ৰাস্তাত পোৱা সিহঁতহাল
তুষাৰ ৰঞ্জন কাশ্যপ
বিস্ময়, জুন ২০১৯
ঘটনাটো মই কলেজত পঢ়ি থকা দিনৰ।ছেমিষ্টাৰ ব্ৰেকৰ সময়ছোৱা মোৰ কাৰণে নাযায় নুপুৱাইকৈ পাৰ হয়। কলেজৰ ব্যস্ত সময়সূচীৰ পৰিবৰ্তে বন্ধৰ দিনকেইটা বিশেষকৈ দিনৰ সময়কণ মোৰ বাবে যথেষ্ট আমনিদায়ক। খেলৰ চেনেল কেইটা সলাই সলাই পুৰণা ক্ৰিকেট মেটছবোৰৰ highlights চাই থকা আৰু মোবাইলত ফেচবুক আৰু PUBGত ব্যস্ত হৈ থকাৰ বাহিৰে দিনটোত মোৰ বৰ বিশেষ কাম নাথাকে। অৱশ্যে আবেলিৰ কথাটো সুকীয়া। আবেলিৰ পৰা সন্ধিয়া আঠ বজালৈকে ওচৰৰ স্কুল ফিল্ডখনত হোৱা ভলীবল খেলখনত মোৰ সেই সময়ছোৱা সুন্দৰকৈ পাৰ হয়। অৱশ্যে ওচৰৰ পাঁচ-ছয়খন গাঁৱৰ লৰাখিনিৰ উপস্থিতিয়ে খেলখনক সুকীয়া মাত্ৰা প্ৰদান কৰে। বিশেষকৈ অভিৰ বেকলিফটিং, বিতুৱে ফাৰ্ষ্টকৰ্টত বহুৱাই দিয়া স্মেচটোৱে বাটেদি পাৰ হৈ যোৱা বাটৰুৱাকো কিছুসময় খেলখন চাবলৈ বাধ্য কৰোৱাই।
সিদিনাৰ ঘটনাটোৰ আৰম্ভণি তাৰপৰাই। সাধাৰণতে প্ৰায় ২০ৰ পৰা ২৫ জন লৰা খেলত গোটখাই কাৰণে সদায় দুটা টিম ভাগ হৈ লোৱাৰ পাছত বাকিখিনি লৰা সদায় এটা টিম হৰালৈ অপেক্ষা কৰিবলগীয়া হয়। এই সময়ছোৱাতে নেখেলা লৰাখিনিৰ মাজত বিভিন্ন ধৰণৰ আলোচনা চলে। এনেধৰনৰ আলোচনাত ৰাজনীতিৰ পৰা আৰম্ভ কৰি কোহলীয়ে টেণ্ডুলকাৰৰ চেঞ্চুৰীৰ ৰেকৰ্ড ব্ৰেক কৰিব পাৰিব নে নোৱাৰিবকে আদি কৰি প্ৰিয়ংকা চোপ্ৰাৰ বিবাহলৈকে স্থান পাই। তাৰ মাজতে যুক্তিতৰ্ক বাক বিতন্তা হয়; কেপি,গন্ধাৰ আদান প্ৰদান চলে। খন্তেকৰ বাবে কোনোবা কোনোবাৰ মাজত বেয়া পোৱা পুই হয়; পিছ মুহুৰ্ততে পুনৰ থিক হয়। ইয়াৰ মাজৰে বাবু, মন, বিতু আৰু অভিৰ লগত মোৰ বন্ধুত্ব বেলেগতকৈ সুকীয়া। ইহঁত কেইটাৰ লগত সৰুৰেপৰা মেট্ৰিক দিয়ালৈকে একেলগে পঢ়া বুলিয়েই নহয়, আমাৰ গোটেইকেইটাৰ চিন্তাৰো যথেষ্ট মিল আছে।
"গৰমৰাৰ ওচৰলৈ হেঙুল আহিছে চাবলৈ যাবি নেকি?" মুখৰ পিকসোপা পেলাই বাবুয়ে আমাক উদ্দেশ্য কৰি সুধিলে।
আমাৰ পৰা গৰমৰাৰ দুৰত্ব প্ৰায় ২৫ কি:মি:তকৈও অধিক হব। মনে পোনচাটেই নাকচ কৰিলে। ৰাতি খন ইমান ঠাণ্ডাত নোৱাৰি বুলি অধিকাংশই নাযাও বুলিয়েই কলে। থিয়েটাৰেই হওক ভাওনাই হওক মোৰ নিচা সৰুৰ পৰাই বেছি। আমিবোৰ স্কুলত পঢ়ি থাকোতে ওচৰৰ হাইস্কুলখনৰ ফিল্ডলৈ সংঘৰ লৰাবোৰে আগতে বছৰত এখনকৈ থিয়েটাৰ মাতিছিল। আজিকালি সংঘটো মৃতপায় হল। গতিকে মোৰ নিচিনা নিচা থকাবোৰে প্ৰস্তাবটো নাকচ কৰিবলৈ টান পালো। বিতু আৰু অভিৰো মন নাছিল; কামুৰি কামুৰি মান্তি কৰালো। মোৰ ফাৰ্ষ্ট শ্ব চাবলৈ মন আছিল কিন্তু বাবুৰ উৎপাতত ছেকেণ্ড শ্ব চোৱাৰে সিদ্ধান্ত ললো। সন্ধিয়া ৬-৩০ টাত চাৰিআলিত লগ হোৱাৰ সিদ্ধান্ত লৈ আমি নেখেলাকৈয়ে ঘৰলৈ ওভতিলো।
সাধাৰণতে ঘৰৰ পৰা ইমান দূৰলৈ ৰাতি যাবলৈ পাৰমিশন মই নাপাও। কিন্তু থিয়েটাৰ ,নাটক ,ভাওনাৰ কথা সুকীয়া। তাতে ইহঁত চাৰিটা গলে মোক ঘৰত বাধা নিদিয়ে। ওচৰত থিয়েটাৰ নোহোৱা বাবে নলবাৰীত লগৰ লৰাৰ ঘৰত থাকি পূজা বা ৰাসত থাৰ্ড শ্ব লৈকে নাটক চোৱাৰ ৰেকৰ্ড মোৰ আছে।গতিকে ঘৰত কথাটো জনাই মই প্ৰায় সাজু হলো। পাতি অহা সিদ্ধান্ত অনুসৰি থিয়েটাৰ চাই আহি আমি বাবুহঁতৰ ঘৰত ৰাতি থাকিম। গতিকে মোৰ কাৰণে অপেক্ষা কৰিবলৈ মানা কৰি বাইকখনলৈ মই ওলাই আহিলো। বাবুক ঘৰৰ পৰা ওঠাই আমি দুয়োটা আহি চাৰিআলি পালোহি। সিফালৰ পৰা বিতুক লৈ অভি অহাৰ কথা। পোন্ধৰ মিনিটমান ৰখাৰ পাছতো যেতিয়া সিহঁত দুটা আহি নোলাল, তেতিয়াই মই অনুমান কৰিলো ইহঁত নাযায়। অৱশ্যে মোৰ নিচিনাকৈ সিহঁতৰ ইমান নিচাও নাছিল। দুই মিনিটৰ অগা পিছাকৈ দুয়োটাই বাবুলৈ ফোন কৰি যাব নোৱাৰাৰ কাৰণবোৰ দৰ্শালে। প্ৰচণ্ড খং উঠিছিল সিহঁত দুটাৰ ওপৰত। ইমান ধুনীয়াকৈ প্লেন কৰি এতিয়া ধ্বংস কৰাত মূৰটো গৰম উঠি আহিল। অৱশেষত আমি দুটাই যোৱাৰ সিদ্ধান্ত ললো।
গৰমৰালৈ আমাৰ পৰা ১০ কিমি গৈ হাইৱেত উঠি অলপ দুৰ আগুৱাই পুনৰ হাইৱেৰ পৰা ১২ কিমি মান ভিতৰলৈ সোমাব লাগে। থিয়েটাৰ হোৱা ঠাই পাওঁ মানে ৯ বাজিবৰ হলগৈ। তেতিয়া ফাৰ্ষ্ট শ্ব শেষ হোৱাই নাছিল। আমি দুটাই গেলেৰীৰ টিকট দুটা কাটি ল'লো। ভোক পাতলাবলৈ বুলি ঘূগুনী দুই প্লেট আৰু বয়ল দিম দুটাও খাই ললো। শ্ব শেষ হয় মানে দুইটাই চিগাৰেট এটাও হুপি ললো।
ছেকেণ্ড শ্ব আৰম্ভ হয় মানে ৯-৪৫ মান হল। অৱশ্যে দৰ্শকৰ সংখ্যা পাতলীয়া। আগফালৰ চকীবোৰ প্ৰায় খালি হৈ আছিল। গেলেৰীৰ পৰা গৈ আগত বহি ললো। নাটকৰ সুন্দৰ কাহিনী, সকলোৰে সুন্দৰ অভিনয়, উন্নত দৃশ্যসজ্জা, এক্সন মূঠতে সৰ্বাংগসুন্দৰ নাটক। বাবুলৈ মাজতে এপাক চালো। সিও মোলৈ সন্তুস্তিৰ চাৱনি এটা দিলে; মানে পেইচা ৱচুল হৈছে আৰু।
নাটক শেষ হোৱালৈ ১২ টা বাজি পাৰ হৈ গল। বাকী দৰ্শকৰ মাজে মাজে আমিও ওলাই আহিলো। ঠাণ্ডাটো বাহিৰলৈ আহিহে বেছিকৈ অনুভৱ কৰিলো। ইমান দেৰি নাটকৰ সোৱাদ লৈ থাকোতে ঠাণ্ডাৰ কথা গমেই পোৱা নাছিলো। পেটৰ ভোকটোও বাহি আহিল। ঠাণ্ডা গুচাবলৈ দুয়োটাই লাল চাহ দুকাপ খাই ল'লো। আকাশখনলৈ চালো, বতৰটো গোমা। বিজুলী মাৰি আছে, কেতিয়া বৰষুণ আহে ঠিক নাই। দেৰি নকৰি ঘৰ অভিমুখে বাইক দৌৰাই দিলো। বৰষুণ অহাৰ আগতেই ঘৰ পাব লাগিব। হাইৱেৰ পৰা আমাৰ ফালে সোমোৱা ৰাস্তা কেইবাটাও। তাৰে এটা ৰাস্তাৰে সোমালে আমাৰ ফালে যথেষ্ট চমু হয়। অৱশ্যে যিকোনো মানুহে সেইটো ৰাস্তাৰে ৰাতি যাবলৈ ইচ্ছা নকৰে। কিছুমানৰ মতে ৰাতি অশৰীৰি আত্মাই তাত অবাধ বিছৰন কৰে, ৰাস্তাৰে ৰাতি যোৱা মানুহক বিভ্ৰান্ত কৰে। তাতে সেইফালে জনবসতিও সেৰেঙা, কেৱল ডাঙৰ ডাঙৰ খেতিৰ পথাৰ। অৱশ্যে ভূত-প্ৰেত আদিক মই আগৰে পৰাই বিশ্বাস নকৰো। বাবুও যথেষ্ট সাহসী। গতিকে বেছি নাভাবি সেইটো ৰাস্তাৰে বাইক সুমুৱাই দিলো।
ৰাস্তাটো একেবাৰেই খালী, যেন পৰুৱা এটাও নাই। দুয়োফালে কেৱল পথাৰ আৰু পথাৰ। ঠাণ্ডাত বাইক চলাই হাত একদম চেচা পৰি গৈছে। নিৰৱতা ভাঙি বাবুৱে গানৰ কলি এটা গুণগুণাই গল। মাজতে নাটকৰ দুই এটা কথাও পাতি আহিলো। এক কিমি মান আহিছিলো ছাগে, হঠাৎ এজনী ছোৱালী বাইকখন ৰখাবলৈ ইংগিত দি উধাতু খাই আহি একদম বাইকৰ সন্মুখত আহি পৰিল। আকষ্মিক এনে ঘটনাৰ বাবে আমি অকনো সাজু নাছিলো। কোনোমতে ছোৱালীজনীক নুখুন্দিওৱাকৈ দিচ্ ব্ৰেকডাল মাৰি বাইকখন নপৰাকৈ কাতি হৈ যোৱাকে ৰখালো। নিশ্চিত দূৰ্ঘটনা এটাৰ পৰা কোনোৰকম ৰক্ষা পৰিলো, ছোৱালীজনীক ভালদৰে গালি দুটামান দিবলৈ বুলি তাইলৈ লক্ষ্য কৰি আমি ৰখি গলো। হেডলাইটৰ পোহৰত তাইৰ সৰ্বশৰীৰ মন কৰিলো। বয়স ঠিক আমাৰ সমানেই হব তাইৰ। তাইৰ দীঘল মেলা চুলিটাৰি, সেন্দুৰ বোলোৱাৰ দৰে ৰঙা গাল দুখনি, উঠন বক্ষযুগলে আমাকেই নহয় যিকোনো পুৰুষকেই আকৰ্ষণ কৰিব পাৰে। বগা চুৰিদাৰযোৰৰ সৈতে তাইক ৰাতিৰ আন্ধাৰতো ধুনীয়া লগা হৈছিল।
"প্লিজ হেল্প আছ। সৌ তাতে আমাৰ এক্সিডেন্ট হৈছে। তেওঁ মূৰত কিছু দুখ পাইছে। এইখিনিত বেলেগ মানুহ আৰু কাকো লগ পোৱা নাই। প্লিজ কিবা এটা কৰক।" ছোৱালী জনীয়ে আঙুলিয়াই দিয়াৰ ফালে লক্ষ্য কৰি চাওতেহে এজন লৰা ৰাস্তাৰ কাষৰে পুলটোৰ ওপৰত বহি থকা দেখা পালো। বেছ ওখ পাখ লৰা, হয়তো তাইৰ প্ৰেমিক। মাজনিশাখন এহাল যুৱক যুৱতীক অচিনাকী ঠাই এডোখৰত তেনেকৈ আমি মানি লবলৈ কিছু টান পালো। ষষ্ঠ ইন্দ্ৰিয়্ই যেন বিপদৰ ইংগিত দিলে। তেতিয়ালৈকে ভূতৰ কথা কিন্তু তিলমানো মনলৈ অহা নাছিল।
"আমাৰ বাইকখন সৌ তাতে পৰি আছে। আপোনালোকে বাইকখন তুলি দিলেই হব। আচলতে এও অলপ দুখ পোৱাৰ কাৰণে তুলিব পৰা নাই।"
যুৱতীৰ মাতত আমাৰ সম্বতি ঘুৰি আহিল। মনত কিছু সন্দেহ হৈছিল যদিও আমি কথাষাৰ কিয় জানো পেলাবলৈ টান পালো। মন্ত্ৰমুগ্ধৰ দৰে আমি যুৱতীৰ পিছে পিছে খোজ ললো। আগে আগে যুৱতী, মাজত আমি আৰু আমাৰ পাছে পাছে যুৱক। আমি যেন খোজবোৰ নিজেই দিয়া নাই, কিহবাই আমাক যেন টানিহে নিছে। অজান আশংকাত বুকুখন কপি উঠিল। হলেও ভয় ভাৱ লুকুৱাই আমি যুৱতীৰ পাছে পাছে গৈ থাকিলো। হঠাৎ কেচেমা কেচেম গোন্ধ এটা আমাৰ নাকত আহি লাগিল। গোন্ধটো ঠিক কেচা তেজৰ গোন্ধৰ দৰে। আমাৰ কোনোমতে ওকালি নহাকৈ থাকিল। তাৰ লগে লগে এচাটি চেচা বতাহে আমাক চুই গল। এনে লাগিল যেন হিমৰ দৰে চেচা হাত এখনে আমাৰ ডিঙিত বোলাই থৈ গৈছে। পাচফালৰ পৰা ওখ বস্তু এটাই আমাক অনুসৰন কৰা যেন লাগিল। মৰসাহ কৰি ঘূৰি চালো, নাই যুৱকেই আহি আছে। তাৰ মাজে মাজে যুৱতীয়ে আমালৈ চাই ৰহস্যময়ী হাঁহি এটাও মাৰি গল। বুকুৰ ধপধপনিবোৰ ভাহি আহিল। যুবকৰ আচৰনবোৰো আচৰিত লাগিল। লগপোৱাৰ পৰা যুৱকজনে টু শব্দ এটাও উচ্চাৰন নকৰা দেখি আমি যথেষ্ট আচৰিতো হলো। কেচা তেজৰ দৰে কেচেমা কেচেম গোন্ধটো ক্ৰমান্বয়ে বাহিহে আহিল আৰু গোন্ধটো যে যুবকৰ গাৰ পৰাই আহিছে তাক বুজিবলৈ আমাৰ বেছি দেৰি নালাগিল। তৎসত্বেও কিন্তু আমি যুবতীৰ পাছে পাছে গৈয়ে আছো, কিবা যেন অদৃশ্য শক্তিয়ে আমাক টানি নিছে।
এশ মিটাৰমান যোৱাৰ পাছত যুৱতী হঠাৎ ৰৈ গল।
"সৌখিনিতে বাইকখন পৰি আছে। উঠাই দিয়কছোন"। যুবতীয়ে পথাৰৰ এচুকলৈ লক্ষ্য কৰি আমাক দেখুৱালে, পুনৰ সেই ৰহস্যময় হাঁহি। ৰাস্তাৰ পৰা পথাৰখন যথেষ্ট দ'। তাতে আন্ধাৰত একো মনিব নোৱাৰি। আমি দুয়োটাই ওচৰলৈ গৈ তললৈ জুমি চালো, কিন্তু আচৰিত তাত কোনো বাইক নাচিল। আমি ভয় আৰু শংকাত অআচৰিত হৈ সিহঁতলৈ চালো। কিন্তু আমাক আৰু আচৰিত কৰি যুৱতী এইবাৰ খিলখিলাই হাঁহি উঠিল। তাৰ লগে লগে যুৱতী মাটিৰ পৰা থিক আধাফুট ওপৰলৈ উঠি গল। যুৱতীৰ মূৰটো ডিঙিৰ পৰা এৰাই আমাৰ সন্মুখতে চক্ৰাকাৰে ঘূৰিবলৈ আৰম্ভ কৰিলে। তাৰ লগে যুৱতীৰ হাঁহিটো ক্ৰমান্ৱয়ে বাঢ়ি গৈ অট্টহাস্যলৈ ৰূপান্তৰ হল। চকুৰ আগতে ৰূপৱতী যুৱতীৰ বিভৎস ৰূপ দেখি আমাৰ শ্বাস প্ৰশ্বাস বন্ধ হৈ যোৱাৰ উপক্ৰম হল। চিঞঁৰিবলৈও যেন আমাৰ শক্তি হেৰাই গৈছিল। পলাবলৈও যেন আমি পাহৰি গলো। এইবাৰ যুৱকে মুখেৰে অস্ফুত গেঙনি দুটামান মাৰি সোহাতেৰে বাওহাতৰ আঙুলিবোৰ এটা এটাকৈ চিঙিবলৈ ধৰিলে। যুবকে চিঙি পেলোৱা আঙুলিবোৰ চাৰিওফালে ঘুৰিবলৈ ধৰিলে। কাহানিও ভূতৰ কথা বিশ্বাস নকৰা আমাৰ ভয়ত সৰ্বশৰীৰ চেচা পৰি গৈছিল। চিঞৰিবলৈ লৈও এনে লাগিল যেন ডিঙিত কিবাই সোপা মাৰি হে ধৰিছে। এইবাৰ যুবকে হাতৰ দীঘল নখকেইটাৰে নিজৰে পেটটো দীঘলে দীঘলে ফালি পেলালে আৰু পেটৰ পৰা ভূড়বোৰ উলিয়াই আনি কুকুৰৰ দৰে শুঙিবলৈ লাগিল। তাৰ লগে লগে যুৱতীৰ হাঁহিটো কান্দোনলৈ পৰিনত হ'ল। অকটা গোন্ধত আমাৰ বমি ওলাই আহিল। নিশ্চিত মৃত্যুৰ ভয়ত কান্দিবলৈ লৈও আমাৰ মুখেৰে মাত নোলাল। মূৰতো আছন্দ্ৰাই কৰিবলৈ লাগিল।
হঠাৎ দুয়োৰে কৰ পৰা শক্তি আহিল নাজানো।আমি মৰসাহ কৰি ৰাস্তাৰ পৰা পথাৰলৈ জপিয়াই দিলো। তাৰপাচত ইষ্টদেৱতাৰ নাম লৈ দৌৰিছো আৰু দৌৰিছো।
পিচদিনা আমি ওচৰৰ মানুহ এঘৰৰ বিছনাত নিজকে আৱিস্কাৰ কৰিলো। ৰাতি দৌৰি দৌৰি আমি মানুহ এঘৰৰ চোতালত মূৰ ঘূৰাই পৰি গৈছিলো। আগদিনা হোৱা সকলো কথা তাত গোটখোৱা মানুহখিনিৰ আগত কলো। সেই ঠাইখিনিতে এহাল যুবক যুবতীক কোনোবাই হত্যা কৰি পেলাই গৈছিল। সিহঁতে ঘৰৰ অমতত পলাই গৈ বিয়া পাতিছিল। কিন্তু হত্যাকাৰী আজিও নোলাল। ৰাতি হলে সিহঁতে ৰাস্তাৰ বাটৰুৱাক ৰখাই, সিহঁতৰ দুখৰ কাহিনীৰ বৰ্ণনা দিব খোজে।কেতিয়াবা কান্দে কেতিয়াবা হাঁহে। আমাৰ ঘৰলৈ ইতিমধ্যে খবৰ দিয়া হৈছিল। ইয়াৰ পাছতো বহুদিনলৈ আমাৰ ভয় আতৰ হোৱা নাছিল। ৰাতি হলেই আমাৰ কপি কপি জ্বৰ উঠিছিল,মুখেৰে ভূল বকিছিলো, সিহঁতহালৰ বিভৎস ৰূপ আমাৰ চকুৰ আগত বহুদিনলৈ ভাহি আছিল। দেউতাহঁতে দুই তিনিটা তাবিজ কৰবাত জৰাই আনি পিন্ধাইছিল, তাৰ পাচতহে আমি অলপ অলপকৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিলো। অৱশ্যে আমাক আগৰ দৰে হবলৈ প্ৰায় দুমাহ সময় লাগিছিল।
এতিয়াও থিয়েটাৰৰ নিচা আমাৰ যোৱা নাই। অৱশ্যে সাত আঠটা লগৰ নোলালে আমি দূৰত থিয়েটাৰ হ্ওক ভাওনা হ্ওক একো চাবলৈ নাযাও।
No comments:
Post a Comment