ৰায় ফাইভ কে ভিওজ পাইছিল।এতিয়া মনত পৰিছে নে?" আকৌ সেই স্বভাৱসূলভ হাঁহি পল্লৱৰ। পল্লৱৰ কথাষাৰত চক খাই উঠিল কল্যাণী।

"কিন্তু সেইটো ঘটনা হৈ যোৱা এবছৰেই হৈ গল। তাৰ লগত নমিতাৰ হত্যাৰ কি সম্পৰ্ক।" কোনোমতে মাতষাৰ ওলাল কল্যাণীৰ।

"সম্পৰ্ক আছে নে নাই সেইয়া আমাৰ ওপৰত এৰি দিয়ক। মাত্ৰ এইটো ক্ওক সেইদিনা আপুনি বাছখনত উপস্থিত আছিল নে নাই।" মাতটো গৰম হল পল্লৱৰ।

"আছিলো। নমিতাই কোৱাত মইয়ে ভিডিঅ কৰিছিলো মোবাইলত।" কপা কপা মাতেৰে উত্তৰ দিলে কল্যাণীয়ে।

"আপুনিচোন ভয় খোৱাৰ দৰে লাগিছে। ভয় কিয় কৰিব লাগে। চাওক প্ৰকৃততে সেইদিনা কি হৈছিল সকলো আমাক খুলি ক্ওক। আমাৰ হাতত সময় এনেও কম। গতিকে পলম নকৰি সকলো কৈ দিয়ক।"

"আচলতে ছাৰ ভিডিঅটোত কোৱাৰ দৰে নমিতাৰ লগত লৰাটোৱে তেনেকুৱা একো বেয়া বিহেভ কৰাই নাছিল। আনদিনাৰ দৰে সেইদিনাও আমি অফিচৰ পৰা আহি বাছত উঠিছিলোঁ। দুয়োজনী একেলগে বহিব পৰাকৈ ছিট খালী নাছিল। সেইকাৰণে নমিতা সেই লৰাটোৰ কাষতে খালী হৈ থকা ছিটটোত বহিছিল। অলপ দূৰলৈকে ঠিকেই আছিল।  হয়তো লৰাজনে বাছত টোপনিয়াই গৈছিল সেইদিনা। বাছখন টাৰ্ণ ল্ওতে হঠাৎ লৰাজন নমিতাৰ গাত উবুৰি খাই পৰিছিল। তাৰ পৰাই ঘটনাটোৰ আৰম্ভ। নমিতাই আগ পিছ নুগুনি লৰাজনক বৰ বেয়াকৈ গালি পৰা আৰম্ভ কৰি দিলে।মিছাকৈ প্ৰাইভেট পাৰ্টছত হাত দিছে বুলিও তাৰ ওপৰত বদনাম দিলে। আৰু মোকো মোবাইলত ভিডিঅ কৰিবলৈ দিলে সকলোবোৰ। বাছৰ মানুহবোৰেও নমিতাৰ কথাবোৰ সচা বুলি ভাবি লৰাটোৰ ওপৰত বেয়াকৈ আক্ৰমণ কৰিলে। বৰ বেয়াকৈ অপদস্থ হ'ল লৰাটো সেইদিনা। অৱশ্যে দুজনমান মানুহে লৰাটোক বাছৰ পৰা নমাই দি তাক মাৰ খোৱাৰ পৰা বছালে।" সকলো কৈ গল নমিতাই।

"কিন্তু আপুনি? আপুনিটো সকলো জানিছিল লৰাটোৰ একো দোষ নাছিল বুলি। আপুনিও নমিতাক বাধা নিদিলে? ওলোটাই আপুনিও ভিডিঅ কৰাতহে লাগিল।" উষ্মাৰে কথাষাৰ কলে পল্লৱে।

"হয় মোৰো ভুল আছিল সেইদিনা। কিন্তু কিয় জানো হয়তো নমিতা লগৰ আছিল কাৰণেই সেইদিনা সকলো জানিও মই তাইৰ পক্ষ লবলৈ বাধ্য হ'লো।" সেমেনা সেমেনিকৈ উত্তৰ দিলে কল্যাণীয়ে।

"বাৰু সেইখিনিলৈকে ঠিকেই আছিল। কিন্তু ভিডিঅটো আপোনালোকে ইউটিউবত কিয় আপলোদ কৰিলে। সেই লৰাজনটো নিৰ্দোষী আছিল। তাৰ কথা আপোনালোকে এবাৰো কিয় চিন্তা নকৰিলে?" খং উঠি আহিল পল্লৱৰ।

"মই মানা কৰিছিলো নমিতাক। কিন্তু তাই নুশুনিলে।নমিতাৰ মতে ভিডিঅতো দিলে আমি দুজনী খুব পপুলাৰ হম। কিয় জানো মোৰ মনতোৱেও।সেইদিনা নমিতাৰ কথাতে হয়ভৰ দিলে।" কল্যাণীৰ মাতটো থোকাথোকি হৈ আহিল।

"বাহ মানিছো আপোনালোকক।নিজেই পপুলাৰ হবলৈ যাওতে যে এজন ল'ৰাৰ জীৱনটোৰ প্ৰতিও যে ভাবুকি আহিব পাৰে সেইকথা চিন্তা কৰাৰ শক্তিকণো নাই নে আপোনালোকৰ। ইয়াৰ পাছত চাগে আপোনালোকৰ সাহসিকতাৰ বহুতে শলাগ ল'লে। নিউজ চেনেল বোৰলৈও চাগে আপোনালোকক সসন্মানেৰে মাতি নি দুই তিনিটা টক শ্ব পতা হ'ল।" ঠাট্টাৰ সুৰ ফুটি উঠিল পল্লৱৰ কথাষাৰত।

"আমাৰ সেইদিনা ভুল হৈছিল। মই স্বীকাৰ কৰিছো। ভিডিঅটো আমি ইউটিউবত আপলোদ কৰিব নালাগিছিল। আচলত দোষ মোৰ গাত। মই ভিডিঅটো নকৰা হ'লে ঘটনাটোৱে ইমানখিনি নাপালেগৈহেতেন।" চকুপানী ওলাই আহিল কল্যাণীৰ।

"বাৰু সেই লৰাজনৰ বিষয়ে কিবা জানে নেকি আপুনি?" আগতকৈ মাতটো কোমল হল পল্লৱৰ।

"বিশেষ একো নাজানো।কিন্তু লৰাজনে ইয়াতে এটা কোম্পানীত চাকৰি কৰিছিল বুলি পিছত গম পাইছিলো।আৰু সেই ঘটনাটোৰ পাছত কোম্পানীটোৰ চাকৰিৰ পৰাও লৰাজনক  খেদাই দিয়া হৈছিল।"
"মে আই কাম ইন ছাৰ।" পল্লৱ আৰু কল্যাণীৰ কথোপকথন চলি থকাৰ মাজতে কনিষ্টবল প্ৰমোদ মৰাণ সোমাই আহিল ৰুমলৈ।

"ঠিক আছে আপুনি এতিয়া যাব পাৰে। কিন্তু সাবধান নমিতাক সহায় কৰাৰ বাবে হত্যাকাৰীৰ নেক্সট টাৰ্গেট আপুনিও হ'ব পাৰে। বিশেষ চিন্তা নকৰিব। হত্যাকাৰীক অতি সোনকালেই আমি কৰায়ত্ব কৰিম।কিন্তু তেতিয়ালৈকে অলপ সাবধান হৈ থাকিব।" কল্যাণীক উদ্দেশ্যি কথাকেইষাৰ কলে পল্লৱে। গধুৰ মন এটা লৈ থানাৰ পৰা ওলাই আহিল কল্যাণী।

"ছাৰ লৰাজনৰ ডিটেইলছখিনি ওলিয়ালো। লৰাজনৰ নাম ঋতুপৰ্ণ। ঘৰ মিলনপুৰত। আগতে ইয়াৰে কোম্পানী এটাত চাকৰি কৰিছিল। কিন্তু নমিতাৰ লগত হোৱা ঘটনাটোৰ পাছত তাক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল।ছাৰ ইয়াতে ডিটেইলছখিনি আছে।" পল্লৱলৈ কাগজ এখন আগবঢ়াই দিলে মৰাণে।

"আচ্ছা মিলনপুৰলৈ ইয়াৰ পৰা কিমান দূৰ হব।" কাগজখন চাই থকাৰ পৰাই কলে পল্লৱে।

"ছাৰ ৫০ কি.মি মানেই হব। আৰু ছাৰ নমিতাৰ ফোনলৈ সিদিনা যিটো আনন্উন নাম্বাৰৰ পৰা ফোন আহিছিল তাৰ ডিটেইলছখিনিও পালো। সেইটো নাম্বাৰ সেই বাছখনৰ হেণ্ডিমেনটোৰ যিখনত উঠি বিশাল ঘৰলৈ গৈছিল।" প্ৰমোদ মৰাণে ক'লে।

"সিদিনা হেণ্ডিমেনটোৱে কৈছিল নহয় তাৰ ফোনটোৰ পৰা বিশালে কাৰোবালৈ ফোন কৰিছিল বুলি। বিশালেই কৰিছিল চাগে নমিতালৈ।বাৰু আমি বেছি দেৰি নকৰো, বলক মিলনপুৰৰ পৰা আহো‌।ঋতুপৰ্ণক লগ পালেই সকলো কথা মুকলি হৈ পৰিব।" প্ৰমোদ মৰাণক গাড়ীখন উলিয়াবলৈ কৈ কাৰোবালৈ ফোন লগাবলৈ নাম্বাৰ ডায়েল কৰিলে পল্লৱে।

              ●●●●●●●●●●●●●●

মিলনপুৰত ঋতুপৰ্ণৰ ঘৰতো উলিয়াবলৈ বেছি দেৰি নালাগিল পল্লৱহতৰ। ঋতুপৰ্ণৰ ঘৰৰ সন্মুখত গাড়ীখন ৰাখিলে প্ৰমোদ মৰাণে। ঘৰটোলৈ এবাৰ ভালদৰে চকু ফূ্ৰালে পল্লৱে। অসম আৰ্হিৰ তেনেই সাধাৰণ যেন লগা ঘৰ। মধ্যবিত্ত পৰিয়াল বুলি দেখিলেই অনুমান কৰিব পাৰি। দুবাৰমান কলিংবেল বজোৱাৰ পাছত বয়সীয়াল মানুহ এজনে দুৱাৰখন খুলি দিলে, হয়তো ঋতুপৰ্ণৰ দেউতাক। মানুহজনলৈ লক্ষ্য কৰিলে পল্লৱে। মানুহজন যেন কিছু দুৰ্বল,চকুকেইটা ভিতৰলৈ সোমোৱা।দেখিলেই ধৰিব পাৰি হয়তো মানুহজনক কিব দুখে কোঙা কৰি পেলাইছে।

"এইটো ঋতুপৰ্ণৰ ঘৰ হয়নে?" প্ৰমোদ মৰাণে মাত লগালে।

"হয়। আহক ভিতৰলৈ।" ড্ৰয়িংৰুমটোত দুয়োকে বহিবলৈ দিলে মানুহজনে।

"আপুনি?" মানুহজনক উদ্দেশ্যি সুধিলে পল্লৱে।

"মই ঋতুৰ দেউতাক।কওকচোন কেনেকৈ সহায় কৰিম।"

"আচলতে আমি ঋতুপৰ্ণক লগ কৰিবলৈ আহিছো। মাতি দিয়কচোন।"দেৰি নকৰি পল্লৱে আৰম্ভ কৰিলে।

"ঋতুপৰ্ণ আজিকালি ইয়াত নাথাকে।" দেউতাকে উত্তৰ দিলে।

"ইয়াত নাথাকে মানে, ক'ত থাকে সি?" পল্লৱ যেন আচৰিত হ'ল।

"আজি এবছৰেই হ'ল সি আমাক এৰি যোৱা। এতিয়া সি আমাৰ পৰা বহু আতৰত থাকে।" মানুহজনৰ মাতটো শেষৰ ফালে থোকাথোকি হৈ আহিল।

"আপুনি কি কব বিছাৰিছে আমি ঠিক বুজা নাই।"এইবাৰ মৰাণে মাত লগালে।

"সৌ কোঠাটোতে সি আত্মহত্যা কৰিছিল, আজিৰ পৰা ঠিক এবছৰৰ আগতে। একো দোষ নাছিল তাৰ। মিছা বদনাম কিছুমান জাপি দিয়া হৈছিল তাৰ ওপৰত। কিন্তু মই জানো মোৰ লৰাই তেনে কাম কৰিব নোৱাৰে।এজনী ছোৱালীক এখন বাছৰ ভিতৰত এসোপা মানুহৰ আগত অশালীন ইংগিত দিব পৰা লৰা নহয় সি।কিন্তু কোনে বিশ্বাস কৰিব আমাৰ কথা।হাৰি গৈছিলো মই, হাৰি গৈছিল সিও সকলোৰে আগত এইবোৰ মিছা বুলি যুক্তি দি দি। সকলোৰে পোৱা তিৰষ্কাৰ ককৰ্থনা বোৰ শুনি শুনি এদিন সি চৰম সিদ্ধান্তটো লৈ পেলাইছিল। গুচি গৈছিল আমাৰ বুকুখন শুদা কৰি কাহানিও উভতিব নোৱাৰা দূৰলৈ।" কথাবোৰ কৈ কৈ ভাগি পৰিল ঋতুপৰ্ণৰ দেউতাক। গামোছাখনেৰে চকুহাল মোহাৰি ল'লে তেওঁ। হুমুনিয়াহ এটা ওলাই আহিল পল্লৱৰ মুখেৰে। মানুহজনক সান্তনা দিয়াৰ ভাষাই বিছাৰি নাপালে সি।

"আৰু ঋতুপৰ্ণৰ মাক। তেখেত কত বৰ্তমান?"

"তেওঁ বৰ্তমান শয্যাশায়ী। ভিতৰৰ বিছনাত শুই আছে।আনৰ সহায় নোলোৱাকৈ একো কামেই কৰিব নোৱাৰে তেওঁ।তাৰ মৃত্যুৰ পৰা ঘৰটো মৰিশালি যেন হল। সকলোৰে হাঁহি ফুৰ্তিবোৰ নাইকিয়া হৈ গ'ল।" চকুলো টুকি টুকি কৈ গল ঋতুপৰ্ণৰ দেউতাকে। নিৰাশ হ'ল পল্লৱ। ইমান সময়ে ঋতুপৰ্ণক নমিতাৰ হত্যাকাৰী বুলিয়েই ভাবি আহিছিল পল্লৱে। হঠাৎ বেৰত ওলমি থকা ফটো এখনত চকু পৰি চকুহাল বহল হৈ গল পল্লৱৰ।পল্লৱৰ চকুহাল লক্ষ্য কৰি প্ৰমোদ মৰাণেও ফটোখনলৈ চকু দিলে। অবাক বিষ্ময়ত মুখ খন মেল খাই আহিল মৰাণৰ।

"এও কোন?" ৱালত থকা ফটোখনলৈ আঙুলিয়াই দিলে পল্লৱে।

"মোৰ সৰুতো ল'ৰা। বৰ্তমান চন্দ্ৰপুৰত থাকে। মই বিছৰা নাছিলো সিও ককায়েকৰ দৰে চহৰত থাকি চাকৰি কৰাতো। ককায়েকে এৰি যোৱাৰ পাছত তাৰ মুখখনলৈ চায়েই আমি সান্তনা লভিছিলো।কিন্তু কিবা এটা নকৰিলে ঘৰখন নচলে।সেয়েহে অনিছাসত্বেও তাক পঠাবলৈ বাধ্য হলো। অৱশ্যে মাহেকে পষেকে সি আহি থাকে ঘৰলৈ।" দেউতাকে উত্তৰ দিলে।

"ঠিক আছে আমি এতিয়া উঠো।" পল্লৱৰ মুখেৰে অজানিতে হাঁহি এটা ওলাই আহিল।

"কিন্তু আপোনালোক কিয় আহিলে কাৰণটোৱেই নকলেচোন।" দেউতাকে সুধিলে।

"আচলতে মই ঋতুৰ পুৰণা বন্ধু আছিলো। কিন্তু পুলিচত চাকৰি পোৱাৰ পাছত তাৰ একো খবৰ খাতি নোপোৱা হলো। এইফালে কিবা কাম এটাত গৈছিলো ভাবিলো তাৰ খবৰ এটা লৈ যাও। কিন্তু এইবোৰ কথা মই একোৱেই গম পোৱা নাছিলো। কথাবোৰ শুনি বহুত দুখ পালো। মই তাক ভালদৰে জানো, সি তেনেকুৱা কাম কৰিব নোৱাৰে।আপুনি চিন্তা নকৰিব তাৰ ওপৰত থকা মিছা বদনাম খিনি আতৰাবলৈ মই যিমান পাৰো চেষ্টা কৰিম। বাৰু আজিলৈ আহিছো।" ইচ্ছা কৰিয়েই মিছা মাতিলে পল্লৱে। ঋতুপৰ্ণৰ দেউতাকৰ পৰা বিদায় লৈ ওলাই আহিল দুয়ো।

গাড়ীখনত বহি চিগাৰেট এটা জলাই ললে পল্লৱে। বিজয়ীৰ হাঁহি এটা ফুটি উঠিল পল্লৱৰ। সকলো কথাই মুকলি হৈ গ'ল এতিয়া। মাত্ৰ হত্যাকাৰীক কৰায়ত্ব কৰি হত্যাকাৰীৰ মুখেৰে জানিবলৈ বাকী।

"ছাৰ মোৰ কিন্তু ভাবিয়েই আচৰিত লাগি গল।সিও হত্যাকাৰী হব পাৰেনে!!" গাড়ী চলাই থকাৰ পৰাই মাত লগালে।

"কি নিখুত পৰিকল্পনা লৰাটোৰ। ইচ্ছা কৰা হলে সি নমিতাক কেতিয়াবাই হত্যা কৰিব পাৰিলেহেঁতেন। কিন্তু সিদিনাহে হত্যা কযিলে নমিতাক যিদিনা বিশালৰ লগত তাইৰ কাজিয়া হৈছিল।যাতে পুলিচৰ সন্দেহ বিশালৰ ওপৰত আহি পৰে। ৱাহ, মানিছো কিন্তু।" স্বভাৱসূলভ হাঁহিটো ওলাই আহিল পল্লৱৰ।

"এতিয়া কত যাম ছাৰ।"

"প্ৰথম থানালৈ গৈ লও।তাৰ পাছত হত্যাকাৰীৰ ওচৰলৈ যাম। দেৰি হলে সি পলাবলৈ সুবিধা পাব।কাৰণ ঋতুপৰ্ণৰ লগৰ পুলিচ এজন আহিছিল বুলি নিশ্চয় দেউতাকে তালৈ ফোন কৰিব।গতিকে পলম নকৰাই ভাল।"

"মোৰ কিন্তু হত্যাকাৰীক এতিয়াই লগ পাবলৈ মন গৈছে ছাৰ।" হাঁহি এটা মাৰি কলে প্ৰমোদ মৰাণে।মৰাণৰ কথাষাৰত হো হোৱাই হাঁহি দিলে পল্লৱে। গাড়ী আগবাঢ়িল ধূলি উৰুৱাই নমিতাৰ হত্যাকাৰীৰ ওচৰলৈ।

   
                  (নৱম তথা অন্তিম খণ্ড)

প্ৰমোদ মৰাণ সহিতে পুলিচ বাহিনী এটা লৈ অতি সোনকালেই নমিতাহঁতৰ অফিচত গৈ উপস্থিত হ'ল অ.চি পল্লৱ ফুকন। হঠাৎ অফিচলৈ পুলিচৰ দলটোৰ আগমনত আচৰিত হল অফিচৰ সকলো। গুণগুণনি এটাৰ সৃষ্টি হ'ল অফিচটোত। নিজ নিজ কাম এৰি সকলো উঠি আহিল পুলিচ তেনেদৰে অহাৰ বুজ লবলৈ।

"আপোনালোক এই সময়ত অফিচত।কওকচোন এনি প্ৰব্লেম?" অফিচৰ বছ শংকৰ দত্ত নিজেই আগবাঢ়ি আহিল পল্লৱহঁতৰ ওচৰলৈ।

"আমি নমিতাৰ হত্যাকাণ্ড সন্দৰ্ভত ইয়ালৈ আহিছো।" গহীনাই উত্তৰ দিলে পল্লৱে।

"হয় কওকচোন অফিচাৰ, কেছটো কিমানদূৰ আগবাঢ়িছে।" শংকৰ দত্তই সুধিলে।

"এই ধৰক আৰু পাচ মিনিট।তাৰ পাছতেই হত্যাকাৰী আপোনালোকৰ সন্মুখত।" ৰহস্যময় হাঁহি এটা মাৰিলে পল্লৱে।

"আপুনি কি কব বিছাৰিছে মই  ঠিক ভালদৰে বুজা নাই অফিচাৰ।"পল্লৱৰ কথাবোৰত অলপ আচৰিত হ'ল শংকৰ দত্ত।

"মানে মই কব বিছাৰিছো হত্যাকাৰী আপোনালোকৰ স্টাফৰ মাজৰেই এজন।তেওঁ এতিয়া আমাৰ মাজতেই আছে।" পল্লৱৰ কথাষাৰত সকলোৰে মাজত এটা গুণগুণনিৰ সৃষ্টি হ'ল।নিজৰ মাজতে সকলোৱে গুণাগথা কৰাত লাগিল সকলো।

"এনেকৈ কথাবোৰ পাক লগাই কৈ থকাতকৈ চিধা হত্যাকাৰীক কৰায়ত্ব নকৰে কিয়।" সমৰ অধৈৰ্য হৈ পৰিল।

"আপোনাৰ খঙেই উঠিলচোন। ৰব ইমান সোনকালে ধৈৰ্য হেৰুৱালে কেনেকৈ হব হে।" স্বভাৱসুলভ হাঁহিটো মাৰিলে পল্লৱে।

"কোন হব আৰু চিওৰ বিশাল।" এইবাৰ পবিত্ৰ ই মাত লগালে।

"ওহো আপোনাৰ অনুমান একেবাৰে ভুল। বিশাল হত্যাকাৰী নহয়।মাত্ৰ তেওঁৰ লগত নমিতাৰ সেইদিনা হোৱা ঘটনাটোৰ সুবিধা লৈ আন এজনেহে নমিতাক হত্যা কৰিছিল।" সকলোৰে মুখবোৰলৈ এবাৰ চালে পল্লৱে।

"প্লিজ অফিচাৰ ইমান ছাছপেন্স দি থকাতকৈ সকলো খুলি কওক।কোনে কৰিছিল জঘন্য কামটো।" অধৈৰ্য হৈ পৰিল শংকৰ দত্ত।

"সেইয়া আমি  ৰক্তিমৰ মুখেৰেই জানি লও নে কি কয়।মিঃ ৰক্তিম বৰুৱা, আপোনাৰ মতে কোন হব পাৰে বাৰু হত্যাকাৰী?" ৰহস্যময় হাঁহি এটা মাৰি সুধিলে পল্লৱে।

"ম...মই কেনেকৈ জানিম?"থতমত খাই উঠিল ৰক্তিমে।এনে এটা প্ৰশ্নৰ বাবে অকনো প্ৰস্তুত নাছিল সি।

"হাৰে.....নাজানো বুলিলে কেনেকৈ হব। সিদিনা মাজনিশা মনেমনেতো আপুনিয়েই হত্যা কৰিলে নমিতাক।" পল্লৱৰ কথাষাৰত উচাপখাই উঠিল সকলো। একমুহুৰ্তৰ বাবে কোঠাতো কাঁহ পৰি জিন যোৱাৰ দৰে হৈ পৰিল।সকলোৱে হত্যাকাৰীৰ নাম জানিবলৈ উৎসূক হৈ আছিল, কিন্তু পল্লৱে হত্যাকাৰী বুলি ৰক্তিমৰ নাম উচ্চাৰণ কৰিব বুলি কোনেও সপোনতো ভবা নাছিল।

"কি ফাল্টু কথা কব আহিছে আপুনি। মই নমিতাক কিয় হত্যা কৰিম। আপুনি হয়তো নাজানে নমিতাক মই কিমান......"। মাতটো কপি উঠিল ৰক্তিমৰ।কোনোমতেহে কথাষাৰ মুখেৰে ওলালা তাৰ।

"জানো জানো আপুনি নমিতাক বহুত ভাল পাইছিল। ইমানেই ভালপোৱা আছিল যে নমিতাৰ প্ৰাণবায়ু উৰি গল বুলি জনাৰ পাছতো  আপুনি ক্ষোভত নমিতাৰ মৃত শৰীৰটোৰ ওপৰতো ছুৰীখনেৰে উপৰ্যুপৰি আঘাত কৰিছিল, যাৰ ফলত নমিতাৰ বুকুৰ কিছু অংশ ছিন্ন বিছিন্ন হৈ পৰিছিল।" ৰক্তিমৰ কথাষাৰ শেষ কৰিবলৈ নিদিলেই পল্লৱে।

"অফিছাৰ, আপুনি কিন্তু সীমা চেৰাই গৈছে। আচল অপৰাধীক ধৰিব নোৱাৰি আপুনি এনেকৈ যাকে তাকে হত্যাকাৰী সজাব নোৱাৰে। কি ভিত্তিত আপুনি এনে অভিযোগ আনিব পাৰিলে তাৰ ওপৰত?" ৰক্তিমৰ ওপৰত পল্লৱে অনা অভিযোগত গৰজি উঠিল সমৰ।অফিচৰ প্ৰায়বোৰেই সমৰৰ কথাত হয়ভৰ দিলে। হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হল কোঠাটোত।

"ৰব। আৱেগৰ বশবৰ্তী হৈ যিকোনো কথাই কৈ নেপেলাব আপোনালোকে।উপযুক্ত প্ৰমাণ নোহোৱাকৈ আমি একো কথাই নকও।" সমানে গৰজি উঠিল পল্লৱ।কিছুসময়য় ৰৈ আকৌ আৰম্ভ কৰিলে পল্লৱে।

"আচলতে প্ৰথমে আমাৰো সন্দেহ হৈছিল বিশাল হত্যাকাৰী বুলি। কিন্তু কেতবোৰ কথাই বিশাল যে হত্যাকাৰী নহয় তাক সঠিক প্ৰমাণ কৰে। বিশাল হত্যাকাৰী নহয় বুলি জনাৰ পাছত আমিও নিৰাশ হৈছিলো। কেছটোত কেনেকৈ আগবাঢ়িম ভাবিবই পৰা নাছিলো।কিন্তু নমিতাৰ মোবাইলৰ সেই ভিডিঅটোৱে আমাৰ কেছটোৰ প্ৰতি ধাৰণাই সলনি কৰি পেলালে।সেই ভিডিঅটোৰ পম খেদি আমি সেই লৰাজনৰ ঘৰ ওলাওগৈ। তালৈ যোৱাৰ পাছত ৰক্তিম যে ভিডিঅটোত থকা লৰাজনৰ ভায়েক সেইয়া জানিবলৈ আমাৰ বেছি দেৰি নালাগিল। তাৰ পাছতেই আমি ৰক্তিমৰ ভাৰাঘৰলৈ যাও। তেতিয়া ৰক্তিম অফিচতে ব্যস্ত। ৰক্তিমৰ ৰুমত এই ডায়েৰীখন পোৱাৰ পাছতেই আমি নিশ্চিত হৈ পৰো যে ৰক্তিমেই হত্যাকাৰী। মিঃ ৰক্তিম আপোনাৰ ডায়েৰীখন, নমিতাক হত্যাকৰা ছুৰীখন ইতিমধ্যেই আমি জব্দ কৰিছো। মোৰ বোধেৰে ইয়াতকৈ আৰু বেছি প্ৰমাণৰ দৰকাৰ নহব চাগে।সকলো কথা নিজমুখে স্বীকাৰ কৰাই মংগল আপোনাৰ।" কথাখিনি কৈ ডায়েৰীখনৰ এটা পেজ মেলি দি সমৰৰ ফালে আগবঢ়াই দিলে পল্লৱে। ডায়েৰীখনৰ পৃষ্ঠাটোত চকু দিয়েই চকু কেইটা বহল হৈ গল সমৰৰ।

"দাদা আজি তোক এটা ভাল খবৰ দিম। তই কাষত থকা হ'লে চাগে বেছ ফুৰ্তি কৰিলি হয়।সেই ছোৱালীজনীক মনত আছে নহয়। আৰে তই কিয় পাহৰিবি বাৰু তাইক। তাইক আজি শুৱাই থৈ আহিছো, একেবাৰে। চাকুখন হেপাঁহ পলুৱাই  তাইৰ বুকুত বহুৱাই দিছো মই। কিন্তু মই জানো তাতোতকৈ জঘন্য শাস্তি পাব লাগে তাই। কিন্তু মাফ কৰিবি সিমানখিনি তোৰ ভাইটি হিচাপে মই কৰিব নোৱাৰিলো। কিন্তু তই টেনছন নলবি ইজনীক ইয়াতকৈ ভয়ংকৰ শাস্তি দিম,মাত্ৰ সুযোগৰ অপেক্ষাত আছো।আজিলৈ সামৰো ইতি তোৰ ভাইটি।" ডায়েৰীৰ পেজটো একে উশাহতে পঢ়ি পেলালে সমৰে। অবাক বিষ্ময়ত সকলোৰে মুখবোৰ মেল খাই গৈছিল।

"ৰক্তিম তই?" কোনোমতে মাতষাৰ ওলালে সমৰৰ।

"অ মই। মই হত্যা কৰিছো তাইক। মাজনিশা মনে মনে মইয়ে তাইৰ বুকুত চুৰীখন বহাই দি শুৱাই দিছো তাইক। একো ভুল কৰা নাই মই।তাতকৈ ভয়ানক শাস্তি পাব লাগিছিল তাই।" চিঞৰি উঠিল ৰক্তিমে।

"কিন্তু তাইতো তোক ভাল পাইছিল। আৰু ত্ইয়ো তো তাইক নিজৰ কৰিম বুলি কথা দিছিল। তাৰ পিছতো তাইক...." মাতটো থোকাথোকি হৈ পৰিল পবিত্ৰৰ।

"তাইৰ দৰে চৰিত্ৰহীনা স্বাৰ্থলোভী এজনীক ভাল পাম মই, থুই ছাল্লা। অভিনয় কৰিছিলো মই, যিদৰে সিদিনা বাছখনত মোৰ দাদাৰ ওপৰত মিছা বদনাম আনিবলৈ সকলোৰে আগত অভিনয় কৰিছিল তাই।একো ভুল নাছিল দাদাৰ। কিন্তু দুজনী চৰিত্ৰহীনা ছোৱালীৰ অভিনয়ত ভোল গৈ কিছুমান মৰেল পুলিচৰ হাতত সেইদিনা বেয়াকৈ অপদস্থ হ'ল সি।সি ভাবিছিল হয়তো কিবা দিন বেয়া পৰিছিল সেইদিনা, হৈ গল হঠাতে সেইবোৰ। কিন্তু সিহঁত দুজনী সিমানতো সন্তুষ্ট নহল।পপুলাৰ হবলৈ গৈ সিহঁতে বাছত কৰা ভিডিঅটোৰ কিছু অংশ দি দিলে ইউটিউবত। একে ৰাতিতে সিহঁত হৈ পৰিল হিৰ'ইন আৰু দাদা হৈ পৰিল এটা মলেষ্টাৰ, এটা ডাঙৰ ভিলেইন।" কৈ কৈ ভাগৰি পৰিল ৰক্তিম।চকুৰ পানী বাগৰি আহিল তাৰ দুচকুৰে।

"কিন্তু ইচ্ছা কৰা হলে তুমি দাদাক নিৰপৰাধী প্ৰমাণ কৰিবলৈ  আইনৰ সহায় লব পাৰিলাহেতেন।নিজেই কাৰোবাক শাস্তি দিবলৈ গৈ আইন হাতত তুলি লৈ জঘন্য অপৰাধ কৰিছা তুমি।" কোমল সুৰতেই কলে পল্লৱে।

"একো কৰিব নোৱাৰে আপোনাৰ আইনে। থৈ দিয়ক নিজৰ লগত সেইবোৰ।আৰু কোন দোষী কোন নিৰ্দোষী একো নজনাকৈ নিজাকৈ বিছাৰ পাতি দোষী সজাবলৈ আমাৰ মিডিয়াবোৰতো আছেই। দাদাৰ ক্ষেত্ৰতো একেই হৈছিল। সিহঁত দুজনীৰ নামতো  টক শ্ব পাতি সাহসিকতাৰ লেবেলখন লগাই দি সিহতক হিৰ' সজোৱা হৈছিল। সমাজৰ আগত মুখ উলিয়াব নোৱাৰা হৈছিল সি। সকলোতে  কেৱল তাক মিছা বদনামেৰে হেয় প্ৰতিপন্ন কৰা হৈছিল। আৰু হয়তো এদিন সেইকাৰণেই চৰম সিদ্ধান্ততো লৈ পেলাইছিল সি। সেইদিনাই মনতে ঠিৰাং কৰিছিলো সেই ছোৱালী কেইজনক জঘন্য শাস্তি দিম মই।" সকলো কৈ গল ৰক্তিমে।

"আৰু তাৰ অলপ দিন পাচতেই আপুনি আহি এই অফিচত জইন কৰে নিজৰ পৰিচয় সম্পূৰ্ণ গোপন কৰি। নমিতা আৰু কল্যাণীৰ লগত আপুনি সম্পৰ্কবোৰ ইমানেই গাঢ় কৰি তুলিছিল যাতে হত্যাকৰাৰ পাছতো আপোনাক কোনেও সন্দেহৰে নাচায়।ইচ্ছা কৰা হলে আপুনি নমিতাক কেতিয়াবাই হত্যা কৰিব পাৰিলেহেঁতেন। কিন্তু আপুনি আছিল সুযোগৰ অপেক্ষাত। সিদিনা বিশালৰ লগত হোৱা ঘটনাটোৰ পাছত যেতিয়া নমিতা অকলে ঘৰলৈ উভতিছিল তেতিয়াই আপুনি প্লেনটো বনাই পেলাইছিল যাতে সকলো সন্দেহ বিশাললৈ যায়। কিন্তু কি কৰিব আপোনাৰ দুৰ্ভাগ্য সেইদিনাই দেউতাক ঢুকুৱাত ৰাতিয়েই ঘৰলৈ যাব লগা হয় বিশাল।" ৰক্তিমক উদ্দেশ্যি কলে পল্লৱে।

"মই যি কৰিছো তাক লৈ মোৰ কোনো আক্ষেপ নাই অফিচাৰ। মাত্ৰ এটাই আক্ষেপ থাকি গল মোৰ কামটো আধৰুৱা হৈ ৰল। কল্যাণীকো একেই শাস্তি দি যাব পৰা হ'লে মই শান্তিৰে মৰিব পাৰিলো হেতেন।" ক্ষোভেৰে কথাষাৰ কলে ৰক্তিমে।তাৰ চকুকেইটাৰে যেন জুইহে বৰষিছিল।

"আপোনাৰ দাদাৰ লগত যি হ'ল তাক লৈ মই দুখিত ৰক্তিম। কিন্তু আইন হাতত তুলি লবলৈ গৈ আপুনি এক জঘন্য কাম কৰি পেলালে। অন্ততঃ আপুনি আপোনাৰ ৰুগীয়া মা-দেউতাৰ কথা এবাৰ ভাবি চাব লাগিছিল।মৰাণ এৰেষ্ট হিম।" পল্লৱৰ আদেশত ৰক্তিমৰ হাতত হেণ্ডকাফদাল পিন্ধাই দিলে প্ৰমোদ মৰাণে।ইমান সময়ে যেন সকলোৱে স্থবিৰ হৈ সকলোবোৰ চাই আছিল। মৃদু কোলাহল এটাৰ সৃষ্টি হ'ল সকলোৰে মাজত।

"এক মিনিট।"পল্লৱৰ মাতত সকলো নিশ্চুপ হৈ ৰল। "ৰব এতিয়াও সকলো শেষ হোৱা নাই।মিছ কল্যাণী এজন যুৱকৰ ওপৰত মিছা অভিযোগ আনি মানসিক হাৰশাস্তি কৰাৰ অপৰাধত আপোনাকো গ্ৰেপ্তাৰ কৰা হ'ল। এৰেষ্ট হাৰ।" পল্লৱৰ নিৰ্দেশত লগত অহা লেডি কনিষ্টবল এগৰাকীয়ে হাতত হেণ্ডকাফডাল পিন্ধাই দিলে কল্যাণীক।

"কিন্তু ছাৰ মই...."। কিবা এটা কব খুজিও ৰৈ গল কল্যাণী।

"আপুনি নিজেই জানে আপুনি দোষী নে নিৰ্দোষী। আৰু বাহিৰত আপোনাৰ কাৰণেই মিডিয়া আহি ৰৈ আছে। যাওক সেইদিনাৰ বাছত ঘটা ঘটনাটোৎ সকলোবোৰ সচা কথা মুকলিকৈ কৈ দিয়ক।তাতেই আপোনাৰ মংগল। কাৰণ মই এজন বৃদ্ধ পুত্ৰহাৰা হোৱা অসহায় পিতৃক কথা দি আহিছো তেওঁৰ পুত্ৰক নিৰ্দোষী প্ৰমান কৰিম বুলি।মিছা অভিযোগেৰে লৰাজনৰ জীৱনটোৱেই শেষ কৰি দিলে যেতিয়া এইখিনি কৰিলে অন্ততঃ লৰাটোৰ আত্মাই শান্তি পাব। "

কল্যাণীয়ে আৰু বাধা দিয়াৰ সাহস গোটাব নোৱাৰিলে।দুচকুৰে দোধাৰি লোতক বৈ আহিল কল্যাণীৰ।অফিচৰ সকলোৰে মুখেৰে একো একোটা দীঘল হুমুনিয়াহ ওলাই আহিল। ৰক্তিম আৰু কল্যাণীক লৈ পল্লৱ নেতৃত্বাধীন পুলিচৰ দলতো বাহিৰলৈ ওলাই আহিল। ইতিমধ্যে মিডিয়াই আহি ভিৰ কৰিছিলহি।  যিমান পাৰি থুলমুলকৈ কেছটোৰ ওপৰত বাইট এটা দি গাড়ীলৈ আগবাঢ়িল পল্লৱ।মিডিয়াৰ আগত কল্যাণীয়ে সকলো কথাই কৈ গল কিদৰে ঋতুপৰ্ণৰ ওপৰত সিহঁতে মিছা অভিযোগ আনিছিল,কি দৰে ভিডিঅটো এদিট কৰি কিছু অংশ ইউটিউবত এৰি দিছিল, এই সকলোবোৰ। ৰক্তিম আৰু কল্যাণীক ইতিমধ্যে সাজু কৰি ৰখা গাড়ীত উঠোৱা হৈছিল।মহাক মাহীয়েকক সুখবৰতো জনাই নিজৰ গাড়ীত বহিল পল্লৱ।

"ছাৰ এতিয়া পিছে কি ভাবিছে?"গাড়ী চলাই থকাৰ পৰাই মাত লগালে মৰাণে।

"ভাবিছো মৰাণ। নাৰীৰ নিৰ্যাতনটো এটা বৰ্তমান টাইমত বৰ ছেনছিটিভ ইছ্যু।কিন্তু ইয়াক ঢাল হিচাপে লৈ এছাম মহিলাই অসৎ উপায়েৰে মিছা আভিযোগ আনি পুৰুষৰ ওপৰত ওলোটাইহে নিৰ্যাতন চলোৱা দেখা গৈছে, ঠিক ঋতুপৰ্ণৰ দৰে। আচলতে দোষী নিৰ্দোষী বিচাৰ নকৰাকৈ এচামে যে মৰেল পুলিচগিৰি কৰিবলৈ যাই তাতেইতো দিগদাৰ। এটা কথা মন কৰিব সদায় পুৰুষেই কিন্তু ভুল নকৰে।" পল্লৱৰ কথাষাৰতমাথো মুৰ দুপিয়ালে মৰাণে।

"অহ আপোনাক কবলৈ পাহৰিছোৱেই, আজি মহাহতে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছে। আপুনিও ওলাব, দুয়ো গলে মাহীহতে ভালো পাব। তাতে খাহী মাংস আপুনি এনেও ভাল পায়।"হাঁহি এটা মাৰি কলে পল্লৱে।

"খাহী নেকি?তেতিয়াটো কথাই নাই ছাৰ, চিউৰ যাম।"ঢেক ঢেকাই হাঁহি দিলে মৰাণে।
চিগাৰেট এটা জলাই ললে পল্লৱে।ছিটটোত আউজি চকুহাল মুদিদিলে সি। যথেষ্ট ক্লান্ত অনুভৱ কৰিলে পল্লৱে। বাৰে বাৰে পল্লৱৰ চকুৰ আগলৈ ৰক্তিমৰ দেউতাকৰ মুখখনেই ভাহি থাকিল।এটা প্ৰশ্নই বাৰে বাৰে দোলা দিলে পল্লৱৰ মনত।আচলতে ৰক্তিমৰ দেউতাক আজি বাৰু সুখী নে দুখ?একেটা দিনতেই তেওৰ মৃত  পুত্ৰৰ নামত থকা সেই কলংকিত দাগ যদি আতৰি গৈছে আনজন জীৱিত পুত্ৰ আকৌ হত্যাৰ অভিযোগত অভিযুক্ত হৈছে। ভাবি পাৰ নাপালে অ.চি পল্লৱ ফুকনে। চকুকেইটা জোৰেৰে জপাই দিলে পল্লৱে। গাড়ী গৈ থাকিল পূৰ্ণগতিত। নিৰৱতা ভাঙি গাড়ীৰ মিউজিক প্লেয়াৰটোত বাজি গৈ আছিল পল্লৱৰ প্ৰিয় গানটো----

                "মাজনিশা মনেমনে
                   মাজনিশা মনেমনে"।।

                          (সমাপ্ত)