চপনীয়া
তুষাৰ ৰঞ্জন কাশ্যপ
ফৰিং বুঢ়াৰ ঘৰখনলৈ মানুহৰ সোঁত বৈছে। গাঁৱৰ ডেকাৰ পৰা বুঢ়ালৈ, জীয়ৰীৰ পৰা বুঢ়ীলৈ সকলোৰে বুঢ়াৰ ঘৰৰ চোতাল ভৰি পৰিছে।কোনোৱে ইছ আছ কৰিছে, কোনোৱে চকুপানী টুকিছে।কি হৈছেনো চাবলৈ বুলি পেন্দুকনা দুটামানে জুমি আছিলহি। মাক বাপেকৰ ধমক খাই সিহঁত পলাল।অৱশ্যে সেইয়া দেখিবলৈ বা শুনিবলৈ ফৰিং বুঢ়া বৰ্তমান নাই। বুঢ়া বুঢ়ী দুয়োৱে অগাপিছাকৈ এইখন সংসাৰৰ পৰা কেতিয়াবাই বিদায় ল'লে। কেচা ঘৰটোৰ বাৰান্দাখনৰ এচুকত নীৰৱে বঢ়ি আছে চপনীয়া। গাওবুঢ়াকে আদি কৰি গাঁৱৰ বয়সীয়াল দুজন মানে বিভিন্ন প্ৰশ্ন কৰিছে তাক, গাঁৱৰ মহিলাখিনিয়ে দিয়া শাওপাতখিনিও তাৰ কাণত পৰিছেহি। কিন্তু চপনীয়া নিৰ্বিকাৰ, অশেষ চেষ্টা কৰিও কোনেও তাৰ মুখৰ পৰা টু শব্দ এটাও উলিয়াব পৰা নাই।দুই একে চপনীয়াৰ ওচৰ চাপিবলৈকো ভয় কৰিছে।তাৰ চকুত যেন একুৰা জুইহে জলি আছে।
চপনীয়াৰ আছল নাম আছিল নৰেন। ফৰিং বুঢ়াৰ ল'ৰা নথকাত ডাঙৰ জনী জীয়েকক বিয়া পাতি বুঢ়াৰ ঘৰত ঘৰ জোঁৱাই হৈছিলহি নৰেন। তাৰ পাছৰে পৰা নৰেনৰ নাম সকলোৰে মুখে মুখে বাগৰি নৰেনৰ ঠাইত চপনীয়া হ'ল।বয়সত ডাঙৰৰ পৰা সৰুলৈকে সকলোৰে মুখত তাৰ নাম চপনীয়া। ডাঙৰ খিনিয়ে চপনীয়া বুলি ক'লে সি ইমান ধৰি নাথাকিছিল। হয়ো তো সি এঘৰত আহি চাপিছেহি যেতিয়া সেই নাম পোৱাতো একো লাজ পাবলগীয়া কথা নহয়। কিন্তু তাতকৈ বয়সত সৰুখিনি বিশেষকৈ চেঙেলীয়াখিনিয়ে যেতিয়া সেই নাম ধৰি মাতে তাৰ কাণ মূৰ গৰম হৈ আহে। এবাৰ নামঘৰৰ বৰসবাহত পেন্দুকনা দুটামানে ডাঙৰক দেখি দেখি নৰেনক সেই নাম ধৰি জোকাই আছিল। চিটিপনি এদাল লৈ দুয়োটাকে ভালদৰে দুচাটমান দি দিলে সি। কিন্তু মাক বাপেকহঁতৰ পৰা ওলোটাই চপনীয়াইহে কথা শুনিব লগীয়া হল। সেইদিন ধৰি চপনীয়াই পৰাপক্ষত এইবোৰ এৰাই চলে, কোনোবাই কিবা কলেও নুশুনাৰ ভাও ধৰি সি আতৰি যাই।ভিতৰি তাৰ প্ৰচণ্ড খং উঠে, হলেও ধৈৰ্য ধৰি সি মনে মনে শুনি থাকে। ঈশ্বৰেই যেতিয়া তাক তেনেদৰে পৃথিৱীলৈ পথাইছে, সি টো প্ৰতিবাদ কৰি লাভ নাই।
ফৰিং বুঢ়াই ওচৰৰ বাগান এখনত সৰু চাকৰি এটা কৰিছিল। ওচৰৰ গৰুমৰাৰ পৰা বিয়া পাতি আনিছিল কাৰণে ঘৈণীয়েকৰ নাম হৈছিল গৰুমৰানী। ক্ৰমান্বয়ে মুখ বাগৰি হ'লগৈ গৰুমানী। ফৰিং বুঢ়া আৰু গৰুমাণী বুঢ়ীৰ সংসাৰ খন বৰ সুখৰ নাছিল। ঈশ্বৰৰ দান হিচাপে এটা ল'ৰা আৰু তিনিজনী ছোৱালী পাইছিল যদিও সৰুতেই লৰাটোক জহনীয়ে নিলে।বুঢ়াই আৰু ল'ৰা সন্তানৰ মুখ নেদেখিলে। বাগানত চাকৰি কৰি থাকোতেই বুঢ়াই চপনীয়াক লগ পাইছিল। ল'ৰাটো ভাল, বেয়া অভ্যাস নাই। কেও কিছু নোহোৱা ল'ৰা, সৰুতেই মাক দেউতাক ঢুকুৱাৰ পাছত তাক বৰলা সৰু খুড়াকটোৱে পঢ়াই শুনাই ডাঙৰ কৰিলে। অৱশ্যে তাৰ ডাঙৰ আৰু মাজু খুড়াক সৰু খুড়াকৰ দৰে নাছিল। অত্যাধিক মদ খোৱা সৰু খুড়াকে সোনকালেই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পাছত তাৰ ভাগৰ মাটি-সম্পত্তিখিনিও ডাঙৰ খুড়াকহতে হস্তগত কৰিলে। সৰু খুড়াকৰ মৃত্যুৰ পাছতেই সি এইফালে গুচি আহিল। খুড়াকৰ চেষ্টাতে সি হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিছিল। মেনেজাৰক কাকূতি মিনতি কৰি ফৰিং বুঢ়াই চাকৰি কৰা বাগানখনতে সিও মূৰটো গুজি ললে।তাতেই বুঢ়াই চপনীয়াক লগ পালে, কথা বতৰাটো ভাল, মদ ভাং নাখাই। বুঢ়াই মনে মনে ডাঙৰ জীয়েক জেতুকীক তালৈ ঠিক কৰি পেলাইছিল। বুঢ়াৰ ঘৰৰ সইতনাৰায়ন এভাগিত প্ৰথমবাৰ চপনীয়া সিহঁতৰ ঘৰলৈ আহিছিল। জেতুকীক সেইদিনাই প্ৰথম দেখা, তাৰ কিবা এটা ভাল লাগি গৈছিল। লাহে লাহে নৰেনৰ আহ যাহ বাঢ়িল, জেতুকীৰো নৰেন আহিলে ভাল লগা হ'ল। নৰেন আহিলে জেতুকীৰ ব্যস্ততা, নৰেনে খাই ভাল পোৱা বস্তু জেতুকীয়ে বনাই খুওৱা, গাঁৱৰ যতীনৰ হাতত নৰেনলৈ বাৰীৰ পাচলি,পিঠা-পনা টোপোলা কৰি পঠিওৱা ফৰিং বুঢ়াৰ চকুতো নপৰাকৈ নাথাকিল। গাঁৱৰ দুই একৰ মাজতো কথাটো বু বু বা বা হবলৈ ধৰিলে। ফৰিং বুঢ়াই আৰু দেৰি নকৰিলে। গাঁৱৰ বয়সীয়াল দুজনমান আৰু খুলশালিয়েকহঁতক মাতি আনি জেতুকী আৰু নৰেনৰ বিয়াখন ঠিক কৰি পেলালে। বুঢ়াৰ আগলৈ পিছলৈ বুলিবলৈ ছোৱালী তিনিজনী। দুই একে বুঢ়াক পৰামৰ্শ আগবঢ়ালে নৰেনক ঘৰজোঁৱাই কৰি লবলৈ। কেও কিছু নোহোৱা লৰা। বুঢ়াই কথাটো বেয়া নাপালে। তেওঁনো আৰু কেইটা দিন জীয়াই থাকিব।নৰেন থাকিলে ঘৰখনৰো এটা সহায় হ'ব।নৰেনেও সৰুতেই মাক দেউতাকক হেৰুওৱা ল'ৰা। ফৰিং বুঢ়াৰ ঘৰখনলৈ আহিহে সি পৰিয়ালৰ মৰম কেনেকুৱা বুজি পাইছিল। ঘৰখন তাৰ নিজৰ ঘৰ যেন লগা হৈছিল। বুঢ়াৰ প্ৰস্তাৱটো সি বেয়া নাপালে। বুঢ়াৰ প্ৰস্তাবত সি একেষাৰেই মান্তি হ'ল। দেউকণ গনকে থিক কৰি দিয়া দিন এটাত গাঁৱৰ সমাজৰ আশীৰ্বাদ লৈ হোমৰ জুইক সাক্ষী কৰি সি জেতুকীক নিজৰ কৰি ল'লে। সেইদিন ধৰি নৰেনৰ নাম গাঁৱৰ মুখে মুখে চপনীয়া হ'লগৈ।
বুঢ়াৰ সৰু জীয়েক দুজনী অলপ বেলেগ ধাতুৰে গঢ়া। নৰেনক ভিনিহিয়েক হিচাপে মানি লব পাৰিলেও বাপেকে ঘৰ জোঁৱাই কৰি ৰখাটো সিহঁত দুজনীয়ে মানি লবলৈ টান পালে।পিছলৈ একো জঞ্জাল নহওক বুলি বুঢ়াই মাটি বাৰী খিনি তিনিজনী জীয়েকক সমানে তিনিভাগ কৰি দিলেও ডাঙৰ জনীৰ ভাগটো নৰেনৰ নামত কৰি দিলে। হয়তো বাপেকৰ সিদ্ধান্ত ই সিহঁতৰ জলা জুইকুৰাত যেন ঘিউ হে ঢালিলে। খাওতে বহোতে ভিনিহিয়েকক সিহঁতে কথা শুনাই থকা হ'ল। অৱশ্যে বাপেক থাকিলে সিহঁতে সিমান সাহ নকৰে।কিন্তু বাপেক নথকা সময়কনত সিহঁতৰ কথাবোৰে চপনীয়াৰ বুকুত শেলে বিন্ধা দি বিন্ধে। চপনীয়াই নিৰৱে সহি যায়, হাজাৰ হলেও সেইখন তাৰ নিজৰ ঘৰ নহয়।বিয়াৰ পিছত ফৰিং বুঢ়া বেছি দিন নাথাকিল। দুদিনৰ জ্বৰতে বুঢ়া সিফলীয়া হ'ল। ফৰিং বুঢ়া ঢুকুৱাৰ দিনা চপনীয়াই হিয়া ঢাকুৰি কান্দিছিল। তাক নিজৰ পুতেকৰ নিচিনা মৰম কৰা শহুৰেকক হেৰুৱাই চপনীয়া ভাগি পৰিছিল। বুঢ়া ঢুকুৱাৰ তিনিমাহ মানৰ পাছতে গৰুমানী বুঢ়ীয়েও সংসাৰৰ মায়াৰ পৰা বিদায় লৈছিল। নিজৰ পুতেকৰ নিচিনাকৈ চপনীয়াইয়ো দুবাৰকৈ চুলি খুৰাই ৰাইজ মাতি বুঢ়া বুঢ়ীৰ সকাম কৰিছিল।
চপনীয়াৰ দূখৰ দিন হয়তো তেতিয়াৰ পৰাই আৰম্ভ হৈছিল।হয়তো ঈশ্বৰে চপনীয়াৰ জীৱনলৈ সুখ অহাটো বিছৰাই নাছিল। মাক দেউতাক ঢুকুৱাৰ পাছত ফৰিং বুঢ়াৰ সৰু জীয়েক দুজনীৰ চপনীয়াৰ প্ৰতি কথাৰ আক্ৰমন বেছি হৈ আহিছিল। সম্পত্তিখোৱা, চপনীয়া ইত্যাদি শব্দত চপনীয়া প্ৰতিদিনে আহত হৈছিল। চপনীয়াই নিৰৱে শুনি যায়। জেতুকীয়ে বাধা দিবলৈ গলেই এখন কাজিয়াৰ সৃষ্টি হয়।খূলশালিয়েকহঁতক ভালদৰে ৰাখিবলৈ, খুৱাবলৈ পিন্ধাবলৈ সি যিমানেই চেষ্টা কৰিলেও সিহঁত আছিল সম্পূৰ্ণ ওলোটা। কথাই প্ৰতি তাক তিৰষ্কাৰ কৰাটো যেন সিহঁতৰ এক অভ্যাসলৈ পৰিণত হৈছিল। শহুৰেকে তাৰ নামত দি যোৱা মাটিখিনিত ঘৰ এটা সাজি বেলেগ হোৱাৰ কথা সি কেইবাবাৰো ভাবিলে। কিন্তু শহুৰেকে মৰাৰ আগে আগে কোৱা কথাকেইটাই আৰু গাঁৱৰ মানুহে স্বাৰ্থপৰ বুলি কোৱাৰ ভয়ত সি ইচ্ছা কৰিও সেই কাম কৰিব নোৱাৰিলে।চপনীয়াই ভাবিছিল হয়তো সিহঁতৰ মাজলৈ এটা সন্তান আহিলেই খূলশালিয়েকহঁতে তাৰ প্ৰতি কৰা ব্যৱহাৰবোৰ কমি আহিব। কিন্তু হয়তো ঈশ্বৰৰে ইচ্ছা।চপনীয়া চফল ডেকা, হলেও তাৰ সন্তানৰ দেউতাক হব পৰাৰ ক্ষমতা নাই। চপনীয়া ভিতৰি ভিতৰি ভাগি পৰিছিল। মুখ ফুটাই কাকো একো কব নোৱাৰি সি ভিতৰি ভিতৰি এটা জানোৱাৰলৈ পৰিণত হৈছিল। ঘৰখনৰ পৰা যিমানেই সি আতৰি থাকিব পাৰে সিমানেই যেন সি ভাল পায়। চপনীয়াৰ অভ্যাসবোৰ সলনি হৈছিল। মদ ভাংত হাত নিদিয়া মানুহটো গাঁৱৰ সকলোৰে বাবে এটা মদাহীলৈ পৰিবৰ্তন হৈছিল। ৰাতি মদ খাই দেৰিকৈ সোমোৱাটো তাৰ এটা অভ্যাস হৈ গৈছিল। কেইবাবাৰো সি ঘৰখন এৰি ওলাই যাব খোজে, কিন্তু জেতুকীৰ কথা ভাবি সি আকৌ ওলটি আহে। জেতুকীক সি অকলে এৰি দিব নোৱাৰে। জেতুকী তাৰ পত্নী, পবিত্ৰ হোমৰ জুইক সাক্ষী কৰি তাইক সি নিজৰ কৰি লৈছে। সুখে দূখে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছে। গাঁৱৰ চুকৰ নবীনৰ মদৰ ঘাটিটোত টেটুৰ গুৰিলৈকে মদ গিলি ৰাতি দেৰিকৈ ঘৰ সোমাই সি। জেতুকীয়ে তালৈ ৰৈ থাকে। ভাতৰ কাহীখন আগবঢ়াই দিয়ে তাক। ৰূমৰ পৰা খূলশালিয়েকহঁতৰ অশ্ৰাব্য গালি বোৰ তাৰ কাণত সোমাই। ভাত কেইটা লিৰিকি বিদাৰি টু শব্দ এটা নকৰাকৈ ৰূমত শুই পৰে সি। গাঁৱৰ মানুহৰ পৰাও যেতিয়াই তেতিয়াই কথা শুনে সি। নিৰ্বিকাৰ হৈ শুনি যায় সি। হলেও ঘৰৰ ভিতৰুৱা কথা কাকো জানিবলৈ নিদিয়ে সি। গাঁৱৰ সকলোৰে দৃষ্টিত এটা নিচাখোৰ মদাহী সি।
বাগানৰ পৰা ওভতি আহি পোনচাটেই নবীনৰ চুলাই ঘাটিটোত সোমাল চপনীয়া। এইটো তাৰ দৈনিক অভ্যাস। টেটুৰ গুৰিলৈ চুলাই এসোপা গিলি ললে সি। নবীনৰ তাত আগৰে বাকী আছে তাৰ। নবীনৰ কথাবোৰত তাৰ কান মূৰ গৰম উঠি আহিল। নিচা বেছি হৈ আহিছিল তাৰ। ৰাতিও হৈ আহিছিল। চাইকেলখন থেলি থেলি টলং ভটংকৈ ঘৰমুৱা হ'ল সি। বাটত দুজনমানে দেখি নাক কোচালে, তাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। জপনাখন খুলি চাইকেলখন বাৰাণ্ডাত থওতেই খূলশালিয়েকহতৰ গালি শপনিবোৰ ভাহি আহিল তাৰ। কোনোমতে ঢলং পলংকৈ গৈ পাকঘৰৰ মজিয়াত বঢ়ি দিলে সি। জেতুকীৰ এইবোৰ অভ্যাস হৈ গৈছে আজিকালি। একো নমতাকৈ তাই ভাতৰ কাঁহীখন আনি দিলে তাক।
"এইখন কাৰো বাপেকৰ ঘৰ নহয়। যাৰ যেতিয়াই মন যাই ঘৰ সোমাব।'' ডাঙৰ খূলশালিয়েকৰ বকনিবোৰ কাণত সোমালহি চপনীয়াৰ।
" এইখন ঘৰত মদাহীৰ স্থান নাই কৈ দে তাক।" সৰুৱেও সহযোগ কৰিলে।
চপনীয়াই ভাতখিনি লিৰিকি বিদাৰি মনে মনে শুনি থাকিল।
"লোকৰ সম্পত্তি খোৱা চপনীয়াই এইবোৰ বুজিলেহে"।
"কিহে পাইছিল জানো দেউতাক কৰবাৰ অদৰকাৰী এসোপাক ঘৰত ঠাই দিবলৈ।"
চপনীয়াৰ ভিতৰৰ মানুহটো জলি পকি উঠিল। সদায় সদায় একেসোপা কথা শুনি শুনি তাৰ মূৰ গৰম উঠি আহে। সিও মানুহ। সদায় এনেকৈ আৰু কিমান সহ্য কৰিব সি।খূলশালিয়েকহঁতৰ গুৱাল গালিবোৰ ক্ৰমাৎ বাহি আহিল।
"সংসাৰ কৰিছে চা-চোন। বিয়া হোৱা আজিলৈকে চাৰি বছৰ হ'ল। আজিলৈকে ল'ৰা ছোৱালী এটা নাই কিয়। অ' সেইকাৰণে ঘৰলৈ অহা সদায় দেৰি। কি থিক কোনজনীৰ লগত বা গা-ঘেলাই আহিছে? এজনীত সোৱাদ নাপায় হ'বলা।"
চপনীয়া নিচাত আছিল। ভিতৰি ভিতৰি সি গুজৰি উঠিল। জেতুকীৰ মুখখনলৈ চালে। তাই চকুহালক বাধা দিব নোৱাৰিলে। হুকহুকাই তাই ৰুমলৈ সোমাই গ'ল। চপনীয়াৰ চকু হাল পকা অঙঠাৰ দৰে ৰঙা হৈ উঠিল। নাই আৰু সহ্য কৰিব নোৱাৰে সি। জেতুকীৰ চকুত চকুপানী তাৰ সহ্য নহয়।
"নুপুংসক এটাক ঘৰত পুহি আছো আমি"।
চপনীয়াৰ জ্বলি থকা জুইকুৰাত যেন সিহঁতে ঘিউহে ঢালিলে। বহি থকাতে খংত ফোচফোচাবলৈ লাগিল সি। নাই আজি কিবা এটা হেস্ত নেস্ত হবই লাগিব। মদৰ নিচাত তাৰ খংটো আৰু উঠি আহিল। খূলশালিয়েকহতে আৰু কিবাকিবি কৈ আছিল তাৰ কাণত নোসোমাল। একেজাপে বহাৰ পৰা উঠি জুহালৰ চুকত থকা কপি দাখন হাতত লৈ চিধাই খূলখালিয়েকহতৰ ৰুমত সোমাল সি। অনৰ্গল মুখখন বাজি আছিল সিহঁতৰ। চপনীয়াই আৰু সুযোগ দিলে। উপৰ্যূপৰি কেইবাটাও ঘাপ সোধালে দুয়জনীৰ ডিঙিত।ইমান দিনে মনত পুহি ৰখা ক্ষোভবোৰৰ যেন উদগীৰণহে হৈছিল। চপনীয়াই হেপাঁহ পলুৱাই দাখন চলাই দিলে দুয়োজনীৰ শৰীৰত। আকষ্মিক আক্ৰমনৰ বাবে সিহঁত দুজনী অকনো প্ৰস্তুত নাছিল। চিঞঁৰাৰ সুবিধাকণো নিদিলে সি। ইতিমধ্যে চপনীয়াৰ দা ৰ ঘাপত সিহঁতৰ প্ৰাণবায়ু ওলাই গৈছিল।
থানাৰ অ.চিয়ে ফৰ্মেলিটিছ খিনি সম্পূৰ্ণ কৰি পোস্ট মৰ্টেমৰ বাবে পঠালে মৃতদেহ দুটা। চপনীয়াৰ হাতত হেণ্ডকাফ দাল লগাই দিলে কনিষ্টবল কলিতাই। গাঁৱৰ মানুহে ভৰি থকা চোতালখনৰ মাজেৰে আনি পুলিচে জীপত উঠালে চপনীয়াক। চপনীয়াৰ দুচকুৰে চকুলো বাগৰি আহিল। মহাপাপ কৰিছে সি। এটা নহয় দুটাকৈ নৰহত্যা কৰিছে সি। জেতুকীৰ মুখখনে তাক বৰ আমনি লগালে। হয় সি ভুল কৰিছে, এটা পৰিয়াল নিশেষ কৰি দিছে সি। দুটাকৈ হত্যা কাণ্ডৰ অপৰাধত হয়তো তাৰ চৰম শাস্তি হব, নহলেও হয়তো গোটেই জীৱন সি জেলৰ ভাত খাই কটাব লাগিব।
"ইছ ইছ দুজনীকৈ গাভৰু ছোৱালীৰ জীৱনটো শেষ কৰি দিলে অ। ই মানুহ নহয় জানোৱাৰ হয়।"
"ৰৌ ৰৌ নৰকত পচি মৰিব সি।"
"হয় দেই ফৰিং বুঢ়াক কিহে পাইছিল জানো আপদীয়া এটাক ঘৰ লগাবলৈ।"
"যিয়ে তাক থাকিবলৈ ঘৰ এখন দিলে, সেইখন ঘৰতে কি কাণ্ড কৰিলে দেখিলা"
"তাকেইটো কয়েই নহয় অচিন কাঠৰ থোৰাও নলগাবা।"
গাঁৱৰ মানুহে তাক লৈ কৰা আলোচনা শাওপাণবোৰ তাৰ কাণত পৰিল। সেইবোৰলৈ তাৰ ভ্ৰূক্ষেপ নাই। গাড়ীৰ পৰাই সি জেতুকীলৈ চালে। বাৰাণ্ডাৰ এচুকত বহি তাই উচুপি আছে। বাৰে বাৰে চপনীয়াৰ মনত এটা কথাই দোলা দি থাকিল। সি অবিহনে তাই বাৰু কেনেদৰে পাৰ কৰিব বাকী জীৱন, পাৰিবনে বাৰু তাৰ অবিহনে এই জীৱন যুদ্ধ খনত যুঁজি যাবলৈ?
No comments:
Post a Comment