Tuesday, January 21, 2020

ভৌতিক কাহিনী

   অশৰীৰিৰ বিননি
তুষাৰ ৰঞ্জন কাশ্যপ

কথাটো শুনি মই ঢেকঢেকাই হাঁহি দিলো। ধেৎ এই একৈশ শতিকাত কোনোবাই ভূত বিশ্বাস কৰে নে। কিন্তু ৰাহুল নাচোৰবাণ্ডা, তাৰ মতে কিবা এটা অলৌকিক শক্তিয়ে তাৰ ঘৰত বাহ লৈছে। অৱশ্যে সি কোৱা ঘটনাবোৰ অস্বাভাবিক। মই তাৰ সেই অলৌকিক ঘটনাবোৰৰ কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে চালো। হয় বাৰু কোনো বৈজ্ঞানিক ভিত্তি নাই। হলেও ভূত-প্ৰেত, দ'ত, যখিনী এইবোৰ মই নিজে নেদেখালৈকে কোনো দিনে বিশ্বাস নহয়।

"আৰে তই নিজে চিটুৱেচনটো ফেচ কৰা হ'লে বিশ্বাস কৰিলি হয়। তাইৰ মুখখন ভালদৰে এবাৰ চালে কথাটো বুজিবি। কথাই প্ৰতি হাঁহি ফূৰ্তি কৰা ছোৱালী জনী যেন ভিতৰি ভিতৰি মৰিব ধৰিছে। ৰাতি তাই অকলে অকলে বাহিৰত ওলাই যায়, কাৰোবাৰ লগত অকলে অকলে কথা পাতে,খিলখিলাই হাঁহে। কেতিয়াবা একেথৰে কৰবালৈ চাই থাকে। চকুহাল যেন গাতত হে সোমাইপৰিছে। এই নতুন ঘৰটো লোৱাটোৱেই হয়তো ভুল হল। "

ৰাহুলে কথাষাৰ উষ্মাত কৈছিল যদিও শেষলৈ তাৰ মাতটো থোকা থোকি হৈ আহিল। তাক আৰু দুখ দিবলৈ বেয়া লাগিল। হলেও কলো--
"তাইক কোনোবা মানসিক বিশেষজ্ঞৰ ওচৰত নিয়াই ভাল হ'ব নেকি?"

"প্ৰথমতে নিছিলো। কিন্তু একোটো পৰিবৰ্তন নহ'ল। প্ৰথমতে এইবোৰ মোৰো বিশ্বাস হোৱা নাছিল। কিন্তু লাহে লাহে যিবোৰ ঘ‌‌টিব লাগিছে এইবোৰৰ ওপৰত মোৰ পুৰা বিশ্বাস হৈ গৈছে। মাজৰাতি কাৰোবাৰ হিয়াভগা কান্দোনৰ শব্দ মইয়ো শুনিছো। ৰাতি কোনোবাই কৰিডৰেদি খোজ কঢ়া, ভিতৰত বাচন পেলোৱা এইবোৰৰাতি সঘনাই হয় আমাৰ ঘৰত।সিদিনা দিনত তাইক মই কিবা এটা কথাত অলপ টানকৈ কৈছিলো।সেইদিনা  মাজৰাতি এনেকুৱা লাগিল যেন মোক কোনোবাই ডিঙিত চেপিহে ধৰিছে। এনেকুৱা লাগিছিল যেন কোনোবাই মোক দীঘল দীঘল নখেৰে গালে মুখে আছুৰিছে। সাৰ পাই ওঠি দেখো কোনো নাই। দিনত তাই অকলে থাকি বেয়া পাই বুলি কেইদিনমানৰ কাৰণে মাক গাঁৱৰ পৰা লৈ আহিছিলো। কিন্তু কিয় নাজানো দুদিন থাকিয়েই মাইয়ো ঘৰলৈ যাবলৈ উৎপাত লগালে।''

ৰাহুলৰ কথা খিনি শুনিলো। কথাখিনি অলৌকিক। ৰাহুল আৰু মই একেটা অফিচতে কাম কৰো। তাৰ আচল ঘৰ তিনিচুকীয়াত। ইয়াত পত্নী নন্দিতাৰ লগত ভাৰাঘৰ এটাত থাকে। সিহঁতৰ প্ৰেম বিবাহ। নন্দিতা তাৰ কলেজৰ দিনৰে প্ৰেম। গ্ৰেডুৱেচন পাছ কৰাৰ পাছত নন্দিতাৰ ঘৰত বিয়াৰ যো জা চলিছিল। উপাই নাপাই দুয়ো পলাই বিবাহ পাতিব লগা হ'ল। ইমান সোনকালে তাকো ঘৰৰ অমতত এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে প্ৰথম ৰাহুলৰ ঘৰখনেও কথাটো সহজভাবে মানি লোৱা নাছিল। কিন্তু অলপ দিনৰ পাছত ৰাহুলহঁতৰ ঘৰখনে সিহঁতক আদৰি ল'লে। অৱশ্যে নন্দিতাৰ ঘৰখনে সিহঁতৰ এই সিদ্ধান্তক আজিও মানি লব নোৱাৰিলে। এই কথাটো লৈ নন্দিতাই কেতিয়াবা আমাৰ আগতো দুখ কৰে। নন্দিতাক পলুৱাই অনাৰ অলপ দিন পাছতে ৰাহুলে এই কোম্পানীটোত চাকৰি পালে আৰু এইখন চহৰলৈ দুয়ো গুছি আহিল। তেতিয়াৰ পৰাই সিহঁত দুয়োটাৰ লগত মোৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক। সৰু সৰু প্ৰব্লেমবোৰো আমি শ্বেয়াৰ কৰো।নন্দিতাকো ভালদৰে জানো। অত্যন্ত ফূৰ্তিবাজ ছোৱালী। মুখত এমোকোৰা হাঁহি সদায় থাকেই। বয়সত মোতকৈ এবছৰমান সৰু হ'ব যদিও মই তাইক বৌ বুলি মাতো। ভাৰাঘৰত মই অকলে থাকো। সেয়েহে প্ৰায়ে সিহঁতৰ ঘৰলৈ যোৱা হয় মোৰ। তিনিওটা একেলগে বহি কথা পতাত লাগিলে সময়বোৰ কেনেকৈ যায় ধৰিবৈ নোৱাৰি। অৱশ্যে আজি এমাহমান মই সিহঁতৰ ঘৰলৈ যাব পৰা নাই। ঘৰত ভন্টীৰ বিয়াৰ আয়োজন চলিছে। গতিকে প্ৰতি শুক্ৰবাৰে ঘৰলৈ যোৱাটো মোৰ নিয়ম হৈ পৰিছে এইকেইদিন।

"তহঁতে ফেমিলি বঢ়োৱাৰ কথা ভবা নাই নেকি? হয়তো নন্দিতাই দিনটো নিসংগ হৈ থাকি মানসিক অশান্তিত ভূগিছে। মোৰবোধেৰে তহঁতে সন্তানৰ কথা ভাব।"

"কিন্তু নন্দিতাৰ গৰ্ভধাৰণ কৰাৰ ক্ষমতা নাই। তাই কেতিয়াও কাৰোবাৰ মাক হ'ব নোৱাৰে।" ৰাহুলৰ মাতটো থোকাথোকি হৈ আহিল।"

"কিন্তু এইবোৰ কথা?........"

"অ তোকো কোৱা নাছিলো। কেৱল সিদিনা মাক কৈছিলো। এইবোৰ কথাও তোক কম বুলি ভবা নাছিলো তই ঘৰত বিয়াৰ কামত ব্যস্ত কাৰণে। কিন্তু মই নিৰূপায় হৈ গৈছো অ দোষ্ট। পাৰ যদি কিবা এটা হেল্প কৰ।"

ৰাহুললৈ বেয়া লাগিল। সি মানুহটো অসহায় হৈছে। এইসময়ত মোৰ দৰে বন্ধুৰ সহায়ৰ প্ৰয়োজন তাক।কিন্তু ভূত? মই বিশ্বাস কৰিবলৈ টান পালো। কিন্তু সি মোৰ ভাল বন্ধু। কেইবাটাও বিপদত যথেষ্ট সহায় কৰিছে সি মোৰ।তেনেস্থলত যদি মই......। য়েছ নাম এটা মনলৈ আহিল। দীপজ্যোতি শৰ্মা, মোৰ কলেজীয়া দিনৰ বন্ধু। ভূত-প্ৰেতৰ প্ৰতি সাংঘাটিক বিশ্বাস। ভূতৰ কাহিনী কোৱাটো ওস্টাদ। প্ৰায়ে ইজনে সিজনৰ খা খবৰ লোৱা হয়। আজিকালি হেনো ভূতৰ ওপৰত কিবা গবেষণাত ব্যস্ত। মোক কোৱামতে সি হেনো ভূতক লগ পাইছে। এইবোৰ কথালৈ মোৰ লগত তাৰ যথেষ্ট তৰ্ক ও হয়। মোৰ কোনোপধ্যে এইবোৰ বিশ্বাস নহয়। কিন্তু এইসময়ত তাৰ সহায়ৰ বৰ প্ৰয়োজন। উপায় নোহোৱাত তালৈ ফোন লগালো, ইফালে ৰাহুলো নাচোৰবান্দা।
"কি দোষ্ট, কি খবৰ"। দীপে সহাৰি জনালে
"আছো দে। বিপদ এটাত পৰিহে তোক ফোন লগালো।"
"কি হৈছে? কছোন।"
"আচলতে মোৰ বন্ধু এজন বিপদত পৰিছে। তাৰ মতে তাৰ ঘৰত কিছুমান আলৌকিক ঘটনা ঘটিব লাগিছে। তাৰ মতে তাৰ ঘৰত ভূতে বাহ লৈছে।"
"হা হা দোষ্ট। অৱশেষত তয়ো মানি ল'লি ভূত আছে বুলি।মই টো আগতেই কৈছিলো যদি ভগবান আছে তেন্তে ভূতো আছে।" বন্ধুৰ মুখত বিজয়ীৰ হাঁহি ফুটি উঠিল।
"আবে এইছব কথাত মই এনেও বিশ্বাস নকৰো। কিন্তু মোৰ বন্ধুয়েহে নামানে। সেইকাৰণে উপায় নাপাই তোক ফোন কৰিলো। তই কিবা পাৰ যদি হেল্প কৰ।" মইয়ো তল পৰি নিদিলো।
"ঠিক আছে মোক ভালকৈ বুজাই কছোন কি কি হৈছে।"

তাক সকলো ভাঙি পাতি কলো। কথাখিনি বুজি উঠি বিশেষজ্ঞৰ দৰে সি কিবা এসোপা বকিলে, মোৰ কাণত নোসোমাল। অহা বৃহস্পতিবাৰে কৃষ্ণা একাদশী। সি সেইদিনা অহাৰ কথা দিলে। ফোনটো ৰাখিলো। ৰাহুলৰ মুখত আশাৰ ৰেঙনি ফুটি উঠিল। এইবোৰ বিশ্বাস নহয় যদিও কিবা কৰি হলেও যদি দীপ আহিলে  ৰাহুলৰ প্ৰব্লেমটো চল্ভ হয় তেন্তে মোৰনো কি যায়।

বৃহস্পতিবাৰৰ দিনা পুৱাতে দীপ আহি পালেহি। আহিয়েই তাৰ ভূত সম্পৰ্কীয় লেকচাৰ। বৰ বিশেষ গুৰুত্ব নিদিলো। অৱশ্যে একো উত্তৰো নিদিলো।মনে মনে ভাবি থাকিলো "বেটা কৈ থাক এতিয়া, ৰাতিলেহে ভূত নোলালে গ'লি তই।" ব্ৰেকফাষ্ট কৰি দুই টা অলপ ফুৰি আহিলো। দুপৰীয়াৰ খানাটো ৰেষ্টুৰেন্টতে খালো। ৰাতিলৈ তাৰ ভূতৰ অভিযান। মোৰ এইবোৰত সোমাবলৈ মন নাই যদিও বন্ধুতৰ খাতিৰতে যে ৰাতিটো তাত ৰব লাগিব সেইয়া বুজি পালো। আবেলিলৈ আমি ৰাহুলহতৰ ভাৰাঘৰলৈ যাবলৈ ওলালো। দীপ সাজু হ'ল। চুটকেছ এদালত কিবা এসোপা আনিছে সি। সেইটো থিক থাক কৰি ল'লে সি। মোলৈ তাবিজ এটা দিলে সি।

" হো এইটো পিন্ধি ল। আত্মাই তোৰ নোম এদালো চুব নোৱাৰে।"

"সেইচব তোৰ লগতে ৰাখ। এইবোৰ নিপিন্ধাকৈ মোৰ চলি যাব" মই ঠাট্টাৰ হাঁহি এটা মাৰিলো। কিন্তু সি নামানিলে। মোক জোৰ কৰি তাবিজটো পিন্ধাই দিলে। মানুহ যে আৰু। ভিতৰি ভিতৰি হাঁহি এটাও উঠিল। সকলো ৰেডি কৰি আমি পাঁচমান বজাত যাবলৈ ওলালো। ৰাহুলহতৰ ঘৰলৈ মোৰ ভাৰাঘৰৰ পৰা পচিশমিনিট মানৰ বাট। চাৰে পাচ মানত ৰাহুলহতৰ তাত পালোগৈ। সিহঁত যেন আমাৰ কাৰণেই ৰৈ আছিল। ৰাহুলহতৰ ঘৰখনৰ লগত  মোৰ ঘৰুৱা সম্বন্ধ। ডাইৰেক্ট ডাইনিং ৰুমত বহিলোগৈ কেওটা। নন্দিতাৰ মুখখনলৈ মন কৰিলো। আগৰ নিচিনা স্বভাবসূলভ হাঁহিটো নাই। চকুৰ গুৰিবোৰ ক'লা পৰি গৈছে। কিবা এটাই যেন তাইক শুহি পেলাইছে। নন্দিতাই চাহ মিঠাই লৈ আহিল। চাহ তাহ খাই আমি সকলো কথাত লাগিলো। তাৰ মাজতে দীপে বিশেষজ্ঞৰ নিচিনাকৈ ঘৰটোৰ চাৰিওকাষ এবাৰ চাই আহিল। কথাৰ মাজে মাজে নন্দিতাক লক্ষ্য কৰিলো। কথাৰ মাজতে তাই যেন মাজে মাজে অন্যমনষ্ক হৈ গৈছে। হাঁহিবলৈ যেন পাহৰি গৈছে।

ৰাতি ভাত পানী খাই মই অলপ জিৰাই ললো। দীপে ৰাতিৰ অভিযানৰ বাবে প্ৰস্তুতি চলালে। চাৰে এঘাৰ মানত দীপ সাজু হ'ল। দীপৰ কথামতে ৰাহুল আৰু মই দ্ৰয়িং ৰূমৰ সকলো বস্তু উলিয়াই ৰূমটো খালি কৰি দিলো। কৃষ্ণা একাদশী। বাহিৰত ঘোৰ আন্ধাৰ। তাৰ কথামতে ঘৰটোৰ সকলো দুৱাৰ খিৰিকি বন্ধ কৰি দিলো। মাত্ৰ ড্ৰয়িংৰূমৰ দৰ্জাখন খোলা থাকিল। ঘৰৰ মেইন চুইছটো কাটি দিলো। গোটেইখন অন্ধকাৰ হৈ পৰিল। এনেই কৃষ্ণ পক্ষ তাতে সকলো লাইট বন্ধ। ড্ৰয়িংৰূমৰ মাজত দীপে বগা বগা গুৰিৰে এটা বৃত্ত আকিলে। তাৰ পাছত সেন্দুৰ অলপ লৈ বৃত্তটোৰ ভিতৰত এটা তৰা আকি দিলে। আমি সকলো নীৰৱ দৰ্শক হৈ মাত্ৰ তাৰ কৰ্মকাণ্ডবোৰ চাই আছো। এইবাৰ সি তৰাটোৰ  ছয়টা চুকত ছডাল আৰু মাছত এডাল মম জলাই দিলে। তাৰ পাছত তৰাটোৰ সোমাজত এটা আঙুঠি।মই ভেবা লাগি চাই থাকিলো সকলো।

"এতিয়া মই আচল কাম আৰম্ভ কৰিম। আপোনালোকে এই দুটা পিন্ধি লওক।" দীপে নন্দিতা আৰু ৰাহুললৈ তাবিজ দুটা আগবঢ়াই দিলে।
 "এইখন ল। ভয় খাই যধে মধে নুঘূৰাবি নিজৰে বিপদ ‌‌‌‌‌হ'ব।এনেও এইখনেদি আত্মাৰ একো নহয়। সাহসৰ কাৰণেহে দিছো।" মোলৈ খুকুৰী এখন আগবঢ়াই দিলে সি।

"ঠিক আছে। মই আৰম্ভ কৰিম এতিয়া। আত্মাই আহি বিভিন্ন ধৰণে ভয় খুৱাব। কিন্তু মুখেৰে একো উচ্চাৰণ নকৰি একে ঠাইতে বহি থাকিব। অকণো ভয় নাখাব। এই তাবিজ থাকিলে কোনো আত্মাই একো কৰিব নোৱাৰে।"---- মোৰ পেটে পেটে হাঁহিহে উঠিল। মনে মনে ভাবিলো গোটেইটো একদম বেজ হৈ গৈছ একেবাৰে।

ৰূমটোৰ এচুকত ভিডিঅ কেমেৰাটো ফিট কৰি দীপ আহি বৃত্তটোৰ ওচৰত বহিল। আমাকো চাৰিওফালে বহিবলৈ দিলে। আমি নীৰব দৰ্শক হৈ সকলো চাই আছো কেৱল। দীপে মুখেৰে কিবা বিৰবিৰোৱা আৰম্ভ কৰিলে। প্ৰথম লাহে লাহে , ক্ৰমান্বয়ে তাৰ বিৰবিৰণি খৰ হৈ আহিল। এনেকৈ পোন্ধৰ মিনিট মান পাৰ হল। নাই আত্মাৰ কোনো দেখা দেখি নাই। মাজতে তাক কব মন গ'ল এইবোৰ আভুৱা ভৰা বন্ধ কৰ। কিন্তু ৰাহলৰ মুখখনলৈ চাই ধৈৰ্য্য ধৰি থাকিলো। দীপলৈ চালো, অবিৰামভাবে মুখেৰে বিৰবিৰাই আছে। সকলো নীৰৱ। এনেকৈ আৰু অলপ সময়। হঠাৎ আমাক আচৰিত কৰি তৰাটোৰ ভিতৰত থকা আঙুঠিটো ঘূৰিবলৈ লাগিল। গাটো জিৰককৈ মাৰিলে। আচৰিত লাগিল। ই কেনেবাকৈ যাদু চাদু শিকা নাই টো। দীপে দুগুণ উৎসাহেৰে কিবা বিৰবিৰাইছে। এইবাৰ ভিতৰত কিহবাই বাচন পেলোৱাৰ শব্দ। বুকুখন কপি উঠিল। এনেই মই যথেষ্ট সাহসী। কিন্তু অজান আশংকাত বুকুখন কপি উঠিল। বাচন পেলোৱাৰ শব্দ ক্ৰমে বাহি আহিল। তাৰ লগে লগে এইবাৰ ঘৰৰ টিংত ধমধমোৱাৰ শব্দ।লগে লগে ঘৰটোত যেন কোনোবাই দৌৰিছে‌। ৰাহুল আৰু নন্দিতালৈ চালো ভয়ত দুয়োৰে গাত কপনি উঠিছে। কিন্তু দীপ নিৰ্বিকাৰ। খন্তেক সকলো নীৰৱ, আকৌ  কাৰোবাৰ কান্দোনৰ শব্দ। কোনোবা নাৰীয়ে যেন উচুপি উচুপি কান্দিছে। ক্ৰমান্বয়ে উচুপনিৰ।পৰা হিয়া ভগা কান্দোনলৈ ৰূপান্তৰ হ'ল।  আমাৰ তিনিওটাৰ পেটত হাত ভৰি লুকাল। মনে মনে সকলো ইষ্ট দেৱতাৰ নাম লৈ থাকিলো। এইবাৰ কান্দোনৰ শব্দ বন্ধ হল। কিছুসময়ৰ নিৰৱ নিস্তব্ধ। চেঁচা বতাহ এজাকে ডিঙিটোত চুই গ'ল। এনে লাগিল যেন কোনোবাই পিছফালে ৰৈ মোক চাই আছে। কোনোবাই যেন কাণৰ কাষত ৰৈ কিবা ফুচফুচাই আছে। গোটেই গাটো সিৰককৈ মাৰিলে।কিন্তু ঘূৰি চাবলৈও ভয় লাগিল। খুকুৰীখন খামুচি মৰণত শৰণ দি বহি থাকিলো।দীপৰ  বিৰবিৰণী বন্ধ হ'ল। কাৰোবাৰ খোজৰ শব্দ শুনিলো। কোনোবা যেন ড্ৰয়িং ৰূমৰ ফালেই আহি আছে। ড্ৰয়িং ৰূমৰ দৰ্জাখন কেৰেককৈ উঠিল। হয় এটা ছায়ামুৰ্তি এখোজ এখোজকৈ সোমাই আহিল। এজনী নাৰী। উফ কি বিভৎস ৰূপ। গাৰ নোম বোৰ ডাং খাই উঠিল।মোৰ যেন উশাহ নিশাহ বন্ধ হৈ যাব।জীয়াই আছো নে মৰিলো তাকো পাহৰি গলো। চিঞৰিবলৈ লৈও যেন মোৰ মাত নোলাল। শুদ্ধ বগা সাজ,মেলি থোৱা কিছকিছিয়া ঘন ছুলি। মুখৰ সোফালটো যেন  জুইয়ে পুৰি শেষ কৰি পেলাইছে। চকুত নহয় ঠিক একুৰা জ্বলি থকা জুই যত সোমাই আছে প্ৰচণ্ড ক্ৰোধ। এইমুহুৰ্ততেই যেন কাৰোবাৰ ডিঙি মুচৰি পেলাব।

অলপ আগলৈকে দেখুৱাই থকা সকলো সাহস মোৰ শেষ হৈ গৈছিল। আত্মাৰ কাহিনী চিনেমা বা কিতাপতহে পঢ়িছিলো। আজিলৈকে এইবোৰ ঘূনাক্ষৰেও বিশ্বাস কৰা নাছিলো। কিন্তু স্ব-চক্ষুৰে দেখাৰ পাছত মই কোনোমতে মূছকছ নোযোৱাকৈ বহি থাকিলো। সেই বিভৎস ৰূপ দেখাৰ পাছত হয়তো বহুতেই হাৰ্টফেইল কৰিলে হয়। কিহে পাইছিল এইবোৰ জঞ্জালত সোমাবলৈ। নামঘোষা, নাৰায়ণ কবচ যি মনত আহিল মাতি থাকিলো। ৰাহুলৰো একেই অৱস্থা। কিন্তু দীপ? সি যেনদৰে বহি থাকিল যেন অস্বাভাবিক একো হোৱাই নাই। মঙখত ভয়ৰ লেশমানো চিন চাব নাই।নন্দিতা বহা ঠাইতে ঢলি পৰিল। ৰাহুল উঠিব খুজিছিল। দীপে ইংগিতেৰে বাধা দিলে।

"কি লাগে তোমাক? কিয় সকলোকে ইমান অশান্তি দিছা। কোনেওটো তোমাক একো অপকাৰ কৰা নাই"। আচৰিত লাগি গ'ল। আত্মাৰ লগত কথা পাতিছে সি।

"ইয়াত থকা কাকোৱেই মই শান্তিত থাকিব নিদিও। যেতিয়ালৈকে মোৰ সূবিচাৰ নহব তেতিয়ালৈকে কাকোৱেই নিদিম শান্তিত থাকিবলৈ।" নাৰী মূৰ্তিয়ে অট্টহাস্য কৰি উঠিল।

"আমি তোমাৰ কোনো অপকাৰ কৰিব বিছৰা নাই। মাত্ৰ জানিব খুজিছো তোমাৰ কি হৈছিল। কিজানি তোমাক সহায় কৰিব পাৰো।" কি আচৰিত সাহসী দীপ।

"সেইবোৰ জানি কোনেও একো কৰিব নোৱাৰে।" আত্মাৰ মাতটোত মোৰ বুকুখন কপি উঠিল।

"কিজানিবা আমি তোমাক সহায় কৰিব পাৰোৱেই।"

নাৰীমূৰ্তি উচূপি উঠিল। কৈ গ'ল সকলো কথা। গিৰীয়েক আৰু শাহুৱেকৰ লগত এখন সুখৰ সংসাৰ আছিল তাইৰ। সকলো থিকেই আছিল। কিন্তু এদিন তাইৰ বাবে কাল হৈ আহিছিল এটা খবৰ।মেডিকেল ৰিপৰ্টমতে তাইৰ সন্তান জন্ম দিব পৰাৰ ক্ষমতা নাছিল। হয়তো সেইয়াই তাইৰ দোষ আছিল। সকলো সময়তে তাইৰ আবদাৰ লোৱা মৰমৰ  গিৰিয়েকটো পশুলৈ পৰিণত হৈছিল। ৰাতি হলেই তাইৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলিছিল গিৰীয়েক আৰু শাহুৱেকৰ।এদিন ৰাতি কোনেও নজনাকৈ জ্বলাই দিয়া হৈছিল তাইক। দেখুৱাই দিয়া  হৈছিল আত্মহত্যাৰ ৰূপ। কিন্তু আজিও তাইৰ হত্যাকাৰী স্বামী আৰু শাহুৱেক মুকলিকৈ ঘূৰি আছে। সন্তান জন্ম দিব নোৱাৰাটোৱেই তাইৰ বাবে এটা জঘন্য অপৰাধ হ'ল।---নাৰী মূৰ্তিয়ে কৈ কৈ কান্দি উঠিল।

"কিন্তু নন্দিতা? তাইক তুমি কিয় লক্ষ্য কৰি ল'লা।"

"নন্দিতাৰো সন্তান জন্ম দিয়াৰ ক্ষমতা নাইবুলি এদিন গম পালো মই। সেই দুখ মই বুজি পাও।সেয়েহে দিনত অকলে থকা সময়ত তাইৰ লগত মই কথা পাতো। তাইক মোৰ সকলো কথাই খুলি  কও। তাইয়ো কয় তাইৰ দুখৰ কথা। তাইৰ ভিতৰত আগৰ মই জনীক দেখা পাও মই। তাইক কোনোবাই বেয়াকৈ কোৱা সহ্য নহয় মোৰ। সিদিনা ৰাহুলে কিবা কথা শুনাইছিল নন্দিতাক। মোৰ সহ্য নহল। সেয়েহে......।"

"কিন্তু ৰাহুলৰ মাকেটো একো কৰা নাছিল।"

"সিদিনা ৰাহুল বজাৰলৈ যাওতে মাকে নন্দিতাক  মাক হব নোৱাৰাকলৈ বৰ  বেয়াকৈ কৈছিল।মোৰ দৰে আন কোনো নাৰীৰ লগত এনে হোৱা মই সহিব নোৱাৰো।"

"আমি তোমাৰ সু-বিচাৰ কৰাত হয়তো সহায় কৰিব পাৰিম। কিন্তু তুমি নন্দিতাক তোমাৰ কবলৰ পৰা মুক্তি দিব লাগিব।"

দীপে নাৰীমূৰ্তিক বিদায় দিলে। সকলোবোৰ কথা কেৱল ভেবা লাগি চাই ৰলো আমিবোৰে। তাইৰ লগত হোৱা কথাবোৰ জানি মনটো দুখ লাগিল। কাহানিও ভূত প্ৰেতৰ কথা বিশ্বাস নকৰা মইটোৱে ইমান দেৰি চিনেমা চোৱাৰ দৰে চাই থাকিলো সকলোবোৰ। তেতিয়ালৈ পোহৰ ওলাও ওলাও হৈছিল। নন্দিতাৰ হুচ ঘূৰি আহিছিল। নিশাটো উজাগৰেই পাৰ কৰি দিলো।সকলোবোৰ স্পষ্ট হৈ পৰিল। নন্দিতাৰ সোৱৰণী নাম ৰাণী, তুলা ৰাশি। সেয়েহে নাৰী আত্মাটোৱে তাইক সহজেই বশ কৰি পেলাইছিল।ৰাতি ৰাতি আত্মাৰ মাতত নন্দিতা বাহিৰলৈ উঠি গৈছিল, দুয়ো কথা পাতিছিল। কম দিনতে দুয়ো বৰ আপোন হৈ গৈছিল, সেয়েহে হয়টো সিদিনা নন্দিতাক অলপ টানকৈ কোৱা কাৰণে ৰাহুল আৰু মাকৰ ওপৰত সেই নাৰী আত্মাই অত্যাচাৰ চলাইছিল।

পুৱা সোনকালেই দীপ যাবলৈ ওলাল। নন্দিতাই চাহ ৰুটী যতনালে। মুখখনলৈ চালো। আগৰ হাঁহি ঘূৰি আহিছে আকৌ।

"আপোনাক যে কি বুলি ধন্যবাদ জনাম। আপোনাৰ এই উপকাৰ মই জীৱনত পাহৰিব নোৱাৰিম।"--ৰাহুলে দীপক সাবটি ধৰিলে।

"একো নাই দিয়ক। ইয়াৰ বন্ধু মানে জানো আপুনি মোৰো বন্ধু নহয়। পিছে তই মোৰ এইবোৰ কথা শুনিবই নোখোজ নহয়। এতিয়া বিশ্বাস হলটো। এতিয়াৰ পৰা আৰু মোৰ লগত এইবোৰত তৰ্ক নামাৰিবি।"

মোৰ আৰু প্ৰতিবাদৰ ভাষা নাছিল। আগদিনা যিখিনি হৈ গল সপোন সপোন লাগিল। দীপ গলগৈ, পিছে কেমেৰাটোতহে একো ৰেকৰ্ডিং নহল।ৰাহুলে সোনকালে ঘৰটো সলোৱাৰ সিদ্ধান্ত ল'লে।মই ৰুমলৈ বুলি বাট ললো। ৰাতি লগ পোৱা সেই নাৰী আত্মাৰ কথাবোৰ ভাবি এটা দীঘল হুমুনিয়াহ ওলাই আহিল।মনলৈ ভাব আহিল--"কিবাকৈ তাইৰ এটা সুবিচাৰ কৰি সেই অতৃপ্ত অশৰীৰীক মুক্তি দিব পৰা হ'লে"!

No comments:

Post a Comment