শেষ চিকাৰ
তুষাৰ ৰঞ্জন কাশ্যপ
বিস্ময়,জানুৱাৰী,২০২০
তাইয়ে শেষ। তাৰ পাছত আৰু নহ'ব। এইবোৰ খেল শেষ কৰিম। বহুত হ'ল পাপৰ টকা; আৰু নালাগে। এইবোৰ চক্ৰ এৰিম মই। আকৌ গাঁৱলৈ যামগৈ, সাঁচতীয়া টকাৰে হয়তো নতুন কিবা আৰম্ভ কৰিম। হয় মই নাৰীৰ দেহৰ ব্যৱসায় কৰো। সুন্দৰী সুন্দৰী যুৱতীৰ দেহৰ ৰমৰমীয়া ব্যৱসায়ত জড়িত মই। আজিলৈকে কিমান যুৱতীৰ যে ঠিকনা সলাই পেলাইছো তাৰ কোনো হিচাপ নাই মোৰ ওচৰত। হয়তো দুকুৰিৰ ঘৰ কেতিয়াবাই অতিক্ৰম কৰিছে। সিহঁতৰ হয়তো সকলোৰে এতিয়াৰ পৰিচয় এজনী এজনী পতিতা, ঠিকনা হয়তো বাহিৰৰ কোনো ৰাজ্যৰ অলিয়ে গলিয়ে থকা পতিতালয়ৰ একো একোটা কোঠা। মোৰ কাম নতুন নতুন যুৱতীক এই জালত সুমুৱাই চাপ্লাই দিয়া। তাৰ পাচত সিহঁতক কলৈ পঠোৱা হয় মই নাজানো। অৱশ্যে জানিবলৈ চেষ্টাও কৰা নাই। তাৰ লগত মোৰ মতলব নাই। কামৰ শেষত কমিছন পালেই হ'ল। চাকৰি, প্ৰেমৰ প্ৰলোভনেৰে নতুন নতুন সুন্দৰীক মোৰ জালত ফচাও মই। এইবোৰ মোৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা। সুন্দৰী সুন্দৰী ৰমণীক প্ৰেমৰ জালত পেলাব পৰাৰ পৰা মোৰ নিচিনা দ্বিতীয়টো হয়তো এইখন চহৰত নাই। মোৰ মিঠা মিঠা কথাত যুৱতীহঁত মোৰ প্ৰতি আকৰ্ষিত হয়, মই সংগোপনে পাতি লোৱা জালখনত সিহঁতে ভৰি দিয়ে। এনেকৈ মই কথাৰে সিহঁতক বাকৰূদ্ধ কৰো, লৈ আনো অন্ধকাৰ জগতখনলৈ। মন্ত্ৰমুগ্ধৰ দৰে সিহঁতে মোৰ কথাত গুচি আহে মোৰ ওচৰলৈ। কেতিয়াবা নিজৰ ক্ষুধা হেঁপাহ পলুৱাই পান কৰো, তাৰপাছত পঠাই দিও কাহানিও উভতিব নোৱাৰা অচিন জগতখনলৈ। মোটা অংকৰ ধন লাভ কৰো তাৰ বিনিময়ত।
মোৰ ঠিকনা, পৰিচয় আজিলৈকে কাকো জানিবলৈ দিয়া নাই মই, আনকি মোৰ পৰিয়ালকো। এইবোৰ বিজনেচত যিমানে নিজক গোপন কৰিব পাৰি সিমানে নিজৰ কাৰনে ভাল। গাঁৱত মোৰ এখন ঘৰ আছে। মা আৰু ভন্টী থাকে। মা আৰু ভন্টীকো আজিলৈকে মই একো জানিবলৈ সুযোগ দিয়া নাই। মাহেকে পষেকে ঘৰলৈ টকা পঠাইছো, মা-ভন্টীক সুখত ৰাখিবলৈ চেষ্টা কৰিছো, বাচ। ঘনাই ঘৰলৈ নাযাও মই। গ'লেই ধৰা পৰাৰ ভয়।
''বিহু ৱে সংক্ৰান্তিয়েও কেতিয়াবা আহিব নোৱাৰ? কেনেকুৱা কোম্পানী অ এইটো সোণ?"
"বছে অভাৰ টাইম কৰিব দিলে কি কৰিবি কচোন? কোম্পানীৰ চাকৰি এনেকুৱাই যিমানে বছক সন্তুষ্ট কৰিবি, সিমানে মুনাফা।" মই পলায়নবাদী উত্তৰ দিও। মা আজলী, হলেও চকুত চকু থৈ মই জীয়াফাঁকি দিব নোৱাৰো। কেতিয়াবা ভাব হয় মইও তো কাৰোবাৰ জীয়েকক, কাৰোবাৰ ভনীয়েকৰ লগত এনেকুৱা ঘৃণনীয় কাম কৰিছো, মোৰ ভন্টীকো যদি এনেকৈ কোনোবাই...........? নাই নাই মোৰ ভন্টীৰ লগত এইবোৰ কিয় হব। তাইক মই ৰাজকুমাৰীৰ দৰে ৰাখিছো। তাইৰ লগত এনেকুৱা কৰিবলৈ কোনোবাই সাহস কৰিব মই তাৰ হয়তো হাত ভৰি চিঙি দিম। কিন্তু মইওতো............। এইবোৰ মনলৈ আহিলে সকলো এৰিবৰ মন যায়। কিন্তু পুৰণি স্মৃতিবোৰে মোৰ এই ভোকাতুৰ হিংস্ৰ পশুটোক আকৌ জগাই তোলে। সকলোাবোৰ মই পাহৰি যাও। নাৰীৰ প্ৰতি থকা ঘৃণাভাবটো আকৌ জ্বলি পকি উঠে। মোৰ বাবে কেৱল নাৰীৰ দেহটোৱেই মূল, বাকী বেলেগৰ ভাষাত ঈষৎ বেকা হাঁহি, লাজুক চাৱনি........ধুৰ গুলি মাৰা এইচব।
আজিকালি ঘৰলৈ অহা একেবাৰে কমাইছো। ঘৰলৈ আহিলেই মায়ে বিয়াৰ কথা ঘনাই কয়। কিন্তু মোৰ বাবে নাৰী চলনাময়ী। যিয়ে কাৰোবাৰ অকৃত্ৰিম ভালপোৱা, নিস্বাৰ্থ প্ৰেমক ভৰিৰে মোহাৰি চৰম বিশ্বাসঘাটকতা কৰিব পাৰে তেনেকুৱা এটা জাতিৰ লগত গোটেই জীৱন একেলগে? নাই মই নোৱাৰো। প্ৰেম, ভালপোৱা আবেগ-অনুভূতি অবিহনে জীৱন অসম্পূৰ্ণ। কিন্তু মোৰ জীৱনত বৰ্তমান এইবোৰৰ স্থান নাই। শিলৰ দৰে কঠুৱা অন্তৰ লৈ মই জীয়াই আছো। এতিয়া মোৰ বাবে টকাই সৰ্বস্ব। টকাই জীৱনৰ মূল, প্ৰয়োজনত মৰম ভালপোৱা সকলো টকাৰে কিনিব পাৰি। কোৱা হয় সকলোৰে জীৱনলৈ এবাৰ হলেও প্ৰেম আহে। মোৰ জীৱনলৈও প্ৰেম আহিছিল, প্ৰকৃত প্ৰেম। সেই প্ৰেমত কোনো কৃত্ৰিমতা নাছিল, নিস্বাৰ্থ প্ৰেম আছিল সেইয়া। কাৰোবাক যে কেতিয়াবা নিজৰ সকলো উজাৰি দি মৰমেৰে ওপচাই পেলাব বিছাৰিছিলো, সেইয়া আজি কালি চোন বিশ্বাসেই নহয়। সপোনবোৰ ডাঙৰ আছিল। কিন্তু......... ইমান নিস্বাৰ্থ প্ৰেমৰ বিনিময়ত মই পালো কি? সেই কোমল লাজুকী হাঁহিৰ পাচফালে যে এখন জঘন্য ক'লা মুখ থাকিব পাৰে মোৰ সপোনৰো অগোচৰ আছিল। এই দুনীয়াত তুমি টকা থাকিলে প্ৰেম কৰা। বিলাসী গাড়ী ত বহুৱাই দামী দামী ৰেস্টুৰেন্টত যোৱা, দামী দামী গিফ্টেৰে প্ৰেয়সীৰ হৃদয়খন জয় কৰা। তাকে কৰিব নোৱাৰিলে তোমাৰ আবেগ, তোমাৰ ভালপোৱাৰ টকাৰ ওচৰত কোনো মুল্য নাই। ঠিক একেদৰে তাই য়ো গুচি গৈছিল টকাৰ পাছত দৌৰি মই ঢুকি নোপোৱা দূৰলৈ, মোৰ মৰম, আবেগ, ভালপোৱাক ভৰিৰে মোহাৰি। ল'ৰা মানুহে দেখুৱাই কান্দিব নোৱাৰে, কান্দিলে হেনো বেয়া দেখাই। মই লুকাই লুকাই কান্দিছিলো, কোনেও নজনাকৈ, নেদেখাকৈ। তাইৰ মিঠা মিঠা কথাবোৰ, ভুৱা প্ৰতিশ্ৰুতিবোৰ মনত পৰিলেই বুকুখন শেলে বিন্ধা দি বিন্ধিছিল মোৰ। আহত হৈ পৰিছিলো মই। ঘৃণা উপযিছিল সমগ্ৰ নাৰী জাতিটোৰ ওপৰত আৰু সেই ঘৃণাই জন্মদিছিল আজি মোৰ ভিতৰত থকা এই পশুটোক। তাইৰ ওপৰত লব নোৱাৰা প্ৰতিশোধ মই পূৰণ কৰো আন যুৱতীৰ কোমল দেহৰ উত্তাপ লৈ।এনেকৈ মই মানৱৰ পৰা দানৱলৈ ৰূপান্তৰিত হৈছো। সীমা চেৰাই পাপ কৰিছো মই। মই জানো আনে নোৱাৰিলেও ভগৱানে মোক বেয়াকৈ ইয়াৰ শাস্তি দিব। সেয়েহে এইবাৰ মন ডাঠ কৰি সিদ্ধান্ত লৈছো, এইয়ে মোৰ শেষ চিকাৰ। তাৰ পাছত এইবোৰ সকলো এৰি জীৱনটো নতুনকৈ আৰম্ভ কৰিম।
সন্ধিয়া চহৰখন বেছ ব্যস্ত হৈ পৰিছে। অলপ পিছতেই তাই আহি পাবহি। মোৰ জালত নতুনকৈ ভৰি পেলোৱা সুন্দৰী যুৱতী গৰাকী। মই পেলোৱা জালখনত তাই নিসংকোচে ভৰি দিছে। নিচেই কম দিনৰ ভিতৰতেই মই তাই বিছৰা প্ৰিয়জন, বিশ্বাসভাজন হৈ পৰিছো। মোক বেছি বিশ্বাসত লৈ তাই আহিব আজি মোক ৰাতিটো সংগ দিবলৈ। কিন্তু তাইতো নাজানে হয়তো কালিলৈৰ পৰা এই প্ৰিয়মানুহজনেই হৈ পৰিব তাইৰকাৰণে আটাইতকৈ ডাঙৰ দুছমন। তিনিনম্বৰ পেগটো ঢালি চিগাৰেট এটা জ্বলাই ললো। এইসময়ত দুই তিনিপেগ খোৱাতো মোৰ আজিকালি নিত্য অভ্যাস। সন্ধিয়াটো অলপ নিচা কৰি ৰঙীন কৰিব নোৱাৰিলে ভালেই নলগা হৈছে। চিগাৰেটৰ ধোৱাৰ মাজত কুণ্ডলী পকাই পকাই অতীতলৈ উভতি গ'লো। মা আৰু ভন্টীৰ মুখখন মনলৈ আহিল। সচাকৈ কিমান যে মিছা মাতি আহিছো। মবাইলটো বাজি উঠিল, হয় তাইৰ ফোন।
"সোমাব নিদিয়া নে কি? দৰ্জাখন খোলা"---- একেজাপে উঠি গ'লো। দৰ্জাখন খুলি দিলো। মিচিকি হাঁহি এটা মাৰিলে তাই। আহ! কি সুন্দৰ লাগিছে তাইক। ৰঙা ছুটিকৈ টপটো, ব্লেক জিনচ দীঘল মেলা চুলিটাৰি, কাজল লগা চকু। মই অবাক হৈ ৰৈ গলো অলপ পৰ। টপ আৰু জিনচৰ মাজত উন্মুক্ত হৈ থকা খালি ঠাইখিনিলৈ বাৰে বাৰে চকু গ'ল মোৰ। তাইৰ উন্মুক্ত হৈ থকা নাভি, লাহি কঁকাল; উফ মই বাকৰূদ্ধ।
"কি হ'ল দৰ্জা মুখতে ৰাখিবা নেকি গোটেই ৰাতিটো?" তাইৰ মাতত সম্বিত ঘূৰি আহিল মোৰ।
"ধেৎ আহা আহা।"
"ইছ ৰাম গোটেই ৰুম ধোৱাই আছে। কিয় ইমান চিগাৰেট খোৱা? মৰিবলৈ মন জল্দি। বাথৰূম ক'ত? মই ফ্ৰেচ হৈ লও।"
টাৱেলখন দি তাইক বাথৰূমটো দেখুৱাই দিলো। আচৰিত তাই মোৰ কথা ইমান চিন্তা কৰে? নাই তাইৰ কথাষাৰত কৃত্ৰিমতা নাই। হয়তো সঁচা অন্তৰেৰে মোক ভাল পাই পেলাইছে। কিন্তু মই? মই তো তাইৰ লগত এখন ডাঙৰ খেল খেলিব গৈ আছো। অলপৰ কাৰণে মনটো কুমলি গল। নাই নাই ইমান পাতল হলে নহব মই। মনটোক ডাঠ কৰিব চেষ্টা কৰিলো।
"আজি নালাগে আৰু। আজিলে সামৰা আৰু। অলপ কমাই খোৱা অভ্যাস কৰা।'
তাই ফ্ৰেছ হৈ আহিল। আস কবলৈ মন গ'ল ইমান নাভাবিবা মোৰ কথা। বৰ বেয়া মানুহ মই।
লাইট পেগ এটা লম আৰু----লাহেকৈ কলো।
"ঠিক আছে মই বনাও"----খিলখিলাই হাঁহি দিলে তাই।
"তুমি?"।-----।হো হোৱাই হাঁহি দিলো মই।
"আৰে আজি টেষ্ট কৰা মই বনোৱা পেগ"। ফোনটো বাজি উঠিল। এইসময়ত মা বা ভন্টীয়ে ফোন কৰে। তাইক তাতে এৰি অলপ ওলাই আহিলো মই। মাৰ সদায় একেই কথা। ব'ৰ খাই যাও। আজি কৈ দিলো ফাইনেল। পৰহিলে একেবাৰে ঘৰলৈ যাম।
"লোৱা আজি মোৰ পেগ খাই চোৱা।" হাঁহিদিলে তাই। নিচাত মোৰ মনটো পুলকিত হৈ পৰিল। তাই মোৰ কাষত বহি পৰিল। কি সৌন্দয, কি ৰূপ লাবণ্য। সৃষ্টিকৰ্তাই যেন সকলো উজাৰি দি তাইক সৃষ্টি কৰিছে। একেঘোটে পেগটো শেষ কৰিলো। আৰু অলপ সময়ৰ পাছত তাই আৰূ মই এক হৈ পৰিম। অলপ ওচৰ চাপি গ'লো তাইৰ। এতিয়াও তাই লাজকুৰীয়া হাঁহিটো মুখত লাগিয়েই আছে। মন গ'ল এটা চুমা আকি দিবলৈ। নিচা বেছি হৈ আহিছে। আৰু অলপ ওচৰ চাপি গৈ তাইক সাবটি ধৰিলো। খিলখিলিয়া হাঁহি মাৰি তাই মোক ঠেলা মাৰি দিলে। মই চোফাৰ পৰা আহি তলত পৰি গলো। মুহুৰ্ততে উঠি আহি তাইক সাবটি ধৰিবৰ মন গ'ল।কিন্তু এইয়া কি?মই চোন উঠিব পৰা নাই। বুকুখনচোন মোৰ বিষাই উঠিছে। কি হৈছে মোৰ। আনদিনাটো চাৰি পেগত মোৰ এনেকুৱা নহয়।
"হেল্প মি প্লিছ"--- মোৰ মুখৰ পৰা অস্ফুতকৈহে ওলাল কথা খিনি।
আৰে এইয়া কি?।তাইচোন মোক আচৰিত কৰি বেছি জোৰেৰে হাঁহিব ধৰিছে।
"এনেকৈ আৰু কিমানৰ জীৱন শেষ কৰিলি তই। কিমান মাকদেউতাকৰ বুকু সূদা কৰিলি? কি ভাবিছিলি এনেকৈ তই বাছি যাবি?"-----মোক আৰু আচৰিত কৰি তাই মোৰ বুকুৰ ওপৰত বহি উপৰ্যূপৰি মোৰ গালে মুখে প্ৰহাৰ কৰিব ধৰিলে। বাধা দিবলৈও যেন মোৰ শক্তি নাই। এনে লাগিল মুহুৰ্ততে এখন চোকা ডেগাৰ আনি তাইৰ বুকুত সুমুৱাই দিম। কিন্তু মই যেন শক্তিহীন। ইমান পৰে তাই পেগত ঢালি দিয়া বিহখিনিয়ে মোক বৰ বেযাকৈ খুলি খুলি খাইছে।হয়তো আজি মোৰ শেষ দিন। বেয়াকৈ ফচি গ'লো মই।
"কিন্তু তই এইবোৰ কেনেকৈ?" কোনোমতে জোৰ কৰি মাততো উলিয়ালো।
"মনত পেলাচোন। ডিব্ৰুগড়ৰ সেই ছোৱালী জনী। কি দোষ আছিল তাইৰ। জীৱনৰ সকলো উজাৰি দিছিল তোৰ নামত। কিন্তু তই তাৰ প্ৰতিদানত কি দিলি? চৰম বিশ্বাসঘাতকতা। তাইৰে ভনীয়েক...............
তাই আৰু বহুতো কথাই কৈছিল। কিন্তু কাণত নোসোমাল মোৰ। মোৰ কামনাৰ চিকাৰ হোৱা সকলোৰে নাম মনত পেলাবলৈ চেষ্টা কৰিলো। কিন্তু মনতেইচোন নপৰে। মূৰটো গধূৰ গধূৰ লাগিছে। উশাহ লবলৈও বৰ কষ্ট পাইছো। অলপ পৰ আগতে লগ হোৱা সুন্দৰীজনীযে বাঘিনীলৈ ৰূপান্তৰিত হব সপোনতো ভবা নাছিলো মই। শেষৰ চিকাৰটো ধৰিবলৈ গৈ বৰ বেয়াকৈ হাৰি গ'লো মই। চিকাৰ ধৰিবলৈ গৈ এনেকৈ নিজেই কাৰোবাৰ যে চিকাৰ হম কল্পনাও কৰা নাছিলো মই। মা আৰু ভন্টীৰ মুখখনে বেয়াকৈ আমনি কৰিছে। মোৰ অনুপস্থিতিত সিহঁতে..............নাই মই কল্পনাই কৰিব নোৱাৰো। কিন্তু বহুত দেৰি হৈ গ'ল। হয়তো মা আৰু ভন্টীক কেতিয়াও দেখা নাপাম। আহ!!!! বুকুখন গধূৰ হৈ।আহিছে। উশাহ বোৰ ক্ৰমান্বয়ে মোৰ চুটি হৈ আহিছে।
কিন্তু তাই তেতিয়াও মোৰ এই অসহায় অৱস্থাটো চাই হাঁহি থাকিল। এনে লাগিল যেন সেইয়া তাইৰ হাঁহি নহয় অট্টহাস্য। মোৰ ওচৰত যেন এজনী যুৱতী নহয়, ৰৈ আছে এজনী বাঘিনী........................।।।।।
No comments:
Post a Comment