Tuesday, January 21, 2020

ছুটিগল্প, বাক্যবান

বাক্যবান
তুষাৰ ৰঞ্জন কাশ্যপ

মা ঢুকুৱা আজি পঁচিশ বছৰেই হ'ল। এই পচিশটা বছৰত এনে এটা দিন পাৰ হোৱা নাই যিদিনাখন মোৰ মা লৈ মনত পৰা নাই। প্ৰত্যেকটো ৰাতিয়েই মাৰ ফটোখন বুকুত সাবটি মই নিঃশব্দে কান্দিছো,কোনেও নেদেখাকৈ,নুশুনাকৈ।মোটা অংকৰ দৰমহা, পত্নী আৰু এহাল সন্তানেৰে সমাজৰ দৃষ্টিত এজন সফল সুখী মানুহ মই।কিন্তু এগালমান টকা আৰু পত্নী সন্তানৰ মৰমেও মোক আজিলৈকে সুখী কৰিব নোৱাৰিলে,হয়তো মৃত্যুলৈকে অসুখী মন এটা লৈয়ে জীৱনটো পাৰ কৰিব লাগিব মই।হয়তো এইয়া ভগৱানে মোক দিয়া শাস্তি।

দেউতাৰ মুখখন মোৰ ভালদৰে মনত নাই।এককথাত কবলৈ গ'লে দেউতাৰ মৰম অবিহনেই মায়ে মোক ডাঙৰ কৰিলে। আগতে অনুভৱ নকৰিলেও এতিয়া মই ভাবো স্বামী অবিহনে নিৰক্ষৰ এগৰাকী মহিলাৰ উঠি অহা ল'ৰা এটাক মানুহ কৰিবলৈ যাওতে কম কষ্ট কৰিব লগা হৈছিল নে? ডাঙৰ ডাঙৰ ডিগ্ৰী থাকিও, টকাৰ ভঁৰাল এটা থাকিওচোন সংসাৰ চলাবলৈ যাওতে মই খোজে প্ৰতি উজুটি খাওঁ। দেউতাৰ মৃত্যুৰ পাছত তাঁতশালখন আৰু হাঁহ-কুকুৰা কেইটাই আছিল মাৰ ঘৰখন চলাই নিয়াৰ একমাত্ৰ সাৰথি।দেউতা ঢুকুৱাৰ পাছত খুড়াহঁতে সম্পত্তিখিনি হাত কৰাৰ পাছত একেবাৰেই অকলশৰীয়া হৈ পৰিছিল মা।হলেও জীৱন যুঁজখনত হাৰি যোৱা নাছিল মা। মোৰ মুখখনলৈ চাই দেহাটোক পানী কৰি ৰাতি চাকিৰ পোহৰত জুপি জুপিও কাপোৰত ফুল বাছিছিল মায়ে।

পঢ়াত সৰুৰে পৰাই চোকা আছিলো মই।সেইকাৰণেই চাগে স্কুলৰ ছাৰহঁতে ইদিন কলমটো,সিদিন বহীখন দি মোক সহায় কৰি গৈছিল।ছাৰহঁতৰ বিশ্বাসবোৰক শ্ৰদ্ধা জনাই মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডাৰীত ভালদৰেই উত্তীৰ্ণ হৈছিলো মই। ইঞ্জিনীয়াৰ পঢ়িবলৈ সৰুৰে পৰাই মন আছিল মোৰ।কিন্তু ঘৰখনৰ অৱস্থাটোলৈ চাই ছিট পোৱাৰ পাছতো পঢ়িবলৈ সাহস কৰিব পৰা নাছিলো মই। হয়তো ঈশ্বৰ মোৰ প্ৰতি প্ৰসন্ন আছিল তেতিয়া।সুখবৰটো লৈ আনিছিল স্কুলৰ শৰ্মা ছাৰে। আমাৰ দৰে আৰ্থিকভাবে পিছপৰা ঘৰৰ লৰা-ছোৱালীখিনিক ডিগ্ৰী শেষ নোহোৱা পৰ্যন্ত প্ৰতিমাহে জলপানি দিয়াৰ ব্যৱস্থা কৰিছিল সেইবাৰ চৰকাৰে।মৰিবলৈ ধৰা আশাবোৰ সেইদিনা আকৌ জী উঠিছিল। ছাৰহঁতৰ সাহসতে মাৰ আশীৰ্বাদ লৈ এদিন ওলাই আহিছিলো মই আপোন গাঁওখনৰ পৰা।বাহিৰৰ পৃথিৱীখন ভালদৰে দেখাই নাছিলো মই তেতিয়ালৈ।গাঁৱৰ পৰা ওলাই আহি চহৰৰ হোষ্টেলৰ পৰিবেশত এদজাষ্ট হবলৈ সময় লাগিছিল মোৰ। প্ৰথমে একেবাৰেই ভাল লগা নাছিল মোৰ,মাৰ মুখখনলৈ সঘনাই মনত পৰিছিল।সময় বাগৰাৰ লগে লগে অভ্যস্ত হৈ পৰিছিলো মই। লগৰবোৰৰ লগত মৰা আদ্দাবোৰ,ৰাতিৰ পাৰ্টিবোৰৰ লগত লাহে লাহে এদজাষ্ট হৈ পৰিছিলো মই। ইমান দিনে মই দেখি অহা পৃথিৱীখনৰ বাহিৰেও এখন ৰঙীন পৃথিৱী দেখিছিলো মই।মাৰ কথা লাহে লাহে মনত নপৰা হৈছিল। বন্ধ পালেও ঘৰলৈ যাবলৈ মন নোহোৱা হৈছিল মোৰ।

বি টেক কৰাৰ এমাহ পাছতেই চাকৰিটো পাইছিলো মই,ঘৰৰ পৰা দূৰত।গাঁৱৰ ঘৰখনত মাক অকলে এৰিবলৈ মনে নকৈছিল সেইদিনা। ঘৰৰ ভেটিটো বিক্ৰী কৰি নতুন চহৰখনলৈ গুচি আহিছিলো মাক লগত লৈ।সেইদিনা মায়ে লুকাই লুকাই চকুলো টুকিছিল আপোন ভেটিটো এৰি আহিবলগীয়া হোৱাত।অৱশ্যে মোৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰা নাছিল মায়ে। পঢ়িবলৈ গাঁৱৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা মায়ে মোৰ কোনো কথাৰেই প্ৰতিবাদ কৰা নাছিল,মোৰ প্ৰত্যেকটো সিদ্ধান্ত মাথো মুৰ দুপিয়াই সন্মতি জনাইছিল। লাহে লাহে কিয় জানো মোৰ মাক বোজা যেন লগা হৈছিল,হয়তো মা নিৰক্ষৰ আছিল সেইবাবে। অফিচৰ কোনোবা মোৰ ঘৰলৈ আহিলে মাক তেওঁলোকৰ আগত চিনাকি কৰি দিবলৈ লাজ লাগিছিল মোৰ। মোৰ হৃদয়খন ইমানেই শিলৰ দৰে হৈ পৰিছিল যে মোৰ ৰিডিং আৰু অফিচৰ কাম কাজ কৰা ৰুমটোত মাক সোমাবলৈ দিবলৈ টান পাইছিলো মই। কি ঠিক পঢ়া শুনা নজনা মায়ে মোৰ অফিচৰ ফাইলত যদি ভুলতে কিবা কৰি পেলাই। হলেও মাৰ মনে নকৈছিল। মোৰ কোঠাটোত নিজেই ঝাড়ু দিহে শান্তি পাইছিল তেওঁ। আৰু এদিন তেনেকৈ ঘটি গৈছিল সৰু যেন লগা অথচ মোৰ জীৱনত ঘটা আটাইতকৈ ডাঙৰ ঘটনাটো।কামৰ হেচাত ভুলতে এদিন অফিচৰ ফাইল এটা মেলাকৈ থৈ গা-ধুবলৈ বাথৰুমত সোমাইছিলো মই। মোৰ ৰুমটো ঝাড়ু দিবলৈ তেতিয়াই মা সোমাইছিল ৰুমত। ৰুমটোত ওলোৱা আবৰ্জনাবোৰ চাফা কৰি মায়ে ভুলতে মোৰ ফাইলটোৰ পৰা মাটিত পৰি যোৱা কাগজ এখনতেই জাবৰখিনি সামৰি লৈ গৈছিল। মোৰ বাবে যথেষ্ট ইমপৰটেন্ট আছিল ফাইলটো। মুৰে কাম নকৰা হৈছিল মোৰ।এনেও মাৰ কাম কাজবোৰত ভীষণ অতিষ্ঠ হৈছিলো মই। চহৰৰ মাজত থাকিও গাঁৱৰ পুৰণিকলীয়া নিয়মবোৰ এৰিব নোৱাৰা মাক লৈ ভীষণ অশান্তি পাইছিলো মই। সেইদিনাৰ ঘটনাটোৱে মোৰ জ্বলি থকা জুইকুৰাত যেন ঘিউ হে ঢালিছিল।

"নিজৰ পুতেকৰ মুৰটো খাবলৈ জীয়াই আছা তুমি। এনেকৈ আৰু কিমান অশান্তি দিবা মোক। ভাবিছিলো চহৰত থাকিলে অলপ পুৰণা ঢংবোৰ এৰিবা।কিন্তু নাই তুমি গাঁৱৰ ভূত হৈয়ে আছিলা আৰু থাকিবা।মোক এনেকৈ অশান্তি দি থকাতকৈ গুছি যাবা কৰবালৈ।"

আৰু বহুতো কিবাকিবি কৈছিলো মই। মায়ে মুখেৰে একো কোৱা নাছিল।চাদৰৰ আগটোৰে চকুহাল মুছি মনে মনে ৰুমৰ পৰা ওলাই আহিছিল মা। সেইদিনা ভীষণ খং উঠিছিল মোৰ। দিনতো ঘৰৰ বাহিৰতে কটাইছিলো মই।মাৰ মুখখন চাবলৈ মন যোৱা নাছিল খঙতে। ৰাতি দেৰিকৈ ঘৰ সোমাইছিলো মই।মাক মাত এষাৰো নমতাকৈ ৰুমত সোমাই শুই গৈছিলো মই। ৰাতি উচুপনিৰ শব্দত হঠাৎ সাৰ পাইছিলো মই। হয় মই ঠিকেই শুনিছিলো,মায়ে কান্দিছিল।লাহে লাহে উচুপনিবোৰ গেঙনিৰ নিচিনা শুনিছিলো মই।একেজাপেই দৌৰি গৈছিলো ইটো কোঠালৈ। মাৰ দেহটো মাটিত পৰি আছিল, উশাহবোৰ কোনোমতে লৈ আছিল মায়ে। আকস্মিক এনে দৃশ্যত ঠৰ লাগি মাৰ কাষত বহি পৰিছিলো মই। মুখৰ মাত নোহোৱা হৈছিল মোৰ। বৰ কষ্টৰে মায়ে মোক কিবা কবলৈ চেষ্টা কৰিছিল,কিন্তু পৰা নাছিল।অলপ পৰ তেনেকৈ থাকি মোৰ কোলাত মুৰটো পেলাই মা শুই গৈছিল চিৰদিনলৈ।কিন্তু তাৰ আগত মোৰ হাতত গুজি থৈ গৈছিল এখন জাবৰ লাগি থকা কাগজ,সেই ফাইলটোৰ কাগজখন যিখনৰ বাবে দিনত মই  মাক বৰ বেয়াকৈ আঘাত কৰিছিলো শব্দৰে। মাৰ মৃত শৰীৰৰতো কোলাত লৈ কান্দি কান্দি ক্ষমা খোজাৰ বাহিৰে একোৱেই কৰিব পৰা নাছিলো মই।

সেইদিনা মোৰ বাক্যৰ বানত বেয়াকৈ শৰবিদ্ধ হৈছিল মা।হয়তো সেই আঘাত আছিল কোনো চোকা অস্ত্ৰৰ আঘাততকৈও বেদনাদায়ক।যাৰ আঘাত সহিব নোৱাৰি  মায়ে সেই ৰাতিয়েই গুচি গৈছিল মোক অকলে এৰি বহু দুৰলৈ; মোক এটা জীৱ যেন লগা জড় পদাৰ্থলৈ পৰিবৰ্তন কৰি। মা ঢুকুৱাৰ পাছতো জীৱনত মই বহুত উন্নতি কৰিছো। চাকৰিত মোৰ পদোন্নতি হৈছে,পুত্ৰ-কন্যাৰে এখন সুখৰ সংসাৰ হৈছে। কিন্তু সকলোবোৰ থাকিও মই আজি ভীষণ অসুখী।হয়তো মাৰ ওপৰত কৰা মানসিক অত্যাচাৰৰ বাবে ভগৱানে মোক দিয়া এইয়া ভীষণ শাস্তি।

(মোৰ এজন শিক্ষাগুৰুৰ জীৱনৰ সঁচা কাহিনী।অলপ নিজা ৰহন লগোৱা হৈছে)

No comments:

Post a Comment