Tuesday, January 21, 2020

ছুটিগল্প, নিভৃত প্ৰত্যৰি


                        নিভৃত প্ৰত্যৰি

                                     তুষাৰ ৰঞ্জন কাশ্যপ

ন বাজিবলৈ পোন্ধৰ মিনিট থাকোতেই টিভিটো খুলি ল'লে মৌমিতাই। প্ৰাইম নিউজ চেনেলটোত তাইৰ প্ৰিয় লেখিকা বনজুৰি ফুকনৰ এক ঘন্টীয়া বিশেষ অনুষ্ঠান আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে। বনজুৰি ফুকনৰ লেখা মৌমিতাৰ খুবেই প্ৰিয়। এতিয়ালৈকে তেওঁৰ গোটেই কেইখন উপন্যাসেই পঢ়িছে তাই। মানুহগৰাকীয়ে সহজসৰল কাহিনীবোৰকো ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰে।কেতিয়াবা লগ কৰাৰ বিৰাট ইচ্ছা আছিল তাইৰ মনত।আজি তেখেতৰ প্ৰগ্ৰেমটোৰ কথা দিনতেই গম পাই মৌমিতাৰ ভাল লাগি গৈছিল। হওক তেওঁ মানুহগৰাকীক লগ পোৱাৰ আশাটো পূৰণ নহলেও অন্ততঃ মুখখন দেখিবলৈ পাব।

মনটো এইকেইদিন কিছু ভাল নহয় মৌমিতাৰ।একমাত্ৰ জীয়েকক লুনাক একসপ্তাহ আগতে হোষ্টেলত থৈ আহিছে তাই। সৰুতেই দেউতাকক হেৰুওৱাৰ পাছত মাকৰ  মৰমতে ডাঙৰ হোৱা ছোৱালী। কেতিয়াও মাকক অকলে এৰি ক'তো থাকি পোৱা নাই তাই;চিন্তা হয় মৌৰ।পাৰিছে জানো বাৰু তাই তেনে এটা পৰিবেশত এদযাষ্ট হ'ব? এইকেইদিন ফোনত কথা পাতোতে অনুভৱ কৰিছে মৌৱে লুনাৰ হোষ্টেলত মন বঢ়া নাই।কিবা যেন মাকক বুজাব বিছাৰিছে তাই,কিন্তু কব পৰা নাই।অজানিতে দুটোপাল চকুলো ওলাই আহিল মৌৰ।তেতিয়ালৈ টি.ভিটোত বনজুৰি ফুকনৰ অনুষ্ঠানটো আৰম্ভ হৈছিল। কথাবোৰ পাহৰিবলৈ চেষ্টা কৰি বনজুৰি ফুকনৰ কথাবোৰত মন দিবলৈ চেষ্টা কৰিলে তাই। মানুহগৰাকীৰ মুখখন চিনাকি চিনাকি লাগিল তাইৰ। কৰবাত যেন দেখিছে,কিন্তু মনত পেলাব পৰা নাই। কিবা এটা যেন বহুদিনৰ চিনাকী তাইৰ লগত তেওঁৰ। লুনাৰ কথাবোৰেও আমনি কৰিলে মৌক।টিভি চাই চাইয়েই  উভতি গ'ল তাইৰ হোষ্টেলৰ প্ৰথম দিনটোলৈ।

হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ইঞ্জিনিয়াৰিংত এদমিছন লোৱাৰ পাছত বহুত কান্দিছিল তাইয়ো হোষ্টেললৈ যোৱাৰ দিনা মাকক সাবটি ধৰি।কোনোবাই কোনোবাই ভয় খুৱাইছিল তাইক হোষ্টেলত ৰেগিং হয়, চুলিবোৰ ছুটিকৈ কাটি দিয়ে চিনিয়ৰে। যথেষ্ট দীঘল আছিল তাইৰ ছুলিকোছা। প্ৰতিপাল কৰি ৰাখিছিল তাই,ভয় হৈছিল কোনোবাই মৰমৰ ছুলিকোছা কোনোবাই কাটি পেলাব বুলি। পিছে বাস্তৱত সেইবোৰ একো নহৈছিল। প্ৰাৰম্ভিক চা-চিনাকিৰ বাহিৰে সেইবোৰ একোৱেই হোৱা নাছিল তাইৰ লগত।অৱশ্যে কিছুমান নীতি নিয়ম আছিল হোষ্টেলৰ।যেনে ফ্ৰেছাৰ্ছ নোহোৱালৈকে জুনিয়ৰ ছোৱালীয়ে ৰুমৰ পৰা বাহিৰলৈ ওলাওতে চাদৰ-মেখেলা পিন্ধিব লাগিব ইত্যাদি ইত্যাদি। ৰুমমেট আছিল তাইৰ জুৰি বা।

" বা জনী ভাল জানা মা।ইমান হেল্পফুল।টেনছন নলবা তুমি।মোৰ থাকি ভাল লাগিছে।" মাকক জনাইছিল তই। মনতো ভাল লাগি গৈছিল মাকৰ।

"মৌমিতা কেনেকুৱা লাগিছে থাকি?" জুৰি বায়ে সুধিছিল।

"বহুত ভাল লাগিছে।" হাঁহি এটা মাৰি কৈছিল তাই।

"এটা কথা কম। আমাৰ ৰুমটো কিন্তু ৰাতি অলপ বিপদজনক।ৰাতি ৰুমত কিবা ওলাই জানা? মোক হেচা মাৰি ধৰে জানা।মই মনিটৰক কৈছো,চেঞ্জ কৰি দিব বাৰু।সাবধানে থাকিবা। ভয় নাখাবা বাৰু ইমান।"

 জুৰি বাৰ কথাষাৰত বুকুখন কপি গৈছিল তাইৰ।সেইদিনাই মাজৰাতি হঠাৎ কাৰোবাৰ হাতৰ স্পৰ্শত সাৰ পাই গৈছিল তাই। হেচা মাৰি ধৰিছিল তাইক কোনোবাই। চিঞৰিব নোৱাৰাকৈ মুখখন টেপি ধৰিছিল কোনোবাই।লাহে লাহে কাৰোবাৰ এখন হাতে তাইৰ দেহৰ কোমল অংশবোৰ স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল।সমস্ত জোৰ প্ৰয়োগ কৰিও তাই মুক্ত হব পৰা নাছিল সেই কিবাটোৰ পৰা।লাহে লাহে তাইৰ নিম্নাংশলৈ আগবাঢ়িছিল হাতখন। নিশা দেৰিলৈকে তাইৰ শৰীৰতোৰ ওপৰত আক্ৰমণ চলাই সেই কিবাটো গুচি গৈছিল। ভয়ত ওৰে নিশা কান্দিছিল তাই। টোপনি যোৱা নাছিল গোটেই নিশা।পিছদিনাৰ পৰা তাইৰ সেই খোলা হাঁহিটো নোহোৱা হৈছিল। জুৰি বাই সুধিছিল কিবা প্ৰবলেম হৈছে নেকি? তাই মূৰ জোকাৰিছিল।
এনেকৈ প্ৰতিনিশাই তাইক কিবা এটাই মাজনিশা আহি হেচা মাৰি ধৰিছিল।হেপাঁহ পলুৱাই তাইৰ শৰীৰটো উপভোগ কৰি গুচি গৈছিল কিবাটো।ভূত-প্ৰেতৰ কথা ভাবি বিৰাট ভয় খাইছিল তাইৰ। লাহে লাহে তাই বুজি উঠিছিল সকলো। ঘৃণা উপজিছিল তাইৰ সেই মৰমৰ জুৰিবাৰ ওপৰত।

সাতটা দিন তেনেকৈ কটাই পাছদিনাই গুচি গৈছিল তাই ঘৰলৈ, কাকো একো নজনোৱাকৈ।মাককো একো কব পৰা নাছিল তাই। মাক-দেউতাকৰ প্ৰশ্নৰ উত্তৰত মাথো কান্দিছিল তাই। বাধ্য হৈ দেউতাকে ওচৰৰ কলেজখনত নামভৰ্তি কৰাই দিছিল তাইক‌। মৰহি গৈছিল তাইৰ অভিযন্তা হোৱাৰ সপোনবোৰ।

সেই একালৰ তাইৰ ৰুমমেট জুৰিবাক আজি দেখিছে বহুত দিনৰ পাছত টেলিভিছনৰ পৰ্দাত। হয় সেইজনী জুৰি বায়েই হয়, ভুল হোৱা নাই তাইৰ।ইমান দিনে তাই ঘৃণা কৰি অহা সেই জুৰি বা জনীয়েই যে তাইৰ প্ৰিয় লেখিকা বনজুৰি ফুকন সেইয়া জানিব পাৰি ঘৃণাত নাক কোচ খাই আহিল তাইৰ। টিভিত তেখেতে নাৰীসবলীকৰণ, নাৰী সুৰক্ষাৰ বিষয়ে সাৰুৱা মন্তব্য দিছে। সেইবোৰ শুনি পেটতো ওফন্দি আহিল তাইৰ। বমি বমি লগি গ'ল মৌমিতাৰ। টিভিটো তেনেকৈ এৰি বাহিৰলৈ ওলাই আহিল তাই।প্ৰচণ্ড ঘৃণাত থুৱাই দিলে তাই। ফোনটো বাজি উঠিল, লুনাৰ ফোন।

"কি কৰি আছা বেবী।"মনৰ ভাব বোৰ লুকুৱাই ফোনটো ৰিচিভ কৰিলে মৌমিতাই।

"মা মোক ইয়াৰ পৰা লৈ যোৱা প্লিজ। নহলে মই শেষ হৈ যাম।"চেপা কান্দোন লুনাৰ।

"তোমাৰ কি হৈছে মাজনী।মোক সকলো কোৱাচোন।"

"ইয়াত ৰুমত ৰাতি হলে  কিবা ওলাই মা। মোক হেচা মাৰি ধৰে।প্ৰাইভেট পাৰ্টছত হাত দিয়ে।" কান্দি কান্দি ভাগৰি গল লুনা।চিৰিংকৈ মাৰিলে বুকুখন তাইৰ।

"একো নহয় মাজনী। আজি ৰাতিটো থাকা। মই কাইলৈ গৈ সকলো ঠিক কৰি দিম হ'ব " লুনাক কোনোমতে বুজাই ফোনটো কাটিলে মৌমিতাই। চকুপানী ওলাই আহিল তাইৰ। নাই তাই কান্দিলে নহব। আগতে তাইৰ নিৰৱতাৰ ফলত বহুত কিবা কিবিয়েই হেৰুৱাই পেলাব লগা হৈছিল তাই। কিন্তু নিজৰ লগত যি হৈ গল সেইয়া অন্ততঃ লুনাৰ লগত হবলৈ দিব নোৱাৰে তাই।এইবাৰ  বুকুখন ডাঠ কৰিব লাগিব তাই। নাই তাই কাইলৈকে লুনাৰ হোষ্টেললৈ যাব।এইবাৰ তাই বহি নাথাকে। ঘড়ীটোত তেতিয়া চাৰে ন বাজিছিল। আগফালৰ বাৰাণ্ডাত থকা চোফাখনত অৱশ হৈ বহি দিলে মৌমিতা।টিভিত তেতিয়া লেখিকা বনজুৰি ফুকনে তেতিয়া ডাঙৰ ডাঙৰকৈ কৈ আছিল
       "মনত ৰাখিব নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু"।।।

No comments:

Post a Comment