Tuesday, January 21, 2020

ৰহস্য উপন্যাস, কলংকিত অধ্যায়


কলংকিত অধ্যায়
তুষাৰ ৰঞ্জন কাশ্যপ

                           (১)

     সন্ধ্যা চাহ কাপ হাতত লৈ নিউজ পেপাৰখনত চকু ফুৰোৱাতো প্ৰফেছৰ অমল কৃষ্ণ শৰ্মাৰ নিত্যনৈমিত্তিক অভ্যাস। সন্ধ্যাৰ পৰা ভাত খোৱা সময়লৈকে ৰিডিং ৰুমটোতে পাৰ কৰে তেওঁ। সেইসময়কণত বেলেগে ডিষ্টাৰ্ব দিয়াটো একেবাৰে ভাল নাপায় তেওঁ।অমল কৃষ্ণ শৰ্মা স্থানীয় ইউনিভাৰ্ছিটিখনৰ এজন নাম জ্বলা অধ্যাপক। বিশেষকৈ তেওঁৰ শিক্ষণশৈলী আৰু ষ্টুডেন্ট ফ্ৰেণ্ডলী বিহেভিয়াৰৰ বাবে ইউনিভাৰ্ছিটিৰ ষ্টুডেন্টৰ মাজত শৰ্মা বেছ পপুলাৰ ।পত্নী আৰু পুত্ৰৰে তিনিজনীয়া সংসাৰ তেওঁৰ।পত্নী নিবেদিতা এগৰাকী নাম থকা লেখিকা। চাহৰ কাপটো শৰ্মালৈ আগবঢ়াই নিজৰ কাপটো হাতত লৈ  কাষৰ চোফাখনতে বহিল পত্নী নিবেদিতা।

"ই বাবা কেতিয়া পাবহি। ফোন কৰিছিল নেকি?"পেপাৰৰ পৰা মূৰ নোতোলাকৈয়ে সুধিলে শৰ্মাই।

"নাই তাৰ ট্ৰেইন ৭ ঘন্টা লেট। ৰাতিপুৱাব চাগৈ সি আহি পোৱালৈ।" মেগাজিন এখন হাতত তুলি লৈ লাহেকৈ উত্তৰ দিলে নিবেদিতাই।

"ঠিক আছে ষ্টেছন পোৱাৰ আধা ঘন্টামান আগত তাক কল কৰিবলৈ কবা। মিছামিছি ট্ৰেইনত আহি টাইম লছ কৰিছে।"

ৰিয়ান, শৰ্মা আৰু নিবেদিতাৰ একমাত্ৰ সন্তান।বৰ্তমান অসমৰ বাহিৰত অধ্যয়নৰত। দিল্লীৰ আগশাৰীৰ কলেজ এখনৰ বায়টেকন'লজীৰ ছাত্ৰ ৰিয়ান। ছেমিষ্টাৰ শেষ কৰি এইবাৰ সৰহ দিন থকাকৈ আহিছে ৰিয়ান। অৱশ্যে প্ৰায়ে সি ফ্লাইটতে ঘৰলৈ আহে যদিও এইবাৰ কিনো মন গ'ল সি ট্ৰেইনত অহাৰ সিদ্ধান্ত ল'লে। সৰুৰে পৰা ঘৰৰ বাহিৰত থাকি পঢ়া ল'ৰা। সেয়হে ৰিয়ান ঘৰলৈ আহিলে পতি পত্নী দুয়ো কৰ্মব্যস্ততাৰ মাজতো সেইকেইদিন পুতেকক লৈ ব্যস্ত হৈ পৰে।

নীৰৱতাখিনি ভংগ কৰি শৰ্মাৰ ছেলুলাৰটোৱে উচ্চ স্বৰত চিঞঁৰি উঠিল। আন্ নউন নাম্বাৰ। বিশেষ চিন্তা নকৰি শৰ্মাই সহাৰি জনালে।
"হেল্ল' কোনে কৈছে।"

"কোনে কৈছো, কৰ পৰা কৈছো সেইটো ইম্পৰটেন্ট কথা নহয় প্ৰফেছাৰ। কিয় ফোন কৰিছো সেইটোহে ইম্পৰটেন্ট।"অচিনাকি কণ্ঠস্বৰ ভাহি আহিল।

"কি কব লগা আছে সোনকালে কওক। মই মানুহটো এনেও বিজি।"প্ৰফেছাৰে বিৰক্তিৰে কলে।

"জানো জানো প্ৰফেচৰ আপুনি বহুত বিজি মানুহ। কাৰণ ক্লাচৰ বাহিৰেও কলেজৰ  ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ৰেষ্টুৰেন্ট, হোটেলত সময় কটোৱা; এইবোৰ কামো আপোনাৰ নাথাকে জানো।" সিফালৰ পৰা তাচ্ছিল্যৰ সূৰ ভাহি আহিল।

"হোৱাট ননচেন্স!! কোনে অসভ্যালি কৰিছে এইবোৰ। কলেজৰ কোনোবা ষ্টুডেন্টে যদি এইটো কাম কৰিছ নহয়...."। প্ৰফেছাৰ শৰ্মা ৰিডিং ৰূমৰ পৰা পোনচাটেই বেলকনিলৈ ওলাই আহিল।

"ৰব নিচিঞৰিব। হা:হা: ক্লাচত খুব প্ৰশ্ন সোধাৰ অভ্যাস ন আপোনাৰ। কিন্তু আজি প্ৰশ্ন মই কৰিম, আপুনি মাত্ৰ উত্তৰ দিব। নেহাৰ লগত আপোনাৰ কি সম্পৰ্ক?" শৰ্মাই যিমান জোৰেৰে কথাখিনি কৈছিল তাতকৈও উচ্চ স্বৰত গৰজি উঠিল অচিনাকী কণ্ঠস্বৰ।

"কোন নেহা?"

"বাহ সুন্দৰ এক্টিংচোন আপোনাৰ। নিজৰ ষ্টুডেন্টকো এতিয়া চিনি নোপোৱা হ'ল। আপোনাৰ ডিপাৰ্টমেন্টৰ ষ্টুডেন্ট নেহা। কিয় আপুনিটো তাইৰ ৰিছাৰ্ছ গাইড। তাইৰ নামো পাহৰিব লাগেনে?" অচিনাক্ত ই ঠাট্টাৰ হাঁহি এটা মাৰি কলে।

"অ য়েচ নেহা নেহা। মনত পৰিছে হয়।" শৰ্মাই কোনোমতে মাততো উলিয়ালে।

"ষ্টুডেন্টক পঢ়ুৱাৰ নামত আপুনি এইবোৰেই কৰে নেকি প্ৰফেছাৰ? শুনিছো নেহাৰ লগত বোলে আপোনাৰ কেমেষ্ট্ৰিৰ বৰ ধুনীয়া ধুনীয়া ৰিয়েকচনৰ প্ৰেক্টিকেল চলিছে?ক্লাচতকৈ হেনো হোটেলৰ কোঠাতহে আপোনালোকৰ ৰিছাৰ্ছ টপিকৰ ডিছকাছন চ'লে?"

"মিছা কথা। এইবোৰ কোনোবাই মনে সজা কাহিনী। মোক বদনাম কৰাৰ ষড়যন্ত্ৰ চলিছে এইবোৰ।" অমলকৃষ্ণ শৰ্মা গৰজি উঠিল।

"বেছি চিঞৰি নেদেখুৱাব। আপোনাৰ আৰু নেহাৰ মধুৰ মধুৰ সময়ৰ সকলোবোৰ ফটো মোৰ লগত বৰ্তমান।"অচিনাক্ত ই খংত কলে।

"কিন্তু এইবোৰ আপুনি........" শৰ্মাই সেপঢুকি কোনোমতেহে মাতটো উলিয়ালে।

"কৈছোৱেই নহয় আজি প্ৰশ্ন মই কৰিম। আপুনি মাত্ৰ উত্তৰ দিব। প্ৰমান চাব বিছাৰে যদি এখন আপোনাৰ পত্নী লৈও চেন্দ কৰো।"

"নাই নাই প্লিজ। এইবিলাক নকৰিব।মোৰ সন্মান, ষ্টেটাছ এইবোৰ শেষ কৰি নেপেলাব।ইয়াৰ বিনিময়ত যি বিছাৰে তাকে দিবলৈ ৰাজি আছো মই।" প্ৰফেছৰৰ মাতটো কৰুণ হৈ উঠিল।

"গুড, এতিয়াহে লাইনত আহিছে। শুনক আঠ বজাত হাইৱেৰ কাষৰ শিব মন্দিৰটোৰ পৰা ১০০ মিটাৰ আঁতৰত আপোনালৈ অপেক্ষা কৰিম। অৰিজিনেল ফল্ডাৰটো পেন ড্ৰাইভ এটাত পাই যাব। আৰু তাৰ বাবে মাত্ৰ ৫ লাখ টকা। আৰু শুনক দৰ দাম কৰাৰ অভ্যাস মোৰ সৰুৰে পৰাই নাই।গতিকে পাচ লাখ মানে পাচ লাখ। ন বাৰ্গেইনিং।''

"কিন্তু পইছা দিয়াৰ পাছতো যদি......."

"নিখম হাৰামি কৰাৰ অভ্যাস মোৰ নাই। ৮ বজাত আপুনি অৰিজিনেল ফল্ডাৰটো পাই যাব। কিন্তু সাবধান চালাকি খটুৱাবলৈ চেষ্টা নকৰিব। নহলে কাইলৈ পুৱা ইউনিভাৰছিটিৰ ৱালে ৱালে আপোনাৰ গোপন ফটোবোৰ দেখিবলৈ পাব।" শৰ্মাক আৰু কোৱাৰ সুযোগ নিদি আচিনাক্ত ই ফোনৰ সংযোগ বিছিন্ন কৰিলে।

হুমুনিয়াহ এটা ওলাই আহিল শৰ্মাৰ মুখেৰে। নেহা তেওঁৰ ষ্টুডেন্ট। কি সুন্দৰ ৰূপ, ভৰ যৌৱনা, ঘন কেঁকোৰা ছুলিটাৰি,কাজল সনা দুচকু, লাৱনী হাঁহি। প্ৰফেছাৰ মুগ্ধ হৈ গৈছিল তাইৰ সৌন্দৰ্যত। তেওঁৰ ডিপাৰ্টমেন্টৰ অফিচ ৰূমত, কেন্টিনত প্ৰায়ে ৰিছাৰ্ছৰ ডিচকাছনৰ অজুহাতত লগ হৈছিল দুয়ো। লাহে লাহে কাষ চাপিছিল দুয়ো দুয়োৰে। পাহৰি পেলাইছিল তেওঁ, তেওঁৰ যে এখন ঘৰ আছে, এখন সংসাৰ আছে। সকলো পাহৰি দুয়ো একাত্ম হৈ গৈছিল, পাৰ কৰিছিল বহুতো নিশা কোনো অজ্ঞাত হোটেলৰ কোঠাত।

প্ৰফেছৰ যথেষ্ট সতৰ্ক আছিল এই ক্ষেত্ৰত। যথেষ্ট সাবধানতাৰে এই ক্ষেত্ৰত আগবাঢ়িছিল তেওঁ। তাৰ পিছতো? ঘড়ীটোলৈ চালে তেওঁ। ৭ বাজি পোন্ধৰ মিনিট। বাথৰূমত মুখ খন ধুই ললে তেওঁ। সাধাৰণতে সন্ধিয়া তেওঁ বিশেষ দৰকাৰ নহ'লে কলৈকো নাযায়। ছাৰ্ট পেন্ট পিন্ধা দেখি পত্নী নিবেদিতা অলপ আচৰিত হ'ল।

" কোনফালে যোৱা এই সময়ত।" নিবেদিতাই আচৰিত হৈ সুধিলে।

"ইম্পৰটেন্ট কাম এটা ওলালে। পটকৈ টাউনৰ পৰা আহিব লাগে।মই ঘূৰি আহি কৈ আছো তোমাক।" শৰ্মাই হাতসৰা মনোভাবেৰে উত্তৰ দিলে।

"এই ৰাতিখন কি ইম্পৰটেন্ট কাম ওলাল। ফোনটো কোনে কৰিছিল?" নিবেদিতাই যেন বিশ্বাস কৰিবলৈ টান পালে।

"কৈছো নহয় ঘুৰি আহি সকলো কম বুলি। এতিয়া মোৰ দেৰি হৈছে।মোৰ অলপ টাইম লাগিব পাৰে।তুমি ডিনাৰ কৰি শুই যাবা।হৰক কৈ থবা মোৰ কাৰণে ৰেডি কৰি ৰাখিবলৈ।" পত্নীক আৰু সুধিবলৈ সুযোগ নিদিলে শৰ্মাই। চুটকেছটো হাতত লৈ তেওঁ গেৰেজলৈ আগবাঢ়িল। নিবেদিতাই আৰু কিবা কিবি কৈছিল, তেওঁৰ কাণত নোসোমাল। গাড়ী স্টাৰ্ট কৰি হাইৱে অভিমুখে গাড়ী পোনাই দিলে তেওঁ। নিশাৰ আন্ধাৰ ফালি আগবাঢ়িল তেওঁৰ ব্লেক কালাৰৰ বেলেন'খন।

                           (২)

    ১১ বজালৈকে শৰ্মা ওভতি নহা দেখি পত্নী নিবেদিতা অলপ চিন্তাত পৰিল। সাধাৰণতে ৰাতি কতো ওলাই নোযোৱা মানুহটো ১১ বজালৈকে ঘৰ নোপোৱাত নিবেদিতা ভিতৰি ভিতৰি ভীষণ চিন্তিত হল। চাৰি পাচবাৰ মান ফোন লগোৱাৰ পাছতো  সিফালৰ পৰা সহাৰি নোপোৱাত নিবেদিতাৰ ষষ্ঠ ইন্দ্ৰিয় ই যেন বিপদৰ সংকেত দিলে। তাতে ঘৰৰ পৰা ওলাই যাওতে শৰ্মাৰ আচৰণ আছিল যথেষ্ট অস্বাভাবিক। ভিতৰি ভীষণ অস্থিৰ হৈ নিবেদিতাই ভায়েকলৈ ফোন লগালে।

"হেল্ল' ক'ত আছ তই?"

"ঘৰতে আছো। কছোন।" ভায়েকে আনমূৰৰ পৰা সহাৰি জনালে।

"ভিনিহিয়েৰে ফোন কৰিছিল নেকি তোলৈ?" নিবেদিতাই উৎকণ্ঠাৰে সুধিলে।

"মই অথনি এবাৰ কৰিছিলো। কাম এটাত টেনপুৰৰ ফালে হাইৱে ওচৰত থকা বুলি কলে। কিয় এতিয়ালৈকে পোৱাহিয়েই নাই নেকি?" ভায়েক প্ৰবালে উত্তৰ দিলে।

"নাই পোৱাহি অ। আনকালেটো এইটো সময়ত ওলাই নাযায়।"

" ৰচোন তই টেনচন নলবি। মই কিবা এটা কৰি আছো। মই তহঁতৰ ঘৰলৈকে গৈ আছো ৰ।"

প্ৰবালে ফোনৰ সংযোগ বিছিন্ন কৰিলে।
প্ৰবাল নিবেদিতাৰ ভায়েক। জুনিযয়ৰ কলেজ এখনৰ প্ৰফেছাৰ।আছলতে ভায়েক মানে নিবেদিতাৰ পাতি লোৱা ভায়েক।ইউনিভাৰ্ছিটিত পঢ়ি থাকোতে নিবেদিতাই প্ৰবালক ভায়েক পাতি লৈছিল।সেই তেতিয়াৰে যি সম্পৰ্ক আজিলৈকে থাকি গ'ল।অৱশ্যে তেজৰ সম্পৰ্ক নাথাকিলেও প্ৰবাল নিবেদিতাৰ আপোন ভায়েকৰ দৰে। প্ৰফেছাৰৰ ঘৰৰ পৰা প্ৰবালহঁতৰ ঘৰ প্ৰায় দুই কি:মি: আতৰত। গতিকে বিপদে আপদে ইঘৰে সিঘৰক ওচৰতে পায়।শৰ্মাৰ ঘৰত কিবা প্ৰবলেম ওলালে প্ৰবাল তৎক্ষণাত আহি উপস্থিত হয়। মুঠতে তেজৰ সম্পৰ্ক নাথাকিলেও শৰ্মাৰ ঘৰত প্ৰবাল এজন স্থায়ী সদস্য।

খবৰতো পোৱাৰ লগে লগে প্ৰবাল লগালগ আহি উপস্থিত হ'ল। নিবেদিতাৰ চকুহাল লক্ষ্য কৰিয়েই সি বুজিব পাৰিলে, হয়তো কিবা এটা ডাঙৰ সমস্যা হৈছে ভিনিহিয়েকৰ।

"যাওতে তোক কিবা কৈ গৈছিল নেকি?" প্ৰবালে নিবেদিতাক উদ্দেশ্য কৰি সুধিলে।

"নাজানো। কৰবাৰ পৰা ফোন এটা আহিছিল।তাৰ পাছতেই লৰালৰিকৈ কৰবাত যাব ওলাল। মই সুধিছিলো, কিন্তু ঘুৰি আহি সকলো কম বুলি কৈ ওলাই গ'ল।"

"আচৰিত। কাৰ ফোন আছিল বাৰু! ইমান ৰাতি কি ইম্পৰটেন্ট কাম ওলালনো। আগে পাছেতো তেনেকুৱা হোৱা দেখা নাই?"

"মই ও তাকেই ভাবিছো। ফোনটো অহাৰ পাছত তেওঁক বৰ চিন্তাত পৰা যেন লাগিছিল।"

"আচ্ছা বাৰু ঘৰৰ পৰা যাওতে খালী হাতেৰে গৈছিল নে তেওঁ?" প্ৰবালে উৎকণ্ঠাৰে সুধিলে।

"হাতত ছুটকেছটো লৈ যোৱা দেখিলো। খুব সম্ভব  পইছা লৈ গৈছে নেকি?নাজানো আৰু এইবোৰ কি নতুনকৈ আৰম্ভ হবলৈ লৈছে ঘৰখনত।হে ভগবান! মানুহজনৰ যাতে একো নহয়।" নিবেদিতাৰ মাতটো শেষৰ ফালে থোকাথোকি হৈ আহিল।

" ৰবিচোন। তই চিন্তা নকৰিবি। আমিবোৰ আছো নহয়। সব ঠিক হব। কিন্তু আচৰিত! ইমান ৰাতি কাক প্ইছা দিবলৈ গৈছিল তেওঁ। পুলিচত জনোৱাই ভাল হ'ব নেকি?"

সময়বোৰ যিমানেই গৈ থাকিল সিমানেই অস্থিৰতা, উৎকণ্ঠা আৰু চিন্তাবোৰ বাহি আহিল ঘৰখনত। উৎকণ্ঠাবোৰ শেষ কৰি নিবেদিতাৰ মোবাইলটো হঠাৎ উচ্চস্বৰত বাজি উঠিল।

"হেল্ল' এইটো ড৹ অমলকৃষ্ণ শৰ্মাৰ ঘৰ হয়নে।" আনমুৰৰ পৰা কণ্ঠস্বৰ ভাহি আহিল।

"হয়। মই তেখেতৰ পৰিবাৰেই কৈ আছো। আপুনি?" নিবেদিতাই সহাৰি জনালে।

" মই টেনপুৰৰ অ.চি বিমল মহন্ত ই কৈছো।"

"হয় কওকচোন। তেখেতৰ কিবা বিপদত পৰা নাই তো?" নিবেদিতাই ব্যগ্ৰ হৈ সুধিলে।

"আচলতে টেনপুৰৰ শিব মন্দিৰটোৰ পৰা কিছুদুৰ আগত হাইৱেৰ ছাইদত এটা মৃতদেহ পোৱা গৈছে। আমাৰ সন্দেহ মৃতদেহটো আপোনাৰ স্বামী প্ৰফেছৰ শৰ্মাৰ।"

"নাই...................." বিকট চিঞঁৰ এটা মাৰি ছোফাখনত ঢলি পৰিল নিবেদিতা।।।।।।
   
       ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

  মৃতদেহটো ভালদৰে প্ৰতক্ষ্য কৰিলে অ.চি বিমল মহন্ত ই। ডিঙি আৰু বুকুত শাণিত অষ্ট্ৰৰে আঘাত কৰিছে দুৰ্বৃত্ত ই। মৃতদেহৰ পৰা ওলোৱা তেজবোৰে কাষত ডোঙা বান্ধি কৰাল মাৰি গৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি হত্যা কাণ্ড সংঘটিত হোৱা কমছেকম ২ ঘন্টাৰ ওপৰত হৈছে। আচৰিত হাইৱেৰ কাষত ইমান নিখুতভাবে হত্যাকাণ্ডটো হৈ গল অথচ কাৰোৰে চকুত নপৰিল। মৃতদেহটোৰ কিছু আতৰত পৰিতক্ত অৱস্থাত আছিল শৰ্মাৰ বেলেন'খন। মহন্ত ই অনুমান কৰিলে নিশ্চিত ভাবে ডকাইটিজনিত কাৰণত হত্যা কাণ্ডটো হোৱা নাই। মৃতদেহটোৰ চাৰিওফালে এবাৰ চকু ফুৰালে মহন্ত ই। সন্দেহজনক একো চকুত নপৰিল।

"এখেতক এই অৱস্থাত প্ৰথম কোনে দেখিছিল?" কাষৰ মানুহৰ জুমটোলৈ উদ্দেশ্যি প্ৰশ্ন।কৰিলে অ.চিয়ে।

"ছাৰ আমি দুজনে।" জুমটোৰ পৰা মানুহ দুজন আগুৱাই আহিল। মহন্ত ই মানুহদুজনলৈ  লক্ষ্য কৰিলে। পিন্ধনত মলিয়ন পোছাক। মূৰত গামোছা। হাত ভৰি বোৰ অপৰিস্কাৰ।

"আপোনালোক ইমান ৰাতি এইফালেৰে কি কামত আহিছিল?"

"ছাৰ আমি বেপাৰী মানুহ। ঘৰলৈ ঘূৰি আহোতে সদায় ইমান সময়েই হয়।" এজনে উত্তৰ দিলে

"আচ্ছা, এখেতক এনেদৰে দেখি আপোনালোকে প্ৰথম কি কৰিছিল।"

"ছাৰ আমি প্ৰথম ভীষণ ভয় খাইছিলো। এইবোৰত সোমাবলৈ মনেই নাছিল। তাৰ পাছতেই এখেত আহি পায়।" আদহীয়া মানুহ এজনৰ ফালে আঙুলিয়াই দেখুৱালে বেপাৰী দুজনে।

" ছাৰ এইফালেৰে অলপ আগলৈ মোৰ ছোৱালী জনীৰ ঘৰ। তাতে সইতনাৰায়ন এভাগ আছিল। তাৰ পৰা আহি থাকোতেই এওলোকক দেখা পালো। তাৰ পাছতেই মই থানালৈ ফোন লগাও।" ধূতি পাঞ্জাবী পৰিহিত ব্যক্তিজনে উত্তৰ দিলে।

" আপোনালোকে এইফালে আহি থাকোতে সন্দেহজনক কাৰোবাক প্ৰতক্ষ্য কৰিছিল নেকি?"
"নাই ছাৰ"। গোটেই কেইজনে একেলগে উত্তৰ দিলে।

"ঠিক আছে, আপোনালোক এতিয়া যাব পাৰে। কিন্তু প্ৰয়োজনত আকৌ থানালৈ মাতিম।" মহন্ত ই আকৌ এবাৰ চকু ফুৰালে। নাই হত্যাকাৰী বেছ ছালাক। একো ক্লু এৰি যোৱা নাই। ইতিমধ্যে প্ৰবাল আহি উপস্থিত হৈছিল। শৰ্মাৰ মৃতদেহটোলৈ চকু গল প্ৰবালৰ। নাই আৰু চাই থাকিব নোৱাৰিলে।নিজৰ চকুলোক সি বাধা দিব নোৱাৰিলে। মৃতদেহটো চাই উচুপি উঠিল প্ৰবাল।প্ৰফেছাৰ শৰ্মা তাৰ ভিনিহিয়েকেই নহয়,।প্ৰবালৰ বাবে তেওঁৰ স্থান আছিল পিতৃতকৈও ওপৰত।

"আপুনি?" মহন্ত ই প্ৰবালক উদ্দেশ্যি কলে।

"মোৰ নাম প্ৰবাল দত্ত। এখেতৰ লগত মোৰ তেজৰ সম্পৰ্ক নাথাকিলেও মই এখেতৰ ঘৰৰ মানুহৰ দৰে।এখেতৰ পত্নীয়ে মোক ভাইটি পাতিছিল।" নিজৰ চকুহাল মোহাৰি উত্তৰ দিলে প্ৰবালে।

"কিন্তু এখেতৰ পৰিয়াল।"

"ভিনদেউৰ পৰিয়ালত মাত্ৰ তেওঁৰ পত্নী আৰু পুত্ৰ। খবৰতো পাই বাইদেউৱে ছেন্স হেৰুৱাই পেলাইছে। বৰ্তমান তেওঁ চিকিৎসাধীন। আৰু ৰিয়ান! সিটো এইবোৰ একো গমেই নাপায়। সি কাইলৈহে ঘৰ পাবহি। সি আহি পোৱাৰ পাছত ঘৰখনত যে কি পৰিস্থিতিৰ সৃষ্টি হব।" প্ৰবালৰ মাতটো শেষৰ ফালে থোকাথুকি হৈ আহিল।

"বাৰু প্ৰফেছৰৰ কৰোবাৰ লগত  ব্যক্তিগত শত্ৰুতা আছিল নেকি? অ.চি মহন্ত ই সুধিলে।

"মই জনাত কাৰো লগত শত্ৰুতা থাকিব পৰা ব্যক্তিয়েই নহয় তেওঁ। নিজৰ ব্যক্তিত্বৰ বাবে খুবেই জনপ্ৰিয় আছিল তেওঁ। কলেজতো ষ্টুডেন্টৰ মাজত বেছ পপুলাৰ আছিল তেওঁ।"

 " ঠিক আছে বাৰু কিন্তু পোষ্টমৰ্টেম ৰিপৰ্টটো নহালৈকে আমি একো কব নোৱাৰিম। বাৰু তেওঁৰ স্বভাব চালচলনত কিবা অস্বাভাবিকতা লক্ষ্য কৰিছিল নেকি আপোনালোকে?"
 ফৰ্মেলিটিছ খিনি শেষ কৰি মৃতদেহ পোস্টমৰ্টেমৰ বাবে পঠাবলৈ নিৰ্দেশ দিলে মহন্ত ই।

" তেনে কোনো অস্বাভাবিকতা নাছিল। কিন্তু আজি সন্ধিয়া এটা ফোন অহাৰ পাছতেই তেওঁ ঘৰৰ পৰা ওলাই আহিছিল তেওঁ। বাইদেউৱে কোৱা মতে ফোনটোৰ পাছত ভীষণ চিন্তিত দেখা গৈছিল তেওঁক। আৰু তাতকৈও আচৰিত ভিনদেউৱে অহাৰ সময়ত হাতত এটা ছুটকেছ লৈ আহিছিল। হয়তো তাত টকা আছিল বৃহৎ পৰিমাণে। বাইদেউৰ সন্দেহ।" জনাখিনি সকলো ব্যক্ত কৰিলে প্ৰবালে।

"আচৰিত কাৰ ফোন হব পাৰে।"-- মহন্ত ই উৎসুকতাৰে সুধিলে।

"নাই ছাৰ। সেই বিষয়ে বাইদেৱকো তেওঁ জনোৱা নাছিল।"

"ঠিক আছে আপুনি এতিয়া যাওক। এইসময়ত সেই ঘৰখনত আপোনাক এতিয়া বিশেষ প্ৰয়োজন। কাইলৈ আবেলিলৈ আহি আপোনালোকে মৃতদেহটো লৈ যাব পাৰিব। এইখিনি তথ্যৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্ৰয়োজনত আকৌ আপোনাক বিচাৰিম কিন্তু।"

"নিশ্চয় ছাৰ। অতি সোনকালে হত্যাকাৰীক বিছাৰি আপোনালোকে কঠোৰতকৈ কঠোৰ  শাস্তি দিয়ক। তাৰ বাবে যিমান সহায় লাগে ক'ব। আমি যিমান পাৰি সহায় কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহো। " প্ৰবালে বিদায় ল'লে।

গ'ল্ড ফ্লেক এটা জলাই গাড়ী খন ষ্টাৰ্ট কৰিলে মহন্ত ই। আচৰিত এজন প্ৰফেছাৰক কোনে এনেকৈ হত্যা কৰিব পাৰে? কোনে ফোন কৰিছিল প্ৰফেছাৰক? সেই ফোন কলটোত কি এনে কথা লুকাই আছে যাৰ বাবে পত্নীকো নজনোৱাকৈ  ৰাতি হাতত টকাৰ বেগ লৈ ওলাই আহিছিল প্ৰফেছাৰ? সকলোবোৰ কথা জানিবলৈ প্ৰথমে উদ্ধাৰ কৰিব লাগিব প্ৰফেছাৰৰ ফোনটো। কিন্তু হত্যাকাৰী ইমানেই ছালাক যে প্ৰফেছাৰক হত্যা কৰি ফোনটোও লগত লৈ গৈছে। ক'ৰ পৰা আৰম্ভ কৰিব তেওঁ? কেনেকৈ আগবাঢ়িব কেছটোত? কথাবোৰ ভাবি ভাবি থানা অভিমুখে গাড়ী দৌৰাই দিলে অ.চি বিমল মহন্ত ই।

                           (৩)

      সম্পূৰ্ণ তিনিটা দিন পাৰ হোৱাৰ পাছতো অ.চি মহন্ত ই একো এটা ক্লু বিছাৰি উলিয়াব পৰা নাই। এজন দক্ষ আৰক্ষী বিষয়া হিচাপে অঞ্চলটোত এটা সুনাম আছে মহন্তৰ। বহুত দাগী দাগী অপৰাধীৰ নাকী লগাইছে তেওঁ। এককথাত কবলৈ গলে টেনপুৰত কোনোবাই কিবা অসৎ কাম কৰাৰ আগতে মহন্তৰ কথা কেইবাবাৰো ভাবিবলৈ বাধ্য হয়। কিন্তু প্ৰফেছাৰৰ কেছটোৱে তেওঁক যথেষ্ট বিপাঙত পেলাইছে। কোনফালৰ পৰা আৰম্ভ কৰিব তেওঁ ভাবিব ই পৰা নাই। প্ৰায়বোৰ কেছতেই হত্যা কাৰীয়ে কিবা নহয় কিবা এটা ভুল কৰি পেলাই, কিন্তু এইবাৰ হত্যাকাৰী যেন কিছু পৃথক। অতি নিখুত পৰিকল্পনাৰে নিজৰ কাম কৰি আতৰি গৈছে। অৱশ্যে সোধপোছ কৰাৰ ক্ষেত্ৰতো এইটো কেছ অলপ পিছ পৰি আছে। প্ৰফেছাৰক এনেদৰে হেৰুৱাই পত্নী আৰু পুত্ৰ ৰিয়ান সম্পূৰ্ণ ৰূপে ভাগি পৰিছে। এইসময়ত সোধপোছ কৰি তেওঁলোকক মানসিক অশান্তি দিবলৈ মনে নকলে মহন্তৰ।

"সোমাব পাৰো নে অফিচাৰ?" কোঠাটোৰ নিৰৱতা খিনি ভংগ কৰি সোমাই আহিল ড৹ ৰূপম বৰুৱা। ৰূপম বৰুৱা প্ৰফেছৰ শৰ্মাৰ সহকৰ্মীয়েই নহয়, শৰ্মাৰ খুব ভাল বন্ধু। কেছটোত কিবা সহায় হব বুলিয়েই প্ৰফেছৰ বৰুৱালৈ ফোন কৰিছিল অ.চি মহন্ত ই। ড৹ বৰুৱা সেইসময়ত ক্লাছত আছিল বাবে থানালৈকে অহাৰ প্ৰতিশ্ৰুতি দিলে।

" আপোনাক এনেকৈ থানালৈ মাতি অনাৰ বাবে দুখিত প্ৰফেছৰ। কিন্তু তিনিদিন পাৰ হৈ গল এতিয়ালৈকে আমি এই কেছটোত অলপো আগবাঢ়িব পৰা নাই। আপুনি প্ৰফেছৰ শৰ্মাৰ খুব ভাল বন্ধু বুলি জানিলো। মোৰ অনুমান হয়তো আপুনি তেখেতৰ এনে কিছুমান কথা জানিব যিখিনি হয়তো আনে নাজানে।" বৰুৱাক বহিবলৈ দি মহন্ত ই আৰম্ভ কৰিলে।

"আপোনাৰ অনুমান ভুল নহয় অফিচাৰ। অমল মোৰ সহৰ্মীয়েই নহয় স্কুলীয়া দিনৰে সহপাঠীও। পিছে আপুনি কি ভাবে, আপোনাৰ অনুমানত অমলক কেনে ব্যক্তি যেন লাগে।" ৰূপম বৰুৱাই প্ৰশ্ন কৰিলে মহন্তক।

"চাওক ব্যক্তিগতভাবে মই তেখেতক লগ পোৱা নাই।  এতিয়ালৈকে যিমানখিনি আনৰ পৰা শুনিলো প্ৰফেছৰ শৰ্মা ইউনিভাৰ্ছিটিতেই নহয় গোটেই অঞ্চলতোৰে এজন সন্মানীয় ব্যক্তি আছিল। কিন্তু তেখেতৰ হয়তো আনে নজনা কিবা গোপন অধ্যায় আছিল যাৰ বাবে আজি তেওঁ এই কাণ্ডৰ বলি হব লগা হল। মোৰ অনুমান নিশ্চয় ভুল নহয়।'

"য়েচ আপুনি ঠিকেই ভাবিছে। সন্মানীয় প্ৰফেছৰ হলেও তাৰ জীৱনৰো এক কলংকিত অধ্যায় আছে যিটো বহুতেই হয়তো নাজানে।" বেকা হাঁহি এটা মাৰি আৰম্ভ কৰিলে প্ৰফেছৰ বৰুৱাই।

"কথাখিনি অলপ খোলাকৈ কওক প্ৰফেছাৰ"।

" প্ৰফেছৰ হিচাপে সি যিমানেই পপুলাৰ নহওক লাগিলে, কিন্তু নাৰীৰ প্ৰতি তাৰ দুৰ্বলতা আছিল অত্যাধিক।নেহা!  অমল মেজৰ গাইড আছিল নেহাৰ। যিকোনো পুৰুষকেই আকৰ্ষণ কৰিব পৰা চেহেৰা ছোৱালীজনীৰ। মেজৰ গাইদ হোৱাৰ সুবিধাতেই অমলৰ ৰুমলৈ সঘন আহ যাহ চলিছিল নেহাৰ।দুয়ো বহুত ওচৰ চাপিছিল দুয়োৰে। কথাটো  দেৰিকৈ গম পাইছিলো মই। এজন বন্ধু হিচাপে কেইবাবৰো বুজাইছিলো তাক। বুজাইছিলো তাক নেহা তাৰ জীয়েকৰ দৰে, পত্নী পুত্ৰৰে এখন সুখৰ সংসাৰ আছে তাৰ। কিন্তু তেতিয়ালৈ অমল নেহাৰ প্ৰেমত উটি ভাহি গৈছিল। হয়তো নেহাও। কিন্তু ইয়াৰ পৰিণতি যে ইমান ভয়াবহ হ'ব সেইয়া কল্পনাও কৰা নাছিল চাগে অমলে।" কৈ গল সকলো খিনি ৰূপম বৰুৱাই।

"আচৰিত!এজন নাম জ্বলা প্ৰফেছাৰ হৈ? বাৰু হত্যা কাণ্ড হোৱাৰ কিছুদিন আগত আপুনি অমলকৃষ্ণ শৰ্মাৰ ক্ষেত্ৰত কিবা অস্বাভাবিকতা লক্ষ্য কৰিছিল নেকি?"

"তেনে কোনো পৰিবৰ্তন দেখা নাছিলো মই। কিন্তু এটা কথা। কিছুদিন আগতে ডা৹ বিবেক পালৰ ওচৰলৈ কেইবাবাৰো গৈছিল অমল,লগত আছিল নেহা।"

" যদি এইটোৱেই মেইন মটিভ হয় হত্যাকাণ্ডৰ তেন্তে কোনে হত্যা কৰিলে শৰ্মাক।" মহন্ত কিছু চিন্তাত পৰিল।

"সেইখিনিলৈ কেনেকৈ আগবাঢ়ে সেইয়া আপোনাৰ দায়িত্ব অফিছাৰ। মোৰ ফালৰ পৰা যিমান খিনি জানো আপোনাক জনালো। ভবিষ্যতে কিবা সহায়ৰ প্ৰয়োজন হলে জনাব।উইছ য়ু অল দা বেষ্ট অফিছাৰ। আশাকৰো আপুনি সোনকালেই সফল হব। তেন্তে মই এতিয়া উঠো?"

"নিশ্চয়, বহুত ধন্যবাদ এইখিনি তথ্যৰ বাবে। কিন্তু নেহা বৰ্তমান ক'ত আপুনি জানে নেকি?"

"মই জনাত হত্যা কাণ্ড হোৱাৰ আগদিনাই বেমাৰৰ অজুহাতত নেহাক দেউতাকে ঘৰলৈ লৈ গৈছে।" কথাখিনি কৈ প্ৰফেছাৰ ৰূপম বৰুৱাই বিদায় ল'লে।

মহন্তৰ মুখত সামান্য হাঁহি বিৰিঙিল। য়েচ কেছটোত আগবাঢ়িবলৈ তেওঁ কিবা অলপ তথ্য পাইছে।

"গগৈ প্ৰফেছাৰ আৰু নেহা সঘনাই ডা৹ পালৰ ওচৰলৈ যোৱাটো সন্দেহজনক নহয়নে?"

"য়েচ চাৰ মোৰো কিছু সন্দেহ হৈছে।" কনিষ্টবল গগৈয়েও নিজৰ সন্মতি প্ৰকাশ কৰিলে।

"গগৈ আপুনি ইমিডিয়েট ডা৹ পালৰ ওচৰলৈ যাওক। এনে কি কাৰণ আছিল প্ৰফেছাৰৰ সঘনাই তালৈ যোৱাটো। কি ঠিক কিবা  নতুন সন্ধান পাওৱেই বা।" কনিষ্টবল গগৈক নিৰ্দেশ দি পোষ্টমৰ্টেম ফাইলটোত আকৌ এবাৰ চকু ফুৰালে অ.চি মহন্ত ই।
             
          ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

      কলিংবেল বজোৱাৰ কিছুসময় পাছতেই দৰ্জাখন খুলি দিলে শৰ্মাৰ ঘৰৰ পুৰণি বিশ্বাসী লগুৱা হৰকান্ত ই।

" মিছেছ শৰ্মাৰ বৰ্তমান অৱস্থা কেনে?" ৰুমটোত এবাৰ চকু ফুৰাই প্ৰশ্ন কৰিলে মহন্ত ই।

"আগতকৈ অলপ শান্ত হৈছে তেওঁ। কিন্তু কথাবোৰ মনত পেলাই আকৌ কন্দাকটা আৰম্ভ কৰে মেডামে। খোৱাবোৱা সকলো পাহৰি পেলাইছে তেওঁ।ৰিয়ান বোপাৰো একেই। আগতে ঘৰ আহিলে কিমান যে ফূৰ্তি হৈছিল। কিন্তু এতিয়া, কি ঘৰখন কি  যে হৈ থাকিল।" ডিঙিৰ গামোছাখনেৰে চকুপানী মুছিলে হৰ ই।

" আচ্ছা ,এইখন ঘৰত আপোনাৰ কিমান দিন হ'ল?"

"প্ৰায় বিশ বছৰ"। হৰকান্ত ই উত্তৰ দিলে।

"তেন্তে এইখন ঘৰৰ বহু কথাই আপুনি জানে? বাৰু আপোনাৰ মালিকৰ লগত মালিকনীৰ সম্পৰ্ক কেনেকুৱা আছিল।"

"ভালেই আছিল ছাৰ।" হৰ ই যেন কিবা লুকুৱাবলৈ চেষ্টা কৰিলে।মহন্তৰ চকুত নপৰাকৈ নাথাকিল।

"মিছা নকব আপুনি। মিছেছ শৰ্মাৰ বাহিৰেও কলেজৰ এজনী ষ্টুডেন্টৰ লগত অবৈধ প্ৰেম আছিল শৰ্মাৰ। আৰু ইয়াক লৈ মিছেছৰ লগত সঘনাই বাকযুদ্ধ হৈছিল তেওঁৰ। এই কথা সচানে।" পুলিচি কায়দাৰে হৰক জব্দ কৰিলে কনিষ্টবল গগৈয়ে। হৰ ই কিছু ইতঃস্ততবোধ কৰিলে।

"সচাখিনি কলে আপোনাৰেই মংগল।" অ.চি মহন্তৰ মাতটো কঠোৰ হৈ পৰিল।

" মিছা নকও ছাৰ। এই লৈ ছাৰ আৰু মেডামৰ প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল। কিন্তু এইবোৰ কথা তেখেতৰ সন্মানৰ খাতিৰতে মেডামে কাকো কব বিছৰা নাছিল। বহুত ভাল পাইছিল মেডামে তেখেতক। কিন্তু তেওঁ আছিল সম্পূৰ্ণ বিপৰীত। আনকি মেডাম নথকাত সেই ছোৱালী জনীক প্ৰফেছাৰে নিজৰ বেডৰুমলৈও আনিছিল বহুবাৰ।" থোকাথোকি মাতেৰে কৈ গল হৰ ই।

"ঠিক আছে আপুনি মেডামক মাতক। তেখেতৰ লগতো অলপ কথা হও।"

ধীৰ খোজেৰে শোৱনি কোঠাৰ পৰা নামি আহিল নিবেদিতা। মহন্ত ই লক্ষ্য কৰিলে। স্বামীক হেৰুৱাই সম্পূৰ্ণ ভাগি পৰিছে মানুহজনী।চকুৰ গুৰিবোৰ ক'লা পৰি গৈছে তেওঁৰ।

"এইসময়ত আপোনাক কষ্ট দিয়াৰ অলপো মন নাছিল। কিন্তু গুৰুত্বপূৰ্ণ কথা কিছুমান সুধিবলৈ আপোনাক মাতিব লগা হ'ল। হয়তো হত্যা কাৰীক ওলিয়াবলৈ আপোনাৰ কথাখিনিয়ে আমাক যথেষ্ট সহায় কৰিব।" মহন্ত ই দেৰি নকৰি আৰম্ভ কৰিলে।

"হয় কওক। মই বুজি পাও এইবোৰ।" নিবেদিতাই সহাৰি জনালে।

"ইউনিভাৰ্ছিটিৰ নেহা চৌধুৰী নামৰ ছোৱালী জনৰ লগত আপোনাৰ স্বামীৰ অবৈধ সম্পৰ্ক ৰ কথা আপুনি জানে মিছেছ শৰ্মা?" বেলেগ প্ৰশ্নৰ অবতাৰনা নকৰি পোনচাটেই সুধিলে মহন্ত ই।

"এইবোৰ সকলো কাৰোবাৰ মনে সজা ঘটনা।প্লিজ মৃত্যুৰ পাছত অন্তত ঃ তেওঁক বদনামী নকৰিব।" নিবেদিতাই চিঞৰি উঠিল।

"কিন্তু আপোনাৰ ঘৰৰে লগুৱা হৰকান্ত ই স্বীকাৰ কৰিছে এইসকলোবোৰ আপুনি জানে আৰু ইয়াক লৈ তেখেতৰ লগত আপোনাৰ প্ৰায়ে কাজিয়াৰ সৃষ্টি হয়।" নিবেদিতা নিশ্চুপ হৈ ৰল।

"চাওক মেডাম আমি হত্যা কাৰীৰ নিছেই ওচৰত। আপোনাৰ অলপ সহায়ে হত্যা কাৰী কৰায়ত্ত হোৱাত যথেষ্ট সহায় কৰিব।" গগৈয়ে বুজনিৰ সুৰত ক'লে।

চকুপানীখিনি মুছি ল'লে নিবেদিতাই।
 "তেখেতৰ সেই কলংকিত অধ্যায়ৰ কথা মই পাহৰিবলৈ চেষ্টা কৰিছো বৰ্তমান। বহুত বাৰ বুজাইছিলো তেওঁক মৰেমেৰে। চেষ্টা কৰিছিলো এই জালখনৰ পৰা তেওঁক আতৰাবলৈ। কিন্তু তেওঁ যেন নাচোৰবাণ্ডা। এইবোৰ কথা ওলালেই আতৰি যাই তেওঁ মোৰ ওচৰৰ পৰা। হয়তো মোৰেই ভুল আছিল। মই চাগে তেওঁ বিছৰা ধৰনৰ হব পৰা নাছিলো।" নিজৰ চকুলোক বাধা দিব পৰা নাছিল নিবেদিতাই।

"তেওঁৰ এইবোৰ কথা আপোনাৰ বাদে আন কোনোবাই জানিছিল?

"প্ৰথমে কাকোৱেই জানিব দিয়া নাছিলো। কিন্তু এদিন ফোনত কথা পাতোতে ৰিয়ানৰ ওচৰত ধৰা পৰি গৈছিলো মই। আৰু তেখেতক বুজাব নোৱাৰি প্ৰবালকো কৈছিলো এদিন সকলোবোৰ। সিও বুজাইছিল তেওঁক। কিন্তু একো লাভ নহ'ল।"

"কিন্তু তেখেতৰ এই অবৈধ সম্পৰ্কৰ বাবে নেহা তেখেতৰ সন্তানৰ মাক হবলৈ ওলাইছিল। এই কথা আপুনি জানেনে?"

"হোৱাট !!কি কৈছে এইবোৰ আপুনি! ছিঃ এইবোৰ শুনাৰ আগত মই মৰি নগলো কিয়।বিশ্বাস কৰক এইবোৰ কথা আমি একেবাৰেই নাজানো।"

"আপোনাক দুখ দিয়াৰ ইচ্ছা আমাৰ নাছিল। কিন্তু...... ।আচ্ছা ৰিয়ানক লগ পাম নেকি?" মহন্ত ই সুধিলে।

"সি বৰ্তমান ঘৰত নাই। মোমায়েকৰ লগত অলপ ওলাই গৈছে। ভিতৰি ভিতৰি সিও ভাগি পৰিছে। প্লিজ অফিছাৰ এইবোৰ কথা আপুনি গোপন কৰি ৰাখিব। তেওঁৰ সমাজত থকা সন্মান খিনি শেষ কৰি নেপেলাব।" নিবেদিতাই অনুনয়ৰ সুৰত ক'লে।

"যিমান পাৰো চেষ্টা কৰিম। কিন্তু তদন্তৰ খাতিৰত এইবোৰ কথা বেছিদিন লুকাই নাথাকিব মেডাম।" বিদায় ললে অ.চি মহন্ত আৰু গগৈয়ে।

" কি ভাবিছে ছাৰ। কোনে হত্যা কৰিব পাৰে বাৰু প্ৰফেছাৰক।" গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈ সুধিলে গগৈয়ে।

" সকলো লাহে লাহে পৰিস্কাৰ হ'ব। তাৰ আগতে নেহাৰ লগত কিছু কথা পতাৰ যথেষ্ট প্ৰয়োজন। বলক এপাক নেহা চৌধুৰীকো দেখা কৰি আহো। তেওৰ এড্ৰেছটো আপুনি কালেক্ট কৰিছিল নহয়?"

"য়েছ ছাৰ।"

"তেন্তে পলম নকৰি বলক।"
চিগাৰেট এটা জলাই আগছিটত বহি পৰিল অ.চি মহন্ত।অ.চি ৰ নিৰ্দেশত তিতাবৰ অভিমুখে  গাড়ী পোনাই দিলে কনিষ্টবল গগৈয়ে।

                            (৪)

তিতাবৰৰ টাউন চাৰিআলিৰ পৰা সোফালে সোমাই অলপ দুৰ গৈয়ে নেহাৰ ঘৰ।ঠিক ঘৰ নহয় যেন এক ৰাজ অট্টালিকা। গাড়ীৰ পৰা নামি এবাৰ চাৰিওফালে এবাৰ চকু ফুৰালে অ.চি মহন্ত আৰু গগৈয়ে। ৰাস্তা পদুলি বনাওতে চাৰি পাচ মাহতে মাছ জীয়াব পৰা গাতৰ সৃষ্টি হলেও নিজৰ ঘৰখন কিন্তু বেছ ভালদৰেই নিৰ্মাণ কৰিছে নেহাৰ পিতৃ ঠিকাদাৰ প্ৰকাশ চৌধূৰীয়ে। মহন্তৰ মুখেৰে তাচ্ছিল্যৰ হাঁহি এটা ওলাই আহিল। কলিং বেল বজোৱাৰ কিছু সময় পাছতেই সৰু ল'ৰা এজন ওলাই আহিল। পোছাক পাতিতেই বনকৰা ল'ৰা যেন অনুমান হ'ল মহন্তৰ।

"আমাৰ যদি ভুল হোৱা নাই, নিশ্চয় এইটো ঠিকাদাৰ প্ৰকাশ চৌধূৰীৰ ঘৰ।" কনিষ্টবল গগৈ য়ে আৰম্ভ কৰিলে।

"হয়। এইটো তেখেতৰে ঘৰ।" লগুৱা যেন লগা লৰাটোৱে উত্তৰ দিলে।

"তেখেতৰ লগত অলপ কথা আছিল।'

"ছাৰ ঘৰতেই আছে। আহক বহকহি। মই তেখেতক মাতি দিছো।"' ভিতৰৰ কোঠা এটাত মহন্ত আৰু গগৈক বহিবলৈ দি ভিতৰলৈ সোমাই গল লৰাটো।

"আপোনালোক?" প্ৰকাশ চৌধুৰীৰ মাতটোত সন্বিত ঘূৰি আহিল মহন্তৰ।

"মই টেনপুৰ পুলিচ ষ্টেচনৰ অ.চি বিমল মহন্ত।" আৰু এখেত কমল গগৈ।"পেপাৰখন লাহেকৈ টেবুলত থলে মহন্ত ই।আপাদমস্তক লক্ষ্য কৰিলে মহন্ত ই। অলপ বয়সৰ চাপ পৰিলেও নিজৰ স্বাস্থ্যৰ প্ৰতি যে চৌধুৰী যথেষ্ট সচেতন সেইয়া দেখিয়েই ধৰিব পাৰিলে মহন্ত ই।

"টেনপুৰ টেনপুৰ...... সেইটো এৰিয়াত  আজিলৈকে কিবা কাম লোৱাটো মোৰ মনত নপৰে।" প্ৰকাশ চৌধুৰীয়ে যেন কিবা মনত পেলাবলৈ চেষ্টা কৰিলে।

"টেনপুৰৰ লগত অৱশ্যে আপোনাৰ সম্পৰ্ক কি সেই বিষয়ে এইসময়ত আমি আলোচনা কৰিবলৈ অহা নাই মি: চৌধুৰী। আচলতে আমি আহিছো নেহাৰ লগত অলপ কথা হবলৈ।"। পুলিচি মেজাজেৰে আৰম্ভ কৰিলে মহন্ত ই।

"নেহা? তাইৰ লগত কি কথা থাকিব পাৰে আপোনালোকৰ। কিন্তু তাইতো বৰ্তমান ঘৰত নাই।" প্ৰকাশ চৌধুৰী যেন কিছু আচৰিত হ'ল।

" নাই মানে। ক'ত গৈছে?নে আপুনিয়েই ইচ্ছা কৰি কৰবালৈ পঠাইছে তাইক।" গগৈৰ মাতটো কঠোৰ হল অলপ।

"কি কব বিছাৰিছে আপুনি? মই ইচ্ছা কৰি তাইক ইয়াৰ পৰা কৰবালৈ পঠিয়াম? আপুনি পগলা হ'ল নেকি?"

"হুহ পগলা আমি হোৱা নাই মি: চৌধুৰী। হৈছে যদি নিজৰ সন্মান হেৰোৱাৰ ভয়ত আপুনি হৈছে।" মহন্তৰ মাতটো কঠোৰ হৈ পৰিল ক্ৰমাৎ।

"বিশ্বাস কৰক আপুনি, তাই কিছুদিনৰ বাবে চেন্নাই গৈছে মোমায়েক-মামীয়েকৰ তালৈ।"

"পিছে কিবা কাৰণত নে এনেই ফুৰিবলৈ?"

"নাই তাই বহুদিনৰ পৰা কৈয়ে  আছিল চেন্নাই ফুৰাৰ কথা। তাতে এইকেইদিন মোমায়েকৰো অফিচ ছুটী। অৱশ্যে তাইৰ সৰুৰে পৰা বেমাৰ এটাও আছিল। এইবাৰ একে যোৱাতে দেখুৱাই আহিব কৈছো।" অকনো খোকোজা নলগাকৈ কলে চৌধুৰীয়ে।

"অহ আই ছি। এনি ৱে কংগ্ৰেছুলেছন চৌধুৰী।"

"ফৰ হোৱাই অফিছাৰ?" চৌধুৰী অলপ আচৰিত হল।

"কিয় আপুনিতো ককা হবলৈ ওলাইছে"। আছল শৰপাত এতিয়াহে এৰিলে মহন্ত ই।

"হোৱাট! কি অভদ্ৰামি আৰম্ভ কৰিছে অফিছাৰ।মুখ চম্ভালি কথা কব অফিছাৰ।" চৌধুৰী গৰজি উঠিল।

"ভদ্ৰতাৰ কথা আপুনি আমাক শিকাব নালাগে চৌধুৰী। অমলকৃষ্ণ শৰ্মা নামৰ প্ৰফেছাৰজনৰ লগত অবৈধ সম্পৰ্ক আছিল আপোনাৰ ছোৱালীৰ। যাৰ ফলত আজি আপোনাৰ ছোৱালী প্ৰেগনেন্ট। এই কথা আপুনি ভালদৰে জানে আৰু সমাজত আপোনাৰ যি উচ্চ আসন সেইয়া জহি খহি যোৱাৰ ভয়ত আপুনি আপোনাৰ ছোৱালীক সমাজৰ পৰা আতৰ কৰি বৰ্তমান অসমৰ বাহিৰলৈ পঠাইছে, হয়তো এবৰছন কৰাবৰ বাবে।" মহন্তৰ চকু দুটা ৰঙা পৰি গৈছিল।

" এইবোৰ সকলো মিছা কথা। আপুনি হয়তো নাজানে আপুনি কাৰ লগত কথা পাতি আছে। ইচ্ছা কৰিলে......" চৌধুৰীৰ মাত গৰম হৈ আহিল

"ৰব। ইমান সময়লৈকে আপোনাৰ লগত এজন সাধাৰণ মানুহ হিচাপেই কথা পাতি  আছো। কিন্তু মোৰ ভিতৰৰ আচল পুলিচটোক জগাই নলব চৌধুৰী। আৰু শুনক কেইটামান টকাৰ কাৰণে আপোনাৰ ভৰিৰ তলত পৰি আপোনাৰ গুণানুকীৰ্তন কৰা বিধৰ মানুহ নহয় মই। গতিকে একো নুলুকুৱাই সকলো খুলি কোৱাই মংগল আপোনাৰ।" মহন্তৰ মগজটো গৰম হৈ উঠিছিল। খঙত তেওঁৰ দুই উঠ কপি উঠিছিল। কথাখিনি কৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে চৌধুৰীলৈ তেওঁ। মহন্তৰ সেই চাৱনি সহ্য কৰিব নোৱাৰি তলমূৰ কৰিলে প্ৰকাশ চৌধুৰীয়ে।

" মাক নোহোৱা ছোৱালী জনীক অলপো টোপ পৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰিছিলো মই। একোৰে অভাব হবলৈ দিয়া নাছিলো মই। হয়তো বেছি মৰম পাইয়েই তাই উন্মনা হৈ গৈছিল। কলেজলৈ যোৱাৰ পৰা বেছি চঞ্চল হৈ পৰিছিল তাই। হয়তো মোৰেই ভুল আছিল। কেতিয়াও টানকথা শুনি নোপোৱা ছোৱালী জনীক গালি দিবলৈ গৈও ৰৈ যাও মই। সিদিনা ৰাতি কান্দি কান্দি এইসকলোবোৰ কৈছিল তাই। সমাজৰ আগত মোৰ সন্মান হেৰোৱাৰ ভয়ত পিছদিনাই তাইক ঘৰলৈ লৈ আনিলো মই আৰু সিদিনা মোমায়েকৰ লগত কথা পাতি চেন্নাইলৈ পঠাই দিলো তাইক। এজন পিতৃ হিচাপে সকলোৱেই এইখিনি কৰিব। ইয়াত কি মোৰ ভুল হল অফিছাৰ?" চশমাজোৰ খুলি চকুপানীখিনি মুছি ললে তেওঁ। "কিন্তু সেই প্ৰফেছাৰজনক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম মই। ঈশ্বৰে জঘন্য শাস্তি দিব তেওঁক।"

"তেখেতে ইতিমধ্যেই তাৰ বাবে চৰম শাস্তি পাইছে চৌধুৰী।"

"মানে?"

"যোৱা সাত তাৰিখে তেওঁক কোনোবাই হত্যা কৰিছে।" গগৈ য়ে মাত লগালে।

"কি????" চৌধুৰী আচৰিত হৈ চিঞৰি উঠিল।

" কিন্তু কোনে হত্যা কৰিলে তেওঁক?"

"মই জনাত নেহাৰ লগত থকা গোপন অধ্যায়ৰ বাহিৰে বেলেগ একো কাৰণ নাছিল যাৰ বাবে তেওঁক কোনোবাই হত্যা কৰিব। গতিকে হত্যা কাণ্ডৰ ক্ষেত্ৰত প্ৰথমেই সন্দেহ আহে প্ৰফেছাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত।কিন্তু হত্যা কাণ্ডৰ সময়ত প্ৰফেছাৰৰ পত্নী ঘৰতেই আছিল। গতিকে......"

"মানে।কি কব বিছাৰিছে আপুনি। মই তেওঁক হত্যা কৰিছো। বিশ্বাস কৰক অফিছাৰ তেখেতৰ মৃত্যুৰ খবৰ আপোনাৰ পৰাই প্ৰথম পালো।"

"হো হো হা হা হা হা.......। কিন্তু মই টো কোৱাই নাছিলো তেনেকৈ। আপুনিহে...... আপোনাৰ কথাষাৰ এনেকুৱা  হৈছে যে গোসাইঘৰত কোন মই কল খোৱা নাই" ঢেকঢেকাই হাঁহি দিলে মহন্ত ই।

"প্লিজ অফিছাৰ বিশ্বাস কৰক। কাৰোবাক হত্যা কৰিব পৰাকৈ ইমান বেয়া মানসিকতাল মানুহ নহয় মই।" চৌধুৰীৰ মাতটো থোকাথোকি হৈ পৰিল।"ৰবচোন অফিছাৰ তেখেতৰ মৃত্যু কোনদিনা হৈছিল?" হঠাৎ কিবা মনত পৰাৰ দৰে কৈ উঠিল তেওঁ।

"৭ তাৰিখে ৰাতি" গগৈয়ে চমুকৈ ক'লে।

"কিন্তু সেইদিনা পুৱাই মই আৰু নেহা গুৱাহাটী লৈ গৈছিলো। আবেলি ৪টাত তাইৰ ফ্লাইট আছিল। আৰু ৰাতি অকলে উভতি নাহি সেইদিনা ৰাতি হোটেল অশোকতে মই ৰৈ দিছিলো।" মহন্ত ই যেন মানিবলৈ টান পালে।

" আপোনাৰ বিশ্বাস হোৱা নাই যদি নিজাকৈ ইনভেষ্টিগেছন চলাই চাব পাৰে অফিছাৰ।"

"ঠিক আছে বাৰু। কিন্তু হত্যা কাৰী ধৰা নপৰালৈকে আপুনি উইদআউট মাই পাৰমিছন চহৰৰ বাহিৰলৈ যাব নোৱাৰিব।"
দোধোৰ মোধোৰ মন এটা লৈ ওলাই আহিল মহন্ত। আচৰিত হৈছে তেওঁ।প্ৰতিবাৰেই হত্যা কাৰীৰ ওচৰ চাপিছে বুলি তেওঁ ভাবে কিন্তু প্ৰতিবাৰেই কৰবাত নহয় কৰবাত তেওঁ যোগসূত্ৰ হেৰুৱাই পেলায়।

"গগৈ এই কেছটোৱে বৰ দোমোজাত পেলাইছে হে আমাক। আপুনি এটা কাম কৰক প্ৰফেছাৰৰ লগত জড়িত সকলো ব্যক্তিৰ শেহতীয়া  সকলো এক্টিভিটি , প্ৰতিটো কামৰ ডিটেইলছখিনি কালেক্ট কৰক। লাষ্ট ওৱান ওইকত তেওঁ লোকে কি কি কৰিছিল, ক'ত ক'ত গৈছিল সকলো। আনকি তেওঁৰ ফেমিলি মেম্বাৰ সকলৰো।"

গগৈক নিৰ্দেশ দি গাড়ীত বহি পৰিল অ.চি মহন্ত।

                ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

      "ছাৰ সোমাব পাৰোনে?" অ.চি মহন্তৰ পাৰমিছন লৈ সোমাই আহিল  এজন যুৱক।

"তুমি?'

"ছাৰ মই অনুপম। ইউনিভাৰ্ছিটিৰ ষ্টুডেন্ট। ফাইনেল ইয়েৰ।এটা বিশেষ কথা কবলৈ আছিল। শৰ্মা ছাৰৰ কেছটো সম্পৰ্কত।"

"য়েচ য়েচ কোৱা চোন।" মহন্ত উদগ্ৰীব হৈ উঠিল।

"ছাৰ হত্যা কাণ্ডৰ দিনা ৰাহুল আৰু বিনীতে শৰ্মা ছাৰলৈ ব্লেকমেইল কৰি ফোন কৰিছিল।মোৰ বোধেৰ ছাৰ এই হত্যা কাণ্ডত সিহঁত জড়িত।"

"ৰাহুল আৰু বিনীত কোন?"

" ছাৰ মোৰ সৈতে একে বেটছৰ। আমাৰ হোষ্টেলৰ।"

"আচৰিত এইবোৰ তুমি কেনেকৈ জানিলা?"

"ছাৰ ৰাহুলৰ ৰুম মোৰ ৰুমৰ কাষতে। গতিকে তাৰ ৰুমত কিবা কথা পাতিলে মই অলপ অলপ শুনা পাও। যোৱাকালি ৰাতি মোৰ বহুত দেৰিলৈ টোপনি যোৱা নাছিল। ৰাতি প্ৰায় একমান বজাত ৰাহুল আৰু বিনীতৰ কিছু কথা মোৰ কানত পৰিছিল। ছাৰৰ নেহাৰ লগত থকা সম্পৰ্কৰ দোহাই দি ব্লেকমেইলিং কৰি ৫ লাখ টকা বিছৰা, তেওৰ ফোনটো সিহঁতৰ লগত থকা ইত্যাদি বহুত কথা শুনিছো মই। ছাৰ সন্দেহ নহয় মই একপ্ৰকাৰ কনফাৰ্ম সিহঁতেই হয়তো......." সকলো কৈ গল অনুপমে।

"কিন্তু সিহঁতে তেখেতক কিয় হত্যা কৰিব। কি কাৰণ থাকিব পাৰে?"

"ছাৰ ৰাহুলৰ গাৰ্লফ্ৰেণ্ড আছিল নেহা। কিন্তু প্ৰফেছাৰৰ লগত এইবোৰ কথা জনাৰ পাছতেই সঘনাই কাজিয়া হৈছিল সিহঁতৰ আৰু অলপ দিন আগত ব্ৰেক আপ হৈছিল সিহঁতৰ। হয়তো ৰাহুলে ছাৰৰ ওপৰত প্ৰতিশোধ ল'লে। হোষ্টেলত মদ খোৱাৰ পাছত ৰাহুলে প্ৰায়েই শৰ্মা ছাৰৰ ওপৰত ৰিভেঞ্জ লোৱাৰ কথা চিঞৰি চিঞৰি কৈছিল। কিন্তু প্লিজ ছাৰ আপোনাৰ আৰু মোৰ এই কথাখিনি যাতে আন কোনেও গম নাপায়। নহলে হয়তো সিহঁতে মোকো......"

"তুমি টেনছন নলবা ডেকালৰা। এই খিনি তোমাৰ আৰু মোৰ বাহিৰে বেলেগে গম নাপাই কথা দিলো মই। এনিৱে থেংক ইউ চ' মাছ। তোমাক কি বুলি ধন্যবাদ জনাম ভাষাই বিছাৰি পোৱা নাই।হয়তো এইটো কেছৰ শেষ প্ৰান্তত আহি পাইছোহি আমি।"
অনুপমে বিদায় ল'লে। মহন্তৰ মুখেৰে এমোকোৰা হাঁহি ওলাই আহিল। হয়তো এইবাৰ তেওঁ সফল হ'ব।

"মে আই কাম ইন ছাৰ।" কনিষ্টবল গগৈয়ে দুৱাৰ মুখৰ পৰাই সুধিলে।

"য়েছ য়েছ।"

"ছাৰ  প্ৰফেছৰ শৰ্মাৰ লাষ্ট ফোন কলৰ ডিটেইলছখিনি আহি পালে। হত্যা কাণ্ডৰ দিনা সন্ধিয়া তেখেতলৈ এটা নম্বৰৰ পৰা কেইবাবাৰো ফোন কল আহিছিল। সন্ধান কৰি গম পালো সেই নম্বৰটো কোনোবা ৰাহুল কাকতিৰ নামত ৰেজিষ্টাৰ আছে।আচৰিত কথা ছাৰ সেই ফোনটোৰ লাষ্ট লোকেছন ইউনিভাৰ্ছিটিৰ হোষ্টেল নাম্বাৰ নাইন আহিছে।" ফাইলটো আগবঢ়াই দিলে গগৈয়ে।

"ৱেল দান গগৈ। তেতিয়াহলে অনুপমৰ কথাখিনি মিছা নহয়।" মহন্ত ই ফাইলটোত চকু ফুৰাই কলে।

"কোন অনুপম ছাৰ?"

"এজন লৰা আহিছিল ইউনিভাৰ্ছিটিৰ পৰা। বহুতো কথাই কৈ গল কেছটোৰ সম্পৰ্কত। গগৈ আমি হত্যা কাৰীৰ পৰা হয়তো মাত্ৰ কেইখোজমান আঁতৰত। বলক তেতিয়া।"

"কোনফালে ছাৰ"। গগৈয়ে অবাক নেত্ৰে ছালে মহন্তলৈ।

"কিয় প্ৰফেছাৰৰ হত্যাকাৰীক এবাৰ লগ পাব মন যোৱা নাই জানো আপোনাৰ?আহক গাড়ীত সকলো কৈ আছো আপোনাক।"
ৰহস্যময় হাঁহি এটা মাৰি ওলাই আহিল মহন্ত। খোকোজা মন এটাৰে কিবি ভাবি ভাবি পিছ ল'লে কনিষ্টবল গগৈয়ে।

                            (৫)

"ভাই মোৰ কিন্তু বিৰাট ভয় লাগিছে।কেতিয়াবা ফছি যাম ভাই।" বিনীতে যিমান পাৰি ফুছফুছাই কোৱাদি ক'লে কথাষাৰ।

"ধেই এইদাল। ইমান ভয় কৰিলে কেনেকে হব।" ৰাহুল খেচখেচাই উঠিল।

"হলেও ভাই মিছামিছি মোৰ জেলৰ ভাত খাবলৈ মন নাই। যি হ'ল হ'ল, পুলিচক সব কৈ দিওগৈ ব'ল।" ভয়াৰ্ত কণ্ঠৰে বিনীতে ক'লে।

"হুহ তই কৈ দিবি আৰু পুলিচে মানি ল'ব। মৰিব খুজিছ হা। নিজেই নিজেই ফচি মৰিবলৈ মন গৈছে। ধেই তোক লগত লোৱাতোৱেই ভুল আছিল।" ৰাহুলৰ কথাত ঠাট্টাৰ সুৰ ফুটি উঠিল।

"তই নুবুজিবি। এইকেইদিন শোৱতে, খাওতে বহোতে উঠোতে কেৱল ছাৰৰ মুখ খনেই দেখি আছো মই। উস ৰাস্তাৰ কাষত পৰি থকা ছাৰৰ মৃতদেহটো,মইযে জীৱনত নাপাহৰিম। ইমান নিষ্ঠুৰকৈ মানুহক হত্যা........" বিনীতে যথেষ্ট ভয় খাইছে। ৰাহুলে অনুমান কৰিলে।

"ছুপ এইবোৰ কথা পতা একদম বন্ধ কৰ। কাকো বিশ্বাস কৰিব নোৱাৰ আজিকালি।বেৰৰো কান থাকে।তই টেনচন নোলোৱাকৈ বিন্দাছ থাক না। আৰে আজি চাৰিদিন হ'ল এতিয়ালৈকে পুলিচ আমাৰ ওচৰলৈ আহিল নেকি? ভাগ্য ভাল আছিল মই ছাৰৰ ফোনতো সিদিনা লৈ আহিলো। নহলেতো আজি....'

"কিন্তু পুলিচে যদি ছাৰৰ ফোন নাম্বাৰৰ কল লিষ্ট ছেক কৰে তেতিয়া? তোৰ নাম্বাৰটোৱেইটো ওলাব। তেতিয়া কি কৰিবি?

""টক্ টক্ টক্।"

হঠাৎ  দৰ্জাখনত কোনোবাই নক্ কৰাত উচপ খাই উঠিল দুয়োটা। "কোন?" ভয়াৰ্ত কণ্ঠেৰে দুয়োটাই একেলগে মাত লগালে। ইমান সময়ে পাতি থকা কথাবোৰ কোনোবাই শুনি যোৱা নাইটো?

"আমি" বাহিৰৰ পৰা গলগলীয়া মাত এটা ভাহি আহিল।

"কোন আমি? নাম নাই নেকি?" ৰাহুলে সাহসেৰে সুধিলে।

"খুলিলে দেখিবিয়েই নহয় কোন।" কনিষ্টবল গগৈৰ মাতটো আৰু কঠোৰ হ'ল আগতকৈ।খোলো নোখোলৈকে দৰ্জাখন খুলি দিলে ৰাহুলে। সন্মুখত পুলিচ দেখি উচাপ খাই উঠিল দুয়োটা।আকষ্মিক পুলিচৰ আগমনৰ বাবে অকণো প্ৰস্তুত নাছিল সিহঁত।

"আ..আপোনালোক? ইয়াত?" কোনোমতে মাতটো ওলাল ৰাহুলৰ।

"কি হল দেখি ভয় লাগিছে নে আচৰিত হৈছ?" বেকা হাঁহি এটা ওলাল মহন্তৰ

"নহয় মানে আমাৰ হোষ্টেলত আপোনালোক। কিবা হৈছে নেকি?" মনৰ ভয় খিনি লুকুৱাবলৈ চেষ্টা কৰিলে ৰাহুলে।

"বহুত হৈ গল অ ডেকালৰা। কি ভাবিছিলি কাৰোবাক হত্যা কৰি এনেকৈ মুকলিমনেৰে ঘূৰি ফুৰিবি আৰু আমি হাত সাবটি বহি থাকিম। তহঁতৰ খেলখন শেষ হ'ল। এতিয়া আমি আৰম্ভ কৰিম আমাৰ খেল। এজন প্ৰফেছাৰক হত্যাৰ অপৰাধত তহঁতক এৰেষ্ট কৰা হল।গগৈ এৰেষ্ট দেম।" মহন্তৰ কাঢ়া আদেশত সিহঁতৰ হাতত হেণ্ডকাফদাল লগাই দিলে গগৈয়ে।

"ছাৰ,আমি একো কৰা নাই ছাৰ। প্লিজ আমাৰ কথাটো শুনিবলৈ চেষ্টা কৰক। আপুনি ভুল ভাবিছে ছাৰ।"

" যি কব লগা আছে থানাত কবি।" সিহঁতক আৰু একো কব লৈ সুযোগ নিদিলে মহন্ত ই। হাতত হাতকেৰেয়া লগাই আনি সজোৰে দুয়োটাকে গাড়ীত বহুৱাই দিলে গগৈয়ে। অনাকাংক্ষিত এনে পৰিস্থতিৰ বাবে কোনো হোষ্টেলাৰেই সাজু নাছিল। সকলোৰে মাজত এটা গুণগুননিৰ সৃষ্টি হ'ল। দুই একে আহি মহন্তক ভেটি ধৰিলে।

"পুলিচৰ কামত বাধা নিদিবা লৰাহ'ত। আমাক নিজৰ কাম কৰিবলৈ দিয়া।"

"কিন্তু এনেকৈ একো প্ৰমান নোহোৱাকৈ কাৰোবাক এৰেষ্ট কৰিব নোৱাৰে আপুনি। কি ভিত্তিত ইহঁতক এৰেষ্ট কৰিছে আপুনি। কি প্ৰমান আছে।" হোষ্টেলৰ কোনোবা এটাই প্ৰশ্ন কৰিলে মহন্তক।

"প্ৰমাণ নোহোৱাকৈ পুলিচে একো কামেই নকৰে। প্ৰফেছাৰ শৰ্মাৰ হত্যাকাণ্ডৰ আগমুহুৰ্তত ৰাহুল কাকতিৰ ফোনৰ পৰা কেইবাটাও ফোন কল গৈছিল শৰ্মালৈ। যি সময়ত প্ৰফেছাৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল তাৰ কিছুসময়ৰ আগত ৰাহুল আৰু বিনীত কৰবালৈ বাইকত ওলাই গৈছিল বুলি গেটৰ চিকিউৰিটিয়ে  ইতিমধ্যে স্বীকাৰোক্তি দিছে। আৰু এনেকুৱা বহুতো তথ্য প্ৰমাণ আছে যাৰ বাবে এওলোকক আমি সন্দেহ কৰিবলৈ বাধ্য হৈছো। গতিকে প্ৰফেছাৰৰ কেছটোৰ উচিত মীমাংসা হবলৈ হলে এওলোকক আমাৰ জিম্মাত নিয়াতো খুব প্ৰয়োজন। গতিকে আমাক বাধা দিয়াৰ চেষ্টা নকৰিবা।"
লৰাবোৰে আৰু বহুত কিবাকিবিয়েই কৈছিল। মহন্ত ৰ কাণত নোসোমাল। ৰাহুলহঁতক লৈ ধূলি উৰুৱাই থানা অভিমুখে আগবাঢ়িল জীপখন।

 
         "মাথা নোচোবাবি। সকলো কৈ পেলা ইমান দেৰি বহুত ভালদৰে শুধি আছো কিন্তু। মূৰ গৰম হব লাগিলে হাত ভৰি কোবাই ভাঙি পেলাম। ক সকলো কৈ পেলা।" কনিষ্টবল গগৈৰ মাতটো ক্ৰমাত উগ্ৰ হৈ আহিল। পোন্ধৰ মিনিটৰ ওপৰ হল। ইমান দেৰিয়ে সোধপোছৰ নামত অলপো আগবাঢ়িব পৰা নাই গগৈয়ে। প্ৰতিবাৰেই একেটা উত্তৰ। আমি নাজানো।

"বিশ্বাস কৰক আমি এইবোৰ একো নাজানো।"  ভয়াৰ্ত কণ্ঠৰে ৰাহুলে মাত লগালে।

"মিছা নকবি। সেইদিনা চাৰি পাচবাৰ তোৰ ফোনৰ পৰাই প্ৰফেছৰলৈ ফোন গৈছিল।"

"ছাৰ ক্লাচৰ কথা শুধিছিলো সেইদিনা। বস্তু এটা বুজি পোৱা নাছিলো।" কোনোমতে মাতটো উলিয়ালে বিনীতে।

"ছা লৰাহত দেহাটো ঘুণীয়া কৰিবলৈ মন নাই যদি সকলো কৈ দে। এতিয়াও অ.ছি ছাৰে একো সোধাই নাই তহঁতক।তেখেতে আৰম্ভ কৰিলে......"

"এবাৰ কলে বুজি নাপায় নেকি? আমি এইবোৰ নাজানো মানে নাজানো। মিছাতে জোৰ দি থাকিলে আমি কি সাজি সাজি কম নেকি?" ৰাহুল যেন অলপ গৰম হল। ইমান সময়ে নিজকে কন্ট্ৰোল কৰি আছিল কমল গগৈয়ে। ৰাহুলৰ কথাষাৰত তেওঁৰ পুলিচি মেজাজটো গৰম হৈ আহিল। দুয়োটাকে কছি কছি চাৰিটা থাপৰ সোধাই দিলে গগৈয়ে। বলিষ্ঠ হাতৰ চৰ দুটা খাই মুখখন বেকা হৈ যোৱা যেন লাগিল সিহঁতৰ। বিনীতৰ চকুৰে চকু পানী ওলাই আহিল। এনেও ভীষণ ভয়ত আছিল সি। এইবোৰত সোমাবলৈ তাৰ একেবাৰে মন নাছিল। ৰাহুলৰ কথা শুনিহে......

"তোক আগতেই কৈছিলো এইবোৰত নোসোমাবলৈ। এদিন ফচি যাম।তয়হে.....এতিয়া পাইছ নে।এইবোৰ কথা গম পালে ঘৰত মোক......" গগৈ হাতৰ চৰ দুটা খাই উচুপি উচুপি ৰাহুলক উদ্দেশ্যি বিনীতৰ কথাষাৰ ওলাই আহিল।

"মাৰ নোখোৱালৈকে শান্তি নাপাৱ ন? কি হৈছিল ক সেইদিনা।" গগৈয়ে ৰুঢ় মাতেৰে কলে।

"ছাৰ ই বহুত ভাল পাইছিল নেহাক। কিন্তু শৰ্মা ছাৰৰ লগত তাইৰ সম্পৰ্কৰ বাবে সঘনাই কাজিয়া হৈছিল ইহতৰ। শেষত গৈ ব্ৰেক আপ। ছাৰৰ ওপৰত ভীষণ খং উঠিছিল আমাৰ।  প্ৰতিশোধ লোৱাৰ ইচ্ছা হৈছিল ইয়াৰ। আৰু সিদিনা দুইটাই মিলি এটা প্লেন বনাইছিলো। ছাৰ আৰু নেহাৰ কিছু ফটো আমাৰ লগত আছে বুলি মিছাকৈয়ে কৈ পাচ লাখ টকা দাবী কৰিছিলো ছাৰক। আমাৰ কথা নামানিলে সেইবোৰ ফটো ইউনিভাৰ্ছিটিত উলিয়াই দিম বুলি মিছাকৈ ভয় দেখুৱাইছিলো।হয়তো ছাৰে ভীষণ ভয় খাইছিল তেওঁৰ সন্মান হেৰোৱাৰ ভয়ত। সেইবাবে আমি কোৱা ঠাইলৈ কোৱামাত্ৰেই গুছি আহিছিল ছাৰ।কিন্তু...." কপা কপা মাতেৰে সকলোখিনি কৈ গল বিনীতে।

"কিন্তু কি?"

"কিন্তু আমি গৈ পোৱাৰ আগতেই ছাৰক কোনোবাই হত্যা কৰি আতৰি গৈছিল।"এইবাৰ ৰাহুলে মাত লগালে।

"দুটা চৰ খাই গাত কথা নালাগিল হা। আৰু মিছা কথা কোৱা আৰম্ভ কৰিছ?বুৰ্বক পাইছ আমাক" গগৈৰ খঙটো বাঢ়ি আহিল।

"বিশ্বাস কৰক ছাৰ আমি তেওঁক হত্যা কৰা নাই। বেলেগ কোনোবাই আমাৰ প্লেনটোৰ লাভ উঠাইছে। ছাৰ মই আপোনাৰ ভৰিত ধৰিছো আমাক বিশ্বাস কৰক।" কন্দনামুৱা হৈ উঠিল বিনীত।

"তহতে যদি প্ৰফেছাৰক হত্যাই কৰা নাই প্ৰফেছাৰৰ ফোনটো কিয় লগত লৈ গৈছিলি?" ইমান সময়ে নিমাত হৈ সকলো শুনি থকা মহন্ত ই এইবাৰ মাত লগালে।

"ছাৰ ধৰা পৰাৰ ভয়ত। আমি জানিছিলো পুলিচে ছাৰৰ ফোনকল চালেই আমাকেই  প্ৰথম সন্দেহ কৰিব। কল ৰেকৰ্ডিং শুনিলেই আমাক হত্যা কাৰী বুলি এৰেষ্ট কৰিব। কিন্তু বিশ্বাস কৰক আমি তেওঁক হত্যা কৰা নাই।" ৰাহুলৰ কান্দোন ওলাই আহিল।

" ফোনটো কি কৰিলি তঁহতে?"

"ছাৰ আমি ফচি যোৱাৰ ভয়ত সেইদিনাই চৰিয়াফুটা জানটোত ফোনটো পেলাই দিলো"

"কিন্তু প্ৰফেছাৰে লৈ যোৱা টকাৰ বেগটো, সেইটো কত গ'ল।" মহন্তৰ মাতটো কঠোৰ হল

"হয়তো হত্যা কাৰীয়েই লৈ গৈছে ।ছাৰ কোনোবাই আমাৰ প্লেনটোৰ ফায়দা উঠাইছে।আমি ছাৰক ব্লেকমেইলিং কৰাৰ কথা কোনোবাই চাগে জানিছিল " ৰাহুলে থোকাথোকিকৈ কলে।

"এইকেইটাক লক আপত ভৰাই থ্ওক গগৈ।"

"ছাৰ ছাৰ.....আমি মিছা কোৱা নাই ছাৰ। প্লিজ বিশ্বাস কৰক।আমাৰ ভুল হৈছিল। প্লিজ মাফ কৰি দিয়ক"
ৰাহুল আৰু বিনীতৰ কাকূতি মিনতি কাণত নোসোমাল মহন্তৰ। গগৈক নিৰ্দেশ দি বাহিৰলৈ ওলাই আহিল তেওঁ। ভীষণ অস্বস্তিত পৰিল মহন্ত। চিগাৰেট এটা জ্বলাই আকৌ কেছটোৰ আৰম্ভণিৰ পৰা ভাবিবলৈ আৰম্ভ কৰিলে তেওঁ।

"ছাৰ কি ভাবিছে?" গগৈৰ মাতটোত সন্বিত ঘূৰি আহিল মহন্তৰ।

"আপুনি কি ভাবে গগৈ। কোনে হত্যা কৰিছে শৰ্মাক?"

"ছাৰ এইদুটাই হব।ইহঁতে মিছা মাতিছে। আমাক বুৰ্বক সজাব খুজিছে।দুইবেট লগালে চব কৈ দিব। ছাৰ আপুনি কলে এতিয়াই সচা বাহিৰ কৰাই দিম।" গগৈয়ে আদেশ বিছাৰিলে।

" ওহো নহয় গগৈ। আমি ভুল ভাবিছো। কোনোবাই আমাৰ অলক্ষিতে এখন ডাঙৰ খেল খেলি আছে। যদি প্ৰফেছাৰক হত্যা কৰাই ইহঁতৰ উদ্দেশ্য আছিল তেতিয়া কোনোবা আনন্উন নাম্বাৰ ইহতে ইউজ কৰিলে হয়। নিজৰ ফোন ইউজ কৰি ৰাহুলে কেতিয়াও মুৰ্খামি নকৰিলেহেতেন। সিহঁতৰ একমাত্ৰ উদ্দেশ্য আছিল ব্লেকমেইলিং কৰি শৰ্মাৰ পৰা টকা উলিওৱা। কোনোবা হয়তো আছে যিয়ে ইহঁতে শৰ্মাক ফোন কৰাৰ কথা জানিছিল। যাৰ বাবে হয়তো ইহঁতৰ প্লেনটোৰ সুবিধা লৈছিল ঘাতকে।" মহন্ত ই চিন্তিত ভাবে কলে।

"ছাৰ এই কেছটো বৰ জটিল হৈ গৈ আছে। কিবা যেন সকলো জেলেপীৰ দৰে পাক লগা।" গগৈয়ে সহমত প্ৰকাশ কৰিলে।

"গগৈ আমি কথাবোৰ অলপ বেলেগকৈ ভবা আৰম্ভ কৰিব লাগিব। হয়তো আমি বেলেগ ধৰণেৰে ভাবি আছো। যাৰ বাবে হত্যাকাৰী মুকলিকৈ ঘূৰি আছে আজি।"

" ছাৰ মই এটা কথা আপোনাক কবলৈ পাহৰিয়ে গৈছিলো।" কিবা এটা মনত পৰাৰ দৰে কলে গগৈয়ে।

"কি কথা।" মহন্ত ব্যগ্ৰ হৈ উঠিল।

"ছাৰ আপুনি কোৱা মতে প্ৰফেছাৰৰ লগত জড়িত সকলোৰে কথাবোৰ মই ভালদৰে অনুসন্ধান কৰিছিলো।কোন কত গৈছিল, কি কি কৰিছিল সকলো।তাৰ মাজতে এটা কথা বৰ আচৰিত পালো।"

"কি কথা?" মহন্ত যেন আচৰিত হ'ল।

"প্ৰফেছাৰৰ পুতেক ৰিয়ানে কোৱা মতে সেইদিনা তাৰ ট্ৰেইনখন লেট আছিল।যাৰ বাবে সি পিছদিনাহে আহি ঘৰ পাইছিল। কিন্তু আচল কথা কি জানে ছাৰ সেইদিনা ৰিয়ানৰ ট্ৰেইন লেট হোৱাই নাছিল। সন্ধ্যা সাত বজাতেই পাইছিলহি তাৰ ট্ৰেইন।"

"হোৱাট!!!!" অবিশ্বাস্য নয়নেৰে গগৈলৈ চাই ৰ'ল অ.চি. মহন্তই।

                            (৬)

   "অহ আপোনালোক। আহক আহক বহকচোন।"
প্ৰবালৰ কথাষাৰত মহন্তৰ এনে লাগিল যেন সকলোৱে মহন্ত অহালৈহে বাট চাই আছিল।

"প্ৰফেছাৰৰ কেছটো সংক্ৰান্ততেই এইফালে আহিছিলো। ভাবিলো তেখেতৰ ঘৰত এপাক সোমাই যাও। ভালেই হ'ল আপোনাকো লগ পালো।" ৰহস্যময় হাঁহি টোৰে মহন্ত ই ক'লে।

"ভিনদেউৰ কেছটো কিমান দূৰ আগবাঢ়িছে অফিছাৰ। আজি এক সপ্তাহ হবৰে হ'ল। এতিয়ালৈকে হত্যাকাৰীৰ শুংসুত্ৰ ই বিছাৰি উলিয়াব পৰা নাই আপোনালোকে। আপুনি যদি নোৱাৰে তেন্তে কৈ দিয়ক আমি বেলেগ ব্যৱস্থা হাতত লও।" প্ৰবালৰ ক্ষোভবোৰ যেন বাহিৰ হৈ আহিল।

"ৰব ইমান অধৈৰ্য হলে কেনেকৈ হব হে। আমি অনুসন্ধান চলাই আছোতো। ধৰি লওক অতি সোনকালেই হত্যা কাৰী আমাৰ হাতত।" আকৌ সেই ৰহস্যময় হাঁহি মহন্তৰ

"সেই একেটা কথাকে শুনি শুনি আমাৰ আমনি লাগিছে ছাৰ। আৰু কিমান দিন? প্লিজ সোনকালে কিবা এটা কৰক। অন্তত ঃ পাপাৰ আত্মাই শান্তি পাব।" ৰিয়ান যেন অধৈৰ্য হৈ পৰিল।

"সেইকাৰণেইটো এই ভৰ দুপৰীয়াখন ইয়ালৈ আহিছো।" ঢেকঢেকাই হাঁহি দিলে মহন্ত ই।

"মানে কি কব বিছাৰিছে আপুনি?" ইমান সময় মৌন হৈ থকা নিবেদিতাই মাত লগালে।

"ৰিয়ান তুমি মহাভাৰতৰ কাহিনী পঢ়িছা?"

"স্কুলত থাকোতে পঢ়িছিলো। কিয় সুধিলে?"

"বব্ৰুবাহনৰ কাহিনীটো জানা?"

"পঢ়িছিলো আগতে। অলপ পাহৰিছো। কিন্তু এইবোৰ কথা এতিয়া কিয়?" ৰিয়ান যেন অধৈৰ্য হৈ পৰিল।

"অফিছাৰ আচল কথাবোৰ এৰি  কি বেবেৰিবাং কথা আৰম্ভ কৰিছে আপুনি। এইসময়ত এইবোৰৰ কি প্ৰয়োজন?" প্ৰবাল দত্ত ই চিঞঁৰি উঠিল।

"প্ৰয়োজন নোহোৱাকৈ মই একো কথাই নক্ও দত্ত। আপুনিও পাহৰিছে চাগে। মইয়ে কৈ দিও শুনক। বব্ৰুবাহন আছিল অৰ্জুনৰ পুত্ৰ। মহা শক্তিশালী। এবাৰ কি হ'ল জানে? অৰ্জুনৰ লগত বব্ৰুবাহনৰ যুদ্ধ হ'ল, দুয়োজনে এজনে আনজনক নাজানে পিতা পুত্ৰ বুলি। আৰু যুদ্ধত বব্ৰুবাহনৰ হাতত মৃত্যু হয় অৰ্জুনৰ। মনত পৰিছেনে কাহিনী টো???" মহন্ত ই তিনিওজনলৈ লক্ষ্য কৰিলে।

"কিন্তু এইটো কাহিনীৰ লগত ভিনদেউৰ কেছটোৰ কি সামঞ্জস্য আছে অফিছাৰ।" প্ৰবাল দত্তৰ খং উঠি আহিল।

"সামঞ্জস্য আছে দত্ত। কাৰণ বব্ৰুবাহনে নিজ পিতৃক হত্যা কৰাৰ দৰে প্ৰফেছাৰ শৰ্মাকো হত্যা কৰিছে তেওঁৰেই একমাত্ৰ পুত্ৰ অৰ্থাৎ আপোনাৰ ভাগিন ৰিয়ান ভৰদ্বাজে।" চক খাই উঠিল ৰিয়ান।

"মই পাপাক হত্যা কৰিম? এইবোৰ আপুনি কি কৈছে ছাৰ।" ৰিয়ানৰ মাতটো কঁপি উঠিল।

"অফিছাৰ আপুনি কিন্তু সীমা চেৰাই গৈছে। আচল হত্যা কাৰীক এৰি আপুনি এতিয়া পৰিয়ালক সন্দেহ কৰা আৰম্ভ কৰিছে। আপুনি ভালকৈয়ে জানে ট্ৰেইন লেইট হোৱাৰ কাৰণে  হত্যা কাণ্ডৰ পিছদিনাহে ৰিয়ান আহি ঘৰ পাইছিল। কি ভিত্তিত আপুনি তাক সন্দেহ কৰিছে।" প্ৰবাল দত্তৰ খংটো দুগুনে চৰি আহিল।

"ভিত্তিহীন কথা কোৱাৰ অভ্যাস মোৰ একেবাৰেই নাই মিঃ দত্ত। আচ্ছা ৰিয়ান তুমি কোনখন ট্ৰেইনত সিদিনা আহিছিলা।"

"কামৰূপ এক্সপ্ৰেছ।" কপা কপা মাতেৰে উত্তৰ দিলে ৰিয়ানে।সি যেন কিবা ধৰাত পৰিছে।

"কিন্তু কামৰূপ এক্সপ্ৰেছ সেইদিনা সন্ধ্যা চাৰে সাত বজাতেই আহি ষ্টেচন পাইছিলহি।" এইবাৰ গগৈয়ে মাত লগালে।

"হোৱাট!!!!" নিবেদিতা আৰু প্ৰবাল দত্ত একেলগে চিঞঁৰি উঠিল।"এইবোৰ আপুনি কি কৈছে অফিছাৰ"।

"বিশ্বাস হোৱা নাই যদি আপোনাৰ পুত্ৰক সোধক মেডাম। সেইদিনা ৰিয়ান সময়মতেই আহি ষ্টেচন পাইছিল। কিন্তু সকলোকে সি মিছা মাতিছিল।সেইদিনা অতি গোপনে দেউতাকক হত্যা কৰি পাচদিনাৰ পৰা এখন সুন্দৰ নাটক ৰচনা কৰিছিল সি।"

"মিছা কথা। এইবোৰ চব মিছা কথা। মই মোৰ পাপাক কিয় হত্যা কৰিম।" চিঞঁৰি উঠিল ৰিয়ান।

"কাৰণ নেহাৰ লগত থকা পৰকীয়া প্ৰেমৰ কথা এদিন নকও বুলি ভাবিও মিছেছ শৰ্মাই কৈ পেলাইছিল পুত্ৰক। ইয়াক লৈ মাকৰ লগত দেউতাকৰ হোৱা কাজিয়াবোৰ, মাকৰ ওপৰত দেউতাকে কৰা অত্যাচাৰবোৰ এই সকলোবোৰ মিছেথ শৰ্মাৰ পৰা জানিব পাৰিছিল ৰিয়ানে। হয়তো মনে মনে সি বিদ্ৰোহী হৈ উঠিছিল।তাৰ বাবেই হয়তো সিদিনা গোপনে দেউতাকক হত্যা কৰিছিল ৰিয়ানে। হয়তো দেউতাকক হত্যা কৰিবলৈ মনে মনে এটা প্লেন বনাইছিল সি। যাৰ কাৰণে সদায় ফ্লাইটত অহা লৰাটো সিদিনা ট্ৰেইনত আহিছিল ঘৰলৈ।" কৈ গল মহন্ত ই।

"এইবোৰ সকলো মিছা কথা আপোনালোকৰ। মই পাপাক হত্যা কৰা নাই। আপোনালোকে বুজিবলৈ চেষ্টা কৰক।" হুকহুকাই কান্দি দিলে ৰিয়ানে।

"এইবোৰ যদি মিছাই হয় তেন্তে সিদিনা ট্ৰেইন লেট হোৱা বুলি তুমি মিছা কিয় মাতিছিলা।" গৰজি উঠিল কমল গগৈ। নিমাত হৈ ৰ'ল ৰিয়ান।

"মনে মনে কিয় থাকিলা ৰিয়ান। একো নোকোৱা কিয়?" মহন্ত ই ধমকৰ সুৰত ক'লে।

"ৰিয়ান তই!!!ছিঃ তই এই কাম কৰিবি বুলি আমি......." চকুৰ পানী ওলাই আহিল প্ৰবাল দত্তৰ।

"মামা তুমিও মোক?....."

"বাবা তই দেউতাৰক......মোকো লগতে মাৰি নেপেলালি কিয়। যিমান যি নহলেও সেইয়া তোৰ দেউতাৰ আছিল। সেই দুখন হাতেৰেই তোক কোলাত লৈ ডাঙৰ কৰা নাছিলনে। সৰুতে কিবা এটা আনি নিদিওতেই যে ঠেহ পাতিছিলি, সেইজন দেউতাৰেই তোক মৰমেৰে বুজোৱা নাছিলনে? সেইজন দেউতাৰক ত্ই....." কান্দি কান্দি বহি পৰিল নিবেদিতা।

"তোমালোক সকলোৱে মোক বুজিবলৈ চেষ্টা কৰা প্লিজ। ছাৰ আপোনালোকে ভুল বুজিছে মোক।" উচুপি উচুপি কৈ উঠিল ৰিয়ানে।

"সকলোবোৰ খুলি কৈ দিয়াই মংগল তোমাৰ। যদি তুমি দেউতাৰাক হত্যা ই কৰা নাই তেন্তে মিছা কিয় মাতিছিলা।" মহন্তৰ মাতটো গহীন হৈ আহিল।

"হয় মই মিছা মাতিছিলো। সিদিনা ট্ৰেইন টাইমতেই আহি পাইছিল। কিন্তু পাপাক হত্যা কৰিবলৈ মই মিছা মতা নাছিলো। বিশ্বাস কৰক মই তেওঁক হত্যা কৰা নাই।"

"তেন্তে মিছা কিয় মাতিছিলি?" প্ৰবাল দত্তৰো যেন খং উঠি আহিল।নিৰুত্তৰ ৰিয়ান

"নকৱ কিয় ৰিয়ান, ক কিয় মিছা মাতিছিলি?" অধৈৰ্য হৈ পৰিল নিবেদিতা।

" শুনিব খুজিছা নহয় শুনা তেতিয়া। সেইটো মোৰ আৰু পল্লিকাৰ বহুদিনীয়া প্লেন আছিল।"

"কোন পল্লিকা?" মহন্ত আচৰিত হ'ল।

" মোৰ গাৰ্লফ্ৰেণ্ড। তাই আৰু মই বহুত দিনৰে প্লেন আছিল এইটো। কলেজত থাকোতেই আমি দুয়োটাই পাতিছিলো এইবাৰ ছেমিষ্টাৰ ব্ৰেকত ঘৰলৈ যোৱাৰ দিনা এনিশা দুয়োটাই হোটেলত একেলগে কটাম। সেইবাবে এইবাৰ ফ্লাইটত নাহি দুয়োটাই ট্ৰেইনত অহাৰ প্লেন কৰিলো আৰু সিদিনা দুপৰীয়া গুৱাহাটীৰ ষ্টেচনত আমি নামি দিলো। আৰু ৰাতিটো হোটেলত কটাই পাচদিনা আন এখন ট্ৰেইনত দুয়োটা গুচি আহিলো। বিশ্বাস কৰক মই পাপাক হত্যা কৰা নাই। " লাজ, শংকাখিনি একাষৰীয়া কৰি কৈ গ'ল সকলো ৰিয়ানে।

"ঠাচ!!ঠাচ!!!" ৰিয়ানে কথাখিনি শেষ কৰিবলৈ নাপালেই পূৰ্ণহতীয়া চৰ দুটা সোধাই দিলে নিবেদিতাই।

"এইবোৰ কৰিবলৈকে পঢ়িছিলি। ইমান দিনে এইয়া কৰিবলৈ তোক বাহিৰত ৰাখি পঢ়াইছিলো। বহুত ডাঙৰ হৈ গলি হা তই।" খংত অধৈৰ্য হৈ পৰিছিল নিবেদিতা। কোনোমতে শান্ত কৰিলে প্ৰবালে।

"অফিছাৰ চাবলৈ গলে ৰিয়ানৰ ওপৰত আপোনালোকৰ সন্দেহ অহাটো স্বাভাৱিক। কিন্তু মোৰ মতে আপোনালোকে আকৌ এবাৰ ভালকৈ ইনভেষ্টাগেছন কৰা ভাল হব নেকি ।দৰকাৰ হলে ৰিয়ানৰ সত্যতা প্ৰমাণ কৰিবলৈ আপোনালোকে সেই হোটেলখনত খবৰ কৰক, দৰকাৰ হলে তাৰ গাৰ্লফ্ৰেণ্ডকো সোধপোছ কৰক। ৰিয়ানক সৰুৰে পৰা মই ভালকৈ জানো, সেইবাবে কলো।" প্ৰবাল দত্তৰ কথাষাৰত বিবুধিত পৰিল মহন্ত। কি কব তেওঁ ভাবি নাপালে। আকৌ এবাৰ যেন হাৰি গ'ল তেওঁ।

"গগৈ, ৰিয়ান ভৰদ্বাজ যিখন হোটেলত আছিল তাত আপুনি এবাৰ খবৰ কৰক। ৰিয়ানৰ গাৰ্লফ্ৰেণ্ড পল্লিকাৰ লগতো কথা পাতক। ৰিয়ানৰ কথা খিনি।কিমানদূৰ সত্য আপুনি অতি সোনকালে উদঘাটন কৰক। কিন্তু ৰিয়ান পাহৰি নাযাবা তুমি এতিয়াও আমাৰ সন্দেহৰ বাহিৰত নহয়।"কথাষাৰ কৈয়ে বাহিৰলৈ ওলাই আহিল মহন্ত, ৰিয়ানৰ পৰা ডিটেইলছখিনি লৈ পাছে পাছে ওলাই গল কনিষ্টবল কমল গগৈ।
           
           ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

অফিচৰ চকীখনত হেলান দি বহি দিলে অ.চি বিমল মহন্ত ই। যথেষ্ট ভাৰুৱা অনুভৱ কৰিছে তেওঁ। আজি দহদিনে একেটা কেছতেই লাগি আছে তেওঁ। অশেষ চেষ্টা কৰিছে তেওঁ। প্ৰতিবাৰেই ভাবে তেওঁ হত্যাকাৰীৰ ওচৰ চাপিছে কিন্তু প্ৰতিবাৰেই শেষত গৈ  বিফল হৈছে তেওঁ। জিকি জিকিও যেন হাৰি গৈছে তেওঁ। অঞ্চলটোৰ দক্ষ পুলিচ অফিছাৰ হিচাপে সুনাম আছে তেওঁৰ। কিন্তু এইকেছটোৱে যেন তেওঁৰ সকলো গুণ গৰিমা শেষ কৰি পেলাইছে।চকু কেইটা মুদি অলপ ভাবিলে মহন্ত ই।

"মে আই কাম ইন" কোঠাটোৰ নিৰবতা ভাঙি সোমাই আহিল গগৈ।

"ছাৰ ৰিয়ানৰ কথা খিনি সকলো সচা। আমি সি থকা হোটেলখনত খবৰ কৰিছিলো। তাৰ গাৰ্লফ্ৰেণ্ডকো সোধ পোছ কৰিলো। তাৰ পৰা সিহঁত যে সেইদিনা গুৱাহাটীত আছিল সেইয়া ভালদৰেই প্ৰমান হয় ছাৰ।"

"গগৈ আমি ভবাৰ দৰে বৰ্তমান কেছটোত একোৱেই হৈ থকা নাই। এইকেছটোত হত্যা কাৰী যথেষ্ট ছালাক। প্ৰতিখোজতেই আমাতকৈ হত্যা কাৰী আগত আছে যাৰ বাবে প্ৰতিবাৰেই আমি বিফল হৈছো। আমি অলপ বেলেগ ধৰণেৰে চিন্তা কৰি চাবৰ হল কথাবোৰ।" গগৈয়ে মাথো মূৰ দুপিয়ালে। "আচ্ছা গগৈ হত্যাকাণ্ড হোৱাৰ ওচৰে পাজৰে কিবা বজাৰ -চজাৰ আছে নেকি?

"ছাৰ বজাৰ তেনেকৈ নাই। কিন্তু সেইখিনি ঠাই পোৱাৰ অলপ আগত এটা তিনিআলি আছে। সেইখিনিতে কেইখনমান দোকান আছে। সন্ধিয়া সেইখিনিত অলপ ভিৰ হয়।"

"ঠিক আছে তেন্তে বলক।"

"কোনফালে ছাৰ।"

"সেই তিনি আলিটোৰ ওচৰলৈ। কি ঠিক কেছটোৰ লগত লিংক থকা কিবা পাইয়েই যাও বা।আবেলিৰ চাহ কাপো খাই আহিম" মহন্তৰ নিৰ্দেশত গাড়ী পোনাই দিলে গগৈয়ে।

কেইবাখনো দোকানতো সোধ পোছ কৰিলে মহন্ত আৰু গগৈয়ে। প্ৰফেছাৰৰ ফটো খন বহুতক দেখুৱালে, লগতে গাড়ীখনৰো। কোনেও সঠিক একো কব নোৱাৰিলে। তিনি আলিটোৰ একমাত্ৰ হোটেল খনত চাহ একাপ খাবলৈ সোমাল দুয়ো। ঠিক হোটেলো নহয় গুমটি এখন। চাহ তাহৰ লগতে পাণ-তামোল, চিগাৰেট, গুটখাৰো ব্যৱস্থা। ভিৰ নাছিল হোটেলখনত। হোটেলৰ গৰাকী জনে পুলিচ দেখিয়েই হবলা আথে বেথে নি বহুৱালে তেওঁলোকক। দোকানীজন কথাচহী। চাহ খাবলৈ বহাৰে পৰা কিবাকিবি কথাৰে তেঁওলোকৰ লগত সময় পাৰ কৰিছে মানুহজনে,যেন বহুদিনৰ চিনাকী। মাজে মাজে কাম কৰা লৰাটোক ধমক লগাইছে "ছাৰলৈ এইটো আন, টেবুলখন চাফা কৰ ইত্যাদি ইত্যাদি।শেষ চেষ্টা এটা চলাই চালে মহন্ত ই।

"এখেতক যোৱা ৭ তাৰিখে সন্ধিয়া  এইখিনিত দেখিছিল নেকি?"প্ৰফেছাৰৰ ফটোখন দেখুৱাই সুধিলে মহন্ত ই।

"ছাৰ মনতটো নাই পৰা। কত মানুহক দেখি থকা হয় দিনটোত। ক'ত মনত থাকিব।"

"হলেও ভালদৰে মনত পেলাওকচোন।"গগৈয়ে সহযোগ কৰিলে।

"নাই ছাৰ মনত পৰা নাই।" হতাশ হ'ল মহন্ত। আকৌ এবাৰ চেষ্টা কৰি চালে তেওঁ।

"তেখেতক বাৰু মনত নাই পৰা। কিন্তু এই গাড়ীখন চাওকচোন, কিবা মনত পৰে নেকি?"মানুহজনে ভালকৈ চালে গাড়ীখন। কিবা এটা যেন মনত পৰিল তেওঁৰ।

"হয় হয় ছাৰ অলপ দিন আগত এইখন গাড়ী সন্ধিয়া এইফালেৰে আহিছিল। এইখিনিতে অলপ ৰৈছিলো।"

" এইজন ব্যক্তিয়েই আছিল নে গাড়ীখনত? নে আন কোনোবাও আছিল।" প্ৰফেছাৰৰ ফটোখন দেখুৱাই আশাৰে সুধিলে মহন্ত ই।

"ওহো ছাৰ এইজন মানুহেটো চলাই অহা নাছিল গাড়ীখন।"

"হোৱাট!!! "অবিশ্বাস্য নয়নেৰে ইজনে সিজনলৈ চালে মহন্ত আৰু গগৈয়ে।

"আপুনি নিশ্চিত নে এইজন নাছিল।" মহন্ত ই আচৰিত হৈ সুধিলে

"ছাৰ দিনটোত শ শ গাড়ী এইফালে আহে আৰু যায় শ শ গাড়ী এইখিনিত আহি ৰয়। কিন্তু এইখন গাড়ী চলাই অহা মানুহজন কিবা অদ্ভুত ধৰণৰ আছিল।সেইকাৰণে মোৰ মনত থাকি গল।"

"অদ্ভূত ধৰণৰ মানে?" মহন্তৰ উৎসূকতা বাঢ়ি গল।

"ছাৰ সেইদিনা ৭.৪৫ মানত গাড়ী খন আহি ইয়াত ৰৈছিল। আহিয়েই মানুহজনে পানীৰ ঝাৰটো লৈ পানী অলপ খাইছিল। তাৰ পাছত মানুহজনে চিগাৰেট এপেকেট লৈ ৫০০ টকা এখন দিছিল মোক। মোৰ খুছুৰা নাছিল বাবে ঘুৰাই দিছিলো তেওঁক, কিন্তু মানুহজনে মোক হব ৰাখি থোৱা বুলি জোৰকৈ প্ইচাটো দি ওলাই গৈছিল। আচৰিত লাগিছিল মানুহটোৰ কামবোৰ। কিবা যেন ভীষণ চিন্তাত আছিল। তাতকৈও আচৰিত কথা কি।জানে ছাৰ এই গৰমত তেওঁ হাতত হাতমোজা এযোৰ পিন্ধি আহিছিল।" কৈ গল সকলো দোকানীজনে।

"আপুনি চিউৰ নে এইখন গাড়ী য়েই আছিল বুলি"। গগৈয়ে প্ৰশ্ন কৰিলে।

"ছাৰ কিয় জানো মানুহজনৰ ওপৰত মোৰ অলপ সন্দেহ হৈছিল। সেইকাৰণে সেইদিনা গাড়ী খনৰ নম্বৰ মই লিখি থৈছিলো।ৰব চাওচোন।" পুৰণি বাকীৰ বহি এখন উলিয়াই আনিলে দোকানীজনে। দুটামান লুটিয়ালতে নোট কৰি থোৱা নম্বৰটো ওলাল। আচৰিত হল মহন্ত প্ৰফেছাৰৰ গাড়ীৰ সৈতে নম্বৰ একেই। কিন্তু প্ৰফেছাৰ নাছিল যদি কোন আছিল সেইজন? তাৰমানে প্ৰফেছাৰক কৰবাত হত্যা কৰি আনি হত্যা কাৰীয়ে তেওঁৰেই গাড়ীখন চলাই আনি সেই ঠাইখিনিত পেলাইছিল। তাৰমানে হত্যাকাৰীয়ে ৰাহুল আৰু বিনীতৰ প্লেনটো ভালকৈ জানিছিল। কিন্তু কোন হব পাৰে সেইজন।

"আচ্ছা আপুনি মানুহজনক দেখিলে চিনি পাব নে?" মহন্ত ই সুধিলে।

"পাম ছাৰ। এতিয়াও মনত আছে সেই মানুহজনৰ মুখখন।"

"গগৈ..." মহন্তৰ নিৰ্দেশত এখন এখনকৈ প্ৰফেছাৰৰ লগত জড়িত সকলোৰে ফটো দেখুৱাই গ'ল গগৈয়ে। কেইবাখন ফটোত মানুহজনে নহয় নহয় বুলিয়েই কৈ গ'ল।

"এইজন ছাৰ এইজন।" হঠাৎ এখন ফটো ওলাওতে চিঞৰি উঠিল দোকানীজন।

"আপুনি নিশ্চিত নে?"  মহন্ত আৰু গগৈয়ে যেন বিশ্বাস কৰিবলৈ টান পালে।

"ছাৰ এইজনেই হয়। মই ভালকৈ চিনি পাইছো।"দোকানীজনক ধন্যবাদ দি অবাক বিষ্ময়েৰে ওলাই আহিল মহন্ত আৰু গগৈ।

"গগৈ আচৰিত লগা নাই নে?"

"তাকেই ছাৰ মোৰো বৰ আচহুৱা লাগিছে।" গগৈয়েও সহাৰি জনালে।

"এতিয়া পিছে কি ভাবিছে আপুনি?"

"ছাৰ মানুহজনে মিছা কোৱা যেন লগা নাই। বলক ডাইৰেক্ট ওঠাই আনি দুবেটমান দি দিম। সচা কথা আখৈ ফূটা দি ফূটিব।"

"ওহো নহয় গগৈ। এইবাৰ আমি হত্যাকাৰীৰ পৰা মাত্ৰ কেইখোজ আতৰত। এতিয়া কিবা ভুল ষ্টেপ ললেই হত্যাকাৰীক ধৰিবলৈ আৰু বেলেগ সুযোগ নাপাম।মই বেলেগ এটা কথাহে ভাবিছো।"

"মানে ছাৰ "গগৈ  আচৰিত হ'ল।

"আপুনি কি ভাবে হত্যাকাৰীয়ে ৰাহুলহতৰ প্লেনটো কেনেকৈ জানিব পাৰিলে।"

"নিশ্চয় কোনোবাই কৈছে চাগে!!"

"তাকেই কোনে কব পাৰে।" গগৈয়ে ভাবি পাৰ নাপালে।" ভাবক গগৈ ৰাহুল আৰু বিনীতৰ প্লেনটোৰ কথা তৃতীয় কোনে জানিছিল?"

"ছাৰ অনুপমে। কিন্তু সি কিয় এখেতক এইবোৰ কৈ সহায় কৰিব।"

"গগৈ সেইটোৱেই এইমূহুৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন। সেইকাৰনে মই এইবাৰ বেলেগকৈ ভাবিছো।"হাঁহি এটা মাৰিলে মহন্ত ই।

"মানে ছাৰ"।

"এইবাৰ হুলেৰে হুল কাঢ়িম বুলি ভাবিছো।আপুনি কিন্তু বিশেষ সহায় এটা কৰিব লাগিব।" একো বুজিব নোৱাৰি মহন্তলৈ ভেবা লাগি চাই থাকিল গগৈয়ে।

"আহক গাড়ীত বুজাই আছো।" ৰহস্যময় হাঁহি এটা মাৰি গাড়ীলৈ আগবাঢ়িল মহন্ত। উগুল থুগুল  মন এটা লৈ পাছ ল'লে গগৈয়ে।

                              (৭)

"হেল্ল কোনে কৈছে?" গহীন কণ্ঠস্বৰ এটা ভাঁহি আহিল সিমূৰৰ পৰা।

"মই অনুপম।"

"এইটো নতুন নাম্বাৰ যে। কি হ'ল ক?" গলগলীয়া মাতটোৱে কৈ উঠিল

"আপুনি কিন্তু বৰ লাকী দেই। এতিয়ালৈকে পুলিচে আপোনাৰ নোম এদালকে লৰাব পৰা নাই কম কথানে। ৰাহুলহঁতলৈহে বেয়া লাগিছে পিছে। বেছেৰাকেইটা সিহঁতেটো ভবাই নাছিল সিহঁতৰ প্লেনটোৰ কোনোবাই এনেকৈ ফায়দা উঠাব।" হাঁহি এটা মাৰিলে সি।

"তোক মই সেইদিনাৰ পৰাই  কৈ আছো।যেতিয়াই তেতিয়াই এইবোৰ কথা পাতি থকাটো ভাল নহয়। এই অ.চি টো বহুত চালাক। কেতিয়া কি ঘটনা ঘটাব পাৰে থিক নাই। আমি সাবধান হবৰ হ'ল।" চেপা মাত এটা আহিল সিটো মূৰৰ পৰা।

"তাকেইটো, এই অ.চি ডাল বৰ হাৰামী। কেতিয়াবা যদি অ.চিৰ আগত মোৰ মুখৰ পৰা সচা কথাবোৰ ওলাই যায় কি যে হব আপোনাৰ।" ৰহস্যময় হাঁহি অনুপমৰ।

"এইবোৰ আক তই কি কৈছ। তই মোৰ আপোন ভতিজা হয়। মোৰ কথা তই কিয় কবলৈ যাবি?"

"আৰে খুড়া বুলিয়েইতো হেল্প কৰিবলৈকে সিদিনা ৰাহুল আৰু বিনীতৰ প্লেনটোৰ কথা আপোনাক কৈছিলো। আপোনাৰ কথামতেইটো সিদিনা থানালৈ গ'লো। কিন্তু এইবোৰ কৰি কিবা লাভ হৈছে জানো মোৰ?"

"মানে কি কব বিছাৰিছ তই?" সিমূৰৰ পৰা মাতটো যেন গৰম হৈ আহিল।

"আৰে খুড়া আপুনি বিছৰামতেটো সকলোখিনিয়েই হ'ল। শৰ্মাছাৰো গ'ল, তাৰোপৰি ৫ লাখটকাতোতো  এনেই আপোনাৰ হ'ল। কিন্তু মোৰ কিবা লাভ হ'ল জানো?" তাচ্ছিল্যৰ হাঁহি এটা মাৰিলে অনুপমে।

"কি কব বিছাৰিছ ভালকৈ নকৱ কিয়" ক্ৰমাৎ খং বাঢ়ি আহিল আনমূৰৰ পৰা।

"মানে কব বিছাৰিছো মোৰ এই সৰু পেটটোত বৰকৈ কথাবোৰ সোমাই নাথাকে। কেতিয়াবা ঘপকৈ ওলাই যাব পাৰে।অৱশ্যে আপুনি নোলোৱাৰ ব্যৱস্থা এটা কৰিব পাৰে। বেছি নহয় শৰ্মাছাৰৰ ৫লাখটোৰ পৰা মাত্ৰ ২ এটা পালেই মই খুচ। ভগবান আহিলেও মোৰ পৰা আৰু কথা উলিয়াব নোৱাৰে।"

"তোক বিশ্বাসত লোৱাটোৱেই মোৰ ভুল হ'ল। এইয়াই তোৰ খুড়াকৰ প্ৰতি শ্ৰদ্ধা।" খংত যেন ৰঙা পৰি গৈছে তেওঁ।

"আৰে তাৰ বাহিৰেটো আন উপায়ো নাছিল আপোনাৰ। আৰু চেন্টি ফলা বাদ দিয়ক। কেতিয়াকৈ দিব সেইটো কওক। নহলে এইবাৰ নিজৰ ইচ্ছাত অ.চিৰ লগত কথা।পাতিবলৈ যাম।" অনুপমো অলপ গৰম হ'ল।

"নাই নাই সেইবোৰ নকৰিবি প্লিজ। তোক টকা লাগে ন।  ঠিক আছে আজি সন্ধ্যা আঠটাত ওলাই আহিবি।" শংকিতভাবে কৈ উঠিল আনমূৰৰ পৰা।

" গুড সেইকাৰণে আপোনাক ভাল লাগে। সোনকালে বুজে কথাবোৰ। কিন্তু কলৈ যাম?"

"সেইখিনিলৈকে আহিবি। যত প্ৰফেছাৰৰ ডেডব'ডিটো পেলাই আহিছিলো।"

"ঠিক আছে। এতিয়া ৰাখিছো।" ফোনটোৰ সংযোগ বিছিন্ন কৰি হাঁহি এটা মাৰিলে কমল গগৈয়ে।

"গগৈ দেখিলেনে কথাবোৰ কেনেকৈ ষ্পষ্ট হৈ গৈছে। মোৰ অনুমান ভুল নাছিল।অনুপমেই ৰাহুল কাকতিহঁতৰ প্লেনটোৰ কথা জনাইছিল তেওঁক।এই খূড়াক ভতিজাহাল মিলিয়েই আমাৰ লগত ইমানদিনে খেল খেলি আছিল।" মহন্ত ই ক'লে।

"তাকেই ছাৰ মই ও ভাবি আছিলো অনুপমে তেখেতক কিয় সহায় কৰিছিল।"

"পিছে গগৈ আপোনাৰ টেলেন্টক কিন্তু চেলুট দিছো মই। আপুনি চোন ভাল মিমিক্ৰি কৰিব পাৰে? ইমান সময়ে তেওঁ আপোনাৰ লগতটো  অনুপম বুলিয়েই কথা পাতি থাকিলে। অলপো কিন্তু সন্দেহ নহ'ল তেওঁৰ।" হোহোৱাই হাঁহি দিলে মহন্ত ই।

"থেংক ইউ ছাৰ।কিন্তু প্ৰথমে ভয় লাগিছিল, কিজানি ধৰা পৰি যাও। তেতিয়াটো গোটেই প্লেনটোৱেই বৰবাদ হলহেতেন।" গগৈয়ে উত্তৰ দিলে।

"পিছে এতিয়া পলম নকৰি আনজনলৈও ফোনটো লগাওক।" মহন্তৰ নিৰ্দেশত অনুপমলৈ ফোন লগালে গগৈয়ে।

"হেল্ল' কোনে কৈছে।" আননউন নাম্বাৰ দেখি আচৰিত হ'ল অনুপম।

"মই খুড়াৰে কৈছো।" গগৈয়ে যিমান পাৰি গহীন কৰিলে মাতটো।

"কিন্তু আননউন নাম্বাৰ যে।"

" অলপ বিপদত পৰিছো আমি। এই অ.চি টো আমি ভবাৰ দৰে নহয়, সাংঘাটিক চালাক। ই তলে তলে আমাৰ কথাবোৰ কিবা গম পাইছে। সেইকাৰণে মোৰ নিজৰ নাম্বাৰটোৰ পৰা তোক ফোন কৰা নাই।" গগৈয়ে টেনচনত কোৱাৰ দৰে ক'লে কথাষাৰ।

" কি কেনেকৈ গম পাইছে এইবোৰ। আপুনিটো একো ক্লু এৰি অহা নাছিল।" অনুপমৰ মাতটো কপি উঠিল।

" নাজানো কেনেকৈ এইবোৰ গম পাইছে সি।"

" মই টো আগতেই কৈছিলো এইবোৰত মই নোসোমাও, কিন্তু আপুনি নুসুনিলে। কেনেবাকৈ ফচি গলে বৰবাদ হৈ যাম মই।" অনুপমে যথেষ্ট ভয় খাইছে। অনুমান কৰিলে গগৈয়ে।

"আৰে তইয়ে অকলে নফচটো, লগত মইয়ো টো ফচিম। মোৰোটো মান সন্মান সকলো শেষ হৈ যাব। চা মই তোৰ খুড়াৰ, তোৰ বেয়া চিন্তা কিয় কৰিম মই।" গগৈয়ে কোমলকৈ কলে কথাষাৰ।

"কি কৰিব আপুনি? দুয়োটাকে উঠাই লৈ যাব পুলিচে। গোটেই জীৱন জেলত পৰি থাকিম।" থোকাথোকি হৈ আহিল তাৰ মাতটো।

"আৰে টেনচন নলবিচোন। মই আছো নহয়। এইবাৰ বেলেগ এটা কথা ভাবিছো।" গগৈৰ মাতত বুজনিৰ সুৰ।

"কি কথা।"

"এইবোৰ ফোনত কব পৰা নহয়। আজি সন্ধ্যা ৮টাত সেইখিনিলৈ আহিবি য'ত প্ৰফেছাৰক পেলাই আহিছিলো। ইম্পৰটেন্ট কথা আছে। ভয় নাখাবি তই অলপো। মই সব ঠিক কৰিম। ঠিক আছে এতিয়া ৰাখো।" ফোনৰ সংযোগ বিছিন্ন কৰিলে গগৈয়ে।

"ৱেল দান গগৈ। এইবাৰ হত্যাকাৰী আমাৰ হাতৰ মুঠিত। যাওক চাহ মিঠাই লৈ আনক সকলোলৈকে। আকৌ সাজু হবৰ হলেই নহয় সন্ধিয়ালৈ" মহন্তৰ কথাত বাহিৰৰ হোটেলখনলৈ  ওলাই গল গগৈ।হাঁহি এটা ওলাই আহিল মহন্তৰ। এইবাৰ তেওঁ সফল হবই। তেওঁ পতা জালখনত সংগোপনে ভৰি দিছে অপৰাধীয়ে।

আঠ বাজিবলৈ দহমিনিট মান থাকোতেই ঠাইখিনিত উপস্থিত হল অনুপম। ঠাইখিনি অলপ জয়াল। ওচৰে পাজৰে বহু দুৰলৈ মানুহৰ ঘৰ নাই। অথনিৰ ফোনকলটোৰ পৰা তাৰ মনত ভীষণ ভয় এটা সোমাইছে তাৰ। তাতে ঠাইখিনিত অকলে অকলে ৰৈ আছে। গাৰ নোমবোৰ সিয়ৰি উঠিল তাৰ। অজান আশংকাত বুকুখন কপি উঠিল তাৰ। অলপ সময় তেনেদৰে পাৰ কৰিলে সি। আতৰত এটা ছায়ামূৰ্তি দেখিলে সি। হয় তাৰফালেই আহি আছে। নিশ্চয় খূড়াক হ'ব। ছায়ামূৰ্তিটো ক্ৰমান্বয়ে তাৰ ফালে আহি থাকিল।
"আহিলি তই।" ওচৰ পাই আগন্তুকে মাত লগালে।
"অ আহিলো। কওক কিয় মাতিছিল। মোৰ ভীষণ ভয় লাগিছে কিন্তু। কেনেবাকৈ পুলিচে যদি....'"

"টেনচন কিয় লৈছ। মই আছো নহয়। সিদিনা এটা ভুল কৰিছিলো। আজি তাকে শুধৰনি কৰিবলৈ আহিলো।" আগন্তুকে কৈ উঠিল।

"মানে?" অনুপম আচৰিত হ'ল।

"মোৰ এই কলংকিত কাহিনী ৰ কথা একমাত্ৰ তই জান, তই।গতিকে তই জীয়াই থকা মানেই মই নিজৰ বিপদ নিজেই চপাই লোৱা। সিদিনা প্ৰফেছাৰৰ লগতে তোকো মই পঠাই দিব লাগিছিল। কিন্তু মোৰ ভুল হল সিদিনা। আজি আকৌ সেই ভুল নকৰো মই।" কৈ কৈ চোকা দেগাৰ এখন উলিয়ালে আগন্তুকে।

"এ এইবোৰ কি কৈছে আপুনি। ম ম ম মই আপোনাৰ ভতিজা হয়। নাই নাই আপুনি মোক হত্যা কৰিব নোৱাৰে।" নিশ্চিত মৃত্যুৰ আশংকাত কপি উঠিল অনুপম।

" খুড়া-ভতিজা এইবোৰতকৈ এতিয়া মোৰ সন্মানখিনি, সমাজত মোৰ ষ্টেটাচখিনি বেছি প্ৰয়োজনীয়। কিন্তু  তই জীয়াই থাকিলে মোৰ সপোনবোৰ, মোৰ মান সন্মান সকলোবোৰ ধূলিস্যাৎ হৈ যাব। গতিকে তই যাবই লাগিব অনুপম।" কৈ কৈ এখোজ এখোজকৈ আগুৱাই গৈ থাকিল আগন্তুক।

"নাই... প্লিজ মোক নামাৰিব। মোক জীয়াই থাকিবলৈ দিয়ক।" কান্দোন ওলাই আহিল অনুপমৰ। মৃত্যু তাৰ নিশ্চত। ক্ৰমান্বয়ে আগুৱাই আহিছে ছায়ামূৰ্তিটো।  তাৰ কান্দোনে তেওঁক গলাব পৰা নাই। মূহুৰ্ততে হয়তো সেই চোকা অস্ত্ৰ তাৰ বুকুত বহুৱাই দিব সেই পাষাণটোৱে। দেগাৰখন দাঙি ল'লে আগন্তুকে। নাই আৰু সি নোৱাৰে। ভয়ত চকুকেইটা মুদি দিলে অনুপমে। আৰু হয়তো কেই ছেকেণ্ড মান.....তিনি, দুই, এক.......। দেগাৰখন তাৰ বুকুত বহুৱাবলৈ লওতেই মূৰৰ পাচফালে শীতল শীতল অনুভৱ কৰিলে আগন্তুকে।

"আপোনাৰ খেল খতম মি. ৰুপম বৰুৱা। ইউ আৰ আণ্ডাৰ এৰেষ্ট। " ইমান সময়ে লুকাই সকলো চাই থকা মহন্তৰ পুলিচ বাহিনীয়ে ঘেৰি ধৰিলে দুয়োকে।

"ছাৰ এইজন, এইজনেই হত্যা কৰিছে শৰ্মা ছাৰক। গ্ৰেপ্তাৰ কৰক এওক। আপোনালোক সঠিক সময়তে আহি পালে। নহলে হয়তো ছাৰৰ দৰে মোকো এখেতে।" অনুপমৰ কথাখিনি শেষ নহলেই পূৰ্ণহতীয়া চৰ এটা সোধাই দিলে গগৈয়ে।

"চুপ একদম কথা নকবি। তহঁত দুয়োটাকে ভালদৰে চিনা হৈ গৈছে আমাৰ।" গগৈৰ খঙতো উঠি আহিল

"মি: বৰুৱা, সতীৰ্থ প্ৰফেছাৰ শৰ্মাক  হত্যা কৰি এখন সুন্দৰ খেল ৰচনা কৰিছিল আপুনি।কিন্তু কি কৰিব যিমানেই নিখুত ভাবে কামটো কৰিবলৈ চেষ্টা নকৰক কিয়  হত্যা কাৰীয়ে কৰবাত নহয় কৰবাত এটা ভুল কৰি পেলাই। এতিয়া বলক সসন্মানে থানালৈ। আপোনাক আদৰিবলৈ বহুত মানুহ ৰৈ আছে থানাত।"দুয়োৰে হাতত হেণ্ডকাফ লগাই দিলে গগৈয়ে।গাড়ী আগবাঢ়িল থানা অভিমুখে।

                  ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹

অ.চি মহন্তৰ ফোনকলটো পায়েই চিধাই থানালৈ আহিছিল প্ৰবাল দত্ত, ৰিয়ান আৰু নিবেদিতা। সকলোৰে উৎসুকতা বাঢ়িছিল হত্যা কাৰী কোন জানিবলৈ।

"আহক আপোনালোকলেই ৰৈ আছিলো।" মহন্ত ই মাত লগালে।

"অফিচাৰ, কোনে হত্যা কৰিছিল ভিনদেউক।" উৎসুকতা বাঢ়ি গৈছিল প্ৰবালৰ।

"জানিবলৈ ইচ্ছা হৈছে নহয়। আহক ভিতৰলৈ।" গোটেইকেইজনকে ভিতৰলৈ লৈ আহিল গগৈয়ে। কোঠাটোত তলমূৰ কৰি বহি আছিল প্ৰফেছাৰ ৰূপম বৰুৱা আৰু ভতিজাক অনুপম।

"এখেতেই হত্যা কৰিছিল প্ৰফেছাৰ অমলকৃষ্ণ শৰ্মাক। আৰু সহায় কৰিছিল তেওঁৰেই ভতিজাক অনুপমে।"

"হোৱাট!! বৰুৱা আংকল আপুনি পাপাক!!...."

"কিন্তু এখেতে কিয় হত্যা কৰিছিল ভিনদেউক।"আচৰিত হৈছিল প্ৰবাল

"সেইকথা আপোনাৰ বায়েকে বেছি ভালকৈ কব পাৰিব মিঃ দত্ত।" বেকা হাঁহি এটা মাৰিলে মহন্ত ই।

" কি???? মই কেনেকৈ জানিম এইবোৰ।" চিঞঁৰি উঠিল নিবেদিতা।

"কিয়নো আপোনাক আপোনাৰ স্বামীৰ কবলৰ পৰা মুক্তি দিবলৈ মিঃ বৰুৱাই এই কাম কৰিছিল।স্বামীৰ দৰেই আপোনাৰ জীৱনতো এক কলংকিত অধ্যায় আছে মিছেছ শৰ্মা।"

"মিছা কথা এইবোৰ। কাৰোবাৰ আগত মনৰ দুখবোৰৰ কথা খুলি কোৱা মানেই তেখেতক ভাল পোৱা নুবুজাই অফিচাৰ। তেখেতৰ সেই ছোৱালীজনীৰ লগত থকা সম্পৰ্কবোৰৰ কথা মই বৰুৱাৰ আগত কৈছিলো অফিচাৰ। এই লৈ হোৱা আমাৰ কাজিয়াবোৰৰ কথা, তেখেতে মোৰ ওপৰত ৰাতি ৰাতি হ'লে চলোৱা অত্যাচাৰবোৰৰ কথা সকলোবোৰ কৈছিলো। কাৰণ তেওঁক মই এজন ভাল বন্ধু হিচাপে ভাবিছিলো। তেওঁৰ আগত এইবোৰ কৈ মই মোৰ মনৰ দুখ বোৰ পাতলাইছিলো, তেওঁ সান্তনা দিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁৰ লগত মোৰ ভালপোৱাৰ সম্পৰ্ক আছিল।" উচুপি উঠিল নিবেদিতা।

"কিন্তু মিঃ বৰুৱাই ভাবিছিল সেইদৰে। অবিবাহিত মানুহজন প্ৰেমত পৰিছিল আপোনাৰ।"

"কথাবোৰ ভালদৰে বুজাই কওক অফিচাৰ। এইবোৰ কি হৈ আছে আমি এতিয়াও ধৰিব পৰা নাই।" প্ৰবালৰ যেন ধৈৰ্যৰ বান্ধ চিগি গৈছিল।

"সেইয়া মিঃ বৰুৱাৰ মুখেৰেই শুনি লও তেতিয়া। মিঃ বৰুৱা কৈ পেলাওক সকলোবোৰ।" ৰুপম বৰুৱাক উদ্দেশ্যি ক'লে মহন্ত ই।

"অ মইয়ে হত্যা কৰিছো অমলক,নিবেদিতাৰ ভালৰ বাবে।অমল মোৰ সহকৰ্মীয়েই নহয় ভাল বন্ধুও আছিল। সঘন আহ যাহ আছিল তাৰ ঘৰখনলৈ মোৰ। সি, মই আৰু নিবেদিতা তিনিওযেন খুব ভাল বন্ধু আছিলো। কিন্তু হঠাৎ অমল সলনি হ'ল। জীয়েকৰ বয়সীয়া সেই ছোৱালী জনীৰ প্ৰেমত পৰিল সি। হয়তো কেইটামান নম্বৰৰ বাবেই তাইও সকলো সপি দিছিল অমলৰ ওচৰত। বহুত বুজাইছিলো এজন বন্ধু হিচাপে। কিন্তু সি যেন সকলো পাহৰি পেলাইছিল, ঘৰ পৰিয়াল, মান সন্মান সকলো যেন তাইৰ নামত উচৰ্গা কৰি দিব। লাহে লাহে নিবেদিতাইও সেই কথা গম পাইছিল,কাজিয়া হৈছিল সিহঁতৰ মাজত। আৰু নিবেদিতাৰ ওপৰত অমলৰ চলিছিল অমানবীয় অত্যাচাৰ।" পানী এগিলাছ কোট কোটকৈ একে উশাহতে খাই ললে বৰুৱাই। আকৌ আৰম্ভ কৰিলে কথাবোৰ।

"এই সকলোবোৰ কথা মোৰ আগত কৈছিল নিবেদিতাই। অমলে তেওঁৰ ওপৰত কৰা অত্যাচাৰ, তেওঁৰ প্ৰতি কৰা অবহেলা এই সকলোবোৰ। সান্তনা দিছিলো মই। আহ যাহ বাহিছিল মোৰ অমলৰ ঘৰলৈ, কিন্তু অমল নথকাত বেছিকৈ। লাহে লাহে যেন মোৰো মনৰ পৰিবৰ্তন হৈছিল। নিবেদিতাক ভাল পাবলৈ আৰম্ভ কৰিছিলো মই। তেওঁৰ ওচৰত কটোৱা সময়বোৰ যেন মোৰ আপোন আপোন লাগিছিল।পাহৰি পেলাইছিলো তেওঁ যে কাৰোবাৰ পত্নী, কাৰোবাৰ মাক।ভাবি লৈছিলো হয়তো তেঁওৱো মোক ভাল পাবলৈ আৰম্ভ কৰিছে। নিবেদিতাক ইমানেই ভাল পাই পেলাইছিলো যে তেওঁৰ ওপৰত অমলে কৰা অত্যাচাৰৰ কথা শুনিলেই জ্বলি পকি উঠিছিলো মই। প্ৰচণ্ড খং উঠিছিল অমলৰ ওপৰত। তেওঁৰ দূখ সহ্য কৰিব নোৱাৰা হৈছিলো মই।ভাবি লৈছিলো নিবেদিতাৰ দুখবোৰ এদিন নাইকিয়া কৰিম মই। মুক্তি দিম তেওঁক এই পৈশাচিক অত্যাচাৰৰ পৰা।"

"আৰু তাকে কৰিবলৈ গৈ আপুনি তেখেতক হত্যা কৰি পেলালে। কিয় আপুনি মোক বুজি নাপালে। কাৰোবাৰ লগত দুআষাৰ মনৰ কথা পতাটোকে কিয় প্ৰেম বুলি ভাবি ল'লে?" কান্দি কান্দি ভাগৰি পৰিল নিবেদিতা। ৰুমাল এখনেৰে চকুপানীখিনি মুছি আকৌ আৰম্ভ কৰিলে বৰুৱাই।

"হত্যা কৰাৰ পৰিকল্পনা কৰিছিলো অমলক অনুপমৰ লগত মিলি। হয়তো সৰুৰে পৰাই  ই মোৰ কথাত না কৰা নাছিল বাবেই হয়তো  মোৰ এইটো কথাটো ই না কৰা নাছিল। সিদিনা ৰাহুলহঁতৰ প্লেনটো অনুপমে হঠাৎ শুনি গৈছিল। মোক জনাইছিল সকলো। মই ঠিক কৰি পেলাইছিলো,আজিয়েই অমলক শেষ কৰি দিম। ৰাহুল হতে ব্লেকমেইলিং কৰা টকাখিনি দিবলৈ অকলেই ওলাই আহিছিল অমল। অপেক্ষা কৰিছিলো হাইৱেৰ ওচৰৰ নিৰ্জন ঠাইএখিনিত তাৰ গাড়ীখন অহালৈ।অনিচ্ছাস্বত্বেও  মোক দেখি ৰৈ দিবলৈ বাধ্য হৈছিল সি। সকলোবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিল মোৰ পৰা। নামি আহিছিল সি গাড়ী ৰ পৰা। হিংস্ৰ বাঘৰ দৰে জপিয়াই পৰিছিলো তাৰ ওপৰত। অলপো প্ৰস্তুত নাছিল সি এই আক্ৰমণৰ বাবে। প্ৰাণবায়ু উৰি গৈছিল তাৰ সেই চোকা দেগাৰখনখৰ আঘাতত। তাৰ পাছত তাৰ ডেডব'ডিটো নি পেলাই আহিছিলো শিব মন্দিৰটোৰ অলপ আগত।"

" আপুনি ভাবিছিল পুলিচে শৰ্মাৰ ফোন কল চেক কৰি ৰাহুল হতক গ্ৰেপ্তাৰ কৰিব। কিন্তু যেতিয়া গম পালে প্ৰফেছাৰৰ ফোনটো কোনোবাই লৈ গৈছে তেতিয়াই অনুপমক পঠাই দিছিল আমাৰ ওচৰলৈ আমাক বিপথে পৰিচালিত কৰিবলৈ। বাহ!! কি সুন্দৰ পৰিকল্পনা আপোনাৰ।" কমল গগৈয়ে মাত লগালে।
"সিদিনা প্ৰফেছাৰৰ মৃতদেহটো পেলাবলৈ যাওতে তিনি আলিটোত চিগাৰেট কিনিবলৈ নামিয়েই আপুনি ভুল কৰি পেলালে মি বৰুৱা। আপুনি নিজকে খুব চতুৰ বুলি ভাবে নহয় বৰুৱা, কিন্তু আজি আবেলি আপুনি আকৌ দ্বিতীয় টো ভুল কৰি পেলালে। আবেলি আপোনাক টকা বিছাৰি অনুপমে ফোন কৰা নাছিল ফোন কৰিছিল গগৈয়ে। আৰু অনুপমলৈও আপোনাৰ মাতেৰে গগৈয়েই ফোন কৰিছিল। আপুনি ভাবিছিল অনুপম জীয়াই থাকিলে কেতিয়াবা আপোনাৰ কথা সি পুলিচক কৈ পেলাব।যাৰ বাবে আজি দ্বিতীয় টো হত্যা কাণ্ড কৰিবলৈ আগবাঢ়িছিল আপুনি।" কঠোৰ মাতেৰে কৈ গল মহন্ত ই।

"মই বৰ ডাঙৰ ভুল কৰি পেলালো।মই নিবেদিতাক নিজৰ কৰাৰ সপোন দেখিছিলো। কিন্তু মই ভবাই নাছিলো তেওঁ যে মোক সেই দৃষ্টিৰে চোৱাই নাছিল। নিবেদিতা মোক পাৰিলে মাফ কৰি দিবা। মই তোমাক সুখী কৰিবলৈ গৈ........" আৰু মুখেৰে কথা নোলাল ৰুপম বৰুৱাৰ। কান্দোনত ভাগি পৰিল তেওঁ। দীঘল হুমুনিয়াহ এটা ওলাই আহিল প্ৰবালৰ মুখেৰে।মহন্তৰ নিৰ্দেশত প্ৰফেছাৰ বৰুৱা আৰু অনুপমক লক আপত ভৰাই থলে গগৈয়ে। মহন্তক ধন্যবাদ জনাই বিষাদগ্ৰস্ত মন এটা লৈ বিদায় ললে প্ৰবাল দত্ত ৰিয়ান আৰু নিবেদিতাই। চিগাৰেট এটা জ্বলাই বাহিৰলৈ ওলাই আহিল অ.চি মহন্ত।

"ছাৰ কি ভাবিছে।" গগৈৰ মাতত ঘূৰি চালে মহন্ত ই।

"গগৈ এই প্ৰেম বোলা বস্তুটো এক আছৰিত বস্তু নহয়নে? প্ৰেমেই কাৰোবাক হহুৱাই, কাৰোবাক কন্দুৱাই, কাৰোবাক জীয়াই থাকাবলৈ প্ৰেৰণা দিয়ে। কিন্তু এই প্ৰেমৰ বাবেইটো কেতিয়াবা কেতিয়াবা এনেকুৱা জঘন্য ঘটনাবোৰো হয়।" গগৈয়ে মাথো মূৰ দুপিয়ালে।

"আৰু এই পৰকীয়া প্ৰেম, এইটো এক জঘন্য বস্তু। যাৰ বাবে প্ৰফেছাৰ শৰ্মাৰ সেই সুখৰ ঘৰখন থানবান হৈ গ'ল। তেখেতৰ সেই কলংকিত অধ্যায় সামৰণি পেলাবলৈ গৈ নিজৰেই এক কলংকিত অধ্যায়ৰ আৰম্ভ কৰিলে মিঃ ৰূপম বৰুৱাই।"

সময় তেতিয়া ১০ টা বাজিছিল। ভীষণ ক্লান্ত অনুভৱ কৰিলে মহন্ত ই। এই কেইদিন এই কেছটোৰ বাবে তেওঁৰ খাৱন শোৱন একেবাৰেই নাইকিয়া হৈ গৈছিল। পৰিয়ালৰ লগতো অলপ সময় দিব পৰা নাছিল তেওঁ। আজি তেওঁ যথেষ্ট ভাগৰুৱা অনুভব কৰিছে। চিগাৰেটৰ অৱশিষ্ট খিনি ভৰিৰে মোহাৰি ঘৰলৈ বুলি গাড়ী পোনালে অ.চি বিমল মহন্ত ই। গাড়ী ৰ মিউজিক প্লেয়াৰটোত তেতিয়া মৃদু সুৰত বাজি গৈছিল.......

                          "নিয়ম ভঙাৰ
                            নিয়ম ই যে
                        নিয়মাকাঙ্ক্ষী বাটৰ
                 কোমল আঘাত প্ৰতি আঘাত
                        নীলা নিশাৰ নাটৰ।।


No comments:

Post a Comment