Tuesday, January 21, 2020

ভৌতিক কাহিনী

বিভৎস ক্ৰন্দন
তুষাৰ ৰঞ্জন কাশ্যপ


"লাষ্ট পেগ ভাই। না নকৰিবি না। কছম বেয়া পাম কিন্তু। মোৰ বাৰ্থ দে বুলি অলপ আজি সৰহকৈ খা।"----মোক একো কোৱাৰ সুযোগ নিদি গ্লাচটোত আৰু এটা পেগ ঢালি দিলে বিজিতে। মই প্ৰতিবাদ কৰিবলৈ লৈও ৰৈ গলো। নিচা যথেষ্ট হৈছিল মোৰ। মদ ভাং আদিৰ নিছাকৰাৰ অভ‍্যাস তেনেকৈ মোৰ নাই। কোনোবা ভাল বন্ধুৱে  বাৰ্থ দেত দিয়া পাৰ্টি, কিবা ভাল খবৰ থাকিলে আয়োজন কৰা পাৰ্টি আদিত বন্ধুত্বৰ খাতিৰত মই সিহঁতক সংগ দিও। কেতিয়াবা কথা পেলাব নোৱাৰি দুই এপেগ লও। কিন্তু আজি অভাৰ হৈ গৈছে। অলৰেডি পাচটা পেগ মই হজম কৰিছো। আৰু এটা! পেট দাল ওকোল পোকোল লাগি গ'ল মোৰ।

"ভাই আৰু নোৱাৰিম চাগে। তহঁতে শেষ কৰ বাকী খিনি।" মোৰ মুখৰ পৰা যেনেতেনে হে ওলাল শব্দ খিনি। নিচা ভালকৈ হৈছিল মোৰ।

"তই সদায় এনেকুৱা কৰ। পাৰ্টীত আহি ইমান কমকৈ খালে হব নেকি। খা খা লাষ্ট পেগটো চিঙি দে।" দীপে উৎসাহ জনালে।

" ই এইকন খাই তাৰ নিচা হৈছে। আমাক চা ভাই। এটা কাম কৰ চকুগিটা মুদি একে ঘোটতে চিঙি দে। হো ল এইপিছ লৈ ল।" স্ম'কড পৰ্ক এপিচ আগবঢ়াই দি অভিয়েও সহযোগ কৰিলে সিহঁতৰ লগত।

অভি, বিজিত আৰু দীপ মোৰ সহকৰ্মী। আচলতে সহকৰ্মীয়েই নহয় যথেষ্ট ভাল বন্ধু। চাৰিওটাৰে ঘৰ বেলেগ বেলেগত যদিও কৰ্মসূত্ৰে ভাল বন্ধু হৈ পৰিলো আমি। এই সৰু চহৰখনৰ মাজমজিয়াত থকা প্ৰাইভেট কোম্পানী এটাৰ চাকৰিয়াল আমিবোৰ। বিজিতৰ ঘৰ অৱশ্যে এইখন চহৰতে। তাক বাদ দি আমি তিনিওটা ঘৰ ভাড়া কৰি থাকো। অভি আৰু দীপ একেটা ঘৰতে যদিও মোৰ ৰুমটো অলপ আতৰত।

আজি বিজিতৰ বাৰ্থ দে। হাইৱেৰ কাষৰ ধাবা এখনত পাৰ্টী এটাৰ আয়োজন কৰিলে সি। অফিচৰ বাকী সকলক সৰুকৈ পাৰ্টী এটা দিলেও আমি তিনিটা তাৰ বাবে সুকীয়া। সময়ো হৈ আহিছে। ঘড়ীটোৱে ১১ বজাৰ ইংগিত দিলে। ৰাতি বেছি দেৰি হ'লে মালিকে বেয়া পাই। গেট বন্ধ কৰিবলৈ ৰখি থাকে তেওঁ। একে উশাহত শেষৰ পেগটো চিঙি দিলো। চিগাৰেট এটাৰো দুটামান পাফ মাৰি দিলো। গাটো ৰিমজিমাই গ'ল। ইতিমধ্যে সিহঁতেও নিজৰখিনি শেষ কৰিছিল।

কাউন্টাৰত বিজিতে বিলটো পে কৰাৰ পাছত আমি ওলাই আহিলো। ভৰি পাক খাই আহিছিল মোৰ। কোনোমতে নিজক কন্ট্ৰোল কৰি বিজিতৰ ইয়নখনৰ পাছ ছিটটোত নিজকে এৰি দিলো। কৰবাত যাবলৈ হলে এইখনেই আমাৰ একমাত্ৰ লগৰী। ৰুম অভিমুখে গাড়ী দৌৰাই দিলে বিজিতে। মিউজিক প্লেয়াৰত বাজি থকা ইংলিছ গানৰ তালে তালে আমি আগবাঢ়িলো। মোৰ মূৰটো বৰ গধুৰ গধুৰ লাগিল। পেটটো ফুলি অহাৰ নিচিনা লাগিল।চকু কেইটা জোৰকৈ মেলিব চেষ্টা কৰিলো।

"ভাই অলপ ৰখা গাড়ীখন।"কোনোমতে মাতটো উলিয়ালো। ৰাস্তাৰ একাষত গাড়ীখন ৰাখি দিলে বিজিতে। দৰ্জাখন খুলি ওলাই আহিলো কোনোমতে। হলহলাই বমি এসোপা ওলাই আহিল।

"এইদাল মানে। হো এইটো ল।" পানী বটল এটা আগবঢ়াই দিলে অভিয়ে। মুখখন কুলকুলি কৰি ভালকৈ ধুই ললো। অলপ ফৰকাল ফৰকাল লাগিল মোৰ। বমি খিনি কৰিহে যেন শান্তি পালো। আকৌ গাড়ী দৌৰাই দিলে বিজিতে।

চহৰৰ পৰা অলপ আতৰৰ গলি এটাত মোৰ ৰুম। টাউন চাৰি আলিৰ পৰা বাওফালে আহি গাড়ী খন ৰাখিলে বিজিতে। এইখিনিৰ পৰা খোজকাঢ়ি তিনিশ মিটাৰ মান গলেই ৰুম পাম।

"তহঁত গৈ থাক। এইকন পাৰিম মই।" গাড়ী ৰ পৰা নামিলো মি
"পাৰিবি নাই চিউৰ ক। নহলে থৈ আহিম ৰুমত।'' দীপে ক'লে।
"পাৰিম ভাই টেনচন নলবি।" মই লাহেকৈ কলো।
" নিচাত আছ কিন্তু। যত তত গৈ পৰি নাথাকিবি।" বিজিতে হাঁহি হাঁহি কলে।
"আৰে বমি কৰিলো যে বহুত কণ ফাটিল নিছা। টেনচন নলবি ৰুম পাই ফোন কৰি দিম।"

সিহঁতক বিদায় দি ৰুমলৈ খোজ ললো মই। নিচা।অলপ ফাটিছিল যদিও মূৰটো গধুৰ গধুৰ লাগি আছিল।অলপ দুৰ আহিয়ে ৰাজহুৱা শৌচাগাৰটো। জোৰকৈ পেচাব লাগিছিল মোৰ। তাতে সোমাই কামফেৰা কৰি ল'লো। ওলাই আহিয়েই গছজোপাৰ তলতে এজনী মহিলাক দেখিলো, কোলাত এটা কেচুৱা। আচৰিত লাগিল অলপ আগলৈকেতো কাকো চকুত পৰা নাছিল। হঠাৎ এগৰাকী মহিলা কৰ পৰা আহিল, তাকো কোলাত এটা কেচুৱা লৈ। তাতে এই মাজৰাতিখন। মোৰ ষষ্ঠ ইন্দ্ৰিয় ই যেন বিপদৰ ইংগিত দিলে। একো নোকোৱাকৈ পাৰ হৈ যাবলৈ ওলালো।

"শুনকচোন।" মহিলা গৰাকীয়ে মাত লগালে। নাযাও বুলি ভাবিও ওচৰ চাপিব লগা হ'লো। ভালদৰে লক্ষ্য কৰিলো। বয়স ৩০ৰ বেছি হব নালাগে। কিন্তু এই ৰাতিখন অকলে কি কৰিছে ইয়াত।

" এটা হেল্প কৰিব নেকি? মই অলপ টইলেটত সোমাম। ইয়াক পাচ মিনিটৰ কাৰণে অলপ ধৰি দিব পাৰিব নেকি?"আশাৰে সুধিলে তেওঁ। মনটোত অলপ সন্দেহ লাগিছিল। হলেও কিয় জানো অমান্য কৰিবলৈ টান পালো। কেচুৱাটো  মোৰ হাতত তুলি দি টইলেটলৈ সোমাই গল মহিলাগৰাকী। কেচুৱাটোৰ মুখখনলৈ চালো। কি ধুনীয়া গোল মুখ এখন। হয়তো তিনিমাহ মান হে হৈছে চাগে বয়স। সুন্দৰকৈ টোপনি গৈ আছে। জগাবলৈ বেয়া পালো। সাৰপায়েই কন্দা আৰম্ভ কৰিব, মোৰেই জঞ্জাল হব।

দহমিনিট মান পাৰ হৈ গল। কিন্তু মহিলাজনীয়ে ওলাই অহাৰ নামকে লোৱা নাই যে। ৰৈ ৰৈ অশান্তি লাগি গল মোৰ। হঠাৎ কেচুৱাটোৱে সাৰ পাই গ'ল। যিটো নিবিছাৰিছিলো সেইটোৱেই হ'ল। কান্দোন আৰম্ভ হৈ গল তাৰ। যিমানে নিচুকাবলৈ চেষ্টা কৰিলো সিমানেই বাঢ়ি হে গ'ল তাৰ কান্দোন। মহিলাজনীলৈ বিৰাট খং উঠিল মোৰ। ইমান কেয়াৰলেছ নে? মোৰ মনটোৱে যেন বিপদৰ উমান দিলে। মানুহজনীয়ে অকলশৰে পাই মোৰ লগত কিবা খেল খেলা নাই তো। এনেও এইৰাতিখন কেচুৱা লৈ এজনী মানুহ অকলে, কথাটো ৰহস‍্যময়।তেতিয়ালৈকে ভূত প্ৰেতৰ কথা মনলৈয়ে অহা নাছিল।

কেইবাবাৰো মাত লগালো মানুহজনীক, নাই সহাৰি নাপালো। হঠাৎ হাতখন চেচা চেচা অনুভৱ হল মোৰ।যেন বৰফ এটুকুৰা চুই আছো।এনে লাগিল যেন কেচুৱাটোৰ ওজন ঠিক বাঢ়ি গৈছে। নিচাত এনে হোৱা যেন লাগিছিল। কিন্তু কি আচৰিত সচাকৈ কেচুৱাৰটোৰ ওজন বাঢ়ি গৈ আছে, লগতে কান্দোনো। আচৰিত হলো মই। ৰাতিখন কি হৈছে মোৰ লগত। এইবাৰ আৰু আচৰিত কৰি কেচুৱাটোৰ ভৰি দুখন ক্ৰমাত দীঘল হৈ আহিল। গাটো জিকাৰখাই উঠিল মোৰ। চকুকেইটালৈ চালো তাৰ। পকা অঙঠাৰ নিচিনক ৰঙা হৈ গৈছে তাৰ চকুহাল। ইমান দিনে ভূতৰ কাহিনী কিতাপতহে পঢ়িছিলো, আজি সচাকৈয়ে!!!!! কিহে পাইছিল এইবোৰৰ পাল্লাত পৰিবলৈ। এইবাৰ সেই কেচুৱাটোৰ ক্ৰন্দন ফেউৰাৰ মাতৰ দৰে চিঞৰলৈ পৰিণত হ'ল। উফ!! কি বিভৎস সেই ক্ৰন্দন। ভয়ত মোৰ অন্ঠ কন্ঠ শুকাই গ'ল। এনে লাগিল আজিয়েই হয়তো মোৰ শেষ দিন। এইবাৰ কেচুৱাটোৰ হাত দুখন দীঘল হে আহিল। এইয়া কি মোৰ ডিঙিৰ ফালেইচোন আগুৱাই আহিছে। হাত ভৰিবোৰ কপিবলৈ লাগিল মোৰ। ঘামত সৰ্বশৰীৰ তিতি গৈছিল মোৰ। ভয়ত অলপ অলপকৈ থকা  মদৰ নিচাখিনি কেতিয়াবা ই পলাই পত্ৰং দিছিল। আগপিছ নুগুনি কেচুৱাটো দলিয়াই দিলো। কিন্তু এইয়া কি!!!! কেচুৱাটোচোন মাটিত নপৰি শূন‍্যত হে উপঙি আছে। ক্ৰোধেৰে চাই আছে মোলৈ। এইমুহুৰ্ততেই যেন আহি মোৰ ডিঙিত চপি ধৰিবহি। লগতে সেই ফেউৰাৰ দৰে বিভৎস চিঞঁৰ। নাৰায়ন কবচ, হনুমান চালিছা যি মনত আহিল এফালৰ পৰা গাই গলো। পলাবলৈ লৈয়ো যেন পৰা নাই মই। কিবা অদৃশ‍্য শক্তিয়ে যেন মোক ধৰি ৰাখিছে। কিছু আতৰত দেখিলো সেই ৰহস‍্যময়ী মহিলাক, কি ভয়ানক ৰূপ। খঙেৰে চাই আছে মোলৈ। কিচকিচিয়া চুলিখিনি সম্পূৰ্ণ কৈ মেলা আছে, চকুদুটাত অঙঠাৰ দৰে ৰঙা তাতকৈয়ো আচৰিত ভৰি দুখন ওলোটাকৈ ঘূৰ খোৱা। দাঁত নিকটাই মৰা সেই অট্টহাস‍্য। উস ইমান সময়ে যে হাৰ্ট ফেইল কৰা নাই মই!!!! কোনোবাই যেন কাণে কাণে কৈছে আজি তই শেষ। ভয়ত ঘামৰ পানী ,নাকৰ পানী, চকুৰ পানী একাকাৰ হৈছিল মোৰ। ইষ্ট দেৱতাক স্মৰণ কৰি সাহস অলপ গোটাই দৌৰিবলৈ আৰম্ভ কৰিলো মই। অট্টহাস‍্য কৰি খেদি আহিল তাই। পিচলৈ চাবলৈ সাহস নহল। কেৱল দৌৰিছো আৰু দৌৰিছো..........................

পিচদিনা নিজকে ৰুমৰ বিচনাত উদ্ধাৰ কৰিলো। মই বহুত দেৰি ৰুম নোপোৱাত মালিকে কিবা।বিপদ হৈছিল বুলি নিজেই আগবাঢ়ি আহিছিল। ফোন কৰি কথা দিও ফোন নকৰাত বিজিতহতেও ৰুম নোপোৱা বুলি ভাবি ওলটি আহিছিল। সকলোৱে মোক ৰাস্তাৰ কাষৰ পুলটোৰ ওচৰত পৰি থকা পাই ৰুমলৈ লৈ আনিছিল। গৰম পানী অলপ খাই আগদিনাৰ সকলো কথা বিবৰি কলো। ভয় তেতিয়াও ভগা নাছিল মোৰ। সকলোৱে নিছাত তেনেকৈ পৰি আছিলো বুলি ভাবিছিল। কথাবোৰ শুনি সকলো আচৰিত হল। সেইদিনা মনত যি ভয় খাইছিলো তাৰ পৰা সুস্থ হবলৈ মোক ছমাহমান লাগিছিল। ৰাতি অকলে কৰবালৈ যাবলৈ এৰি পেলাইছিলো। কিন্তু সেইৰাতিৰ মহিলাজনী আৰু শিশুটো মোৰ বাবে আজিও ৰহস্য হৈ থাকিল।

No comments:

Post a Comment