Wednesday, April 15, 2020

গল্প---নেওতা

 গল্প

নেওতা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট

" ভকত আহক। বৌটি আলহী, ভকত বহক।" নোমলে শিকোৱাৰ দৰেই পোৱালি ভাটৌটোৱে টকটকাই, নোমলে বেচ ফুৰ্তি পাই।

"ভোক লাগিলে কি ক'বি ভকত?" নোমলে লেনিয়াই লেনিয়াই ভাটৌটোক সোধে।

"বৌটি ভোক ভোক।" নোমলে মাকক বৌটি বুলি মাতে, দেখি ভাটৌটোৱেও মাতে।নোমলে উৎসাহ পায়। এইবাৰ সি গাল-দুখন আগবঢ়াই দিয়ে ভকতলৈ। ঠোঁটটোৰে চপককৈ অদ্ভুত শব্দ এটা কৰি ভাটৌটোৱে শূন্যতে চুমা খাই। নোমলে খিলখিলাই হাঁহে।

"অই গোটগৰু, পঢ়া-পাতিৰ ফালে কৰিছ সেইয়া। সন্ধিয়া লাগিলে পঢ়াত বহিবলৈ তোক সদায় মই কব লাগে। বিয়োগ নেওতাখন মাতিবলৈ দিলে মাতিব নোৱাৰ।যেতিয়াই দেখো খালি ভকত আৰু ভকত।"

ডাঙৰটো ককায়েকৰ ধমক এটা বা এচাৰিদালৰ কোব এটা নোখোৱালৈকে নোমলে ভকতৰ লগ এৰি পঢ়াৰ ওচৰলৈ নাযায়। আচলতে তাৰ পঢ়া শুনা এইবোৰ কৰিবলৈ একেবাৰে মন নোযোৱা নহয়, কিন্তু যিমান পঢ়িলেও তাৰ কথাবোৰ মনত নৰয়। স্কুলত গঙাৰাম মাষ্টৰৰ চিটিপনিৰ কোব কেইটা সদায় সিয়েই বেছিকৈ খায়। ককায়েক দুটা পঢ়া-শুনাত গাঁৱখনৰ ভিতৰতে  চোকা, ডাঙৰটো ককায়েকে কষ্ট কৰি মেলি হ'লেও কলেজৰ ডিগ্ৰীটো ল'লে, নোমলৰ সৰুটো ককায়েককো ভাল বিভাগ এটাত পঢ়ুৱালে।গাঁৱৰ দুই একে ককায়েকহঁতৰ কথা কৈ নিজৰ ল'ৰা-ছোৱালীবোৰক উদাহৰণ দিয়ে। সেইহেন দুটা ককায়েকৰ ভায়েক হৈ সি নেওতাখন ভালকৈ গাব নোৱাৰে, স্কুলত তাক হাঁহে সবেই।নোমলৰ লাজ লাগে নিজলৈয়ে, পঢ়িবলৈ মন নোযোৱা হয় তাৰ। ডাঙৰ ককায়েকৰ চিটিপনি দালৰ কোব কেইটা, কাণচেপা কেইটাৰ ভয়তহে সি অনিচ্ছাসত্বেও গৈ কিতাপখন মেলে।ককায়েককে শুনাই দুশাৰীমান চিঞৰি চিঞৰি পঢ়াৰ পাছতেই নোমলৰ  মনটো আকৌ কৰবালৈ উৰা মাৰে।

" মাত,মাত পাঁচৰ ঘৰৰ নেওতাখন আজি মুখস্থ দিম বুলি কৈছিলি।" এচাৰি দাল লিৰিকি বিদাৰি ডাঙৰ ককায়েকে তাক নেওতাখন মাতিবলৈ কয়। নোমলৰ বুকুখন ধাপাংকৈ মাৰে। ভয়ে ভয়ে সি মাতে পাঁচৰ পাঁচ গ'ল থাকিল শূন্য। ছয় পাঁআআআআ.….চ গ'ল থাকিল........এক, সাআআআ...তৰ পাঁআআআআ...চ গ'ল................। বাৰেপতি খোকোজা লাগে নোমলৰ। আচলতে ককায়েকৰ প্ৰতি থকা ভয়টোৱে তাৰ মনত থকা খিনিকো পাহৰাই পেলায়।

নোমলৰ কোমল গালখনত ডাঙৰ  ককায়েকে কেটেপ কেটেপকৈ বঢ়াই দিয়া চৰ কেইটাৰ শব্দ মাকে চৰুলৈকে শুনে। একেজাপেই উঠি আহে মানুহজনী য'ৰে বন ত'তে এৰি। এই কণমানি ল'ৰাটোতে যেন তেওঁৰ জীওটো সোমাই থাকে। ল'ৰাটোৱে কেনেবাকৈ অকণমানো কষ্ট পোৱা তেওঁৰ মনটোৱে সহিব নোৱাৰে। ডাঙৰটো ককায়েকৰ লগত পেটমচা নোমলৰ বয়সৰ পাৰ্থক্য প্ৰায় একুৰিৰ ওচৰা ওচৰি। ককায়েকহাল আৰু নোমলৰ মাজত আৰু তিনিটা লৰা-ছোৱালী জন্মিছিল।তাৰে দুটা জন্মতেই গ'ল, এজনীক হেনো হাইজাই নিলে। নোমল জন্মহোৱাৰ সময়লৈ মাকৰ বয়সে দুকুৰি পাৰ কৰিছিল। ল'ৰাটো জন্মতে তেনেই নিশকতীয়াটো আছিল, জন্ম হোৱাৰ সময়ত মগজতো অলপ দুখ পাইছিল। মাক-বাপেক হালেতো আশা একেবাৰে এৰিয়েই পেলাইছিল। ওচৰৰে মাণিকী বুঢ়ীয়ে পুৱা-গধূলি সেক-পোতক দি দি তাক অকণ তজবজীয়া কৰিলে। নুমলীয়া কাৰণে তাৰ নামটো হেনো দেউতাকেই নোমল ৰাখিছিল। পিছে সি হে বাপেকৰ মৰম ভালকৈ নাপালে।নোমলৰ ছমাহ পুৰ নৌহওতেই অচিন বেমাৰত পৰি বাপেক এদিন গ'লগৈ। সেই তেতিয়াৰ পৰাই ককায়েক দুটাতকৈ তালৈ মাকৰ মৰমতো বাঢ়িল। মাকৰ মনে তাক মূৰত থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব।

"ডাঙৰ মইনা অ', সেই অকণমান কথাটোতে লাগি তাক তেনেকৈনো মাৰিব লাগে নে? সি জানো দুখ নাপায়।" মাকৰ মন, নোৱাৰে সহিব।

"তোৰ এইবোৰ কথাৰ কাৰণেই সি দিনে দিনে লাই পাই গৈছে বৌটি। বয়সৰ জোখাৰে সি এল.পি স্কুলৰ দেওনাখন কেতিয়াবাই পাৰ কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে নেওতা কেইখনকে মনত ৰাখিব নোৱাৰিলে সি।" ডাঙৰ ককায়েকে গৰজি উঠে।

"হব দে চোন, তাৰনো বয়স হৈছে কিমান, তাতে ল'ৰাটো তেনেই নিশকতীয়া। তই তেনেকৈ চৰটো, কিলটো দি থাকিলে সি চোন কিবা শিকক চাৰি তোলৈ ভয়হে কৰিবলৈ ল'ব। তোৰ নিজৰেই ভায়েৰ নহয় জানো সি। তইচোন তাক সতীয়া ভাইটোৰ  দৰেহে চাৱ।" মাকৰ কথাত সাহস পায় নোমলে।

"নিজৰ ভাই বুলি তাৰ ভালটো ভাবিয়েই ইমানখিনি কৰিছিলো। ঘৰতে থকা কামবন নোহোৱা এটা দমৰা বনাব খুজিছ যদি তোৰ তোৱেই হওক। মই আৰু একো নকও। আগলৈ যেতিয়া ডাঙৰ হৈ এদিন কান্দিব তেতিয়া কিন্তু মোক মনত নেপেলাবি আজিৰ তাৰিখত ক'লো তোক।" ককায়েকে ভোৰভোৰাই।

"ডাং কাইদ' তোমালোকে আগলে ডাঙৰ চাকৰি কৰিবা নহয়,  মোক তাৰ পা পঞ্চাশ টকা পঞ্চাশ টকা দুয়োটাই দি দিবা মোৰ তেনেকৈয়ে হৈ যাব।"

নোমলৰ কথাবোৰত মগজটো গৰমহৈ আহে ককায়েকৰ। একো নকৈ সি ওলাই যায় ফো-ফোৱাই। ককায়েকে জানে মাকৰ সন্মুখত নোমলৰ গাত হাত উঠোৱা মানে হিতে বিপৰীত হোৱা। সৰুতো ককায়েকে সেইবোৰৰ ভূ নাৰাখে, অৱশ্যে ৰাখিবলৈ ইচ্ছাও নকৰে।সি নিজৰ পঢ়াশুনাক লৈয়ে ব্যস্ত থাকে।সৰুতো ককায়েকে চহৰৰ ডাঙৰ কলেজত থাকি পঢ়ে, চৰকাৰী ধন পায় পঢ়িবলৈ। কিবা এটা ডাঙৰ  বিভাগত পঢ়ে তাৰ সৰুটো ককায়েকে, পঢ়িলেই ডাঙৰ অফিচাৰ হয়, নোমলে তেনেকৈয়ে জানে। বন্ধত ঘৰলৈ আহিলে তালৈও কিবা কিবি আনে, সি বেচ ফূৰ্তি পায়। সৰুটো ককায়েক ভাল, ডাঙৰটোহে কিবা সেই ভাওনাৰ দৈত্যদালৰ নিচিনা, তাৰ চিৰশত্ৰু। নোমলৰ কুমলীয়া মনটোৱে তেনেকৈ ভাবে।

তাৰ মাজতে দুৰণিৰ চহৰ এখনত ডাঙৰটো ককায়েকৰ অতদিনে লাগি লাগি চাকৰিটো হ'লগৈ। চহৰখনত ঘৰ ভাড়া কৰি থাকিবলৈ ল'লে ককায়েকে। ককায়েক তেনেকৈ ঘৰলৈ আহিব নোৱাৰে।বিহুৱে পূজায়ে বা দীঘলীয়া বন্ধ পালেহে ঘৰলৈ আহে, মাহেকে পষেকে ঘৰলৈ টকা পঠায়।নোমলৰ কাৰণে যেন গাখীৰতে ম'হৰ খুটিহে হ'ল। আগতে ককায়েকৰ চৰটো বা ধমকটো খাইয়েই সি পঢ়াৰ ওচৰত বহিছিল। এতিয়া তাক টানকৈ কথা কোৱা মানুহ এটা নোহোৱা হ'ল ঘৰখনত। নোমলৰ পঢ়া পাতি সেইফালেই ধোৱাচাংত উঠিল। ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো লৈ ওলোৱাৰ পাছতে তাৰ সৰুটো ককায়েকৰো চাকৰিটো হ'ল। নোমলৰহে আৰু পঢ়া শুনা নহ'ল, এল.পি স্কুলৰ দেওনাখন পাৰ নকৰাকৈয়ে সি স্কুল এৰিলে।

বছৰবোৰ বাগৰি যায়, ভাটৌটোও এদিন ঢুকায়, চেঙেলীয়াৰ পৰা ডেকালৈ পৰিবৰ্তন হয় নোমল। পঢ়া-শুনা কৰিব নোৱাৰিলেও ঘৰ-বাৰী পথাৰৰ কামবোৰ কৰিব জনা হ'ল সি। আগতে ককায়েকহঁতে আধিলৈ দিয়া মাতি কেইডৰাত নিজেই খেতি কৰিবলৈ ল'লে সি।দেউতাকৰ বেমাৰৰ সময়ত বন্ধকত থোৱা মাটি দুবিঘাও মোকোলালে এদিন নোমলে।আগৰ স্কুলত নেওতাখন মাতিব নোৱাৰা নোমলে কাষৰে দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া   হাটখনলৈ ইদিন তামোল পোণ, সিদিন পাচলি কেইটা নি আঙুলিতে গণি গণি বেচিব জনা হ'ল। ককায়েকহালৰহে ঘৰলৈ আহ যাহ আগতকৈ কমিল। টাউনতেই মাটি কিনি ঘৰ-বাৰী কৰিলে দুয়োটা ককায়েকে, বিয়া বাৰুও তাতেই কৰালে। নোমল আৰু মাক গৈছিল ককায়েকহঁতৰ বিয়ালৈ। পিছে চহৰীয়া আও ভাও বোৰৰ মাজত নিজকহে কিবা ভুচুং পহু যেন লাগিল তাৰ। বিয়াঘৰৰ আলহীবোৰৰ মাজতো ককায়েকহঁতে যেন তাক নিজৰ ভাই বুলি চিনাকি দিবলৈ লাজহে পালে, হয়তো নিজৰ নামটো লিখিবলৈকে তাৰ এপৰ লাগে, সেইবাবে।

"অ' পোনা নিজৰ হাতেৰে কেচা মিঠৈ কেইটা দলিয়াই বোৱাৰীজনীক পদূলিৰ পৰা আনি ঘৰ সুমুৱাবলৈ মনটো থাকি গ'ল। আৰুনো কেইটাদিন থাকিম চাগে? ককায়েৰহঁতেটো সেইয়াই কৰিলে, তই মোৰ মনটো বুজ দেখিহে ক'লো।"

 মাকে ফোপাই ফোপাই কোৱা কথাবোৰত মনটো সেমেকি যায় নোমলৰ। বিয়াৰ কথা নভবা নহয় সি। সিখন গাঁৱৰ মিনতিৰ মনটো পোৱা তিনি বছৰেই পাৰ হ'ল। কিন্তু বিয়াখন বোলোতে গহনা-গাঠৰি, পাটৰ কাপোৰযোৰকে আদি কৰি বহুতকণ কথা আহি যায়। তাৰ ভাবিবলৈকে চোন ভয় লাগে।শালিখেতিৰ ধানকেইটা, বাৰীৰ পাচলিকেইটাৰে আকালো নাই ভঁৰালো নাইৰ দৰে চলি থকা ল'ৰা সি।ককায়েকহালো আজিকালি নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত হৈ পৰিল।সি কামত ধৰাৰ পৰা ঘৰখনলৈ টকা-সিকাটো বাদেই বিহু বুলি মাকজনীক কাপোৰ এসাজ দিবলৈও এৰিলে ককায়েকে হালে। সিহঁত দুটাই  যে তাক বিয়া বুলি  কিবা এপদ দি সহায় কৰিব সেইয়া নোমলৰ মনে নকয়। মাকৰ অন্তৰখনে দুখ পোৱাতো তাৰ মনটোৱে নসহে।

তথাপি ইচ্ছা থাকিও নোমলে মাকৰ মনৰ আশাটোহে পূৰণ কৰিব নোৱাৰিলে। মিনতিৰ ঘৰত বিয়াৰ কথাবতৰা চলিছিল। নোমলে দেৰি নকৰিলে, কোনোবা এদিন সন্ধিয়া মিনতিক আনি সি ঘৰ সুমুৱালেহি। মাকজনীয়ে সেইদিনা এসোতা ভালকৈয়ে কান্দিলে। সহিব নোৱাৰি নোমলেও কান্দিলে, কাহানিও তাৰ গাত টোপ এটাও পৰিবলৈ নিদিয়া মানুহজনীৰ মনটো ভঙাৰ দুখত। মনটোত দুখ এটা লৈয়ে মানুহজনী গ'লগৈ, নোমলে সেইদিনা হিয়া ঢাকুৰি কান্দিলে। ককায়েকহঁতো আহিল, সকাম ভাগ বৰ ডাঙৰকৈয়ে পাতিলে মাকৰ সিহঁতকেইটাই। নোমলৰ গোবৰ মাটিৰে লিপা ঘৰখনৰ পদূলিলৈ কাজৰ দিনা এসোপামান ডাঙৰ ডাঙৰ গাড়ী আহিল, নোমল আৰু মিনতিয়ে আলহী সেৱা কৰিহে তৎ পালে। ভোজৰ দিনা ৰাইজখনক বিদায় দিয়াৰ সময়তো আকৌ এসোতা কান্দিলে সি আৰু মিনতিয়ে।

দিনবোৰ পাৰ হয়, নোমল আকৌ সহজ হয়। খোকোজা নলগাকৈ চলি থাকে সিহঁতৰ সংসাৰখন। তাৰ মাজতে এদিন পাহি আহিল মিনতিৰ কোলালৈ। মাক নোহোৱা উকা উকা ঘৰখন আকৌ পাহিৰ কলকলনিৰে ভৰি পৰিল। নোমলৰ মতেতো সেইয়া মাকেই ঘূৰি আহিল আকৌ সিহঁতৰ মাজলৈ পাহিৰ ৰূপত। মাক ঢুকুৱাৰ পাছৰে পৰা ককায়েকেহালে একেবাৰেই আহিবলৈ এৰিলে গাঁৱৰ ঘৰখনলৈ। মাকৰ সকাম ভাঙি ৰাইজখনৰ লগতেই ওলাই যোৱা ককায়েকহাল সকামৰ পাছত এবাৰেই আহিছিল ঘৰখনলৈ, পৈত্তিক সম্পত্তিখিনি তিনিভাগ কৰিবলৈ। ককায়েকহঁতৰ সিদ্ধান্তত মাত নামাতিলে নোমলে।হয়তোন!! বাপেকৰ সম্পত্তিখিনিৰ ওপৰত সিহঁতহালৰো সমানে অধিকাৰ আছে। নিজৰ ভাগৰ মাটিখিনি বেছি ককায়েকহাল গ'লগৈ। নোমলে মাথো মূৰ দুপিয়াই গ'ল ককায়েকহঁতৰ সিদ্ধান্তত। সিহঁতনো মানুহ কেইটা?  তিনিটাহে, ভাগত পৰা খিনিৰেই চলি যাব পাৰিব বছৰটো।

"হেৰা কাইলৈ ডাঙৰ কাইদ'ৰ তালৈকে এপাক যাম বুজিছা।ককাইদ'ৱে কিবা এটা দিহা  দিব।" বিচনাত পৰি থকা মিনতিৰ দূৰ্বল শৰীৰটোলৈ চাই হুমুনিয়াহ এটা পেলাই কয় নোমলে। এৰা ঢুকুৱাৰ আগতে তাক মাকেও কৈছিল--"পোনা বিপদে আপদে ককায়েৰহঁতৰ লগ নেৰিবি, চাবি তোক নিৰাশ নকৰে সিহঁতে। সিহঁতহালো মোৰেইহে পেটৰ পোৱালি।"

 মিনতিৰ শেতা পৰা মুখখনলৈ চাবই নোৱাৰে সি, চালেই সৰসৰকৈ চকুলো সৰে তাৰ। আগৰ সেইহেন মানুহজনীৰ এতিয়া জঁকাটোহে আছেগৈ। বেমাৰটোৱে বহু দিন আগৰ পৰাই গজালি পুতিছিল মিনতিৰ শৰীৰত। প্ৰথমতে সিহঁতে সাধাৰণ মূৰঘূৰণি বুলিয়েই ভাবি লৈছিল। চাৰিআলিৰ জগতৰ ফাৰ্মাচীৰ বড়ি দুটামান খালেই আৰাম পাইছিল তাই। পাচলৈ মূৰঘূৰণিটো সঘনাই হবলৈ ল'লে। গাঁৱৰে কোনোবা দুটামানে কৈছিল তাক--"যাচোন ইয়াৰ পিলসোপা খাই থকাতকৈ এবাৰ চহৰতে দেখুৱাই আহ।" মিনতিক লৈ এদিন চহৰৰ ডাক্তৰৰ ওচৰলৈ গ'ল নোমল। ডাক্তৰে এসোপামান পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিলে মিনতিৰ।

"ব্ৰেইন টিউমাৰ, সোনকালে অপাৰেচন নকৰিলে পেচেন্টৰ কনদিচনটো ক্ৰিটিকেললৈ গৈ থাকিব।" ডাক্তৰে সেইদিনা কোৱা কথাবোৰৰ বেছিভাগেই নুবুজিলে নোমলে, মাত্ৰ বুজিলে মিনতিৰ সাংঘাটিক ডাঙৰ বেমাৰ এটা হৈছে, যিটোৰ পৰা বচাবলৈ তাক ভালেমান টকাৰ প্ৰয়োজন। আকাশখন মূৰৰ ওপৰতে খহি পৰাৰ যেন লাগিল তাৰ। সাচতীয়া পইচাখিনি পৰীক্ষা-নিৰীক্ষাৰ নামতেই শেষ হ'ল। মাটিখিনি বন্ধকত দিলে দুটকামান পোৱা যাব কিন্তু সেইখিনিৰে মিনতিৰ অপাৰেচনৰ খৰচটোকে নোলায়। মূৰে কাম নকৰা হয় নোমলৰ।

"মোৰ বৰ ডাঙৰ বেমাৰ এটা হৈছে নে? পইচা বহুত লাগে ভাল কৰিবলৈ হয়নে বাৰু?আমাৰনো ইমানখিনি পইচা ক'ত আছে? আপুনি  মিছাতেই কেলৈ কষ্ট কৰি মৰিব লাগে মোৰ কাৰণে"

 মিনতিৰ কথাষাৰে বুকুখন একেবাৰে চেপি খুন্দি শেষ কৰি পেলোৱা যেন লাগে নোমলৰ। চকুপানী ৰখাব নোৱাৰে সি। বেমাৰটোৱে খুলি খুলি খাইছে মিনতিক। কোনোবাই ধৰি নিদিলে উঠা মেলা কৰিব নোৱাৰে। কেইবাদিনো অকলে উঠিবলৈ লৈ মূৰ ঘুৰাই পৰিছে তাই। দিনটো ইটোৰ পিছত সিটো কৰি ফুৰা মানুহজনীৰ এতিয়া বিচনাখনেই সংগী হ'ল। দেওবৰীয়া বজাৰখনলৈ নগ'লে সপ্তাহটো চলিবলৈ টান হয় সিহঁতৰ। মিনতিক তেনেকৈ এৰি যাবও নোৱাৰে সি ঘৰখনত। সোনকালে টকাৰ যোগাৰ নহ'লে মানুহজনীক বচাবলৈ যে টান হব, সেইকথা বুজে নোমলে। হাজাৰটা চিন্তাত ভাঙি পৰে সি।

"ককাইদ'ৰ তালৈ ইমানদিন পাছত যাব? শুদাহাতে যাবলৈ ভাল হ'ব জানো? নাৰিকল এটা ৰুকি দিয়া হ'লে মই ইয়াতে বহি লস্কৰা দুটামান কৰি দিব পাৰিলোহেতেন ল'ৰা-ছোৱালী হাললৈ।" বিচনাত পৰাৰে পৰাই কোনোমতে মাতটো উলিয়াই কথাষাৰ কয় মিনতিয়ে।

"এইটো দেহাৰে নালাগেচোন তুমি সেইবোৰ কৰিবলৈ। বাৰীত পাচলি দুটামান ওলাব নহয় তাকে লৈ যাম।"

ৰাতিপুৱাই ককায়েকৰ তালৈ ওলাল নোমল। মোনাটোত ঘৰৰে গঁৰালটোৰ ডেকেৰুৱা হাঁহ এজনী ভৰাই ল'লে সি, বাৰীৰে কোমোৰা এটাও ল'লে লগত। ডাঙৰ ককায়েকে আগতে হাঁহ খাই ভাল পাইছিল মনত আছে তাৰ।

"পাহি অ' মাৰক অশান্তি নকৰিবি দেই। মাৰে কিবা এটা খুজিলে বিচাৰি আনি দিবি।মই সোনকালেই পামহি নহয় দৌ।"

পাহিয়ে মূৰ দুপিয়ালে। ছোৱালীজনীৰ মুখখনলৈ চালে শোকটোৱে খুন্দা মাৰি ধৰে তাৰ। কিমাননো বয়স হৈছে তাইৰ, দ্বিতীয় শ্ৰেণী পাইছে গৈ হে। তাইয়ো যেন কথাবোৰ অলপ অলপ কিবা বুজি পাইছে। মাকক তেনেকৈ আমনি নকৰে তাই আজি কালি। ইমান কম বয়সতে যথেষ্ট বুজা হৈছে তাই।

চহৰৰ পৰা উভতি আহি সি ঘৰ পোৱালৈ সন্ধিয়াই হৈছিল।পদূলিৰ মুখৰ পৰাই গাঁৱৰ ৰাইজখনক দেখি বুকুখন চিৰিংকৈ মাৰিলে তাৰ। সন্ধিয়াখন গাঁৱৰ ৰাইজখনে তাৰ ঘৰত আহি আকৌ কি কৰিছে?

"দেৰি কৰিলি অ' নোমল। তই অহালৈ তাই নৰ'লেই।" নঙলামুখতে ৰৈ থকা মাঘি দাইটিৰ কথাষাৰত সেইখিনিতেই ধমহকৈ লুটি খাই পৰিল নোমল। হাতৰ মোনাটোত থকা  ডাঙৰ ককায়েকলৈ বুলি লৈ যোৱা চীনা হাঁহটোৱে থেকেচকৈ মাটিত পৰি জোৰেৰে পেকপেকাই  চিঞৰি দিলে। তুলসীৰ তলত সেইয়া মিনতিক শুৱাই থৈছে ৰাইজখনে।কোনোবা দুটাই ধৰি ধৰি লৈ আনিলে তাক সেইখিনিলৈ। মিনতিৰ নিঠৰ দেহটোলৈ চাই চাই পাহীক বুকুত  সাবটি ধৰি জোৰেৰে চিঞৰি দিলে সি--" হেৰা কি কথাত নো বেয়া পালা মোক? ইমাননো লৰালৰি হ'ল নে তোমাৰ, মই অহালৈকে ৰ'ব নোৱাৰিলা নেকি?" কোনোবা এজনীয়ে তাৰ হাতত সেন্দুৰৰ টেমাটো তুলি দিলে। শেষবাৰৰ কাৰণে মিনতিৰ কপালত বেলিটো আকি দিলে নোমলে।

"সৰুতে যেতিয়া নেওতাখন মুখস্থ মাতিবলৈ দিছিলো তেতিয়া মোলৈ খং উঠিছিল তোৰ। তেতিয়া চাগে মোক তোৰ চিৰশত্ৰু যেন লাগিছিল। তেতিয়াই যদি পঢ়া-শুনা অলপ ভালকৈ কৰিলিহেতেন আজি এনেকৈ ঘৈণীয়েৰৰ জীৱনটো বচাবলৈ লোকৰ পদূলিয়ে পদূলিয়ে ঘূৰিব লগা নহ'লহেতেন।সেইদিনাই তোক কৈছিলো নহয় ডাঙৰ হৈ যেতিয়া এদিন কান্দিবি, তেতিয়া কিন্তু মোক মনত নেপেলাবি।"

ডাঙৰ ককায়েকে দুপৰীয়া কোৱা কথাখিনিলৈ চেৰেং চেৰেংকৈ মনত পৰিল নোমলৰ। ৰাইজখনক তাতে এৰি ল'ৰ মাৰি ভিতৰ সোমাল সি। পাহীক যোৱাবাৰ বজাৰৰ পৰা আনি দিয়া নেওতাৰ কিতাপখন আনি চোতালতে বহি লৈ চিঞৰি চিঞৰি মাতিবলৈ আৰম্ভ কৰি দিলে নোমলে। খৰি দিবলৈ যো জা কৰি থকা ৰাইজখনে সেইফালেই তভক মাৰিলে। নোমলৰ সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। ডাঙৰ ডাঙৰকৈ পঢ়িছে সি নেওতাবোৰ। জীৱনত এদিন  ডাঙৰ ভুল এটা কৰিছিল সি, যাৰ বাবে সি আজি মিনতিক হেৰুৱাইছে, অকালতে। এইমুহুৰ্ততেই যেন সি সকলোবোৰ ভুলৰ শুধৰণি একেলগেই কৰি পেলাব, ঘূৰাই আনিব তাৰ মৰমৰ মিনতিক।চকুৰ আগত হৈ থকা কথাবোৰ একো বুজিব নোৱাৰি এবাৰ চোতালত শুৱাই থোৱা মাকৰ দেহটোলৈ চাই, এবাৰ বাপেকলৈ চাই কান্দোনত গছৰ পাত সৰুৱালে পাহিয়ে। পাহিৰ কান্দোনৰ লগে লগে নোমলেও ডাঙৰ ডাঙৰকৈ গাই গ'ল সেই তাহানিৰ এল.পি স্কুলত গোৱা সুৰটোৰেই----

"একৰ এ গ'ল থাকিল শূন্য
দুইৰ এ গ'ল থাকিল এক
তিনিৰ এ গ'ল থাকিল দুই।।।।।।"

Thursday, April 9, 2020

গল্প--শঙ্খচূড়

গল্প
শঙ্খচূড়

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
৯১০১২৯৩৮৯৭



                 "ঘোৰ অপৰাধ        সহস্ৰেক বাৰ
                         অহৰ্নিশে আছো কৰি।
                     দাস বুলি ধৰি        শ্ৰীমধুসূদন
                           ক্ষমিয়োক দেৱ হৰি।।"

বোৱাৰী পুৱাতে উঠি গাটো তিয়াই লৈ আগফালৰ চোতালত থকা তুলসী পুলিটোৰ ওচৰত চাকিগছ জ্বলাই সদায় অপৰাধ ভঞ্জনৰ ঘোষা এফাঁকি গায় মাকণে। গোসাঁইঘৰ নাই সিহঁতৰ, অৱশ্যে সাজিবলৈ সাহসো কৰা নাই আজিলৈকে।থকা ঘৰখনৰ অৱস্থাই জৰাজীৰ্ণ, তাৰ মাজত আকৌ বেলেগকৈ গোসাঁইঘৰ এখনৰ কথা ভাবিবলৈ সাহস নহয় সিহঁতহালৰ।বেকা হৈ যোৱা বেৰদুখনৰ সৈতে দোকোঠলীয়া ঘৰতোৰ চালখন হয়তো সুনন্দই মাকণক অনাৰ আগতেই শেষবাৰৰ বাবে চোৱাইছিল, বৰ্তমান ৰাতি হ'লে সেইখনৰ মাজেৰে সদায় আকাশৰ  তৰা গণে মাকণে। তাৰ মাজতো মাকণে সময় উলিয়াই  ঘৰৰ বেৰকেইখন মাটিৰে লেপে। ঘোষাফাঁকি গাই থাকোতে শেষৰফালে সদায় মাকণৰ মাততো কঁপি উঠে, চকুৰ পৰা ওলাই অহা গৰম গৰম টোপাল কেইটাই গাল দুখন তিয়াই নিয়ে তাইৰ। সেইবোৰৰ ভূ অৱশ্যে সুনন্দই নাপায়, জানিবলৈ ইচ্ছাও নকৰে অৱশ্যে। সেইসময়কণত সুনন্দই অজগৰ দালৰ গতে ভঙা বিচনাখনত ঢোপাং দি পৰি থাকে, যেন ৰাতিটো মাকণক চেপি খুন্দি উঠি গাত লগা ভাগৰকণ মাৰে সি।

 খাৰে পোত যোৱা কাপোৰ দোখৰ ককালৰ তলত মেৰিয়াই এঙামুৰি এটা দি সুনন্দ উঠি আহে মানে মাকণৰ চৰুত জুই উঠেগৈ। জুহালৰ পৰা এঙাৰ এদোখৰ উলিয়াই পাত চাদা খাই ক'লা পেলোৱা দাঁতকেইটা ঘহি ঘহি সি পুখুৰীৰ পাৰ পায়গৈ। গা-ধুই আহিয়েই গৰম ভাতৰ কাঁহীখন বিচাৰে সুনন্দই, মাকণে বাঢ়ি দিওতে দেৰি নকৰে। কেতিয়াবা শাকে-শোকোতাৰে, কেতিয়াবা নিমখ তেলেৰে ভাতৰ কাঁহী খন উলিয়াই দিয়ে তাই। নাকে কাণে ভাতকেইটা গুজি পুৰণা ধূতি-পাঞ্জাৱীযোৰ পিন্ধি চেলেংখন গাত লৈ সুনন্দ ওলাই যায় দিনটোলৈ, কান্ধত বাকচটো লৈ। সুনন্দ ওলাই যোৱাৰ ফালে চাই আকৌ এবাৰ চকুলো টোকে মাকণে। প্ৰত্যেকটো পুৱাই এনেকৈ তুলসীৰ তলত চাকি গছ জ্বলাই ঘোষা এফাঁকিৰে দিনটোৰ আৰম্ভণি কৰে মাকণে, একমাত্ৰ গিৰিয়েকৰ বাবে। মাকণে যানে পেটৰ তাড়নাত পৰি সুনন্দই নিতৌ অজস্ৰ পাপ আৰ্জিছে যিবোৰ অক্ষমণীয়। তথাপি তাই ভগৱানক খাটে মানুহজনক কুশলে ৰাখিবলৈ।

"ত্ৰিভূৱন বিজয়ী বীৰ মই শঙ্খচূড়। নিজ বাহুৰ বলেৰে আজি মই স্বৰ্গ,মত্য আৰু পাতাল এই ত্ৰিদশৰ একছত্ৰী অধীশ্বৰ। মোৰ ভয়তেই আজি কোনেও কৰা নাই যাগ যজ্ঞ কিম্বা পূজাৰ আয়োজন। যিজনেই কৰিব বিদ্ৰোহ আচৰণ, কেশে ধৰি আনি জাপি দিম তাক মই জলন্ত অগ্নিকুণ্ডত।"

দহবছৰৰ আগৰ কথাবোৰ আকৌ চেৰেং চেৰেংকৈ মনত পৰে মাকণৰ। এসময়ত মৌজাতোৰে লেখত লবলগীয়া ভাৱৰীয়া আছিল সুনন্দ। ওখই পাখই ছফুটৰ বেছি গায়ে গাৰিয়ে নোদোকা সুনন্দই বৰসবাহৰ ভাওনাত মতা বচনত, গোজৰণি, অট্টহাস্যবোৰত পেন্দুকণাকেইটাই ভেঁ কৰি উঠে। দৈত্যৰ ভাও গোৱা তাৰ সমান দ্বিতীয় এটা নাছিল সেইসময়ত তাহাঁতৰ গাঁৱখনত। মাকণৰ বাপেক সেইসময়ত গাঁৱৰ মেইন বায়ন। ঘাট-মাউৰা সুনন্দক প্ৰথম মাকণৰ দেউতাকেই ভাও দিবলৈ শিকাইছিল। আহ যাহ বাঢ়িছিল সুনন্দৰ সিহঁতৰ ঘৰখনলৈ।ঘৰখনৰ ইটো সিটো কামতো লাগি দিছিল সি।অৱশ্যে মাকণৰ লগত সহজ হবলৈহে সময় লাগিছিল তাৰ। তাইক দেখিলে লাজতে লেউ সেউ হৈ পৰা সুনন্দটোলৈ চাই কিবা এটা মৰম জাগে মাকণৰ। মাকণে চাহৰ বাতিটোৰ সৈতে আগবঢ়াই দিয়া নাৰিকলৰ লাড়ুটোত কামোৰ এটা মাৰি লাজ লাজকৈ হাঁহি এটা মাৰে সুনন্দই। লাহে লাহে সহজ হয় ইটো সিটোৰ লগত, ঘৰৰ মানুহৰ অলক্ষিতে নভবাকৈয়ে বহুত দূৰ আগবাঢ়ি যায় সিহঁতহাল।

"সভাত প্ৰৱেশ কৰে দৈত্যৰ ৰাজন
পদভৰে বসুমতী কম্পে ঘনেঘন।"

মাকণৰ বাপেকৰ খোলৰ চাপৰত নামঘৰৰ মাটি কপাই প্ৰৱেশ কৰে সুনন্দই, বচন মাতে, ডাঙৰ ডাঙৰ হাঁহি মাৰে।গাঁৱৰ গাভৰুজাকৰ লগত নামঘৰৰ বেৰত আউজি মাকণে সুনন্দৰ ভাও চায়।

"কালি কেনেকুৱা দেখিলি" ভাওনাৰ পিচদিনা গধূলি সুনন্দ আহি সিহঁতৰ ঘৰ ওলাইহি। মূৰটো খজুৱাই খজুৱাই লাজ লাজকৈ সি মাকণক সোধে।

"তোৰ ভাও আৰু বেয়া লাগিবনে কাৰোবাৰ। পিছে অকল ভাওৱেই দি থাকিবিনে বেলেগ কিবাও ভাবিবি?" মাকণৰ কথাষাৰৰ উত্তৰ দিবলৈ লৈ ৰৈ যায় সি। কেও কিছু নোহোৱা ল'ৰা সি, মাটি বুলিবলৈ কেৱল ঘৰৰ ভেটিটো। খুদৌ বায়েনৰ নিচিনা অৱস্থাপন্ন ঘৰ এখনৰ মানুহ এটাই জীয়েকক তাৰ নিচিনা টোকোনা এটালৈ দিব বুলি তাৰ মনে নকয়। মাকণ কিন্তু নাছোৰবান্দা। তুলসীৰ সতীত্ব হৰণ ভাওনাখনত শঙ্খচূড়ৰ ভাও ভাগ কৰি সৰুসবাহৰ দিনা গধূলি একো প্ৰস্তুতি নোহোৱাকৈয়ে সি মাকণক নি ঘৰ সুমুৱালে।

"হেৰা কেচা পিঠাগুৰি এসোপা খুন্দা ঘৰতে। পৰহিলে তিলনি পাতিম তাইৰ। মোৰ ছোৱালী এজনী আছিল, আজিৰ পা ঢুকাল বুলি ধৰিলো। আৰু খবৰদাৰ এইখন ঘৰৰ কোনোৱে যাতে তালৈ গৈ মিতিৰ তৰিবলৈ নাযায়। কেও কিছু নোহোৱা বুলি শিকাই বুজাই লৈছিলো তাক, চুকত খাই বুকত কামোৰ মাৰি গ'ল সি।চাওচোন কেলেহুৱাটোৰ লগত কিমান দিন সংসাৰ তৰেগৈ তাই।"

মাকণে ঘৰ এৰি গুচি অহাৰ দিনাই বাপেকে ৰাইজখনক শুনাই চিঞৰি চিঞৰি কৈছিল কথাবোৰ। মাকে লুকাই লুকাই চকুলো টুকিছিল। দেউতাকৰ আদেশবোৰ বাধা দিয়াৰ সাহস মাকণহঁতৰ ঘৰখনৰ কাৰোৰে নাছিল। সুনন্দই ভয় কৰা ধৰণেৰেই হ'ল কথাবোৰ, মাকণক অনাৰ পিছতেই শহুৰেকৰ ঘৰলৈ তাৰ আহ যাহ চিৰদিনলৈ বন্ধ হ'ল।

সুনন্দ অকলশৰীয়া মানুহ। দিনটো বাহিৰতে ইটো সিটো কৰি কটাই সন্ধিয়া আহি ঘৰত সোমোৱা মানুহ।সৰু ঘৰখন বেছ অপৰিপাতি। মাকণৰ চিজিল লগাওতেই কেইবাদিনো লাগিল। বেকা হৈ যোৱা বেৰকেইখন তাই নতুনকৈ মাটিৰে লিপিলে, অ'ত ত'ত পৰি থকা বস্তুবোৰো ভালকৈ সামৰিলে। সুনন্দ দিনটোলৈ ওলাই যায় কাম বিচাৰি, মাকণে ইটো সিটো কৰি কটায়। মাকণৰ বাপেক খুদৌ বায়েন গাঁৱৰ বৰমুৰীয়া মানুহ, সকলোৱে সমীহ কৰি চলে। লাগ বুলিলেই কাৰোবাক দুটকা দিবও পাৰে। খুদৌ বায়নৰ লগত সম্পৰ্কত খুত লগাৰ ভয়তে গাঁৱৰ মানুহখিনিয়ে সুনন্দক কামত লগাবলৈ বেয়া পোৱা হ'ল।

"মই হাৰি গৈছো অ' মাকণ। তইনো কষ্ট খাবলৈকে মোলৈ কিয় গুচি আহিব লাগে। দেউতাৰ সমাজত সন্মান থকা মানুহ, তই ইচ্ছা কৰাহ'লে ইমান দিনে কাৰোবাৰ ঘৰত ৰাণীহৈ ভাত খাই থাকিব পাৰিলিহেতেন। যিটো মানুহকে গুৰু বুলি শ্ৰদ্ধা কৰিছিলো তেওঁৰ মনতে ইমান ডাঙৰ দুখ এটা দিলো যেতিয়া ঈশ্বৰেনো আমাক........." সুনন্দৰ মুখখন টেপা মাৰি ধৰে তাই। সংসাৰৰ জ্বালাবোৰ সহিব নোৱাৰি দুখত ভাঙি পৰে সি। মাকণেও চকুলো টোকে, মাকৰ মুখখনলৈ চেৰেং চেৰেংকৈ মনত পৰে তাইৰ।

বছৰবোৰ বাগৰি গৈ থাকে। গাঁৱখন একেই থাকে, সকলোবোৰ একে থাকে, মাত্ৰ সলনি হয় সিহঁতহাল। জীৱন নামৰ যুদ্ধখনত যেন বৰ বেয়াকৈ হাৰি যায় সিহঁতহাল।জোঁৱাইয়েকৰ পদূলিত ভৰি নিদিয়াকৈয়ে মাকণৰ মাক-বাপেকহাল অগাপিছাকৈ গ'লগৈ এদিন।ভাও কৰিবলৈ এৰিলে সুনন্দই। আগৰ দৰে বচনত নামঘৰ কপাব নোৱাৰা হ'ল সি। মাকণৰ মুখৰ আগৰ হাঁহিটো নাইকিয়া হ'ল। এসময়ৰ ৰাংঢালী মাকণজনীৰ সলনি তাই পৰিবৰ্তন হ'ল এজনী ফল নিদিয়া গছলৈ। মূৰে কাম নকৰা হয় সুনন্দৰ। সংসাৰৰ সকলোবোৰ দুখ যেন ঈশ্বৰে সিহঁতহাললৈ বুলিহে লিখি থ'লে। শহুৰেকে যেন মৰাৰ পিছতো সিহঁতদুটাক শাওপাতেই দি থাকিল। স্বভাৱবোৰ সলনি হ'য় সুনন্দৰ। কাহানিও মুখত দি নোপোৱা বেয়া বেয়া বস্তুবোৰ সন্ধিয়াৰ নিয়মীয়া লগৰী হ'য় তাৰ। সন্ধিয়া হ'লেই মাতাল হৈ আহি মাকণৰ ওচৰত পশু হৈ পৰে সুনন্দ।সেইজনী যেন সি এসময়ত নিজতকৈও ভাল পোৱা মানুহজনী নহয়, যেন তাৰ এটা খেলৰ পুতলা মাত্ৰ।

মাকণে নীৰৱে চকুলো টোকে। ৰাধাৰ শাপত ভক্ত সুদাম শঙ্খচূড়লৈ সলনি হোৱাৰ দৰে সুনন্দও যেন  সচাসচিকৈ ভাওনাৰ দৈত্যটোলৈ সলনি হৈ যায়। ঘৰখনৰ ফালে পিঠি দিলে সি, মাকণে বুজাবলৈ এৰিলে। তাঁতখন, হাঁহটো, পাৰহাল কৰি তায়েই কোনোমতে চলাই নিয়ে ঘৰখন।

"ধূতি-পাঞ্জাৱীযোৰ ধুই দিবি ভালকৈ, চেলেংখনো উলিয়াই থবি ক'ত আছে। কাইলৈৰ পৰা নতুন বিজনেছ এটাৰ কথা ভাবিছো।" কৰবাৰ পৰা কাঠৰ বাকচ এটা লৈ আহি এদিন অবেলিতে ঘৰ সোমাইছিলহি সুনন্দ। মাকণে প্ৰথম একো উৱাদিহ পোৱা নাছিল বাকচটো লৈ তাৰ কেনেকুৱা বিজনেছ? চুৰিয়া চোলাযোৰৰেই বা কি সম্পৰ্ক? বাকচটো খুলি চাইয়েই বুকুখন ধমহকৈ মাৰিছিল তাইৰ। ইমান তলৰ চিন্তা কেনেকৈ কৰিব পাৰে মানুহটোৱে? আগতেতো মানুহটো এনেকুৱা নাছিল।

"এইবোৰ কথা মনলৈ অনাটোও পাপ। শ্ৰীবিষ্টু শ্ৰীবিষ্টু ভগৱানৰ বস্তুৰ লগত এইবোৰ কথা কেনেকৈ ভাবিলি তই। ইমান নাস্তিক কেতিয়াৰ পৰা হবলৈ ধৰিলি তই? নাপায় নাপায় ভগৱন্তৰ দোষ লাগি মৰিবি।"

"এসাজ খাই ইসাজৰ কাৰণে প্ৰত্যেকদিনাই যেতিয়া চিন্তা কৰিব লগা হৈছিল তেতিয়াৰ পৰাই ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসবোৰ হেৰাই গৈছিল মোৰ। ঈশ্বৰ থকা হ'লে জীৱনটো এনেকৈ পাৰ কৰিবলগীয়া নহ'লহেতেন। তোৰ মোৰ কথা ভাবিয়েই কিবা এটা কৰিবলৈ লৈছো, এতিয়া মাজত এইসোপা গাই গাই মূৰটো নোচোবাবি।"

উচাট মাৰি গুচি যায় সুনন্দ। মাকণে জানে তাক বুজাই লাভ নাই। জীৱন নামৰ যুজঁখনে বেয়াকৈ পৰিবৰ্তন কৰি পেলাইছে সুনন্দক।সি নামানিলে, ভবাটো কৰিহে এৰিলে।সহজকৈ ধন ঘটাৰ বুদ্ধিবোৰে তাৰ চিন্তা শক্তিবোৰকো যেন খুলি খুলি খালে।দিনবোৰ গৈ থাকিল,সুনন্দৰ পকেটখনো আগতকৈ গৰম হৈ থকা হ'ল। পিছে মাকণৰ শৰীৰটোৰ ওপৰতহে তাৰ উপদ্ৰব বোৰ আগতকৈ বাঢ়ি আহিল।তথাপি প্ৰত্যেকটো পুৱাতে তুলসী জোপাৰ তলত অপৰাধ ভঞ্জনৰ ঘোষা গাই গাই তাই ঈশ্বৰক খাটে, মানুহটোক সুমতি দিবলৈ।

মাকণৰ মনৰ অৱস্থাতো বাৰিষাৰ ক'লা মেঘটোৰ দৰে গোমা হৈ পৰে। সিহঁতৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা ঘৰটোত প্ৰত্যেকটো বৃহস্পতিবাৰতেই  গোট বহে।বকুলী পেহীয়েই দিছিল বুদ্ধিটো।টকাকেইটামান সৰহকৈ পালে ঘৰখনৰ কাম দুটামানকে হব বুলি তাইয়ো কেইহেজাৰমানৰ লোন এটা লৈছিল গোটৰ পৰা। গোটৰ মাষ্টৰটো কোমল বয়সীয়া ডেকা, মাকণহঁততকৈ বয়সে সৰু। কথাবোৰ বেছ বুজাই কব পাৰে ল'ৰাটোৱে, মাকণৰ কিবা এটা ভাল লাগি যায়। আঁৰ চকুৰে সি মাকণলৈ লক্ষ্য কৰি থকা মাকণৰো চকুত পৰে।দুকুৰি গৰকিলেও মতাবোৰক আকৰ্ষণ কৰিব পৰাৰ শক্তি তাইৰ দেহটোৰ আছে। টকা-পইচাৰ লেন-দেনৰ লেচুটো লৈ মাকণৰ ওচৰলৈ আহ-যাহ বাহিল ল'ৰাটোৰ। ল'ৰাটোৰ কথাবতৰা বোৰে মাকণৰ মনটো মুহি পেলাই।নিজকে সপি দিয়ে  মাকণে, সেই সময়কণত যেন সুনন্দই তাইৰ ওপৰত চলোৱা সকলোবোৰ যাতনা পাহৰি পেলাই তাই। দিনটো সুনন্দ ঘৰত নাথাকে, ল'ৰাটো প্ৰায়ে আহে। মাকণহঁতৰ খাটখনত গৰযোৰা সাপৰ দৰে পৰি ৰয় দুয়োটা, কেৰমেৰাই উঠে ভঙা খাটখনে। বাধা দিবলৈ লৈও ৰৈ যায় তাই, হয়তো সুনন্দই তাইৰ ওপৰত চলোৱা অত্যাচাৰ বোৰৰ কথা ভাবি। এইবোৰ কথাৰ তত্-মূৰনাপায় সুনন্দই, মাকণে পাবলৈ নিদিয়ে।

"শুনক নাথ ভালদৰে ৰাখিব মনত, যদি মোৰ সতীত্ব কোনোবাই কৰে হৰণ মৃত্যু হব আপোনাৰ দৈৱৰ লিখন"

তুলসীয়ে শঙ্খচূড়ক কোৱা বচনফাঁকি ঘনাই ঘনাই কানত বাজে তাইৰ। অজান আশংকাত বুকুখন কঁপি উঠে মাকণৰ।পাপবোৰ গিৰিয়েকে যেনেকৈ আৰ্জিছে তেনেকৈ তাইয়ো আৰ্জিছে। গাঁৱৰ ৰাইজখনৰ চকুত এইবোৰ কথা পৰিবলৈ বেছিদিন নালাগে। কেতিয়াবা নিজলৈকো ঘিণ লাগে মাকণৰ, নিজৰ শৰীৰটোকে চুৱা চুৱা লাগে। শিৰৰ সেন্দুৰকনলৈ বাৰে বাৰে হাতখন যায় তাইৰ। সুনন্দৰ লগত তাই বিশ্বাসঘাটকতা কৰা নাইনে? হাজাৰ হ'লেও সেইটো তাইৰ নিজৰ মতা, এসময়ততো তাৰ কাৰণেই মাক-বাপেকহালৰ কথাকো পেলাই তাৰ ওচৰলৈ গুচি আহিছিল তাই।

তুলসী জোপাৰ তলত একান্তমনে শুই আছে সুনন্দ। ৰাইজখনে দিহা দিহি কামত লাগিছে। বাঁহ কটা কেইটাই বাঁহ কাটিছে, চাঙি বনোৱা কেইটাই চাঙি বনাইছে। ৰাইজখনে খৰখেদা কৰিছে কামবোৰ, ৰাতি বিয়লিৰ কথা সোনকালে সামৰিব লাগে কামখিনি। আনদিনাৰ দৰে সুনন্দ ওলাই গৈছিল। ওভতি আহোতে ঘাটিত সোমাই অকণমান ধৰিছিলেও বোলে, ঢলং পলংকৈ আহি থাকোতে ৰাস্তাত কিহবাই খুন্দিয়াই থৈ গ'ল। ৰাইজখনে ডাঙকোলা কৰি ঘৰলৈ আনে মানে সি গ'লগৈ, একেবাৰে।

"হ'ৰা বুবা কাই তেৰাই তাক তেনেকৈ নিনি আৰু কেনেকৈ নিব হে। দেখিছানে বাৰু ৰাইজখনৰ চকুৰ আগতে সি সেইফেৰা কাম কৰি থাকিল অথচ আমি গম নাপালো।" বয়সীয়াল এজনে মাত লগালে।

"হয় হে কমটি পাপ আৰ্জিলে সি অতবছৰে। সেইভাগ পুথিৰ মহত্ত্বভাগ বুজি নাপালেনে সি। হেৰৌ ৰাইজে খনিকৰ পুথিভাগ উদ্দেশ্য সিদ্ধিৰ কাৰণে ঘৰলৈ ভক্তি ভাবে আনি ৰাতিটো পাঠ কৰায়।" আন এজনে যোগ দিলে।

"ঘোৰ কলি কাল বুজিছা ঘোৰ কলি কাল। সেইভাগ সপোনত পোৱা পুথি।পুথিভাগ বাটেৰে নি থাকোতে মানুহে ভক্তিভাৱে দুই এটকা দান দক্ষিণা কৰে। তাকেনো বাৰু সেইহেন ভগৱন্তৰ বস্তুভাগৰ নকল কৰি সি সংসাৰৰ  মানুহখনৰ চকুত বালি মাৰি বণিজৰ কামত ব্যৱহাৰ কৰিব লাগে নে? দেখিলা নহয় তাৰ ফল নেদেখাজনে কেনেকৈ দিলে।"

পিৰালিটোতে নিৰ্বিকাৰ হৈ বহি আছে মাকণ।বকুলী পেহীৰ ঘৰৰ গোপিনীৰ নামভাগলৈ যাবলৈ খৰখেদা লগাওতে তাই আজি তুলসী জোপাৰ তলত চাকিগছ লগাবলৈ পাহৰিছিল।কোনোবা এজনীয়ে শিৰৰ সেন্দুৰখিনি মোহাৰি দিলে তাইৰ।সেইবোৰলৈ যেন তাইৰ অকণো ভ্ৰুক্ষেপেই নাই।কান্দিবলৈ পাহৰি পেলাইছে তাই,চকুপানীবোৰ যেন কৰবাত গোট মাৰি গৈছে। ৰাইজখনৰ গুণগুণনি বোৰ কানত পৰিল মাকণৰ।কথাবোৰে যেন শালেগ্ৰাম শিলটো হৈ আহি তাইৰ বুকুত খুন্দিয়াইছেহি। চিঞৰি চিঞৰি কবলৈ মন গ'ল তাইৰ সুনন্দক ঈশ্বৰে নিয়া নাই, তাইৰ দোষত মৰিছে সি। যিদৰে বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰাৰ কাৰণে শঙ্খচূড়ৰ মৃত্যু হৈছিল।

উত্তৰফালে আকাশখনত মেঘটোৱে গৰজি উঠিল। মেঘটোৰ মাতটো বছৰেকীয়া সবাহত বাপেকে বজোৱা খোলটোৰ মাততোৰ দৰে লাগিল তাইৰ। চকুৰ আগত দেখি থকা কথাবোৰ লাহে লাহে অস্পষ্ট হৈ আহিল মাকণৰ। দহবছৰৰ আগৰ বৰসবাহৰ ভাওনাখনৰ ছবিখন চকুৰ আগত ভাঁহি আহিল তাইৰ। সেইয়া শঙ্খচূড় ৰূপী সুনন্দই যুদ্ধ কৰি কৰি ভাগৰি পৰিছে, মাকণৰ বাপেকে সেইয়া  খোলত ঘাটিছে--

"এহিমতে দৈত্যেশ্বৰ ভূমিত পৰিলা।
পাতক ছাড়োক ডাকি হৰি হৰি বোলা।।"

Thursday, April 2, 2020

গল্প--"গামোছা"

  গামোছা

তুষাৰ ৰঞ্জন কাশ্যপ
কাকডোঙা, গোলাঘাট
9101293897




"এইখন চাচোন, ফুলটো কেনেকুৱা লাগিছে?তই দৰা হৈ আহোতে ডিঙিত লৈ আহিবিলৈ বৈছো, দৰাবৰণৰ।"

নতুনকৈ বৈ হোৱা  তেজৰঙা ফুলৰ সৈতে শালতে থকা গামোছাখনৰ ফটোৰে হোৱাটছ এপপৰ ইনবক্স ভৰি যায় বুবুলৰ, লগে লগে ভৰি উঠে তাৰ মনটো।

"এইটো ফুল বাছিবলৈ নতুনকৈ শিকিছো জান? দৰা সাজত এইখন গামোছাৰে তোক বৰ শুৱনি লাগিব, একেবাৰে আঠুলৈকে পৰি থাকিব। এশ চাৰিটা কাঠিৰ ফুল,পানকটাৰ চৌবিশটা কাঠি।"

শেৱালিয়ে খিলখিলাই কোৱা কথাখিনিৰ পিছৰ খিনি অৱশ্যে নুবুজে বুবুলে, মাত্ৰ বুজে এই হেপাঁহেৰে কোৱা বিশেষ কথাকেইটাতে সোমাই থাকে শেৱালিৰ তাৰ প্ৰতি অকৃত্ৰিম ভালপোৱা।ডিউটিৰ মাজতে সময় উলিয়াই মোবাইলৰ দাটা অন কৰে বুবুলে, মনখুলি কথা পাতে তাইৰ লগত। যোৱাবাৰ ঘৰলৈ যাওতেই মোবাইলটো লৈ গৈছিল সি শেৱালিলৈ। পঢ়া-শুনা বেছি নহ'লেও ছোৱালীজনী আফৰী। খুব সোনকালেই আদব কায়দা বোৰ শিকি ল'লে তাই। বুবুলে দেৰি কৰিলেও নিজেই তালৈ ভিডিঅ কল লগাব জনা হ'ল তাই। দিনটোত শেৱালিৰ মুখখন এবাৰ নেদেখিলে মনটো ভাল নালাগে বুবুলৰ, ক'তোৱেই মন বহুৱাব নোৱাৰে সি। মনটোৱে বুজা হোৱাৰে পৰা চোন তাৰ হৃদয়খনে কেৱল শেৱালিকেই বিচাৰি আহিছে। নহবয়ে বা কিয় তাহানিৰ কোৰোকাত ধূলি ভৰাই ওমলা দিনৰ পৰাই লগৰীয়া সিহঁত।

"বুজিছা প্ৰমিলা ডাঙৰ হ'লে ইহঁতহালৰ বিয়াখন পাতিয়েই পেলাব লাগিব। দেখিছানে এতিয়াৰ পৰাই সিহঁতহালে কেনেকৈ ইটোৱে সিটোক এৰি থাকিব নোৱাৰে।"

বুবুলৰ বাঁৰী মাকজনীৰ আগত শেৱালিৰ দেউতাকে ৰসিকতা কৰি কথাষাৰ কৈছিল। দেউতাক নোহোৱা ঘৰখনৰ আপদে বিপদে শেৱালিৰ দেউতাকেই আছিল সহায়। শেৱালিৰ বাপেকৰ যহতেই বুবুলে আনতকৈ দুশ্ৰেণী বেছিকৈয়ো পঢ়িলে।তেতিয়া অৱশ্যে সিহঁতহালে মাকহঁতে ধেমালিতে পতা কথাবোৰ বুজি পোৱা নাছিল। ডাঙৰহৈ কিন্তু দুয়োটাই বুজিছিল কথাবোৰ, ভালকৈয়ে।নিৰাময়েও যেন এটাক আনটোৰ বাবেই স্ৰজন কৰি পঠাইছিল।ইটো নহলে যেন আনটো থাকিব নোৱাৰে এখন্তেক। বুবুলে কান্ধত ঢোলটো নল'লে যেনেকৈ শেৱালিৰ নাচোতে গা উঠা নাছিল, ঠিক তেনকৈ শেৱালিৰ পৰা আঠুলৈকে পৰা দীঘল বিহুৱানখন নোপোৱালৈকে তাৰ বিহুটোও যেন আধৰুৱা হৈ ৰৈছিল। কথাবোৰ কওতে দেৰি নকৰিলে দুয়োটাই, মনটোৱে বুজা হওতেই হৃদয়ৰ নিভৃত কোণত জমা হৈ থকা কথাবোৰ কৈ পেলালে ইটোৱে আনটোক। সম্পৰ্কটো গাঢ় হ'ল দুয়োটাৰে। লুকাই চুৰকৈ নহয়, দহে দেখাকৈ প্ৰেম কৰিলে সিহঁতে।

"হেৰ' বুবুল, তহঁত দুটাৰ সম্পৰ্কটোক লৈ মাৰৰ আৰু মোৰ একো আপত্তি নাই। পিছে আমাৰ গাঁৱখনৰ কথা জানইছোন। তহঁত দুটাৰ কথাবোৰ লৈ বু বু বা বা চলিছে গাঁৱত। কথাবোৰ বেয়া দেখি নহয়। আৰু তইয়োনো কিমান লোকৰ মাটিতে আধি খেতি কৰি থাকিবি, পঢ়া শুনা অকণ কৰি থৈছ যেতিয়া কিবা এটা বেলেগো ভাব।ইবোৰ কথাও চিঙা কটা কৰি পেলাম তেতিয়াই।" শেৱালিৰ বাপেকৰ কথাষাৰত নিমাত হৈ ৰৈ যায় বুবুল। হওতে কিবা এটা কৰাৰ কথা সিও নভবা নহয়, কিন্তু মাকজনীক ঘৰত অকলে এৰি কৰবালৈ ওলাই গৈ চাকৰি কৰাৰ কথা ভাবিলে বুকুখন দমক মাৰি যায় তাৰ।

"চা বুবুল, তোক সেই পেন্দুকণাৰে পৰা জানো মই। তোৰ বেয়া চিন্তাটো কৰি ক'ম জানো মই কথাবোৰ। আৰু মাৰক এৰি যোৱাৰ কথা ভাবি চিন্তা কৰিছ যদি সেইবোৰ ভাব এৰ। আমিবোৰ এনেই আছো নে, আৰু মাৰক সহায় সাৰথি  কৰিবলৈ আমাৰ এইচোন আছেই।"

তাক নিমাত হৈ থকা দেখি শেৱালিৰ বাপেকে আকৌ বুজনিৰ সুৰত কয় কথাবোৰ।মানুহটোৰ  সাহসতে ইন্টাৰভিওটো মাৰি চাকৰিটো পাইছিল সি। আৰ্মড পুলিচ ফ'ৰ্চৰ কনিষ্টবলৰ চাকৰি, দৰমহাও বেয়া নহয়। সদায় সেমেকি থকা মাকজনীৰ মনটো উজ্জ্বল হৈ উঠিছিল সেইদিনা, বুবুলৰো বুকুখন পাতল পাতল লাগিছিল। অৱশ্যে সি আশাকৰা মতে চাকৰিতো ওচৰতে নাপালে, পালেগৈ দুৰণিবটীয়া জিলা এখনত। ঘৰৰ পৰা এটা ৰাতিৰো বেছি দূৰ। মনটো আকৌ মৰি গৈছিল তাৰ।

"মোৰ কাৰণে ইমান নাভাবিচোন তই। ভগৱন্তই কিবা এটা গতি লগাইছে যেতিয়া যাচোন ওলাই। পাছত কি হয় হব আৰু।" মাকৰ দায়িত্ব শেৱালি আৰু দেউতাকক চমজাই ওলাই আহিছিল বুবুল।

"তই চিন্তা কৰি নাথাকিবি ইমান। মই সময় পালেই আহি থাকিম নহয়। আৰু এতিয়া চাকৰিটো হ'ল যেতিয়া তোক অহা বহাগলৈ একেবাৰে নিজৰ কৰি আনিম।"

আহিবৰ দিনা শেৱালিৰ ওখহি থকা চকু কেইটালৈ চাই কৈছিল বুবুলে,  শেৱালিয়ে মূৰ দুপিয়াইছিল।নীৰৱে উচুপিছিল শেৱালিয়ে তাক কাষত নোপোৱাৰ দুখত।

চাকৰিটোত মন বহা নাছিল তাৰ। জৰুৰীকালীন সময়তে ডিউটি পৰে সিহঁতৰ। বিহুৱে পূজায়ে মন গ'লেই আহিব নোৱাৰে সি ঘৰলৈ। আগৰ দৰে ঢোলটো কান্ধত লৈ ৰগৰ দিবলৈ সময় নাপায় সি।বৰসবাহৰ ভাওনাত আগৰ দৰে পচন্দৰ বচন কুট কবলৈ সুবিধা নিমিলে তাৰ। চেৰেং চেৰেংকৈ মনত পৰে তাৰ গাঁৱখনলৈ, ঘৰখনলৈ, শেৱালিজনীলৈ।আন্দোলন ধৰ্ণা হলেই ডিউটি মাৰিব লাগে সিহঁতে। হায়াৰ অথ'ৰিটিৰ অৰ্ডাৰ মানি প্ৰয়োজনত লাঠীৰে কোবাব লাগে মানুহক। মোচৰ খাই উঠে বুবুলৰ বুকুখন। তাৰ সমনীয়া ভাই কেইটাক, বাপেকৰ বয়সীয়া মানুহকেইটাৰ ওপৰত হকে বিহকে লাঠী দাল চলাবলৈ তাৰ মানসিকতাই নকয়। হলেও উপায়বিহীন সি, অত বছৰে একেবোৰ কামেই কৰি বুকুখন যেন শিলৰ নিচিনা হৈ পৰিছে তাৰ লাহে ধীৰে।

প্ৰতিবাৰেই ঘৰলৈ গ'লে কথা দিয়ে সি শেৱালিক, সোনকালে নিজৰ কৰাৰ।শেৱালিয়ে মূৰ দুপিয়াই শলাগে, আপত্তি নকৰে।তাৰ সুবিধা-অসুবিধাবোৰ বুজে।দুবাৰকৈ সৰু সুৰা আয়োজন চলিও বিয়াখন পিছুৱালে সিহঁতৰ। এবাৰ আন্দোলনৰ কাৰণে, আন এবাৰ অন্য কিবা কাৰণত। শেৱালিহঁতৰ ঘৰখনে আজি কালি তাক জোৰ কৰিবলৈ এৰিলে।নিজকে দোষী দোষী যেন লাগে তাৰ সিহঁতৰ ঘৰখনৰ আগত। হ'ল বুলিয়েই আৰু সিহঁতৰ ঘৰখনক আৰু কিমান ৰখাই থব সি। গাভৰু ছোৱালী এজনী থকা ঘৰখনৰ মানুহবোৰৰ মনৰ ভাৱবোৰ নকলেও বুজে বুবুলে। সেইকাৰণে এইবাৰ বহাগত  সি বিয়াখন খাটাং পাতিম বুলিয়েই কথা দিলে সি। বিয়া বুলি ঠিক ডাঙৰ আয়োজনো নহয়, গাঁৱৰ ৰাইজখনক গোটাই সৰুকৈ নিয়ম এটা।গণকৰ ওচৰত চোৱাই শেৱালিৰ বাপেকে বহাগতে দিন এটা ঠিক কৰি পেলালে সোনকালেই। যোৱাবাৰ বিয়াৰ দিন ঠিক হওতে গহণা খিনি গঢ়াবলৈ দিছিলেই সি, কাপোৰ দুযোৰো মোমায়েক দুটাই দিয়াৰ কথা কৈয়েই থৈছিল। বিশেষ চিন্তা নকৰিলে সি, বাকী কামখিনি বিহুৰ আগতেই দুদিনমান সৰহকৈ ছুটী লৈ আহি কৰি পেলাব পাৰিব সি।

 দুয়োখন ঘৰতে লাহে লাহে বিয়াৰ আয়োজন চলে। শেৱালিৰ মনটোও হেপাঁহেৰে ভৰি উঠে। কিবা এফাকি গুণগুণাই তাঁতশালত বহে তাই। বিয়ালৈনো আৰু কিমান দিন সোনকালে গামোচাখিনি বৈ আকৌ চেলেং এজুতিও লগাব লাগিব। বোৱা-কটাত তাইৰ হাতখন আগৰ পৰাই ভাল। দীঘলীয়া দীঘলীয়া ফুল বাচে শেৱালিয়ে,ফটো মাৰি বুবুলক দেখুৱাই, বুবুলৰ মনটো ভৰি উঠে।

"বৰপিতাইক কবিচোন, বিয়াখন চাগে আহাৰলৈ নিবগৈ লাগিব। পৰিস্থিতি যিটো হৈছে বহাগত বিয়াখন পতাটো হৈ নুঠিবগৈ চাগে। ডিউটি এৰি যাবলৈও পাৰমিছন নাই।" বুবুলে কও নকওকৈ কোৱা কথাষাৰে বুকুখনত যেন হাতুৰীৰ কোব এটা হে পেলাই যায়।

"দেউতাক মই বুজাম দে, তই ভালদৰে থাকিবি খালি। দিন কাল বৰ বেয়া চলিছে অ। মানুহক ওলাবলৈয়ে মানা কৰিছে। তহঁতে তাৰ মাজতে ডিউটি কৰিছ। সাৱধানে থাকিবি, তোৰ কিবা এটা হৈ গ'লে মই......" শেষৰ ফালে শেৱালিৰ মাতটো থোকাথোকি হৈ যায়। কিবা এটা কব খুজিও ৰৈ যায় বুবুল, কিমাননো দুখ সহিব তাৰ কাৰণে ছোৱালীজনীয়ে।

খকমকাই সাৰ পাই উঠিল সি। হোৱাটছ এপপত শেৱালিৰ পুৰণা মেচেজবোৰ চাই চাই কেতিয়ানো টোপনি আহিছিল কবই পৰা নাছিল। কিমান দেৰি যে চকীখনতে টোপনি মাৰিলে সি।মোবাইলটোত কেইবাটাও মিছড কল, টোপনিৰ ভমকত গমেই নাপালে বুবুলে।ভীষণ ভাগৰুৱা অনুভৱ কৰিলে সি।যোৱা তিনি-চাৰিটা দিনে মানুহক কুকুৰ-মেকুৰী ৰখা দি ৰখিব লগা হৈছে সিহঁতে। মানুহবোৰৰ মন মগজুত কি আছে ভাবি নাপায় সি। সুলভ হৈ পৰিছে যেন মৃত্যু, তথাপি এচামৰ মনত ভয় শংকা নাই!! আচৰিত হয় বুবুল। হায়াৰ অথ'ৰিটিয়ে অদৰকাৰত ওলাই অহা মানুহ দেখিলেই লাঠী চাৰ্জৰ অৰ্ডাৰ দিছে। মানুহক জন্তুৰ দৰে পিতিবলৈ লৈ হাত কপে তাৰ, তথাপি কেতিয়াবা অসহ্য হৈ পৰে সি।সেইসকলৰ বাবেই সিহঁতবোৰে নিজৰ জীৱনটোকো যেন  মৃত্যুৰ আগলৈ এৰি দিছে তথাপি যেন কিছুমান অবুজন।দিনত ঘটা ঘটনাটোৱে বাৰে বাৰে অশান্তি দিলে তাক। সি বাৰু ভুল কৰিলে নেকি? সিটো প্ৰথম ভালকৈ বুজাইছিল ছোৱালীজনীক, তাই ওভোটাই কিবা কিবি কোৱাত খং উঠিহে সি। ছেহ কথাটো বেয়াৰ ফালে গুচি নাযায়টো। কথাবোৰ বাৰু শেৱালিক কোৱাই ভাল হব নেকি? তেতিয়া অন্ততঃ তাৰ মনটো অলপ পাতল পাতল হব। কথাবোৰ ভাবি থাকোতেই চিন্তাবোৰত জটি পেলাই ফোনটো উচ্চস্বৰে গৰজি উঠিল বুবুলৰ।

"এইবোৰ তই কি কৰি পেলালি মইনা কাই। ছিঃ ছিঃ তই এনেকুৱা কৰিবি বুলি মই সপোনতো ভবা নাছিলো। গোটেই চেনেল কেইটাতে কেৱল তোক দেখুৱাই আছে, তোক। গাঁৱখনৰ ডেকাৰ পৰা বুঢ়ালৈ সবেই তোক গৰিহণা দিছে মইনা কাই। ইমান তললৈ কেনেকৈ নামিব পাৰিলি তই। তই আৰু মোক কেতিয়াও মুখ নেদেখুৱাবি, কেতিয়াও নাহিবি মোৰ কাষলৈ।মই তোক ঘিণ কৰো মইনা কাই, ঘিণ কৰো তোক মই।" ফোনটো কাটি দিলে শেৱালিয়ে। বুকুখন চিৰিংকৈ মাৰিলে বুবুলৰ, পোনচাটেই মোবাইলটোতে অসমীয়া নিউজ চেনেল এটি খুলি ল'লে সি।

"কৰ্তব্যৰত আৰক্ষী জোৱানৰ অশালীন আচৰণ যুৱতীক। লক-দাউন উলংঘা কৰা এগৰাকী যুৱতীৰ ওপৰত দিন দুপৰতেই শ্লীলতা হানিৰ অভিযোগ ওঠিছে অসম আৰক্ষীৰ জোৱান বুবুল চাৰিঙ্গীয়াৰ ওপৰত। ইতিমধ্যেই সাময়িক ভাবে বৰ্খাস্ত কৰা হৈছে জোৱানজনক।যি সময়ত এচাম আৰক্ষীয়ে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত নিৰন্তৰ কাম কৰি আহিছে তাৰ মাজতে এনেসকল জোৱানৰ ধৰ্ষণকাৰীৰ দৰে মানসিকতাই  চকু কপালত তুলিছে জনসাধাৰণৰ।"

মূৰটো আচন্দ্ৰাই কৰি উঠিল বুবুলৰ। নভৱাকৈয়ে ঘটি গৈছিল ঘটনাটো। দিনটো মানুহক একেসোপা কথাকেই বুজাই বুজাই মূৰটো গৰম হৈ আছিল তাৰ। ছোৱালীজনীৰ অপহুতা তৰ্কবোৰে তাৰ মূৰটো আৰু অলপ গৰম কৰি তুলিছিল। আগ-পিছ নাভাবি সিয়েই বুকুত ধৰি গতিয়াই দিছিল ছোৱালীজনীক। সেই ঘটনাটোৰে কিয়দাংশ ভিডিঅ ডাঙৰ ডাঙৰকৈ নিউজ হৈ বাজি আছে সকলো চেনেলত। সাধাৰণ যেন বুলি ভবা ঘটনাটোৱে ইমান ডাঙৰ ৰূপ লব সপোনতো ভবা নাছিল সি। নিজৰ ওফৰতে বিতৃষ্ণা জন্মিল বুবুলৰ। ভুল কৰিছে সি,জঘন্য ভুল। যাৰ কাৰণে তাৰ মানসিকতাক ধৰ্ষণকাৰীৰ লগত তুলনা কৰিছে সকলোৱে। কাইলৈৰ পৰা হয়তো সকলোৱেই তাক দেখিলেই ঘৃণাত নাক কোচাব, আনকি শেৱালিয়েও। গাঁৱৰ মানুহেও হয়তো কাইলৈ পৰহিলৈ তালৈ আঙুলিটোৱাই কব--"সৌটো চা  পুলিচৰ পোচাক পিন্ধি গাভৰুৰ বুকুত হাত দিয়া বৰমতাটো আহিছে।" হাৰি গৈছে সি,যেন জীৱন যুদ্ধখনত পৰাহত হোৱা এটা খলনায়ক সি।

আলনাদালত থকা ভমকাফুলীয়া গামোচাখনলৈ এবাৰ চকু পৰিল বুবুলৰ। তেজৰঙা ফুলকেইপাহে যেন তালৈকে চাই তাচ্ছিল্যৰ হাঁহি মাৰিছে। কপা কপা হাতেৰে গামোচাখন টান মাৰি লৈ আনিলে সি। সেইখন গামোছা যোৱাবাৰ বিহুত তাক শেৱালিয়ে দিয়া।গামোছাখন আলফুলে সাবটি ল'লে সি বুকুত।


"তোক আকৌ একদম আঠুলৈকে পৰা গামোছাহে লাগে। হো ল এইখন চাচোন ফুলপাহ কেনে লাগিছে।" শেৱালিৰ কথাবোৰ তাৰ কৰ্ণকুহৰত অহৰহ বাজি থাকিল। ডিঙিত এবাৰ লৈ  চালে সি গামোচাখন, এৰা ককাললৈকে পৰা গামোচা । সেমেকা হাঁহি এটা মাৰি কোঠাটোৰ পুৰণা চিলিং ফেনখনলৈ চালে সি। চিঞৰি চিঞৰি তাৰ কবলৈ মন গ'ল--" তোৰ পৰা মই দীঘল গামোছা বিছাৰি কিয় ঠেহ পাতিছিলো জান? এইকাৰণেই।" দোটোপাল তপত অশ্ৰুৱে গাল দুখন তিয়াই নিলে তাৰ।টুলখনৰ ওপৰত উঠি কপা কপা হাতেৰে গামোছাখন ডিঙিত মেৰিয়াই দিলে বুবুলে, জোৰেৰে। শেৱালিয়ে যেন তেতিয়াও তাৰ কাণৰ কাষত ফুচফুচাই কৈ আছিল--"এইখন চাচোন ফুলটো কেনে লাগিছে, তোলৈকে বৈছো, দৰাবৰণৰ।।।।"